বর্ষা বর্ণন Class 12 কবিতা – শ্ৰীশংকৰদেৱ ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া |Class 12 Advance Assamese Lesson 1 Question Answer
বিষয় | ঐচ্ছিক অসমীয়া |
পাঠৰ নাম | বর্ষা বর্ণন |
উপলব্ধ | গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ |
পাঠ | ১ |
কবি | শ্ৰীশংকৰদেৱ |
শ্ৰেণী | দ্বাদশ শ্ৰেণী |
পাঠ্যক্ৰম | অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC) |
বর্ষা বর্ণন Class 12
বর্ষা বর্ণন শ্ৰীশংকৰদেৱ
প্র: বর্ষা বর্ণন কাব্যাংশ কোনখন পুথিৰ পৰা অনা হৈছে?
উঃ বর্ষা বর্ণন কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতৰ দশম স্বদ্ধ পুথিখনৰ পৰা অনা হৈছে।
প্র : ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্যগ্ৰহৰ নাম লিখা।
উ : ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্যগ্ৰহৰ নাম হ’ল– ‘ৰুক্মিণী হৰণ’।
প্র : শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ-ভাঙনি কৰিছিল?
উঃ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ডৰ পদ-ভাঙনি কৰিছিল।
প্র : পৰীক্ষিত ৰজাৰ আগত কোনে বৰ্ষাৰ বৰ্ণনা দিছিল?
উ : পৰীক্ষিত ৰজাৰ আগত শুক মুনিয়ে বৰ্ষাৰ বৰ্ণনা দিছিল।
প্র : ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি কোন?
উঃ ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি হ’ল— শ্ৰীশংকৰদেৱ।
প্র : ‘বর্ষা বর্ণন’ কবিতাটিৰ উৎস গ্রন্থ কি? এই কবিতাটিৰ কবিজনৰ এখন কাব্যগ্রন্থৰ নাম লিখা।
উঃ ‘বর্ষা বর্ণন’ কবিতাৰ উৎস গ্রন্থ হ’ল- দশম স্কন্ধ ভাগৱত। এই কবিতাটোৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত এখন কাব্যগ্রন্থৰ নাম হ’ল— ‘ৰুক্মিণী হৰণ কাব্য’।
প্র: শ্ৰীশংকৰদেৱ কোন যুগৰ কবি?
উ : শ্রীশংকৰদেৱ বৈষ্ণৱ যুগৰ কবি।
প্র : শ্ৰীশংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি?
উ : শ্ৰীশংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হ’ল- নৱ বৈষ্ণব ধর্ম।
প্র : নিৰ্গুণ ইন্দ্ৰধনুৰ বৰণ কেইটা?
উ : নিৰ্গুণ ইন্দ্ৰধনুৰ বৰণ পাঁচটা দৃশ্যমান হয় যদিও ইয়াৰ ৰঙ সাতটা।
প্র: ‘মুষলধাৰে মেঘ বৰষিল’— ইয়াৰ মুষলধাৰ কি অৰ্থত হৈছে?
উ : ইয়াত মুষলধাৰ শব্দই ডাঙৰ ডাঙৰ টোপালেৰে অহা ধাৰাসাৰ বৰষুণক বুজাইছে।
প্র : ‘কৰিলে গুৱালী পলুৰংগা থানে থান’— পলুৰংগা মানে কি?
উ : ইয়াত পলুৰংগা শব্দই বাৰিষাকালত সৃষ্টি হোৱা কণ কণ মাটিৰ দ’ম বা কেঁচুমটাক বুজাইছে।
প্র : ‘পৰ্বতৰ নিঝনৰ নাদ শুনি আতি’— নিঝন মানে কি?
উ : নিঝন মানে নিজৰা বা জুৰি।
প্র : ‘লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক’— ‘তিৰিমিৰি শব্দৰ অৰ্থ কি?
