যুজ Class 9 Question Answer নৱম শ্ৰেণীৰ অসমীয়া

যুজ Class 9 Question Answer

যুজ
শ্ৰেণী নৱম শ্ৰেণীৰ (IX)
বিষয় অসমীয়া (Assamese)
কিতাপৰ নাম সাহিত্য চয়নিকা
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠ (Lesson) যুজ (11)
মাধ্যম অসমীয়া
পাঠ্যক্ৰম ছেবা (SEBA )

যুজ class 9

প্রশ্ন ১। অতি চমুকৈ উত্তৰ লিখাঃ

(ক) কাৰ বেগৰ পৰা টকা চুৰ হৈছিল ?
উত্তরঃ প্রশান্তৰ বেগৰ পৰা।

(খ) সিদ্ধার্থহতৰ শ্রেণী শিক্ষক গৰাকীৰ নাম কি?
উত্তৰঃ মহেন্দ্র।

(গ) নির্মলে কাক বিচাৰি দোকানলৈ গৈছিল ?
উত্তৰঃ সিদ্ধার্থক বিচাৰি।

(ঘ) সিদ্ধার্থই পেঞ্চিল বক্সত কি সাঁচি থৈছিল?

উত্তৰঃ বাপেকে দিয়া চকলেটৰ কাগজ।

(ঙ) নির্মলে কিয় বহুদিনৰ বাৰে বাহিৰলৈ যাবলগীয়া হৈছিল?
উত্তৰঃ তেওঁৰ দেহত হােৱা জটিল ৰােগৰ চিকিৎসাৰ বাবে।

আৰু পঢ়ক:- Class 9 Assamese Chapter 12 

যুজ class 9

প্রশ্ন ২। তলৰ প্রশ্নবােৰৰ উত্তৰ দিয়া

(ক) সিদ্ধার্থই কিয় প্রশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল?
উত্তৰঃ সিদ্ধার্থ মাক বাপেকে সকলাে সময়তে কাজিয়া কৰি আছিল আৰু অৱশেষত বাপেকে সিহঁতক এৰি থৈ ক’ৰবালৈ গুচি গ’ল। মাকেও তাৰ কোনাে যত্ন নােলােৱা হ’ল। সি মনত দারুণ আঘাত পাই দোকানীজনৰ কুপৰামর্শ ক্রমে মনৰ এই অশান্তি, দুখ দূৰ কৰিবলৈ চিগাৰেট হুপিবলৈ আৰম্ভ কৰে। চিগাৰেট কিনিবলৈ পইচাৰ অভাৱত সিদ্ধার্থই বেগৰ পৰা পইচা চুৰি কৰিছিল।

(খ) কি কি কাৰণত সিদ্ধার্থ নিচাসক্ত হৈ পৰিছিল?
উত্তৰঃ সিদ্ধার্থ বুজা হােৱা বয়সৰ পৰাই সি দেখিছিল – তাৰ মাক-বাপেকৰ মাজতদুর্বাদল কাজিয়া। প্রচণ্ড চিঞৰ-বাখৰ, গালি-গালাজ আদিয়ে তাক বিতত কৰি তুলিছিল। অবশেষত বাপেকে এদিন সিহঁতক এৰি ক’ৰবালৈ গুচি গ’ল। মাকৰ পৰাও সি পাবলগীয়া মৰম-চেনেহ আলপৈচান নেপায়; তাৰ প্রতি মাকৰ মনােযােগ একেবাৰে নােহােৱা হৈ পৰাত সি অন্তৰত দারুণ আঘাত পায়, ভীষণ অশান্তি ভুগিবলৈ ধৰে। তাৰ এনে অবস্থাৰ উমান পাই। দুষ্ট বুদ্ধিৰ দোকানীজনৰ কু পৰামৰ্শত মনৰ অশান্তি দূৰ কৰিবলৈ প্রথমে চিগাৰেট আৰু পিছত ড্রাগছ আদি নিচা জাতীয় বস্তু ব্যৱহাৰ কৰিবলৈ ধৰিলে। সি নিচাসক্ত হৈ পৰিল।

(গ) নির্মলে সিদ্ধার্থক বিচাৰি কিয় পাণ দোকানখনলৈ গৈছিল ?
উত্তৰঃ সিদ্ধার্থই আগতে নির্মলহঁতৰ লগত হাঁহিছিল, খেলিছিল। কেইমাহ মানৰ পৰা সি গহীন, খিংখিঙীয়া আৰু বেপৰােৱা হৈ পৰিছে, বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে। বহিবলৈ লৈছে, শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্রায়েই নকৰে, আনকি মাজে মাজে স্কুলাে খতি কৰে। নির্মলে তাৰ মাক দেউতাকৰ বিষয়ে কিছু কথা ইকাণ-সিকাণকৈ শুনিছে। নির্মলে ভাবিছিল তাৰ পৰিবর্তন চাগে সেইবােৰ কাৰণতে হৈছে। হয়তাে সেই কথাও সঁচা। কিন্তু এই ৰহস্যময় পাণ দোকনত তাৰ সঘন উপস্থিতিয়ে যেন নির্মলক দুর্বোধ্য সাঁথৰৰ মাজলৈ টানি লৈ গ’ল। এই সাঁথৰৰ সমাধান, এই ৰহস্য উদঘাটন কৰিব লাগিব। এই ৰহস্যৰ পকীয়াত আপােন বন্ধু এজনক হেৰাই যাবলৈ দিব নােৱাৰি। সেই কাৰণেই।
নির্মলে সিদ্ধার্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল।

