শিশুলীলা Class 9 Question Answer Assamese নৱম শ্ৰেণী

শিশুলীলা কবিতা
শ্ৰেণী নৱম শ্ৰেণীৰ (IX)
বিষয় অসমীয়া
কিতাপৰ নাম সাহিত্য চয়নিকা
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠ শিশুলীলা
মাধ্যম অসমীয়া
পাঠ্যক্ৰম সেবা (SEBA )

শিশুলীলা Class 9 Question Answer

১। অতি চমু প্রশ্নৰ উত্তৰ লিখা:

(ক) ‘কৃষ্ণগীত গাৱন্ত সুন্দৰী’।।
—কৃষ্ণগীত গোৱা সুন্দৰীগৰাকী কোন?

উত্তৰঃ কৃষ্ণগীত গোৱা সুন্দৰী গৰাকী হল যশোদা।

(খ) ‘কৰ্ণত কুণ্ডল দোলে আতি।”
— কাৰ কৰ্ণৰ কুণ্ডলৰ কথা কৈছে?

উত্তৰঃ ইয়াত যশোদাৰ কৰ্ণত কুণ্ডলৰ কথা কোৱা হৈছে।

(গ) ‘কাম্পে কোপে অৰুণ অধৰ।”
— ইয়াত কাৰ অৰুণ অধৰৰ কথা কৈছে?

উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ অৰুন অধৰৰ কথা কোৱা হৈছে।

(ঘ) ‘মথনিত ধৰিয়া নিষেধি’।
—‘মথনি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘মথনি’ শব্দৰ অথ হল – গাখীৰ ঘুঁচিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।

ঙ) ‘নোজোড়ে আঙ্গুল দুই জৰী’—ইয়াত কাৰ জৰীৰ নাটনি হৈছে?

উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণক বান্ধিবলৈ মাক যশোদাৰ জৰীৰ নাটনি হৈছে।

(চ) ‘ৰুণ ঝুণ কেয়ূৰ কঙ্কণ’
— কাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুণ ঝুণ’ শব্দৰ কথা ইয়াত কোৱা হৈছে?

উত্তৰঃ ইয়াত যশোদাৰ কেয়ূৰ কঙ্কণৰ ‘ৰুন-ঝুণ’ শব্দৰ কথা কোৱা হৈছে।

শিশুলীলা class 9 question answer

২। শিশুলীলা’ পাঠটিত শ্রীকৃষ্ণ চৰিত্রটি এটি সাধাৰণ মানৱ শিশু হিচাপে অঙ্কিত হৈছেঃ কথাষাৰৰ সত্যাসত্য নির্ণয় কৰা।
উ : শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ কবিতাটিত কবিয়ে জগতৰ ঈশ্বৰ শ্ৰীকৃষ্ণক সাধাৰণ মানৱ শিশুৰূপে অংকিত কৰিছে। এদিনাখন যশােদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণই আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশােদাই দধি মথিবলৈ এৰি কৃষ্ণক
স্তন পান কৰাবলৈ ধৰিলে। এনতে চৌকাত দি থােৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰানমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সােমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লৱণু ছটিয়াই বান্দৰবােৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্র চৌকাৰ পৰানমাই কৃষ্ণৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়ে ভয় খােৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খােৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থােৱাৰ যাে-যা কৰিছে। এনদৰে কবিয়ে কবিতাটিত শ্রীকৃষ্ণক মানৱ শিশুৰূপে চিত্রিত কৰিছে।

৩। শংকৰদেৱ ৰচিত কীর্তন’ পুথিখনৰ বিষয়ে। পঁচিশটামান শব্দৰ ভিতৰত এটি টোকা লিখা।
উ : কীর্তনঘােষা’ নামৰ পুথিখন শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভস্বৰূপ। পুথিখনৰ মূল বিষয়বস্তু ভাগৱত গীতাৰ পৰা লােৱা হৈছে। গ্ৰন্থখনত ধ্যান বর্ণনা, অজামিল উপাখ্যান, শিশুলীলা, ৰাসলীলা, শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্রয়াণকে ধৰি ঊনত্রিশটা খণ্ড আছে। এই গ্ৰন্থখন বৈষ্ণৱপন্থী হিন্দুসকলে পবিত্র গ্রন্থ বুলি গণ্য কৰে।

৪। শিশুলীলা’ৰ অন্তর্নিহিত তত্ত্বপূর্ণ কথাখিনি তােমাৰ নিজৰ ভাষাত লিখা।
উ : এদিনাখন যশােদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশােদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনেতে চৌকাত দি থােৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰানমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সােমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লৱণু ছটিয়াই বান্দৰবােৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্র চৌকাৰ পৰানমাই কৃষ্ণৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়াে ভয় খােৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খােৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থােৱাৰ যাে-যা কৰাত কবিয়ে কৈছে যে যিজনৰ আদি অন্ত পূর্বাপৰ নাই, যিজন পূর্ণব্রহ্ম জগতৰ ঈশ্বৰ সেইজন কৃষ্ণক মাক যশােদাই পুত্ৰৰূপে কোলাত পাই মাৰিবলৈ উদ্ধত হৈছে। ভগৱানে মানৱৰূপে আবিৰ্ভাৱ হৈ মানুহৰ দৰে আচৰণ কৰাৰ লগতে যে মানুহক ভগবানৰ প্রতি আসক্তি জন্মাইছে।

শিশুলীলা question answer

৫। “নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ-ব্রহ্ম জগত ঈশ্বৰ৷৷
ইয়াত কবিয়ে কি প্রসঙ্গত, কাৰ বিষয়ে, কিয় এইদৰে কৈছে চমুকৈ লিখা।
উঃ ইয়াত কবি শ্ৰীমন্ত শংকৰদেৱে পূর্ণব্রহ্ম জগতপতি শ্রীকৃষ্ণই মাতৃস্নেহত তুষ্ট হৈ মাতৃৰ দাসত্ব স্বীকাৰ কৰা প্ৰসংগত উক্ত কথাষাৰ কৈছে।
এদিনাখন যশােদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশােদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনেতে চৌকাত দি থােৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণইঅভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সােমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লৱণু ছটিয়াই বান্দৰবােৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্র চৌকাৰ পৰা নমাই কৃষ্ণৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়াে ভয় খােৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খােৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থােৱাৰ যাে-যা কৰাত কবিয়ে উক্ত কথাষাৰ ব্যক্ত কৰি বুজাব বিচাৰিছে যে যিজনৰ আদি অন্ত পূর্বাপৰ নাই, যিজন পূর্ণব্রহ্ম জগতৰ ঈশ্বৰ সেইজন কৃষ্ণক মাক যশােদাই পুত্ৰৰূপে কোলাত পাই মাৰিবলৈ উদ্ধত হৈছে।

