আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?
শ্ৰেণী (Class) নৱম শ্ৰেণীৰ (IX)
বিষয় বিজ্ঞান (Science)
পাঠ (Lesson) আমাৰ চাৰিওকাষৰ বস্তুবোৰ
অধ্যায় (Chapter) অধ্যায় ২
উপলব্ধ প্ৰশ্ন উত্তৰ
মাধ্যম (Medium) অসমীয়া
পাঠ্যক্ৰম ছেবা (SEBA )
ৱেবছাইটৰ নাম Assamweb.in

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

পাঠৰ মাজত থকা প্রশ্নসমূহৰ উত্তৰ

1. পদার্থ বুলিলে কি বুজা ?
উত্তৰঃ দ্ৰৱ বা বস্তুৰ বিশুদ্ধ ৰূপক পদার্থ বােলে। যেনে- চেনি, নিমখ আদি।

2. সমসত্ব আৰু অসমসত্ব মিশ্ৰণৰ মাজৰ প্রভেদবােৰ লিখা।
উত্তৰঃ (i) সমসত্ব মিশ্রণৰ সংযুতি ইয়াৰ সকলাে অংশতে সমান হয়। যেনে- নিমখ আৰু পানীৰ মিশ্রণ। আনহাতে, অসমসত্ব মিশ্ৰণৰ সংযুতি সকলাে অংশতে সমানে নহয়। যেনে- চক পেঞ্চিল আৰু পটাছিয়াম পার্মাংগানেটৰ মিশ্রণ।
(ii) সমসত্ব মিশ্রণ সাধাৰণতে স্বচ্ছ। আনহাতে, অসমসত্ব মিশ্রণ সম্পূর্ণভাৱে অস্বচ্ছ।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

1.  উদাহৰণ দি সমসত্ব আৰু অসমসত্ব মিশ্রণ পার্থক্য লিখা।
উত্তৰ: সমসত্ব মিশ্রণ : মিশ্রণ এটাৰ সংযুক্তি ইয়াৰ সকলাে আংশতে সমান হলে, তাক সমসত্ব মিশ্রণ বােলে। উদাহৰণ: ভালদৰে ঘুটি লােৱা পানী, কপাৰ ছালফেট দ্রব, এলকহল পানী আদি।

অসমসত্ব মিশ্রণঃ মিশ্রণ এটাৰ সংযুক্তি ইয়াৰ সকলো অংশতে সমান নহ’লে তাক অসমসত্ব মিশ্রণ বােলে। যেনেঃ লােৰ গুডি আৰু নিমখৰ মিশ্রণ, বালি আৰু মিশ্রণ, পানী আৰু তেলৰ মিশ্ৰণ আদি।

2.  কলয়ড, দ্রবণ আৰু প্রলম্বনৰ মাজৰ প্ৰভেদবােৰ কি কি ?
উত্তৰ; কলয়ড, দ্রবণ আৰু প্ৰলম্বনৰ প্রভেদবােৰ হ’ল

কলয়ড দ্রবণ প্রলম্বন
অসমসত্ব মিশ্রণ সমসত্ব মিশ্রণ। অসমসত্ব মিশ্রণ।
কণিকাৰবাৰ দ্ৰৱণৰ কণিকাতকৈ কিছু ডাঙৰ। কণিকাৰবাৰ দ্ৰৱণৰ কণিকাৰ আকাৰ বৰ
ক্ষুদ্র
কণিকাতকৈ অতকৈ সৰু খালি চকুৰে দেখা পােৱা যায়।
দ্ৰবৰ মাজেদি যােৱা পােহৰ বিচ্ছুৰিত হয় দৃশ্যমান হয়। পােহৰ ৰশ্মিৰ বিচ্ছুৰণ ঘটাব পাৰে।

3. 293K উষ্ণতাত 100mL পানীত 36g ছ’ডিয়াম ক্ল’ৰাইডদ্রবীভূত কৰি এটা সংপৃক্ত দ্ৰৱ পােৱা গ’লে দ্ৰৱটোৰ গাঢ়তা নিৰ্দ্ধাৰণ কৰা।

উত্তৰঃ ছডিয়াম ক্ল’ৰাইডৰ ভৰ = 36 g
পানী (দ্ৰাৱক) ৰ ভৰ = 100 mL
∴ দ্ৰৱৰ ভৰ = দ্ৰাৱৰ ভৰ + দ্ৰাৱকৰ ভৰ
= 36 gm + 100 gm
= 136 gm
∴ গাঢ়তা = দ্ৰাৱৰ ভৰ/দ্ৰাৱৰ ভৰ×100
= 36/136×100
= 26.47%

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

1. কেৰাচিন আৰু পেট্রলৰ (ইহঁতৰ উতলাংকৰ পার্থক্য 25°C তকৈ বেছি) মিশ্ৰণৰ পৰা সিহঁতক কিদৰে পৃথক কৰিবা।
উত্তৰ: কেৰাচিন আৰু পেট্রলৰ মিশ্রণ এটা পাতন প্রক্রিয়াৰ দ্বাৰা পৃথক কৰিব পাৰি।
মিশ্ৰণটো পাতন ফ্লাক্সত ভৰাই লৈ গৰম কৰা হয়। গৰম কৰাৰ ফলত পেট্র’লখিনি বাষ্পীভূত হৈ ফ্লাক্সৰ বাহিৰলৈ গৈ শীতকৰ মাজেৰে পাৰ হওঁতে ঠাণ্ডা হয়। পিছত গ্রাহক পাত্ৰত বাস্পখিনি গােটা অৱস্থাত পােৱা যায়। কেৰাছিন আৰু প্টে’লৰ মিশ্ৰণৰ পৰা প্রথমে অংশ হিচাপে কেৰাছি পােৱা যায় আৰু কেৰাচিন আঁতৰ হােৱাৰ পিছত স্ট্রে’ল সংগ্রহ কৰা

2. তলৰ মিশ্রণবােৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখা।
(a) দৈৰ পৰা মাখন।
(b) সাগৰৰ পানীৰ পৰা নিমখ।
(e) নিমখৰ পৰাকৰ।
স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় ?
উত্তৰঃ (a) অপকেন্দ্রিক পদ্ধতি।
(b) বাম্পায়ন পদ্ধতি।
(c) উর্ধ্বপাতন পদ্ধতি।
স্ফটিকীকৰণ পদ্ধতিৰে সমসত্ব মিশ্রণবােৰ পৃথক কৰিব পাৰি। যেনে- সাধাৰণ নিমখৰ দ্ৰৱ আৰু কপাৰ ছালফেটৰ দ্ৰৱৰ পৃথকীকৰণ।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

1. তলৰ কার্যকলাপৰােৰ ৰাসায়নিক নে ভৌতিক পবির্তন?

