দশম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস ২ মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10. Here we have updated detailed Assam SEBA Board 10th Class Social Science History Chapter 2 question and answer in Assamese || class 10 social science chapter 2 question answer in Assamese medium
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10
MCQ Question Answer
1. প্ৰথম বিশ্বযুদ্ধ কোন চনত সংঘটিত হৈছিল?
(a) 1945 চনত (b) 1939 চনত (c) 1918 চনত (d) 1914 চনত।
Ans: (d) 1914 চনত
2. ৰুছ বিপ্লৱ কোন চনত সংঘটিত হৈছিল?
(a) 1920 চনত (b) 1918 চন (c) 1914 চনত (d) 1917 চনত
Ans: (d) 1917 চনত
3. মহাত্মা গান্ধীৰ জন্ম হৈছিল—
(a) 1870 চনত (b) 1879 চনত (c) 1859 চনত (d) 1969 চনত
Ans: (d) 1969 চনত
4. মহাত্মা গান্ধীয়ে কোন চনত দক্ষিণ আফ্ৰিকালৈ গৈছিল?
(a) 1869 চনত (b) 1879 চনত (c) 1899 চনত (d) 1893 চনত
Ans: (d) 1893 চনত
5. ইণ্ডিয়ান অপিনিয়ন’ নামৰ বাতৰি কাকতখন কোনে উলিয়াইছিল?
(a) মহাত্মা গান্ধী (a) (b) সুভাষ চন্দ্ৰ বসু (c) ৰবীন্দ্ৰনাথ ঠাকুৰ (d) মতিলাল নেহৰু
Ans: (a) মহাত্ম। গান্ধী
6. সত্যাগ্রহৰ ধাৰণটো গ্ৰহণ কৰোতে গান্ধীয়ে কাৰ লিখনিৰ দ্বাৰা প্রভান্বিত হৈছিল?
(a) লিও টলষ্টয় (b) প্লেটো (c) বাল্মিকী (d) ডাউইন
Ans: (a) লিও টলষ্টয়
7. মহাত্মা গান্ধীয়ে কিমান চনত ভাৰতলৈ উভতি আহিছিল?
(a) 1915 চনত (b) 1906 চনত (c) 1919 চনত (d) 1935 চনত
Ans: (a) 1915 চনত
8. কোন চনলৈ গান্ধীয়ে ব্ৰিটিছ চৰকাৰৰ সহযোগী আছিল?
(a) 1818 চনলৈ (b) 1906 চনলৈ (c) 1935 চনলৈ (d) 1947 চনলৈ
Ans: (a) 1818 চনলৈ
9. কোন চনত ৰাওলাট আইন প্রণয়ন কৰা হৈছিল?
(a) 1919 চনত (b) 1921 চনত (c) 1925 চনত (d) 1935 চনত
Ans: (a) 1919 চনত
10. ভাৰতলৈ আহি গান্ধীয়ে প্রথমে কোন ঠাইত সত্যাগ্ৰহৰ ধাৰণা ব্যৱহাৰ কৰিছিল?
(a) উত্তৰ বিহাৰৰ চাম্পাৰণত (b) কলিকতাত (c) নাটালত (d) সৱৰমতীত
Ans: (a) উত্তৰ বিহাৰৰ চাম্পাৰণত
11. জালিবানবালাবাগৰ হত্যাকাণ্ড কেতিয়া সংঘটিত হৈছিল?
(a) 13 এপ্রিল, 1919 (b) মে’, 1920 (c) 13 এপ্রিল, 1921 (d) 1 জুন 1919
Ans: (a) 13 এপ্রিল, 1919
12. জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদ কোনে নাইট উপাধি পৰিত্যাগ কৰিছিল?
(a) ৰবীন্দ্ৰনাথ ঠাকুৰ (b) অৰবিন্দ ঘোষ (c) ৰামমোহন ৰায় (d) মহাত্মা গান্ধী
Ans: (a) ৰবীন্দ্ৰনাথ ঠাকুৰ
13. কোনজন ব্ৰিটিছ বিষয়া জালিৱানৱালাবাগৰ হত্যাকাণ্ডৰ বাবে দায়ী আছিল?
(a) জেনেৰেল ডায়াৰ (b) উধম সিং (c) লর্ড কার্জন (d) লৰ্ড আউইন
Ans: (a) জেনেৰেল ডায়াৰ
14. অসহযোগ আন্দোলনৰ সময়সীমা আছিল—
(a) 1920-22 (b) 1930-32 (c) 1906-08 (d) 1922-24
Ans: (a) 1920-22
15. অসহযোগ আন্দোলনৰ খৰচ পাতিৰ বাবে গঠন কৰা পুঁজিৰ নাম কি আছিল?
(a) তিলক স্বৰাজ পুঁজি (b) গান্ধী পুঁজি (c) ভাৰত পুঁজি (d) শক্তি পুঁজি
Ans: (a) তিলক স্বৰাজ পুঁজি
অনুশীলনী প্রশ্নোত্তৰ
শুদ্ধ উত্তৰটো বাছি উলিওৱা
১। কোনটো আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগানটো দিছিল?
(ক) আইন অমান্য আন্দোলন
(খ) অসহযােগ আন্দোলন
(গ) ভাৰত ত্যাগ আন্দোলন।
(ঘ) খিলাফৎ আন্দোলন
উঃ (গ) ভাৰত ত্যাগ আন্দোলন।
২। মহাত্মা গান্ধীয়ে সত্যাগ্রহ নীতি পােন প্রথমে প্রয়ােগ কৰিছিল-
(ক) দক্ষিণ আফ্রিকাৰ বৰ্ণবাদ বিৰােধী আন্দোলন
(খ) চম্পাৰণৰ কৃষক আন্দোলন।
(গ) খেড়াৰ কৃষক আন্দোলনত
(ঘ) ১৯৯৯ চনৰ সত্যাগ্রহ আন্দোলন।
উঃ (ক) দক্ষিণ আফ্রিকাৰ বৰ্ণবাদ বিৰােধী আন্দোলন।
৩। মহাত্মাগান্ধীৰ ক’ত জন্ম হৈছিল ?
উঃ গুজৰাটৰ পােৰবন্দৰত মহাত্মাগান্ধীৰ জন্ম হৈছিল।
৪। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পােনপ্ৰথমতে প্রয়ােগ কৰিছিল?
উ : দক্ষিণ আফ্রিকাত প্রয়ােগ কৰিছিল
৪। ৰবীন্দ্রনাথ ঠাকুৰে কিয় নাইট’ উপাধি ত্যাগ কৰিছিল?
উঃ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে নাইট’ উপাধি ত্যাগ কৰিছিল।
৬। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল?
উঃ চৌকত আলি আৰু মহম্মদ আলিৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল।
৭। চৌৰীচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল।
উ : ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত চৌৰীচৌৰাৰ ঘটনা সংঘটিত হৈছিল।
৮। কেনে পৰিস্থিতিত লালা লাজপত ৰায়ৰ মৃত্যু হৈছিল ?
উঃ লাহােৰত লালা লাজপত ৰায়ৰ নেতৃত্বত হােৱা এটা ছাইমন বিৰােধী সমদলৰ ওপৰত পুলিচে নির্দয়ভাবে লাঠি চালনা কৰাত তেওঁ বেয়াকৈ আহত হয় আৰু তাৰ ফলতেই লালা লাজপাত ৰায়ৰ মৃত্যু হৈছিল।
৯। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ উত্থাপন কৰা হৈছিল?
উ: ১৯২৯ চনত লাহােৰত জৱাহৰলাল নেহৰুৰ সভাপতিত্বত বহা কংগ্ৰেছ অধিৱেশনত ভাৰতীয় সকলৰ মূল দাবী হিচাপে পূর্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল।
১০| গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা ডাণ্ডিৰ সাগৰ পাৰলৈ লােন আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু ডাণ্ডিৰ মাজত দূৰত্ব কিমান?
উ: ৩৮৫ কিলােমিটাৰ।
১১। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উঃ খান আব্দুল গফুৰ খানক সীমান্ত গান্ধী নামেৰে জনা যায়।
১২। লণ্ডনত অনুষ্ঠিত হােৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাৱে প্রতিনিধিত্ব কৰিছিল?
উ : মহাত্মা গান্ধীয়ে প্রতিনিধিত্ব কৰিছিল।
১৩। ১৯৩২ চনত সাম্প্রদায়িক বাটোৱাৰা ঘােষণা কৰা ব্রিটিছ প্রধানমন্ত্রীজনৰ নাম কি আছিল?
উঃ ৰামজে মেকডোনাল্ড।
১৪। কোনটো আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল?
উঃ ভাৰত ত্যাগ আন্দোলনৰ সময়ছােৱাত গান্ধীজীয়ে কৰিম কিম্বা মৰিম’ শ্লোগান দিছিল।
১৫। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?
উ : নেতাজী সুভাষ চন্দ্র বসু।
১৬। “মােক তেজ দিয়া, মই তােমালােকক স্বাধীনতা দিম এই বিখ্যাত বাণীটো কোন ভাৰতীয় নেতাৰ আছিল?