৬। শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ কার্যকলাপৰ এটি বিৱৰণ যুগুত কৰা।
উঃ এদিনাখন যশােদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশােদাই দধি মথিবলৈ এৰি কৃষক স্তন পান কৰাবলৈ ধৰিলে। এনতে চৌকাত দি থােৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সােমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লৱণু ছটিয়াই বান্দৰবােৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্র চৌকাৰ পৰা নমাই কৃষ্ণৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়াে ভয় খােৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খােৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থােৱাৰ যাে-যা, কৰাত কবিয়ে উক্ত কথাষাৰ ব্যক্ত কৰি বুজাব বিচাৰিছে যে যিজনৰ আদি অন্ত পূর্বাপৰ নাই, যিজন পূর্ণব্রহ্ম জগতৰ ঈশ্বৰ সেইজন কৃষ্ণক মাক যশােদাইপুত্ৰৰূপে কোলাত পাই মাৰিবলৈ উদ্ধত হৈছে।

শিশুলীলা প্রশ্ন উত্তৰ

৭। ব্যাখ্যা কৰাঃ
(ক) যাক যােগী নপাৱে ধ্যানত।
হে হৰি পলান্ত ভয়ত।।
উ : উক্ত কবিতাকি আমাৰ পাঠ্যপুথি সাহিত্য- সুবাসৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।

যিজন কৃষ্ণক পাবলৈ ঋষি-মুনিসকলে ধ্যান কৰিব লগা হয় সেইজন কৃষ্ণই মাকৰ ভয়ত পলাই ফুৰিব লগা প্রসংগত কবিয়ে উক্ত কথাষাৰ কৈছে।

কৃষ্ণক স্তন পান কৰাবলৈ এৰি দি উতলি উঠা গাখীৰৰ পাত্র নমাবলৈ যােৱাত কৃষ্ণই অভিমান কৰি গাখীৰৰ পাত্র ভাঙি লৱণু চুৰ কৰি খাবলৈ লােৱাত মাক যশােদাই এছাৰি এডাল লৈ মাৰিবলৈ যােৱাত কৃষ্ণই দৌৰি পলাই ফুৰিব লগা হয়। ইয়াকে দেখি কবিয়ে কৈছে যিজন কৃষ্ণক ঋষি-মুনিসকলে ধ্যান কৰিও পাব নােৱাৰে সেইজন কৃষ্ণই মানৱ সন্তানৰূপে আবিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিব লগাত উক্ত কথাষাৰৰ জৰিয়তে শ্ৰীকৃষ্ণৰ শিশুলীলাৰ চিত্র অংকিত হােৱাৰ লগতে শ্ৰীকৃষ্ণৰ মাতৃভক্তি প্রকাশ পাইছে।

(খ) তাহাঙ্ক তনয় মানি বলে।
যশােদা বান্ধন্ত উড়ুখলে ৷৷
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি “সাহিত্য- সুবাসৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘ শিশুলীলা’নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। জগতৰ ঈশ্বৰ পূর্ণব্রহ্ম কৃষ্ণক যশােদাই পুত্ৰৰূপে কোলাত পাই লৱণু নষ্ট কৰা অপৰাধত কেনেদৰে মাৰিবলৈ উদ্ধত হৈছে তাকে প্রকাশ কৰিবলৈ কবিয়ে উক্ত কথাষাৰ ব্যক্ত কৰিছে।

লগতে পঢ়ক:   Class 9 Assamese (মর্মান্তিক) Question Answer

কৃষ্ণক স্তন পান কৰাবলৈ এৰি দি উতলি উঠা গাখীৰৰ পাত্র নমাবলৈ যােৱাত কৃষ্ণই অভিমান কৰি গাখীৰৰ পাত্র ভাঙি লৱণু চুৰ কৰি খাবলৈ লােৱাত মাক যশােদাই এছাৰি এডাল লৈ মাৰিবলৈ যােৱাত কৃষ্ণই দৌৰি পলাই ফুৰিব লগা হয়। ইয়াকে দেখি কবিয়ে কৈছে যিজন কৃষ্ণক ঋষি-মুনিসকলে ধ্যান কৰিও পাব নােৱাৰে সেইজন কৃষ্ণই মানৱ সন্তানৰূপে আবিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিব লগা হৈছে। এয়া স্বয়ং ভগৱানৰে লীলাখেলা। মানুহে ইয়াৰ তত্ত্ব সহজে বুজিব নােৱাৰে।

(গ) গােবিন্দে মাৰৰ শ্ৰম দেখি,
ৰহিল কান্ত মুদি আখি।
উঃ উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি সাহিত্য- সুবাস’ৰ অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। মাক যশােদাই খেদি গৈ ধৰিব নােৱাৰি ভাগৰি পৰাত কৃষ্ণই কেনেদৰে মাকৰ ওচৰত ধৰা দিছে সেয়া কবিয়ে উদ্ধৃত কবিতা ফাকিৰ মাজেদি প্ৰকাশ কৰিছে। কৃষ্ণক মাতৃ যশােদাই স্তন পান কৰাবলৈ এৰি দি উতলি উঠা গাখীৰৰ পাত্ৰ নমাবলৈ যােৱাত কৃষ্ণই অভিমান কৰি গাখীৰৰ পাত্র ভাঙি লৱণু চুৰ কৰি খাবলৈ লােৱাত মাক যশােদাই এছাৰি এডাল লৈ মাৰিবলৈ যােৱাত কৃষ্ণই দৌৰি পলাব লগা হয়। কৃষ্ণক খেদি খেদি মাক যশােদা ভাগৰি পৰাত কৃষ্ণই ধৰা দিবলৈ চকু মুদি কান্দি থাকিল।। মনুষ্যৰ সন্তানৰূপে জন্ম গ্রহণ কৰিও কৃষ্ণ যে পৰম কৰুণাময় আৰু মাতৃভক্তি পৰায়ণ সেয়া
পদফাকিৰ জৰিয়তে প্রকাশ পাইছে।

৮। মহাকোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই লৱণু ভূঞ্জন্ত।।
কোনে অতি খঙত কোঠাত সােমাইছিল ? তেওঁ কিয় লৱণুবােৰ চাৰিওফালে ছটিয়াই খাইছিল বুজাই লিখা।
উ : শিশু কৃষ্ণই অতি খঙত লৱণু চোৰ কৰি খাবলৈ কোঠাত সােমাইছিল। এদিনাখন যশােদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশােদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনতে চৌকাত দি থোৱা গাখীৰ উতলি
উঠাত কৃষ্ণক কোলাৰ পৰা নমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এইকথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সােমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লৱণু ছটিয়াই বান্দৰবােৰকো খাবলৈ দিলে।

শ্রীকৃষ্ণ শিশুলীলা

ভাষা বিষয়ক

প্রশ্ন ১০ তলৰ শব্দবোেৰৰ এটা বা দুটাকৈ সমার্থক শব্দ লিখা
কর্ণ, অৰুণ, দধি, বস্ত্র, বদন, লৱণু, কোপ, দর্শন, দুগ্ধ, ঈশ্বৰ।
উত্তৰঃ
কর্ণ  – কাণ।
অৰুণ -সূর্য, ৰবি,তপন।

