হাতী Class 12 – হোমেন বৰগোহাঞি (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

হাতী Class 12 কবিতা – হোমেন বৰগোহাঞি ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 12 Question  Answer

বিষয়  ঐচ্ছিক অসমীয়া
পাঠৰ নাম হাতী
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ 12
কবি হোমেন বৰগোহাঞি
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

হাতী Class 12

প্রঃ নতুনৰ শোভাযাত্ৰাত ঠাই নোপোৱা, প্রাচীন হৈ যাব ধৰা পৃথিৱীৰ দুটা অথর্ব প্রতিনিধি।” এই বাক্যটি ক’ৰ পৰা উদ্ধৃত? ইয়াত উল্লেখ কৰা অথর্ব প্রতিনিধি দুটা কোন কোন।
উঃ উদ্ধৃত বাক্যশাৰী আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত হোমেন বৰগোহাঞিৰ ৰচিত ‘হাতী’ গল্পটিৰ পৰা উদ্ধৃত। ইয়াত উল্লেখিত অথর্ব প্রতিনিধি দুটা হ’ল বলোৰাম মেধি আৰু তেওঁৰ বাপধন নামৰ হাতীটো।

প্র : হোমেন বৰগোহাঞিৰ দুখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিৰ দুখন আত্মজীৱনীমূলক গ্ৰন্থৰ নাম হ’ল– (১) আত্মানুসন্ধান আৰু (২) মোৰ সাংবাদিক জীৱন।

প্রঃ কি ক’লি। বাপধনক বেচি মটৰ কিনিব খোজ? এনেকৈ কোনে, কাক, কিয় প্রশ্ন কৰিছিল?
উ : উক্ত কথাফাকি বলোৰাম মেধিয়ে তেওঁৰ পুতেকহঁতক কৈছিল। পুতেকহঁতে ‘বাপধন’ নামৰ হাতীটো বিক্ৰী কৰি মটৰ গাড়ী এখন ল’বলৈ বিচৰাৰ কথা শুনি বলোৰাম মেধিয়ে উত্তেজিত হৈ তেনেদৰে কৈছিল।

প্রঃ হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা একমাত্র কাব্য সংকলনখনৰ নাম কি?
উঃ হোমেন বৰগোহাঞিদেৱে ৰচনা কৰা একমাত্র কাব্য সংকলনখনৰ নাম হৈছে– হৈমন্তী।

প্রঃ হোমেন বৰগোহাঞিৰ দুখন গল্প পৃথিৰ নাম লিখা।
উঃ হোমেন বৰগোহাঞিৰ দুখন গল্প পুথিৰ নাম হ’ল— (১) ‘বিভিন্ন কোৰাছ’ (২) প্ৰেম আৰু মৃত্যুৰ কাৰণে।

প্র : বলোৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিলে?
উঃ বলোৰাম মেধিয়ে শেষত মাউত ৰাতিয়াক দান কৰিলে।

প্র : বলোৰাম মেধিয়ে নিজৰ কিমান বছৰ বয়স হওঁতে এটা হাতী কিনি আনিছিল?
উঃ বলোৰাম মেধিয়ে নিজৰ ২৫ বছৰ বয়স হওঁতে এটা হাতী কিনি আনিছিল।

প্র : ‘ঘটনাটো ঘটিল বুঢ়াৰ সৰু পুতেকৰ বিয়া উপলক্ষে।” কি ঘটনাৰ কথা কোৱা হৈছে? বুঢ়া আৰু তেওঁৰ সৰু পুতেকৰ নাম কি?
উ : ‘হাতী’ গল্পৰ বৰ্ণনা অনুসৰি বুঢ়াৰ সৰু পুতেকে নিজৰ বিয়াৰ দিনাখন দৰা সাজি কইনা ঘৰলৈ যাবৰ সময়ত বাপেকৰ ইচ্ছাক আৰু পৰম্পৰাক গুৰুত্ব নিদি হাতীত নুঠি এম্বেছেদৰত উঠি যোৱা ঘটনাৰ কথা ইয়াত উল্লেখ কৰা হৈছে। বুঢ়াই পুতেকক কণমইনা, তই মটৰৰ পৰা নামি আহ, নামি আহ, তই হাতীতে যাব লাগিব বুলি চিঞৰি উঠিল কিন্তু কামত নাহিল। বুঢ়াৰ নাম বলোৰাম মেধি আৰু তেওঁৰ সৰু পুতেকৰ নাম কণমইনা আছিল।

