মানৱ বন্দনা Class 12 ঐচ্ছিক অসমীয়া (প্ৰশ্নোত্তৰ) চন্দ্ৰকুমাৰ আগৰৱালা

মানৱ বন্দনা Class 12 কবিতা – চন্দ্ৰকুমাৰ আগৰৱালা ( প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া | Class 12 Advance Assamese Lesson 2 Question Answer

বিষয়  ঐচ্ছিক অসমীয়া
পাঠৰ নাম মানৱ বন্দনা
উপলব্ধ গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
পাঠ
কবি চন্দ্ৰকুমাৰ আগৰৱালা
শ্ৰেণী  দ্বাদশ শ্ৰেণী
পাঠ্যক্ৰম 
অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

মানৱ বন্দনা Class 12

প্র : চন্দ্ৰকুমাৰ আগৰৱালাৰ প্রথম প্রকাশিত কাব্য পুথিখনৰ নাম কি আছিল?
উঃ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ প্ৰথম প্রকাশিত কাব্য পুথিখনৰ নাম আছিল ‘প্রতিমা’।

প্র : ‘প্রতিমাখন সৰু, কিন্তু নিৰ্ভাজ সোণৰ’ — কোনে এনেদৰে মন্তব্য কৰিছিল?
উ : ‘প্রতিমাখন সৰু, কিন্তু নিৰ্ভাঁজ সোণৰ’ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এনেদৰে মন্তব্য কৰিছিল।

প্র: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ নামৰ কাব্য পুথি সম্পৰ্কত লক্ষ্মীনাথ বেজবৰুৱাই কি বুলি মন্তব্য কৰিছিল?
উ : ‘প্রতিমাখন সৰু, কিন্তু নিৰ্ভাঁজ সোণৰ’ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে এনেদৰে মন্তব্য কৰিছিল।

প্র : প্রতিমাৰ খনিকৰ কাক আখ্যা দিয়া হৈছে? দিয়া হৈছে।
উঃ প্রতিমাৰ খনিকৰ বুলি চন্দ্ৰকুমাৰ আগৰৱালাদেৱক আখ্যা দিয়া হৈছিল।

প্র: অসমীয়া কাব্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাক কি বুলি জনা যায়।
উঃ অসমীয়া কাব্য জগতত চন্দ্ৰকুমাৰ আগৰৱালাদেৱক ‘প্ৰতিমাৰ খনিকৰ’ বুলি জনা যায়।

প্র : চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম কি?
উঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ দ্বিতীয় কবিতা পুথিখনৰ নাম হৈছে— বীণ বৰাগী।

প্র: ‘জোনাকী’ আলোচনীৰ প্রথম সম্পাদক কোন আছিল?
উ: ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল— চন্দ্ৰকুমাৰ আগৰৱালা।

প্র : ‘জোনাকীৰ ত্ৰিমূর্তি কোন কোন?
উ : ‘জোনাকীৰ ত্ৰিমূৰ্তি’ চন্দ্ৰকুমাৰ আগৰৱালা; লক্ষ্মীনাথ, বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী।

প্র: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুৱৰী’ গীতিকবিতাটো প্রথম ক’ত প্ৰকাশ হৈছিল?
উঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত।

প্র : মানৱ বন্দনা কবিতাটোৰ দ্বাৰা কবিৰ কি ভাৱ প্ৰকাশ পাইছে?

