কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা| Hs 2nd year ৰাজনীতি বিজ্ঞান| Class 12 Political Science Chapter 14 question Answer In Assamese Medium

বিষয়  ৰাজনীতি বিজ্ঞান
পাঠৰ নাম কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্রতিষ্ঠা
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
খণ্ড (খ) অংশ
শ্ৰেণী  দ্বাদশ শ্ৰেণী অধ্যায় 14
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্রতিষ্ঠা

প্ৰঃ ভাৰতত মৰ্চা ব্যৱস্থাৰ আৰম্ভণি কেতিয়া হয়?
উঃ ১৯৬৭ চনত।

প্ৰঃ কেতিয়া লালবাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়?
ট: ১৯৬৬ চনৰ ১০ জানুৱাৰিত বৰ্তমান উজবেকিস্তানৰ ৰাজধানী তাছকেণ্টত লালবাহাদুৰ শাস্ত্ৰীৰ আকস্মিক বিয়োগ ঘটে।

প্র : ইন্দিৰা গান্ধী কোন আছিল? কোন চনত প্ৰথমবাৰ ইন্দিৰা গান্ধী ভাৰতৰ প্ৰধানমন্ত্রী হয়?
উঃ ইন্দিৰা গান্ধী জৱাহৰলাল নেহৰুৰ জীয়ৰী আছিল। ১৯৬৬ চনত তেওঁ প্ৰথমবাৰ ভাৰতৰ প্ৰধানমন্ত্রী হয়।

প্র : গৰিবি হটাও শ্লোগান কাৰ আছিল?
উ: ইন্দিৰা গান্ধীৰ

প্র : “আয়া ৰাম, গয়া ৰাম”, কোনে কৈছিল?
উ: হাৰিয়ানা বিধানসভাৰ সদস্য গয়া লালে দল বাগৰাৰ ক্ষেত্ৰত এই বাক্যশাৰী কৈছিল।

প্র : হুইপ বুলিলে কি বুজা?
উঃ ৰাজনৈতিক দলবোৰক নিয়ন্ত্ৰণৰ ক্ষেত্ৰত হুইপ ব্যৱস্থাটো ব্যৱহাৰ কৰা হয়। হুইপ সাধাৰণতে কেন্দ্ৰীয় বা ৰাজ্যিক বিধানমণ্ডলৰ বিভিন্ন দলৰ সদস্যসকলক দলীয় নিয়ন্ত্ৰণ আৰু দলবোৰৰ ৰাজনৈতিৰ কাৰ্যসূচীক আগবঢ়াই নিয়াৰ বাবে ব্যৱহাৰ কৰা হয়।

প্র : কামৰাজ আঁচনি কি?
উ : স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্রী কামৰাজে মধ্যাহ্ন ভোজন আঁচনি প্রচলন কৰিছিল। ১৯৬৩ চনত তেওঁ প্ৰস্তাৱ আগবঢ়াইছিল যে সকলো জ্যেষ্ঠ কংগ্রেছীয়েই দলীয় পদবীৰ পৰা পদত্যাগ কৰিব লাগে যাতে নতুন প্ৰজন্মৰ কৰ্মীসকলৰ বাবে দলত স্থান ওলায়। কামৰাজৰ এই প্ৰভাৱটো কামৰাজ আঁচনি নামেৰে জনপ্ৰিয়।

প্র : ভাৰতবৰ্ষত কোনটো বছৰক ‘ভয়ংকৰ দশক’ (dangerous decade) বুলি কোৱা হয়?
উঃ ১৯৬০ৰ দশকক।

প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্রধানমন্ত্রী কোন আছিল? তেওঁ কোন চনত পৰলোক প্রাপ্তি ঘটিছিল?
উ : জৱাহৰলাল নেহৰু স্বাধীন ভাৰত প্রথম প্রধানমন্ত্রী আছিল। ১৯৬৪ চনৰ মে’ মাহত তেওঁৰ পৰলোক প্রাপ্তি ঘটিছিল।

প্র : লালবাহাদুৰ শাস্ত্ৰী কেতিয়া প্রধানমন্ত্রী হৈছিল? তেওঁ কিহৰ বাবে বিখ্যাত?
উ : ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্রী আছিল। তেওঁ “জয় জোৱান জয় কৃষাণ”শ্লোগানৰ বাবে বিখ্যাত।