(ঘ) সিদ্ধার্থই প্রথমতে কিয় নির্মলৰ মুখামুখি হ’ব খােজা নাছিল ?
উত্তৰঃ সদায় নির্মলহঁতৰ লগত হাঁহি ধেমালি কৰা সিদ্ধার্থ কেইমাহ মানৰ পৰা গহীন, খিংখিঙীয়া আৰু বেপৰােৱা হৈ পৰা, সিহঁতক এৰি শ্ৰেণীত পিছফালে বহা আৰু শিক্ষকে কৰিব দিয়া ঘৰৰ কাম প্রায়ে নকৰা আদি পৰিবর্তন লক্ষ্য কৰি নির্মলে আপােন বন্ধ সিদ্ধার্থক বাৰে বাৰে সুধিছিল- “তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ ?” সিদ্ধার্থই নির্মল দৰে তাক অতিকৈ ভাল পােৱা বন্ধু, তাৰােপৰি মনৰ শান্তি পাবলৈ বুলি পাণ দোকনখনত চিগাৰেট হুপি থকা অৱস্থাতে ধৰা পৰাত অতিকৈ লজ্জিত হােৱাত নিমজিৰ প্ৰশ্নৰ উত্তৰ দিহ পৰা নাছিল। সি ভাবিছিল মহেন্দ্র মাষ্টৰৰ কর্কশ-কঠোৰ বাক্যবাণৰ মুখামুখি হােৱা সহজ হলেও নির্মলৰ দৰে ইমান ভাল বন্ধু এজনৰ মুখামুখি হােৱা সহজ নহয়। তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি সিদ্ধার্থই প্রথমতে নির্মলৰ মুখামুখি হ’ব খােজা নাছিল।

(ঙ) নির্মলৰ জটিল ৰােগৰ কথা জানি সিদ্ধার্থই কি কৈছিল?
উত্তৰঃ নির্মলৰ জটিল ৰােগৰ কথা জানি সিদ্ধার্থ প্রচণ্ড আঘাতত যেন নির্বাক নিপল হৈ পৰিল। কি ক’ৰ ভাবি পােৱাৰ আগতেই নির্মিলণ কোমল শব্দবােৰ আন্ধাৰ উজাই আহি তাৰ কাণত বাজিল- “বাধা দিবলৈ, বুজাবলৈ, সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি।” সিদ্ধার্থৰ বুকুখন মােচৰ খাই উঠিল। সি নির্মল হাত এখনত খামুচি সেপ ঢুকি ক’লে– “মই নিশ্চয় চেষ্টা কৰিম নির্মল। চকুৰ সমুখত নাথাকিলেও মােৰ বুকুৰ ভিতৰৰ পৰাই তই মােক বাধা দি থাকিবি, মই জানাে।”

প্রশ্ন ৩। “তােৰ কি হৈছে, মােক ক’বই লাগিব সিদ্ধার্থ।”– নির্মলৰ এই কথাখিনিয়ে। সিদ্ধার্থক কেনেকৈ প্ৰভাৱিত কৰিছিল?
উত্তৰ: সিদ্ধার্থৰ মন, কাম কাজ আৰু স্বভাব, চাল-চলনৰ পৰিবর্তন দেখি সিদ্ধার্থ আপােন বন্ধু নির্মল বৰকৈ চিন্তিত হৈ পৰিছিল। পাণ দোকানখনত চিগাৰেট প্রপি থকা নির্মলে মাতি আনি প্রশান্তৰ বেগৰ পৰা টকা চুৰি কৰি অনাৰ কথাকে ধৰি তাৰ কিয় এনে হৈছে ক’বলৈ টানি ধৰিছিল। এই কথাৰ উত্তৰ নিদি সিদ্ধার্থই দৌৰি গৈ বাছত উঠাৰ সময়তাে নির্মলে কৈছিল।-“তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ ।” ইয়াৰ পিছত সিদ্ধার্থ এসপ্তাহলৈ বিদ্যালয়লৈ যােৱা নাই,গলেই নির্মলক লগ পাব। সেই কাৰণে যাবলৈ সাহ হােৱা নাই। নির্মলৰ কথাষাৰ তাৰ যন্ত্রণাদগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে। সিদ্ধার্থই অনুভৱ কৰিছে “তােৰ কি হৈছে মােক কবই লাগিব সিদ্ধার্থ।”– এইষাৰ কথা ক’ৰব পৰা মানুহবােৰেই তাৰ জীৱনৰ পৰা বহুদূৰলৈ গুচি গ’ল। এইষাৰ কথা উত্তৰ দিব নােৱাৰি অস্বভিৰ মৌনতাৰ মাজত সিদ্ধার্থ ছটফটাই থাকিল।

Class 9 Assamese Lesson 11 question Answer

প্রশ্ন ৪। সিদ্ধার্থই কিয় নিঃসংগতাত ভুগিছিল, বুজাই লিখা।
উত্তৰঃ সিদ্ধার্থই বুজা হােৱাৰ পৰাই দেখিছিল মাক-দেউতাৰ দুর্বাদল কাজিয়া, চিঞৰ- বাখৰ, গালি-গালাজ।সি নিঃচুপ হৈ সকলাে লক্ষ্য কৰিছিল আৰুদাৰুণ অশান্তিত ভূগিছিল। এনেতে এদিন দেউতাকে সিহঁতক এৰি গুচি গ’ল। মাৰ পৰা পাবলগীয়া মৰমবােৰ সি নােপােৱা হ’ল। ঘৰুৱা এই ঘটনাই তাক বিদ্রোহী, খিংখিঙীয়া কৰি তুলিলে। সদ্যয় লগৰীয়াৰ লগত হাঁহি-ধেমালি কৰি থকা সিদ্ধার্থৰ মুখৰ হাঁহি নােহােৱা হ’ল। অতি খঙাল আকঠোৰ শাসন কৰা শিক্ষকৰ কথাতত সি টান মুখে উত্তৰ দি প্রতিবাদ কৰিব পৰা হ’ল। মনৰ এনে হতাশ আৰু অশান্তি দূৰ কৰিবৰ বাবে পাণ দোকানীয়ে দিয়া কু-পৰামর্শত সি চিগাৰেট হুপিবলৈ ধৰিলে। ড্রাগছত ধৰিলে। এইবােৰ কাৰণতে সিদ্ধাই শ্রেণীতে কাৰাে লগত নবহি একেবাৰে শেষৰ বেঞ্চত বহিবলৈ ল’লে। তাৰ কি হৈছে— সেই কথা ক’বই লাগিব বুলি তাৰ অতি আপােন বন্ধু নির্মলে টানি ধৰাত নির্মলকো সি এৰাই চলিব ধৰিলে। তাৰ কথা বতৰা, চাল-চলন, আচাৰ-ব্যৱহাৰৰ পৰিবর্তন ঘটিল, – কাৰো লগত নিমিলা হ’ল। কোনে তাক মনৰ এই অশান্তি, হতাশা, দুখ-বেদনা দূৰ কৰিব আদি চিন্তাই তাক অতিষ্ঠ কৰি তুলিছিল। এইবােৰ কাৰণতেই সিদ্ধার্থই নিঃসংগতাত ভুগিছিল।

