বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Chapter 1 Question Answer in Assamese Medium

বংগ বিভাজন আৰু স্বদেশী আন্দোলন
বিষয় (Subject) সমাজ বিজ্ঞান
প্রথম খণ্ড ইতিহাস
মাধ্যম অসমীয়া
পাঠৰ নাম বংগ বিভাজন আৰু স্বদেশী আন্দোলন
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১
পাঠ্যক্ৰম (Syllabus) ছেবা (SEAB)

বংগ বিভাজন আৰু স্বদেশী আন্দোলন

পাঠটোৰ গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (সকলো প্ৰশ্ন মেট্ৰিকৰ হৈ যোৱা পৰীক্ষা প্রশ্ন কাকতৰ সমাধান)

১। শুদ্ধ উত্তৰটো বাছি উলিওৱা (Important MCQ)
প্রঃ ১৯০৬ চনত মুচলিম লীগ গঠনত সহায় কৰা বৃটিশ প্রশাসকজন কোন আছিল?
(a) লর্ড মিন্টো (b) লর্ড কার্জন (c) লর্ড কর্নৱালিছ। (d) লর্ড ৰিপন
উ : (a) লর্ড মিন্টো।

প্রঃ  কাৰ কাৰ্যকালত বংগ বিভাজন আঁচনিখন’ কার্যকৰী কৰা হৈছিল ?
(a) লর্ড মাউন্টবেটেন (b) লর্ড উইলিয়াম বেন্টিংক (c) লর্ড ডেলহাউচী (d) লর্ড কার্জন
উ : (d) লর্ড কার্জন।

প্রঃ চিপাহী বিদ্রোহ কোন চনত সংঘটিত হৈছিল?
(a) 1857 চনত (b) 1757 চনত (c) 1856 চনত (d) 1957 চনত
Ans: (a) 1857 চনত

প্রঃ কোন চনত ব্ৰিটিছে নিয়ন্ত্ৰণকাৰী আইন (Regulation Act) প্রণয়ন কৰিছিল ?
(a) 1773 চনত (c) 1857 চনত
Ans: (a) 1773 চনত

প্রঃ বংগ বিভাজনৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
(a) লর্ড কার্জন (b) লর্ড ক্লাইড (c) লর্ড বেংণ্টিক (d) লর্ড ডেলহাউছি
Ans: (a) লর্ড কার্জন

প্রঃ কোন সন্ধিৰ যোগেদি অসম ব্ৰিটিছৰ অধীনলৈ গৈছিল ?
(a) ইয়াণ্ডাবু সন্ধি (b) গুৱাহাটী সন্ধি (c) দিল্লী সন্ধি (d) কলকাতা সন্ধি
Ans: (a) ইয়াণ্ডাবু সন্ধি

প্রঃ কোন চনত ব্ৰিটিছ চৰকাৰে বংগ বিভাজন কৰাৰ সিদ্ধান্ত কার্যকৰী কৰিবলৈ আগবাঢ়িছিল?
(a) 1905 চনত (b) 1901 চনত (c) 1910 চনত (d) 1907 চনত
Ans: (a) 1905

প্রঃ বংগভংগৰ দ্বাৰ৷ সৃষ্টি হোৱা ‘পূৰ্ববংগৰ আৰু অসমৰ ৰাজধানী কোন ঠাইত হ’ব বুলি প্ৰস্তাৱ লৈছিল?
(a) ঢাকা (b) শ্বিলং (c) গুৱাহাটী (d) ধুবুৰী
Ans: (a) ঢাকা

প্রঃ বংগ ভংগৰ দ্বাৰা সৃষ্টি হোৱা বংগ প্ৰদেশ’ৰ ৰাজধানী কোন ঠাইত হ’ব বুলি প্রস্তাব লৈছিল?
(a) কলিকতা (b) শ্বিলং (c) গুৱাহাটী (d) পাটনা
Ans: (a) কলিকতা

প্রঃ ‘বন্ধে মাতৰম’ সংবাদ পত্ৰৰ সম্পাদক কোন আছিল?
(a) অৰবিন্দ ঘোষ (b) ৰবীন্দ্ৰনাথ ঠাকুৰ (d) ভূপেন্দ্রনাথ দত্ত (c) বংকিমচন্দ্র চেটার্জী
Ans: (a) অৰবিন্দ ঘোষ

