মই অসমীয়া Class 10 সম্পূৰ্ণ প্ৰশ্ন উত্তৰ দশম শ্ৰেণী

মই অসমীয়া Class 10 Assames All Question Answer প্ৰশ্ন উত্তৰ, কবিতাৰ মূলভাব মই অসমীয়া দশম শ্ৰেণী

মই অসমীয়া
বিষয় (Subject)অসমীয়া (Assamese)
কিতাপখনৰ নামঅসমীয়া সাহিত্য চয়নিকা
পাঠৰ নামমই অসমীয়া
লেখকচৈয়দ আব্দুল মালিক
শ্ৰেণী (Class)দশম (X)
অধ্যায় (Chapter)অধ্যায় 4
পাঠ্যক্ৰম (Syllabus)ছেবা (SEBA)

মই অসমীয়া Class 10

১| চমু বিকল্পধৰ্মী প্ৰশ্ন উত্তৰ ((Question Answer))

১| তলৰ কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিক ডাঙৰীয়াই সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল  ?
ক) সূৰুযমুখীৰ স্বপ্ন
খ)  অঘৰী আত্মাৰ কাহিনী
গ)  ধন্য নৰতনু ভাল
ঘ)  ৰূপতীৰ্থৰ যাত্ৰী
উত্তৰ: খ)  অঘৰী আত্মাৰ কাহিনী

২| অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সজাইছিল  ?
ক) বাঘ নখেৰে
খ) মঁহৰ শিঙেৰে
গ) হাঁহকণী চাউলেৰে
ঘ) সোণেৰে
উত্তৰ: গ)  হাঁহকণী চাউলেৰে

৩| দূৰৰ মোগল আহি কেনেকৈ অসমীয়া হ’ল ?
ক) অসমৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ
খ)  অসমক ৰণত পৰাজিত কৰি
গ)  অসমৰ সেউজীয়া দুবৰি বনত ভৰি দি
ঘ)  অসমৰ মজিয়াত মোশ্লেমৰ মুক্তৰাজ স্থাপন কৰি
উত্তৰ: ক) অসমৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ

৪| মোগল অসমলৈ কি উদ্দেশ্যেৰে আহিছিল  ?
ক) অসমৰ বিনন্দীয়া ৰূপ চাবলৈ
খ)  সুৱদী অসমীয়া ভাষা শুনিবলৈ
গ)  ধোদৰ আলি বান্ধিবলৈ
ঘ)  অসম আক্ৰমণ কৰিবলৈ
উত্তৰ: ঘ)  অসম আক্ৰমণ কৰিবলৈ

৫| তলৰ কোনটো শব্দই ‘ পৰাধীনতা ‘ শব্দটোৰ বিপৰীত শব্দ বুজাইছে ?
ক) স্বাধীনতা
খ)  পৰাজিত
গ)  অনিৰুদ্ধ
ঘ)  গৌৰৱ
উত্তৰ: ক) স্বাধীনতা

লগতে পঢ়কমুক্তি মঙ্গল ভটিমা

মই অসমীয়া দশম শ্ৰেণী Question Answer

চমু উত্তৰ দিয়াঃ
প্রঃ ১। চৈয়দ আব্দুল মালিক কবিতা-পুথি এখনৰ নাম লিখা।
উঃ চৈয়দ আব্দুল মালিকৰ একমাত্র কাব্য সংকলনটিৰ নাম হ’ল— “বেদুইন।”

প্রঃ ২। মােগলসকলে অসমৰ ক’ত ভৰি দিছিল?
উঃ মােগলসকলে অসমৰ সেউজীয়া দুবৰিবনত ভৰি দিছিল। বা কামৰূপত

প্রঃ ৩। অসমৰ হেংদাং কত জিলিকিছিল ?
উঃ ভৰদুপৰীয়া সুৰুযৰ ৰক্তিম আভাত সমৰ থলীত অসমৰ হেংদাং জিলিকিছিল।

প্রঃ ৪। অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?
উঃ অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