  • গছকটা
  • কেৰাহি এখনত মাখন গলি যােৱা
  • আলমাৰিত মামৰ ধৰা।
  • পানী উতলাই জলীয় ভাপ কৰা।
  • পানীৰ মাজেদি বিদ্যুৎ প্রবাহ কৰিলে হাইড্রজেন আৰু অক্সিজেন গেছ উৎপন্ন হােৱা।
  • পানীত নিমখ দ্ৰৱীভূত কৰা।
  • কেঁচা ফলৰ পৰা চালাড প্রস্তুত কৰা।
  • কাগজ আৰু কাঠ পুৰিলে।

উত্তৰঃ ৰাসায়নিক পৱির্তনঃ আলমাৰিত মামৰে ধৰা, পানীৰ মাজেৰে বিদ্যুৎ পৰিবহণ কৰিলে হাইড্রজেন আৰু অক্সিজেন গেছ উৎপন্ন হােৱা,
কাগজ আৰু কাঠ পুৰিলে।
ভৌতিক পৰিৱর্তনঃ গছকটা, কেৰাহী এখনত মাখন গলি যােৱা, পানী উতলাই জলীয় ভাপ কৰা, পানীত নিমখ দ্ৰৱীভূত কৰা, কেঁচা ফলৰ চালাড প্রস্তুত কৰা।

2. তােমাৰা চাৰিওকাষৰ বস্তুবােৰ বিশুদ্ধ আৰু মিশ্ৰণ হিচাপে পৃথক কৰি উলিয়াবলৈ চেষ্টা কৰা।
উত্তৰঃ বিশুদ্ধ পদার্থঃ সােণ, ৰূপ, পানী, চেনি, নিমখ ইত্যাদিবােৰ।
মিশ্রণ পদার্থঃ বায়ু, মৃদু পানী, পিতল, মাটি, চেনি মিশ্রিত পানী ইত্যাদিবােৰ।

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে?

 

অনুশীলনীৰ প্রশ্নোত্তৰ

1. তলৰ পদার্থবােৰ পৃথক কৰিবলৈ কি পৃথকীকৰণ পদ্ধতি প্রয়ােগ কৰিবা?
(a) নিমখ পানীৰ দ্ৰৱণৰ পৰা ছডিয়াম ক্ল’ৰাইড।
(b) ছডিয়াম ক্ল’ৰাইড আৰু এমনিয়াম ক্ল’ৰাইড মিশ্ৰণৰ পৰা এমনিয়াম ক্ল’ৰাইড।
(c) গাড়ীৰ ইঞ্জিন-তেলৰ পৰা ধাতুৰ সৰু সৰু
(d) ফুলৰ পাহিৰ আকৰৰ পৰা বিভিন্ন ৰঞ্জক পদার্থ।
(e) দৈৰ পৰা মাখন।
(f) পানীৰ পৰা তেল।
(g) চাহৰ পৰা চাহপাত।

(h) বালিৰ পৰা লােৰ পিন।
(i) চোকোৰাৰ পৰা গমৰ গুৰি।
(j)পানী আৰু বােকাৰ প্ৰলম্বনৰ পৰা বােকাৰ সূক্ষ্ম কণিকাবােৰ।
উত্তৰঃ (a) বাম্পায়ান পদ্ধতি।
(b) উর্ধ্বপাতন পদ্ধতি।
(c) পৰিশ্ৰাৱন পদ্ধতি।
(d) বর্ণলেখন পদ্ধতি।
(e) অপকেন্দ্রিক পদ্ধতি।
(f) পৃথকীকৰণ চুপি পদ্ধতি।
(g) পৰিশ্ৰাৱন পদ্ধতি।
(h) চুম্বকীয় পদ্ধতি।
(i)তুষ ঝাৰা পদ্ধতি।
(j) পৃথকীকৰণ পদ্ধতি।

2. একাপ চাহ বনাবলৈ প্ৰয়ােজনীয় পদক্ষেপবােৰ লিখা। দ্ৰৱণ, দ্রাবক, দ্রাব্য, দ্রীভূত, দ্রৱণীয়, অদ্ৰৱণীয় পৰিশ্ৰত আৰু অৱশেষ আদি শব্দবােৰ ব্যৱহাৰ কৰিবা।
উত্তৰ চাহবনাবলৈ প্রয়ােজনীয় পদক্ষেপবােৰ হল-
(i) দুই-তিনি কাপ পানী লৈ এটা ছচপেনত গৰম কৰিব লাগে।
(ii) পানীখিনি যেতিয়া উতলিব তেতিয়া পৰিমাণমতে দ্ৰাৱক হিচাপে গাখীৰ আৰু দ্রাব্য হিচাপে চেনি দিব লাগে আৰু দ্ৰৱীভূত কৰিবৰ বাবে চামুচেৰে লাৰি দিব লাগে। ফলত দ্ৰৱ প্রস্তুত হব।
(iii) তাৰ পিছত পৰিমাণ মতে চাহপাত দি আকৌ উতলাব লাগে।।
(iv) এতিয়া দ্ৰৱখিনি ছেকিলে চাহপাত অৱশেষ হিচাপে পােৱা যাব।

3, প্রজ্ঞাই তিনিটা বেলেগ বেলেগ পদার্থ দ্রবণীয়তা বিভিন্ন উষ্ণতাত পৰীক্ষা কৰিছিল আৰু সংগ্ৰহ কৰা তথ্যৰােৰ তলৰ তালিকাত দিয়া হৈছে। (ফলাফলবােৰ তালিকাখনত পানীত সংপৃক্ত দ্রবণ প্রস্তুতিৰ বাৰে প্ৰয়ােজনীয় দ্রাব্যৰ পৰিমাণ হিচাপত দিয়া হৈছে।)

দ্রবীভূত কৰা পদার্থ উষ্ণতা (K)
283 293 313 333 153
দ্রৱণীয়তা
পটাছিয়াম নাইট্রেট 21 32 62 106 167
ছড়িয়াম ক্ল’ৰাইড 36 36 36 37 37
পটেছিয়াম ক্ল’ৰাইড 35 35 40 46 54
এম মিয়াম ক্ল’ৰাইড 24 37 41 55 66

লগতে পঢ়ক:   আমি অসুস্থ হওঁ কিয় ? নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৩

