পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12 Political Science Chapter 8 question Answer In Assamese Medium দ্বাদশ শ্ৰেণী ৰাজনীতি বিজ্ঞান অধ্যায় 8

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠৰ নং অধ্যায় 8
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12

প্র : সেউজগৃহ গেছ কি ?
উ : সেউজগৃহ গেছ বুলিলে বিশ্বৰ দেশবোৰে স্থাপন কৰা উদ্যোগসমূহৰ পৰা নিৰ্গমন হোৱা কার্বন-ডাই-অক্সাইড, মিথেন, হাইড্ৰ-ফ্লৰ’ কাৰ্বন আদি গেছক বুজায়।

প্র : ভাৰতৰ খিলঞ্জীয়াসকলক কি বোলা হয়? কোন চনত খিলঞ্জীয়া লোকৰ বিশ্বসংসদৰ জন্য হয়?
উ: ভাৰতৰ খিলঞ্জীয়াসকলক জনজাতি বোলা হয়। ১৯৭৫ চনত খিলঞ্জীয়া লোকৰ বিশ্বসংসদৰ জন্ম হয়।

প্র : সম্পদৰ ভূ-ৰাজনীতি মানে কি? বিশ্বৰ ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম লিখা
উঃ সম্পদৰ ভূ-ৰাজনীতি মানে হ’ল— সম্পদ কেন্দ্রিক ভূ- ৰাজনীতি। ই হ’ল মূলত কোনে কি আৰু ক’ত পায়, আৰু কেনেকৈ পায় আদি বিষয়ক লৈ জড়িত। সম্পদেই ইউৰোপক সমগ্ৰ বিশ্বতে নিজৰ ক্ষমতা প্রতিষ্ঠা কৰাৰ মূল উপায় আৰু উদ্দেশ্যৰ সন্ধান দিছিল। সম্পদক কেন্দ্ৰ কৰিয়েই ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিযোগিতা আৰু বিৰোধৰ সৃষ্টি হৈছিল। সম্পদ সম্পর্কে পশ্চিমীয়া ভূ- ৰাজনৈতিক ধ্যান-ধাৰণাসমূহ ব্যৱসায়িক সম্পৰ্ক, যুদ্ধ আৰু ক্ষমতাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। বিশ্বৰ ৰাজনীতিত প্ৰাসংগিকতা থকা দুটা সম্পদৰ নাম হ’ল– (১) খনিজাত (২) তেল আৰু পানী।

প্র : কিয়ট’ চুক্তি কোন চনত স্বাক্ষৰিত হৈছিল? এই চুক্তি পৰিৱেশৰ কোনটো সমস্যাৰ সৈতে জড়িত আছিল?
উ : কিয়ট’ চুক্তি ২০০২ চনৰ আগষ্টত স্বাক্ষৰিত হৈছিল। এই চুক্তি পৰিৱেশৰ গোলকীয় উষ্ণতাৰ লগত জড়িত আছিল।

প্র : ৰিঅ’ সন্মিলনে “কাৰ্যসূচী-২১” নামৰ এক উন্নয়নমূলক কার্যসূচীত অনুমোদন জনাই ছিল। হয়নে নহয়। 
উঃ হয় ।

প্র : বহনক্ষম উন্নয়ন কি?
উঃ পাৰিপাৰ্শ্বিকতা বিনষ্ট নকৰাকৈ কৰা উন্নয়নৰ ধাৰণাটোক বহনক্ষম উন্নয়ন বোলে।

প্র : পাৰিপাৰ্শ্বিকতাৰ বিষয়সমূহ বৰ্তমান বিশ্ব ৰাজনীতিত যথেষ্ট গুৰুত্ব দিয়া হৈছে কিয়?
উ: ১৯৬০ দশকৰ পৰা পাৰিপাৰ্শ্বিকতা সম্বন্ধীয় বিষয়। ৰাজিয়ে বিশ্বৰাজনীতিত স্থান দখল কৰিবলৈ আৰম্ভ কৰে। পাৰিপাৰ্শ্বিক বিপদ আৰু পাৰিপাৰ্শ্বিক অৱস্থাক পৰিষ্কাৰ-পৰিচ্ছন্ন ৰখাৰ গুৰুত্ব বর্তমান বিশ্ব ৰাজনীতিত যথেষ্ট সমাদৰ লাভ কৰিছে। ‘বহনক্ষম উন্নয়ন’ৰ ধাৰণাই পাৰিপাৰ্শ্বিকতাৰ গুৰুত্ব উপলব্ধি কৰাত যথেষ্ট সহায় কৰিছে।