প্রঃ ৫। অসমৰ স্বৰ্গদেৱে কিহেৰে দেউল সাজিছিল?
উঃ “সাত ৰাজ মাৰি এক ৰাজ কৰা স্বনামধন্য আহােম স্বৰ্গদেউসকলে হাঁহকণী, বৰাচাউল, বৰালি মাছ, চূণ আদি সামগ্ৰীৰে আটকধুনীয়া দৌল-দেৱালয় নির্মাণ কৰিছিল।

প্রঃ ৬। “অসমৰ হেংদাং জিলিকিল দুপৰৰ পূর্ণ আলােকত— কথাখিনিৰ তাৎপর্য ব্যাখ্যা কৰা।
উঃ বিদেশী মােগলে বৃহৎ সৈন্যদল লৈ অসমৰ মাটিত ভৰি দিছিল। অভিপ্রায় আছিল আহােমৰাজ্য হস্তগত কৰি মােগলৰাজ স্থাপন কৰাৰ। ভাবিছিল অসমত মােগলে ৰাজদণ্ড হাতত ল’ব। শস্যে-মৎস্যে নদন-বদন অসমৰ সৰ্বাংগসুন্দৰ ৰূপ দেখি মােগলৰ চকু কপালত উঠিছিল। কিন্তু বীৰদৰ্পে অহা মােগলসেনানীয়ে অসমৰ পুৰুষ-নাৰীৰ বীৰত্ব দেখি তবধ মানিছিল। হাতে-হাতে হেংদাং, ঢাল-তৰােৱাল লৈ অসীম সাহসেৰে যুঁজা পুৰুষ-নাৰীৰ বিক্রম দেখি বিদেশী মােগলে ছত্রভঙ্গ দিছিল। দুপৰীয়াৰ সূৰুযৰ আভাত চিমিকাই উঠা হেংদাং দেখি তেওঁলােকে বুজিছিল আহােমসেনাক পৰাস্ত কৰাটো একেবাৰেই অসম্ভব।

লগতে পঢ়ক:   উদ্যোগী হওঁ আহাঁ Class 10 – অসমীয়া সকলো প্ৰশ্নৰ উত্তৰ

প্রঃ ৭ | অসমৰ পুৰুষ-নাৰীয়ে কেনেদৰে ৰণলৈ ওলাই আহিছিল নিজৰ ভাষাৰে লিখা।
উঃ বিদেশী মােগলে অসম জয়ৰ লক্ষ্যৰে অসমৰ সেউজীয়া দুবৰিত ভৰি দিছিল। তেওঁলােকে অসমৰ অপৰূপ সৌন্দর্য দেখি মুগ্ধ হৈছিল। অতি পুৰণিকালৰে পৰা অসম আছিল ফলে-ফুলে জাতিষ্কাৰ আৰু শস্যে-মৎস্যে নদন-বদন। অসমৰ হাবি-বন মিনাকৰা ।  মােগলক প্ৰতিৰােধ কৰিবলৈ অসমৰ পুৰুষ-নাৰীয়ে
হাতে-হাতে হেংদাং আৰু ঢাল-তৰােৱাল লৈ ৰনাংগণলৈ ওলাই অহাৰ কথা বুৰঞ্জীৰ পাতত সােনালী আখৰেৰে লিপিবদ্ধ হৈ আছে। অসমীয়া পুৰুষ-নাৰীৰ ৰণচণ্ডী মুৰ্ত্তি দেখি বাহুবলী মােগলসৈন্য হতভম্ব হােৱাৰ লগতে প্রশংসাত পঞ্চমুখ হৈ পৰিছিল। মােগলৰ সেনাপতি ৰামসিংহই ভুয়সী অসমীয়া সৈন্যৰ প্রশংসা কৰি গৈছে।

প্রঃ ৮। ‘ক’ত অত বল পালে অসমৰ সেনানীয়ে
শুকান সান্দহ আৰু পানী আঁজলিত’—কথাষাৰৰ তাৎপর্য ব্যাখ্যা কৰা।
(H.S.L.C 2020)
উত্তৰ: অসমৰ অসমীয়াৰ বল-পৰাক্ৰম দেখি মোগল সকলে আচৰিত হৈছিল। যি ৰাজপুতজয়ী মোগল সেনানী অসমৰ ৰথথলীত অসমীয়াৰ হাতত পৰাভূত হৈ কৈছিল ৷ পানীৰে শুকান সান্দহগুৰি খোৱা অসমীয়াৰ ইমান পৰাক্ৰমনে? পানী আৰু শুকান সান্দহ গুৰিৰ ইমান শকতি নে? যাৰ দ্বাৰা মোগল পৰাভূত হ’বলৈ বাধ্য হ’ল ।