লগতে পঢ়ক:   অন্বেষণ Class 12 – (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া দ্বাদশ শ্ৰেণী

উ: মানৱ বন্দনা কবিতাটোৰ দ্বাৰা কবিৰ মানৱসেৱাৰ মনোভাৱ অতি সুন্দৰকৈ প্ৰকাশ পাইছে।

প্র : অৰ্ঘ্য মানে কি?
উ: অৰ্ঘ্য মানে হৈছে— পূজাৰ উপকৰণ।

প্র : জোনাকীৰ প্ৰথম বছৰ প্ৰথম সংখ্যাত প্ৰকাশ পোৱা চন্দ্ৰকুমাৰ আগৰৱালাৰ গীতি কবিতাটিৰ নাম কি আছিল ?
উঃ ‘বন-কুঁৱৰী’।

মানৱ বন্দনা Class 12

প্রসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।

প্র : ‘মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ।।
উ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত ‘মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে।
ধৰা পৃষ্ঠত থকা সকলো জীৱৰ ভিতৰত মানুহেই যে শ্রেষ্ঠ তাকে প্রতিপন্ন কৰিবলৈ কবিয়ে উক্ত কবিতাফাকি অৱতাৰণা কৰিছে।

ইয়াত কবিয়ে কৈছে যে সকলো জীৱৰ ভিতৰত মানুহেই শ্রেষ্ঠ। মানুহৰ সেৱা কৰাই হৈছে সৰ্বশ্ৰেষ্ঠ পূজা। এই মৰ্ত্যত মানুহৰ বাহিৰে আন কোনো জীৱ মানুহৰ বাবে প্রয়োজনীয় নহয়। মানৱ প্ৰেম, মানৱ কল্যাণ মানুহৰ শ্ৰেষ্ঠ কৰ্মৰাজিৰ অন্তৰ্গত। মানুহক দেৱতা জ্ঞান কৰি পূজা সেৱা কৰিলে মানুহে এই পৃথিৱীতে স্বৰ্গতকৈয়ো অধিক সুখ লাভ কৰিব পাৰে। সেয়ে মানুহে মানুহক দেৱতাতকৈয়ো শ্রেষ্ঠ জ্ঞান কৰি মানৱ সেৱা কৰিব লাগে। মানুহে সৎ কৰ্ম আৰু মানৱ প্ৰেমৰ দ্বাৰা পৃথিৱীখনক শ্রেষ্ঠ ঠাই হিচাপে গঢ়ি তুলিব লাগে।

প্র : চন্দ্ৰকুমাৰ আগৰৱালাৰ দুখন কবিতাপুথিৰ নাম লিখা।
উ: চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ দুখন কবিতাপুথিৰ নাম হ’ল ‘প্রতিমা’ আৰু ‘বীণ-বৰাগী’।

Class 12 Advance Assamese Lesson 2

প্র : ‘মানৱ বন্দনা’ কবিতাটোৰ অন্তৰ্নিহিত সাৰমৰ্মৰ আভাস দিয়া।
নাইবা
‘মানৱ বন্দনা’ কবিতাটোৰ সাৰাংশ লিখা।
উ: উদাৰ মানৱতাবাদ প্রকাশ পোৱা ‘মানৱ বন্দনা’ কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ এটি অপূর্ব সৃষ্টি। ৰোমাণ্টিক ভাৱধাৰাৰে পৰিপুষ্ট কবিতাটোৰ জৰিয়তে কবিয়ে মানুহৰ জয়গুণ বর্ণনা কৰিছে। কবিমতে এই পৃথিৱীত মানুহৰ অহা-যোৱা সোঁতৰ অন্ত নাই। এই পৃথিৱীলৈ অহৰহ মানুহ চামে চামে আহিও আছে গৈয়ো আছে।

লগতে পঢ়ক:   চুটিগল্প Class 12 – ( প্ৰশ্নোত্তৰ) Advance Assamese

মানুহৰ জন্মৰ দৰে মৃত্যুও হৈ আছে। যুগে যুগে পৃথিৱীলৈ মানুহৰ অহা-যোৱা সোঁত বৈ আছে। কবিয়ে নিভাজ দৃষ্টিৰে মানুহক ভাল পাইছিল। তেওঁৰ মানস পটত মানুহৰ মহত্ব আৰু দেৱত্ব ভাৱ সদায় বিৰাজ কৰিছিল। কতিাটিত মানুহেই দেৱ, মানুহেই সেৱ, মানুহেই পৰাৎপৰ মাজেদি মানুহৰ মাজত স্বাৰ্থপৰতা, নীচতা, হীনতা থাকিলেও মানুহ হিচাপে মানুহৰ মানৱ সত্বাক কোনেও অৱমাননা কৰিব নোৱাৰে। এই পৃথিৱীখন বিমল সুখৰ আলয়। ইয়াক মাথোন অসুন্দৰ কৰি তোলে দুখ, দ্বন্দ্ব, শোক আৰু কোঢ়ালে।