প্রঃ বাংলাদেশৰ ৰাষ্ট্ৰীয় সংগীত হিচাপে গ্ৰহণ কৰা আমাৰ সোনাৰ বাংলা’ গীতটোৰ ৰচক কোন?
(a) ৰবীন্দ্ৰনাথ ঠাকুৰ (b) বংকিমচন্দ্র চেটার্জী (c) অৰবিন্দ ঘোষ (d) অবনীন্দ্রনাথ ঠাকুৰ
Ans: (a) ৰবীন্দ্ৰনাথ ঠাকুৰ

প্রঃ দি ডন (The Dawn) নামৰ পত্রিকাখনৰ সম্পাদক কোন আছিল?
(a) সতীশচন্দ্র মুখোপধ্যায় (b) চৰাকদাস বন্দোপধ্যায় (c) ৰাসবিহাৰী বসু (d) অৰবিন্দ ঘোষ
Ans: (a) সতীশচন্দ্র মুখোপধ্যায়

প্রঃ স্বদেশী আন্দোলনৰ সময়ছোৱত কিমানখন মাধ্যমিক জাতীয় বিদ্যালয় গঢ়ি উঠিছিল?
(a) 59 (c) 72 (b) 62 (d) 100
Ans: (b) 62

প্রঃ কোনজনা ব্যক্তিৰ সাহায্যত ‘বেংগল টেকনিকেল ইনষ্টিটিউট’ গঢ়ি উঠিছিল?
(a) আনন্দৰাম বৰুৱা (b) ৰবীন্দ্ৰ নাথ ঠাকুৰ (c) বিপিনচন্দ্র পাল (d) তাৰকানাথ পালিত
Ans: (d) তাৰকানাথ পালিত

প্রঃ ‘ভগিনী নিবেদিতা’ৰ প্ৰকৃত নাম আছিল—
(a) মাগাৰেট থেছাৰ (b) আলফ্রেড নবেল (c) লেডী মাউণ্টবেটেন (d) মার্গাৰেট এলিজাবেথ নবোল
Ans: (d) মার্গাৰেট এলিজাবেথ নবোল

প্রঃ ‘মুছলিম লীগ’ কোন চনত গঠন কৰা হৈছিল?
(b) 1903 চনত (d) 1906 চনত (a) 1947 চনত (c) 1910 চনত
Ans: (d) 1906 চনত

প্রঃ কোনজন ব্যক্তিয়ে পোনপথমে ব্ৰিটিছ প্রদত্ত ‘নাইটহুড’ উপাধি ত্যাগ কৰিছিল ?
(a) সুৰেন্দ্ৰনাথ বেনাৰ্জী (b) ৰবীন্দ্ৰনাথ ঠাকুৰ (c) বিপিনচন্দ্র পাল (d) গোপালকৃষ্ণ গোখলে
Ans: (d) গোপালকৃষ্ণ গোখলে

লগতে পঢ়ক: ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ

বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10

অতি চমু প্রশ্নোত্তৰ

লগতে পঢ়ক:   অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ প্ৰশ্ন উত্তৰ

২। বংগ বিভাজন কোনগৰাকী ভাইচৰাৰ শাসনকালত সংঘটিত হৈছিল?
উঃ ভাইচৰয় লর্ড নেথানিয়েল কার্জনৰ শাসনকালত সংঘটিত হৈছিল।

৩। ১৯০৫ খ্রীষ্টাব্দৰ কোন তাৰিখে বংগ বিভাজন কার্যকৰী হৈছিল?
উঃ ১৯০৫ খ্রীষ্টাব্দৰ ১৬ অক্টোবৰত কাৰ্যকৰী হৈছিল।

৪। বিদেশী পণ্য বর্জনৰ প্ৰভাৱ কোনখন সভাত গ্ৰহণ কৰা হৈছিল?
উঃ কলিকতাৰ কাছিম বজাৰৰ টাউন হলত অনুষ্ঠিত হােৱা বিশাল সভাত বিদেশী পণ্য বর্জনৰ প্ৰভাৱ গ্ৰহণ কৰা হৈছিল।