প্রঃ ৯। অসমলৈ যুদ্ধ কৰিবলৈ আহি মােগলসকলে অসমৰ ৰূপ কিদৰে বৰ্ণনা কৰিছে বুজাই লিখা।
উঃ অসমৰ সাৰুৱা মাটিত ভৰি থৈ মােগলসকলে অসমৰ অপৰূপ সৌন্দর্য দেখি তবধ মানিছিল। ভাৰতৰ পূর্বদিশৰ সূৰ্য্য উঠা দেশ ৰূপহী অসম। প্রকৃতি ৰাণীয়ে অকৃপণ হাতেৰে সীমাহীন ৰূপলাৱণ্য ঢালি, অসমীৰ ৰূপত সােণত সুৱগা চৰাইছে। মুকুতাৰ মালা পিন্ধা সেউজীয়া দুবৰি, চৌদিশে ধূসৰ পাহাৰ, জাংফাইবুলীয়া বন-বননি , মীনাকৰ অৰণ্যানী, হাতীৰ দাঁতেৰে তৈয়াৰ কৰা খৰমৰ চুলা, প্রবালেৰে নির্মিত ভৰি ধােৱা দলং ইত্যাদিৰ বৰ্ণনাৰে শত্ৰুৰূপে অহা মােগলেও অসমৰ প্রাকৃতিক সৌন্দর্য বখানিবলৈ পাহৰা নাই।

মই অসমীয়া কবিতা চৈয়দ আব্দুল মালিক

প্রঃ ১০| ব্যাখ্যা কৰা

ক) মােগলে এবাৰ পালে শকতিৰ নৱ পৰিচয়
দেশ-প্রাণ, মুক্ত-প্রাণ, অসমৰ স্বদেশ ভকতি।।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ চৈয়দ আব্দুল মালিকদেৱে ৰচনা কৰা “মই অসমীয়া” নামৰ কবিতাটোৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতাফাকিৰ মাজেদি প্রতিফলিত হৈছে প্রবল পৰাক্ৰমী, স্বাধীনতাপ্রিয় অসমীয়া জাতিৰ শৌর্য-বীৰ্য্য।

ব্যাখ্যা : অসমত মােগল সাম্রাজ্য প্রতিষ্ঠা কৰাৰ আশা বুকুত বান্ধি অসমলৈ অহা মােগলক লাৱে লাৱে পানী খুৱাই অসমীয়া সৈন্যই পৰাভূত কৰিছিল। বাহুবলী মােগলসকলে কল্পনাও কৰা নাছিল যে অসমীয়া সৈন্য ইমান শক্তিশালী। পুৰুষতো বাদেই অসমীয়া নাৰীয়েও ৰণাংগনত প্রচণ্ড প্রতাপেৰে যুদ্ধ কৰিছিল। প্রতিজন অসমীয়াই আছিল দেশপ্রেমিক। স্বদেশক ভাল পােৱাৰ তাড়নাত “তৰিলে দেশ মৰিলে স্বর্গ” এই বাণীৰে উদ্বুদ্ধ হৈছিল প্রতিজন অসমীয়া। সেয়ে শত্ৰুৰূপে অহা মােগলসকলেও ভূয়সী অসমীয়া নৰ-নাৰীৰ প্রশংসা কৰিছিল।

লগতে পঢ়ক:   ইন্টাৰনেটৰ তিতা মিঠা Class 10 ( প্ৰশ্ন উত্তৰ ) দশম শ্ৰেণী

(খ) মোহ গল দূৰণিৰ বিদেশী মোগল
অসমত যেতিয়া দেখিলে সৰগৰ ৰূপ বিনন্দীয়া,
অসমত বন্দী হ’ল, অসমৰ ৰূপ-মুগ্ধ
দূৰৰ মোগল আহি হ’ল অসমীয়।’

