সবাতোকৈ আপোন Class 6 – ষষ্ঠ শ্ৰেণী অসমীয়া

১। কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়া।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে কবিতাটি শুদ্ধ উচ্চাৰণেৰে স্পষ্টকৈ পঢ়িব।

২। কবিতাটি আবৃত্তি কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে কবিতাটি আবৃত্তি কৰিব।

৩। কোৱা আৰু লিখা।

(ক) কবিয়ে কাক কাক সবাতোকৈ আপোন বুলি কৈছে?

উত্তৰঃ কবিয়ে নিজৰ মাক, নিজৰ দেশখন, আৰু নিজৰ মাতৃভাষাক সবাতোকৈ আপোন বুলি কৈছে।

(খ) কবিয়ে প্ৰাণৰ চিনাকি বুলি কাৰ কাৰ কথা কৈছে?

উত্তৰঃ কবিয়ে প্ৰাণৰ চিনাকি বুলি গাঁও-নগৰ, জান-জুৰিৰ কথা কৈছে।

(গ) কবিতাটিত অন্তৰৰ ভাব কিহেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে?

উত্তৰঃ কবিতাটিত অন্তৰৰ ভাব কুমলীয়া শব্দেৰে প্ৰকাশ কৰা বুলি কোৱা হৈছে।

(ঘ) কবিয়ে জগতখন কাৰ কাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে?

উত্তৰঃ কবিয়ে জগতখন নিজৰ মাক, দেশ, আৰু মাতৃভাষাৰ যোগেদি চিনি পাবলৈ আশা কৰিছে।

(ঙ) সুবিশাল পৃথিবীত কাৰ স’তে, কেনেকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে?

উত্তৰঃ সুবিশাল পৃথিবীত সকলোৰে স’তে হাতে-হাতে ধৰা-ধৰিকৈ খোজ দিবলৈ কবিয়ে ইচ্ছা কৰিছে।

৪। কবিতাটিৰ মূলভাব লিখা।

উত্তৰঃ ‘সবাতোকৈ আপোন’ নামৰ কবিতাটিৰ মাজেৰে কবি নৱকান্ত বৰুৱাই জন্মদাত্ৰী মাক, স্বদেশ, আৰু মাতৃভাষাক আটাইতকৈ আপোন বুলি কৈছে। কবিয়ে কৈছে যে আমাৰ মাক, দেশ, আৰু মাতৃভাষাৰ যোগেদিয়েই আমি জগতখন চিনি পাওঁ। এই তিনিটা উপাদানেই আমাৰ জীৱনত এক গভীৰ প্ৰভাৱ পেলায়। কবিয়ে ইয়াকে উল্লেখ কৰিছে যে মাতৃভাষা আমাৰ আত্মাৰ ভাষা, যদিও ইয়াৰ সুৰ আন ভাষাতকৈ বেলেগ হ’ব পাৰে। কবিতাটিৰ মাজেৰে কবিয়ে মানুহৰ মাজত একতা আৰু সম্প্ৰীতিৰ বাণীও প্ৰকাশ কৰিছে।

সবাতোকৈ আপোন Class 6

৫। পাঠৰ পৰা অন্তধ্বনি মিল থকা শব্দবোৰ মিলাই লিখা।

উত্তৰঃ
(i) আই – চিনাই
(ii) দেশ – শেষ
(iii) চহকী – চিনাকী
(iv) সুৰীয়া – কুমলীয়া
(v) জগত – লগত
(vi) সুখ – দুখ
(vii) ভাষা – আশা

৬। নিৰ্দিষ্ট প্ৰত্যয় (টো, টি, জন, জনী, খন, খনি) ব্যৱহাৰ কৰি তলৰ শব্দবিলাক নতুনকৈ লিখা।

উত্তৰঃ
(i) তিৰোতা + জনী = তিৰোতাজনী
(ii) ছাতি + টো = ছাতিটো
(iii) কেঁচুৱা + টি = কেঁচুৱাটি
(iv) ঘৰ + টো = ঘৰটো
(v) ঘৰ + খন = ঘৰখন
(vi) কিতাপ + খন = কিতাপখন
(vii) ছোৱালী + জনী = ছোৱালীজনী
(viii) ফুলনি + খন = ফুলনিখন
(ix) নৈ + খনি = নৈখনি
(x) পৰ্বত + খন = পৰ্বতখন