দধি– এৱা গাখীৰ, ক্ষীৰ।
বস্ত্র – কাপােৰ, পােচাক।
বদন —মুখ, বয়ন।
লৱণু —মাখন, ননী, নৱনীত।
কোপ —খং, ৰাগ, ক্রোধ।
দশন —দাঁত, দন্ত।
দুগ্ধ – দৈ গাখীৰ।
ঈশ্বৰ—পৰমাত্মা, পৰমপুৰুষ।
প্রশ্ন ১১। তলৰ পুৰণি শব্দবােৰৰ আধুনিক ৰূপ দিয়া ।
তাহাঙ্ক, নােজোৰে, খসি, ৰহিল, আসি, ভৈল, আসন্ত, শিলায়ে, কাম্পে, মাৱক।
উত্তৰঃ তাহাঙ্ক — তাক।
ভৈল– হ’ল।

নােজোৰে — নাটে।
খসি— খহি।
শিলায়ে – শিলেৰে ।
ৰহিল —ৰ’ল।
কাম্পে —কাপে।
আসি—আহি।
মাৱক -মাকক।

প্রশ্ন ১২। তলৰ শব্দকেষ্টাত কি কি কাৰণত মূর্ধণ্য ‘ণ আৰু মূর্ধণ্য ষ’ হৈছে বুজাই লিখা।
অৰুণ, কঙ্কণ, কর্ণ, ভাণ্ড, নিষেধি।
উত্তৰঃঅৰুণ = ‘ৰ’ ৰ পিছত স্বৰবৰ্ণৰ ব্যৱধান থাকিলেও মূর্ধণ্য ‘ণ হয় কাৰণে ‘অৰুণ’ শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
কঙ্কণ = স্বাভাৱিকতে এই শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
কর্ণ = ৰ’ৰ পিছত ন মূর্ধণ্য ‘ণ’ হয় কাৰণে এই শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
ভাণ্ড = ‘ট’ বৰ্গৰ আখৰৰ লগত যুক্ত হােৱাৰ কাৰণে এই শব্দত মূর্ধণ্য ‘ণ’ হৈছে।
নিষেধি = স্বাভাৱিকতে এই শব্দত মূর্ধণ্য ষ’ হৈছে।

প্রশ্ন ১৩। পাঠটোত থকা অসমাপিকা ক্রিয়া শব্দ পাঁচোটা ৰাছি উলিওৱা।
উত্তৰঃপাঠটোত থকা অসমাপিকা ক্রিয়া শব্দৰ ভিতৰত পাঁচোটা হল-
আসি (আহি), দেখন্তে (দেখি), পশি (সােমাই), বসি (বহি), দেখিয়া (দেখি)।

নৱম শ্ৰেণীৰ অসমীয়া শিশুলীলা

(অতিৰিক্ত প্রশ্নোত্তৰ)

২। শিশুলীলা’ পাঠটিত ফুটি উঠা শ্ৰীকৃষ্ণৰ মানৱীয় ৰূপৰ বিষয়ে নিজৰ ভাষাৰে লিখা। অথবা, ‘শিশুলীলা’ পাঠটিত শ্রীকৃষ্ণ চৰিত্রটি এটি সাধাৰণ মানৱ শিশু হিচাপে অঙ্কিত হৈছে।”—কথাষাৰৰ সত্যাসত্য নির্ণয় কৰা।
উত্তৰঃ ভগৱান শ্রীকৃষ্ণই সাধাৰণ মানৱ শিশুৰূপত দৈবকীৰ গৰ্ভত জনম লৈ যশােদাৰ পুত্ৰৰূপে লালিত-পালিত হৈছে। মাজে মাজে প্রয়ােজন বােধে নিজত ঐশ্বৰিক মাহাত্ম্য প্রকাশৰ বাহিৰে শিশু কালত প্ৰায়বােৰ কামতে এজন সাধাৰণ মানৱ শিশুৰ আচৰণ তথা চৰিত্র প্রকাশ পাইছে।

শিশুলীলা’ পাঠটিত যশােদাই দধি মথি থাকোতে সর্বসাধাৰণ শিশুৱে মাকে কাম কৰি থকা অৱস্থাত আহি স্তন পিবলৈ মাকক অমনি কৰাৰ দৰে, কামত বাধা দিয়াৰ দৰে শিশু শ্রীকৃষ্ণয়াে আহি মাক যশােদাৰ মথনি বাৰিত ধৰি স্তন পিবলৈ আমনি কৰিছে। মা যশোদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পিয়াইছে। কিন্তু এনেতে চৌকাত বহাই থােৱা গাখীৰ উতলি অহাত স্তন পিওৱা আধাতে এৰি গাখীৰ নমাবলৈ গ’ল। সম্পূর্ণ হােৱা নােহােৱাকৈ কেচুৱাক মাকে এৰি দিলে সকলাে ৱােৰে ঝাই উঠে | খঙত কন্দা কটা কৰাৰ উপৰিও হাতত যাকে পায় তাকে দলিয়াই কেতিয়াবা কোনাে বস্তুৰ অনিষ্ট কৰে।

শিশু শ্ৰীকৃষ্ণৰ ক্ষেত্ৰটো সেয়াই হৈছিল। সাধাৰণ মানৱ শিশুৰ দৰে মাক যশােদা তেনেকৈ গুচি যােরাত বৰ খং উঠিল আৰু শিল মাৰি গাখীৰ ভাণ্ড ভাঙি পেলালে। লৱণু মনে মনে খাই বান্দৰকো খাবলৈ দিলে। যশােদাই ঘূৰি আহি শ্ৰীকৃষ্ণৰ এই কাণ্ড দেখি তেওঁৰে খং উঠিল আৰু হাত মাৰি। এডাল লৈ মাৰিবলৈ খেদি গ’ল। সাধাৰণ মানৱ শিশুৰ দৰে ভয়তে শ্রীকৃষ্ণয়াে ইফালে সিফালে দৌৰিবলৈ ধৰিলে। অৱশেষত মাকৰ দুখ দেখি ভয়ে ভয়ে কনামুৱা হৈ এঠাইত থিয় হৈ থাকিল। মাকে নামাৰি আৰু যাতে আহি তেওঁক দিগদাৰী দিব নােৱাৰে তাৰে ব্যৱস্থা কৰিবলৈ তেওঁক উড়লত বান্ধি থবৰ কাৰণে ৰচিৰে মেৰাই মেৰাই বান্ধিলে যদিও মাত্র দুআঙুল ৰচিয়ে তেওঁক বান্ধিবলৈ নাটিলে। এইবােৰ কার্য সাধাৰণ মানৱ শিশু আৰু মাকৰ আচৰণ আৰু কার্যকলাপত সচৰাচৰ দেখা যায়, যিবােৰ শিশু শ্রীকৃষ্ণ আৰু মাক যশােদাৰ ক্ষেত্ৰত দেখা গেছে। শ্রীকৃষ্ণক বান্ধিবলৈ জৰি ফেৰা লগায়াে দুআঙুল জৰিয়ে নাটা কথাত এক ঐশ্বৰিক মাহাত্ম দেখুৱালেও সমস্ত কার্যকলাপ তেওঁ সাধাৰণ মানৱ শিশুৰ দৰেই প্রকাশ পাইছে।