প্র : গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগোৱা দুটা গেছৰ নাম লিখা।
উ: (১) মিথেন আৰু (২) কার্বন-ডাই-অক্সাইড।

প্র : UNFCCEৰ সম্পূৰ্ণ নাম কি?
উঃ United Nations Framework Conventions on Climate Change.

প্র : দক্ষিণ ভাৰত অৰণ্যত থকা পৰিত্ৰ কুঞ্জবনসমূহ কোনে পৰিচালনা কৰিছে?
উঃ পৰম্পৰাগতভাৱে গ্ৰাম্য সম্প্রদায়সমূহে পৰিচালনা কৰি আহিছে।

প্র : সাম্প্রতিক সময়ত অৰণ্য সুৰক্ষা আন্দোলন চলি থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।
উ: (১) চিলী (২) ব্রাজিল আৰু (৩) আফ্রিকা।

প্র : ইউফ্ৰেটিছ নদীৰ বান্ধক লৈ কোন কোন দেশৰ মাজত তীব্র বিৰোধৰ সূত্ৰপাত হৈছিল?
উ : তুৰ্কী, চিৰিয়া আৰু ইৰাকৰ মাজত।

প্র : খিলঞ্জীয়া লোকসকলৰ প্ৰধান বসতি স্থান তিনিখন দেশৰ নাম লিখা।
উ : (১) মধ্য আৰু দক্ষিণ আমেৰিকা (২) আফ্ৰিকা আৰু (৩) ভাৰতবৰ্ষ।

লগতে পঢ়ক:   দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Class 12 Chapter 2 Question Answer Assamese

প্র : WCIP ৰ সম্পূর্ণ নাম কি?
উ: World Council of Indigenous Peoples,

হয় নে নহয় লিখা?

প্র : বৃহৎ নদীবান্ধ বিৰোধী আন্দোলনবোৰ পৰিৱেশ সুৰক্ষা আন্দোলনৰ লগত জড়িত। 
উঃ হয়।

প্র : ভাৰতবৰ্ষই কিয়টো আচৰণবিধিত ২০০২ চনত চহী কৰে।
উঃ হয়।

প্র : ১৯৬০ চনত এন্টার্কটিকা সন্ধি হয়।
উঃ নহয়।

প্ৰ: ২০০০ চনত বিশ্বৰ জনমুৰি কাৰ্বন নির্গমনৰ পৰিমাণ মাত্র ০.৯ টন।

উঃ হয়।

প্র : চৌদি আৰৱেই হ’ল বৰ্তমান খাৰুৱা তেলৰ একক সর্ব বৃহৎ উৎপাদনকাৰী দেশ।
উঃ হয়।

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12

খালী ঠাই পূৰ কৰা :
প্র : বসুন্ধৰা সন্মিলন ব্রাজিলৰ ৰাজধানী ৰিঅ’দ্যা জেনেৰিঅ’ত ১৯৯২ চনত অনুষ্ঠিত হৈছিল।
প্ৰ: ১৯৬০ চনৰ পৰা পাৰিপাৰ্শ্বিক সম্বন্ধীয় বিষয়ৰাজিয়ে বিশ্ব ৰাজনীতিত স্থান পাবলৈ আৰম্ভ কৰে।
প্র : ১৯৯২ চনৰ ভূ-শীর্ষ সন্মিলনে পাৰিপাৰ্শ্বিকতা সম্বন্ধীয় বিষয়বোৰক ৰাজনীতিৰ মজিয়ালৈ আনে।