প্র : লালবাহাদুৰ শাস্ত্ৰীৰ চমু প্ৰধানমন্ত্রীত্বৰ সময়ছোৱাত ভাৰতে ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ সন্মুখীন হোৱা ৩টা প্রত্যাহ্বান উল্লেখ কৰা।
উঃ

  • (১) চীন ভাৰত যুদ্ধই সৃষ্টি কৰা ব্যাপক আর্থিক ক্ষয়-ক্ষতি।
  • (২) মৌচুমী বায়ু পর্যাপ্ত নোহোৱাৰ ফলত সমগ্ৰ দেশতে সৃষ্টি হোৱা খৰাং।
  • (৩) ১৯৬৫ চনত ভাৰতে পাকিস্তানৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হোৱা।

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্রতিষ্ঠা

প্র : ১৯৬৭ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতা কেনেদৰে পৰিৱৰ্তন কৰিছিল?
উ : ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচন ভাৰতীয় ৰাজনীতিৰ আৰু নির্বাচন ইতিহাসৰ এক ঐতিহাসিক ঘটনা। এই নির্বাচনে ভাৰতীয় ৰাজনীতিৰ গতিশীলতাক পৰিৱৰ্তন কৰিছিল। তলত এই পৰিৱৰ্তনবোৰ আলোচনা কৰা হ’ল–

(১) ১৯৫২ চনৰ পিছত অনুষ্ঠিত হোৱা নিৰ্বাচনবোৰৰ ভিতৰত ১৯৭৬ চনৰ নিৰ্বাচনত কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ গঠিত হৈছিল যদিও কংগ্ৰেছে তুলনামূলকভাৱে কম আসন পাইছিল। বহু বলিষ্ঠ কংগ্রেছীয়ে এই নির্বাচনত পৰাজয় বৰণ কৰিছিল।

(২) এই নির্বাচনতে বহু ৰাজ্যত অকংগ্ৰেছী চৰকাৰ গঠিত হৈছিল আৰু গোটেইবোৰ বিৰোধী দলে আদর্শগত সংঘাত একাষৰীয়াকৈ থৈ কংগ্ৰেছৰ বিৰুদ্ধে অকংগ্ৰেছবাদৰ জন্ম দিছিল।

(৩) এই নির্বাচনৰ পৰাই ভাৰতীয় ৰাজনীতিত দল ত্যাগৰ পৰম্পৰা ভয়ংকৰভাৱে আৰম্ভ হৈছিল।
(৪) ১৯৬৭ চনৰ নিৰ্বাচনত কংগ্ৰেছ দলে জৱাহৰলাল নেহৰু অবিহনে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল।

লগতে পঢ়ক:   পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ Class 12 গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ

(৫) ষাঠিৰ দশকতো ভাৰতীয় ৰাজনীতিৰ বাবে এক ভয়ংকৰ দশক আছিল। এইখিনি সময়ছোৱাত কৃষিৰ উৎপাদন চূড়ান্তভাৱে হ্রাস পাইছিল আৰু দেশে নানা আভ্যন্তৰীণ সমস্যাৰে জৰ্জৰিত হৈছিল। তাৰোপৰি, প্রধানমন্ত্রী ইন্দিৰা গান্ধী আছিল ৰাজনৈতিক শিকাৰু।

প্র : মৰ্চা চৰকাৰৰ যিকোনো চাৰিটা বৈশিষ্ট্য লিখা ।
উ :

  • (১) মৰ্চা চৰকাৰত অংশলোৱা দলবোৰৰ নিজ স্বার্থ পূৰ্ণ নহ’লে যিকোনো সময়তে সমর্থন উঠাই ল’ব পাৰে।
  • (২) এটা দলৰ নেতৃত্বত বহু দলৰ সম্মিলিত চৰকাৰ গঠন কৰা হয় বাবে মৰ্চা চৰকাৰ দুৰ্বল হয়।
  • (৩) মৰ্চা গঠনৰ ক্ষেত্ৰত আদৰ্শৰ ওপৰত গুৰুত্ব প্ৰদান কৰা নহয়।
  • (৪) মৰ্চাত অংশগ্রহণ কৰা অধিকাংশ দলে সুবিধাবাদত গুৰুত্ব দিয়ে।