হাতী Class 12

প্র : ‘হাতী’ গল্পত মূল্যবোধৰ অৱক্ষয়ৰ চিত্ৰ কেনেদৰে অঙ্কিত হৈছে তাৰ এটি আভাষ দিয়া।

উ : ‘হাতী’ নামৰ গল্পটিত হোমেন বৰগোহাঞিয়ে প্ৰজন্মৰ ব্যৱধানে কেনেদৰে মূল্যবোধৰ অৱক্ষয় কৰে তাক সুন্দৰকৈ অংকন কৰিছে। বলোৰাম মেধি আৰু ‘বাপধন’ নামৰ মৰমৰ হাতীটোৰ প্ৰতি সময় বাগৰাৰ লগে লগে পুতেকহঁতে কিদৰে হাতীটোক অনাদৰ কৰিলে তাকে বুজাইছে। এটা মূল্যৱান বস্তু প্ৰজন্মৰ ব্যৱধানত কিদৰে মূল্যহীন হৈ পৰে তাকো লেখকে সুন্দৰকৈ প্ৰকাশ কৰিছে।

ধনে-ধানে, মাটি-বাৰীয়ে বলোৰাম মেধি মৌজাখনৰ ভিতৰত জাকত জিলিকা আছিল। সেই সময়ত আজিৰ দৰে গাড়ী-মটৰ কম আছিল। হাতী-ঘোঁৰাই সেই সময়ৰ অভিজাত বাহন বুলি বিবেচিত হৈছিল। ঘৰখনৰ আভিজাত্য বঢ়াবলৈ বলোৰামেও চাৰি কুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি হাতী এটা কিনি তাক বাপধন নাম দিছিল। বলোৰামৰ মনত সেই হাতীটো অকল অভিজাত বাহনেই নাছিল, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক স্বৰূপ।

এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত সেই হাতীটোৰ পিঠিতে উঠি আহিছিল। আনকি জিলাৰ ডা- ডাঙৰীয়া আহিব লগা হ’লেও মেধিৰ ঘৰত আলহী হৈছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি, মানুহে ক’বলৈ ধৰিলে। বলোৰাম মেধিয়েও হাতীটোক ঘৰৰ লক্ষ্মী বুলি ভাবিলে। কিন্তু বলোৰামৰ সামাজিক মূল্যবোধ তথা হাতীটোৰ প্ৰতি থকা মূল্যবোধ বেছি স্থায়ী হ’বলৈ নাপালে।

তেওঁৰ পিছৰ প্ৰজন্মই হাতীটোক মূল্য দিব নোৱাৰিলে। বলোৰামৰ পুতেকহঁতৰ মতে মটৰ গাড়ী এখন নহ’লে কোনেও আজিকালি আচল ধনী বুলি নাভাবে। পুতেকহঁতৰ মতে পদুলি মুখত মটৰ গাড়ী এখন থিয় কৰিব পাৰিলেহে আভিজাত্য বাঢ়ে। তেওঁলোকৰ মতে হাতী ৰখাটো এক বাজে খৰচহে। গতিকে সিহঁতৰ মনত আজিৰ যুগত খাপ নোখোৱা আও পূৰণি আৰু মূল্যহীন হাতীটো বিক্ৰী কৰি মটৰ-গাড়ী এখন কিনাৰ চিন্তাই ঠাই পালে। এই কথা শুনি বলোৰাম মেধিয়ে উত্তেজিত হৈ চিঞৰি উঠিল ‘কি কলি? বাপধনক বেচি মটৰ কিনিব খোজ কি কলি আৰু এবাৰ কচোন। আনহাতে পুতেকহঁতে সামান্য হাতীটো বিক্ৰী কৰাক কেন্দ্ৰ কৰি বাপেকৰ খং উঠা কাৰণে ভাবি বিমুঢ় হৈ পৰিল। উপায়হীন হৈ পিছদিনাই পুতেকহঁতে বেংকৰ টকা উলিয়াই এখন এম্বছেদৰ গাড়ী কিনি আনিলে।

লগতে পঢ়ক:   বর্ষা বর্ণন Class 12 কবিতা – শ্ৰীশংকৰদেৱ ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