৫। স্বদেশী আন্দোলনৰ সময়ছােৱাত যুগান্তৰ নামৰ সংবাদ-পত্ৰখন সম্পাদনা কোনে কৰিছিল?
উঃ ভূপেন্দ্রনাথ দত্তই।

৬। বংগদেশত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ অনুষ্ঠানটো কেতিয়া গঠন হৈছিল?
উঃ ১৯০৬ চনৰ ১১ মার্চত।

৭। বেংগল কেমিকেলছ’ নামৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্রধান উদ্যোক্তা কোন আছিল?
উঃ আচার্য প্রফুল্ল চন্দ্ৰ ৰায়।

৮। কাৰ পৌৰােহিত্যত অনুষ্ঠিত জাতীয় কংগ্ৰেছৰ  অধিৱেশনে ভাৰতীয়ৰ বাবে স্বৰাজ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল?
উঃ দাদাভাই নৌবজীৰ পৌৰহিত্যত অনুষ্ঠিত জাতীয় কংগ্রেছৰ অধিৱেশনত ‘স্বৰাজ’ বিচাৰি প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

 ৯। বংগদেশৰ একত্ৰিকৰণ কেতিয়া হৈছিল?
উ : ১৯১১ চনৰ ১২ ডিচেম্বৰত।

Class 10 Social Science Lesson 1 Assamese

চমু প্রশ্নোত্তৰঃ

১। বংগ বিভাজনে সৃষ্টি কৰা পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্রধান তিনিটা ভৌগােলিক সংমণ্ডল উল্লেখ কৰা।
উঃ বংগ বিভাজনে সৃষ্টি কৰা ‘পূর্ববংগ আৰু অসম’ নামৰ প্রদেশখনৰ সৈতে সংলগ্ন হােৱা বংগদেশৰ প্ৰধান তিনিটা ভৌগােলিক সংমণ্ডল হ’ল— চট্টগ্রাম, ৰাজশাহী আৰু ঢাকা।

২। বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য কি আছিল চমুকৈ লিখা।
উঃ ভাৰতত সাম্প্রদায়িকতাৰ বীজ ৰােপণ কৰি হিন্দু আৰু মুছলমানসকলৰ মাজত বিভাজন ঘটাই ইংৰাজসকলৰ স্বার্থ সিদ্ধি কৰাই বংগ বিভাজনৰ অন্তর্নিহিত উদ্দেশ্য আছিল।

৩। লর্ড কার্জনে ঘােষণা কৰা বংগ ভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাটো লিখা।
উঃ বংগ ভংগৰ চাৰিদফীয়া আঁচনিখনৰ প্রথম দফাটো হ’ল—
(ক) ৰাজশাহী, ঢাকা আৰু চট্টগ্রাম সংমণ্ডলৰ সৈতে অসমসংলগ্ন নতুন প্রদেশখনৰ নাম পূর্ব বংগ আৰু অসম হব।
(খ) পূর্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ’ব ঢাকা।
(গ) পূর্ব বংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেন্ট গৱৰ্ণৰৰ হাতত অৰ্পণ কৰা হ’ব।
(ঘ) অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ’ব।

৪। স্বদেশী আন্দোলনৰ সময়ছােৱাত বংগদেশৰ জাতীয় শিল্পৰ বিকাশ কেনেদৰে হৈছিল?
উঃ স্বদেশী আন্দোলনৰ সময়ছােৱাত ভাৰতবৰ্ষত স্বদেশী বস্তু ব্যৱহাৰৰ প্রতি জনসাধাৰণ সচেতন হৈ উঠে। ফলত স্বদেশী পণ্যৰ চাহিদা বৃদ্ধি পােৱাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন কুটিৰ শিল্প আৰু কেইবাটাও ডাঙৰ শিল্প প্রতিষ্ঠান গঢ়ি উঠে। সৰিয়হৰ তেল, তাঁতশাল উদ্যোগ, সূতাকটা কল, চেনি, জুইশলা, চাবােন, বিস্কুট আদিৰ কাৰখানা গঢ়ি উঠে। ইয়াৰ লগে লগে জাতীয় বেংক, স্বদেশী বীমা কোম্পানী আদিও গঢ়ি উঠে।