প্রশ্ন ৩। শংকৰদেৱ ৰচিত কীৰ্ত্তন’ পুথিখনৰ বিষয়ে পঁচিশটামান শব্দৰ ভিতৰত এটি টোকা লিখা:
উত্তৰঃ কীৰ্ত্তন’ আৰু ‘দশম স্কন্ধ ভাগৱত এই দুখনি গ্রন্থ শংকৰদেৱৰ সাহিত্য জীৱনৰ কীর্তিস্তম্ভ। কীৰ্ত্তন’ পুথিখনিত উনত্রিশটা আখ্যান আছে যদিও সাতাইশটা মাত্র তেওঁৰ ৰচিত, আৰু বাকী দুটা শিষ্যসকলে ৰচনা কৰি তাত সংযােগ কৰিছে। শংকৰদেৱে বিভিন্ন ঠাইত থাকোতে বিভিন্ন ভক্তিমূলক আখ্যান ৰচনা কৰিছিল। তেওঁ শিষ্য-প্রশিষ্যসকলে পিছত তাৰে এই আখ্যানসমূহ সংগ্ৰহ কৰি কীৰ্ত্তন’নামেৰে প্ৰকাশ কৰে। অসমীয়া মানুহৰ ই এখন বৰ আদৰৰ গ্রন্থ।

শিশুলীলা কবিতাৰ মূলভাব লিখা

প্রশ্ন ৪। শিশুলীলা’ অন্তর্নিহিত তত্ত্বপূর্ণ কথাখিনি তােমাৰ নিজৰ কথাৰে লিখা। অথবা, ‘শিশুলীলা’ পাঠটিৰ অন্তর্নিহিত তাৎপর্য বুজাই লিখা।
উত্তৰঃ আমাৰ পাঠ্যপুথিত থকা ‘শিশুলীলা’ কাব্যাংশত ভগৱান শ্রীকৃষ্ণক সাধাৰণ মানর শিশু হিচাপেই অংকন কৰা হৈছে। মাজে মাজে কেতিয়াবা শিশু কৃষ্ণৰ কিছুমান অদ্ভুত কার্য দেখি এক আচৰিত বালক, স্বয়ং ঈশ্বৰ আদি ভার যশােদাৰ মনলৈ আহে যদিও পুত্র স্নেহত অন্ধ, মায়া পাশত আবদ্ধ যশােদাই নিজৰ প্ৰাণত সন্তান বুলিয়েই তেওঁক সাধাৰণ মাতৃয়ে পুত্ৰৰ প্ৰতি কৰা আচৰণকেই কৰি আহিছে।

শিশুলীলা’কাব্যাংশত দধি মথনৰ এটি বর্ণনাৰে শিশু কৃষ্ণৰ মানবীয় শিশুৰ ওফোন্দ, দুষ্টালি আৰু অতপালি প্ৰকাশ কৰিছে। মাক যশােদাই পুত্র কৃষ্ণৰ গুণানুকীৰ্তন কৰি গুণগুণকৈ গীত গাই দধি মথি আছে। এনেতে কৃষ্ণৰ পিয়াহ লাগিল। স্তন পিবলৈ আহি মাকক মথনিত ধৰি বাধা দিছে। স্তন পিয়াই আঁতৰাই পঠোৱাৰ উদ্দেশ্যে দধি মথনৰ কাম অকণমান সময় বন্ধ ৰাখি শিশু কৃষক স্তন পিয়াইছে।

এনেতে বহাই থােৱা গাখীৰ উতলি পৰাত স্তন পিয়াবলৈ এৰি যশােদা গাখীৰ নমাবলৈ গ’ল। তাতে কৃষ্ণই খং কৰি দধিৰ ভাণ্ড এটা শিল মাৰি ভাঙিলে আৰু লবণু আনি নিজেও খালে বান্দৰকো খাবলৈ দিলে। মাক যশােদা ঘূতি আহি কৃষ্ণৰ কাণ্ড দেখি মাৰি এডাল-লৈ খেদি গ’ল। ভয়ত কৃষ্ণই ইফালে সিফালে দৌৰিবলৈ ধৰিলে। মাক ভাগৰি গল তথাপি কৃষ্ণক ধৰিব নোৱাৰে। মাকৰ দুখ দেখি শেষত কনামুৱা হৈ ভয়ে ভয়ে একে ঠাইতে কৃষ্ণ থিয় হৈ থাকিল। কৃষ্ণই বৰ ভয় খােৱা দেণি যশােদাই মাৰিডাল পেলাই দি কৃষ্ণই যাতে দধি মথনৰ সময়ত আৰু দিগদাৰী দিব নােৱাতে তাৰ বাবে উড়লত বান্ধি থবৰ কাৰণে ৰচি বিচাৰি আনি বান্ধিব খুজিলে; কিন্তু দুআঙুল জৰিয়ে নাটে। কেডাল জৰি যােৰা দিয়াতে সেই একেই কথা হ’ল।এয়া কৃষ্ণই ঐশ্বৰিত মাহাত্ম দেখুওৱাৰ ফলতেই জৰিয়ে নটা হৈছিল। ভগবানে পৃথিৱীত বিভিন্ন অৱতাৰ ধৰি মানুহৰ মাজত জন্ম গ্রহণ কৰে বা আবির্ভা হয়। শ্রীকৃষ্ণও ভগবানৰ এক আবিৰ্ভাৱ। নৰৰূপে জন্ম গ্রহণ কৰি মানুহৰ দৰে আচৰ্ণ কৰি তাৰ মাজতে ঐশ্বৰিক মাহাত্ম প্রকাশ কৰাই আৰু তাৰ দ্বাৰা মানুহক ভগবানৰ প্রতি আসক্তি কৰোৱাই – একমাত্র উদ্দেশ্য। শিশুলীলা’ কাব্যাংশ শিশু কৃষ্ণৰ বিভিন্ন লীলা বর্ণনা কৰাৰাে একে উদ্দেশ্য।
‘নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ ব্রহ্মা জগত ঈশ্বৰ।।”
-এই পদ ফাকিতেও এই উদ্দেশ্য পৰিষ্কাৰভাবে প্রকাশ পাইছে।