হাতী বলোৰাম মেধিৰ বাবে আভিজাত্যৰ প্ৰতীকৰ উপৰিও তেওঁৰ জীৱনৰ সংগী, পুত্ৰসম, ঘৰৰ লক্ষ্মী সেই হাতীটো তেওঁৰ পুতেকহঁতৰ বাবে আওপুৰণি, মূল্যহীন আজিকালি চৰকাৰী বিষয়াসকলেও হাতীটোৰ পৰিৱৰ্তে বৰমইনাহঁতৰ মটৰখনহে বিচাৰে। বলোৰাম মেধিয়ে হাতীটো লাহে লাহে ঘৰখনত অৱহেলিত হৈ অহাটো অনুভ কৰি বেজাৰ পাইছিল।

মূল্যবোধৰ অৱক্ষয়ৰ আন এক চিত্র দেখা যায় বলোৰাম মেধিৰ সৰু পুতেক কনমইনাৰ বিয়াত সম্ভ্ৰান্ত ঘৰৰ দৰাই হাতীত উঠি কইনা ঘৰলৈ যোৱাটোহে নিয়ম আছিল বাবে বলোৰামেও কইনা আনিবলৈ পুতেকক হাতীত যোৱাটোকে বিচাৰিছিল। কিন্তু তেওঁৰ পুতেকহঁতে হাতীৰ পৰিৱৰ্তে মটৰ- গাড়ীত যোৱাটোহে আভিজাত্যৰ চিন বুলি ভাবিছিল। বিয়াৰ দিনা বৰমইনাৰ কথা মতেই কণমইনাই দৰা সাজি এম্বচেদৰ গাড়ীতহে উঠিল। বলোৰাম আৰু তেওঁৰ হাতী ‘বাপধন’ মূল্যহীন হৈ পৰিল। ‘হাতী’ নামৰ গল্পটিত বৰ মৰ্মস্পর্শী ৰূপত এনেদৰে মূল্যবোধৰ অৱক্ষয়ৰ চিত্র উপস্থাপন কৰিছে।

Class 12 Advance Assamese Lesson 12

প্র : বলোৰাম মেধি কোন? তেওঁ কিয় হাতী কিনিছিল? হাতীটো পিছত কি হ’ল?
উঃ হোমেন বৰগোহাঞিৰ ‘হাতী’ নামৰ গল্পটোৰ প্ৰধান চৰিত্ৰ হল বলোৰাম মেধি। তেওঁ প্রতিপত্তিশালী লোক আছিল। বলোৰাম মেধি ডেকা বয়সত, অর্থাৎ আজিৰ পৰা প্ৰায় তিনিকুৰি বছৰৰ আগতে, আজিকালিৰ দৰে আলি-পদুলিও নাছিল মটৰ গাড়ীও নাছিল, একমাত্র হাতী-ঘোঁৰাই সেই সময়ত গাঁৱে-ভূঞে অভিজাত বাহন বুলি বিবেচিত হৈছিল। বলোৰাম মেধি যেতিয়া পঁচিশ বছৰীয়া চফল ডেকা, সেই সময়তে তেওঁ হঠাৎ এদিন আৱিষ্কাৰ কৰিলে যে ধনে-ধানে মাটিয়ে বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছে, এই সময়তে ঘৰৰ পদুলিমুখত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ অভিজাত্যৰ গৰিমা ষোলকলা পূর্ণ হয়। কথাষাৰ মনত উদয় হোৱাৰ লগে লগে চাৰি কুঠলীয় ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে আৰু মৰমতে তাৰ নাম থ’লে বাপধন। সেইদিন ধৰি বাপধনে তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই এখন আসন পাই আহিছে। এইবোৰ দেখি-শুনি মানুহে ক’বলৈ ধৰিলে আৰু বলোৰামৰো বিশ্বাস হবলৈ ধৰিলে যে বাপধনৰ যহতেই এই সকলোবোৰ হৈছে, বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী। বাপধনক তেওঁ নয়নৰ মণি যেন জ্ঞান কৰিবলৈ ধৰিলে। নিজে সদায় আগত থাকি তেওঁ গা ধুৱাই দিয়ে, তাৰ গা-মূৰ পিটিকি আদৰ কৰি কথা পাতে যে মানুহে শুনিলে ভাবিব, বহুত দিন ধৰি হেৰুওৱা পুতেক এটাকহে যেন তেওঁ ঘূৰাই পাইছে।