উঃ সুভাষ চন্দ্র বসুৰ।
১৭। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
উঃ ৰেডক্লিফ ৰেখা নামেৰে জনা যায়।
১। ১৯৩১ চনৰ গান্ধী আৰউইন চুক্তিৰ দুটা চৰ্ত লিখা।
উঃ (১) চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নােহাৱা সকলাে বন্দীক মুকলি কৰি দিব লগতে অসংগ্রহীত জৰিমনা মাফ কৰিব।
(২) চৰকাৰে সাগৰৰ পাৰৰ গাওঁবাসীক প্রয়ােজনীয় নিমখ তৈয়াৰ কৰাৰ অনুমতি দিব।
Class 10 Social Science Chapter 2 Question Answer In Assamese Medium
দীঘল উত্তৰৰ প্ৰশ্ন
২। ভাৰতত খিলাফৎ আন্দোলন কিয় আৰম্ভ হৈছিল?
উঃ ভাৰতত ১৯১৯ চনৰ পৰা খিলাফৎ আন্দোলনৰ সূচনা হৈছিল। ভাৰতীয় মুছলমানসকলে তুৰস্কৰ সম্রাট খলিফাক নিজৰ ‘আধ্যাত্মিক গুৰু হিচাপে মান্যতা কৰিছিল। কিন্তু প্রথম বিশ্বযুদ্ধত তুর্কীসকল পৰাজিত হৈছিল। খলিফাই নিজৰ সাম্রাজ্যৰ পৱিত্ৰ ঠাই সমুহৰ ওপৰত অধিকাৰ হেৰুৱাইছিল এইটো মুছলমানসকলৰ বাবে চিন্তাৰ বিষয় হৈ পৰিছিল। খলিফাক পূৰ্বৰ মর্যাদালৈ ঘূৰাই অনাৰ উদ্দেশ্যে ভাৰতবৰ্ষৰ মৌলানা চৌকৎ আলি আৰু মহম্মদ আলিৰ নেতৃত্বত খিলাফৎ আন্দোলনৰ সূচনা হৈছিল।
সেই সময়ত আকৌ মহাত্মা গান্ধীয়ে ভাৰতত ইংৰাজৰ ঔপনিবেশিক শাসনৰ অন্ত পেলােৱাৰ উদ্দেশ্যে ‘অসহযােগ আন্দোলনৰ পাতনি মেলাৰ কথা চিন্তা কৰি আছিল। তেওঁ জানিছিল যে ভাৰতীয় জনগণ ঐক্যবদ্ধ হ’লেহে এই আন্দোলন সফল হ’ব পাৰিব। মুছলমান সকলকো আন্দোলনৰ অংশীদাৰ হ’বলৈ মুছলমান সকলক খিলাফৎ আন্দোলনলৈ মুকলি সমর্থন জনাইছিল। হিন্দু মুছলমানৰ ঐক্যবদ্ধ শক্তিয়েহে অসহযোেগ আন্দোলনৰ মূলভেটি সুদৃঢ় কৰিব পাৰি, সেই কথা গান্ধীজীয়ে ভালদৰে জানিছিল। আনহাতে ভাৰতবৰ্ষত সংখ্যালঘু মুছলমান সকলেও হিন্দুৰ নেতৃত্ব খিলাফৎ আন্দোলনত সহায়ক হ’ব পাৰে বুলি ভাবিছিল। এনেদৰেই হিন্দু মুছলমানৰ সম্প্ৰীতিৰে ভাৰতবৰ্ষত ১৯১৯ চনত খিলাফৎ আন্দোলনৰ সূচনা-হৈছিল।
৩। ১৯২০-২২ চনত গান্ধীজীয়ে কিয় অসহযােগ আন্দোলন আৰম্ভ কৰিছিল? ইয়াৰ কাৰ্যসূচী কি আছিল গান্ধীজীয়ে কিয় এই আন্দোলন বন্ধ কৰিছিল?
উঃ ১৯২০ চনৰপৰা ১৯২২ চনলৈ অহিংস পথেৰে ব্রিটিছ শাসনৰপৰা ভাৰতবৰ্ষক মুক্ত কৰিবলৈ গান্ধীজীয়ে অসহযােগ আন্দোলন আৰম্ভ কৰিছিল। ভাৰতৰ সকলাে শ্ৰেণীৰ লােকে এই আন্দোলনত জপিয়াই পৰিছিল। এই আন্দোলনৰ কাৰণবােৰ হ’ল—
(১) ইংৰাজে ভাৰতত প্ৰৱৰ্তন কৰা ৰাওলাট আইনৰ বিৰুদ্ধে অসহযােগ আন্দোলন হৈছিল। (২) ১৯১৯ চনত পঞ্জাৱৰ অমৃতচৰ জিলাৰ জালিয়ানৱালাবাগ হত্যাকাণ্ড। (৩) তুৰস্কৰ সমস্যা। (৪) ব্রিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত কৰা অথনৈতিক শােষণ।
এইবােৰ কাৰণতে ১৯১৯ চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ অধিৱেশনে মহাত্মা গান্ধী নেতৃত্বত অসহযােগ আন্দোলন আৰম্ভ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। কংগ্ৰেছৰ বিশেষ অধিৱেশনত খিলাফটৰ সমর্থন চৰকাৰৰ সৈতে অসহযােগৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয়। গতিকে গান্ধীজীৰ নেতৃত্বত কংগ্ৰেছ আৰু কেন্দ্রীয় খিলাফট সমিতিৰ যুটীয়া উদ্যোগত ভাৰতবৰ্ষত পােন প্ৰথমতে ব্রিটিছ বিৰােধী গণ আন্দোলনৰ সূচনা হয়। অসহযােগ আন্দোলনৰ কাৰ্যসূচীবােৰ এনে ধৰণৰ আছিল—
(১) এই আন্দোলনৰ মুখ্য লক্ষ্য আছিল ভাৰতবৰ্ষৰ মর্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা। হেজাৰ হেজাৰ সাধাৰণ মানুহ এই উদ্দেশ্যেৰে আন্দোলনত নামিছিল। এই আন্দোলনে মানুহৰ আৱেগক উজ্জীৱিত কৰি তুলিছিল।
(২) হিন্দু-মুছলমানৰ ঐক্য বৃদ্ধি হৈছিল আৰু একেলগে আন্দোলনত অংশ গ্রহণ কৰিছিল।
(৩) নানা ঠাইত বিদেশী বস্ত্র জ্বলাই দিয়া হৈছিল।
(৪) বিদেশী ব্যয়-বস্তু আৰু সুৰা বিক্রি কৰা দোকানবােৰ বর্জন কৰা হৈছিল।
(৫) বংগদেশৰ মেদিনীপুৰৰ কৃষকসকলে কৰ-কাটল নিদিয়াৰ সপক্ষে প্রচাৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল।
(৬) কংগ্ৰেছে সেই সময়ছােৱাত কাশী বিদ্যাপীঠ, বেনাৰস বিদ্যাপীঠৰ দৰে জাতীয় শিক্ষানুষ্ঠান গঢ়ি তুলিছিল। সমগ্ৰ ভাৰততে এই আন্দোলন প্ৰৱলভাৱে চলি থকা অৱস্থাতে ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰি তাৰিখে উত্তৰ প্ৰদেশৰ চৌৰিচৌৰাৰ পুলিচ থানাত আন্দোলনকাৰীয়ে অগ্নিসংযােগ কৰি ২২জন পুলিচক হত্যা কৰে। গান্ধীৰ অহিংসা পন্থাৰ বিপৰীতে হিংসাত্মক ৰূপ লােৱাত এই আন্দোলন গান্ধীজীয়ে বন্ধ কৰে।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10
৪। আইন অমান্য আন্দোলন আৰম্ভ কৰাৰ প্রধান কাৰণসমূহ কি আছিল? গান্ধীজীয়ে এই আন্দোলন কেনেদৰে আৰম্ভ কৰিছিল, আলােচনা কৰা।
নাইবা
আইন অমান্য আন্দোলনৰ মূল লক্ষ্য কি আছিল? এই আন্দোলনৰ কেইটামান মূল বৈশিষ্ট্য লিখা।
উঃ ১৯৩০ চনৰ পৰা ১৯৩৪ চনলৈকে আইন অমান্য আন্দোলনটো দুটা পর্যায়ত আৰম্ভ হৈছিল। এই আন্দোলনৰ অন্যতম প্রধান কাৰণ আছিল ব্রিটছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন। এই কমিছনত কেৱল ব্রিটিছ সংসদ সদস্যক অন্তর্ভূক্ত কৰা হৈছিল বাবে ইয়াক ভাৰতীয়সকলে বর্জন কৰে। ১৯২৮ চনত কলিকতাত বহা কংগ্রেছৰ অধিৱেশনত ব্রিটিছ চৰকাৰক সকীয়নি দিয়া হৈছিল যে যদি ভাৰতক ডমিনিয়ন ব্যৱস্থা প্ৰদান কৰা নহয় তেন্তে আইন অমান্য আন্দোলন গঢ়ি তােলা হ’ব। ১৯২৯ চনৰ লাহােৰ কংগ্ৰেছ অধিৱেশনত পূর্ণ স্বৰাজ কংগ্রেছৰ মূল লক্ষ্যৰূপে বিবেচিত হয়। ১৯৩০ চনৰ ২৬ জানুৱাৰীত সমগ্ৰ ভাৰততে পূর্ণ স্বৰাজদিৱস পালন কৰা হয়।