লগতে পঢ়ক:   ভাৰতৰ বৈচিত্র্যৰ মাজত ঐক্য Class 9 অসমীয়া প্ৰশ্ন উত্তৰ

শিশুলীলা class 9 answer

প্রশ্ন ৫। নাহি আদি অন্ত পূর্বাপৰ।
পূর্ণ-ব্ৰহ্ম জগত ঈশ্বৰ।।”
-ইয়াত কৰিয়ে কি প্রসংঙ্গত, কাৰ বিষয়ে কিয় এইদৰে কৈছে চমুকৈ লিখা।
উত্তৰঃ শিশু কৃষ্ণৰ গুণ গাই গাই মাক যশােদাই দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পিবলৈ খুজি দধি মথনিত ধৰি বাধা দিলে। যশােদাই দধি মথিবলৈ এৰি কৃষ্ণঃ স্তন পান কৰালে। ঠিক সেই সময়তে চৌকাত বহাই থােৱা গাখীৰ উতলি পৰাত তাৰাতাৰি কৃষ্ণক কোলাৰ পৰা নমাই থৈ যশােদা গাখীৰৰ ওচৰলৈ দৌৰি গ’ল। ইয়াতে শিশু কৃষ্ণই খং কৰি দধিৰ ভাণ্ড শিল মাৰি ভাঙি পেলালে আৰু চাপে চুপে গৈ লৱণু নিজেও খালে আৰু বান্দৰকো দিলে। মাক ঘূৰি আহি কৃষ্ণৰ কাণ্ড দেখি চেকনি এডাল লৈ খেদি গ’ল। মাৰৰ ভয়ত কৃষ্ণ ইফালে-সিফালে দৌৰা-দৌৰি কৰি থাকিল। মা যশােদাই কৃষ্ণক খেদি খেদি ভাগৰি পৰিল। মাকৰ দুখ দেখি কৃষ্ণই কলনামুৱাকৈ ভয়ে ভয়ে এঠাইত ৰৈ থাকি মাক ধৰা দিলে। কৃষ্ণই বৰ ভয় খােৱা দেখি মাকে চেকনি ডাল পেলাই দি কৃষ্ণক উড়লত বান্ধি থােৱাৰ যাে-জা কৰিলে। তাকে দেখি কবিয়ে কৈছে যে যিজনৰ আদি-অন্ত পূর্বাপৰ নাই; পূর্ণ ব্ৰহ্ম জগত ঈশ্বৰ, – মানৱৰূপে আবিৰ্ভাৱ হৈ নানা মানবীয় লীলা খেলাৰে জগত বাসীক ঈশ্বৰ ভক্ত কৰিবলৈ চেষ্টা কৰিছে। যশােদাই মায়াপাশত আবদ্ধ হৈ, পুত্র স্নেহত অন্ধ হৈ স্বয়ং ‘পূর্ণ ব্রহ্মা জগত ঈশ্বৰৰ প্ৰতি এনে আচৰণ কৰিছে।

প্রশ্ন ৬। কৃষ্ণক ধৰিবলৈ গৈ যশােদাৰ কেনে অবস্থা হৈছিল বুজাই লিখা। অথবা, শিশুলীলা’ পাঠৰ আধাৰত শ্ৰীকৃষ্ণৰ কার্যকলাপৰ এটি বিৰণ যুগুত কৰা।
উত্তৰঃ ‘শিশুলীলা’ কাব্যাংশত শিশুকৃষ্ণৰ ওফোন্দ, জেদ আৰু দুষ্টালি প্ৰকাশৰ লগতে ঐশ্বৰিক মাহাত্ম্যও প্রকাশ পাইছে। মাক যশােদাই দধি মথি থকা অৱস্থাত শিশু কৃষ্ণ তালৈ গৈ মথনিত ধৰি দধি মথাত মাকে যশােদাক দিগদাৰী দিছে। মাকে দধি মথিবলৈ এৰি কৃষ্ণক কোলাত লৈ স্তন পান কৰাবলৈ ধৰিলে। এনেতে চৌকাত বহাই থােৱা গাখীৰ উতলি পৰাত কৃষ্ণক তাতে থৈ যশােদা চৌকাৰ ওচৰলৈ দৌৰ মাৰি গ’ল। আধা স্তন পান কৰােতে তেনেকৈ এৰি থৈ যােৱাত কৃষ্ণৰ খং উঠিল আৰু খঙতে শিল মাৰি দধি ভাণ্ড ভাঙি পেলালে আৰু মনে মনে গৈ লবণু নিজেও খালে আৰু বান্দৰকো দিলে। মাক ঘূৰি আহি কৃষ্ণৰ এই কাণ্ডত মাক যশােদাই খং কৰি চেকনি এডাল লৈ খেদি গ’ল। কৃষ্ণই কৌশল কৰি ইফালে সিফালে দৌৰিবলৈ ধৰিলে, মাকে লগ ধৰিব নােৱাৰিলে। মাক ভাগৰি পৰাত কৃষ্ণই ভয়ে ভয়ে মাকক ধৰা দিয়ে। মাকে চেকনিডাল পেলাই দি কৃষ্ণক উড়লত বান্ধিবলৈ বুলি জৰি বিচাৰি আনিলে যদিও বান্ধিবলৈ দুই আঙুলিয়ে নুজুৰিলে। শেষত কেবাড়ালাে জৰি আনি জোৰাই ললে যদিও তথাপি সেই দুই আঙুলিয়েই নাটিলে। এয়া আছিল শ্রীকৃষ্ণৰ ঐশ্বৰিক মাহাত্ম্য। শেষত যেনিবা সেই মাহাত্ম তেওঁ সম্বৰণ কৰাত মাকে তেওঁক বান্ধিব পাৰিলে শিশুলীলা’ পিঠত এয়াই আছিল শ্রীকৃষ্ণৰ কার্যকলাপ।

শিশুলীলা class 9 question answer

প্রশ্ন ৭। ব্যাখ্য কৰা

(ক) যাক যােগী নাপারে ধ্যানত।
হেন হৰি পলান্ত ভয়ত
উত্তৰ: উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘ শিশুলীলা’কাব্যাংশৰ অন্তর্গত।

মাক যশােদাৰ ভয়ত শিশু কৃষ্ণ মানৱ শিশুৰ দৰে পলােৱাত কবিয়ে এনেদৰে কাব্যাংশত উল্লেখ কৰিছে।

স্তন পান কৰাই থাকোতে হঠাতে চৌকাত বহাই থােৱা গাখীৰ উতলি অহাত কৃষ্ণক এৰাই থৈ মাক যশােদা গাখীৰ নমাবলৈ গ’ল। তাতে খং কৰি শিশু কৃষ্ণই শিল মাৰি দধি ভাণ্ড ভাঙিলে আৰু মনে মনে গৈ লৱণু নিজেও খালে আৰু বান্দৰকো খুৱালে। মাকে ঘূৰি কৃষ্ণৰ কাণ্ড দেখি হাতত চেকনি লৈ খেদি যােৱাত ভয়তে কৃষ্ণ পলাই ফুৰিব  ধৰিলে। ইয়াকে দেখি কবিয়ে কৈছে যে যােগীসকলে কঠোৰ তপস্যা বা ধ্যান কৰিও যি গৰাকী পৰম ঈশ্বৰক পাব নােৱাৰে সেই গৰাকীয়ে মানৱ সন্তান ৰূপে আবিৰ্ভাৱ হৈ সামান্য নাৰী এজনীৰ ভয়ত পলাই ফুৰিছে। এয়া স্বয়ং ভগৱানৰে লীলা খেলা। মানুহে ইয়াৰ তত্ত্ব বুজিব নােৱাৰে।