কৃষ্ণ বিহাৰী সেন আৰু যােগেশ চন্দ্র চৌধুৰীৰ প্ৰচেষ্টাত কলিকতাৰ বউ বজাৰত ‘ইণ্ডিয়ান ষ্টোর্চ” নামৰ প্রতিষ্ঠান গঢ়ি উঠে। নীলৰতন সৰকাৰৰ উদ্যোগত ‘বংগলক্ষ্মী কটন মিল’ আৰু আচার্য প্রফুল্ল চন্দ্ৰ ৰায়ৰ উদ্যোগত ‘বেংগল কেমিকেলছ জামছেদজী টাটাৰ উদ্যোগত টাটা লৌহ শিল্প কাৰখানা আদি গঢ়ি উঠে। এনেদৰে স্বদেশী আন্দোলনত বংগ দেশত জাতীয় শিল্প উদ্যোগৰ বিকাশ হৈছিল।

বংগ বিভাজন আৰু স্বদেশী আন্দোলন

৫। স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ আগবঢ়োৱা বৰঙনিৰ বিষয়ে আলােচনা কৰা।
উঃ স্বদেশী আন্দোলনে জাতীয় শিক্ষালৈ যথেষ্ট বৰঙনি আগবঢ়াইছিল। এই আন্দোলনত বিদেশী সামগ্রী বর্জন কৰাৰ লগতে স্বদেশী শিক্ষা ব্যৱস্থাৰ হকেও জনসাধাৰণ সজাগ হৈ উঠে। ১৯০৫ চনত ৰবীন্দ্রনাথ ঠাকুৰে বংগ জাতীয় বিদ্যালয় নামৰ প্ৰতিষ্ঠানৰ জন্ম দিয়ে। ১৯০৫ চনৰ ৮ নবেম্বৰত ৰংপুৰত দ্বিতীয়খন জাতীয় বিদ্যালয় স্থাপন কৰে। দেশীয় ছাত্ৰসকলে চৰকাৰী বিদ্যালয়সমূহ ত্যাগ কৰি জাতীয় বিদ্যালয়ত ভর্তি হােৱাৰ প্ৰৱণতা বৃদ্ধি পােৱাত ১৯০৬ চনৰ ১১ মার্চত ‘জাতীয় শিক্ষা পৰিষদ’ নামৰ এখন অনুষ্ঠানৰ জন্ম হয়। সেই বছৰতে বংগ ভংগ জাতীয় মহাবিদ্যালয় স্থাপন হয়। মুঠতে স্বদেশী আন্দোলনৰ সময়খিনিত ৬২ খন মাধ্যমিক আৰু ৩,০০০ খন প্রাথমিক জাতীয় বিদ্যালয় গঢ়ি উঠে। অৰবিন্দ ঘােষৰ অধ্যক্ষতাত কলিকতাত জাতীয় কলেজ স্থাপন হয় জাতীয় বিদ্যালয়ৰ আৰ্হিত পাটনাত ‘বিহাৰ বিদ্যাপীঠ’ মহাৰাষ্ট্ৰত সমর্থ বিদ্যালয়’ আৰু গুজৰাটত ‘গুজৰাট বিদ্যালয় প্রতিষ্ঠা কৰা হৈছিল।