উ : “তিৰিমিৰি’ শব্দৰ অৰ্থ হ’ল তিৰবিৰণি।
প্র : শংকৰদেৱৰ ৰচিত দুখন নাটকৰ নাম লিখা
উঃ শংকৰদেৱৰ ৰচিত দুখন নাটকৰ নাম হ’ল-
(১) কালীয় দমন আৰু (২) পাৰিজাত হৰণ।
প্র : ‘আঠ মাস নিলে ৰশ্মি পৃথিৱীৰ সত্ত্ব’— ‘সত্ত্ব’ শব্দই কি বুজাইছে?
উঃ সত্ত্ব শব্দই পৃথিৱীৰ ৰস বা জীপ বুজাইছে।
প্রঃ ‘লাগৈ তিৰিমিৰি আসি চক্ষুত ঝমক।।’
-কি প্ৰসংগত এনেদৰে কোৱা হৈছে বুজাই লিখা।
উঃ বাৰিষাকালত বৰ জোৰেৰে বতাহ বলে আৰু গোটেই আকাশ আৱৰি মেঘৰ মহা আন্দোলন হয়। আকাশত মেঘৰ মাজত ঘনে ঘনে বিজুলীৰ তিৰবিৰণি চকুত পৰি চকু ছাট মাৰি ধৰি একো নেদেখা হয়। এই প্রসংগতেই কবিয়ে এনেদৰে কৈছে।
বর্ষা বর্ণন Class 12
প্র :বৰ্ষা বৰ্ণন কবিতাটিৰ মাজেৰে বৰ্ষা কালৰ বৰ্ণনা কেনে ধৰণেৰে দিয়া হৈছে
উ : শ্ৰীমন্ত শংকদেৱৰ “বৰ্ষা বৰ্ণন’ কবিতাটো দশম স্কন্ধ ভাগৱতৰ পৰা তুলি ধৰা হৈছে। ইয়াত বাৰিষা কালৰ এটি মধুৰ চিত্ৰ কবিয়ে অংকন কৰিছে। গ্রীষ্মকালৰ অন্তত আৰম্ভ হোৱা বৰ্ষাকালত তীৰ বেগত বলা বতাহে প্ৰৱল কোলাহলৰ সৃষ্টি কৰে। এই সময়ত সমগ্র আকাশ মেঘেৰে ঢাক খাই পৰে। মেঘে মেঘে হোৱা সংঘৰ্ষত উৎপন্ন হোৱা বিজুলীয়ে সকলোৰে চকু ছাট মাৰি ধৰে তেতিয়া চন্দ্ৰ- সূৰ্য নক্ষত্ৰৰাজি আকাশত হেৰাই যায়। মুষলধাৰে হোৱা বৰষুণৰ পানীয়ে পৃথিৱী ধুৱাই পেলাই খাল-বাম একাকাৰ হয়। নদ-নদী, জান-জুৰিৰে পানী প্রবাহিত কৰি তোলে।
গ্রীষ্ম কালৰ প্ৰখৰ ৰদত শুকাই যোৱা তৰু-লতা, গছ-গছনি বাৰিষাৰ জীপাল পৰশত পুনৰ ঠন ধৰি উঠে। প্রকৃতিয়ে মনোমোহা সেউজ বৰণ ধাৰণ কৰে। মেঘৰ নাদ শুনি ভেকুলীবোৰে টোৰ- টোৰাবলৈ ধৰে৷ গছ-লতা, ফুলে-ফলে পৃথিৱী জাতিষ্কাৰ হৈ পৰে। ঠায়ে ঠায়ে বেংছতা বা কাঠফুলাই ধৰা পৃষ্ঠৰ শোভাবর্ধন কৰে। মেঘৰ গুৰু গুৰু শব্দত ম’ৰা চৰায়ে প্রাণ ঢালি নাচে। শীতৰ শীতল সেমেকাত মৰহিযাব ধৰা গছ- লতিকাই প্ৰাণ পাই উঠে। প্ৰকৃতিৰ আটাইবোৰ উপাদানে ন- সাজেৰে বিভূষিত হৈ পৰে। শিমলু, পলাশ, মদাৰ আদি নানাৰঙী ফুলবোৰে পুৰণি সাজ সলাই নতুন সাজেৰে প্রকৃতিজগতত ৰমক-জমককৈ আত্ম প্ৰকাশ কৰে৷ মুঠতে ফল-ফুলে পৃথিৱী জাতিষ্কাৰ হৈ পৰে।