(খ) তাহাঙ্ক নয় মানি বলে।
যশােদা বান্ধন্ত উড়ুখলে।।”
উত্তৰ: উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশু লীলা’ কাব্যাংশৰ অন্তর্গত।
ভগৱান শ্রীকৃষ্ণক যশােদাই পুত্ৰৰূপে পাই কেনেদৰে তেওঁক আচৰণ কৰিছিল তাকেই পদফাকিৰ জৰিয়তে প্ৰকাশ কৰিছে।
শিলেৰে ভাঙি নষ্ট কৰা আৰু চুৰকৈ লৱণু খাই বান্দৰকো দিয়া দোষত খং কৰি শিশু কৃষ্ণও মাক যশােদাই প্রথমে চেকনি লৈ খেদি ফুৰিলে। পিছত শ্রীকৃষ্ণই মাকক ধৰা দিয়াত ছিৰে উড়লত বান্ধি থবলৈ খুজিলে। ইয়াকে দেখি কবিয়ে কৈছে যে যাৰ আদি অন্ত পূর্বাপৰ নাই, পূর্ণ-ব্ৰহ্ম জগত ঈশ্বৰ সেইজন পৰম পুৰুষ ঈশ্বৰক মায়া পাশত আবদ্ধ হৈ নিজৰ পুত্ৰ বুলি ভাবি পুত্রস্নেহত খং কৰি গাৰ জোৰেৰে উড়ুখলত বান্ধিব খুজিছে। এয়া স্বয়ং ভগবানৰে লীলাখেলা। যশােদাৰ পুত্ৰৰূপে পালিত হৈ সেই লীলা তেওঁ বেকত কৰিছে।

(গ) “গােবিন্দে মাৱৰ শ্ৰম দেখি।
ৰহিল কান্দন্তে মুদি আখি।।”
উত্তৰঃ উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ কাব্যাংশুৰ অন্তর্গত।
মাকে খেদিও লগ নােপােৱাত আৰু মাকৰ কষ্ট দেখি শিশু কৃষ্ণই কেনেদৰে মাকক ধৰা দিছিল তাকেই পদফাকিৰ জৰিয়তে কবিয়ে প্রকাশ কৰিছে।
কৃষ্ণই সম্পূর্ণকৈ স্তন পান কৰিব নােৱাৰা মাকৰ ওপৰত শিশু কৃষ্ণৰ খং উঠিল। খঙতে কৃষ্ণই শিল মাৰি দধি ভাণ্ড ভাঙি পেলালে আৰু মনে মনে গৈ লৱণু খাই, বান্দৰকো খাবলৈ দি সিঁচৰতি কৰি পেলালে। মাকে এই কাণ্ড দেখি শিশু কৃষ্ণক চেকনি এডাল লৈ খেদি গ’ল। কৃষ্ণই ভয়তে ইফালে সিফালে পলাবলৈ ধৰিলে। বহুত খেদিও মাক যশােদাই কৃষক ধৰিব নােৱাৰিলে। খেদোতে খেদোতে যশােদা ভাগৰত ক্লান্ত হৈ পৰিল। মাকৰ এই শ্রম দেখি পৰমপুৰু দয়ালু গােবিন্দই বদনামুৱাকৈ ভয়তে চকুনুদি এঠাইত ৰৈ মাকক ধৰা দিলে। পমপুয় ঈশ্বৰে নৰৰূপে অৱতাৰ হৈ যশােদাৰ ঘৰত সন্তানৰূপে পালিত হৈছে। মনুষ্যৰ সন্তানৰ ৰূপ ললেও তেওঁ পৰম কৰুণাময়। তাকেই পদফাকিৰে বুজোৱা হৈছে।

(ঘ) “ভাণ্ড ভাঙি আবে যাইবি কোথা।
খাইবাে আজি কৃষ্ণ তােৰ মাথা।।”
উত্তৰঃ উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশুলীলা’ কাব্যাংশৰ অন্তর্গত।
স্তন পান কৰি থকা শিশু কৃষ্ণক আধাতে এৰি চৌকাত বহাই থােৱা গাখীৰৰ পাত্র নমাবলৈ যােৱাত কৃষ্ণই খঙতে গাখীৰ ভাণ্ড ভাঙি পেলােৱাত কিদৰে মাক যশােদাৰ খং উঠিছিল, তাকেই পদফাকিত প্রকাশ পাইছে।
চৌকাত বহাই থােৱা গাখীৰ উতলি বাগৰি পৰা দেখি স্তনপান কৰি থকা কৃষক স্তনপানৰ পৰা এৰুৱাই মাক যশােদা গাখীৰৰ পাত্র নমাই থ’বলৈ গ’ল। কৃষ্ণৰ তেতিয়া খং উঠি গাখীৰৰ ভাণ্ড লাঠিৰে কোবাই ভাঙি দৌৰি আঁতৰি গ’ল। তাকে দেখি মা যশােদায়ে খঙত ৰ’ব নােৱাৰি কৃষক মাৰিবলৈ এচাৰি লৈ খেদি গৈ এই বুলি কৈছিল যে ভাণ্ড ভাঙি পলাই ক’ত সাৰিবি, আজি তােৰ মাথা খাম। কৃষয়াে মাকক ধৰা নিদি দৌৰি পলাই গৈছিল যদিও পিছত মাকৰ দুখ দেখি ধৰা দিছিল।

(ঙ) “পাছে পাছে যশোদা খেদন্ত।
ভয়ে লাগ মাৱক নেদন্ত।।”
উত্তৰঃ উদ্ধৃত পদফাকি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘শিশু লীলা’ কাব্যাংশৰ অন্তর্গত।
খঙত শিশু কৃষ্ণই গাখীৰৰ ভাণ্ড ভাঙি দৌৰি পলাই যােৱাত মাক যশােদাই কৃষ্ণক মাৰিবলৈ খেদি ফুৰিছিল, তাকেই পদফাকিত প্রকাশ পাইছে।
চৌকাত বহাই থােৱা গাখীৰ উতলি বাগৰি পৰা দেখি স্তনপান কৰি থকা কৃষ্ণক স্তনপানৰ পৰা এৰুৱাই মাক যশােদা গাখীৰৰ পাত্র নমাই থ’বলৈ গ’ল। কৃষ্ণৰ তেতিয়া খং উঠি গাখীৰৰ ভাণ্ড লাঠিৰে কোবাই ভাঙি দৌৰি আঁতৰি গ’ল। তাকে দেখি মাক যশােদায়ে অতি খং কৰি হাতত এচাৰি লৈ খেদি গৈ কৃষক কোৰাবলৈ চিছে পিছে খেদি গ’ল। কৃষ্ণক খেদি খেদি মাক অতি ভাগৰি পৰিল; তথাপি কৃষক লগ ধৰিব নােৱাৰিলে। মাকৰ দুখ দেখি শেষত কৃষ্ণই মাকক ভয়ে ভয়ে কান্দি কান্দি লগ দিলে।