লগতে পঢ়ক:   অর্থনৈতিক উন্নয়ন class 10 দশম শ্ৰেণী সামাজ বিজ্ঞান প্ৰশ্ন উত্তৰ

৬। বংগ বিভাজনবিৰােধী আন্দোলনে স্বদেশী আন্দোলন’ নাম কিয় পাইছিল চমুকৈ লিখা।
উঃ ১৯০৩ চনৰ ৬ ডিচেম্বৰত ভাইচৰয় লর্ড কার্জনে বংগদেশক দ্বিখণ্ডিত কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পৰা ১৯০৫ চনৰ ১৯ জুলাই তাৰিখে বংগ বিভাজনৰ পৰিকল্পনাটো চৰকাৰীভাৱে প্রকাশ কৰালৈকে বংগৰ বিভিন্ন ঠাইত এই বিভাজনৰ প্রতিবাদ স্বৰূপে বহুতাে সভা-সমিতি অনুষ্ঠিত হয়। জাতি-বর্ণ নির্বিশেষে সকলােৱে এই প্রতিবাদত যোগদান কৰে। প্রতিবাদকাৰীসকলে ইংলেণ্ডৰ পৰা আমদানি কৰা পণ্য বস্তু বর্জন আৰু স্বদেশত প্ৰস্তুত কৰা  গ্রহণ কৰাৰ সিদ্ধান্ত লয়। ইয়াৰ ফলত দেশীয় ভাবে প্ৰস্তুত হােৱা সামঞ্জীয়ে সমাদৰ লাভ কৰে। সেয়েহে বংগ ভংগ বিভাজন বিৰােধী আন্দোলনে ‘স্বদেশী আন্দোলন’ নাম পাইছিল।

Class 10 Social Science Chapter 1 Question Answer Assamese

৭। স্বদেশী আন্দোলন দমন কৰাৰ উদ্দেশ্যে ব্রিটিছ চৰকাৰে কি কি আন্দোলনবিৰােধী কার্যসূচী গ্রহণ কৰিছিল?
উঃ স্বদেশী আন্দোলন দমন কৰাৰ বাবে ব্রিটিছ চৰকাৰে বহুতাে চেষ্টা কৰিছিল। ইংৰাজ শাসকে জাতি, ধর্ম, ভাষা আৰু অঞ্চল আদিৰ ভিত্তিত ভাৰতীয়ৰ মাজত বিভেদ অনাৰ প্রয়াস কৰিছিল।

ব্ৰিটিছ চৰকাৰে বংগ ভংগৰ ক্ষেত্ৰত জাতীয় কংগ্ৰেছৰ উদাৰপন্থী নেতাসকলৰ পৰা সহযােগিতা আশা কৰিছিল। লর্ড  কার্জনে এই নেতাসকলক হাতৰ মুঠিত ৰখাৰ উদ্দেশ্যে তেওঁলােকৰ বহুতকে ব্রিটিছ চৰকাৰ আৰােপিত উপাধি, পদক আৰু পদ প্রদান কৰিছিল। উদাৰপন্থী কংগ্রেছ সদস্যক উচ্চ ন্যায়ালয়ৰ বিচাৰপতিৰ পদ, ব্রিটিই, সংসদত সদস্য পদ, ভাইচৰয় পৰিষদৰ সদস্য পদ নতুবা প্রাদেশিক পর্যায়ৰ লােভনীয় সদস্য পদ যাচি বংগ ভংগ পৰিকল্পনাত তেওঁলােকৰ সমর্থন আশা কৰিছিল। হিন্দু-মুছলমানৰ মাজত একতা ভাঙি তেওঁলােকৰ জাতীয় চেতনাৰ মনোেভার মষিমূৰ কৰাই ব্রিটিছ চৰকাৰৰ অন্তর্নিহিত উদ্দেশ্য আছিল।

ছাত্ৰসকলৰ মাজত দেখা দিয়া আন্দোলনৰ প্ৰৱণতাৰ প্রতি লক্ষ্য ৰাখি বংগ প্রদেশ চৰকাৰৰ মুখ্য সচিব আৰু ডব্লিউ কার্লাইলে এখন জাননী জাৰি কৰি ছাত্ৰসকলক আন্দোলনত ভাগ নল’বলৈ সকীয়াই দিছিল। লর্ড কার্জনে দেশীয় সংবাদপত্রৰ ওপৰতাে হস্তক্ষেপ কৰিছিল। তথাপি কার্জনে বংগ ভংগবিৰােধী আন্দোলন দুর্বল কৰিব পৰা নাছিল। সুৰেন্দ্রনাথ বন্দ্যোপাধ্যায়, গােপালকৃষ্ণ গোখলে আদি কংগ্ৰেছৰ শীর্ষ নেতাৰ বংগ ভংগবিৰােধী অটল স্থিতিয়ে চৰকাৰক শ’লঠেকত পেলাইছিল। বিপিনচন্দ্র পালে সকলাে নেতাক ব্রিটিছপ্রদত্ত উপাধি, পদ, পদৰী আদি বর্জন কৰাৰ আহ্বান জনাইছিল। এই আহ্বানৰ প্রতি সহাৰি জনাই গােপালকৃষ্ণ গােখলেই পােনপ্ৰথমে নাইটহুড’ উপাধি ব্রিটিছ চৰকাৰক ঘূৰাই দিছিল।