See also  চোৰধৰা Class 9 Assamese Lesson 15 Question Answer

প্রশ্ন ৫। নির্মলে কেনেদৰে সিদ্ধার্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা।
উত্তৰ: সিদ্ধার্থ আছিল নির্মলৰ সহপাঠী আৰু অতি অন্তৰংগ আপােন বন্ধু। ঘৰুৱা সমস্যাই সিদ্ধার্থক পঢ়া-শুনাত বাধা দিয়াৰ উপৰিও হতাশাত অন্তৰ অস্থিৰ কৰি তুলিছিল। ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ অতি বেয়া মনৰ পাণ দোকানীজনৰ কথামতে মনত শান্তি পাবলৈ, হতাশ ভাব আঁতৰাবলৈ, সি প্রথমে চিগাৰেট হুপিবলৈ আৰম্ভ কৰে আৰু তাৰ পিছত ড্ৰাগছত ধৰে। এই অধঃপতিত অৱস্থাৰ পৰা; ভুল বাটৰ পৰা আঁতৰাই আনিবলৈ নির্মল। দৃঢ় সংকল্প . হৈছিল। এজন আপােন বন্ধু এনেদৰে ভুল বাটে আগবঢ়াত নির্মল: অতিকৈ উদ্বিগ্ন আৰু দুখিত হৈছিল। পাণ দোকানখনলৈ সঘনাই সিদ্ধার্থ গৈ থকাত নির্মলে কিবা ৰহস্যৰ গােন্ধ পাই তালৈ গৈ দেখিলে সিদ্ধার্থই তাত চিগাৰেট হুপি আছে। তাক তাৰ পৰা মাতি আনি সি কিয় এনেকুৱা হৈছে, তাৰ কি হৈছে তাক ক’বলৈ টানি ধৰিছিল। এই কথাৰ কোনাে উত্তৰ নিদি সিদ্ধার্থ গুচি গ’ল যদিও এদিন তাক অকলশৰে মাতি নি সকলাে কথা সুধিলে। সিদ্ধার্থই এজন আপােন বন্ধুৰ কথা এৰাব নােৱাৰি তাৰ দুখৰ কাহিনী বিবৰি ক’লে। তেতিয়া নির্মলে সিদ্ধার্থক বুজাইছিল যে আচল কথা হ’ল মনটো। মনে জীৱনটোক ভাল পাব লাগিব। জীৱনটোক ভাল পালে প্রকৃতিৰ সকলােৱেই মানুহক আপােন কৰি লয়। এইবােৰ ভালপােৱা মানুহ কেতিয়াও নিঃস্ব, শূন্য নহয়। আচলতে মন গ’লেই সুখী হ’ব পাৰি। গল্প, উপন্যাস লিখিব নােৱাৰিলেও সেইবােৰ পঢ়ি আনন্দ পাব পাৰি, গান গাব নাজানিলেও গান শুনি প্ৰাণত সুখ পাব পাৰি সকলাে মানুহৰেই জীৱনবােৰ একো একোখন যুঁজ। নির্মলে সিদ্ধার্থক বুজাই শেষত কলে-“অহা সপ্তাহত মই বাহিৰলৈ যাম—বহুদিনৰ বাবে। মােৰ দেহত এটা জটিল ৰােগ বুজিছ। ময়াে খুঁজিছাে। সবেই খুঁজে, মাথোঁ সকলােৰে যুঁজবােৰ বেলেগ বেলেগ।” – আৰু ক’লে— “বাধা দিবলৈ, বুজাবলৈ, সাহস দিবলৈ মই নাথাকিলেও তই সেই পাণ দোকানখনলৈ নাযাবি।” সিদ্ধার্থৰ বুকুখন যেন মােচৰ খাই উঠিল। সি নির্মলৰ হাতখনত খামুচি ধৰি আবেগৰে ক’লে— “মই নিশ্চয় চেষ্টা কৰিম নির্মল। চকুৰ সন্মুখত নাথাকিলেও মােৰ বুকুৰ ভিতৰৰ পৰাই তই মােক বাধা দি থাকিবি, মই জানাে।” এনেদৰে নির্মলে সিদ্ধার্থক ভুল বাটৰ পৰা আনিবলৈ চেষ্টা কৰিছিল।