লগতে পঢ়ক:   মোৰ দেশ Class 9 কবিতাৰ প্ৰশ্ন উত্তৰ অসমীয়া নৱম শ্ৰেণীৰ

প্রশ্ন ৮। “মহাকোপে কোঠা পশিলন্ত।
সিঞ্চিৰাই ‘লৰ ভূঞ্জন্ত।
—কোন অতি খঙত কোঠাত সােমাইছিলহি ? তেওঁ কিয় লৱণুবােৰ চাৰিওফালে ছটিয়াই খাইছিল, বুজাই লিখা:
উত্তৰঃ অতি খঙত কোঠাত সােমােৱাজন আছিল শিশু কৃষ্ণ।
মাক যশোদাই দধিমতি থাকোতে স্তনপান কৰাৰ আশাত দধি মথনিত ধৰি শিশু কৃষ্ণই দিগদাৰী দিবলৈ ধৰিলে। দধি মথা কাম বন্ধ কৰি মাকে তেওঁক কোলাত লৈ স্তন পান কৰাবলৈ ধৰিলে। এনেতে গাখীৰ উতলি বাগৰি পৰাত গাখীৰৰ পাত্ৰ নমাবলৈ বুলি কৃষক স্তন পান কৰাবলৈ আশা এৰি যশােদা লৰ মাৰিলে।
এই কথাত শিশু কৃষ্ণৰ অতি খং উঠিল। তেওঁ খঙৰ কোবত শিলমাৰি দধিৰ ভাণ্ড ভাঙাৰ উপৰিও কোঠাত সােমাই লৱণু খাই, বান্দৰকো খাবলৈ দি চাৰিওফালে লৱণু সিঁচৰতি কৰি পেলালে

class 9 assamese শিশুলীলা

স্তন পিবলৈ নাপাই খঙত শিশু কৃষ্ণই কি কৰিলে ?
উত্তৰঃ স্তন পিবলৈ নাপাই শিশু কৃষ্ণই খঙত কঁপিব ধৰিলে। তেওঁ সেই খঙতে শিলেৰে দধি ভাণ্ড ভাঙি পেলালে আৰু ঘৰৰ ভিতৰলৈ গৈ লৱণু খাই,-বান্দৰকো খাবলৈ দি লৱণু সিঁচৰতি কৰি পেলালে।

(ঘ) শিশু কৃষ্ণই দধি ভাওঁ ভাঙাত আৰু লৱণু খাই নষ্ট কৰাত মাক যশােদাই কি কৰিলে?
উত্তৰঃ শিশু কৃষ্ণই স্তন পিবলৈ নাপাই দধিভাণ্ড শিলেৰে ভাঙি পেলাই ঘৰৰ ভিতৰত সােমাই লৱণু খাই সিঁচৰতি কৰি পেলােৱাত যশােদাৰ বৰ খং উঠিল আৰু হাতত এডাল এচাৰি লৈ কৃষ্ণক মাৰিবলৈ খেদি ফুৰিলে। কৃষই লগ নিদি দৌৰি ফুৰিলে। পিছত মাক ভাগৰি পৰা দেখি ধৰা দিয়াত কৃষ্ণক উড়লত বান্ধি থবলৈ যশােদাই যাে-জা কৰিলে।

(ঙ) “হিল কান্দন্তে মুদি আখি।।” – ইয়াত কাৰ কথা কোৱা হৈছে? তেওঁ তেনেকৈ কিয় ৰৈছিল ?
উত্তৰঃ ইয়াত শিশু কৃষ্ণৰ কথা কোৱা হৈছে। দধি ভাণ্ড ভাঙি লৱণু খাই নষ্ট কৰাত মাক যশােদাই কৃষ্ণক মাৰিবলৈ হাতত এচাৰি লৈ খেদি গ’ল। কৃষ্ণই ভয়তে দৌৰি ফুৰিলে। খেদি খেদিও কৃষ্ণক লগ নাপাই মাক যশােদা ভাগৰি পৰিল। তেতিয়া দয়ালু কৃষ্ণই মাকৰ শ্রম দেখি কন্নামুৱা হৈ চকু মুদি থিয় হৈ ৰৈছিল।

(চ) মাৰিবলৈ খেদা শিশু কৃষ্ণই মাকক লগ দি কনামুৱাকৈ চকুমুদি ৰােৱাত মাক যশােদাই কি কৰিলে ?
উত্তৰঃ শিশু কৃষ্ণকন্দনামুৱা হৈ ভয়তে চকুমুদি ৰােৱাত মাক যশােদাৰ মৰম লাগিল। তেওঁ হাতৰ চেকনিডাল পেলাই দিলে; কিন্তু আৰু যাতে দধি মথাত দিগদাৰী কৰিব। নােৱাৰে তাকে চিন্তা কৰি কৃষ্ণক উড়লত বান্ধি থবলৈ বুলি ৰছি বিচাৰিলে।

(ছ) শিশু কৃষ্ণক কবিয়ে কি বুলি কৈছে?
উত্তৰ মানৱৰূপী শিশু হৈ যশােদাৰ পুত্ৰৰূপে পালিত হলেও কবিয়ে শিশু কৃষ্ণক আদি অন্ত পূর্বাপৰহীন পূর্ণ ব্রহ্ম জগতৰ ঈশ্বৰ বুলি কৈছে।

শিশুলীলা Class 9 Question Answer

প্রশ্ন ১৬। অতি চমু উত্তৰ দিয়া

(ক) শিশুলীলা পাঠটিৰ ৰচক কোন?
উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

(খ) মহাপুৰুষ শংকৰদেৱৰ জন্ম আৰু মৃত্যু চন দুটা উল্লেখ কৰা।
উত্তৰ: জন্ম – ১৪৪৯ চন, মৃত্যু – ১৫৬৮ চন।

(গ্) মহাপুৰুষ শংকৰদেৱে প্ৰৱৰ্তন কৰা ধর্মটোৰ নাম কি?
উত্তৰঃ নৱ বৈষ্ণৱ ধর্ম।

(ঘ) মহাপুৰুষ শংকৰদেৱৰ জন্ম ক’ত হৈছিল ?
উত্তৰঃ বৰদোৱাৰ ওচৰৰ আলিপুখুৰী গাঁৱত।

(৬) মহাপুৰুষ শংকৰদেৱৰ মৃত্যু ক’ত হৈছিল ?
উত্তৰঃ ভেলা মধুপুৰত।

(চ) মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ কীর্তিস্তম্ভ স্বৰূপ কি?
উত্তৰ কীৰ্ত্তন’ আৰু দশম স্কন্ধ ভাগৱত।