নতুন আৰু পুৰণিৰ মাজত হোৱা মূল্যবোধৰ সংঘাতত মর্মান্তিক পৰিস্থিতিত পৰি হাতীটোৰ মাউত ৰাতীয়াক বলোৰাম মেধিয়ে হাতীটো দান কৰিছিল। বলোৰাম মেধিয়ে কৈছিল— “ৰাতিয়া, এইখন ঘৰত আৰু এক মুহূৰ্তও বাপধনৰ কথা নচলিব। বাপধনক মই তোৰ হাতত দান কৰি দিলো, আজিৰ পৰা তই বাপধনৰ মাউত নহয়, গৰাকী। যা, যা, সিহঁত ঘূৰি অহাৰ আগতেই তই বাপধনক লৈ তোৰ নিজৰ ঘৰলৈ গুচি যা। শুনিছনে নাই, ৰাতিয়া।”

প্র : বাপধনক কেন্দ্ৰ কৰি বাপেক-পুতেকৰ মাজত কেনেধৰণৰ কাজিয়াৰ (সংঘাতৰ) সূত্ৰপাত হৈছিল,লিখা।
উ : ‘বাপধন’ নামৰ হাতীটোক কেন্দ্ৰ কৰি বাপেক বলোৰাম মেধি আৰু পুতেক বৰমইনাৰ মাজত কাজিয়া (সংঘাত)ৰ সূত্রপাত হৈছিল। মূলতঃ পুৰণি আৰু নতুনৰ মাজত মূল্যবোধৰ সংঘাতেই হৈছে এই সংঘাত। বলোৰাম মেধি সমাজৰ এজন প্ৰতিপত্তিশালী লোক আছিল। সেই সময়ত হাতী-ঘোঁৰা থকাটো অভিজাত্যৰ চিন আছিল। সেয়েহে বলোৰাম মেধিয়েও ঘৰখনৰ আভিজাত্য বঢ়াবলৈ চাৰি কুঠৰলীয়া ভঁৰাল এটি বিক্ৰী কৰি হাতী কিনি মৰমতে নাম থৈছিল বাপধন।

লগতে পঢ়ক:   কাঞ্চনজঙ্ঘা বুৰঞ্জী Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

বলোৰামৰ মনত সেই হাতীটো অকল আভিজাত্যৰ বাহনেই নহয়, ই আছিল তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীকস্বৰূপ। বাপধনক তেওঁ কোনোদিনে ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাছিল, বাপধন তেওঁৰ সংসাৰৰ বাবে এটা মহমূল্য অলংকাৰহে আছিল। এবাৰ জিলাৰ ইংৰাজ বৰচাহাব মৌজালৈ আহিবলগা হোৱাত এই হাতীটোৰ পিঠিত উঠি আহিছিল। হাতীটোৰ বাবেই বলোৰাম মেধিৰ মান-সম্মান বৃদ্ধি হোৱা বুলি তেওঁ ভাবিছিল। হাতীটোৰ বাবে বলোৰাম মেধিয়ে ঘৰৰ অৱস্থা লাহে লাহে উন্নত হ’বলৈ ধৰিলে। সাতোটা পুত্ৰ-সন্তান আৰু তিনিজনী কন্যাৰে ঘৰ ভৰি পৰিল। বাপধন হৈ পৰিল বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী। ইয়াত হাতীটো হৈছে পুৰণি মূল্যবোধৰ প্রতীক।

আনহাতে বলোৰাম মেধিৰ ল’ৰা বৰমইনাহঁত ডাঙৰ হৈ বেছি ধনী আৰু ব্যৱসায়ী হৈ পৰিল। তেওঁলোকৰ মতে পদূলিমুখৰ গেৰেজত মটৰ এখন ৰাখিব পাৰিলেহে আভিজাত্য বাঢ়ে। তেওঁলোকে ভাবে মটৰ গাড়ীৰ যুগত হাতীৰ কোনো ব্যৱহাৰিক প্ৰয়োজন নাই। সেয়েহে হাতীটো বিক্ৰী কৰি কেইহাজাৰমান টকা উলিয়াইব পাৰি। সেয়েহে আটাইকেইটা ভাই-ককায়ে এই কথা আলচ কৰি খুব সহজভাৱে বাপেকৰ আগত কথাষাৰ উলিয়ালে। কথাষাৰ কাণত পৰা মাত্ৰে পুতেকহঁহত হতবাক কৰি দি বুঢ়াই ভীষণ উত্তেজিত হৈ চিঞৰি উঠিছিল, ‘কি কলি? বাপধনক বেছি মটৰ কিনিব খোজ? কি কলি আৰু এবাৰ ক’চোন। পুতেকহঁতৰ দৃষ্টিত হাতী ৰখাটো এক বাজে খৰচ। গতিকে সিহঁতে হাতীটো বিক্ৰী কৰি মটৰ গাড়ী এখন ক্ৰয় কৰাৰ কথা চিন্তা কৰিছিল। বৰমইনাহঁতৰ বাবে মটৰ গাড়ী নতুন মূল্যবোধৰ প্রতীক। এইদৰে নতুন আৰু পুৰণি মূল্যবোধক কেন্দ্ৰ কৰিয়েই বাপেক আৰু পুতেকৰ মাজত সংঘাতৰ সূত্ৰপাত হৈছিল।

