দৃশ্যান্তৰ কবিতা – প্রশ্নোত্তৰ দশম শ্ৰেণী অসমীয়া পাঠ ৫

দৃশ্যান্তৰ কবিতা Class 10

দৃশ্যান্তৰ কবিতা
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম দৃশ্যান্তৰ কবিতা
কবি হৰেকৃষ্ণ ডেকাৰ
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ৫
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

দৃশ্যান্তৰ কবিতা 

চমু উত্তৰ দিয়া ।

অর্থ লিখা:

দৃশ্যান্তৰ→ ভিন্ন বা অন্য দৃশ্য
নজ→কুজা

দাহ→পােৰণি/পােৰা কাৰ্য, দহন, শােক, সন্তাপ।

কাকিনী তামােল→বৰ ওখ তামােল
যখ→ ধন-সােণ পুতি থােৱা ঠাই ৰখি থাকে বুলি ভবা অপদেৱতা, অতিশয় কৃপণলােক।

প্রঃ ১। চমু উত্তৰ দিয়াঃ
(ক) হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম কি?
উঃ হৰেকৃষ্ণ ডেকাৰ একমাত্র উপন্যাসখনৰ নাম হ’ল- ‘আগন্তুক’।

(খ) নিজৰ ঘৰ বিচাৰি নােপােৱা মানুহজন কি আছিল?
উ : নিজৰ ঘৰ বিচাৰি নােপােৱা মানুহজন কুকুৰীকণা আছিল।

(গ) কবিয়ে কিমান বছৰৰ পাছত মানুহজনক লগ পাইছিল?
উঃ কবিয়ে পঁচিশ বছৰৰ পাছত মানুহজনক লগ পাইছিল।

(ঘ) দৃশ্যান্তৰ কবিতাটোৰ কবিজনাৰ নাম কি?
উ : ‘দৃশ্যান্তৰ কবিতাটোৰ কবিজনাৰ নাম হ’ল হৰেকৃষ্ণ ডেকা।

(ঙ) পচিশ বছৰ আগতে কবিয়ে মানুহজনক লগ পােৱা আলি-কেঁকুৰিটো কেনে আছিল?
উঃ পচিশ বছৰ আগতে কবিয়ে বৃদ্ধ কুজা মানুহজনক লগ। পােৱা আলি-কেঁকুৰিটো কেঁচা আছিল।

দৃশ্যান্তৰ কবিতা

প্রঃ ২। “বৰ শান্তিত আছোঁ
এই পঁজাটিত।”
— কোনে, কিয় এইদৰে কৈছিল? কথাশাৰীৰ অন্তনিহিত ভাৱ মােকলাই লিখা।
উঃ পঁচিশ বছৰ আগতে লগ পােৱা কুকুৰীকণা মানুহজনে হাতত ধৰি আগবঢ়াই দিওঁতে কবিক এইদৰে কৈছিল। কবিয়ে সহায়ৰ হাত আগবঢ়ওতে মানুহজনক এই বুলি কৈছিল যে, “এই পজা ঘৰটিত মই বৰ শান্তিৰে আছোঁ” পচিশ বছৰ আগতে কবিয়ে যিখিনি ঠাইত মানুহজনক লগ পাইছিল সেই ঠাইডােখৰৰ প্রাকৃতিক পৰিৱেশ চালে চকুৰােৱা আছিল। আলি পদূলিবােৰ একা- বেঁকা আৰু কেঁচা আছিল। পঁজা ঘৰবােৰ দূৰৈৰ পৰা দেখিবলৈ বৰ সুন্দৰ আছিল। শাৰী শাৰীকৈ কাকিনী তামােলৰ গছবােৰ আছিল। মানুহবােৰৰ মাজত মিলাপ্ৰীতিৰ ভাৱ আছিল। ইজনে সিজনৰ সুখ-দুখৰ সমভাগী আছিল। সেই পৰিৱেশত মানুহজনে শান্তি বিচাৰি পাইছিল। জোনৰ পােহৰতাে নিজৰ ঘৰটো বিচাৰি উলিয়াব নােৱাৰাৰ বাবে কুকুৰীকণা মানুহজনে কোনাে দুখ অনুভৱ কৰা নাছিল।