 ৮। স্বদেশী আন্দোলনৰ তিনিটা ফলাফল উল্লেখ কৰা।
উঃ স্বদেশী আন্দোলনৰ তিনিটা ফলাফল হল–
(১) স্বদেশী আন্দোলনে ভাৰতবাসীৰ মনত জাতীয়তাবাদৰ ভাব জগাই তুলিছিল।
(২) জনসাধাৰণে বিদেশী পণ্য বর্জন কৰিবলৈ লৈছিল ফলত স্বদেশী শিল্পই গা কৰি উঠিছিল।
(৩) দেশত স্বদেশী শিক্ষা অর্থাৎ জাতীয় শিক্ষাৰ ঢৌ উঠি বহুতাে জাতীয় বিদ্যালয়, কলেজ আদি গঢ়লৈ উঠিছিল।

বংগ বিভাজন  Class 10

৯। স্বদেশী আন্দোলনৰ অৱদানৰ বিষয়ে লিখা।
উঃ ১৯০৫ চনত লর্ড নেথানিয়েল কানে সূচনা কৰা বিভাজন আঁচনিৰ বিপক্ষে বংগবাসীতো কঠোৰ পৰক্ষেপ গ্রহণ কৰিছিল। ব্রিটিছৰ বিৰােধিতা কৰিবলৈ তেওঁলােকে আন্দোলন গঢ়ি তুলিছিল, যাক স্বদেশী আন্দোলন বুলি অভিহিত কৰা হৈছিল। স্বদেশী আন্দোলনৰ ‘অৱদানৰ বিষয়ে তলত আলােচনা কৰা হল–

১। স্বদেশী আন্দোলনৰ জৰিয়তে প্রথম বাৰৰ বাৰে বংগ প্ৰদেশৰ লগতে ভাৰতবৰ্ষত এটা গণ আন্দোলনৰ সূচনা হৈছিল। ঐক্যবদ্ধ জনগণ যে এটা বৃহৎ শক্তি, সেই কথা উপলব্ধি কৰি ভাৰতীয়সকলে ইংৰাজৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল ।

২। ভাৰতীয় জাতীয় কংগ্ৰেছ প্রথমতে অনুনয় বিনয়, তথা শান্তিৰে ইংৰাজৰ সহযােগিতা কৰি ভাৰতীয় জনগণৰ বাবে সা- সুবিধা প্রাপ্ত কৰাৰ পন্থী আছিল যদিও বিশেষ একো আদায় কৰিব পৰা নাছিল। স্বদেশী আন্দোলনৰ জৰিয়তে তেওঁলােকে বুজি পাইছিল যে অনুনয় বিনয়েৰে নহয়, একমাত্র গণ আন্দোলনৰ জৰিয়তে ভাৰতবৰ্ষই স্বৰাজ লাভ কৰিব পাৰিব।

লগতে পঢ়ক:   ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য Class 10 (ইতিহাস)

৩| লর্ড কার্জনে ভাইচৰয়ৰ পদত বহিয়েই ঘােষণা কৰিছিল যে—“শাসন আৰু শােষণ একেলগে চলাই যােৱা হ’ব।” বংগবাসীয়ে তথা সমগ্ৰ ভাৰতবাসীয়ে ব্রিটিছৰ আমদানীকৃত পণ্যৰ ব্যৱহাৰ বন্ধ কৰি কাৰ্জনৰ দম্ভোক্তিৰ প্ৰত্যুত্তৰ দিছিল। সেয়ে স্বদেশী পণ্যৰ চাহিদা বাঢ়িছিল।