উত্তৰঃ ‘উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথি অসমীয়া সাহিত্য চয়নিকাৰ অন্তৰ্গত কবি চৈয়দ আব্দুল মালিক দেৱে লিখা ‘মই অসমীয়া’ কবিতাটোৰ পৰা তুলি অনা হৈছে। ইয়াত কবিয়ে অসমক স্বৰ্গপুৰীৰ লগত তুলনা কৰিব বিচাৰিছে।

ব্যাখ্যা : বহু দূৰৰ পৰা অহা মোগল সকলে অসমক পৰাভূত কৰি নিজৰ অধীনলৈ নিৱৰ বাবে যুদ্ধ ঘোষণা কৰিছিল। ফলস্বৰূপে যুদ্ধত মোগল পৰাভূত হৈছিল। বহু মোগল সেনা অসমত বন্দী হৈছিল। যিবোৰ সেনা পিছত বন্দীত্বৰ পৰা উদ্ধাৰ হয় যদিও অসমতে অসমীয়া হিচাপে নিগাজিকৈ থাকিবলৈ লয় ৷ ইয়াৰ মুখ্যত কাৰণ হ’ল অসমৰ ৰূপ-সৌন্দৰ্য আৰু অসমীয়া সকলৰ মানৱতাবোধ। যিবোৰ দেখি শুনি শান্তিপূর্ণ অসমক মোগল সকলে স্বৰ্গপুৰী বুলি ক’বলৈ কুণ্ঠবোধ কৰা নাছিল।

(গ) জীৱনে মৰণে মই চিৰদিন অসমীয়া
অসমীয়া দেহ-প্রাণ মন;
জীয়াই থাকোতে মই অসমৰে অসমীয়া,
মৰিলেও বৰি ল’ম অসমৰ অমিয়া মৰণ।

উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ মই অসমীয়া” নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিতাফাকিৰ মাজেদি দেশপ্রেমিক কবি চৈয়দ আব্দুল মালিকদেৱে স্বদেশৰ প্ৰতি থকা তেখেতৰ অকপট ভালপােৱাৰ ভাৱ প্ৰকাশ কৰিছে।

ব্যাখ্যা : এইখন অসমদেশৰ বায়ু-পানী সেৱন কৰি কৰি ডাঙৰ-দীঘল হ’ল। সুৰীয়া অসমীয়া ভাষাৰ গীত-মাত শুনি হৃদয় জুৰ পেলালে। এই খন দেশৰ লাহি-শালি চাউলৰ তেলেতীয়া ভাত মুঠি উদৰ পূৰাই খাই তৃপ্তি লভিলে। এয়া গছ- লতা, ফুলেভৰা, ধুনীয়া অসমদেশ। চৰাই-চিৰিকটিৰ সুমধুৰ সংগীতে, পুৱাৰ ৰাঙলী বেলিয়ে কবিক জনালে প্রাতঃসম্ভাষণ। সূর্য উঠাদেশ বিনন্দীয়া অসমী আই। এনেহেন অসমদেশত কবিয়ে মৰাৰ পিছতাে পুনৰ জন্ম ল’বলৈ হাবিয়াস কৰিছে। এয়া দেশপ্রেমিক কবিজনাৰ দেশৰ প্ৰতি থকা অফুৰন্ত ভাল পােৱাৰ চানেকি।

Class 10 Assamese Chapter 4 Question Answer

প্রঃ ১১। কবিয়ে কিয় মৰাৰ পাছত পুনৰ অসমতে জনম লম বুলি ভাবিছে লিখা।
উঃ সুজলা-সুফলা-শস্য-শ্যামলা প্ৰকৃতিৰ ৰম্যভূমি অসম অসমীয়া ভাষা সুৱদী সুৰীয়া। পৃথিৱীৰ ক’তাে এনে মৌবৰষা ভাষা বিচাৰি পাবলৈ নাই। অসমীয়া গীত-মাত, অসমীয়া কৃষ্টি- সংস্কৃতি, মাতৃক মৰমতে মতা আই সম্বােধন এই সকলোেবােৰ দেশপ্রেমিক কবিজনাৰ হৃদয়ৰ তলিত সঞ্চিত হৈ আছে। মৃত্যুৰ শেষ মুহূৰ্তলৈকে কবিয়ে মাতৃভূমিৰ ছবিখন মনৰ মাজত ধৰি ৰাখিছে। সেয়ে জন্মান্তৰবাদত বিশ্বাসী দেশপ্রেমিক কবিজনাই মৰাৰ পিছতাে অসমী আইৰ বুকুতে পুনৰ জনম লােৱাৰ সপােন দেখিছে।