(a) পটেছিয়াম নাইট্রেটৰ সংপৃক্ত দ্ৰৱ এটা প্রস্তুত কৰিবলৈ 313Kউষ্ণতাত 50 গ্রাম পানীত কিমান গ্রাম পটেছিয়াম নাইট্রেট দ্ৰৱীভূত কৰিব লাগিব ?
(b) 353K উষ্ণতাত প্রজ্ঞাই পটেছিয়াম। ক্ল’ৰাইডৰ এটা সংপৃক্ত দ্ৰৱ প্ৰস্তুত কৰি সাধাৰণ উষ্ণতালৈ ঠাণ্ডা হ’বলৈ থৈ দিলে। দ্ৰৱটো ঠাণ্ডা হলে তেওঁ কি দেখিব? ব্যাখ্যা কৰা।
(c) প্ৰতিটো লৱণৰে দ্রবণীয়তা 293Kত নিৰ্দ্ধাৰণ কৰা। এই উষ্ণতাত কোনটো লৱণৰ দ্রৱণীয়তা আটাইতকৈ বেছি?
(d) লৱণৰ দ্ৰৱণীয়তাৰ ওপৰত উষ্ণতাৰপ্ৰভাৱ

ব্যাখ্যা কৰা—
উত্তৰঃ
(a) 100 গ্রাম পানীত 313K উষ্ণতাত পটাছিয়াম নাইট্রেটৰ সংপৃক্ত দ্ৰৱ প্রস্তুত কৰিবলৈ 62 গ্রাম পটাছিয়াম নাইট্রেটৰ প্রয়ােজন।

50 gm পানীত পটাছিয়াম নাইট্রেট প্রয়ােজন হ’ব-
62 x 50/100 gm
= 6.2 x 5 gm
=31 gm

(b) পটাছিয়াম ক্ল’ৰাইডক 353K উষ্ণতাত সংপৃক্ত কৰি ঠাণ্ডা হ’বলৈ দিলে পটেছিয়াম ক্ল’ৰাইড গােটাআৰু কিছুমান গােটা-জুলীয়া আকাৰত পৃথক হব।।
(c) KNO, ৰ দ্ৰাৱতা 293K উষ্ণতাত 32 gm NaCl ৰ দ্ৰাৱতা 293K উষ্ণতাত = 36gm
KCI দ্ৰাৱতা 293K উষ্ণতাত = 35 gm
NHCl ৰ দ্ৰাৱতা 293K উষ্ণতাত = 37gm
এমনিয়াম ক্ল’ৰাইড (NHCl) ৰ দ্ৰাৱতা আটাইতকৈ বেছি।

(d) লৱণৰ দ্ৰৱত উষ্ণতা বৃদ্ধি কৰাৰ লগে লগে দ্ৰৱণৰ দ্ৰাৱতা বৃদ্ধি পায়।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

4. উদাহৰণ দি ব্যাখ্যা কৰা-
(a) সংপৃক্ত দ্ৰৱ।
(b) বিশুদ্ধ পদার্থ।
(c) কলয়ড।
(d) প্রলম্বন।
উত্তৰঃ (a) দ্ৰৱ এটাৰ আয়তন একে থকা অৱস্থাত দ্ৰাৱ পদাৰ্থৰ গাঢ়তা বঢ়াই দিলে ইয়াক দ্রবীভূত কৰাটো কঠিন হৈ পৰে। অৱশেষত এনে এটা অৱস্থাপ্রাপ্ত হয় যে তাৰ পিছত দ্ৰাৱ পদার্থক আৰু বেছি দ্রবীভূত কৰিব নােৱাৰি। এই দ্ৰৱটোক সংপৃক্ত দ্ৰৱ বােলে।

(b) যি পদার্থ মাত্র একেবিধ অণুৰ দ্বাৰা গঠিত, তাক বিশুদ্ধ পদার্থ বােলে। বিশুদ্ধ পদার্থবােৰ সদায় এটা নির্দিষ্ট উষ্ণতাত গলে বা গােটা অৱস্থাপিত হয় আৰু নির্দিষ্ট উষ্ণতাত উতলে বা তৰলীকৃত হয়। উদাহৰণস্বৰূপে- বিশুদ্ধ বৰফ সদায় 0 °C উষ্ণতাত গলে আৰু পানী সদায় 0 °C উষ্ণতাত ঘনীভূত হয়। আনহাতে বিশুদ্ধ পানী সদায় 100 °C উষ্ণতাত উতলে আৰু 100 °C উষ্ণতাত পানী ভাপ আৰু তৰল অৱস্থাপ্রাপ্ত হয়।

(c) যি দ্রৱৰ কণিকাবােৰ খালী চকুৰে দেখা নাযায় আৰু দুৰটোক সহজে পৃথক কৰিব নােৱাৰি তাক কলয়ড দ্ৰৱ বােলে। যেনে- গাখীৰ, চিয়াঁহী,
তেজ আদি।।

(d) যিবােৰ অসমত্ব মিশ্ৰণত কণিকাবােৰ খালী। চকুৰে দেখা যায়, সেইবােৰ মিশ্ৰণক প্রলম্বণ বােলে। কোনাে এটা মিশ্রণ নােজোকাৰাকৈ থৈ দিলে প্রলম্বণ এটাৰ কণিকাবােৰ তলত গােট খায়। তলটো সাৱধানে বাকি প্রলম্বণ এটাৰ কণিকাবােক পৃথক কৰিব পাৰি। যেনে- চক আৰু পানীৰ মিশ্রণ, বােকা আৰু পানীৰ মিশ্ৰণ আদি।

5. তলৰ মিশ্ৰণবােৰ সমসত্ব নে অসমত্ব শ্রেণীভূক্ত কৰা।
চডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকি লােৱা চাই।
উত্তৰঃ সমসত্ব মিশ্রণবােৰ- চ’ডা পানী, বায়ু, ভিনেগাৰ, চেকিলােৱা চাহ।
অসমসত্ব মিশ্রণবােৰ- কাঠ, মাটি

6. তােমাক দিয়া বৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?
উত্তৰঃ এটা তৰল পদার্থ বিশুদ্ধ বুলি প্রমাণ কৰিবলৈ তলত দিয়া কার্যকলাপ সম্পূর্ণ কৰিব লাগিব।
(i) মিহি ফিল্টাৰ কাগজৰ দ্বাৰা বৰণহীন তৰল পদার্থ চেকা হয়। যদি ফিল্টাৰ কাগজৰ ওপৰত কোনাে অৱশেষ জমানহয় তেন্তে তৰলখিনিক বিশুদ্ধ পানী বুলি কোৱা হয়।
(ii) এটা ছহূপেনত বৰনহীন পদার্থ উতলালে যদি কোনাে অৱশেষ নাথাকে তেন্তে তাক বিশুদ্ধ পানী বুলি ক’ব পাৰি।