১৯৩০ চনৰ ৩১ জানুৱাৰীত ব্রিটিছ শাসনৰ অৱসান বিচাৰি মহাত্মাগান্ধীয়ে ভাইচৰয় লর্ড আৰউইনলৈ মাদকদ্রব্যৰ প্ৰচলন বন্ধ, লােণ কৰ বন্ধ কৰা, সকলে ৰাজনৈতিক বন্দীক মুক্তি দিয়া আদি কেইবাটাও দাবীৰে এখন চৰম পত্র প্রেৰণ কৰে। আৰউইনে দাবীসমূহ মানি নােলােৱাত গান্ধীয়ে ১৯৩০ চনৰ ১২ মার্চত ৩৮৫ কিঃমিঃ দূৰত্ব অতিক্রম কৰি গুজৰাটৰ দাণ্ডিত উপস্থিত হয়। দাণ্ডিত চৰকাৰী আইন ভংগ কৰি সাগৰৰ পানীৰ পৰা লােণ প্রস্তুত কৰি আইন অমান্য আন্দোলনৰ সূচনা কৰে। এই আন্দোলনৰ মূল বৈশিষ্ট্যসমূহ হ’ল-
(১) এই আন্দোলন সর্বত্রে বিয়পি পৰিছিল। ছাত্র, মহিলা, কৃষককে ধৰি সকলাে শ্ৰেণীৰ মানুহে এই আন্দোলনত অংশ লৈছিল।
(২) দেশৰ অন্যান্য প্রান্ততাে লােণ আইনক প্রত্যাহ্বান জনােৱা হৈছিল।
(৩) উত্তৰ-পশ্চিম সীমান্ত প্রদেশত খান আব্দুল গফুৰ খানৰ (সীমান্ত গান্ধী নামেৰে পৰিচিত) নেতৃত্বত ‘ৰেড চার্টছ’ হিচাপে জনপ্রিয় ‘খুদাই খিটমগাদৰছ’ (ঈশ্বৰৰ সেৱক) সকলে আন্দোলনটো চলাই নিছিল।
(৪) এই আন্দোলনত গান্ধীজীৰ লগতে হেজাৰ হেজাৰ স্বাধীনতাপ্রেমী পুৰষ, মহিলা আৰু ল’ৰা-ছােৱালী গ্রেপ্তাৰ হৈছিল।
(৫) আইন অমান্য আন্দোলন চলি থকাৰ বাবে লণ্ডনত অনুষ্ঠিত প্রথমখন ঘূৰণীয়া মেজমেল কংগ্ৰেছে বর্জন কৰিছিল।
১৯৩১ চনৰ মাৰ্চ মাহত হােৱা গান্ধী-আউইন চুক্তি মতে মহাত্মাগান্ধীয়ে কংগ্ৰেছৰ দ্বিতীয় ঘূৰণীয়া মেজ মেলত অংশ গ্ৰহণ কৰাৰ সিদ্ধান্ত লয় আৰু আইন অমান্য আন্দোলন প্রত্যাহাৰ কৰে।
৫। সত্যাগ্রহ বুলিলে কি বুজা? যি তিনিটা স্থানীয় বিবাদৰ ক্ষেত্ৰত গান্ধীয়ে সত্যাগ্রহক প্রথমতে প্রয়ােগ কৰিছিল সেই তিনিটাৰ বিষয়ে সংক্ষিপ্ত ৰূপত লিখা।
উঃ সত্যাগ্রহ শব্দটো সত্য’ আৰু আগ্রহ’ শব্দ দুটা লগ হৈ সৃষ্টি হৈছে। সত্যৰ প্রতি আগ্রহেই হৈছে সত্যাগ্রহ। গান্ধীজীৰ মতে, সত্যাগ্রহ কেৱল একপক্ষীয় প্রতিৰোধ নহয়। ইয়াৰ তাৎপর্য হ’ল জনতাই গভীৰভাৱে নেৰানেপেৰাকৈ ৰাজনৈতিক কার্যকলাপত আত্মনিয়ােগ কৰা। সত্যগ্ৰহৰ ভিত্তি হ’ল অহিংসা। সত্যাগ্রহ’ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্রিকাতে প্রথমে প্রয়ােগ কৰিছিল। মহাত্মা গান্ধীয়ে ১৯১৫ চনত ভাৰতলৈ উভতি অহাৰ পিছত তিনিটা স্থানীয় বিবাদত সােমাই সত্যাগ্রহ প্রয়ােগ কৰিছিল। সেই বিবাদ তিনিটা হ’ল-
(১) উত্তৰ বিহাৰৰ চম্পাৰণত মহাত্মা গান্ধীয়ে খেতিয়কসকলক শোষণ কৰা ভূস্বামীসকলৰ বিপক্ষে সাধাৰণ কৃষকসকলক নেতৃত্ব প্রদান কৰি সত্যাগ্রহ আৰম্ভ কৰে।
(২) গুজৰাটৰ খোত কৃষকসকলৰ খেতি নষ্ট হােৱাৰ পিছতাে চৰকাৰে আৰােপ কৰা অত্যধিক ৰাজহৰ বিপক্ষে সত্যাগ্রহ কৰিছিল।
(৩) আহমেদাবাদত বঞ্চিত মিল শ্ৰমিকসকলৰ হৈ মিল মালিকসকলৰ বিপক্ষে থিয় দিছিল। এই প্রতিটো কাৰ্যসূচীতে তেওঁ ‘সত্যাগ্রহক কৌশল হিচাপে ব্যৱহাৰ কৰিছিল আৰু য’ত আদর্শ আছিল সত্য আৰু অহিংসা।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দশম শ্ৰেণী
৬। ভাৰতীয় জাতীয় সেনাবাহিনীৰ বিষয়ে এটা টোকা লিখা।
উত্তৰ : ভাৰতীয় জাতীয় সেনাবাহিনীৰ ধাৰণাটো প্ৰথমতে পোষণ কৰিছিল মালয়ত ব্ৰিটিছ সৈন্যত চাকৰি কৰি পিছত জাপানী সৈন্যৰ ওচৰত আত্মসমর্পণ কৰিবলগীয়া হোৱা ভাৰতীয় বিষয়া কেপ্টেইন মোহন সিঙে। ১৯৪২ চনৰ মাৰ্চ মাহত বিদেশবাসী ভাৰতীয়সকলক লৈ টকিঅত বহা এখন সভাত ভাৰতীয় স্বতন্ত্র লীগ গঠন কৰা হৈছিল। ইয়াৰ পিছত ১৯৪২ চনৰ জুন মাহত বেংককত বহা সম্মিলনত উক্ত লীগৰ সভাপতি হিচাপে ৰাসবিহাৰী বসুক নিৰ্বাচিত কৰা হয় আৰু তাতেই ভাৰতীয় জাতীয় সেনাবাহিনী বা আজাদ হিন্দ ফৌজ গঠন কৰা হয়।
পাছত ৰাসবিহাৰী বসুৰ ঠাইত সুভাষ চন্দ্ৰ বসুক লীগ সভাপতিৰ আসনত বহুওৱা হয়। ১৯৪৩ চনৰ ২১ অক্টোবৰত সুভাষ চন্দ্ৰ বসুৱে ছিংগাপুৰত স্বাধীন ভাৰতৰ প্ৰাদেশিক চৰকাৰ গঠন কৰে। ভাৰতীয় জাতীয় সেনাবাহিনীটোক পুনৰ গঠন কৰা হয় আৰু যুদ্ধবন্দীৰ লগতে সাধাৰণ মানুহকো সৈন্য বাহিনীত ভৰ্তি কৰাৰ ব্যৱস্থা লোৱা হয়। ইয়াৰ লগতে যুদ্ধ পুঁজি গঠন কৰা হয় আৰু ‘ঝাঞ্চি ৰাণী ৰেজিমেণ্ট’ নামেৰে মহিলাসকলৰ বাহিনী এটাও গঠন কৰা হয় । ভাৰতীয় জাতীয় সেনা বাহিনীৰ মূল শ্ল’গান আছিল ‘জয়হিন্দ’। ব্ৰিটিছ আৰু সহযোগীসকলৰ সৈন্যৰ বিপক্ষে ভাৰতীয় জাতীয় সেনাবাহিনীয়ে জাপানৰ লগ লাগি ব্ৰহ্মদেশ, ইম্ফল আৰু কহিমাত যুদ্ধ কৰিছিল।
বসুৰ বিখ্যাত ‘মোক তেজ দিয়া আৰু মই তোমালোকক স্বাধীনতা দিম’ উক্তিয়ে তেওঁৰ সৈন্যসকলক বৰকৈ অনুপ্রাণিত কৰিছিল। কিন্তু যুদ্ধত জাপানৰ পৰাজয় আৰু আত্মসমর্পণে ভাৰতীয় জাতীয় সৈন্যবাহিনীকো আত্মসমর্পণ কৰিবলৈ বাধ্য কৰে। তাৰ পিছত নেতাজী সুভাষ বসু অন্তর্ধান হয়। ১৯৪৫ চনৰ আগষ্ট মাহত এটা বিমান দুর্ঘটনাত বসুরে প্ৰাণ হেৰুৱায় বুলি কোৱা হয়। আজিও ভাৰতীয়সকলে নেতাজীক ভাৰতীয় জনতা আৰু ভাৰতীয় সৈন্যৰ সন্মুখত এটা স্বদেশ প্ৰেমৰ উৎস হিচাপে বন্দনা কৰে। তেওঁক গোটেই দেশবাসীয়ে নেতাজী হিচাপে সন্মানিত কৰিছে।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম ৰচনা