প্রশ্ন ৬। “তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি; অস্বস্তিকৰ মৌনতাৰ মাজত মাথো ছটফটাবহে পাৰি”— কথাষাৰৰ অন্তর্নিহিত ভাব বিশ্লেষণ কৰা।
উত্তৰঃ কেইমাহ মানৰ পৰা নির্মলে লক্ষ্য কৰিছিল সিদ্ধার্থ গহীন, খিংখিঙীয়া আৰু বেপৰােৱা হৈ পৰিছে, বন্ধুসকলৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ লৈছে, শিক্ষকে কৰিবলৈ দিয়া ঘৰৰ কাম প্রায়েই নকৰে; — আনকি মাজে মাজে সি স্কুলে খতি কৰে। তাৰােপৰি সঘনে সি ওচৰৰ পাণ দোকানখুনলৈ যায়। পাণ দোকানলৈ সি কিয় যায় এই কথাৰ ৰহস্য এদিন নির্মলে ভেদ কৰিলে। সিদ্ধার্থক বিচাৰি গৈ নির্মলে দেখিলে – সিদ্ধার্থই চিগাৰেট ছপি আছে। এদিন নির্মলে সিদ্ধার্থক পাণ দোকানখনৰ পৰা মাতি আনি সুধিছিল– সি কিয় প্রশান্তৰ বেগৰ পৰা টকা চুৰি কৰিলে, কিয় সি চিগাৰেট হুপিবলৈ লৈছে? ইয়াৰ কোনাে
উত্তৰ সিদ্ধার্থই নির্মলক দিব পৰা নাছিল। নির্মল আছিল সিদ্ধার্থৰ অতি আপােন বন্ধু। তাৰ পৰা কোনাে উত্তৰ নাপাই নির্মলে পুনৰ তাক কৈছিল—“তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ।” সিদ্ধার্থই নির্মলৰ এই কথাৰ উত্তৰ নিদি ততাতৈয়াকৈ বাছত উঠি আঁতৰি গ’ল। ইয়াৰ পিছত সিদ্ধার্থ এসপ্তাহমান বিদ্যালয়লৈ যােৱা নাই যাবলৈ তাৰ সাহস হােৱা নাই। নির্মলৰ কথাষাৰ তাৰ যন্ত্রণাদগ্ধ বুকুৰ মাজত বাজি শান্তিৰ সংগীত হৈ ৰৈছে। এইষাৰ কথা ক’ব পৰা মানুহ তাৰ জীৱনৰ পৰা বহুদূৰলৈ গুচি গ’ল। মহেন্দ্র মাষ্টৰৰ কৰ্কশকঠোৰ বাক্যবাণৰ মুখামুখি হােৱা যেন সহজ —তাৰ দৰে বেপৰােৱা উদণ্ড লৰা এজনৰ বাবে চকুত চকু থৈ সেই আক্রমণৰ প্রত্যুত্তৰ দিয়াও সহজ; কিন্তু নির্মলৰ দৰে তাৰ প্রতি অতিপাত ভাল পােৱা অন্তৰঙ্গ বন্ধু এজনৰ মুখামুখি হােৱা সহজ
নহয়। তাৰ দৰেল’ৰাৰ কথাৰ উত্তৰ দিব নােৱাৰি, নিজৰ অন্তৰৰ সকলাে কথা খুলি ক’বলৈ সাহস গােটাব নােৱাৰি, নিজকে অতি হীন বুলি অনুভৱ কৰি অতি অস্বস্তিকৰভাৱে সি মনে মনে থাকিব লগা হ’ল। খুলি ক’ব নােৱৰা বেদনাত সি ছটফটাই থাকিল।

অসমীয়া Class 9

প্রশ্ন ৭। “হাঁহিব নােৱাৰি, খেলিব নােৱাৰি, শুব নােৱাৰি—ইমানেইতীব্র সেইশূন্যতাৰভাৰ-দুখৰ দাহন” —কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা।
উত্তৰ সমনীয়া বন্ধুৰ লগত সদায় হাঁহি-ধেমালি কৰি থকা সিদ্ধার্থ যেতিয়া মাক- দেউতাকৰ অনবৰতে লাগি থকা কাজিয়া, চিঞৰ বাখৰ, গালি-গালাজবােৰ নীৰবে শুনি আছিল আৰু অৱশেষত দেউতাকে এদিন সিহঁতক এৰি আঁতৰি গুচি গ’ল,—তাৰ পিছতাে সি মাকৰ পৰা পাব লাগা মখিনিও নােপােৱা হ’ল, সি হৈ পৰিল গহীন, খিংখিঙীয়া, বেপৰােৱা, বন্ধুৰ পৰা আঁতৰি শ্ৰেণীত পিছফালে বহিবলৈ ধৰা এজন অকলশৰীয়া ল’ৰা। ইয়াৰ পিছত দেউতাকে সপ্তাহ-পষেকৰ মূৰে মূৰে আহি তাক স্কুল ছুটীৰ পিছত লগ ধৰি চকলেট আদি দিছিল। তথাপি সি শান্তি পােৱা নাছিল। অকলশৰীয়াভাৱে এন্ধাৰ কোঠাত সােমাই বিছনাত পৰি থাকে। উজাগৰ ৰাতিবােৰত তাৰ চকুৰ পানী শুকাই গৈছিল, মচি দিব পৰাকৈ মাকৰ কোমল হাত দুখনতাে সি অভাৱ অনুভৱ কৰিছিল। দেউতাকে দিয়া
চকলেটবাৰৰ কাগজবােৰ তাৰ পেঞ্চিল বক্সত ভৰাই থওঁতে বঅটো ভৰি গৈছিল। আনহাতে তাতকৈও সােনকালে ভৰি পৰিছিল তাৰ বুকুখন অসহনীয় শূন্যতাৰে। সেই শূন্যতাৰ ভাৰ- দুখৰ দহন ইমানেই তীব্রতৰ আছিল যে সি হাঁহিব নােৱাৰে, শুব নােৱাৰে, খেলিব নােৱাৰে। অসহনীয়া বেদনা আৰু শূন্যতাই সিদ্ধার্থক অস্থিৰ কৰি তুলিছিল।

প্রশ্ন ৮। সিদ্ধার্থই কিহৰ তাড়নাত মাকৰ খাৰুষােৰ চুৰি কৰিছিল আৰু তাৰ কিয় অন্তর্দহন হৈছিল—বুজাই লিখ।
উত্তৰঃ অশান্ত মনৰ দুখ-বেদনা, হতাশা আঁতৰাবলৈ পাণ দোকানীজনৰ কুপৰামর্শ ক্রমে সিদ্ধার্থই চিগাৰেট হুপিবলৈ আৰম্ভ কৰিছিল। সি অনুভৱ কৰিলে নিষিদ্ধ ড্ৰাগছ খালে সি মনত আৰু শান্তি পাব। সেয়ে ড্ৰাগছ ব্যৱহাৰ কৰাৰ প্ৰবল তাড়নাতে টকাৰ অভাবী সিদ্ধার্থই মাকৰ খাৰু যােৰ চুৰি কৰিছিল। খাৰুযােৰ চুৰি কৰি মনে মনে গৈ ড্ৰাগছৰ কাৰণে পাণ দোকানীজনৰ হাতত তুলি দিয়াৰ সময়তে সিহঁতৰ ঘৰত কাম কৰি থকা ছােৱালীজনীক চুৰি কৰাৰ সন্দেহত পুলিচে লকআপত ভৰাই থলে নি। বেচেৰী ছােৱালীজনীৰ কথা ভাবি অন্তৰ্বন্দ্ব হৈছিল তাৰ। ছােৱালীজনীৰ কৰুণ মুখখনি আৰু নিচাৰ প্রতি তীব্র আসক্তি- এই সকলােবােৰৰ টনা-আজোৰাৰ মাজেৰে এটা বিনিদ্র ৰাতি পাৰ কৰি এসময়ত সি অনুভৱ কৰিছিল—তাৰ ভিতৰৰ আচল মানুহটোৰ ইতিমধ্যে মৃত্যু হৈছে।