Class 12 Advance Assamese Lesson 12

প্র : শূন্য বিয়া ঘৰৰ পদূলিমুখত স্তব্ধ স্তম্ভিত হৈ ৰ’ল কেৱল বলোৰাম বুঢ়া আৰু বাপধন।’ বিয়াঘৰৰ পদূলিমমুখত বুঢ়া আৰু বাপধন স্তব্ধ হৈ ৰোৱাৰ কাৰণ কি? তেওঁলোকে বৰযাত্ৰী নহ’ল কিয়?
উ : বাপধনৰ অবিহনে বলোৰাম মেধিৰ ঘৰৰ বিয়া এখনো হোৱা নাই বাবে কনমইনাৰ বিয়াখনো হাতীটো নোহাৱাকৈ নহয় বুলি ভাবিছিল। তেওঁৰ পুত্ৰ বৰমইনাই দৰা ঘৰৰ ফাষ্টক্লাছখনত যাব বুলি দেউতাকক ক’লে যদিও দেউতাকে দৰা বাপধনত উঠিহে যাব বুলি ক’লে। কণমইনাৰ বিয়াৰ দিনাখন দৰা হাতীত উঠি যাব বুলি বাপেক বলোৰামে ৰাতিপুৱাৰে পৰাই হাতীটোক নৈৰ ঘাটত ঘা ধুৱাই নিজ হাতেৰে অলংকাৰেৰে সজাই পদূলিমুখত সাজু কৰি ৰাখিছিল। হঠাতে বৰমইনাই দেউতাকক ক’লে “তোমাক দেখোন কৈছিলোৱেই পিতা, দৰা গাড়ীতহে যাব বুলি। তুমি মিছা-মিছিকৈ হাতীটো সজাই মৰিছা কিয়? তাৰ পাছত কিন্তু কণমইনাই দৰা সাজি হাতীত মুঠি এম্বেচাদৰ গাড়ীত উঠিল৷ দেউতাকে পাগলৰ দৰে হৈ বহাৰ পৰা কঁপি কঁপি উঠি আকৌ চিঞৰি উঠিল “কণমইনা তই মটৰৰ পৰা নামি আহি হাতীত যা”। কিন্তু বুঢ়াৰ ইচ্ছাক উপেক্ষা কৰি দৰা গুচি গ’ল।

এনে অৱস্থাত শোক-অপমানত ম্রিয়মান হৈ শূন্য বিয়া ঘৰৰ পদুলিমুখত বলোৰাম আৰু হাতীটো স্তব্ধ হৈ ৰৈ থাকিল। বলোৰাম মেধি আৰু বাপধন বিয়াখনৰ বৰযাত্ৰী হ’ব নোৱাৰিলে। দেউতাকৰ ইচ্ছাক উপেক্ষা কৰি হাতীত উঠি যোৱাৰ পৰিৱৰ্তে মটৰ গাড়ীত যোৱাত দেউতাক মর্মাহত হ’ল। তেনে অৱস্থাত উপেক্ষিত দেউতাক বলোৰাম আৰু ‘বাপধন’ নামৰ হাতীটো বৰযাত্ৰী হ’ব নোৱাৰিলে।