৭। কি পৰিস্থিতিত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল? ভাৰতৰ স্বাধীনতা সংগ্ৰামত এই আন্দোলনৰ কাৰ্যসূচীক তুমি মাইলৰ খুঁটি হিচাপে সাব্যস্ত কৰিব খোজানে? তোমাৰ মতামতৰ সমর্থনত যুক্তি দিয়া।
উত্তৰ : ইউৰোপত তেতিয়া দ্বিতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হৈছিল। গান্ধী আৰু নেহৰুৱে হিটলাৰ আৰু নাৎসী বাহিনীৰ বিৰোধিতা কৰিছিল যদিও ‘সম্পূর্ণ স্বাধীনতা’ৰ প্ৰস্তাৱ গ্ৰহণ কৰিলে যুদ্ধত ব্ৰিটিছক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছিল। কিন্তু ব্ৰিটিছে তেওঁলোকৰ প্ৰস্তাৱ অগ্রাহ্য কৰে। তেতিয়া চৰকাৰক হেঁচা দিবলৈ ১৯৪০ আৰু ১৯৪১ চনত কংগ্ৰেছে এলানি সত্যাগ্রহ কাৰ্যসূচী গ্রহণ কৰে। ফলত ব্ৰিটিছ প্রধানমন্ত্রী উইনষ্টন চাৰ্চিলে তেওঁৰ মন্ত্ৰীসভাৰ এজন মন্ত্রী ছাৰ ষ্টাফর্ড ত্ৰিপছক ভাৰতলৈ পঠিয়াবলৈ হেঁচা দিয়া হয়। ইয়াৰ উদ্দেশ্য আছিল ভাৰতীয় ৰাজনৈতিক দলসমূহৰ লগত আলোচনা কৰি ইউৰোপত চলি থকা যুদ্ধত ব্ৰিটিছৰ পক্ষত ভাৰতীয়সকলৰ পৰা সহায় আৰু সমৰ্থন লাভ কৰা। ব্ৰিটিছ চৰকাৰে ক্ৰিপছ মিছন গঠন কৰে।
ক্ৰিপছৰ প্ৰস্তাৱত যুদ্ধৰ অন্তত ভাৰতৰ বাবে ডমিনিয়ান ব্যৱস্থাৰ প্ৰস্তাৱ আগবঢ়োৱাৰ লগতে এখন সাংবিধানিক পৰিষদ আৰু প্ৰদেশসমূহৰ কাৰণে পৃথক সংবিধান প্রণয়নৰ অধিকাৰ প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰা হৈছিল। অৱশেষত ক্ৰিপছ মিছন ব্যৰ্থ হৈছিল। ফলত গান্ধীজীয়ে ব্ৰিটিছৰ বিৰুদ্ধে তৃতীয় বৃহৎ ‘ভাৰত ত্যাগ’ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল। ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাই নিখিল ভাৰত কংগ্ৰেছ কমিটীয়ে এই প্রস্তাব গ্রহণ কৰে। গান্ধীয়ে সভাত কৰিম কিম্বা মৰিম’ ধ্বনিৰে ভাষণ দি দেশবাসীক উদ্বুদ্ধ কৰে। এই আন্দোলনৰ ফলত সমগ্ৰ দেশতে হৰতালৰ লগতে বিদেশী সামগ্ৰী বৰ্জন কৰা হৈছিল। ব্ৰিটিছ চৰকাৰৰ ৰে’ল ষ্টেচন, আদালত, থানা আদিত আক্রমণ চলিছিল। টেলিফোন লাইনবোৰ কাটি দিয়া হৈছিল। কিছুমান ঠাইত ভাৰতীয়সকলে ব্ৰিটিছ শাসনৰ পৰা মুক্ত বুলি ঘোষণা কৰি তাত নিজাকৈ চৰকাৰ গঠন কৰিছিল।
চমুকৈ ক’বলৈ গ’লে ভাৰত ত্যাগ আন্দোলন আছিল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ মাইলৰ খুঁটি। এই আন্দোলন দীর্ঘম্যাদী নাছিল কিন্তু ই ভাৰতীয়সকলৰ জাতীয়তাবাদী ভাবধাৰাৰ গভীৰতা, সংগ্ৰাম আৰু ত্যাগৰ সামূহিক প্ৰদৰ্শনৰ এক অসৎ উদাহৰণ আছিল। ছাত্ৰ, মহিলা, শ্রমিক আৰু কৃষকসকলে এই আন্দোলনত জঁপিয়াই পৰিছিল। এই ঐতিহাসিক আন্দোলনটোৱে স্বাধীনতাৰ দাবীক জাতীয়তাবাদী আন্দোলনৰ তাৎক্ষণিক কাৰ্যসূচীলৈ পৰিণত কৰিছিল।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম
৭। চমুটোকা লিখা
(ক) জালিয়ানৱালাৰাগৰ হত্যাকাণ্ড :
উত্তৰঃ ৬ এপ্ৰিলৰ হৰতালৰ এসপ্তাহমানৰ ভিতৰতে পঞ্জাৱৰ বেছিভাগ অঞ্চলতে আন্দোলনটোৱে তীব্র ৰূপ ধাৰণ কৰিছিল। ১০ এপ্রিলত ডঃ সত্যপাল আৰু ডঃ কিচলিউ নামৰ ৰাজ্যখনৰ দুজন জনপ্রিয় নেতাক গ্ৰেপ্তাৰ কৰি অমৃতসৰৰ পৰা নিৰ্বাসিত কৰা হয়। ১৩ এপ্ৰিলত অমৃতসৰৰ জালিবানৱালাবাগত এখন গণসভা অনুষ্ঠিত হৈছিল। তদানিন্তন নিৰাপত্তাৰ দায়িত্ববাহী বিষয়া জেনেৰেল ডায়াবে উক্ত সভাখন অনুষ্ঠিত হোৱাত কোনো বাধা প্রদান কৰা নাছিল। সভাখন অনুষ্ঠিত হোৱা পথাৰখনৰ সকলো ফালেই ওখ দেৱাল আছিল আৰু প্ৰৱেশ কৰিবলৈ এটা মাত্ৰ সৰু পথ আছিল। সভাখন অনুষ্ঠিত হৈ থাকোঁতেই হঠাতে
জেনেৰেল ডায়াৰৰ নিৰ্দেশত নিৰাপত্তাৰক্ষীয়ে অসহায়, নিৰস্ত্ৰ মানুহবোৰৰ ওপৰত নির্দয়ভাৱে গুলী চলাবলৈ আৰম্ভ কৰিছিল।
সেই নির্দয় গুলীচালনাত শ শ লোকৰ মৃত্যু হৈছিল আৰু বহুতো লোক আহত হৈছিল। পঞ্জাৱত সামরিক শাসন জাৰি কৰা হৈছিল। জধেমধে গ্ৰেপ্তাৰ কৰা, সম্পত্তি বাজেয়াপ্ত কৰা, লাঠী চালনা কৰা ইত্যাদিৰ দৰে অগণতান্ত্রিক দমননীতিৰে উক্ত সময়ছোৱাত জনসাধাৰণক হাৰাশাস্তি কৰা হৈছিল। চৰকাৰে লৰ্ড হাণ্টাৰৰ নেতৃত্বত পঞ্জাৱৰ ঘটনাপ্ৰৱাহৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। লণ্ডনত ব্ৰিটিছ চৰকাৰে জেনেৰেল ডায়াৰক চাকৰিৰ পৰা অব্যাহতি দিছিল, কিন্তু তেওঁক দোষমুক্ত বুলিও ঘোষণা কৰা হৈছিল। গোটেই দেশখনতেই অসন্তুষ্টিৰ বতাহ বলিছিল। জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্ৰনাথ ঠাকুৰে ব্ৰিটিছ চৰকাৰে তেওঁক প্ৰদান কৰা ‘নাইট’ উপাধি পৰিত্যাগ কৰিছিল।
(খ) খিলাফত আন্দোলন