ছ) মহাপুৰুষ শংকৰদেৱৰ প্রধান শিষ্য কোন আছিল?
উত্তরঃ মহাপুৰুষ মাধৱদেৱ

(জ) মহাপুৰুষ শংকৰদেৱৰ এখনি কাব্য গ্রন্থৰ নাম লিখা
উত্তৰ : ৰুক্মিণী হৰণ।

(ঝ) মহাপুৰুষ শংকৰদেৱৰ এখনি নাটকৰ নাম লিখা।
উত্তৰঃ ৰাম-বিজয়।

ঞ) মহাপুৰুষ শংকৰদেৱৰ নাটবােৰক কি নাট বােলা হয় ?
উত্তৰ অংকীয়া নাট।

নৱম শ্ৰেণীৰ অসমীয়া শিশুলীলা

(ট) মহাপুৰুষ শংকৰদেৱৰ নাটসমূহক কিয় অংকীয়া নাট বােলা হয় ?
উত্তৰঃ নাটত এটা মাত্র অংক থকাৰ কাৰণে।

(ঠ) মহাপুৰুষ শংকৰদেৱৰ গীত সমূহক কি গীত বােলা হয়?
উত্তৰ। বৰগীত।

(ড) মহাপুৰুষ শংকৰদেৱৰ সাহিত্য ৰচনাৰ উদ্দেশ্য কি আছিল ?
উত্তৰ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্য।

(ঢ) নন্দজায়া’ কোন?
উত্তৰঃ যশােদা

(ণ) নন্দজায়া যশােদাই এদিন কি কৰি আছিল?
উত্তৰঃ দধি মথি আছিল।

(ত) দধি মথােতে যশােদাই কি কাপােৰ পিন্ধিছিল ?
উত্তৰঃ পাটৰ কাপোেৰ।

(থ) প্ৰয়াসি’ শব্দৰ অর্থ কি ?
উত্তৰঃ  যত্ন কৰি।

(দ) শিশু কৃষ্ণই খঙত কিহেৰে দধি ভাণ্ড ভাঙিছিল?
উত্তৰঃ শিলেৰে।

(ধ) শিশু কৃষ্ণই কাক লৱণু খাবলৈ দিছিল?
উত্তৰঃবান্দৰক।

(ন) শিশু কৃষ্ণই ক’ত বহি লৰণু খহিছিল?
উত্তৰঃ উড়লত বহি।

(প) শিশুকৃষ্ণই দধি ভাণ্ড ভাঙা আৰু লৱণু নষ্ট কৰা দেখি যশােদাই কি কৰিলে?
উত্তৰঃ চেকনি লৈ মাৰিবলৈ খেদি গ’ল।

(ফ) “যাক যােগী নাপাৱৈ ধ্যানত।” – কাক?
উত্তৰঃ শ্রীকৃষ্ণক।

(ব) “পুত্ৰক খেদন্ত মহাসতী।’ – মহাসতী কাক কোৱা হৈছে?
উত্তৰঃ যশােদাক।

(ভ) “হিল কান্দন্তে মুদি আখি।” – কোনে?
উত্তৰঃ শিশু কৃষ্ণই।

(ম) “সকল লৱণু কৈলি নাশ।” – কোনে লণু নাশ কৰিলে?
উত্তৰঃ শিশু কৃষ্ণই।।

(য) “বান্ধস্ত কৃষ্ণক আনি ধৰি।” – কোনে কৃষ্ণক ধৰি আনি বান্ধিছিল?
উত্তৰঃ মাক যশােদাই।

প্ৰঃ মথনি’ শব্দৰ অৰ্থ কি?

উত্তৰঃ ‘মথনি’ শব্দৰ অথ হল – গাখীৰ ঘুঁচিবলৈ ব্যৱহাৰ কৰা এবিধ সজুলি।

প্ৰঃ শিশুলীলা’ৰ অন্তর্নিহিত তত্ত্বপূর্ণ কথাখিনি তােমাৰ নিজৰ ভাষাত লিখা।

উ : এদিনাখন যশােদাই শিশু কৃষ্ণৰ লীলা স্মৰণ কৰি দধি মথি আছিল। এনেতে কৃষ্ণ আহি স্তন পান কৰিবলৈ খুজি দধি মথনত বাধা দিলে। যশােদাই দধি মথিবলৈ এৰি কৃষ্ণক স্তন পান কৰাবলৈ ধৰিলে। এনেতে চৌকাত দি থােৱা গাখীৰ উতলি উঠাত কৃষ্ণক কোলাৰ পৰানমাই চৌকাৰ ওচৰলৈ দৌৰি গ’ল। এই কথাত কৃষ্ণই অভিমান কৰি শিলগুটি নিক্ষেপ কৰি গাখীৰৰ পাত্ৰ ভাঙি পেলালে আৰু চুপে চুপে কোঠালীত সােমাই উড়ালৰ ওপৰত বহি লৱণু খাবলৈ ধৰিলে লগতে চাৰিওপিনে লৱণু ছটিয়াই বান্দৰবােৰকো খাবলৈ দিলে। মাকে গাখীৰৰ পাত্র চৌকাৰ পৰানমাই কৃষ্ণৰ কাণ্ড দেখি খঙত এছাৰি এডাল লৈ কৃষ্ণক মাৰিবলৈ খেদি গ’ল। কৃষ্ণয়াে ভয় খােৱা যেন দেখুৱাই তাৰ পৰা দৌৰি পলাই যায়। মাকে কৃষ্ণৰ পিছে পিছে দৌৰি দৌৰি ভাগৰি পৰিল। অৱশেষত কৃষ্ণই মাকৰ ওচৰত ধৰা দিয়ে। তেতিয়া কৃষ্ণই ভয় খােৱা দেখি হাতৰ পৰা চিকনিডাল পেলাই দি কৃষ্ণক উড়ালত বান্ধি থােৱাৰ যাে-যা কৰাত কবিয়ে কৈছে যে যিজনৰ আদি অন্ত পূর্বাপৰ নাই, যিজন পূর্ণব্রহ্ম জগতৰ ঈশ্বৰ সেইজন কৃষ্ণক মাক যশােদাই পুত্ৰৰূপে কোলাত পাই মাৰিবলৈ উদ্ধত হৈছে। ভগৱানে মানৱৰূপে আবিৰ্ভাৱ হৈ মানুহৰ দৰে আচৰণ কৰাৰ লগতে যে মানুহক ভগবানৰ প্রতি আসক্তি জন্মাইছে।

প্ৰঃ শিশুলীলা পাঠটিৰ ৰচক কোন?

উত্তৰঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top