See also  মানৱ বন্দনা কবিতা Class 9 প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ

প্রশ্ন ৯। “আচলতে মন গ’লেই সুখী হ’ব পাৰি জান।”— কি প্রসংগত নির্মলে। সিদ্ধার্থক এনেদৰে কৈছিল—বুজাই লিখা।
উত্তৰঃ সিদ্ধার্থই তাৰ মনৰ সকলাে দুখ আৰু হতাশাৰ কথা, ইয়াৰ পৰা পৰিত্ৰাণ পাবলৈ সি নিচাসক্ত হােৱাৰ কথা, ড্ৰাগছ সেৱন কৰা, এইবােৰ খাবলৈ অভাৱত পৰি পইচা চুৰি কৰাৰ কথা— এই সকলাে তাৰ অন্তৰংগ বন্ধু নির্মলক মন খুলি ক’লে। ইয়াৰ পিছতে সি হুমুনিয়াহ কাঢ়ি ক’লে সি হয়তাে ড্রাগছ সেৱন কৰি তাৰ মৰণ মাতিছে। তেতিয়া নির্মলে তাক এনেদৰে ভাগি নপৰিবলৈ বাৰে বাৰে বুজনি দি মনটো ডাঠ কৰিবলৈ সাহস দিলে। নির্মলে বুজনি দি তাক কৈছিল— “আচল কথা কি জান? মনটো! তই কৈছিলি জীৱনটোৱে তােক প্রবঞ্চনা কৰিলে। জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্রবঞ্চনা নকৰে।” মন গ’লেই প্ৰকৃতিৰ সকলাে বস্তুকে ভাল পাব পাৰি।এইবােৰ ভাল পােৱা মানুহ কেতিয়াও অকলশৰীয়া নিঃস্ব নহয়, শূন্য নহয়। নির্মলে কৈছিল—
“আচলতে মন গ’লেই সুখী হ’ব পাৰি জান।” নির্মলে বুজাইছিল গল্প, উপন্যাস লিখিব নাজানিলেও মন গ’লেই তাক পঢ়ি তৃপ্ত হ’ব পাৰি, গান গাৰ নাজানিলেও মন গ’লেই গান শুনি অন্তৰত অপাৰ আনন্দ লাভ কৰিব পাৰি। আচল কথা হল- মন। মন কৰিলে অন্তৰত সকলে হতাশ, দুখ-বেদনা আঁতৰ কৰি জীৱনটো সুন্দৰ কৰি তুলিব পাৰি।

যুজ Class 9 Question Answer

প্রশ্ন ১০। ব্যাখ্যা কৰা

(ক) নােপােৱা মৰম পােৱাৰ আশাই যেন তাক দুর্বল আৰু অভিমানী কৰে।
উত্তৰঃ উদ্ধৃত কথাফাকি ড° মৃণাল কলিতাৰ যুঁজ’ নামৰ গল্পটিৰ অন্তৰ্গত। পিতৃ- মাতৃৰ মৰমৰ পৰা বঞ্চিত হৈ আৰু বন্ধুৰ পৰা আঁতৰি সিদ্ধার্থৰ মনৰ অৱস্থা কেনে হৈছিল, তাকেই এই কথাফাকিৰ দ্বাৰা বুজাবলৈ চেষ্টা কৰা হৈছে। সিদ্ধার্থ বুজা হােৱাৰ পৰাই দেখিছিল মাক-দেউতাকৰ দুর্বদেল কাজিয়া, চিঞৰ-বাখল, গালি-গালাজ। হঠাৎ এদিন দেউতাকে সিহঁতক এৰি গুচি গ’ল। মাকেও তাৰ প্রতি মনােযােগ। নিদিয়া হ’ল। ইয়াৰ দুখতে লগৰীয়াৰ পৰা পইচা চুৰি কৰি চিগাৰেট মুপিবলৈ ধৰিলে। ইয়াৰ ফলত লগ সংগৰ পৰাও সি আঁতৰি থাকিব লগীয়া হ’ল। সিহঁতৰ সংগলৈ আহিবলৈ সিদ্ধার্থৰ সাহস নহল। তাৰ আপােন বন্ধু নির্মলেও তাৰ কি হৈছে জানিবৰ বাবে তাক বিচাৰি ফুৰিছে যদিও তাৰ পৰাও সি আঁতৰি আঁতৰি ফুৰিছে। তথাপি তাৰ অন্তৰখনে মৰম বিচাৰে, সংগ বিচাৰে। সি অনুভৱ কৰিছে সি যেন সকলােৰে পৰা আঁতৰি গৈ, সকলােৰে মৰম চেনেহৰ পৰাও যেন সি আঁতৰি থাকিবলগীয়া হৈছে। সেই কাৰণ সেই নােপােৱা মৰম পােৱাৰ আশাই তাক প্ৰায়ে দুর্বল আৰু অভিমানী কৰি তুলিছিল।