উত্তৰঃ প্রথম বিশ্বযুদ্ধত তুর্কীসকলৰ পৰাজয়ৰ ফলস্বৰূপে খলিফাৰ গুৰুত্ব একেবাৰে কমি গৈছিল। মুছলমানসকলে তুৰস্কৰ সম্ৰাটক খলিফা বা আধ্যাত্মিক গুৰু হিচাপে গণ্য কৰিছিল। কিন্তু খলিফাই নিজৰ সাম্রাজ্যৰে পৱিত্ৰ ঠাইবোৰৰ ওপৰত অধিকাৰ হেৰুৱাত মুছলমানসকল উত্তেজিত হৈ পৰিছিল। ভাৰতীয় মুছলমানসকলে খলিফাৰ দুৰ্ভাগ্যত শংকিত হৈ পৰিছিল আৰু মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত এখন খিলাফৎ সমিতি গঠন কৰিছিল। এই সমিতিৰ উদ্দেশ্য আছিল ইছলামৰ আধ্যাত্মিক গুৰু খলিফাক পূৰ্বৰ মৰ্যাদালৈ ঘূৰাই অনা। গান্ধীজীয়ে ৰাষ্ট্ৰীয় স্বাৰ্থত ভাৰতীয় হিন্দু আৰু মুছলমানক ঐক্যবদ্ধ কৰিবলৈ ইয়াক এটা সুযোগ হিচাপে গ্ৰহণ কৰি খিলাফৎ আন্দোলনলৈ মুকলি সমৰ্থন জনোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছিল। তেওঁ খিলাফৎ সমিতিক অহিংস অসহযোগ আন্দোলনৰ জৰিয়তে নিজৰ দাবী উত্থাপন কৰি চৰকাৰক দাবীসমূহ মানি ল’বলৈ বাধ্য কৰিব পাৰিব বুলি পতিয়ন নিয়াইছিল।
(গ) দাণ্ডি যাত্রা
উত্তৰ : ১৯৩০ চনত গান্ধীৰ ‘লোণ সত্যাগ্রহ’ৰ জৰিয়তে আৰম্ভ হৈছিল যাক ‘দাণ্ডি যাত্রা’ বুলি জনা যায়। ১৯৩০ চনৰ ১২ মাৰ্চত এই যাত্ৰাৰ আৰম্ভণি হৈছিল। সেইদিনা গান্ধী আৰু তেওঁৰ অনুগামীসকলে আহমেদাবাদৰ সবমতী আশ্ৰমৰ পৰা ভাৰতৰ পশ্চিম উপকূলত থকা দাণ্ডি নামৰ গাঁওখনলৈ যাত্ৰা কৰিছিল। একেৰাহে ২৫ দিন যাত্ৰা কৰি প্ৰায় ৩৮৫ কিলোমিটাৰ। দূৰত্ব অতিক্রম কৰাৰ পিছত তেওঁলোক ১৯৩০ চনৰ ৬ এপ্রিল তাৰিখে দাণ্ডিত উপস্থিত হৈছিল। ইয়াতেই লোণ আইনৰ বিৰোধিতা কৰি গান্ধীয়ে নিজে লোণ প্রস্তুত কৰি চৰকাৰৰ প্ৰতি | প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল। ক্রমে এই আন্দোলন। সৰ্বত্ৰে বিয়পি পৰিছিল আৰু দেশৰ অন্যান্য প্রান্ততো লোণ আইনক প্রত্যাহ্বান জনোৱা হৈছিল।
(ঘ) চাইমন কমিছন
উত্তৰঃ ১৯১৯ চনত ভাৰত চৰকাৰ আইন প্রণয়ন হোৱাৰ দহ বছৰ পিছত আইনখনৰ কাৰ্যকাৰিতাৰ বিষয়ে অনুসন্ধান কৰিবলৈ ব্ৰিটিছ চৰকাৰে এখন আয়োগ গঠন কৰিছিল। সেই মর্মে ১৯২৮ চনত ছাৰ জন চাইমনৰ নেতৃত্বত এখন সাতজনীয়া আয়োগে| ভাৰতত পদার্পণ কৰে। কিন্তু উক্ত আয়োগত এজনো ভাৰতীয় সদস্য নোহোৱাৰ প্ৰতিবাদত কংগ্ৰেছে আয়োগখনক বর্জন কৰে। ‘চাইমন ঘূৰি যোৱা ধ্বনিৰে কংগ্ৰেছে প্রতিবাদ সাব্যস্ত কৰে। লাহোৰত লালা লাজপৎ ৰায়ৰ নেতৃত্বত হোৱা এটা চাইমন বিৰোধী সমদলৰ ওপৰত পুলিচে নির্দয়ভাৱে লাঠী চালনা কৰে, য’ত লাজপৎ ৰায় বেয়াকৈ আহত হয়। আৰু তাৰ ফলতেই তেওঁ মৃত্যুবৰণ কৰে।
Class 10 Social Science Chapter 2 Question Answer In Assamese Medium
(ঙ) গান্ধী-আউইন চুক্তি
উত্তৰঃ ১৯৩১ চনৰ ৫ মার্চ তাৰিখে ভাৰতৰ ভাইচৰয় লর্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত এখন বুজা- বুজিৰ চুক্তি সম্পন্ন হয়। সেই চুক্তিৰ চৰ্ত অনুসৰি চৰকাৰে হিংসাত্মক ঘটনাৰ বাবে দোষী সাব্যস্ত নোহোৱা সকলো বন্দীক মুকলি কৰি দিয়াৰ সিদ্ধান্ত লোৱাৰ লগতে অসংগ্ৰহীত জৰিমনা মাফ কৰা আৰু তৃতীয় পক্ষৰ ওচৰত বিক্ৰী নকৰা সত্যাগ্রহীৰ পৰা অধিগ্ৰহণ কৰা মাটিবোৰ ঘূৰাই দিয়াৰ সিদ্ধান্ত গ্রহণ কৰে। তদুপৰি চৰকাৰে সাগৰ পাৰৰ গাঁওবাসীক প্রয়োজনীয় নিমখখিনি তৈয়াৰ কৰাৰ অনুমতি প্রদান কৰাৰ লগতে শান্তিপূৰ্ণ আৰু অহিংস ধর্মঘট কৰাৰ অনুমতি দিয়ে। কংগ্ৰেছেও চৰ্তানুসাৰে আইন অমান্য আন্দোলনৰ কাৰ্যসূচী প্রত্যাহাৰ কৰে। কংগ্ৰেছে পৰৱৰ্তী ঘূৰণীয়া মেজমেলত অংশগ্ৰহণ কৰাৰ ইংগিতো প্ৰদান কৰে।
(চ) সাম্প্রদায়িক বাঁটোৱাৰা
উত্তৰ : আইন অমান্য আন্দোলনৰ অস্থিৰ সময়ছোৱাত যেতিয়া ব্ৰিটিছ প্রধান মন্ত্ৰী ৰামজে মেকডোনাল্ডে ১৯৩২ চনত সাম্প্ৰদায়িক বাটোৱাৰাৰ কথা ঘোষণা কৰিলে, ব্ৰিটিছসকলৰ ‘বিভাজন আৰু শাসন নীতি’য়ে এক নতুন ৰূপ লাভ কৰিলে। শিখ, খ্ৰীষ্টান আৰু মুছলমানৰ দৰে সংখ্যালঘু সম্প্রদায়ক পৃথক নিৰ্বাচনমণ্ডল প্ৰদান কৰাৰ বাহিৰেও অন্যান্য পিছপৰা শ্ৰেণীকো সংখ্যালঘু হিচাপে চিহ্নিত কৰা হৈছিল। সেইসকলকো পৃথক নির্বাচন মণ্ডল প্ৰদান কৰি অন্য হিন্দুসকলৰ পৰা পৃথক কৰা হৈছিল। সেই ঘোষণাৰ বিৰোধিতা কৰি সেই সময়ত কাৰগাৰত থকা গান্ধীজীয়ে আমৰণ অনশন আৰম্ভ কৰিছিল। এনেদৰে তেওঁ পুনে চুক্তি (১৯৩২)ৰ জৰিয়তে অন্য হিন্দুৰ লগত হৰিজনসকলকো যুটীয়া নির্বাচনমণ্ডলত অন্তৰ্ভুক্ত কৰাত সফল হৈছিল। পুনে চুক্তিৰ দ্বাৰা ব্ৰিটিছসকলে বাঁটোৱাৰা নীতিক সংশোধন কৰিবলৈ সন্মত হৈছিল। গান্ধীজীয়ে অস্পৃশ্যতা বিৰোধী আন্দোলনৰ লগত সম্পূৰ্ণৰূপে যুক্ত হৈ পৰিছিল আৰু ইয়াৰ দ্বাৰা হৰিজন সেৱক সংঘ প্রতিষ্ঠা হৈছিল।
(ছ) ব্যক্তিগত সত্যাগ্রহ
উত্তৰঃ ১৯৪০ চনৰ আগষ্ট মাহত ভাইচৰয়ে বিখ্যাত ‘আগষ্ট প্ৰস্তাৱ’ ঘোষণা কৰে। ইয়াৰ দ্বাৰা ভাইচৰয়ৰ কাৰ্যকৰী পৰিষদৰ সম্প্ৰসাৰণ ঘটাই ইয়াক এখন যুদ্ধ বিষয়ক পৰামৰ্শ পৰিষদত পৰিণত কৰি ভাৰতীয়সকলৰ যুদ্ধত অংশগ্রহণক কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰে। কিন্তু এই ঘোষণাত ভাৰতক স্বাধীনতা প্রদানক লৈ। একো উল্লেখ নথকাত কংগ্ৰেছ আৰু মুছলিম লীগ উভয়ে ইয়াক প্রত্যাখ্যান কৰে। ভাৰতৰ প্ৰতি ব্ৰিটিছসকলে গ্ৰহণ কৰা এনে নীতিৰ বিপক্ষে মহাত্মা গান্ধীৰ নেতৃত্বত ১৯৪০ চনৰ অক্টোবৰ মাহত কংগ্ৰেছ দলে ব্যক্তিগত সত্যাগ্রহ কাৰ্যসূচী গ্রহণ কৰে। ব্যক্তিগত সত্যাগ্রহক ‘দিল্লীলৈ ব’লক (দিল্লী চলো) সত্যাগ্রহ’ বুলিও জনা যায়। এই সত্যাগ্রহত গ্ৰেপ্তাৰ নোহোৱা একোজন সত্যাগ্রহীয়ে এখন নতুন ঠাইলৈ গৈ দিল্লী অভিমুখে যাত্ৰা কৰিছিল। এই আন্দোলনত প্ৰথমে গ্ৰেপ্তাৰ বৰণ কৰা সত্যাগ্রহীজন আছিল বিনোৱা ভাবে।