মই অসমীয়া কবিতা মূলভাব

প্রঃ ১ মই অসমীয়া কবিতাটোৰ মূলভাব লিখা।
উঃ “মই অসমীয়া কবিতাটিত কবি চৈয়দ আব্দুল মালিকদেৱে মােগলৰ অসম আক্রমণ, অসমৰ অতীত গৌৰব, অনুপম প্রাকৃতিক সৌন্দর্য আৰু প্ৰাচুৰ্যৰ দিশটো অতি সাৱলীল ৰূপত তুলি ধৰিছে। ইয়াৰ লগতে অসমীয়া নৰ-নাৰীৰ অপৰিসীম দেশভক্তি আৰু প্ৰৱল পৰাক্ৰমৰ বিষয়েও বিস্তাৰিতভাৱে দাঙি ধৰিছে। পৰাক্ৰমী মােগলে অসমৰ মাটিত ভৰি থৈ অসমৰ সৌন্দর্য আৰু প্রাচুর্য দেখি তবধ মানিছিল আৰু আশা কৰিছিল অসম দখল কৰি ইয়াত মােগল সাম্রাজ্য স্থাপন কৰিব। কিন্তু দেখা নাছিল অসমীয়া পুৰুষ-নাৰীৰ সবল বাহুত কিমান শক্তি লুকাই আছিল। অসমীয়া পুৰুষ-তিনােতাৰ হৃদয়ত কিমান স্বদেশপ্রেম নিহিত হৈ আছিল তাৰ উমান পােৱা নাছিল বিদেশী মােগলে কিন্তু সেয়া গম পাবলৈ মােগলৰ বেছি সময় নালাগিল।
চৌদিশে ধূসৰ পাহাৰেৰে আবৃত প্রকৃতিৰ ৰম্যভূমি অসমদেশ।পুৱাৰ হেঙুলীয় বেলিৰ আভা, গছে পাতে জপিয়াই সুমধুৰ গীত জুৰা বনৰীয়া পক্ষীৰ কাকলি, ৰ’দৰ পােহৰত জকমকাই থকা মুকুতাৰ মালা পিন্ধা সেউজীয়া দূবৰি, জাংফাই বুলীয়া-বনবননী, হাতীদাতেৰে নির্মিত খৰম, পােৱালেৰে নির্মিত দলং, সােণৰূপ, হাতীদাতেৰে নির্মিত অলংকাৰ, মহৰ শিঙৰ সুৰীয়া পেপা, তেলাল বৰালিমাছ, হাঁহকণী, মাটিমাহ, বৰাচাউলৰ পিঠা গুড়ি, চুণগুড়ি আদিৰে নির্মিত ৰাজ কাৰেং আৰু দৌল-দেৱালয়, সাগৰসদৃশ পুখুৰী, মৌ বৰষা অসমীয়া মাত-কথা, সুৰীয়া গীত-মাত, পৃথিৱীৰ ক’তাে বিচাৰি নােপােৱা “আই” সম্বােধন এইবােৰ একো বাদ পৰা নাই কবিৰ বৰ্ণনাত আৰু এইবােৰৰে মােহত পৰিছিল বিদেশী মােগল। কিন্তু অসমীয়া সৈন্যবাহিনীৰ প্ৰচণ্ড শক্তিৰ ওচৰত মােগলে সেও মানিছিল। অসমীয়া ল’ৰা-তিৰােতাৰ স্বদেশপ্রেম আৰু বীৰত্বই মােগলৰ অন্তৰ চুই গৈছিল। পৰাজিত মােগলৰ বহুতেই যুদ্ধবন্দী হিচাপে অসমত থাকি, অসমীয়া কৃষ্টি-সংস্কৃতি গ্রহণ কৰি হাড়ে-হিমজুৱে অসমীয়া হৈ পৰিল। এনে এখন দেশত জন্ম গ্রহণ কৰি দেশপ্রেমিক কবিজনাই নিজকে ধন্য মানিছে। মৃত্যুৰ পিছতাে এইখন অসমদেশতেই পুনৰ জন্ম লােৱাৰ মধুৰ সপােন কবিজনাই দেখিছে।