প্র : বায়ুমণ্ডলত অ’জন গেছৰ পৰিমাণ কমি অহাৰ ফলত বায়ুমণ্ডলৰ অ’জন স্তৰত কিছুমান ফুটা বা বিন্ধাৰ সৃষ্টি হৈছে।
প্র : ১৯৫৯ চনত এণ্টার্কটিকা সন্ধি হৈছিল।
প্র : খিলঞ্জীয়ালোকসকলৰ বাবে ভুমিয়েই হ’ল সম্পদ।

প্ৰঃ ৰাষ্ট্ৰসংঘই দিয়া খিলঞ্জীয়াৰ সংজ্ঞাটো লিখা।
নাইবা
খিলঞ্জীয়া জনসাধাৰণৰ অধিকাৰ আৰু পৰিৱেশৰ মাজত সম্পর্ক কি? চমুকৈ আলোচনা কৰা।
উ : ৰাষ্ট্ৰসংঘই খিলঞ্জীয়াসকলৰ সংজ্ঞা দিবলৈ গৈ কৈছে যে খিলঞ্জীয়াসকল হ’ল এক নির্দিষ্ট বসতি স্থাপন কৰা প্ৰথম অধিবাসীসকলৰ সতি-সন্তান— যাক পিছৰ পৰ্যায়ত অন্য স্থানৰ পৰা অহা পৃথক জনগোষ্ঠীৰ বা সংস্কৃতিৰ লোকে পৰাভূত কৰিছিল। খিলঞ্জীয়া লোকসকলে তেওঁলোক বসবাস কৰা ৰাষ্ট্ৰৰ আনুষ্ঠানিক নীতি-নিয়মতকৈ তেওঁলোকৰ স্বকীয় পৰম্পৰা তথা আর্থ-সামাজিক, সাংস্কৃতিক ৰীতি-নীতিৰ মাজেদি জীয়াই থাকিব বিচাৰে।

ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি যিসকলক খিলঞ্জীয়া বুলি ধৰা হয় সেই সকলৰ অধিকাৰ ৰক্ষাৰ্থে বিভিন্ন দেশে খিলঞ্জীয়াসকলক ন্যায় প্ৰদান কৰাৰ বাবে নিজৰ নিজৰ সাংবিধানিক ব্যৱস্থা কৰিছে। খিলঞ্জীয়াসকলৰ বসবাসৰ সুবিধা- প্ৰদান কৰাৰ লগতে তেওঁলোকৰ সংস্কৃতি সংৰক্ষণৰো ব্যৱস্থা লৈছে। তেওঁলোকক ন্যায় প্ৰদান কৰাৰ বাবে দেশসমূহে আতি বা অনুসূচীত জাতি হিচাপে তালিকাভুক্ত কৰি তেওঁলোকৰ শিক্ষা, স্বাস্থ্য, আর্থিক উন্নয়নৰ প্ৰতি ৰাষ্ট্ৰসমূহে অগ্ৰাধিকাৰৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰিছে।

খিলঞ্জীয়াসকলৰ পৰম্পৰাগত ব্যৱস্থা অনুযায়ী তেওঁলোকৰ জীৱিকা নির্বাহ প্ৰধানকৈ কৃষি, মৎস উৎপাদন। পাহাৰীয়া অঞ্চলত বাস কৰা খিলঞ্জীয়া সকলৰ জীৱিকা প্রধানকৈ অৰণ্যত উৎপাদিত সামগ্ৰীৰ ওপৰত নিৰ্ভৰশীল। সাগৰীয়া অঞ্চলৰ মৎসজীৱীসকলে সাগৰৰ পানী বিষময় কৰি পানী প্ৰদূষণৰ সৃষ্টি কৰি আহিছে। তেওঁলোকে সাগৰৰ পানী বিষময় কৰাৰ ফলত সাগৰীয়া জীৱকূলৰ প্ৰতিও ভাবুকিৰ সৃষ্টি হৈছে আৰু মৎস উদ্যোগ ধ্বংস প্রাপ্ত হৈছে। একেদৰে নৈ-বিল আদিৰ কাষত বাস কৰাসকলে জল প্ৰদূষণত ইন্ধন যোগাইছে।