7. তলৰ পদার্থবােৰৰ ভিতৰত কোনবােৰ “বিশুদ্ধ পদার্থ”ৰ শাৰীত পৰিব?
(a) বৰফ
(b) গাখীৰ
(c) লাে (d) হাইড্রক্লৰিক এছিড
(e) কেলচিয়াম অক্সাইড (f) পাৰা
(g) ইটা
(h) কাঠ
(i) বায়ু
উত্তৰঃ বিশুদ্ধ পদার্থবােৰ হ’ল- (a) বৰফ, (c) লাে, (d)হাইড্র’ক্লৰিক এছিড, (e) কেলছিয়াম অক্সাইড, (f) পাৰা।

৪. তলৰ মিশ্ৰণবােৰৰ মাজৰ পৰা দ্ৰৱণবােৰ বাছি উলিওৱা।

(a) মাটি (b) মাটি (c) বায়ু (d) কয়লা (e) চ’ড়া পানী।
(b) সাগৰৰ পানী
উত্তৰঃ দ্ৰৱণবােৰ হ’ল- (b) সাগৰৰ পানী, (c) বায়ু, (e) ছড়া পানী।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ২

9. তলৰ কোনটোৱে “টিণ্ডেল প্ৰভাৱ” দেখুৱায়?
(a) লৱণৰ দ্ৰৱ
(b) গাখীৰ
(c) কপাৰ ছালফেটৰ দ্ৰৰ
(d) ষ্টাৰ্চৰ দ্ৰৱণ (Starch Solution)
উত্তৰঃ (b) গাখীৰ আৰু (d) ষ্টাৰ্চৰ দ্ৰৱ।

10. তলৰ দিয়াবিলাক মৌল, যৌগ আৰু মিশ্ৰণ হিচাপে শ্রেণীভূক্ত কৰা।
(a) ছডিয়াম (b) মাটি (c) চেনিৰ দ্ৰৱণ (d) ছিলভাৰ (e) কেলছিয়াম কার্বনেট (f) টিন, (g) ছিলিকন (h) কয়লা (i) বায়ু j) চাবােন (k) মিথেন (l) কার্বন ডাইঅক্সাইড (m) তেজ
উত্তৰঃ মৌলঃ (a) ছ’ডিয়াম, (d) ছিলভাৰ, (f) টিন, (g) ছিলিকন, (1) কার্বন-ডাই-অক্সাইড।
মিশ্রণঃ (b) মাটি, (c) চেনিৰ দ্ৰৱণ, (h) কয়লা, (i) বায়ু, (j) চাবােন, (m) তেজ।
যৌগঃ (e) কেলছিয়াম কার্বনেট, (k) মিথেন।

11. তলৰ কোনবিলাক ৰাসায়নিক পৰিৱর্তন?
(a) উদ্ভিদৰ বৃদ্ধি।
(b) লােত মামৰে ধৰা।
(c) লােৰ গুড়ি আৰু বালি মিহলিকৰণ।
(d) খাদ্য ৰন্ধন।
(e) খাদ্য হজম হােৱা।
(f) পানী গােটম।

(g) মমবতি জ্বলােৱা।
উত্তৰঃ ৰাসায়নিক পৰিৱর্তনবােৰ হ’ল-
(b) লােত মামৰে ধৰা।
(d) খাদ্য ৰন্ধন।
(e) খাদ্য হজম হােৱা।
(g) মমবতি জ্বলােৱা।

class 9 science chapter 2 assamese medium

অতি চমু প্রশ্নোত্তৰ

প্রশ্ন। বিশুদ্ধ পদার্থ বুলিলে কি বুজায় ?
উত্তৰ: বিশুদ্ধ পদার্থ : যিবােৰ পদাথ মাত্রা এবিধ মাত্র উপাদানেৰে গঠিত সেইবােৰ পদার্থকে বিশুদ্ধ পদাথ বােলে। বিশুদ্ধ পদার্থবােৰৰ উপাদানবােৰ ভৈতিক প্রক্রিয়াৰে পৃথক কৰিব নােৱাৰি।

প্রশ্ন| তলৰ মিশ্রণবােৰ সমসত্ব নে অসমসত্ব শ্রেণীভুক্ত কৰা
চ’ডা পানী, কাঠ, বায়ু, মাটি, ভিনেগাৰ, চেকিলােৱা চাই

উত্তৰঃ সমসত্ব মিশ্রণ– ছড়া পানী, বায়ু, ভিনেগাৰ, চেকিলোেৱ চাহ

লগতে পঢ়ক:   জীৱৰ বিচিত্ৰতা Class 9 নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 7

অসমসত্ব মিশ্রণ— মাটি, কাঠ।

প্রশ্ন  তলৰ কোনটোৱে “টিণ্ডেল প্রভাৱ দেখুৱায়-
(a) লবণৰ দ্ৰৱ (b) গাখীৰ (c) কপাৰ ছালফেটৰ দ্ৰৱণ (d) ষ্টাৰ্চৰ দ্ৰৱণ।
উত্তৰ: টিণ্ডল প্রভাব দেখুৱা দ্রবণ হ’ল ঃ (b) গাখীৰ, (d) ষ্টাৰ্চৰ দ্ৰৱণ।

প্রশ্ন দুবিধ বিশুদ্ধ মৌল আৰু দুবিধ বিশুদ্ধ যৌগৰ নাম লিখা।
উত্তৰঃ দুবিধ বিশুদ্ধ মৌল— ক্ল’ৰিণ, কার্বন।
দুবিধ বিশুদ্ধ যৌগ—ছডিয়াম ক্লৰাইড (খােৱা নিমখ), ছালফিউৰিক এছিড।

প্রশ্ন| মিশ্রণ কাক বােলে ?
উত্তৰঃ দুই বা ততােধিক মৌল বা যৌগ পৰস্পৰৰ মাজত বিক্রিয়া নকৰি একেলগে থকাকে মিশ্রণ বােলে।

প্রশ্ন: মিশ্ৰণৰ দুটা উদাহৰণ দিয়া
উত্তৰ মাটি আৰু বায়ু।

প্রশ্ন| বায়ু এবিধ মিশ্রণ নে যৌগ?
উত্তৰ বায়ু এবিধ মিশ্রণ।

প্রশ্ন মিশ্ৰণৰ প্ৰকাৰবােৰ লিখা।
উত্তৰ মিশ্ৰণৰ প্ৰকাৰবােৰ হ’ল– (ক) দ্ৰৱণ (খ) প্রলম্বন (গ) কলয়দ্রীয় দ্ৰৱ।

প্রশ্ন  : এটা দ্ৰবৰ উদাহৰণ দিয়া।
উত্তৰঃ নিমখ পানী।।

প্রশ্ন : এবিধ গােটা আৰু এবিধ গেছীয় দ্রৱৰ নাম লিখা।
উত্তৰঃ পিতল এবিধ গােটা দ্রব আৰু বায়ু এবিধ গেছীয় দ্রব ?