প্র : ১৯৬৭ চনৰ চতুৰ্থ সাধাৰণ নিৰ্বাচনে ভাৰতৰ ৰাজনৈতিক আৰু নির্বাচনী ইতিহাসত পৰিবৰ্তন আনিছিল। (সত্য নে অসত্য লিখা) ।
উঃ সত্য।

Class 12 Political Science Chapter 14 question Answer In Assamese Medium

প্র : ১৯৬১ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সৈতে জড়িত বিতর্কৰ বিষয়ে আলোচনা কৰা।
উঃ ৰাষ্ট্ৰপতি জাকিৰ হুছেইনৰ মৃত্যুৰ পাছত ১৯৬৯ চনত ৰাষ্ট্ৰপতিৰ পদটো খালী হৈ পৰিল। ইন্দিৰা গান্ধী আৰু ছিণ্ডিকেটৰ মাজৰ শত্ৰুতা মুকলিকৈ প্ৰকাশ পায় ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ সময়ত। কংগ্ৰেছ সংসদীয় বৰ্ডৰ সভাত ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিৰ পদৰ বাবে জগজীৱন ৰামৰ নামটো প্ৰস্তাৱ কৰাৰ বিপৰীতে ছিণ্ডিকেটৰ নেতাসকলে গান্ধীৰ দীৰ্ঘদিনীয়া শত্রু নীলম সঞ্জীৱা ৰেড্ডীৰ নামটো প্ৰস্তাৱ কৰে আৰু শেষত তেওঁলোকৰ প্ৰস্তাৱটো গৃহীত হয়। ইন্দিৰা গান্ধীয়ে অসন্তুষ্ট হৈ সেই সময়ত উপ-ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ভি ভি গিৰিক নির্দলীয় প্রার্থীৰূপে প্রতিদন্দিতা কৰিবলৈ সমৰ্থন আগবঢ়ায়।

সেই সময়তে গান্ধীয়ে কৌশলগতভাৱে তেওঁ ১৪টা আগশাৰীৰ বেংকক ৰাষ্ট্ৰীয়কৰণ কৰাৰ লগতে প্ৰিভি পাৰ্ছ বিলুপ্ত কৰি এলানি জনকল্যাণমূলক নীতি গ্রহণ কৰাৰ ঘোষণা কৰে। মোৰাৰজী দেশাই সেই সময়ৰ উপ-প্রধানমন্ত্ৰী আৰু দেশৰ বিত্তমন্ত্রী আছিল। ওপৰোক্ত বিষয় দুটাক কেন্দ্ৰ কৰি মোৰাৰজী দেশাই আৰু ইন্দিৰা গান্ধীৰ মাজত তীব্র মতপার্থক্যই গা কৰি উঠিছিল আৰু ইয়াৰ ফলশ্রুতিতেই মোৰাৰজী দেশাইয়ে ইন্দিৰা গান্ধীৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিবলগীয়া হৈছিল। গতিকে দুয়ো পদ্মৰ মাজত সংঘাত তীব্র হয়।

কংগ্ৰেছ সভাপতিয়ে দলীয় প্রার্থী ৰেড্ডীৰ ভোটদান কৰিবলৈ (হুইপ) দলীয় নির্দেশনা জাৰি কৰে। ইন্দিৰা গান্ধীৰ সমৰ্থকসকলে অখিল ভাৰতীয় কংগ্ৰেছ কমিটি (AICC)ৰ এখন বিশেষ অধিৱেশন আহ্বান কৰিবলৈ দাবী কৰিছিল যদিও দাবী অস্বীকাৰ কৰা হৈছিল। ভি.ভি. গিৰিক নীৰৱে সমৰ্থন কৰি শেষত ইন্দিৰা গান্ধীয়ে ‘বিবেক ভোট’ আহ্বান কৰে।