পৰম্পৰাগত কৃষি ব্যৱস্থাই কৃষিভূমিত নিমখৰ মাত্রা বৃদ্ধি কৰি ইয়াৰ উৎপাদন ক্ষমতাও হ্ৰাস কৰিছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে কৃষি ভূমিৰ ওপৰত অধিক চাপ পৰিছে আৰু অনুস্ত কৃষি পদ্ধতিয়ে কৃষি ভূমিৰ উৰ্বৰতা কমাই আনিছে আৰু মাটি প্ৰদূষণত সহায় কৰিছে। খিলঞ্জীয়াসকলৰ যি সকলৰ জীৱন অৰণ্য কেন্দ্রিক তেওঁলোকে যধে মধে গছ-গছনি কটাৰ ফলত অৰণ্যৰ জীৱ-জন্ত আৰু উদ্ভিদৰ প্ৰাকৃতিক বাসস্থান বিলাক ধ্বংস হৈ জৈৱ বৈচিত্র্যতা লোপ পাইছে। খিলঞ্জীয়া সকলৰ বিভিন্ন কৰ্মৰাজীয়ে সমগ্ৰ বিশ্বৰ সাগৰ-মহাসাগৰ, অৰণ্য আৰু উপকূলীয় অঞ্চলসমূহৰ পৰিৱেশৰ প্ৰদূষণৰ মাত্ৰা ক্রমাগত বৃদ্ধি কৰিছে।

লগতে পঢ়ক:   সাম্প্রতিক দক্ষিণ এছিয়া Class 12 | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ ৰাজনীতি বিজ্ঞান

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12

প্র : ভূ-শীর্ষ সন্মিলনৰ বিষয়ে লিখা।
উঃ ১৯৯২ চনৰ জুন মাহত ব্রাজিলৰ ৰাজধানী চহৰ ৰিঅ’দা জেনেৰিঅ’ত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰসংঘৰ পৰিৱেশ আৰু উন্নয়ন বিষয়ক সভাখনে বিশ্ব ৰাজনীতিত পৰিৱেশ সংক্রান্তীয় বিষয়সমূহক গুৰুত্ব সহকাৰে প্ৰতিষ্ঠিত কৰাত প্ৰভূত বৰঙনি আহবঢ়ায়। বিশ্বৰ ১৭০ খন ৰাষ্ট্ৰ, হাজাৰোধিক বে-চৰকাৰী সংস্থা আৰু ভালেসংখ্যক বহুজাতিক প্রতিষ্ঠানে অংশ গ্ৰহণ কৰা এই ৰিঅ’ সভাখনক ‘ভূ-শীর্ষ সন্মিলন’ বুলি জনা যায়। ভূ-শীর্ষ সন্মিলনে’ জলবায়ু পৰিৱৰ্তন, জৈৱ- বৈচিত্ৰতা, বনানীকৰণ আদিৰ দৰে বিষয়মূহ অন্তৰ্ভুক্ত কৰি এক ২১ দফীয়া কাৰ্যসূচী গ্ৰহণ কৰিছিল। কিন্তু ই বহুতো অমীমাংসিত জটিল বিষয় এৰাই চলিলে। অৱশ্যে আর্থিক উন্নয়নৰ লগত পাৰিপাৰ্শ্বিক দায়বদ্ধতা সাঙুৰি লোৱাৰ ক্ষেত্ৰত ৰিঅ’ শীর্ষ সম্মিলনে ঐক্যমত পোষণ কৰে। ৰিঅ’ ঘোষণা পত্ৰত স্পষ্টকৈ উল্লেখ কৰা হৈছে যে “পৃথিৱীৰ পৰিস্থিতি তন্ত্ৰৰ সুৰক্ষা, সংৰক্ষণ আৰু সংবন্ধনৰ বাবে বিশ্বৰ ৰাষ্ট্ৰসমূহে বিশ্ব-অংশীদাৰিত্বৰ ভাবনাৰে উদ্বুদ্ধ হৈ সহযোগিতা কৰা উচিত।