প্রঃ ৩। দৃশ্যান্ত’ কবিতাটোৰ সাৰাংশ লিখা। 
উঃ সাৰাংশঃ “দৃশ্যান্তৰ” কবিতাটোৰ কবি হৰেকৃষ্ণ ডেকাদেৱে একেটি কবিতাৰ মাধ্যমত দুখন ভিন্ন ছবি অংকিত কৰিছে। সময়ৰ লগে লগে যে সকলাে পৰিৱৰ্তন হয় আৰু সময়ৰ চাকনৈয়াত পৰি মানুহ যে কৃত্রিমতাৰ বলি হৈ কাৰৰ কথা নাভাবে কবিয়ে তাকে বুজাব বিচাৰিছে। কবিয়ে পচিশ বছৰ আগতে এজন চফল ডেকাক সহজ জীৱন শৈলীৰ মাজত লগ পাইছিল। তেওঁৰ ঘৰটো আছিল জুপুৰি ঘৰ। একা-বেঁকা আৰু কেঁচা আলিটোত মানুহজনে গধূলি সময়ত নিজৰ ঘৰখন তেওঁৰ ঘৰৰ পদুলিটোৰ নঙলা মুখতে বিচাৰি ফুৰিছিল। জোনৰ পােহৰেৰে চাৰিওদিশ আলােকিত হৈ থকাৰ পিছতাে সেই কুকুৰীকণা মানুহজনে নিজৰ ঘৰটো বিচাৰি পােৱা নাছিল। সহায়ৰ হাত দিবলৈ তেওঁৰ কাষত আপােন বুলিবলৈ কোনাে নাছিল। মানুহজনৰ দুখ দেখি কবিয়ে সহায়ৰ হাত আগবঢ়াওতে তেওঁ কৈছিল “মই এই জুপুৰী ঘটিত বৰ শান্তিৰে আছোঁ।”

See also  ছাত্ৰ জীৱন আৰু সমাজ সেৱা দশম শ্ৰেণী অসমীয়া পাঠ ৬

পঁচিশ বছৰৰ পাছত সেই একে ঠাইতে কবিয়ে এজন বৃদ্ধ কুজা মানুহক লগ পাইছিল। বয়সৰ চিনৰ বাদে সেই মানুহজন পূৰ্বৰ ডেকাজনৰ দৰে দেখি কবি আঁচৰিত হৈছিল। কবিয়ে লগ পােৱা এই বৃদ্ধ কুজা মানুহজন চহৰৰ সাতমহলীয়া অট্টালিকাত থকা বুলি জানিব পাৰিছিল। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কুজা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সন্দেহ কৰি কবিক কৈছিল যে সেই ঠাইত তেওঁ কেতিয়াও শান্তিৰে থাকিব নােৱাৰে। কাৰণ ইয়াত কৃত্রিমতাত মানুহ এনেদৰে আৱদ্ধ হৈ আছে যে মানুহ মৰিলে দাহ কৰিবলৈও কোনাে নাহে। কোনেও কাকে চিনি নাপায়। সকলােৱে নিজক লৈয়ে ব্যস্ত। ইজনে সিজনৰ সুখ দুখৰ সমভাগী নহয়। এই বুলি কৈ মানুহজনে কংক্রীটৰ নির্মিত সাতমহলীয়া ঘৰটোলৈ (কৃত্রিমতাৰ হাবি খনলৈ) সােমাই গ’ল। সহজ সৰল মানুহজন কুবেৰৰ মহলাত হেৰাই গ’ল। কবিয়ে মানুহজনৰ কোনাে খবৰ বিচাৰি নাপাই মনত বৰ কষ্ট পাই উভতি আহিল। মানুহজনে কোৱা কথাবােৰৰ স্মৃতিয়ে কবিক বৰকৈ আমনি কৰিছিল।

প্রঃ ৪। সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা মানুহজনে কবিৰ স’তে কি কি কথা পাতিছিল তােমাৰ নিজৰ কথাৰে লিখা। 
উঃ সাতমহলীয়া ঘৰৰ বাহিৰত ৰৈ থকা বৃদ্ধ কুজা মানুহজনে কবিয়ে ভাৰাঘৰ বিচাৰি অহা বুলি সন্দেহ কৰিছিল। তেওঁ সুধিছিল কবিয়ে ভাৰাঘৰ বিচাৰি আহিছে নেকি? মানুহজনে কবিক কৈছিল যে সেই ঠাইত কবি শান্তিৰে থাকিব নােৱাৰে। কাৰণ ইয়াত কৃত্রিমতাত আৱদ্ধ হৈ মানুহ মৰিলেও দাহ কবিলৈ কাৰাে সময় নাই। কোনেও কাকো চিনি নাপায়। সকলােৱে নিজক লৈয়ে ব্যস্ত।