অৰ্থাৎ ইন্দিৰা গান্ধীয়ে কংগ্ৰেছ দলৰ সাংসদ আৰু বিধায়কসকলক নিজৰ বিবেকমতে ভোটদান কৰিবলৈ সুবিধা কৰি দিলে। শেষত ভি.ভি. গিৰি জয়ী হ’ল। এই নিৰ্বাচনত ৰেড্ডীৰ পৰাজয় আৰু ভি ভি গিৰিৰ বিজয়ে দলৰ বিভাজন প্রক্রিয়া পূৰ্ণ কৰিলে। কংগ্ৰেছ দলৰ সভাপতিয়ে প্রধানমন্ত্রী ইন্দিৰা গান্ধীক দলৰ পৰা বহিস্কাৰ কৰিলে। এনেদৰে ১৯৬৯ চনৰ নৱেম্বৰ মাহৰ ভিতৰত কংগ্ৰেছ দলৰ সম্পূৰ্ণ বিভাজন হ’ল। ইন্দিৰা গান্ধীক দলৰ পৰা বহিষ্কাৰ কৰা গোটটোক কংগ্ৰেছ (R) আৰু চিণ্ডিকেটে নেতৃত্ব দিয়া গোটটোক কংগ্ৰেছ (O) বুলি জনা যায় ।

প্রঃ চিণ্ডিকেট শব্দটো কিয় ব্যৱহাৰ কৰা হৈছিল? ই কাৰ নেতৃত্বত জন্ম হৈছিল?
উঃ কংগ্ৰেছ দলৰ সাংগঠনিক দিশটো নিয়ন্ত্ৰণ কৰা এমুঠিমান অতি শক্তিমান শীর্ষ নেতাৰ গোটক বুজাবলৈ সাধাৰণতে চিণ্ডিকেট শব্দটো ব্যৱহাৰ কৰা হৈছিল। তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্রী তথা কংগ্ৰেছ দলৰ তেতিয়াৰ সভাপতি কে. কামৰাজৰ নেতৃত্বত চিণ্ডিকেটৰ জন্ম হৈছিল।

প্র : কি কি কাৰণত ১৯৬৯ চনত কংগ্ৰেছ দল বিভাজিত হৈছিল?
উঃ ১৯৬৯ চনটোক কংগ্ৰেছ দলৰ ইতিহাসত এক গুৰুত্বপূৰ্ণ বছৰ হিচাপে অভিহিত কৰিব পাৰি। এই বছৰটোত কংগ্ৰেছ দলত আনুষ্ঠানিক বিভাজন ঘটিছিল। তলত ইয়াৰ কাৰণসমূহ আলোচনা কৰা হ’ল-

(১) ১৯৬৯ চনৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত কংগ্ৰেছ দল আৰু ইন্দিৰা গান্ধী চৰকাৰে পৃথক পৃথক প্রার্থী দিছিল। ইয়াক কেন্দ্ৰ কৰি সেই বছৰৰ নৱেম্বৰ মাহত দলৰ বিভাজন ঘটিছিল।

লগতে পঢ়ক:   শীতল যুদ্ধৰ যুগ Class 12 Question Answer প্ৰশ্ন উত্তৰ দ্বাদশ শ্ৰেণী

(২) বেংক ৰাষ্ট্ৰীয়কৰণ আৰু প্ৰিভি পাৰ্ছৰ বিলুপ্তি কৰণক কেন্দ্ৰ কৰি কংগ্ৰেছ দলৰ এচামে মোৰাৰজী দেশাইৰ নেতৃত্বত দলত্যাগ কৰিছিল।

(৩) কংগ্ৰেছ চিণ্ডিকেটৰ লগত ইন্দিৰা গান্ধীৰ সংঘাতক কেন্দ্ৰ কৰিও বিভাজন হৈছিল।

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা

প্র : ষাঠিৰ দশকক কিয় বিপদজনক বছৰ বুলি কোৱা হয়?
উ : ভাৰতীয় ৰাজনীতিত ৬০ৰ দশক এটি গুৰুত্বপূৰ্ণ আৰু বিপদজনক দশক হিচাপে গণ্য কৰা হয়। তলত ইয়াৰ কাৰণসমূহ আলোচনা কৰা হ’ল-

(১) ১৯৬২ চনৰ চীন আৰু ভাৰত আক্ৰমণ ৬০ৰ দশকৰ প্ৰথমটো দুৰ্ঘটনা। এই আক্রমণে ভাৰতীয় প্ৰতিৰক্ষা ব্যৱস্থাক যিদৰে ক্ষতিগ্রস্ত কৰিছিল, ঠিক সেইদৰে নেহৰুৰ ব্যক্তিত্বকো আঘাত কৰিছিল।