প্র : “বিশ্বজনীন উমৈহতীয়া” মানে কি বুজা? “বিশ্বজনীন উমৈহতীয়া” ৰক্ষণা-বেক্ষণৰ বাবে তিনিটা ব্যৱস্থাৰ পৰামৰ্শ দিয়া।
উ : বিশ্বৰ উমৈহতীয়া (Global Commons) শব্দটোৱে আন্তঃর্জাতিক অতিৰাষ্ট্ৰীয় আৰু গোলকীয় সম্পদ তথা পৃথিৱীৰ সকলোবোৰ দেশৰ দ্বাৰা পৰিচালিত ঠাই-অঞ্চল আৰু সম্পদসমূহক বুজা যায়। পৃথিৱীৰ বিভিন্ন প্রাকৃতিক সম্পদসমূহ যেনে— সাগৰ মহাসাগৰ, বায়ুমণ্ডল, মহাকাশ আৰু এণ্টার্কটিকাক বিশ্বৰ উমৈহতীয়াত অন্তর্ভুক্ত কৰা হয়। এই উমৈহতীয়া অঞ্চল বা সম্পদ সমূহৰ ওপৰত কোনো ৰাষ্ট্ৰৰে একচেতীয়া অধিকাৰ নাথাকে আৰু সকলোৰে সহায় সহযোগিতাত ইয়াক পৰিচালনা কৰা হয়। বিশ্বজনীন উমৈহতীয়া ৰক্ষণা-বেক্ষণৰ বাবে প্রয়োজনীয় তিনিটা ব্যৱস্থা তলত আলোচনা কৰা হ’ল—

(১) এই উমৈহতীয়া ৰক্ষণা-বেক্ষণৰ বাবে সকলোবোৰ দেশৰে সম্পূৰ্ণ সহায় সহযোগিতাৰ প্ৰয়োজন। উমৈহতীয়া সম্পদসমূহৰ দ্বায়িত্ব সকলোৱে ল’ব লাগিব।
(২) উমৈহতীয়া সম্পদসমূহৰ ক্ষেত্ৰত উত্তৰৰ আৰু দক্ষিণৰ দেশসমূহৰ মাজত সংঘাত আছে। সেইফালৰ পৰা এইবোৰৰ ৰক্ষণা-বেক্ষণৰ বাবে উত্তৰৰ দেশবোৰৰ দ্বায়বদ্ধতা বেছি।
(৩) বিশ্বৰ উমৈহতীয়া সম্পদবোৰৰ উদ্‌ঘাটনৰ দিশটো খুউব গুৰুত্বপূৰ্ণ। পৃথিৱীৰ বেছিভাগ দেশেই নিজৰ আৰ্থিক আৰু ৰাষ্ট্ৰীয় স্বাৰ্থৰ বাবে এই সম্পদসমূহ ব্যৱহাৰৰ পোষকতা কৰে। ৰাষ্ট্ৰবিহীন এই সম্পদসমূহৰ সীমিত ব্যৱহাৰ কৰিও ইয়াৰ ৰক্ষণাবেক্ষণ কৰিব পাৰি।

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12

প্র : ১৯৯২ চনৰ ধৰিত্ৰী শীর্ষ সন্মিলনত কিমানখন ৰাষ্ট্ৰই ভাগ লৈছিল? বিকাশৰ সীমাবদ্ধতা নামৰ গ্ৰন্থখন কেতিয়া আৰু কোনে আৰু কিয় প্রকাশ কৰে?
উঃ ১৭০ খন ৰাষ্ট্ৰই। ক্লাব অবৰোম নামৰ এটা অগ্ৰণী বিশ্ব সংস্থাই ১৯৭২ চনত বিকাশৰ সীমাবদ্ধতা নামৰ গ্ৰন্থখন প্রকাশ কৰিছিল। এই গ্ৰন্থখনত জনবিস্ফোৰণে বিশ্বৰ সম্পদৰাজি উদং কৰাত দুৰ্ভাৱনা ব্যক্ত কৰা হৈছিল।