৭। বাক্য ৰচনা কৰা।

উত্তৰঃ
(i) শুৱনি: পকা ধানেৰে পথাৰখন বৰ শুৱনি হৈ পৰিছে।
(ii) সুৰীয়া: আইতাহঁতৰ মুখৰ সুৰীয়া বিয়া নামবোৰ শুনি বৰ ভাল লাগিছিল।
(iii) ধুনীয়া: অভিপ্ৰায়হঁতৰ ঘৰৰ সন্মুখত এখন ধুনীয়া ফুলনি আছে।
(iv) চহকী: মানুহঘৰ চহকী হ’লেও বৰ কৃপন।
(v) কুমলীয়া: চোৱাচোন, ফুলমতীহঁতে কেনেকৈ চাহগছৰ কুমলীয়া পাতবোৰ ছিঙি আছে।
(vi) সুবিশাল: সুবিশাল সাগৰৰ ঢৌবোৰ উপকূলত ঠেকা খাইছেহি।

৮। কবিতাটিৰ পৰা যুৰীয়া শব্দবোৰ বিচাৰি লিখা।

উত্তৰঃ
(i) সুখ-দুখ
(ii) নগৰ-গাঁও
(iii) গছ-লতা
(iv) স্নেহ-শান্তি

৯। তলত দিয়া শব্দসমূহৰ নঞৰ্থক ৰূপবোৰ লিখা।

উত্তৰঃ

শব্দনঞৰ্থক ৰূপ
কৰোঁনকৰোঁ
খেলোঁনেখেলোঁ
ধোওঁনোধোওঁ
যামনাযাম
শুনানুশুনা
দিমনিদিম
পাৰেনোৱাৰে
লিখোঁনিলিখোঁ

১০। কবিতাটিত থকা বিশেষ্য আৰু বিশেষণ পদবোৰ বাছি উলিয়াই লিখা।

উত্তৰঃ

বিশেষ্য পদবিশেষণ পদ
আইসবাতোকৈ
গছশুৱনি
লতাআপোন
ফুলধুনীয়া
ধৰণীচহকী
দেশসুৰীয়া
নগৰকুমলীয়া
গাঁওসুবিশাল

১১। উপযুক্ত শব্দৰে খালী ঠাই পূৰ কৰা।

উত্তৰঃ
(ক) মই মোৰ আইক ভাল পাওঁ।
(খ) মই মোৰ মাতৃভাষাক শ্ৰদ্ধা কৰোঁ।
(গ) আমি আমাৰ স্বদেশক লৈ গৌৰৱ বোধ কৰোঁ।

১২। স্তৱকসমূহ দলীয়ভাবে পঢ়া আৰু কোনটো স্তৱক কাৰ উদ্দেশ্যে ৰচিত হৈছে কোৱা।

উত্তৰঃ
(ক) দেশ মাতৃৰ বিষয়ে লিখা হৈছে।
(খ) জননীৰ বিষয়ে লিখা হৈছে।
(গ) মাতৃভাষাৰ বিষয়ে লিখা হৈছে।

১৩। অসমৰ যিকোনো তিনিগৰাকী শিশু-সাহিত্যিকৰ নাম লিখা।

উত্তৰঃ
(i) অতুলচন্দ্ৰ হাজৰিকা
(ii) নৱকান্ত বৰুৱা
(iii) ডক্টৰ ভবেন্দ্ৰনাথ শইকীয়া

১৪। তোমাৰ জন্মভূমিৰ বিষয়ে দহটা বাক্য লিখা।

উত্তৰঃ
মোৰ জন্মভূমি অসম। ই ভাৰতৰ উত্তৰ-পূৱাঞ্চলত অৱস্থিত এখন ৰাজ্য। অসমৰ মাজেৰে ব্ৰহ্মপুত্ৰ নদী বৈ গৈছে। ইয়াৰ প্ৰাকৃতিক সৌন্দৰ্য্য আৰু সেউজীয়া পৰিৱেশে ইয়াক এক অনন্য স্থান কৰি তুলিছে। অসমৰ চাহ বাগিচাবোৰ বিশ্ববিখ্যাত। ইয়াত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এক শিংৰ গঁড় পোৱা যায়। অসমীয়া সংস্কৃতি, বিশেষকৈ বিহু উৎসৱ, ইয়াৰ জনজীৱনৰ এক অবিচ্ছেদ্য অংগ। অসমৰ মানুহবোৰ অতিথিপৰায়ণ আৰু সহজ-সৰল। ইয়াৰ ভাষা, সাহিত্য, আৰু কলা-সংস্কৃতিয়ে ইয়াক এক অনন্য স্থান দিছে। অসমৰ ইতিহাস আৰু ঐতিহ্যই ইয়াক আৰু সমৃদ্ধ কৰিছে।

১৫। তোমাৰ জন্মদাত্ৰী মাতৃৰ বিষয়ে এটি কবিতা ৰচনা কৰা।

উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজে কৰিব।

১৬। সাঁথৰ ভাঙা।

উত্তৰঃ
(ক) চচ্মা
(খ) সূতা
(গ) দধাচি
(ঘ) দুৰ্যোধন
(ঙ) ৰাৱণ
(চ) জয়মতী

Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam
Scroll to Top