৪। স্বদেশী আন্দোলনৰ জৰিয়তে ভাৰতবাসীয়ে প্ৰথমবাৰৰ বাবে ইংৰাজৰ ওচৰত স্বৰাজ দাবী কৰাৰ সুযােগ পাইছিল। দাদাভাই নৌৰজী আদি নেতাই ইয়াত মুখ্য ভূমিকা লৈছিল।।

৫। স্বদেশী আন্দোলনত ভাৰতীয় নাৰীসকলে নিজৰ নিজৰ শক্তি প্রদর্শন কৰাৰ সুবিধা পাইছিল। ভাৰতীয় নাৰীশক্তি যে এটা অতি পৰাক্ৰমী শক্তি সেয়ে বুজিব পৰা গৈছিল। ইয়াৰ পৰাই ভাৰতবৰ্ষত প্রথম সশস্ত্র বিপ্লৱৰ সূচনা হৈছিল।

৬। স্বদেশী আন্দোলনৰ ফলত ভাৰতীয় জাতীয় শিক্ষা, জাতীয় সাহিত্য জাতীয় শিল্পৰ বাবে ভাৰতীয় জনগণে গুৰুত্ব প্ৰদান কৰিব ধৰিছিল। ভাৰতবৰ্ষত ক্ষুদ্র উদ্যোগ গঢ়ি উঠিছিল আৰু বহুতাে মানুহে কর্মসংস্থাল পাইছিল। স্বদেশী আন্দোলনে ভাৰতবৰ্ষত নানা উপকাৰ সাধন কৰিছিল। এই আন্দোলনৰ জৰিয়তে জাতি, ধর্ম, বর্ণ নির্বিশেষে সকলাে লােক একগােট হােৱাৰ সুবিধা পাইছিল। স্বদেশী আন্দোলনে ভাৰতীয় জনগণৰ মহৎ উপকাৰ সাধিছিল।

দশম শ্ৰেণী ইতিহাস অধ্যায় ১

বংগ বিভাজন আৰু স্বদেশী আন্দোলন চমু টোকা লিখাঃ

(ক) অম্বিকাগিৰি ৰায়চৌধুৰীঃ অসমীয়া সাহিত্য জগতত অম্বিকাগিৰি ৰায়চৌধুৰীক ‘অসম কেশৰী’ নামে জনা যায়। ১৮৮৫ চনত বৰপেটাৰ বিখ্যাত ৰায়চৌধুৰী পৰিয়ালত তেওঁৰ জন্ম হয়। তেওঁ একেধাৰে কবি, নাট্যকাৰ, গীতিকাৰ, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু স্বাধীনতা বিপ্লৱী আছিল। ভাৰতৰ স্বাধীনতা আন্দোলনত সক্রিয় অংশ গ্ৰহণ কৰা ৰায়চৌধুৰীৰ কবিতাত স্বদেশপ্রেমৰ সুৰ প্রকাশ পায়। তেওঁৰ প্রকাশিত কবিতা পুথিসমুহ হ’ল-বীণা, তুমি, অনুভূতি, বেদনাৰ উদ্ধা, বন্দো কি ছন্দেৰে আৰু গীতৰ পুথি চেতনাৰ কণ্ঠ। তেওঁ চেতনা আৰু ডেকা’ নামৰ দুখন বার্তালােচনী সম্পাদনা কৰিছিল। তেওঁ ১৯৫০ চনৰ একবিংশতিতম অসম সাহিত্য সভাৰ অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। মৃত্যুৰ পিছত তেওঁ বেদনাৰ উদ্ধা’ নামৰ কাব্য পুথিৰ বাবে সাহিত্য একাডেমীৰ বঁটা লাভ কৰে।