প্র : Kyoto Protocol কিয়’টো আচৰণবিধি কি? এই সন্মিলনে ভাৰতক কিয় ৰেহাই দিছিল?
উ: কিয়’টো আচৰণবিধি হ’ল এক আন্তঃৰাষ্ট্ৰীয় চুক্তি পত্ৰ পৰিমাণ হ্ৰাস কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰে। যি উন্নত ঔদ্যোগিক ৰাষ্ট্ৰসমূহে নিৰ্গমন কৰা সেউজগৃহ গেছৰ বর্তমানেও উন্নয়নশীল ৰাষ্ট্ৰবোৰে জনমুৰি নির্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমুৰি নিৰ্গমনৰ তুলনাত যথেষ্ট কম। সেয়েহে ভাৰতৰ দৰে উন্নয়নশীল দেশসমূহক কিয়’টো আচৰণ বিধি Kyoto Protocolৰ পৰা ৰেহাই দিয়া হৈছিল।

লগতে পঢ়ক:   পৰিকল্পিত বিকাশৰ ৰাজনীতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ HS 2nd Year

প্র : পৃথিৱীৰ উন্নয়নশীল দেশবোৰে কিয়’ৰ্ট প্ৰ’টকলত কিয় স্বাক্ষৰ কৰা নাছিল?
উ : পৰিৱেশ পৰিৱৰ্তন সম্পর্কীয় আন এখন আন্তঃৰাষ্ট্ৰীয় অধিৱেশন ১৯৯৭ চনত জাপানৰ কিয়’ট চহৰত অনুষ্ঠিত হয়। এই অধিৱেশনত বিষাক্ত গেছবোৰৰ নির্গমন সম্পর্কীয় আৰু কাৰ্বন নির্গমনৰ সমস্যাটো বহলাই আলোচনা কৰা হয়। এই আলোচনাত উন্নত আৰু উন্নয়নশীল দেশবোৰৰ দ্বায়বদ্ধতাৰ দিশটো তলত উল্লেখ কৰা হয়। উন্নয়নশীল উল্লেখ কৰা হ’ল-
দেশবোৰক কিয়’ট প্ৰ’টকলৰ পৰা ৰেহাই দিয়াৰ কাৰণসমূহ
(১) উন্নয়নশীল দেশবোৰৰ অৰ্থনৈতিক উন্নয়নৰ প্ৰক্ৰিয়া উন্নত দেশবোৰৰ তুলনাত বহু পিছপৰা।
(২) উন্নয়নশীল দেশবোৰৰ তুলনাত উন্নত দেশবোৰে অধিক পৰিমাণৰ কাৰ্বন নির্গমন কৰে।
(৩) উন্নয়নশীল দেশবোৰৰ ব্যাপক দৰিদ্ৰতা আৰু বিশাল জনসংখ্যাৰ বাবেও এই দেশবোৰক কিয়’ট প্ৰ’টকলৰ পৰা ৰেহাই দিয়া হয়।
(৪) উন্নত দেশবোৰৰ উদ্যোগীকৰণৰ প্ৰক্ৰিয়া উন্নয়নশীল দেশৰ তুলনাত বহু আগৰ পৰাই আৰম্ভ হৈছিল। সেয়েহে দায়বদ্ধতাৰ ফালৰ পৰা উন্নত দেশবোৰৰ দায়িত্ব অধিক।

পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12

প্র : পাৰিপাৰ্শ্বিকতা মানে কি বুজা? পাৰিপাৰ্শ্বিকতা দুষিতৰ কাৰণসমূহ বর্ণনা কৰা।
উ : পাৰিপাৰ্শ্বিকতা বুলিলে আমি সাধাৰণতে প্ৰকৃতিৰ লগত জড়িত বায়ু-পানী, গছ-গছনি, জীৱ-জন্তু, কীট-পতংগ আদিৰ সমষ্টিক বুজো। এই সকলোবিলাক লগ হৈ প্রাকৃতিক পৰিৱেশৰ সৃষ্টি হৈছে। ই এক স্বাভাৱিক আৰু গতিশীল প্ৰক্ৰিয়া। ইয়াৰ ওপৰত ভিত্তি কৰিয়েই মানৱ সভ্যতা গঢ় লৈ
উঠিছে। মানৱ পৰিৱেশ সম্পূৰ্ণৰূপে প্রাকৃতিক পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল। সেয়েহে, পাৰিপাৰ্শ্বিকতাৰ অৱক্ষয়ে মানৱ জীৱনলৈ ভাবুকি কঢ়িয়াই আনে।
ইয়াৰ অৱনতিৰ কাৰণসমূহ তলত আলোচনা কৰা হ’ল-

(১) উদ্যোগীকৰণ : উদ্যোগীকৰণ এক বিশ্বজনীন প্রক্রিয়া। প্ৰতিখন দেশৰে উন্নয়নৰ দিশবোৰ ইয়াৰ লগত জড়িত। সেইফালৰ পৰা ই এক এৰাব নোৱাৰা পৰিঘটনা। পৃথিৱীৰ বেছিভাগে উদ্যোগত (বিশেষকৈ তৃতীয় বিশ্বৰ দেশসমূহত) অবৈজ্ঞানিক সা-সৰঞ্জামৰ ব্যৱহাৰৰ ফলত উদ্যোগিক প্ৰদূষণে ভয়ংকৰ ৰূপ লৈছে। ইয়াৰ ফলত জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে সমস্যাসমূহ বৃদ্ধি পাইছে।

(২) প্রাকৃতিক সম্পদৰ উদ্‌ঘাটন : ৰাষ্ট্ৰবিলাকে নিজৰ ৰাষ্ট্ৰীয় আৰু অৰ্থনৈতিক স্বার্থ পূৰণৰ বাবে ব্যাপকহাৰত প্রাকৃতিক সম্পদসমূহক উদ্ঘাটন কৰিছে। তাৰোপৰি, বৰ্তমান এই সম্পদসমূহৰ অধিকাৰ একচাম পুঁজিপতিৰ হাতত যোৱাত ইয়াৰ ফলাফল আৰু অধিক বেয়া হৈছে।

(৩) বনাঞ্চল ধ্বংস : দ্রুতগতিত বাঢ়ি অহা জনসংখ্যা আৰু ব্যাপক উদ্যোগীকৰণে বনাঞ্চলৰ পৰিমাণ হ্ৰাস কৰি আহিছে। তাৰোপৰি, মানুহৰ প্ৰয়োজনীয়তায়ো বনাঞ্চল হ্রাস কৰাত অৰিহণা যোগাইছে।

প্র : বহনক্ষম উন্নয়ন কি?

উঃ পাৰিপাৰ্শ্বিকতা বিনষ্ট নকৰাকৈ কৰা উন্নয়নৰ ধাৰণাটোক বহনক্ষম উন্নয়ন বোলে।

প্র : গোলকীয় উষ্ণতা বৃদ্ধিত ইন্ধন যোগোৱা দুটা গেছৰ নাম লিখা।

উ: (১) মিথেন আৰু (২) কার্বন-ডাই-অক্সাইড

প্র : সাম্প্রতিক সময়ত অৰণ্য সুৰক্ষা আন্দোলন চলি থকা তিনিখন ৰাষ্ট্ৰৰ নাম লিখা।

উ: (১) চিলী (২) ব্রাজিল আৰু (৩) আফ্রিকা।

প্র : দক্ষিণ ভাৰত অৰণ্যত থকা পৰিত্ৰ কুঞ্জবনসমূহ কোনে পৰিচালনা কৰিছে?

উঃ পৰম্পৰাগতভাৱে গ্ৰাম্য সম্প্রদায়সমূহে পৰিচালনা কৰি আহিছে।

প্র : UNFCCEৰ সম্পূৰ্ণ নাম কি?

উঃ United Nations Framework Conventions on Climate Change.

Leave a Comment