এই উপসর্গ দূৰ হলেই পৃথিৱী হৈ পৰিব স্বৰ্গতকৈয়ো মনোৰম। মানুহ দেৱতাতকৈয়ো শ্রেষ্ঠ মানুহৰ প্ৰীতি সাধিবৰ বাবেই বিশ্ব জগত নির্মিত হৈছে। সৃষ্টিৰ দিনৰে পৰা আৰম্ভ হোৱা মানৱ জীৱনৰ অনন্ত যাত্ৰাত কবিয়ে প্রত্যক্ষ কৰিছে চৰাচৰৰ মাজত পৰম শক্তিৰূপে জিলিকি থকা মানৱ সত্ত্বাক। যাৰ বাবে কবিয়ে পাদ্যঅৰ্ঘ্য লৈ মানুহৰ পূজা কৰিবলৈ সকলোকে আহ্বান জনাইছে।

Related Post: বর্ষা বর্ণন Class 12

মানৱ বন্দনা Class 12 ঐচ্ছিক অসমীয়া

প্র : ‘এই যে পৃথিৱী স্বৰ্গতো অধিক
মানুহৰ নিজাপী ঘৰ।’
—কবিয়ে কিয়, কি প্রসঙ্গত এই দৰে কৈছে? কবিয়ে ইয়াৰ দ্বাৰা মানুহক কি উপদেশ দিব খুজিছে?
উ : প্ৰকৃতিৰ সৃষ্ট জীৱসমূহৰ ভিতৰত মানুহেই হৈছে শ্রেষ্ঠ আৰু এই পৃথিৱীখনেই মানুহৰ নিজাপি ঘৰ স্বৰূপ — এই কথাষাৰ বুজাবলৈ গৈ কবি চন্দ্ৰকুমাৰ আগৰৱালাই উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে। কবিৰ মতে পৃথিৱীখনেই হৈছে মানুহৰ নিজাপী ঘৰ আৰু মানুহেই হৈছে সকলো জীৱৰ ভিতৰত শ্রেষ্ঠ জীৱ। মানৱ কল্যাণ আৰু মানৱপ্রেম মানুহৰ শ্ৰেষ্ঠ কৰ্ম। মানুহক দেৱতা জ্ঞান কৰি পূজা-অৰ্চনা কৰিলে মানুহে ইয়াতেই স্বৰ্গতকৈয়ো অধিক সুখ লাভ কৰিব পাৰে। এই পৃথিৱীত মানুহে পৰস্পৰে পৰস্পৰক মৰম-চেনেহ কৰি এখন সুখৰ ঠাই হিচাপে গঢ়ি তুলিব পাৰে। তেতিয়াহে এই পৃথিৱীখনো এদিন স্বৰ্গৰ দৰে সুখৰ ঠাই হব।

প্র: প্রথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম কি? ইয়াৰ ৰচক কোন?
উ : প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতাটিৰ নাম ‘বন-কুৱৰী।