(খ) মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতাে হয়তাে কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য।
উত্তৰঃ উদ্ধৃত কথাফাকি ড° মৃণাল কলিতা ৰচিত ‘যুঁজ’ গল্পটি অন্তর্গত। সিদ্ধার্থই যে বেয়া তথা ঘৃণনীয় কাম কৰিছে এইটো সত্য, এই সত্য কামটোৰ আঁৰত
যে তাৰ এক কৰুণ সত্য কাহিনী সােমাই আছে এইটোও সত্য— এই কথা ক’বলৈকে এনেদৰে কোৱা হৈছে। সিদ্ধার্থই লগৰীয়াৰ বেগৰ পৰা পইচা চুৰি কৰা, মা খাৰু চুৰি কৰা ইমান কম বয়সীয়া ল’ৰা এটাই চিগাৰেট হুপিবলৈ ধৰা, ড্ৰাগছ আসক্ত হােৱা, শিক্ষকৰ চকুলৈ চাই টান কথা কোৱা আদি অতি ঘৃণনীয় কাম। এই ঘৃণনীয় কাম যে সি কৰিছিল ই সত্য। কিন্তু সত্য ঘৃণনীয় কাম কৰাৰ আঁৰত তাৰ যে এটা কৰুণ কাহিনী আছে এই কথাও সত্য। সি বুজা হােৱাৰ পৰাই দেখি আহিছিল মাক দেউতাকৰ দুৰ্বাদল জিয়া, চিঞৰ বাখৰ গালি-গালাজ। সি বিব্রত আৰু হতাশ হৈ পৰিছিল। তাৰ পিছত সিহঁতক এৰি দেউতাক ক’ৰবালৈ গু যােৱাত, মাকৰ পৰাও পাবলগীয়া মৰম চেনেহ নােৱৰাত সি চাৰিওফালে কেৱল হতাশা আৰু শূন্যতাই দেখিবলৈ পালে। সেই কাৰণেই সি শান্তি পাবলৈকেই পাণ দোকানীজনৰ কু-পৰামৰ্শকে ভাল বুলি ভাবি এইবােৰ ঘৃণনীয় কাম কৰিছিল।

(গ) পাৰ লগীয়া মমবােৰ হেৰুৱাই এখন ভাগি যােৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্রোহী অথচ কৰুণ চিত্র।
উত্তৰঃ উদ্ধৃত কথাফাকি ড’মৃণাল কলিতা ৰচিত যুঁজ’ গল্পটিৰ অন্তার্ত। এই কথাফাকিৰে সিদ্ধার্থৰ এক করুণ চিত্র দাঙি ধৰা হৈছে। সিদ্ধার্থ বুজন হােৱাৰ পৰা দেখিছিল মাক-দেউতাকৰ মাজত দুর্বাদল কাজিয়া, চিঞৰ- বাখৰ, গালি-গালাজ। তাৰ পিছতেই দেউতাকে সিহঁতক এৰি ক’ৰবালৈ গুচি গ’ল, যদিও সপ্তাহে পষকে স্কুল ছুটীৰ পিছত আহি তাক দেউতাকে লগ ধৰি চকলেট খাবলৈ দি যায়হি। সি ত একেবাৰে আশ্বস্ত নহয়। আনহাতে মাকৰাে তাৰ প্রতি মৰম আৰু মনােযােগ কমি গৈছিল। মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ সি বৰ হতাশাত, মনােবেদনাত ভুগিছিল। সি হৈ পৰিছিল বেপৰােৱাভাৱে আক্রমাত্মক। হয়তাে মাকৰ বিৰুদ্ধেও আছিল তাৰ তীব্র আক্রোশ। সি পাবলগীয়া মৰমবোেৰ হেৰুৱাই সিহঁতৰ ভাগি যােৱা সংসাৰখনত সি হৈ পৰিছিল এটা বিদ্রোহী চৰিত্ৰ। হলেও তাৰ এই বিদ্রোহী চৰিত্ৰত এক কৰুণ চৰিত্রও সােমাই আছে তাৰ কৰুণ অৱস্থাটোৰ কাৰণে।

(ঘ) সকলাে মানুহৰেই জীৱনৰােৰ একো একোখন যুঁজ।
উত্তৰঃ উদ্ধৃত কথাফাকি ড” মৃণাল কলিতা ৰচিত ‘খুঁজ’ গল্পটিৰ অন্তৰ্গত। প্রতি মানুহেই যে জীৱনটো সুন্দৰ কৰি চলাই যাবলৈ কঠোৰ সংগ্ৰাম বা যুঁজ কৰিবলগীয়া হয় এই কথাকে ভুল পথেৰে বাট বুলি জীৱনটোৰ প্রতি বিশ্বাস হেৰুওৱা সিদ্ধার্থক নির্মলে কৈছিল। মাক-দেউতাকৰ মৰমৰ পৰা বঞ্চিত হৈ একেবাৰে ভাগি পৰা সিদ্ধার্থই নিচাসক্ত হৈ শান্তি পােৱাৰ উদ্দেশ্যে পইচা চুৰি কৰা, মাকৰ খাৰু চুৰি কৰা আদি ঘৃণনীয় কামবােৰ কৰিছিল। সি হতাশাত ভুগিছিল, খিংখিঙীয়া, গহীন, বেপৰােৱা হৈছিল। জীৱনটোৱে তাক বঞ্চনা কৰা বুলি ভাবিছিল। তেতিয়া তাৰ অন্তৰংগ আপােন বন্ধু নির্মলে তাক বুজাইছিল— জীৱনে কাকো বঞ্চনা নকৰে। মনটো ডাঠ কৰিলে জীৱনটো পুনৰ সুন্দৰ কৰিব পাৰিব। জীৱনটো চলাই যাবলৈ প্ৰতিজন মানুহেই যুঁজ কৰে, কঠোৰ সংগ্রাম কৰে। মন দৃঢ় হ’লে ডাঠ হ’লে এই যুঁজত কোনাে নাহাৰে। প্ৰতিজন মানুহৰ যুঁজ বেলেগ বেলেগ হ’ব পাৰে। নির্মলে কৈছিল সিয়াে তাৰ হৈ থকা জটিল ৰােগ এটাৰ লগত যুঁজি আছে। গতিকে নিৰাশ নহৈ, হতাশ নহৈ সিদ্ধার্থক ভাল পথ লবলৈ নির্মলে সাহস দিছিল।