(খ) মার্গাৰেট এলিজাবেথ নবােল (ভগিনী নিবেদিতা): মার্গাৰেট এলিজাবেথ নােবেল এজনী মানৱতাবাদী বিদুষী নাৰী আছিল। তেওঁৰ জন্ম হৈছিল আয়ালেণ্ডত। তেওঁক ‘ভগিনী নিবেদিতা’ বুলিও জনা যায়। তেওঁ ভাৰতলৈ আহি পৰাধীন ভাৰতবাসী কল্যাণৰ হকে বহুতাে জনসেবামূলক কাম-কাজৰ লগত জড়িত হৈ পৰে। ইংৰাজসকলে ভাৰতীয় সকলৰ প্ৰতি গ্রহণ কৰা দমনমূলক আৰু শােষণমূলকনীতিৰ বিৰােধিতা কৰি তেওঁ বিভিন্ন গঠনমুলক কামত নিজকে উৎসর্গ কৰিছিল। কলিকতাত থকা সময়ছােৱাত তেওঁ ইয়ংমেন্ছ হিন্দু ইউনিয়ন বিবেকানন্দ ছােছাইটি, ডন ছােছাইটি, অনুশীলন ছােছ আদিৰ লগত জড়িত হৈ যুৱক-যুৱতীসকলক দেশীয় যােগেদি আত্মনির্ভরশীল হ’বলৈ উদগনি দিছিল। কলিকতা বিশ্ববিদ্যালয়ৰ সমাৱৰ্তনত লর্ড কার্জনে ভগিনী নিবেদিতাক দিয়া প্রাচ্য বিদ্বেষী তুলুঙা মনােভাৱৰ প্রত্যুত্তৰত তেওঁ ‘অমৃত বাজাৰ পত্রিকা আৰু ‘দ্যা ষ্টেটমেন’ কাকতত প্ৰৱন্ধ লিখি ভাৰতবাসীৰ আগত লর্ড কার্জনৰ মানসিকতা উদঙাই দিছিল।

(গ) কবিগুৰু ৰবীন্দ্ৰ নাথ ঠাকুৰঃ ৰবীন্দ্রনাথ ঠাকুৰৰ ১৮৬১ চনৰ ৭ মে’ত ঠাকুৰ পৰিয়ালত কলিকতাত জন্ম হয় । তেখেতে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি হিন্দু-মুছলমানৰ মাজৰ সম্প্রীতি বিনষ্ট হােৱাৰ আশংকা কৰি লিখনি আৰু সভা-সমিতিৰ মাধ্যমেৰে জনতাৰ মাজত বংগ-বিভাজনৰ বিৰুদ্ধে প্রচাৰ কৰিছিল। কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰে স্বদেশী আন্দোলনক কেন্দ্ৰ কৰি ২৩টি গীত ৰচনা কৰে। তেখেতে গীতাঞ্জলী’ নামৰ কবিতা পুথিৰ বাবে নবেল বঁটা লাভ কৰে। ১৯০৫ চনৰ ৬ আগষ্টত জাতীয় শিক্ষাৰ প্রয়ােজনীয়তাৰ কথা উপলব্ধি কৰি ৰবীন্দ্রনাথ ঠাকুৰে “বংগ জাতীয় বিদ্যালয়” নামৰ জাতীয় শিক্ষানুষ্ঠানটো প্রতিষ্ঠা কৰে। ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত জনগণ মন তেখেতৰ সৃষ্টি। ১৯৪১ চনৰ ৭ আগষ্টত এইজন মহান ব্যক্তিৰ মৃত্যু হয়।

(ঘ) নবাব ছলিমউল্লাঃ নবাব ছলিমউল্লাহ ঢাকাৰ নবাব আছিল। ১৯০৬ চনৰ ৩০ ডিচেম্বৰ তাৰিখে তেওঁৰ আহ্বানক্রমে। বংগদেশৰ একাংশ শিক্ষিত মছলমান বৰমূৰীয়াই নবাব বিকৰউল মূলৰ পৌৰহিত্যত ঢাকা ৰাজদৰবাৰত আয়ােজিত সভাত অংশ গ্রহণ কৰিছিল। এই ঐতিহাসিক সভাত সর্বভাৰতীয় মুছলিম লীগ’ নামৰ ৰাজনৈতিক অনুষ্ঠানটোৰ জন্ম লৈছিল।

1 thought on “বংগ বিভাজন আৰু স্বদেশী আন্দোলন Class 10 Social Science Chapter 1 Question Answer in Assamese Medium”

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top