ফল-ফুল ভক্ষণ কৰি গছৰ ডালে ডালে চৰাই-চিৰিকটিবোৰে গীত গাই নাচি আত্মহাৰা হয় আৰু এনে গীতৰ সুৰ শুনি বনৰ হৰিণীও আনন্দত মতলীয়া হৈ পৰে। এনেদৰে বাৰিষা কালত পশু- পক্ষী, গছ-লতিকা, তৰু-তৃণ সকলোৱে যেন এক নতুন জীৱন লাভ কৰে। বাৰিষাকালত বসুমতীৰ ৰূপ মোহনীয়া হৈ উঠে। লহপহকৈ বাঢ়ি অহা শস্যই কৃষকৰ মনত হাঁহি বিৰিঙায়। বাৰিষাৰ নতুন পানীত জল-স্থলবাসীয়ে স্নান কৰি যেন এক নতুন জীৱন লাভ কৰে। বাৰিষাৰ এনে মধুৰ সৌন্দর্যত গোপ শিশুসকলো আনন্দত আত্মহাৰা হয়। ভগৱান কৃষ্ণই প্ৰকৃতিৰ এনে ৰূপ দেখি প্রশংসা কৰিছে। স্বর্গ মর্ত্য সকলোতে আনন্দৰ জোৱাৰ উঠে।
বৰ্ষা বৰ্ণন প্ৰশ্ন উত্তৰ
প্রঃ ‘বর্ষা কালৰ বৰ্ণনা’ৰ মাজেৰে শংকৰদেৱে ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ কিদৰে বৰ্ণনা কৰিছে আলোচনা কৰা।
উ : ‘বর্ষা বর্ণন’ কবিতাটি ভাগৱতৰ দশম স্কন্ধৰ পৰা অনা হৈছে। ইয়াত কবিয়ে বর্ষা ঋতুক ৰূপক হিচাপে গ্রহণ কৰি ভক্তি ধৰ্মৰ তাত্ত্বিক কথাবোৰ অৱতাৰণা কৰিছে। ভক্তি ধৰ্ম প্ৰচাৰ কৰাই কবিটোৰ মূল উদ্দেশ্য। ঋতু পৰিৱৰ্তনৰ স্বাভাৱিক বর্ণনাৰ মাজেৰে কবিয়ে ভক্তি ধৰ্মৰ তাত্ত্বিক কথা ব্যাখ্যা কৰিছে।
কবিতাটোত কবিয়ে বর্ষা ঋতুৰ এটা মনোমোহা দৃশ্য দাঙি ধৰিছে। বর্ষা ঋতুত আকাশত গ্রহ নক্ষত্র দেখা নাযায়। আকাশৰ চন্দ্ৰ, সূৰ্য, তৰা, নক্ষত্ৰসমূহক বাৰিষাৰ মেঘে ঢাকি ৰাখে ঠিক সেইদৰে আমাৰ শৰীৰতো জীৱাত্মা ঢাক থাই থাকে। কবিয়ে মেঘক জীৱৰ লগত তুলনা কৰিছে। জীৱ যিদৰে নিজৰ শৰীৰত বিলোপ হয় তেনেদৰে মেঘৰ মাজত গ্রহ, নক্ষত্ৰও বিলোপ হৈ পৰে। খৰালিত শুকাই যোৱা খাল-বিল, নদ-নদী, জান-জুৰি বাৰিষাকালৰ বৰষুণত উপচি পৰে।
উপবাসে থাকি শুকাই-খীণাই যোৱা তপসীসকলে যিদৰে খাই-বৈ পুষ্ট হোৱাৰ দৰে শুকাই যোৱা খাল-বিল, জান-জুৰিবোৰক বৰষুণৰ পানীয়ে পুনৰ পৰি পুষ্ট কৰি তোলে। ইয়াত কবিয়ে পৰ্বতৰ ৰূপকৰ মাজেৰে বুজাবলৈ প্ৰয়াস কৰিছে যে মুষলধাৰ বৰষুণে পৰ্বতৰ একো অনিষ্ট কৰিব নোৱাৰে। ঠিক তেনেদৰে কৃষ্ণত যাৰ মন আসক্ত তেনেলোকক বৈষয়িক শোক-দুখ, যন্ত্রণা আদিয়ে বিচলিত কৰিব নোৱাৰে। যিসকল লোকৰ মন ভক্তি ধৰ্মত আসক্ত হৈ থাকে সেইলোকসকলক বাস্তৱ জীৱনৰ সামগ্রিক যন্ত্রণাই একো কৰিব নোৱাৰে।