(২) ১৯৬৪ চনত আধুনিক ভাৰতৰ নিৰ্মাতা জৱাহৰলাল নেহৰৰ মৃত্যু দেশৰ বাবে এক অপূৰণীয় ক্ষতি আছিল।

(৩) ১৯৬৫ চনত ভাৰত পাকিস্তানৰ পূৰ্ণাংগ যুদ্ধই ভাৰতবৰ্ষৰ বাবে বিপদ কঢ়িয়াই আনিছিল।

(৪) ১৯৬৫ বৰ্ষতে আৰম্ভ হোৱা ভয়ংকৰ খৰাংসদৃশ পৰিস্থিতিয়ে দেশৰ অৰ্থনীতিক ক্ষতিগ্রস্ত কৰিছিল। আৰু সেই সময়ছোৱাত লাল বাহাদুৰ শাস্ত্ৰীৰ বিখ্যাত শ্লোগানটো “জয় জোৱান, জয় কিষাণ” জনপ্ৰিয় হৈ পৰিছিল।

(৫) ১৯৬৬ চনত আকস্মিকভাৱে সেই সময়ত ছোভিয়েট ইউনিয়নত ভাৰতৰ দ্বিতীয়গৰাকী প্রধানমন্ত্রী লাল বাহাদুৰ শাস্ত্ৰীৰ মৃত্যু হয়। ইয়ো ভাৰতীয় সমাজৰ বাবে এক ভয়ংকৰ দুৰ্ঘটনা।

(৬) ১৯৬৬ চনত ইন্দিৰা গান্ধী ভাৰতবৰ্ষৰ প্ৰধানমন্ত্রী হয়। তুলনামূলকভাৱে আগৰ প্রধানমন্ত্রী দুজনতকৈ ইন্দিৰা গান্ধী যথেষ্ট অনভিজ্ঞ আছিল। আৰু তেওঁ মাত্ৰ লাল বাহাদুৰ শাস্ত্ৰী চৰকাৰত যোগাযোগ মন্ত্রী আছিল। এই ঘটনাটোকো সেই সময়ছোৱাত এক প্রত্যাহ্বান হিচাপে বিবেচনা কৰা হৈছিল।

(৭) প্রি. ভি. পাৰ্ছ বিলুপ্তিকৰণ আৰু বেংক ৰাষ্ট্ৰীয়কৰণৰ বিৰুদ্ধে সমগ্ৰ দেশতে ধনী আৰু প্ৰভাৱশালী শ্ৰেণীৰ নেতৃত্বত চৰকাৰৰ বিৰুদ্ধে আন্দোলন আৰম্ভ হৈছিল।

(৮) ১৯৬৯ চনত ভাৰতৰ শক্তিশালী ৰাজনৈতিক দল ভাৰতীয় জাতীয় কংগ্ৰেছ আনুষ্ঠানকিভাৱে দুটা ভাগত বিভক্ত হৈছিল। এই বিভাজনে দেশৰ ৰাজনীতিত সূদুপ্ৰসাৰী প্ৰভাৱ পেলাইছে।

Class 12 Political Science Chapter 14 Assamese Medium

প্র : কংগ্ৰেছ দলত চিণ্ডিকেটৰ ভূমিকা লিখা।
উ : কংগ্ৰেছ দলৰ সংগঠনক নিয়ন্ত্রণত ৰখা কংগ্ৰেছ নেতাৰ আনুষ্ঠানিক গোটক চিণ্ডিকেট বুলি কোৱা হয়। সেই সময়ৰ মাদ্ৰাজৰ প্ৰাক্তন মুখ্যমন্ত্ৰী আৰু কংগ্ৰেছ সভাপতি কে. কামৰাজে ইয়াক নিয়ন্ত্রণ কৰিছিল। এই চিণ্ডিকেটত দেশৰ বিভিন্ন অঞ্চলৰ শক্তিশালী নেতাবোৰ আছিল। যেনে—এচ. কে. পাটিল (বৰ্তমানৰ মহাৰাষ্ট্ৰ), নিজালিংগাপ্পা(বৰ্তমানৰ কৰ্ণাটক), সঞ্জীৱা ৰেড্ডী (অন্ধ্রপ্রদেশ), অতুল্য ঘোষ (পশ্চিমবংগ) আদিয়ে ছিণ্ডিকেট নিয়ন্ত্রণত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। লাল বাহাদুৰ শাস্ত্ৰী আৰু ইন্দিৰা গান্ধী এই চিণ্ডিকেটৰ সহায়ত প্রধানমন্ত্রী পদত নিযুক্ত হৈছিল। কংগ্ৰেছ দল আৰু চৰকাৰৰ নীতি প্রণয়ন তথ্য কার্যপালনক প্রভাৱিত কৰাই আছিল চিণ্ডিকেটৰ মূল উদ্দেশ্য