See also  সন্মান Class 9 Assamese Lesson 16 Question Answer

প্রশ্ন ১১। যুঁজ’ গল্পটোৰ শিৰােনামৰ তাৎপর্য বুজাই লিখা।
উত্তৰ ঃ যুঁজ গল্পটোত এজন নিচাসক্ত কিশােৰৰ মনৰ জগতখন চিত্রিত কৰা হৈছে। সিদ্ধার্থ নামৰ সংবেদনশীল কিশােৰজনে পাৰিবাৰিক কাৰণত নিঃসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে। কিন্তু সেই অন্ধকূপৰ কৰা ওভতাই আনিবলৈ তাৰ আপােন বন্ধু নির্মলে অহৰহ চেষ্টা কৰিছে, যুঁজ কৰিছে। নির্মলৰ মৰম আৰু বন্ধুৰ প্ৰতি থকা দায়িত্ববােধে সিদ্ধার্থক পােহৰৰ বাট দেখুৱাইছে, সংভাৱে, সৎপথত জীয়াই থাকিবৰ বাবে মন ডাঠ কৰি যুঁজিবলৈ সিদ্ধার্থক সাহস আৰু প্ৰেৰণা দিছে। নিচাসক্তি এখন যুঁজব দৰে। নিজৰ বিৰুদ্ধে যুঁজি মানুহে ইয়াৰ পৰা মুক্ত হ’ব পাৰে। সকলাে মানুহৰেই জীৱনটো এখন যুঁজৰ দৰে, এই কথা গল্পটোত প্রতিপন্ন কৰিব বিচাৰিছে। গল্পটোত নির্মলেও যুঁজিছে নিজৰ জটিল ৰােগৰ বিৰুদ্ধে। হৰা-জিকা পিছৰ কথা, – কিন্তু যুঁজিবই লাগিব— এই বার্তা গল্পটোৱে দিব। বিচাৰিছে। এই কাৰণে গল্পটিৰ শিৰােনাম ‘যুঁজ’ সঠিক হৈছে।

যুজ Class 9 Question Answer

প্রশ্ন ১২। ব্যাসবাক্যসহ সমাসৰ নাম লিখা-
মৃত্যুশীতল, অসহনীয়, অতল, অমীমাংসিত, বেপৰােৱা, অচিনাকি।
উত্তৰ ঃ
মৃত্যুশীতল মৃত্যুৰ দৰে শীতল – কর্ম ধাৰয় সমাস।
অসহনীয়। যাক সহিব নােৱাৰি — বহুব্রীহি সমাস।
যাৰ তল নাই (নাই তল যাৰ) – বব্রীহি সমাস।
অমীমাংসিত নাই মীমাংসা যাৰ — বহুব্রীহি সমাস।
বেপৰােৱা যিয়ে পৰােৱাই নকৰে — বহুব্রীহি সমাস।
অচিনাকি নাই চিনাকি যাৰ — বহুব্রীহি সমাস।

প্রশ্ন ১৩। বাক্য ৰচনা কৰা-
উজাগৰ, অবাধ্য, অৱলম্বন, খেকুটা, অতল
উজাগৰ →গােটেই নিশাটো উজাগৰে থাকি সি কামটো কৰিলে।
অবাধ্য →পিতৃ-মাতৃৰ কোনাে কথাতে সন্তান অবাধ্য হ’ব নালাগে।
অৱলম্বন→শিক্ষা গুৰুৰ সজ উপদেশক অৱলম্বন কৰি জীৱন গঢ়িবা।
খেকুটা →আনৰ বস্তুৰ প্রতি লােভ নকৰি সিবােৰক খেৰকুটা হেন জ্ঞান কৰিবা।

প্রশ্ন ১৪। সমার্থক শব্দ লিখা—
নীৰৱতা, বিষাদ, প্রস্তৰ, একাকীত্ব, আন্ধাৰ।

উত্তৰ নীৰৱতা ↔নিস্তব্ধতা।
বিষাদ↔বেজাৰ, দুখ।
প্রস্তৰ ↔পাথৰ, শিল।

নিঃসংগ↔ অকলশৰীয়া।
আন্ধাৰ ↔তমসা,   নিশা

যুজ Class 9 Question Answer

প্রশ্ন ১৫। ড’ মৃণাল কলিতাৰ যুঁজ’ গল্পটোত ড্ৰাগছ আসক্ত মানুহৰ প্রতি কেনে ধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা।
উত্তৰঃ ড’ মৃণাল কলিতাৰ যুঁজ’ গল্পটো ড্ৰাগছ আসক্ত মানুহৰ প্রতি মানৱীয় সঁহাৰি দেখুওৱা হৈছে। গল্পটোৰ মূল চৰিত্ৰ কিশােৰ সিদ্ধার্থই পাৰিবাৰিক অশান্তিৰ কাৰণে ড্রাগছৰ আশ্ৰয় লৈ শান্তি পােৱাৰ সলনি এক অন্ধকূপ জগতলৈ গতি কৰাত তাৰ আপােন বন্ধু নির্মলে তাক ঘিণ নকৰি, তাক এৰাই চলি অথবা দাবী ধমকনি নিদি, গালি-গালাজ নকৰি তাক সেই ভুল পথৰ পৰা উদ্ধাৰ কৰিবলৈ অতি মৰম আৰু বুজিবলৈ চেষ্টা কৰিছে। নির্মলৰ আন্তৰিক প্ৰচেষ্টাত এক মানৱীয়তা প্রকাশ পাইছে। সেই কাৰণেই ইমান গহীন, খিংখিঙীয়া, বেপৰােৱা হৈ পৰা সিদ্ধার্থ বােলা কিশােৰজন নির্মলৰ বুজনিত এটা শান্ত ল’ৰাৰ দৰে সকলাে কথা মনােযােগেৰে শুনিছে, – ভাল হ’বলৈ, ড্ৰাগছ এৰিবলৈ সি। চেষ্টা কৰিব বুলি নির্মলক কথা দিছে। মৰম-চেনেহ আন্তৰিকতা আদি মানৱীয় গুণেৰে যে দুর্দান্ত আৰু অসৎ মানুহকো বশ কৰিব পাৰি এই কথা গল্পটিত দেখুওৱা হৈছে।