প্রশ্নঃ সংকৰ ধাতু কি ধৰণৰ দ্ৰব।
উত্তৰ: সংকৰ ধাতু গােটা দ্ৰব। ইয়াত দুই বা ততােধিক ধাতু আৰু অধাতু সমসত্বভাৱে মিহলি হৈ থাকে।

প্রশ্ন | পিতলৰ সংযুতি কি?
উত্তৰ:পিতলৰ সংযুতি হল- 30% জিকে আৰু 70% কপাৰ

প্রশ্ন : এটা ধাতু আৰু অধাতুৰ দ্ৰৱৰ উদাহৰণ দিয়া।
উত্তৰঃ তীখা ধাতু আৰু অধাতুৰ দ্ৰৰ। তীখাত লাে আৰু কার্বন থাকে।

প্রশ্ন 13ঃ দ্ৰৱণৰ উপাদান দুটা কি কি?
উত্তৰ: দ্ৰব্য আৰ দ্ৰাৱক

প্রশ্নঃ দ্ৰৱণীয়তাৰ সংজ্ঞা লিখা।
উত্তৰঃ সংপৃক্ত দ্ৰৱত দ্ৰৱীভূত হৈ থকা দ্রাবাক তাৰ দ্ৰৱণীয়তা বােলে।

প্রশ্ন: সংপৃক্ত দ্ৰৱ কাক বােলে ?
উত্তৰ: এক নির্দিষ্ট আয়তনৰ দ্ৰৱত নির্দিষ্ট উষ্ণতাত সর্বোচ্চ পরিমাণে থাকিব গীয়া দ্রাবা দ্রবীভূত হৈ থাকিলে, সেই দ্ৰৰক সংপৃক্ত দ্ৰৱ বৰলে।

প্রশ্ন: দ্ৰৱৰ চোক বা গাঢ়তা বুলিলে কি বুজা?
উত্তৰ কোনো নির্দিষ্ট আয়তন বা ভৰৰ দ্ৰৱণত দ্ৰৱীভূত হৈ থকা দ্রাব্যৰ পৰিমাণক টোৰ চোক বা গাঢ়তা বােলে।

প্রশ্ন: দ্ৰৱণৰ গাঢ়তাৰ প্ৰকাশ ৰাশিটো লিখা।
উত্তরঃ দ্ৰৱণৰ গাঢ়তা =দ্রাব্যৰ পৰিমাণ/দ্ৰৱণৰ পৰিমাণ।

class 9 science chapter 2 assamese medium

Also Read: আমাৰ চাৰিওকাষৰ বস্তুবোৰ

প্রশ্ন: প্রলম্বন কি?
উত্তৰ: প্ৰলম্বন এটা অসমসত্ব মিশ্রণ য’ত দ্রাব্য পদার্থ দ্ৰাৱকত দ্রবীভূত হােৱাৰ পৰিবৰ্তে সমগ্ৰ দ্ৰাৱক মাধ্যমত ওপত্তি বা প্রলম্বিত হৈ থাকে।
প্রশ্ন: টিণ্ডেল প্রভাৱ কি?
উত্তৰঃ কলয়ডীয় দ্ৰৱৰ মাজেৰে পােহৰ গ’লে ইয়াৰ কণিকাৰবাৰে পােহৰ বিৰিত কৰে। এই পৰিঘটনাকে টিণ্ডেল প্রভাৱ বােলে।

প্রশ্ন | হাবিৰ মাজত টিণ্ডেল প্রভাৱ পৰিলক্ষিত হয় কিয় ?
উত্তৰ হাবিৰ ডাঠ গছৰ পাতত থকা জলীয় বাষ্পই (কুবলী) তাৰ মাজেৰে যােৱা সূর্যৰ পোহৰক বিছুৰিত কৰে বাবে তাত টিণ্ডেল প্রভাৱ দেখা যায়।

প্রশ্ন; কলয়ডীয় দ্ৰৱৰ উপাদান কি কি ?
উত্তৰঃ কলয়ডীয় দ্ৰৱৰ উপাদান হ’ল- (i) বিস্তাৰণ মাধ্যম (dispersion medium) আৰু (ii) বিস্তাৰিত প্ৰাৱস্থা (dispersive phase)

প্রশ্ন: ৰঙীণ মণিমুক্তাৰ কলয়ডীয় দ্রৰৰ প্ৰকাৰটো কি ?
উত্তৰ গােটাচল বিন্ধাৰণ গােটা আৰু বিতাৰিত প্ৰাৱস্থাও গোটা।

প্রশ্ন গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ কি পদ্ধতি ব্যৱহাৰ কৰা হয়।
উত্তৰ অপকেন্দ্রিক পদ্ধতি।

প্রশ্ন)  অপকেন্দ্রিক পদ্ধতিৰ এটা ব্যৱহাৰ উল্লেখ কৰা।
উত্তৰ গাখীৰৰ পৰা মাখন পৃথক কৰিবলৈ অপকেন্দ্রিক পদ্ধতি ব্যৱহাৰ কৰা হয়।

প্রশ্ন) এম’নিয়ম ক্ল’ৰাইডৰ পৰা নিমখৰ পৃথকীকৰণত কি পদ্ধতি ব্যৱহাৰ কৰা হয়?
উত্তৰ: উপাতন।

প্রশ্ন) ৰঙীণ দ্ৰৱ এটাৰ পৰা কি পদ্ধতি ব্যৱহাৰ কৰি তাৰ পৰা ৰঞ্জক পদার্থ পৃথক কৰিব পাৰি?
উত্তৰ বৰ্ণ লেখন বা Chromatography

প্রশ্ন ) তেজত থকা ঔষধ পৃথকীকৰণ প্ৰক্ৰিয়াৰ নাম লিখা
উওঁৰঃ বর্ণ লেখন বা ক্ৰমাটগ্রাফী।

প্রশ্ন) পাতন প্রক্রিয়াৰে দ্ৰৰ এটাৰ উপাদান দুটাক পৃথক কৰিবলৈ কি কি চত পূৰণ হব লাগে ?
উত্তৰ: দ্ৰব্য আৰু দ্ৰাৱকৰ মাজত উতলাঙ্কৰ পার্থক্য থাকিব লাগিব আৰু দুয়ােটাৰ মাজত ৰাসায়নিক বিক্রিয়া হব নালাগিব।

প্রশ্ন) কি পদ্ধতিৰে ৰায়ুৰ পৰা তাৰ উপাদানবােৰ পৃথক কৰিব পাৰি?