হাতী Class 12

প্র : ‘এন্ধাৰতে নিবিড় মিলন সম্ভাষণত মগ্ন অৱস্থাত হাতে হাতে ধৰা পৰি যোৱা প্ৰণয়ী যুগলৰ দৰে বুঢ়া আৰু বাপধন দুয়ো অতি সংকুচিত দৃষ্টিৰে দুয়ো আড়ষ্ট হৈ ৰ’ল।’
—ইয়াত ‘বুঢ়া’ বুলি কাৰ কথা কোৱা হৈছে। বাপধন কোন? এই সম্পর্কত দৃশ্যমান হোৱা পৰিস্থিতিটো বর্ণনা কৰা।
উ : ইয়াত ‘বুঢ়া’ বুলি বলোৰাম মেধিক বুজোৱা হৈছে। ‘বাপধন’ হৈছে বলোৰাম মেধিৰ হাতীটোৰ নাম। আহাৰ মাহৰ গধুলি পৰত বলোৰাম মেধিয়ে পিৰালিত জুপুকা মাৰি বহি আছিল। তেওঁ বুঢ়া হৈ আহিছিল বাবে চকু আৰু কাণৰ শক্তি কমি আহিছিল। সেয়েহে কোনোবাই কথা ক’ব বিচাৰিলে কাণৰ ওচৰত গৈ চিঞৰি চিঞৰিহে ক’ব লাগিছিল। সেয়েহে বিশেষ দৰকাৰ নহ’লে কোনেও তেওঁৰ লগত কথা পতা নাছিল। সেই বাবে বুঢ়াই নিজকে বৰ অকলশৰীয়া আৰু অৱহেলিত অনুভৱ কৰিছিল।

লগতে পঢ়ক:   মোৰ গাঁও Class 12 – ডিম্বেশ্বৰ নেওগ (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

এনেতে তেওঁৰ গাৰ কাষেৰে কোনোবা পাৰ হৈ যোৱা বুলি গম পাই বুঢ়াই মাত লগালে, ‘কোন অ’ সেইটো? ৰাতিয়া নেকি ? ৰাতিয়া আছিল হাতীৰ মাউত। ৰাতিয়াই উত্তৰ নিদি গম গমকৈ ভিতৰলৈ সোমাই গ’ল। ৰাতিয়াৰ হৈ ‘বাপধন’ নামৰ হাতীটোৱে শুৰডাল মেলি বলোৰাম বুঢ়াৰ কপালখন স্পৰ্শ কৰি উত্তৰ দিলে। হাতীটোৰ স্পৰ্শত শিহৰিত হৈ বুঢ়াই শুৰডালত ধৰি মৰমেৰে হাত বুলাবলৈ ধৰিলে। অলপ পিছতে বুঢ়াৰ বৰপুতেক বৰমইনাৰ মটৰ গাড়ীখনৰ হেডলাইটৰ তীব্র পোহৰে চোতালখন আলোকিত কৰি ঘৰৰ দুৱাৰমুখত আহি থিয় হ’ল। এনে পৰিস্থিতিত বুঢ়া আৰু বাপধন এহাল প্রেমিক-প্রেমিকাই নিবিড় মিলন সম্ভাষণত হাতে লোটে ধৰা পৰাৰ দৰে কিংকর্তব্যবিমূঢ় হৈ পৰা বুলি লিখকে কৈছে।

প্র : ‘সিতো কেৱল এটা হাতী নহয়, কেৱল এটা অভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্রতীক।’—ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি কাৰ জীৱনৰ প্ৰসংগত কোৱা হৈছে। কথাখিনিৰ তাৎপৰ্য ব্যাখ্যা কৰা।
উ: ইয়াত হাতীৰ বিষয়ে কোৱা কথাখিনি বলোৰাম মেধিৰ জীৱনৰ প্ৰসংগত অৱতাৰণা কৰা হৈছে। বলোৰাম মেধি যেতিয়া ডেকা আছিল তেতিয়া আজিৰ দৰে আলি-পদুলি আৰু মটৰ গাড়ীও নাছিল একমাত্র হাতী-ঘোঁৰাই গাৱে-ভূঞে আভিজাত্য বহন কৰিছিল তেতিয়া ধনে- ধানে, মাটিয়ে-বাৰীয়ে তেওঁৰ ঘৰৰ অৱস্থা মৌজাখনৰ ভিতৰতে জাকত জিলিকা হৈ পৰিছিল, সেই সময়তে ঘৰৰ পদূলিমুখত দঁতাল হাতী এটা বান্ধিব পাৰিলেই তেওঁৰ আভিজাত্যৰ গৰিমা ষোলকলা পূর্ণ হব বুলি ভাবিছিল। কথাষাৰ মনত উদয় হোৱাৰ লগে লগেই চাৰিকুঠলীয়া ভঁৰাল এটা বিক্ৰী কৰি তেওঁ হাতী এটা কিনি আনিলে আৰু আদৰতে নাম থ’লে বাপধন। সেইদিন ধৰি বাপধন তেওঁৰ হৃদয়ত বৰপুত্ৰৰ দৰেই এখন আসন পাই আহিছে।