বর্ষা ঋতুত আকাশত চালে চকু ৰোৱা ৰামধেনুয়ে অতুলনীয় সৌন্দৰ্যৰ সৃষ্টি কৰে। কিন্তু এই ৰামধেনুৰ কোনো নিজস্ব অস্তিত্ব নাই। কবিৰ মতে ৰামধেনুৰ দৰেই
ভগৱানৰো নিজৰ কোনো গুণ নাই যদিও সকলোতে তেওঁ বিৰাজমান। ভগৱানে তেওঁৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে। অৰ্থাৎ এই বিশ্বব্রহ্মাণ্ডৰ সকলোবস্তুৰ মাজেৰে ভগৱানৰ অস্তিত্ব উপলব্ধি কৰিব পাৰি। এইদৰে মহাপুৰুষ শংকদেৱে বর্ষাঋতুৰ স্বাভাৱিক মনোমোহা দৃশ্যৰ দ্বাৰা ভক্তি ধৰ্মৰ তাত্ত্বিক মহত্বৰ কথা বর্ণনা কৰিছে।
Class 12 Advance Assamese Lesson 1
প্র : প্রসঙ্গ-সংগতি দেখুৱাই ব্যাখ্যা কৰা।
(ক) ‘পঞ্চবর্ণে ৰঞ্জিত নিৰ্গুণ ইন্দ্ৰধনু।
গুণৱন্ত মেঘত প্রকাশে পুনু পুনু ।।
যেন তিনি গুণময় জগত যতেক।’
উ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা ‘বর্ষা বর্ণন’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।
নিৰ্গুণ ভগৱানে যে তেওঁৰ সৃষ্টিৰ মাজেৰে নিজকে প্ৰকাশ কৰে এই তত্ত্বকে কবিয়ে উক্ত কবিতাফাঁকিৰ জৰিয়তে অৱতাৰণা কৰিছে।
কবিৰ মতে বাৰিষাৰ মেঘ গুণৱন্ত। কাৰণ মেঘে গাজে, সেইগাজনিত বিজুলীৰ উৎপত্তি হয়, ঢেকেনিৰ সৃষ্টি হয় আৰু তাৰ ফলতে মূষলধাৰ বৰষুণ হয়। সেই বৰষুণৰ পানীয়ে পৃথিৱী সজীৱ কৰি তোলে। সূৰ্যৰ ৰশ্মিৰ মাজেদি সৰকি অহা বৰষুণৰ কণিকাই আকাশত ৰামধেনুৰ সৃষ্টি কৰে। ৰামধেনু দেখাত সুন্দৰ যদিও নিজৰ অস্তিত্ব নাথাকে।
কবিয়ে ক’ব বিচাৰিছে যে ৰামধেনুৰ দৰেই ভগৱানৰো নিজস্ব কোনো প্রকাশ ৰাশি নাই। নিজৰ সৃষ্ট জগতৰ মাজেৰে নিজকে প্ৰকাশ কৰে। অৰ্থাৎ কৃষ্ণ ভক্তিপৰায়ণ মানুহে বিশ্বব্ৰহ্মাণ্ডৰ জীৱ আৰু প্ৰাণী জগতৰ মাজেৰে ভগৱানৰ অস্তিত্বক বিচাৰি পায়। সমগ্ৰ জগতখনৰ প্ৰতিটো বস্তুৰ মাজতে নির্গুণ ইন্দ্ৰধনু বা ৰামধেনুৰ প্ৰকাশ ঘটাৰ দৰে নিৰ্গুণ ভগৱানৰ ৰূপো জগতৰ প্ৰতিটো গুণাত্মক বস্তুৰ মাজত উদ্ভাসিত হয়।
Also Read: দ্বাদশ শ্ৰেণীৰ ৰাজনীতি বিজ্ঞানৰ প্ৰশ্ন উত্তৰ
(খ) যদ্যপি মুষলধাৰে মেঘে বৰষিল।
তথাপি পর্বতে পীড়া কিছো নজানিল।।
উ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা ‘বৰ্ষা বৰ্ণন’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।