উত্তৰ : আংশিক পাতন পদ্ধতিৰে।

Class 9 Science Chapter 2 Assamese Medium

প্র: অশুদ্ধ কপাৰ ছালফেটৰ পৰা বিশুদ্ধ কপাৰ ছালফেট পাৰ পৰা প্ৰক্ৰিয়াৰ
উত্তৰ টিকীকৰণ।

প্রশ্ন) ভৌতিক পৰিবর্তন কাক কয়?
উত্তৰ যিবােৰ পৰিবৰ্তনত উপাদানবােৰৰ কোনাে গুণগত পৰিবর্তন নহয় আৰু এইবােৰক সহজতে পুনৰুদ্ধাৰ কৰিব পাৰি তাকে ভৌতিক পৰিবৰ্তন বােলে।

প্রশ্ন) ৰাসায়নিক পৰিবৰ্তনৰ সংজ্ঞা লিখা।
উত্তৰ যিবােৰ পৰিবৰ্তনত উপাদানবােৰৰ গুণগত মান সম্পূৰ্ণৰূপে লােপ পাই এটা নতুন যৌগ পােৱা যায় তাকে ৰাসায়নিক পৰিবৰ্তন বােলে।

প্রশ্ন) মৌলৰ ভাগ তিনিটা কি কি?
উত্তৰঃ ধাতু, অধাতু, আৰু ধাতুকল্প।

প্রশ্ন) সম্পৃক্ত দ্ৰৱ কাক কয়?
উত্তৰ দ্ৰৱ এটাত দ্ৰাৱকক সর্বোচ্চ পৰিমাণে দ্রবীভূত কৰিব পাৰি তাকে কৰা হ’লে দ্ৰটোৰ গাঢ়তা সর্বোচ্চ হয়। ইয়াত আৰু বেছি দ্রাব্য দিলেও দ্রবীভূত নহয়৷ এনে দুৱক সংপৃক্ত প্ৰৱ বােলে।

প্রশ্ন) তলৰ মিশ্ৰণবােৰৰ পৃথকীকৰণ পদ্ধতিৰ নাম লিখ।
(i) দৈৰ পৰা মাখন (butter) (il) সাগৰৰ পানীৰ পৰা নিমখ (iii) নিমখৰ পৰা কৰ্ণৰ।
উত্তঃ (i) অপকেন্দ্রিক পদ্ধতি (ii) বাষ্পীভবন প্রণালী(i) উর্ধ্বপাতন প্রণালী।

প্রশ্ন)স্ফটিকীকৰণ পদ্ধতিৰে কি ধৰণৰ মিশ্ৰণ পৃথক কৰা যায় ?
উত্তৰ। ম্যাটিকণ প্রক্রিয়াৰে- (i) সাগৰৰ পৰা পােৱা নিমখ বিশুদ্ধ কৰিব পাৰি।
(ii) এটা দ্ৰবৰ পৰা তাৰ দ্ৰব্যবােৰ বিশুদ্ধ ভাবে পাব পাৰি।

আমাৰ চাৰিওকাষৰ পদাৰ্থবোৰ বিশুদ্ধনে? চমু প্রশ্নোত্তৰ

প্রশ্ন) মিশ্রণ কাক বােলে। মিশ্রণৰ প্ৰকাৰ দুটাৰ নাম লিখা।
উত্তৰ: দুটা বা ততােধিক উপাদান মিহলি হৈ থকাকে মিশ্রণ বােলে।  মিশ্ৰণৰ প্ৰকাৰ দুটা হ’ল (i) সমসত্ব মিশ্রণ  (ii)অসমসত্ব মিশ্রণ

প্রশ্ন) দ্ৰৱৰ কাক বােলে? দ্ৰৱৰ শ্রেণীবিভাগৰােৰ লিখা।
উত্তৰ: দ্রাবক আৰু দ্রাব্য দুয়ােকে একেলগে দ্ৰৱণ বােলে। দ্ৰৱৰ শ্ৰেণীবিভাগ হ’ল- (i) সংপৃক্ত দ্ৰৱণ (ii) অসংপৃক্ত দ্ৰৱণ (iii) অতিপৃক্ত

প্রশ্নঃ গােটা দ্ৰৱ, গেছীয় দ্ৰৱ আৰু তৰল দ্ৰৱৰ এটাকৈ উদাহৰণ দিয়া।
উত্তৰ: গােটা দ্ৰৱৰ উদাহৰণ – সংকৰ ধাতু, যেনে— পিতল
গেছীয় প্ৰৱৰ উদাহৰণ- বায়ু
তল দ্ৰৱৰ উদাহৰণ – গাখীৰ

লগতে পঢ়ক:   প্ৰাকৃতিক সম্পদ Class 9 – নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১৪

প্রশ্ন) টিংচাৰ অৰ আয়’ডিন কি ? ছ’ডা পানী কি ধৰণৰ দ্ৰৱণ ?
উত্তৰঃ টিংচাৰ অৱ আয় ডিন হ’ল- আয় ডিন তৰল এলকহলত দ্রবীভূত কৰি তৈয়াৰ কৰা দ্ৰৱণ। ইয়াত আয় ডিন দ্রাব্য আৰু এলকহল দ্রাবক। ছ’ডা পানী তৰলত গেছীয় পদার্থৰ দ্ৰৱণ। ইয়াত কার্বন ডাই অক্সাইড গেছ দ্রাব্য আৰু পানী দ্ৰৱক ।

প্রশ্ন) বিশুদ্ধ দ্ৰৱৰ বিশেষত্ববােৰ কি কি?
উত্তৰ: বিশুদ্ধ দ্ৰৱৰ বিশেষত্ববােৰ হ’ল—(ক) এইবােৰ এবিধ অণুৰেই গঠিত। (খ) বিশুদ্ধ দ্ৰৱৰ এটা নির্দিষ্ট উতলাংক আৰু হিমাংক থাকে। (গ) বিশুদ্ধ দ্ৰৱবােৰ সমসত্ব হয়।