প্র : চতুর্থ সাধাৰণ নির্বাচনে কংগ্ৰেছত কেনেদৰে সংকটৰ সৃষ্টি কৰিছিল?
উ: চতুৰ্থ সাধাৰণ নির্বাচন ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হয়। এই নির্বাচনত কংগ্ৰেছ দলে কেইবাটাও সংকটৰ সন্মুখীন হৈছিল। তলত এইবোৰ আলোচনা কৰা হ’ল-

(১) এই সময়ছোৱালৈ দুজন জ্যেষ্ঠ কংগ্ৰেছী প্রধানমন্ত্ৰীৰ মৃত্যু হৈছিল আৰু ন-শিকাৰু তথ্য অনভিজ্ঞ ইন্দিৰা গান্ধী প্রধানমন্ত্রী নিযুক্ত হৈছিল।
(২) দুর্ভিক্ষ আৰু প্ৰতিৰক্ষাগত দুর্বলতাই ভাৰতীয় আর্থিক ব্যৱস্থাৰ প্ৰতি প্রত্যাহ্বানৰ সৃষ্টি কৰিছিল।

(৩) ১৯৬৭ চনৰ সাধাৰণ নিৰ্বাচনত কেন্দ্ৰত কংগ্ৰেছ দলৰ চৰকাৰ গঠন হৈছিল যদিও বিভিন্ন ৰাজ্যত অকংগ্ৰেছী দলে চৰকাৰ গঠন কৰিছিল।
(৪) মুদ্ৰাৰ অৱমূল্যায়নে ভাৰতীয় আর্থিক ব্যৱস্থাক ক্ষতিগ্রস্ত কৰিছিল আৰু খাদ্য সামগ্ৰীৰ ভয়ংকৰ মূল্যবৃদ্ধি ঘটিছিল।
(৫) আনুষ্ঠানিকভাৱে ভাৰতীয় জাতীয় কংগ্ৰেছৰ বিভাজনৰ প্ৰক্ৰিয়া ১৯৬৭ চনৰ পৰাই আৰম্ভ হৈছিল।

প্র : ভাৰতীয় ৰাজনীতিত “ৰাজনৈতিক ভূমিকম্প” শব্দটোৱে কি তাৎপর্য বহন কৰে?
উঃ ১৯৬৭ চনৰ ফেব্ৰুৱাৰি মাহত দেশত চতুর্থ লোকসভাৰ বাবে আৰু লগতে ৰাজ্য বিধানসভা সমূহৰ বাবেও সাধাৰণ নির্বাচন অনুষ্ঠিত হৈছিল। এই নিৰ্বাচনত নেহৰু অবিহনে কংগ্ৰেছ দলে প্রথম বাৰৰ বাবে ভোট দাতাৰ মুখামুখি হ’ব লগা হৈছিল। এই নিৰ্বাচনৰ ফলাফলে (ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পর্যায়ত) কংগ্ৰেছ দলক জোকাৰি গৈছিল। বহু ৰাজনৈতিক পর্যালোচকে এই নির্বাচনী ফলাফলক ‘ৰাজনৈতিক ভূমিকম্প’ বুলিও বৰ্ণনা কৰিছিল। কংগ্ৰেছ দলে কোনোমতেহে লোকসভাত সংখ্যাগৰিষ্ঠতা লাভ কৰিছিল। দলটোৱে লাভ কৰা আসনৰ সংখ্যা আৰু ভোটৰ অংশীদাৰিত্ব ১৯৫২ চনৰ পৰা এতিয়ালৈকে (১৯৬৭) অনুষ্ঠিত হোৱা নিৰ্বাচনসমূহৰ ভিতৰত আটাইতকৈ কম আছিল। ইন্দিৰা গান্ধীৰ মন্ত্ৰসভাৰ অর্ধৈক মন্ত্ৰীয়েই এই নিৰ্বাচনত পৰাজিত হৈছিল। তামিলনাডুত কামৰাজ, মহাৰাষ্ট্ৰত এছ. কে. পাটিল, পশ্চিমবংগত অতুল্য গুহ আৰু বিহাৰত কে. বি. সাহায়ৰ দৰে বিয়াগোম নেতাই পৰাজয়ৰ মুখ দেখিছিল।