বাপধনক তেওঁ কোনোদিন ভাৰবাহী পশু হিচাপে ব্যৱহাৰ কৰা নাই। হাতীটো তেওঁৰ বাবে মহামূল্য অলংকাৰ। হাতীটো কিনাৰ পৰাই তেওঁৰ প্ৰতিপত্তি আৰু সন্মান বাঢ়িল। এবাৰ জিলাৰ বৰচাহাব মৌজালৈ আহোতে পাঁচটা হাতীৰ ভিতৰত সুন্দৰ আৰু উপযুক্ত বুলি ঠিক কৰে তেওঁৰ বাপধনকে। বৰচাহাবেও হাতীটোক আৰু মালিক বলোৰাম মেধিক বৰ প্ৰশংসা কৰিছিল। শত্ৰুৰ মুখত ছাই দি বাপধনে সেইদিনা তেওঁৰ ঘৰলৈ অভাৱনীয় সম্মান আনি দিছিল। কিয়নো ৰজাই ভাল দেখে যাক, ভেটি ভাৰো নালাগে তাক। জিলাৰ পৰা ডা-ডাঙৰীয়া হাকিম-বিষয়া মৌজালৈ আহিলে তেওঁৰ ঘৰতে আলহী হোৱা হ’ল। লাহে লাহে বলোৰাম মেধিৰ ঘৰৰ অৱস্থা দোপতদোতে  উন্নতি হ’বলৈ ধৰিলে, সাতোটা পুত্র সন্তান আৰু তিনিজনী কন্যা সন্তানেৰে তেওঁৰ ঘৰ ভৰি পৰিল।

এইবোৰ দেখি-শুনি মানুহে ক’বলৈ ধৰিলে আৰু বলোৰামৰো বিশ্বাস হ’বলৈ ধৰিলে যে বাপধনৰ যহতেই এই সকলোবোৰ হৈছে, বাপধন বলোৰাম মেধিৰ ঘৰৰ লক্ষ্মী। বাপধনক তেওঁ নয়নৰ মণি যেন জ্ঞান কৰিবলৈ ধৰিলে। নিজে সদায় আগত থাকি তেওঁ তাৰ গা ধুৱাই দিয়ে, যত্ন কৰি আহাৰ খুৱায়, গধূলি সি ঘৰ সোমোৱাৰ লগে লগে তেওঁ এনেকৈ তাৰ গা- মূৰ পিটিকি আদৰ কৰি কথা পাতে যে মানুহে শুনিলে ভাবিব বহুত দিন ধৰি হেৰুওৱা পুতেক এটাকহে যেন তেওঁ ঘূৰাই পাইছে। সেয়েহে মেধিৰ মতে হাতীটো কেৱল এটা হাতীয়ে নহয়, কেৱল এটা আভিজাত বাহনো নহয়, সি যে তেওঁৰ জীৱনৰ সাফল্যৰ প্ৰতীক।

প্র : বলোৰাম মেধিয়ে নিজৰ কিমান বছৰ বয়স হওঁতে এটা হাতী কিনি আনিছিল?

উঃ বলোৰাম মেধিয়ে নিজৰ ২৫ বছৰ বয়স হওঁতে এটা হাতী কিনি আনিছিল।

প্র : বলোৰাম মেধিয়ে শেষত হাতীটো কাক দান কৰিলে?

উঃ বলোৰাম মেধিয়ে শেষত মাউত ৰাতিয়াক দান কৰিলে।

প্রঃ হোমেন বৰগোহাঞিৰ দুখন গল্প পৃথিৰ নাম লিখা।

উঃ হোমেন বৰগোহাঞিৰ দুখন গল্প পুথিৰ নাম হ’ল— (১) ‘বিভিন্ন কোৰাছ’ (২) প্ৰেম আৰু মৃত্যুৰ কাৰণে।

Leave a Comment