লগতে পঢ়ক:   কপিলীপৰীয়া সাধু Class 12 (প্ৰশ্নোত্তৰ) ঐচ্ছিক অসমীয়া

প্রসঙ্গ সঙ্গতি দেখুৱাই ব্যাখ্যা কৰা।

মানুহৰ মৰম বুজিব মানুহে
ধৰম যে মৰততে।
উ : উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথিৰ চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচিত ‘মানৱ বন্দনা’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিয়ে মানুহৰ প্ৰতি মানুহৰ ব্যৱহাৰ কেনে হোৱা উচিত আৰু মানুহৰনো প্রকৃত ধর্ম কি, তাকে বর্ণনা কৰিবলৈ গৈ উক্ত কবিতাফাকিৰ উপস্থাপন কৰিছে।

এই পৃথিৱীত মানুহৰ জন্ম-মৃত্যুৰ সোঁত অবিৰতভাৱে বৈ আছে। এই সোঁত কোনোদিনে অন্ত হোৱা নাই। গতিকে পৃথিৱীখনেই হৈছে মানুহৰ নিজাপী ঘৰ। এই নিজাপী ঘৰত অৰ্থাৎ পৃথিৱীত মানুহৰ বাবে মানুহেই শ্রেষ্ঠাতকৈয়ো শ্ৰেষ্ঠ আৰু ই পৰম সত্য। আনহাতে পৃথিৱীত মানুহেই মানুহৰ একমাত্ৰ সংগ বা লগ। সেয়ে মানুহে মানুহৰ মৰম বুজিব লাগে, মানুহে মানুহৰ প্রতি দয়াশীল, মৰমীয়াল হ’ব লাগে। মানুহৰ প্রতি মানুহে আগবঢ়োৱা মৰমেই হৈছে মানুহৰ পৰম ধৰ্ম।

এই ধৰ্মৰ দ্বাৰা মানুহে পৃথিৱীত স্বৰ্গতো অধিক সুখ লাভ কৰিব পাৰে। সেয়ে কবিয়ে মানুহক মানৱ প্ৰেম আৰু মানুহৰ কল্যাণৰ হকে কাম কৰিবলৈ আহ্বান জনাইছে। বৰ্তমানৰ পৃথিৱীখন হিংসা, কপটতাৰে ভৰপূৰ। যাৰ ফলত পৃথিৱীখন নৰককুণ্ডলৈ পৰিণত হৈছে। গতিকে মানুহে নিজৰ পাপবোৰ মৰমেৰে নিকা কৰি পৃথিৱীখনক স্বৰ্গতকৈয়ো মনোৰম কৰি গঢ়িব পাৰে।

মানৱ বন্দনা Class 12

শব্দার্থ :

ময়াপী—মায়া, মোহ, ভ্রান্তি ওপজোৱা জীৱ।
পৰাৎপৰ – শ্রেষ্ঠতকৈয়ো শ্রেষ্ঠ, পৰম সত্য।
নিজাপী— সম্পূর্ণ নিজৰ। দধি-গাখীৰ। লৱণ-মাখন।

প্র: ‘জোনাকী’ আলোচনীৰ প্রথম সম্পাদক কোন আছিল?

উ: ‘জোনাকী’ আলোচনীৰ প্ৰথম সম্পাদক আছিল— চন্দ্ৰকুমাৰ আগৰৱালা।

প্র : জোনাকীৰ ত্ৰিমূর্তি কোন কোন?

উ : ‘জোনাকীৰ ত্ৰিমূৰ্তি’ চন্দ্ৰকুমাৰ আগৰৱালা; লক্ষ্মীনাথ, বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী।

প্র: চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘বনকুৱৰী’ গীতিকবিতাটো প্রথম ক’ত প্ৰকাশ হৈছিল?

উঃ ‘জোনাকী’ আলোচনীৰ প্ৰথম বছৰৰ প্ৰথম সংখ্যাত।

প্র : মানৱ বন্দনা কবিতাটোৰ দ্বাৰা কবিৰ কি ভাৱ প্ৰকাশ পাইছে?

উ: মানৱ বন্দনা কবিতাটোৰ দ্বাৰা কবিৰ মানৱসেৱাৰ মনোভাৱ অতি সুন্দৰকৈ প্ৰকাশ পাইছে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top