প্রঃ ৫। ‘দৃশ্যান্তৰৰ কবিজনাৰ নাম কি? তেখেতৰ এটি চমু পৰিচয় দিয়া।
উঃ ‘দৃশ্যান্তৰ কবিতাটোৰ কবিজনাৰ নাম হ’ল— হৰেকৃষ্ণ ডেকা। হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত হয় যদিও তেওঁ শৈশৱকাল অতিবাহিত কৰে তিনিচুকীয়াত। ১৯৫৯ চনত প্ৰৱেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত নামভর্তি কৰে। ১৯৬৫ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ইংৰাজী বিষয়ত এম এ পাছ কৰে। গুৱাহাটীৰ কমার্চ কলেজ’ত কিছুদিন অধ্যাপনা কৰাৰ পিছত ভাৰতীয় আৰক্ষীত যােগদান কৰি আৰক্ষীৰ সঞ্চালক প্রধান হিচাপে অৱসৰ লয়। তেওঁ গৰিয়সী আলােচনী আৰু The Sentinel কাকতৰ সম্পাদক আছিল। তেওঁৰ ৰচিত কবিতাপুথি হ’ল ৰাতিৰ শােভাযাত্রা, আন এজন আদি। গল্পৰ পুথি হ’ল- গল্প আৰু কল্প, মধুসূদনৰ দলং, মৃত্যুদণ্ড। একমাত্র উপন্যাস আগন্তুক। ১৯৮৭ চনত “সাহিত্য অকাডেমী, ১৯৯৬ কথা বঁটা আৰু ২০১০ চনত
আসাম ভেলী লিটাৰেৰী বঁটা লাভ কৰে।

See also  ভাৰতীয় সংস্কৃতি Class 10 Assamese Lesson 7 দশম শ্ৰেণী

দৃশ্যান্তৰ কবিতা

প্রঃ ৬। ব্যাখ্যা কৰাঃ

(ক) “এই কংক্রীটৰ হাৰিখনত তেওঁক
বিচাৰি নাপালাে আৰু।”
উঃ উদ্ধৃত কবিতাফাকি অসমীয়া পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাৰ দৃশ্যান্ত’ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কংক্রীটৰ কৃত্রিম পৃথিৱীৰ পৰিৱেশত মানুহে মানুহৰ প্রতি কেনেভাৱ প্ৰদৰ্শন কৰে তাকে ক’ব বিচাৰিছে। পছিশ বছৰৰ আগত নিজৰ ঘৰ বিচাৰি নােপােৱা মানুহজনে কবিক চিনিৰ নােৱাৰি কবিয়ে ভাৰাঘৰ বিচাৰি আহিছে বুলি প্ৰশ্নহে কৰিলে। কবিক মানুহজনে সেই ঠাইত শান্তিত থাকিৰ নােৱাৰে বুলি ক’লে। কংক্রিটৰ অৰণ্যত সমৰ সোঁতত সকলাে সলনি হ’ল। নিকৃষ্ট মানসিকতাই বর্তমান মানুহক গ্রাস কৰিছে। মানুহজনৰ চৰম অসন্তুষ্টি ব্যক্ত হৈছে কৰিৰ আগত ঠাইডোখৰত মৃতকৰ দহ সংস্কাৰৰ দৰে পৱিত্ৰ কাম কৰিবলৈও মানুহ পাবলৈ নাই বােলা কথাষাৰত মানুহজন সাতমহলীয়া ঘৰটোৰ কংক্রীটৰ কৃত্রিমতাৰ মাজলৈ সােমাই গ’ল। কবিয়ে তেওঁৰ কোনাে খবৰ উলিয়াব নােৱাৰি বেজাৰ মনেৰে উভতি গ’ল।

(খ) “মৰিলেও দাহ কৰিবলৈও
এজন মানুহ নাই।”
উঃ উক্ত কবিতাফাকি সাহিত্য সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱৰ ৰচিত দৃশ্যান্ত’ৰ নামৰ কবিতাটিৰ পৰা অনা হৈছে। বর্তমান মানুহৰ আত্মকেন্দ্রিক স্বভাৱৰ কথাকে কবিতাফকিৰ দ্বাৰা ক’ব বিচাৰিছে।।
কবিয়ে পঁচিশ বছৰ আগতে যিজন মানুহক কেঁচা আলি-কেকুৰীত লগ পাইছিল তেতিয়া তেওঁ পজা ঘৰত থাকিও শান্তিত থকা বুলি নিজকে অনুভৱ কৰিছিল। কিন্তু পঁচিশ বছৰৰ ভিতৰত সমাজ আৰু দেশ বহুত আগবাঢ়ি গ’ল যদিও সেই অনুপাতে মানুহৰ মাজত থকা মানৱীয় গুণ কমি আহিল। কবিৰ মতে মানুহে সভ্যতাৰ জখলাৰে যিমান উন্নতি কৰিছে সিমানেই মনবােৰ ঠেক হৈছে। কংক্রিটৰ পৃথিৱীত মানুহে মানুহক চিনি নাপায়, বিপদত সহায় নকৰে। তীব্র প্রতি যােগিতা, বস্তুবাদিতাৰ ফলত মানুহৰ মানৱীয় গুণবােৰাে নােহােৱা হৈ পৰিল। গাঁৱলীয়া সমাজ চহৰীয়া সমাজলৈ গতি কৰাৰ বাবেই বিপদৰ সময়তাে মাত এষাৰ দিবলৈ মানুহৰ সময়ৰ অভাৱ হ’ল।। মানৱতা ক’ৰবাত যেন হেৰাই গ’ল। মৃতকৰ সৎকাৰ কৰিবলৈও মানুহ আগবাঢ়ি নহা হ’ল। মৃতকৰ দাহ-সংস্কাৰৰ
দৰে পৱিত্ৰ কৰ্মতাে মানুহ পাবলৈ নাই। অর্থাৎ সকলাে যান্ত্রিক। কোনেও কাকো চিনি নাপায়।।