বৰ্ষাকালৰ সৌন্দৰ্যৰ বিষয়ে ক’বলৈ গৈ কবিয়ে ভক্তিত নিমর্জিত লোকক বৈষয়িক দুখ-যন্ত্রণাই যে জৰ্জৰিত কৰিব নোৱাৰে তাকে ক’বলৈ কবিতাফাকিৰ অৱতাৰণা কৰিছে। বর্ষা কালত মুষলধাৰে বৰষুণ হোৱাৰ ফলত নদ- নদীৰ পাৰ উপচি পৰি মানুহৰ অশেষ ক্ষতি হয় যদিও ই পৰ্বতৰ কেনোধৰণে ক্ষতি কৰিব নোৱাৰে। পৰ্বতে নির্বিবাদে সকলো মূৰ পাতি লয়। এই দৰে যিসকলৰ হৃদয় একান্তভাৱে ভগৱানৰ ওচৰত অৰ্পিত হৈছে, তেওঁক পার্থিৱ, দুখ-ক্লেশ-যাতনাই হৰি ভক্তিৰ পৰা কণমানো বিচলিত কৰিব নোৱাৰে। ওখ পর্বতবোৰে বৰষুণৰ আঘাত নির্বিবাদে সহ্য কৰাৰ দৰে একান্ত ভকতসকলেও সাংসাৰিক দুখ-কষ্ট
ভগৱানৰ দান বুলি মানি লৈ হৰি ভক্তিত বান্ধ খাই থাকে।
(গ) ‘বহৱৈ বিপথে আতি ক্ষুদ্র নদী যত।
কৰৈ অকাৰ্যক যেন ধনৰ গৰ্বত।
উ : উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত শ্ৰীশংকৰদেৱে ৰচনা কৰা ‘বৰ্ষা বৰ্ণন’ নামৰ কবিতাটোৰ পৰা অনা হৈছে।
মানুহে ধনৰ গৰ্বত কিদৰে অকার্য বা অনৈতিক আচৰণ কৰিবলৈ লয়, সেই কথা ক’বলৈ কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।
বাৰিষা কালত বৰষুণৰ পানীয়ে নদ-নদী, জান-জুৰি উপচাই পেলায়। সৰু সৰু নৈবোৰো পানীৰে পৰিপূৰ্ণ হৈ পাৰ ভাঙি চাৰিওফালে গতি কৰে। আকৌ বাৰিষা যোৱাৰ লগে লগে নদীৰ এনে ক্ষন্তেকীয়া অহংকাৰ নাইকীয়া হয়। পানী শুকাই যায়। কবিৰ মতে ধনৰ গৰ্বত অহংকাৰী হৈ মানুহে যিকোনো অনৈতিক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰে। ধনৰ গৰ্বত অহংকাৰ কৰা লোকসকলে কৰা কামবোৰক কবিয়ে নদীবোৰৰ বৰ্ষাকালৰ আচৰণৰ লগত তুলনা কৰিছে। সৰু সৰু নদীবোৰৰ বিপথে বৈ যোৱা পানীয়ে যিদৰে আনৰ অপকাৰ কৰে সেইদৰে ধনীৰ অকাৰ্যবোৰেও সমাজৰ অনিষ্ট কৰে।
বর্ষা বর্ণন Class 12 Question Answer
প্র : শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগমূলক এখন গ্ৰন্থৰ নাম লিখা।
উ : শ্ৰীমন্ত শংকৰদেৱৰ নাম প্ৰসংগমূলক এখন গ্ৰন্থৰ নাম হৈছে— কীৰ্তন ঘোষা।
প্র: তপ উপবাসে দেহা আছিল শুখাই।
দুনাই ভোগ ভুঞ্জিলাত আপুনি পুষ্টাই ।’ – কবিতাফাকিৰ তাৎপর্য কি?