লগতে পঢ়ক:   দ্বি ৰাষ্ট্ৰবাদৰ অৱসান Class 12 Chapter 2 Question Answer Assamese

কংগ্ৰেছ ব্যৱস্থাৰ প্ৰতি অহা প্ৰত্যাহ্বান আৰু ইয়াৰ পুনঃ প্ৰতিষ্ঠা

প্র : কংগ্ৰেছ দলৰ জনপ্রিয়তা হ্রাস হোৱাৰ কাৰণসমূহ আলোচনা কৰা।
উ : আৰম্ভণি : ৰজনী কোঠাৰীয়ে ভাৰতৰ দলীয় ব্যৱস্থাক প্রাধান্যকাৰী দলীয় ব্যৱস্থা আখ্যা দিছে। ইয়াৰ জৰিয়তে তেওঁ কংগ্ৰেছ দলক বুজাইছে। আনহাতে, মৰীছ জন্‌ছে ভাৰতৰ দলীয় ব্যৱস্থাক কংগ্ৰেছী ব্যৱস্থা আখ্যা দিছে। ইয়াৰ জৰিয়তে, ভাৰতত কংগ্ৰেছ দলৰ গুৰুত্ব আৰু প্ৰভাৱ সম্পর্কে জানিব পাৰি। পূৰ্বৰ এনেকুৱা প্রতিপত্তিশীল কংগ্ৰেছ দলৰ জনপ্রিয়তা বর্তমান সময়ত বহু পৰিমাণে হ্রাস হোৱা দেখা গৈছে। তলত ইয়াৰ কাৰণসমূহ আলোচনা কৰা হ’ল–

(১) প্রথম আৰু দ্বিতীয় সাধাৰণ নিৰ্বাচনত কংগ্ৰেছ দলে কেন্দ্ৰ আৰু ৰাজ্য উভয়তে চৰকাৰ গঠন কৰিছিল। কিন্তু, ১৯৫৭ চনত কেৰেলাত কংগ্ৰেছ দলৰ পতন ঘটে। আৰু সাম্যবাদী দলৰ নেতৃত্বত কেৰেলাত পোন প্ৰথমবাৰৰ বাবে এখন অকংগ্ৰেছী চৰকাৰ গঠন হয়।

(২) ১৯৬২ চনত চীনৰ লগত হোৱা পৰাজয়ে কংগ্ৰেছ দলৰ জনপ্রিয়তা বহু পৰিমাণে হ্ৰাস কৰিছিল।
(৩) চতুর্থ সাধাৰণ নিৰ্বাচনত পঞ্জাৱ, উত্তৰ প্ৰদেশ, মধ্যপ্রদেশ বিহাৰ, হাৰিয়ানা আদি ৰাজ্যত গঠন হোৱা অকংগ্ৰেছী চৰকাৰে কংগ্ৰেছী দলৰ জনপ্রিয়তা হাস হোৱাকে বুজায়।

(৪) ১৯৬৯ চনত কংগ্ৰেছ দল কংগ্ৰেছ (ইন্দিৰা) আৰু কংগ্ৰেছ (সাংগঠনিক) এই দুটা ভাগত বিভক্ত হৈছে।
(৫) ১৯৭৫ চনত ইন্দিৰা গান্ধীয়ে ঘোষণা কৰা জাতীয় জৰুৰী অৱস্থাই কংগ্ৰেছ দলৰ জনপ্রিয়তা বহু পৰিমাণে হ্ৰাস কৰিছিল।

(৬) ইন্দিৰা গান্ধীৰ শক্তিশালী নেতৃত্বই দলৰ জনপ্রিয়তা বৃদ্ধি কৰিছিল আৰু আনহাতে, তেওঁৰ স্বেচ্ছাচাৰী শাসনে দলটোৰ প্ৰভৃত পৰিমাণে ক্ষতি কৰিছিল। (৭) কংগ্ৰেছ দলৰ বংশানুক্রমিক শাসনেও দেশৰ জনসাধাৰণৰ মাজত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছিল।