(জ) ক্রিপছ মিছন
উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধত জাপানৰ অংশগ্ৰহণ আৰু তেওঁলোকৰ উল্লেখযোগ্য সাফল্যই ভাৰতৰ প্ৰতিৰক্ষালৈ বিপদ মাতি আনিছিল। ই ভাৰতৰ প্ৰতি ইংলেণ্ডৰ মনোভাব কিছু কোমল কৰি তুলিছিল। ১৯৪২ চনৰ মাৰ্চ মাহত ব্ৰিটিছ যুদ্ধ পর্যালোচনা সমিতিয়ে ছাৰ ষ্টেনফোর্ড ক্রিপক নতুন সাংবিধানিক প্রস্তাৱসহ ভাৰতলৈ প্ৰেৰণ কৰিছিল। তেওঁ ঠিক যুদ্ধৰ পিছতেই স্ব-শাসিত এখন ভাৰতীয় যুক্তৰাষ্ট্ৰ গঠনৰ প্ৰস্তাৱ দিছিল। তেওঁ ভাৰতৰ বিভিন্ন ৰাজনৈতিক দলৰ লগত আলোচনা কৰিছিল, কিন্তু তৎকালে ক্ষমতা হস্তান্তৰৰ বিষয়ে তেওঁ কোনো প্রস্তাৱ নিদিয়াৰ বাবে কংগ্ৰেছ আৰু মুছলিম লীগ দুয়োপক্ষই তেওঁৰ প্ৰস্তাৱ গ্ৰহণ কৰা নাছিল। উক্ত পৰিস্থিতিটোক সাধাৰণভাৱে অলপ তীর্যকভাৱে কোৱা হৈছিল যে তেওঁলোক আছিল ‘এটা দেৱলীয়া বেংকৰ এখন দিন উকলা চেক’।
(ঝ) ৰাওলাট আইন
উত্তৰ : ১৯১৭ চনত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল লর্ড ছেমছফোর্ডে ন্যায়াধীশ চিডনি ৰাওলাটৰ অধ্যক্ষতাত বিদ্ৰোহী কার্যকলাপৰ প্ৰকৃতি আৰু পৰিসৰৰ বিষয়ে অনুসন্ধান কৰিবলৈ এখন আয়োগ গঠন কৰি দিছিল। প্রয়োজন সাপেক্ষে বিধানপালিকাক এই ক্ষেত্ৰত যথাযথ ব্যৱস্থা গ্ৰহণ কৰাৰ পৰামৰ্শ দিবলৈও আয়োগক নির্দেশ দিয়া হৈছিল। এই আয়োগৰ পৰামৰ্শ মতে, চৰকাৰে ১৯১৯ চনত ৰাওলাট আইন প্রণয়ন কৰিছিল। উক্ত আইনখনে যিকোনো এজন মানুহকে বিনাবিচাৰে কাৰগাৰত নিক্ষেপ কৰিবলৈ চৰকাৰক অধিকাৰ প্ৰদান কৰিছিল। এই আইনখনে ভাৰতীয়সকলৰ মাজত ব্যাপক প্রতিক্রিয়াৰ সৃষ্টি কৰিছিল।
(ঞ) সত্যাগ্রহ বা অহিংস আন্দোলন
উত্তৰ : ৰাওলাট আইনৰ প্ৰতিবাদত গান্ধীজীয়ে ১৯১৯ চনত সত্যাগ্রহ বা অহিংস আন্দোলন আৰম্ভ কৰিছিল। গান্ধীজীৰ মতে সত্যাগ্রহ হ’ল ‘এক আধ্যাত্মিক আন্দোলন, এক বিশুদ্ধিকৰণ আৰু প্রায়শ্চিত্তকৰণৰ প্রক্রিয়া’। ১৯১৯ চনৰ ৬ এপ্রিলত হৰতাল কাৰ্যসূচীৰে এই আন্দোলন আৰম্ভ হৈছিল। সকলোৱে ব্যৱসায়-বাণিজ্য পৰিহাৰ কৰি অনশন আৰু প্ৰাৰ্থনাত বহিছিল। লাহে লাহে এই আন্দোলনে এক বৃহৎ গণ আন্দোলনত পৰিণত হৈছিল। এই আন্দোলনে গান্ধীজীক এজন অতি সম্ভাৱনাপূর্ণ সৰ্বভাৰতীয় নেতাৰ ৰূপত প্ৰতিষ্ঠা কৰিছিল। তেওঁক গ্ৰেপ্তাৰ কৰা হয়, যদিও লগে লগে মুক্তিও দিয়া হয়। চৰকাৰে এই গণ আন্দোলনটোক কঠোৰ হাতেৰে দমন কৰিছিল।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10
৮। অসহযোগ আন্দোলনত অৰিহণা যোগোৱা কাৰকসমূহ উল্লেখ কৰা।
উত্তৰ : অসহযোগ আন্দোলনত বিভিন্ন কাৰকে বিভিন্ন সময়ত অৰিহণা যোগাইছিল। ইয়াৰ কিছুমান উল্লেখযোগ্য কাৰক হ’—
১। প্রথম বিশ্বযুদ্ধত ভাৰতীয়সকলৰ অসন্তুষ্টি; কিয়নো ইয়াৰ ফলত ভাৰতৰ অৰ্থনীতি আৰু ইয়াৰ মানৱ সম্পদত বিৰূপ প্ৰভাৱ পৰিছিল।
২। ১৯১৯ চনৰ ৰাওলাট এক্টৰ জৰিয়তে ব্ৰিটিছৰ বৰ্ধিত দমনমূলক নীতি গ্রহণ। এই আইনে সন্ত্রাসবাদৰ সন্দেহত যিকোনো লোককে দুবছৰ বিনা বিচাৰে কাৰাগাৰত নিক্ষেপ কৰাৰ কৰ্তৃত্ব ব্ৰিটিছ চৰকাৰক প্ৰদান কৰিছিল । গান্ধীৰ নেতৃত্বত এই আইনৰ বিপক্ষে এক সর্বব্যাপী প্রতিবাদী আন্দোলন গঢ়ি উঠিছিল।
৩। ১৯১৯ চনৰ জালিয়ানবালাবাগৰ হত্যাকাণ্ড।
৪। ব্ৰিটিছসকলৰ দ্বাৰা ভাৰতবৰ্ষত অর্থনৈতিক শোষণ।
৫। ভাৰতীয় মুছলমানসকলৰ দ্বাৰা আৰৱ সাম্ৰাজ্যৰ সুৰক্ষাৰ হকে আৰম্ভ হোৱা খিলাফৎ আন্দোলনৰ প্ৰতি সমর্থন।
৯। অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দিশসমূহ আলোচনা কৰা।
উত্তৰ: অসহযোগ আন্দোলনৰ ইতিবাচক আৰু নেতিবাচক দুয়োটা দিশেই আছিল।
ইতিবাচক দিশ : অসহযোগ আন্দোলনৰ ফলত হাতেৰে সূতা কটা আৰু তাঁত বোৱা শিল্পৰ উন্নতিৰ জৰিয়তে স্বদেশী আন্দোলন এটা গঢ়ি উঠিছিল। হিন্দুসকলৰ মাজত প্ৰচলিত অস্পৃশ্য দূৰীকৰণৰ প্ৰচেষ্টা হিন্দু মুলমানৰ ঐক্য সাধন, মাদকদ্রব্য নিবাৰণ আদি কিছুমান সামাজিক উৎকর্ষ সাধন অসহযোগ আন্দোলনৰ অৱদান। স্বৰাজ্য পুঁজি হিচাপে তিলক স্মাৰকৰ বাবে কোটি কোটি টকাৰ দান-বৰঙণি সংগ্রহো ইয়াৰ ফলত সম্ভৱ হৈছিল।
নেতিবাচক দিশ : বিধান মণ্ডল, আদালত আৰু চৰকাৰী শিক্ষানুষ্ঠান-এই। তিনি বর্জন কার্যক অসহযোগ আন্দোলনৰ নেতিবাচক দিশ হিচাপে আঙুলিওৱা হয়। সেইদৰে ব্ৰিটিছ চৰকাৰৰ পৰা পোৱা নানান বঁটা বাহন আৰু উপাধি পৰিত্যাগ কৰাৰ দৰে কার্যসূচীসমূহো অসহযোগ আন্দোলনৰ অংশ স্বৰূপ আছিল। সেইদৰে নেতিবাচক দিশবোৰে কিছুমান ইতিবাচক সংস্কাৰ সাধনো কৰিছিল। ৰাজহুৱা বিচাৰ সভাৰ ব্যৱস্থা, জাতীয়তাবাদী ভাবধাৰাৰ বিদ্যালয়- মহাবিদ্যালয় স্থাপন কৰি চৰকাৰী স্কুল ত্যাগ কৰা ছাত্ৰ-ছাত্ৰীক অধ্যয়নৰ সুবিধা প্ৰদান কৰা ইত্যাদি তেনেধৰণৰ সংস্কাৰ কাৰ্যসূচী আছিল। অসহযোগকাৰীসকলে যাতে অহিংসা নীতি সকলো ক্ষেত্ৰতে কঠোৰভাৱে মানি চলে আৰু যিকোনো পৰিস্থিতিতে যাতে তেওঁলোকে সত্যক বিসর্জন
নিদিয়ে, সেই কথা স্পষ্ট কৰি দিয়া হৈছিল।
১০। ১৯৩০ চনত মহাত্মা গান্ধীয়ে লৰ্ড আৰউইনলৈ প্ৰেৰণ কৰা চৰম পত্ৰত কি কি দাবী উল্লেখ আছিল?