প্রশ্ন) আংশিক পাতন পদ্ধতি কেতিয়া প্রয়ােগ কৰা হয়?
উত্তৰ: দুটা বা ততােধিক বিভিন্ন তৰলৰ মিশ্ৰণৰ পৰা প্ৰতিটো তৰল পৃথক কৰিবলৈ আংশিক পাতন পদ্ধতি ব্যৱহাৰ কৰা হয়। মিশ্ৰণটোৰ প্ৰতিটো তৰলৰে পৰস্পৰৰ মাজত ৰাসায়নিক বিক্রিয়া ঘটিব নালাগিব আৰু প্রত্যেকৰে উতলাকৰ মান পৃথক হ’ব লাগিব। তেতিয়াহে এই পদ্ধতিৰ প্ৰয়ােগ কৰিব পৰা যায়। এই পদ্ধতিৰ দুটা ব্যৱহাৰ হ’ল-
(ক) কেৰাচিন আৰু পেট্ৰ’লৰ মিশ্ৰণৰ পৰা উভয়কে পৃথক কৰিব পাৰি। ব্যৱা তেলৰ শােধনৰ সময়ত তেলৰ বিভিন্ন উপাংশবােৰ পৃথক কৰিব পৰা যায়।
(খ) পানী আৰু এলকহলৰ মিশ্ৰণৰ পৰা এলকহলৰ পৰা পানীক পৃথক কৰিব পৰা যায়। পানীতকৈ এলকহলৰ উতলাংক যথেষ্ট কম।

প্রশ্ন) তলৰ কাৰ্যকালপবােৰ ৰাসায়নিক নে ভৌতিক পৰিবৰ্ত্তন?
• গছ কটা।
• কেৰাহি এখনত মাখন বিগলন
• আলমাৰিত মামৰ ধৰা, পানী উতলাই জলীয় ভাপ কৰা,
• পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্রজেন আৰু অক্সিজেন গেছ উৎপন্ন হােৱা।
• পানীত নিমখ দ্ৰৱীভূত কৰা।
কেচা ফলৰ পৰা চালাড় প্রস্তুত কৰা।
• কাগজ আৰু কাঠ পুৰিলে-ভৌতিক পৰিৱর্তন।
উত্তৰ:—
•গছ কটা
• কেৰাহি এখনত মাখন বিগলন – ভৌতিক পৰিৱর্তন
• আলমাৰিত মামৰ ধৰা ৰাসায়নিক পৰিবর্তন।
• পানী উতলাই জলীয় ভাপ কৰা— ভৌতিক পৰিৱর্তন
• পানীৰ মাজেদি বিদ্যুত প্রবাহিত কৰিলে হাইড্রজেন আৰু অক্সিজেন গেছ উৎপন্ন হােৱা— ৰাসায়নিক পৰিৱৰ্তন।
• পানীত নিমখ দ্ৰৱীভূত কৰা— ভৌতিক পৰিৱর্তন
• কেচা ফলৰ পৰা চালাড প্রস্তুত কৰা—ভৌতিক পৰিৱর্তন
• কাগজ আৰু কাঠ পুৰিলে—ৰাসায়নিক পৰিৱৰ্তন।

নৱম শ্ৰেণীৰ বিজ্ঞান অধ্যায় 2

প্রশ্ন) উদাহৰণ দি ব্যাখ্যা কৰা
(a) সংপৃক্ত দ্ৰৱ (b) বিশুদ্ধ পদার্থ (e) কলয়ড (d) প্রলম্বন।
উত্তৰ:

(a) সংপৃক্ত দ্ৰৱ— নির্দিষ্ট উষ্ণতাত এক নির্দিষ্ট দ্রবত দ্ৰৱীভূত কৰিব পৰা সর্বোচ্চ পৰিমাণৰ দ্ৰৰ দ্রবীভূত হৈ থাকিলে, সেই দ্রক সংপৃক্ত দ্রব বােলে। ধৰা হ’ল 25°C উষ্ণতাত থকা 100 গ্রাম পানীত 60 গ্রাম চেনী দ্রবীভূত হয়। 60 গ্রামতকৈ অকণমান বেছি দিলেও এই চেনী দ্রবীভুত নহৈ তলত পৰি থাকে। গতিকে  60 গ্রামৰ এই চেনী পানীৰ দ্ৰৱণটো সংপৃক্ত দ্ৰৱণ হয়।

(b) বিশুদ্ধ পদার্থঃ যিবােৰ পদাৰ্থৰ উপাদান মাত্র এটাই আৰু ইয়াৰ নির্দিষ্ট উষ্ণতাত ৰং, গােন্ধী, সােৱাদ, গঠন একেই থাকে তাকে বিশুদ্ধ পদার্থ বােলা হয়। বিশুদ্ধ পদাৰ্থৰ নির্দিষ্ট গলনাংক আৰু উতলাংকও থাকে। উদাহৰণ স্বৰূপে বিশুদ্ধ পানী। ইয়াৰ বৰণ, সেবাদ, গােন্ধ নাই। উতলাংক 373k আৰু গলনাংক 273k ।

(c) কলয়ড — অসমসত্ব মিশ্রণ যাৰ কণিকাবােৰৰ আকাৰ প্ৰায় |-|00 নেনাে মিটাৰ আৰু খালী চকুৰে নেদেখি এনে মিশ্রণে টিণ্ডেল প্রভাৱ দেখুৱায় আৰু মাধ্যৰ পৰিস্ৰাৱণ প্রণালীৰে দ্রাব্য দ্ৰবৰ পৰা পৃথক কৰিব নােৱাৰি। উদাহৰণ হ’ল— কুঁৱলী, ধোৱা, গাখীৰ।

(d) প্রলম্বন— এবিধ অসমসত্ব মিশ্রণ যাৰ কণিকাৰ আকাৰ 100 নেনো মিটাৰৰ ওপৰত আৰু খালী চকুৰে দেখা পােৱা যায়।ইয়াৰ মাজেৰে পােহৰ গ’লে পােহৰ বিৰিত হয়। নলৰােৱাকৈ থৈ দি কণাবােৰ গেদ হিচাৰে তলিত জমা হয় আৰু চেকন বা পৰিভ্রাবন পদ্ধতিৰে ইয়াক পৃথক কৰিব পাৰি। উদাহৰণ স্বৰূপে বােকাপানী।