প্র : কংগ্ৰেছৰ অৱনতিৰ কাৰণসমূহ আলোচনা কৰা।
উঃ কংগ্ৰেছ দলৰ বাবে ১৯৬৭ চনৰ নিৰ্বাচনটো আছিল এক বৃহৎ প্ৰত্যাহ্বানস্বৰূপ। এই নিৰ্বাচনত কংগ্ৰেছে পূৰ্বৰ ধাৰাবাহিকতা হেৰুৱাইছিল আৰু বহুতো ৰাজ্যত সংখ্যাগৰিষ্ঠতা লাভ কৰিবলৈ অসমৰ্থ হৈছিল। ইয়াৰ কাৰণসমূহ হ’ল-

(১) ১৯৬০ৰ দশকটোত ভাৰতত অর্থনৈতিক সংকটে দেখা দিছিল। ফলত জনসাধাৰণে কংগ্ৰেছৰ বিৰুদ্ধে আন্দোলন গঢ়ি তুলিছিল আৰু কংগ্ৰেছ বিদ্বেষী হৈ উঠিছিল।

(২) সেই সময়ৰ কংগ্ৰেছ চৰকাৰে জনসাধাৰণৰ বিদ্বেষ ভাৱৰ ওপৰত কোনো গুৰুত্ব নিদিয়াৰ বাবে ভাৰতত প্ৰথমবাৰৰ বাবে একাংশ জনসাধাৰণে সশস্ত্র বিদ্ৰোহৰ সূচনা কৰিছিল।

(৩) সেই সময়ছোৱাত কংগ্ৰেছ দলত বিভাজন হোৱা আৰম্ভ হৈছিল আৰু ই দুটা দলত বিভক্ত হোৱাত অনা-কংগ্ৰেছী দলবোৰ কংগ্ৰেছৰ বিৰুদ্ধে সংগ্ৰামত নামি কংগ্ৰেছৰ বিপৰ্যয় সাধন কৰিছিল।

(৪) সেই সময়ত কংগ্ৰেছৰ নেতৃত্বৰ বাবে উপযুক্ত নেতাৰ অভাৱ হৈছিল। নেহৰুৰ মৃত্যুৰ পিছত নেতৃত্বক লৈ কংগ্ৰেছ দল বিমোৰত পৰিছিল।

(৫) সেই সময়ত জনতা দলে কংগ্ৰেছৰ বিৰুদ্ধে সৰব হৈ পৰিছিল। ফলত কংগ্ৰেছ দল বিপৰ্যয়ৰ সম্মুখীন হৈছিল।
(৬) অকংগ্ৰেছী দলবোৰৰ মাজত বৃদ্ধি হোৱা একতায়ো কংগ্ৰেছৰ অৱনতিত সহায় কৰে।

প্র : ভাৰতবৰ্ষত কোনটো বছৰক ‘ভয়ংকৰ দশক’ (dangerous decade) বুলি কোৱা হয়?

উঃ ১৯৬০ৰ দশকক।

প্ৰঃ স্বাধীন ভাৰতৰ প্ৰথম প্রধানমন্ত্রী কোন আছিল? তেওঁ কোন চনত পৰলোক প্রাপ্তি ঘটিছিল?

উ : জৱাহৰলাল নেহৰু স্বাধীন ভাৰত প্রথম প্রধানমন্ত্রী আছিল। ১৯৬৪ চনৰ মে’ মাহত তেওঁৰ পৰলোক প্রাপ্তি ঘটিছিল।

প্র : লালবাহাদুৰ শাস্ত্ৰী কেতিয়া প্রধানমন্ত্রী হৈছিল? তেওঁ কিহৰ বাবে বিখ্যাত?

উ : ১৯৬৪ চনৰ পৰা ১৯৬৬ চনলৈ লালবাহাদুৰ শাস্ত্ৰী ভাৰতৰ প্ৰধানমন্ত্রী আছিল। তেওঁ “জয় জোৱান জয় কৃষাণ”শ্লোগানৰ বাবে বিখ্যাত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top