প্রশ্ন ১৬। নিচাসক্ত মানুহৰ প্ৰতি থকা মানৱীয় সঁহাৰি কেনেধৰণৰ হ’ব লাগে নিজৰ কথাৰে লিখা।
উত্তৰ নিচাসক্ত মানুহৰ প্রতি কেতিয়াও ঘৃণনীয় ভাব, বা তেনে মানুহক এৰাই ফুৰাৰ ভাবলব নালাগে। তেনে নিচাসক্ত মানুহৰ নিজৰ আঁৰত নিশ্চয় কৰুণ কাৰণ থাকিব পাৰে যাৰ কাৰণে সি বিব্রত হৈ নিচাসক্ত হৈছে। গতিকে নিচাসক্ত মানুহক মৰম সহানুভূতিৰে ওচৰ চপাই মানৱীয় দৃষ্টিভংগীৰে বাৰে বাৰে চাক্ষুষ উদাহৰণ কিছুমান দাঙি ধৰি বুজাব লাগে, ধর্মীয় অনুষ্ঠানবােৰত, আলােচনাবােৰত লগত লৈ গৈ বৃহুৱাই সেইবােৰ শুনােৱাৰ ব্যৱস্থা কৰিব লাগে, যিবােৰ কাৰণত নিচাসক্ত হ’বলৈ বাধ্য কৰাইছে– সেইবােৰ নিৰাময়ৰ চেষ্টা কৰিব লাগে। ঘৃণাই বা ডাবি-ধমকনিয়ে কোনাে সমস্যাৰ সমাধান নকৰে। সকলাে
মানুহেই মৰম-চেনেহৰ বশ; নিচাসক্ত মানুহ বশ কিয় নহ’ব? এনেদৰে মানৱীয় সঁহাৰি দিলে নিচাসক্ত মানুহ নিজৰ পৰা আঁতৰি শুদ্ধ পথলৈ আহিব।

প্রশ্ন ১৭ চমু উত্তৰ লিখা ?

(ক) যুঁজ’ গল্পটিৰ লেখক কোন?
উত্তৰ ড° মৃণাল কলিতা।
(খ) ড° মৃণাল কলিতাৰ উপন্যাসখনৰ নাম কি?
উত্তৰঃ বকুল ফুলৰ দৰে।
(গ) ড° মৃণাল কলিতাৰ এখনি গল্প পুথিৰ নাম লিখা।
উত্তৰ মৃত্যুৰ সিপাৰে।

(ঘ) “এইখন স্কুলত চোৰৰ বাবে ঠাই নাই”। কথাষাৰ কোনে কৈছিল?
উত্তৰ সিদ্ধার্থ-নির্মলহতঁৰ শিক্ষক মহেন্দ্র মাষ্টৰে।
(ঙ) “মহেন্দ্র মাষ্টৰ গর্জি উঠিল।”– কাক গর্জি উঠিল ?
উত্তৰ : সিদ্ধার্থক।
(চ) নির্মল দোকানখনৰ ফালে কিয় আগবাঢ়ি গৈছিল ?
উত্তৰ । তাৰ আপােন বন্ধু সিদ্ধার্থ দোকানখনলৈ সঘনে যােৱাৰ ৰহস্য জানিবলৈ।
(ছ)। “তােৰ লগত মােৰ কথা আছে।” – কোনে কাক কৈছিল?
উত্তৰঃ নির্মলে সিদ্ধার্থক কৈছিল।
(জ) “তােৰ কি হৈছে মােক ক’বই লাগিব সিদ্ধার্থ।”— কোনে কৈছিল ?
উত্তৰঃ নির্মলে কৈছিল।
(ঝ) মহেন্দ্র মাষ্টৰৰ কৰ্কশ কঠোৰ বাক্যবাণৰ মুখামুখি হ’ব পৰা ছাত্রজন কোন আছিল?
উত্তৰ ঃ সিদ্ধার্থ।
(ঞ) “এই বজ্জাতটো আজিও স্কুললৈ অহা নাই।” – কোনে কাৰ কথা কৈছে?
উত্তৰঃ মহেন্দ্র মাষ্টৰে সিদ্ধার্থৰ কথা কৈছে।
(ট) স্কুল ছুটীৰ পিছত চকলেট দিবলৈ সিদ্ধার্থক কোনে লগ ধৰিছিল?
উত্তৰঃ সিদ্ধার্থহতক এৰি গুচি যােৱা দেউতাকে।
(ঠ) “তুমি আৰু মােক লগ ধৰিবলৈ নাহিবা”— কোনে কাক কৈছিল?
উত্তৰঃ সিদ্ধার্থই দেউতাকক কৈছিল।
(ড) দেউতাকে দিয়া চকলেট কাগজবােৰ সিদ্ধার্থই ক’ত ভৰাই থৈছিল ?
উত্তৰঃ তাৰ পেঞ্চিল বক্সত।
(ঢ) সিদ্ধার্থই মাকৰ খাৰু যােৰ কিয় চুৰ কৰিছিল ?
উত্তৰ ড্ৰাগছ সেৱন কৰাৰ বাবে পইচা গােটাবলৈ।
(ণ) সিদ্ধার্থই মাকৰ খাৰুষােৰ চুৰ কৰি কাক দিছিল গৈ ?
উত্তৰঃ পাণ দোকানীজনক।
(ত) “শুন। কাম নাথাকিলে ইয়ালৈ আহি বিৰক্ত নকৰিবি।” কোনে কাক কৈছিল?
উত্তৰ পাণ দোকানীজনে নির্মলক কৈছিল।
(থ) “সাধু কথা শুনি খুব ভাল পাইছিলোঁ জান! পিছে সাধু ক’বলৈহে কোনাে
নাই”— কোনে কাক এনেদৰে কৈছে?
উত্তৰ সিদ্ধার্থই তাৰ আপােন বন্ধু নির্মলক কৈছে।
(দ) “সমস্যা এটাৰ পৰা পলাই নিচাসক্ত হৈ তই একো ভাল কাম কৰা নাই। বৰং নতুন সমস্যা এটাহে বঢ়াই ললি।”— কোনে, কাক কৈছিল?
উত্তৰঃ নির্মলে তাৰ নিচাসক্ত বন্ধু সিদ্ধার্থক কৈছিল।

Leave a Comment