উঃ ‘বর্ষা বর্ণন’ কাব্যাংশত কবিয়ে বাৰিষাকালৰ এটি মনোৰম বর্ণনা দিছে। এই কবিতাফাকিৰ দ্বাৰা যোগী-তপস্বীসকলৰ দেহা শুকাই আছিল বুলি কোৱা হৈছে। এই প্ৰসংগতে কবিয়ে কৈছে। যে যাগী তপস্বী সন্ন্যাসীসকলে ভগৱানক লাভ কৰিবলৈ উপবাসে থাকি কঠোৰ তপস্যা কৰে। ইয়াৰ ফলত তেওঁলোকৰ দেহ শুকাই-খীণাই যায়। তপস্যা সাধনৰ অন্তত পুনৰ ভালদৰে খোৱা-বোৱা কৰিলে তেওঁলোকৰ সেই শুকাই-খীণাই যোৱা দেহা যিদৰে পুনৰ পৰিপুষ্ট হৈ পৰে, তেনেদৰে গ্ৰীষ্মকালত বৰষুণৰ অভাৱত শুকাই যোৱা পৃথিৱীও বাৰিষাকালত বৰষুণৰ পানী পাই পৰিপুষ্ট হৈ উঠে।
শব্দার্থ : প্রয়াস – পুৰুষাৰ্থ, চেষ্টা, যত্ন। চণ্ড–খং, বৰখঙাল। মহি—পৃথিৱী। ছন্ন—ধ্বংস, নষ্ট। মণ্ডল—ঘূৰণীয়া। খব্ব -খৰ, তীক্ষ্ণ। নিঝৰ —নিজৰা। উণাৱন্ত– শুনা। পৈশন্ত -প্রবেশ কৰা। নাকলিয–নোলায়, নাভাবি। ছন— বিয়পি পৰা। গোষ্ঠক-গৰু-ম’হৰ খুটি। চৈতন্য–চেতনা, জীৱনী শক্তি। পলুৰংগা—কেঁচুমাটি, কণ কণ মাটিৰ দ’ম।
প্র: বর্ষা বর্ণন কাব্যাংশ কোনখন পুথিৰ পৰা অনা হৈছে?
উঃ বর্ষা বর্ণন কাব্যাংশ শ্ৰীমন্ত শংকৰদেৱৰ ভাগৱতৰ দশম স্বদ্ধ পুথিখনৰ পৰা অনা হৈছে।
প্র : ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্যগ্ৰহৰ নাম লিখা।
উ : ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ এখন কাব্যগ্ৰহৰ নাম হ’ল– ‘ৰুক্মিণী হৰণ’।
প্র : শংকৰদেৱে ৰামায়ণৰ কোনটো কাণ্ডৰ পদ-ভাঙনি কৰিছিল?
উঃ শংকৰদেৱে ৰামায়ণৰ উত্তৰাকাণ্ডৰ পদ-ভাঙনি কৰিছিল।
প্র : ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি কোন?
উঃ ‘বর্ষা বর্ণন’ কবিতাটিৰ কবি হ’ল— শ্ৰীশংকৰদেৱ।
প্র : ‘বর্ষা বর্ণন’ কবিতাটিৰ উৎস গ্রন্থ কি? এই কবিতাটিৰ কবিজনৰ এখন কাব্যগ্রন্থৰ নাম লিখা।
উঃ ‘বর্ষা বর্ণন’ কবিতাৰ উৎস গ্রন্থ হ’ল- দশম স্কন্ধ ভাগৱত। এই কবিতাটোৰ কবি শ্ৰীমন্ত শংকৰদেৱৰ ৰচিত এখন কাব্যগ্রন্থৰ নাম হ’ল— ‘ৰুক্মিণী হৰণ কাব্য’।
প্র : পৰীক্ষিত ৰজাৰ আগত কোনে বৰ্ষাৰ বৰ্ণনা দিছিল?
উ : পৰীক্ষিত ৰজাৰ আগত শুক মুনিয়ে বৰ্ষাৰ বৰ্ণনা দিছিল।