প্রশ্ন) তােমাক দিয়া ৰৰণহীন তৰল এটা বিশুদ্ধ পানী বুলি কিদৰে প্ৰমাণ কৰিবা ?
উত্তৰঃ যদি প্রদত্ত তৰলটো বায়ুমণ্ডলীয় চাপত 100 C উষ্ণতাত উতলে আৰু ইয়াৰ গােন্ধ, সােৱাদ, বৰণ নাই তেন্তে এই তৰলটো বিশুদ্ধ পানী হব। যদি উতলাংক অলপাে বাড়ে তেন্তে বিশুদ্ধ নহয়।

প্রশ্ন) তলৰ পদাৰ্থবােৰৰ ভিতৰত কোনবােৰ “বিশুদ্ধ পদার্থৰ “শাৰীত পৰিব ?
(a) বৰফ (b) গাখীৰ (c) লাে (d) হাইড্র ‘ক্লৰিক এচিদ (e) কেলচিয়াম অক্সাইড (f) পাৰা (g) ইটা (h) কাঠ (i) বায়ু
উত্তৰ ঃ বিশুদ্ধ পদার্থ– (a) বৰফ, (c) লাে, (d) হাইড্ৰ’ক্লৰিক এচিদ (e) কেলচিয়াম অক্সাইড (f) মাকৰিী।

প্রশ্ন) প্রলম্বনৰ ধর্ম সমূহ কি কি ?
উত্তৰ:প্রলম্বনৰ ধর্মসমূহ হ’ল—

  1. অসমত্ব মিশ্রণ।
  2. কণিকাবােৰ খালী চকুৰে দেখি।
  3. প্রলম্বিত কণিকাই পােহৰৰ ৰশ্মি বিচ্ছুৰিত কৰিব পাৰে বাবে পােহৰ ৰশ্মিৰ গতি দৃশ্যমান হয়।
  4. নলৰােৱাকৈ থলে প্রলম্বিত কণিকাবােৰ দ্ৰৱৰ তলিত জমা হয় বাবে পৰিস্ৰাৱণ পদ্ধতিৰে পৃথক কৰিব পাৰি।

Class 9 Science Chapter 2 Assamese Medium

প্রশ্ন) কলয়ডীয় দ্ৰৱৰ সংজ্ঞা দিয়া। কলয়ডীয় দ্ৰৱৰ ধৰ্মবােৰ লিখা।
উত্তৰঃ কলয়ড়ঃ যিবােৰ দ্ৰৱৰ কণিকাবােৰৰ আকাৰ 1mm – 100mm অৰ ভিতৰত হয়, এইবােৰ দ্ৰৱক কলয়ড় বােলে।
কলয়ড় দ্ৰৱৰ ধৰ্মবােৰ হ’ল—

(i) কলয়ড় অসমসত্ব মিশ্রণ
(ii) কণিকাবােৰ খালী চকুৰে মনিব নােৱাৰি।
(iii) কলয়ডীয় দ্ৰবই টিণ্ডেল প্রভাব দেখুৱায় ।
(iv) কলডীয় দ্রৰ সুস্থিৰ অর্থাৎ ইয়াৰ পৰা কণিকাবােৰ পৰিত্ৰাৱণ প্রণালীৱে পৃথক কৰি নােৱাৰি।
(v) অপকেন্দ্রিক পদ্ধতিৰে কণিকাবােৰ কলয়ডীয় দ্ৰৱৰ পৰা পৃথক কৰিব পাৰি।

প্রশ্ন) কলয়ডীয় দ্ৰবৰ উপাদান দুটাৰ নাম লিখা আৰু ইহঁতৰ সংজ্ঞা দিয়া। উদাহৰণ দিয়া।
উত্তৰঃ কলয়ডীয় দ্ৰৱৰ উপাদান দুটা হ’ল (1) বিস্তাৰণ মাধ্যম আৰু (ii) বিস্তাৰিত প্ৰাৱস্থা।
বিস্তাৰণ মাধ্যমঃ যিটো উপাদানত কলয়ডীয় প্ৰাৱস্থা প্রলম্বিত হৈ থাকে তাকে বিস্তাৰণ মাধ্যম বােলে।
বিস্তাৰিত প্ৰাৱস্থাঃ দ্রাব্যৰ দৰে উপাদান নাইবা বিস্তাৰণ কণিকাবােবকে বিস্তাৰিত প্ৰাৱস্থা বােলে। উদাহৰণস্বৰূপে জেল (জেলী,পনিৰ)ত বিস্তাৰণ মাধ্যম গােটা আৰু বিস্তাৰিত প্ৰাৱস্থা তৰল।

প্রশ্ন) অপকেন্দ্রিক পদ্ধতিৰ মূল সূত্র কি লিখা। ইয়াৰ তিনিটা ব্যৱহাৰ লিখা।
উত্তৰ : অপকেন্দ্রিক পদ্ধতিৰ মূল সূত্র হ’ল জোৰেৰে ঘূৰালে গধূৰ কণিকা পত্ৰৰ তলিত জমা হয় আৰু পাতল কণিকাবােৰ ওপঙি উঠে। অপকেন্দ্রিক

পদ্ধতিৰ ব্যৱহাৰ হ’ল-
(i) চিকিৎসা বিজ্ঞানত তেজ আৰু মূত পৰীক্ষাত ব্যৱহাৰ কৰা হয়।
(ii) ক্রীমৰ পৰা মাখন পৃথক কৰাত।।
(iii) কাপােৰ ধােৱা ৱাচিং মেচিনত তিতা কাপােৰৰ পৰা মল আৰু পানী ?

প্রশ্ন) দুটা পৰস্পৰে মিহলি নােহােৱা তৰল মিশ্রণ (যেনে- কেৰাচিন = আৰু পানীৰ মিশ্ৰ) ৰ পৰা কি পদ্ধতিৰে উপাদান দুটা পৃথক কৰিব পাৰি লিখা।
উত্তৰ: পৃথকীকৰণ চুপিৰ সহায়ত দুটা পৰস্পৰে মিহলি নােহােৱা মিশ্রণৰ পৰা উপাদানবােৰ পৃথক কৰিব পাৰি।

সমসত্ব মিশ্রণ অসমসত্ব মিশ্রণ
(ক) সমসত্ব মিশ্রণবােৰৰ যিকোনাে অংশৰে তাত থকা উপাদানসমূহৰ অনুপাত একে থাকে।  (ক) অসমসত্ব মিশ্রণৰ যিকোনাে অংশৰে তাত থকা উপাদানসমূহৰ অনুপাত একে নাথাকে।
(খ) সমসত্ব মিশ্ৰণৰ যিকোনাে অংশৰে ঘনত্বৰ মান একে থাকে। (খ) অসমসত্ব মিশ্রণ ঘনত্ব অংশ অনুযায়ী বেলেগ বেলেগ হয়।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top