শিশুলীলা Class 8 প্ৰশ্ন উত্তৰ । অসমীয়া পাঠ 15 । অষ্টম শ্ৰেণী

শিশুলীলা Class 8Question AnswerClass 8 Assamese Chapter 15 Question Answer | অষ্টম শ্ৰেণী অসমীয়া পাঠ 15 প্ৰশ্ন উত্তৰ

শিশুলীলা Class 8
শ্ৰেণী (Class)অষ্টম শ্ৰেণী
কবিতা (Lesson)শিশুলীলা (15)
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় (Subject)অসমীয়া
মাধ্যমঅসমীয়া

শিশুলীলা Class 8 Question Answer

ক-পাঠভিত্তিক ক্রিয়াকলাপ।

প্রশ্ন ১। উত্তৰ দিয়া ।

(ক) শিশুলীলা’ ঘােষাটি কোনে ৰচনা কৰিছিল?
উত্তৰঃ ‘ শিশু-লীলা’ ঘােষাটি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে ৰচনা কৰিছিল?

(খ) “শিশু লীলা’ত কাৰ কথা কোৱা হৈছে ?
উত্তৰঃ “শিশু লীলাত ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ কথা কোৱা হৈছে?

(গ) শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল?
উত্তৰঃ শিশু কৃষ্ণই বলাই আৰু গােপশিশুসকলৰ লগত খেলিছিল।

(ঘ) খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?
উত্তৰঃ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল।

(ঙ) গােপশিশুসকলে যশােদাক কি গােচৰ দিছিল?
উত্তৰঃ গোপশিশুসকলে যশােদাক কৃষ্ণে মাটি এক দল’ খােৱা বুলি গােচৰ দিছিল।

(চ) গোপবালক সকলৰ কথা শুনি যশােদাই কি কৰিলে ?
উত্তৰ : গােপবালক সকলৰ কথা শুনি যশােদাই পুত্ৰক হাতত ধৰি আনি কিয় মাটি খালি, ‘কোবাই আজি তােৰ ফাৰিবাে ছাল’ বুলি কৈছিল।

(ছ) বলাই বুলি কাক কোৱা হৈছে আৰু কৃষ্ণৰ লগত তেওঁৰ সম্পৰ্ক কি?
উত্তৰঃ বলাই বুলি বলােৰামক কোৱা হৈছে। কৃষ্ণৰ লগত তেওঁৰ সম্পর্ক হ’ল বললাম কৃষ্ণৰ ডাঙৰ ককায়েক অর্থাৎ কৃষ্ণৰ দাদাক।

প্রশ্ন ২। কোনে কাক, কিয় কৈছিল লিখা।
(ক) কেনে মাটি খাইলি অৰে গােপাল।
কোবাই আজি তােৰ ফাৰিবাে ছাল।

উত্তৰঃ গােপশিশুসকলে যেতিয়া যশােদাক শিশু কৃষ্ণই খেলি থাকোতে মাটি খােৱা বুলি গােচৰ দিলেহি তেতিয়া মাক যশােদাই কৃষ্ণক এনেদৰে কৈছিল।

(খ) মাতস্ত কৃষ্ণে যশােদাক চাই
মিছা মাতে সবে শুনিয়াে আই।।

উত্তৰ: লগৰীয়াসকলৰ লগত খেলি থাকোতে কৃষ্ণই মাটি খােৱা কথাটো যেতিয়া মাক-যশােদাক গােপশিশুসকলে কলেহি তেতিয়া যশােদাই খঙতে কৃষ্ণৰ হাতত ধৰি লৈ কিয় মাটি খালি আজি তােৰ কোবাই ছাল ফালিম বুলি ক’লে। মাক-যশােদাৰ কথা শুনি ভয়ে ভয়ে মাকৰ ফালে কৃষ্ণই চাই এনেদৰে কৈছিল যে তেওঁ মাটি খােৱা কথাটো সিহঁতে মিছায়ে কৈছে।

শিশুলীলা Class 8 Question Answer

প্রশ্ন ৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা

যশােদা সুন্দৰী দেখ পাছে।
সমস্ত জগত গর্ভতে আছে।

উত্তৰঃ উদ্ধৃত কবিতা ফাকি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ বিৰচিত ‘ শিশুলীলা’ ঘােষাটিৰ অন্তর্গত।