উত্তৰ : চৰমপত্ৰৰ দাবীসমূহ হ’ল – (১) মাদক দ্ৰব্যৰ প্রচলন বন্ধ; (২) টকা আৰু ষ্টার্লিঙৰ অনুপাত সলনি; (৩) মাটিৰ খাজনাৰ পৰিমাণ কম কৰা; (৪) লোণ কৰ বন্ধ কৰা; (৫) সৈন্যবাহিনীৰ ব্যয় কমোৱা; (৬) প্রশাসনীয় ব্যয় সংকোচন কৰা; (৭) বিদেশী কাপোৰত সীমা শুল্ক আৰোপ; (৮) ডাক সংৰক্ষণ বিল গ্ৰহণ কৰা; (৯) অপৰাধ অনুসন্ধান শাখাৰ বিলুপ্তি; (১০) সকলো ৰাজনৈতিক বন্দীক মুক্তি দিয়া; (১১) আত্মৰক্ষাৰ বাবে সাধাৰণ নাগৰিকক অস্ত্ৰ-শস্ত্ৰ ৰখাৰ বৈধতা প্ৰদান কৰা।
১১। ভাৰত স্বাধীন আইন, ১৯৪৭ৰ মূল দফাসমূহ উল্লেখ কৰা।
উত্তৰ : ১৯৪৭ চনৰ জুলাই মাহত ব্ৰিটিছ সংসদে ভাৰত স্বাধীন আইন অনুমোদন কৰে। ইয়াৰ মূল দফা আছিল—
(১) ১৯৪৭ চনৰ ১৫ আগষ্টত ভাৰত আৰু পাকিস্তানে স্বাধীনতা লাভ কৰিব।
(২) ভাৰত আৰু পাকিস্তান নামেৰে দুখন স্ব-শাসিত দেশ গঠন কৰা হ’ব আৰু উক্ত দেশ দুখনৰ সংবিধান সভাই ব্ৰিটিছ কমনৱেল্থত দেশ দুখনে যোগ দিব নে নিদিয়ে নিজাববীয়াকৈ সিদ্ধান্ত ল’ব।
(৩) প্রতিখন স্ব-শাসিত দেশতে একোজনকৈ গৱৰ্ণৰ জেনেৰেল ইংলেণ্ডৰ ৰজাই নিযুক্তি দিব।
(৪) দুয়োখন দেশৰ বিধানমণ্ডলে সম্পূর্ণ নিজাববীয়াকৈ আইন প্রণয়নৰ অধিকাৰ লাভ কৰিব ৷
Class 10 Social Science Chapter 2 Question Answer In Assamese Medium
অতি চমু প্রশ্নোত্তৰ
১। মহাত্মা গান্ধীৰ কেতিয়া জন্ম হৈছিল?
উত্তৰ : ১৮৬৯ চনৰ ২ অক্টোবৰত।
২। সত্যাগ্রহৰ কৌশল গান্ধীয়ে কোন দেশত পোনপ্ৰথমতে প্রয়োগ কৰিছিল?
উত্তৰ : দক্ষিণ আফ্রিকাত।
৩৷ ৰবীন্দ্ৰনাথ ঠাকুৰে কিয় ‘নাইট’ উপাধি ত্যাগ কৰিছিল?
উত্তৰ: জালিয়ানৱালাবাগ হত্যাকাণ্ডৰ প্ৰতিবাদত ৰবীন্দ্রনাথ ঠাকুৰে ‘নাইট’ উপাধি ত্যাগ কৰিছিল।
৪। কাৰ কাৰ নেতৃত্বত ভাৰতত খিলাফৎ আন্দোলন হৈছিল?
উত্তৰ : মৌলানা চৌকত আলী আৰু মহম্মদ আলীৰ নেতৃত্বত খিলাফৎ আন্দোলন হৈছিল।
৫। চৌৰিচৌৰাৰ ঘটনা কেতিয়া সংঘটিত হৈছিল?
উত্তৰ : ১৯২২ চনৰ ৫ ফেব্ৰুৱাৰীত।
৬। কেনে পৰিস্থিতিত লালা লাজপৎ ৰায়ৰ মৃত্যু হৈছিল?
উত্তৰ: লাহোৰত হোৱা চাইমন কমিছন বিৰোধী সমদলৰ ওপৰত পুলিচে নির্দয়ভাৱে কৰা লাঠী চালনাৰ ফলত লালা লাজপৎ ৰায়ৰ মৃত্যু হৈছিল।
৭। কেতিয়া আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ কোনখন অধিৱেশনত ভাৰতীয়সকলৰ মূল দাবী হিচাপে পূৰ্ণ স্বৰাজৰ দাবী উত্থাপন কৰা হৈছিল?
উত্তৰ : ১৯২৯ চনত; লাহোৰত বহা ভাৰতীয় জাতীয় কংগ্ৰেছ অধিৱেশনত।
৮। গান্ধীজীয়ে সবৰমতী আশ্ৰমৰ পৰা দাণ্ডিৰ সাগৰৰ পাৰলৈ লোণ আইন ভংগ কৰিবলৈ গৈছিল। সবৰমতী আশ্ৰম আৰু দাণ্ডিৰ মাজত দূৰত্ব কিমান?
উত্তৰ : ৩৮৫ কিলোমিটাৰ।
৯। সীমান্ত গান্ধী নামেৰে কাক জনা যায় ?
উত্তৰ : খান আব্দুল গফুৰ খানক।
১০। লণ্ডনত অনুষ্ঠিত হোৱা দ্বিতীয় ঘূৰণীয়া মেজমেলত কোনে কংগ্ৰেছক এককভাবে প্রতিনিধিত্ব কৰিছিল?
উত্তৰঃ মহাত্মা গান্ধীয়ে।
১১। ১৯৩২ চনত সাম্প্রদায়িক বাঁটোৱাৰা ঘোষণা কৰা ব্ৰিটিছ প্ৰধান মন্ত্ৰীজনৰ নাম কি আছিল?
উত্তৰঃ ৰামজে মেকডোনাল্ড।
১২। কোনটো আন্দোলনৰ সময়ছোৱাত গান্ধীজীয়ে ‘কৰিম কিম্বা মৰিম’ শ্ল’গান দিছিল।
উত্তৰ : ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলন (আগষ্ট বিপ্লৱ)।
১৩। আজাদ হিন্দ ফৌজৰ প্রতিষ্ঠাতা কোন?
উত্তৰ : নেতাজী সুভাষ চন্দ্র বসু।
১৪। ‘মোক তেজ দিয়া, মই তোমালোকক স্বাধীনতা দিম।’— এই বিখ্যাত বাণীটো কোনজন ভাৰতীয় নেতাৰ আছিল।
উত্তৰ : নেতাজী সুভাষ চন্দ্ৰ বসুৰ।
১৫। ভাৰত আৰু পাকিস্তানৰ মাজৰ সীমাৰেখাক কি নামেৰে জনা যায়?
উত্তৰ : ৰেডক্লিফ ৰেখা।
১৬। কোন চনত ৰুছ বিপ্লৱ সংঘটিত হৈছিল?
উত্তৰ : ১৯১৭ চনত।
মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম Class 10
১৭। কিমান চনত মহাত্মা গান্ধীয়ে দক্ষিণ আফ্রিকাত বর্ণবাদৰ বিৰুদ্ধে আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ১৮৯৩ চনত।
১৮। দক্ষিণ আফ্রিকাৰ নাটালত মহাত্মা গান্ধীয়ে জন্ম দিয়া ৰাজনৈতিক সংগঠনটোৰ নাম কি আছিল?
উত্তৰ : নাটাল ইণ্ডিয়ান কংগ্ৰেছ।
১৯। দক্ষিণ আফ্ৰিকাৰ নাটালৰ পৰা গান্ধীৰ নেতৃত্বত ওলোৱা কাকতখনৰ নাম কি আছিল ?
উত্তৰ : ইণ্ডিয়ান অপিনিয়ন।
২০। কিমান চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা ভাৰতলৈ উভতি আহে?
উত্তৰ : ১৯১৫ চনত।
২১। কিমান চনত ৰাওলাট আইন প্রণয়ন হয়?
উত্তৰঃ ১৯১৯ চনত।
২২। কিহৰ প্ৰতিবাদত ১৯১৯ চনত গান্ধীজীয়ে সত্যাগ্রহ আন্দোলন আৰম্ভ কৰিছিল?
উত্তৰ : ৰাওলাট আইনৰ প্ৰতিবাদত।
২৩। কেতিয়া জালিৱানৱালাবাগৰ হত্যাকাণ্ড সংঘটিত হয়?
উত্তৰ : ১৯১৯ চনৰ ১৩ এপ্ৰিলত।
২৪। জালিৱানৱালাৰাগৰ হত্যাকাণ্ডৰ বাবে মূল দায়ী কোন?
উত্তৰ : জেনেৰেল ডায়াৰ।
২৫। গান্ধীজীৰ নেতৃত্বত অসহযোগ আন্দোলন কিমান সময় ধৰি চলিছিল ?
উত্তৰ : ১৯২০ চনৰ পৰা ১৯২২ চনলৈ।
২৬। অসহযোগ আন্দোলনৰ মূল লক্ষ্যটো কি আছিল?
উত্তৰ : ভাৰতবৰ্ষৰ মৰ্যাদা আৰু অখণ্ডতা শান্তিপূর্ণভাৱে অটুট ৰখা৷
২৭। কোনখন জাতীয় কংগ্ৰেছৰ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল।
উত্তৰ : ১৯২১ চনত কলিকতাত বহা ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাত গান্ধীৰ নেতৃত্বত অসহযোগ আন্দোলন আৰম্ভ কৰিবলৈ সিদ্ধান্ত লৈছিল।
২৮। কিমান চনত চাইমন কমিছন গঠন হয় ?