See also  প্ৰাচীন ভাৰতীয় শিক্ষা Class 10 Assamese Lesson 16 Question Answer

(গ) “সময়টো আছিল গধূলি।।
তেওঁ নঙলামুখত বিচাৰি ফুৰিছিল
নিজৰ ঘৰৰ পদূলি।”
উঃ উক্ত কবিতাফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তৰ্গত হৰেকৃষ্ণ ডেকাদেৱৰ ৰচিত ‘দৃশ্যান্তৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
কবিয়ে কোনাে এটা সন্ধিয়াত লগ পােৱা মানুহজনে নিজৰ ঘৰৰ নঙলা মুখত ঘৰ বিছৰা অৱস্থাৰ বিষয়ে ক’বলৈ উক্ত কবিতাকি উপস্থাপন কৰিছে। কবিয়ে পচিশ বছৰ আগতে সন্ধিয়া সময়ত কুকুৰীকণা মানুহজনক লগ পাহ ছিল। মানুহজনে নিজৰ ঘৰৰ পদূলিত থিয় হৈ নিজৰ ঘৰটো বিচাৰি ফুৰিছিল। স্নিগ্ধ জোনৰ পােহৰত তেওঁ নিজৰ ঘৰটো বিচাৰি নােপােৱাত কবিয়ে নিজেই তেওঁক হাতত ধৰি ঘৰটো। দেখুৱাই দিছিল। মানুহজনে নিজৰ পজাটিত বৰ শান্তিৰে বাস কৰিছে বুলি কবিক কৈছে। তেওঁৰ মতে মানুহৰ অন্তৰত মৰম আছে বারে তেওঁক সহায়ৰ হাত আগবঢ়াবলৈ কবিক পাইছিল।

প্রঃ ৭ | দৃশ্যান্তৰ কবিতাটিত প্রতিফলিত হােৱা সমাজৰ ছবি দুখনৰ বিষয়ে লিখা।
উঃ “দৃশ্যান্তৰ” কবিতাটিত দুখন সমাজৰ ছবি স্পষ্টভাৱে প্রতিফলিত হৈছে। এখন ছবি হ’ল প্রাচীন গ্রাম্য সমাজ আৰু আনখন ছবি হল আধুনিকনগৰীয়া সমাজ। পশিচ বছৰ আগতে লিখকে দেখা গাঁওখন নিভাঁজ আছিল। মানুহবোেৰ সহল-সৰল আছিল কিয়নাে তাত আধুনিকতাৰ পােহৰ পৰা নাছিল। ঘৰবােৰ পঁজা আছিল। বাট-পথ বােৰ কেঁচা আছিল। মানুহবােৰৰ মাজত মানৱতা আৰু সৌহাদ্যপূর্ণ ভার আছিল। আনহাতে আনখন আধুনিক সমাজত কবিয়ে কেৱল ভৱিষ্যতৰ প্ৰতি ভাবুকিহে দেখিছে। মানুহে নিজৰ বাহিৰে কাকো চিনি নােপােৱা হ’ল। সময়ৰ সোঁতত গাঁওবােৰ চহৰলৈ ৰূপান্তৰিত হৈছে। কবিৰ চিনাকি গাঁওখনাে অচিনাকি হৈ পৰিছে। বাটপথত এতিয়া মানুহৰ ভিৰ হৈছে। কাৰণ বাট পথবােৰ পকী হৈছে। ঘৰবােৰা কংক্রীটৰ হৈছে। পজাৰ ঠাইত অট্টালিকা হৈছে। মানুহৰ মাজত মানৱতা হেৰাই গৈছে। মানুহৰ প্রতি মানুহৰ মৰম-চেনেহ যেন তাত নাইকীয়া হৈছে। এই আধুনিক, যান্ত্রিক সমাজখনত মানুহৰ মৰাশ নিবলৈও কোনাে আগবাঢ়ি নাহিব বুলি কবিয়ে ভাবিবলৈ বাধ্য হৈছে।

দৃশ্যান্তৰ কবিতা Video Class

Leave a Comment