শিশু কৃষ্ণই মাটি নােখােৱাৰ কথাটো মাক যশােদাই বিশ্বাস নকৰাত মাকক বিশ্বাস জন্মবলৈ যেতিয়া কৃষ্ণই মুখ মেলি দেখুৱালে তেতিয়া মাকে কৃষ্ণৰ মুখৰ ভিতৰত কি দেখিলে তাকে এই কবিতা ফাকিৰ জৰিয়তে প্রকাশ কৰিছে।

গােপশিশুসকলৰ লগত খেলি থাকোতে এদিন শিশু কৃষ্ণই মাটি খালে। তেতিয়া গােপ শিশুসকলে কৃষ্ণৰ মাৰু যশােদাক কৃষ্ণই মাটিখােৱা বুলি গােচৰ দিলেহি। মাকে খঙতে কৃষ্ণৰ হাতত ধৰি যেতিয়া কিয় মাটি খালি, তােৰ আজি কোবাই ছাল চিঙিম বুলি ক’লে তেতিয়া কৃষ্ণই মাটি খােৱা নাই, গােপশিশুসকলে মিছাতে লগাইছেহি বুলি ক’লে। তথাপিও মাক যশােদাই বিশ্বাস নকৰাত কৃষ্ণই মাকক মুখ মেলি দেখুৱালে। যশােদাই কৃষ্ণৰ মুখৰ ভিতৰলৈ চাই দেখিলে সমস্ত বিশ্ব ব্রহ্মাণ্ড কৃষ্ণৰ পেটৰ ভিতৰতে আছে। তাকে দেখি যশােদাৰ শুচ আহিল তেওঁ পুত্র সাধাৰণ নৰ শিশু নহয়, স্বয়ং নাৰায়ণ তেওঁৰ গৰ্ভত পুত্ৰৰূপে জন্মিছেহি; এওঁ স্বয়ং ভগৱান।

লগতে পঢ়ক:   এন্ ফ্রাঙ্কৰ ডায়েৰি Class 8 Assamese Chapter 3 question answer

প্রশ্ন ৪। খালী ঠাই পূৰ কৰা
উত্তৰঃ (ক) যত গােপশিশু বলাই আদি।
সবে ভৈল গৈয়া কৃষ্ণৰ বাদী
যশােদাৰ আগে দিলেক খল
খাইলন্ত কৃষ্ণে মাটি এক দল।

(খ) শুনিয়া কৃষ্ণৰ হৰিল মাত।
চক্ষু টেৰ কৰি মাক চাস্ত।
ভয়তে যেন কাম্পৈ হাত-ভৰি।
যশােদা দেখে পুত্র গৈল ডৰি।।

শিশুলীলা Class 8 Question Answer

প্রশ্ন ৫। “শিশু-লীলাৰ কথাখিনি গদ্যৰূপত লিখা।
উত্তৰঃ শিশু কৃষ্ণই লগৰীয়াৰ সতে খেলা-ধূলা কৰে আৰু কাজিয়াও কৰে। সৰ্বসাধাৰণ শিশুৰ দৰে গােপশিশুসকলৰ লগত খেলি থাকোতে এলদা মাটি খালে। তাকে দেখি লগৰীয়াসকলে কৃষ্ণই মাটিখােৱা কথাটো মাক যশােদাক কলেগৈ। যশােদাই কৃষ্ণক হাতত ধৰি কিয় মাটি খালি, তােক আজি কোবাই ছাল চিঙিম বুলি ভয় দেখুৱালে।কৃষ্ণই ভয়তে মাকৰ ফালে চাই মাটি খােৱা নাই, দাদা বলৰাম আৰু গােপশিশুসকলে মিছায়ে কৈছেহি বুলি কোৱাতাে মাক যশােদাই বিশ্বাস নকৰিলে আৰু মাটি যদি খােৱাই নাই মুখ মেলি দেখুওৱা বুলি কৃষ্ণক কলে। কৃষ্ণই ডাঙৰকৈ মুখখন মেলি মাকক দেখুৱালে। মাক যশােদাই দেখিলে কৃষ্ণৰ মুখ গহূৰত মাটি লদাৰ সলনি সমস্ত জগতখন আছে।

প্রশ্ন ৬। আধুনিক অসমীয়া গদ্য ৰূপত লিখা।
(ক) যত গােপ শিশু বলাই আদি।
সবে ভৈল গৈয়া কৃষ্ণৰ বাদী।