উত্তৰ : ১৯১৯ চনত।
২৯। চাইমন কমিছন কাৰ নেতৃত্বত গঠন হৈছিল?
উত্তৰ : ছাৰ জন চাইমনৰ নেতৃত্বত ।
৩০। আইন অমান্য আন্দোলনৰ অন্যতম প্রধান কাৰণটো কি আছিল?
উত্তৰঃ আইন অমান্য আন্দোলনৰ অন্যতম প্রধান কাৰণটো আছিল—ব্ৰিটিছ চৰকাৰৰ দ্বাৰা চাইমন কমিছন গঠন।
৩১। চায়মন কমিছনক ভাৰতীয়সকলে কি নামেৰে আখ্যা দিছিল?
উত্তৰঃ শ্বেতকায়সকলৰ কমিছন।
৩২। গান্ধীজীৰ লোণ সত্যাগ্রহ বা দাণ্ডিযাত্রা কেতিয়া আৰম্ভ হৈছিল?
উত্তৰ : ১৯৩০ চনৰ ১২ মাৰ্চত।
৩৩। ভাৰতীয়সকলে লণ্ডনত অনুষ্ঠিত প্ৰথমখন ঘূৰণীয়া মেজমেল কিয় বর্জন কৰিছিল?
উত্তৰ : আইন অমান্য আন্দোলন চলি থকা বাবে।
৩৪। গান্ধী আৰউইন চুক্তি কেতিয়া আৰু কাৰ কাৰ মাজত সম্পন্ন হৈছিল ?
উত্তৰ : ১৯৩১ চনৰ ৫ মাৰ্চত ভাৰতৰ ভাইচৰয় লর্ড আৰউইন আৰু মহাত্মা গান্ধীৰ মাজত সম্পন্ন হৈছিল।
৩৫। কিমান চনত ক’ত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল ?
উত্তৰ : ১৯৩১ চনত লণ্ডনত দ্বিতীয় ঘূৰণীয়া মেজমেল অনুষ্ঠিত হৈছিল।
৩৬। ব্ৰিটিছে কিমান চনত সাম্প্রদায়িক বাঁটোৱাৰৰ কথা ঘোষণা কৰিছিল?
উত্তৰ : ১৯৩২ চনত।
৩৭। ১৯৪০ চনত গান্ধীজীয়ে কৰা ব্যক্তিগত সত্যাগ্রহক কি বুলি জনা যায় ?
উত্তৰ : দিল্লীলৈ ব’লক সত্যাগ্রহ।
৩৮। ১৯৪২ চনত ভাৰতলৈ অহা ক্ৰিপছ্ মিছনৰ কোনে নেতৃত্ব দিছিল?
উত্তৰ : ছাৰ ষ্টেনফোর্ড ক্রিপছে।
৩৯। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনক আন কি নামেৰে জনা যায় ?
উত্তৰ : আগষ্ট বিপ্লৱ।
Class 10 Social Science Chapter 2 Question Answer In Assamese Medium
৪০। গান্ধীজীয়ে ১৯৪২ চনত ভাৰত ত্যাগ আন্দোলনত বোম্বাইৰ গোৱালিয়া টেংকত ভাষণ দিয়া ঠাইখিনিক বর্তমান কি নামেৰে জনা যায়?
উত্তৰ : আগষ্ট ক্রান্তি মৈদান।
৪১। আজাদ হিন্দ ফৌজ গঠনত নেতাজীৰ অন্যতম সহযোগী কোন আছিল?
উত্তৰ : ৰাসবিহাৰী বসু।
৪২। কোনে ভাৰতত প্ৰথমতে ভাৰতীয় জাতীয় সেনা বাহিনীৰ ধাৰণাটোৰ পোষকতা কৰিছিল?
উত্তৰঃ কেপ্টেইন মোহন সিঙে।
৪৩। কোনজন ব্ৰিটিছ প্ৰধান মন্ত্ৰীয়ে ভাৰতলৈ ‘কেবিনেট মিছন’ পঠিয়াইছিল ?
উত্তৰ : মিঃ ক্লিমেন্ট এটলিয়ে।
৪৪। কেবিনেট মিছনৰ কোন কোন সদস্য আছিল?
উত্তৰ : ষ্টেফোর্ড ক্ৰিপছ্, লৰ্ড পেথিক লৰেন্স আৰু এ. ভি আলেকজেণ্ডাৰ।
৪৫। কেবিনেট মিছনৰ গ্ৰুপিং প্ৰস্তাৱত অসমক কোনটো গোটত ৰাখিব বিচাৰিছিল?
উত্তৰঃ ‘গ’ গ্ৰুপত।
৪৬। ভাৰতৰ শেষৰজন ভাইচৰয়ৰ নাম কি?
উত্তৰ : লর্ড মাউণ্টবেটেন।
৪৭। পাকিস্তানৰ প্ৰথমজন গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ : মহম্মদ আলী জিন্না।
৪৮। স্বাধীন ভাৰতৰ প্ৰথমজন প্রধানমন্ত্রী কোন?
উত্তৰ : জৱাহৰলাল নেহৰু।
৪৯। কিমান চনত বাংলাদেশ স্বাধীন হয় ?
উত্তৰ : ১৯৭১ চনত।
৫০। ভাৰত আৰু বাংলাদেশৰ সীমাৰেখাক কি নামেৰে জনা যায়?
উত্তৰঃ ৰেডক্লিফ ৰেখা।
৫১। কেতিয়া কোনে মহাত্মা গান্ধীক হত্যা কৰে?
উত্তৰ : ১৯৪৮ চনৰ ৩০ জুনত নাথুৰাম গড়ছে মহাত্মা গান্ধীক হত্যা কৰে ৷
৫২। কিমান চনত ‘হৰিজন’ নামৰ সাপ্তাহিক কাকতখন প্রকাশ পায় ?
উত্তৰ : ১৯৩৩ চনত।
৫৩। কিহৰ বাবে গান্ধীজীয়ে ‘কাইজাৰ-ই-হিন্দ’ স্বর্ণ পদক লাভ কৰে?
উত্তৰ : দ্বিতীয় বুৱা যুদ্ধত গান্ধীজীৰ অৱদানৰ বাবে এই পদক লাভ কৰে।
৫৪। ‘বন্দে মাতৰম্’ গীতটোৰ ৰচক কোন?
উত্তৰ : বংকিম চন্দ্র চট্টোপাধ্যায়।
৫৫। স্বৰাজ মোৰ জন্মস্বত্ব আৰু ইয়াক মই পাবই লাগিব।’— এই কথাষাৰ কোনে কৈছিল?
উত্তৰঃ লোকমান্য বাল গংগাধৰ তিলকে।
৫৬। গ্ৰাম্য স্বৰাজৰ অৰ্থ কি?
উত্তৰঃ গ্ৰাম্য স্বৰাজৰ অৰ্থ হ’ল ‘পূর্ণ স্বাধীনতা’।
৫৭। গান্ধী আৰউইন চুক্তিৰ চৰ্ত দুটা কি কি?
উত্তৰ : (১) মহাত্মা গান্ধীয়ে আইন অমান্য আন্দোলন স্থগিত ৰাখিব আৰু (২) ব্ৰিটিছে ৰাজনৈতিক বন্দীসকলক মুক্তি দিব।
৫৮। কি কি তিনিটা কাৰণত অসহযোগ আন্দোলনৰ সূচনা কৰিছিল?
উত্তৰ: অসহযোগ আন্দোলন সূচনা হোৱা প্ৰধান কাৰণ তিনিটা হ’ল– (ক) ৰাওলাট আইন, (খ) জালিয়ানৱালাবাগৰ হত্যাকাণ্ড আৰু (গ) তুৰস্কৰ সমস্যা।
৫৯। মহাত্মা গান্ধীয়ে কোন দুটা আন্দোলনৰ জৰিয়তে ভাৰতৰ স্বাধীনতা আন্দোলনত নতুন যুগৰ সূচনা কৰিছিল?
উত্তৰঃ (ক) অসহযোগ আন্দোলন আৰু (খ) আইন অমান্য আন্দোলন।
৬০। “ভাৰত ত্যাগ’ প্ৰস্তাৱটো ক’ত আৰু কেতিয়া গ্ৰহণ কৰা হৈছিল?
উত্তৰ: ‘ভাৰত ত্যাগ’ প্ৰস্তাৱটো ১৯৪২ চনৰ ৮ আগষ্টত বোম্বাই কংগ্ৰেছত গ্ৰহণ কৰা হৈছিল।
৬১। কংগ্ৰেছৰ প্ৰথম অধিৱেশন ক’ত কেতিয়া অনুষ্ঠিত হৈছিল? ইয়াৰ সভাপতি কোন আছিল?
উত্তৰঃ ১৮৫৮ চনত বোম্বাইত। সভাপতি আছিল উমেশ চন্দ্ৰ বেনার্জী।
৬২। আজাদ হিন্দ ফৌজৰ মূল শ্ল’গানটো কি আছিল ?
উত্তৰ : জয়হিন্দ।
৬৩। আজাদ হিন্দ ফৌজে গঠন কৰা মহিলা বাহিনীটোৰ নাম কি?
উত্তৰ : ঝাঞ্চী ৰাণী ৰেজিমেন্ট।