লগতে পঢ়ক:   পাৰস্যত এভুমুকি Class 10 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) অসমীয়া

প্রঃ ১৩। কবি চৈয়দ আব্দুল মালিকৰ চমু পৰিচয় দিয়া।
উঃ চুটিগল্পৰ ৰজা, ভাষা সাহিত্যৰ কাণ্ডাৰী চৈয়দ আব্দুল মালিকৰ জন্ম হৈছিল ১৯১৯ চনত, গােলাঘাট জিলাৰ নাহৰণিত। তেখেতে অসমীয়া গল্পসাহিত্য আৰু উপন্যাস সাহিত্যলৈ আগবঢ়োৱা অনবদ্য অবদানেৰে অসমীয়া সাহিত্যৰ জগত সমৃদ্ধিশালী কৰি গৈছে। তেখেতৰ একমাত্র কবিতা পুথিখনৰ নাম বেদুইন।’ এখন মাত্র কবিতা পুথিতেই তেখেতৰ অসাধাৰণ কবি প্ৰতিভা ফুটি ওলাইছে। সুষম আৰু অর্থবহ শব্দৰ ব্যৱহাৰেৰে তেওঁৰ কবিতাসমূহ চমৎকাৰ। “ৰূপৰ্কোৰৰৰ” জীৱনৰ ওপৰত আধাৰিত ৰূপতীথৰ যাত্রী, ধন্যি নৰতনু ভাল, ‘সূৰুযমুখী স্বপ্ন’, ‘ৰজনীগন্ধাৰ চকুলাে’, আধাৰশিলা আদি অলেখ ঔপন্যাস ৰচনা কৰি ‘অসমীয়া সাহিত্যলৈ যাউতিযুগীয়া অৱদান আগবঢ়াই গৈছে। “অঘৰী আত্মাৰ কাহিনী” নামৰ উপন্যাসখনৰ বাবে তেখেতে সাহিত্য অকাডেমী বঁটা লাভ কৰে। “সূৰুযমুখীৰ স্বপ্ন” মালিকদেৱৰ এখন বিখ্যাত উপন্যাস। ১৯৭৭ চনত অভয়াপুৰীত অনুষ্ঠিত হােৱা অসম সাহিত্যসভাৰ অধিবেশনত তেখেতে সভাপতি পদ অলংকৃত কৰিছিল। ২০০০ চনত এই জনা মহান সাহিত্যিকৰ দেহাৱসান ঘটে।

প্রঃ ১৪। তলৰ শব্দবোৰৰ নিচিনা পাঁচোটা শব্দ সঁজা
বাঘ -নথ, হাঁহ -কণী, মহ – শিং

উত্তৰঃ দেহ-প্ৰাণ, ভক্তি-প্রেম, ৰূপ-মুগ্ধ, মুগ্ধ-প্রাণ, সিংহ-আসন।

(খ) বিপৰীত শব্দ লিখা
উত্তৰঃ শব্দ

শব্দ বিপৰীত শব্দ
গৌৰৱগৌৰবহীন
আলোকতিমিৰ, এন্ধাৰ
স্বাধীনতাপৰাধীনতা
পৰাজিতজয়
সপোনদিঠক
মৰণজন্ম

FAQs of Class 10 Assamese Chapter 4 Question Answer

প্রঃ চৈয়দ আব্দুল মালিক কবিতা-পুথি এখনৰ নাম লিখা।

উঃ চৈয়দ আব্দুল মালিকৰ একমাত্র কাব্য সংকলনটিৰ নাম হ’ল— “বেদুইন।”

প্রঃ অসমৰ হেংদাং কত জিলিকিছিল ?

উঃ ভৰদুপৰীয়া সুৰুযৰ ৰক্তিম আভাত সমৰ থলীত অসমৰ হেংদাং জিলিকিছিল।

প্রঃ অসমীয়াসকলে কিহেৰে তৈয়াৰী পেঁপা বজাইছিল?

উঃ অসমীয়াসকলে ম’হৰ শিঙেৰে তৈয়াৰী পেঁপা বজাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top