উত্তৰঃ বলাইকে ভিতৰ কৰি সকলাে গােপ-শিশু কৃষ্ণৰ গুচৰীয়া হল।

(খ) শুনিয়া কৃষ্ণৰ হৰিল মাত।।
চক্ষু টেৰ কৰি মাক চান্ত।
ভয়তে যেন কাম্পৈ হাত-ভৰি।।
যশােদা দেখে পুত্র গৈল ডৰি৷৷

উত্তৰঃ কথা শুনি কৃষ্ণৰ মুখৰ মাত হৰিল। তেওঁ কেৰাকৈ মাকৰ ফালে চালে। ভয়তে যেন তেওঁৰ হাত-ভৰি কঁপিছে। যশােদাই দেখিলে পুত্ৰই বৰ ভয় খাইছে।

Class 8 Assamese Chapter 15 question answer

খ-ভাষা অধ্যয়ন (ব্যৱহাৰিক ব্যাকৰণ)।

প্রশ্ন ৭ তলৰ শব্দবােৰৰ আধুনিক অসমীয়া ৰূপ লিখা।
হাসি, চক্ষু, মাতন্ত, মাৱক, প্রকাশিয়া, ফাৰিকে, শুনিয়া, টেৰ, সমস্ত, সােধন্ত, কাম্পৈ।

হাসি- হাঁহি |ফাৰিবাে- ফালিম | চক্ষু-চকু। শুনিয়া- শুনি। মান্ত – মাতিলে। টেৰ – বেঁকা, কেৰা। মাৱক – মাকক। সমস্ত -সমূদায়, গােটেই। প্রকাশিয়া -প্ৰকাশ কৰি, সােধন্ত – সুধিলে। কাম্পৈ-কঁপে।

পাঠ নংপাঠৰ নাম
পাঠ ১নিয়ৰ (কবিতা)
পাঠ  ২যুগমীয়া শৰাইঘাট
পাঠ ৩এন্ ফ্রাংকৰ ডায়েৰি
পাঠ ৪জাগা জননীৰ সন্তান (কবিতা)
পাঠ ৫ভক্তপ্রাণ প্রহ্লাদ
পাঠ ৬প্রগতিৰ সােণালী বাট
পাঠ ৭বস্তু বিজ্ঞান অধ্যয়ন
পাঠ ৮শ্ৰীশ্ৰী শংকৰদেৱ (কবিতা)
পাঠ ৯ভয়
পাঠ ১০পৰীক্ষিতৰ ব্ৰহ্মশাপ
পাঠ ১১অতীতক নাযাবা পাহৰি
পাঠ ১২সুখ (কবিতা)
পাঠ ১৩হােমি জাহাংগীৰ ভাবা
পাঠ ১৪সংস্কৃতি আৰু আমাৰ জীৱন

প্রশ্ন ৮। বিপৰীতার্থ বুজোৱা শব্দ

সুন্দৰী- কুন্ধচ

আই- বােপাই
দাদা – বৌ।
ভাই – ভনী।

নাৰী – নৰ।

প্রশ্ন ৯। শেষৰ ধ্বনিৰ মিল থকা শব্দ পাঠৰ পৰা বিচাৰি লিখা।
চাই- কোবাই।
আদি- বাদী।

লগতে পঢ়ক:   সুখ কবিতা Class 8 Assamese Chapter 12 question Answer

মাটি– ঘাটি।
মাতি – আতি।
হাসি- আসি।
পাছে -আছে।
ভৰি- ডৰি।
বেথা -কথা।

শিশুলীলা Class 8 Question Answer

প্রশ্ন ১০ | প্রশ্নবোধক বাক্যলৈ নিয়া।।
(ক) তেওঁলােক বাছেৰে স্কুললৈ যায়।
উত্তৰ: বাছেৰে কোন স্কুললৈ যায় ?

(খ) আমি বল খেলি আছে।
উত্তৰঃ আমি কি খেলি আছাে?

(গ) জৰ উঠা ৰাৰে বিমল স্কুললৈ যােৱা নাই।
উত্তৰ: কিয় বিমল স্কুললৈ যােৱা নাই ?

(ঘ) ৰতন দিল্লীলৈ গ’ল।
উত্তৰঃ কোন দিল্লীলৈ গ’ল?

(ঙ) মই চাৰি ৰজাত ঘৰ পামহি।
উত্তৰঃ মই কেইবজাত ঘৰ পামহি?

(চ) সি গান গাই আছে।
উত্তৰ: কোনে গান গাই আছে?

প্রশ্ন ১১। খাইলন্ত, দেখন্ত, মাতন্ত, চান্ত আদি শব্দ কেইটাই একো একোটা কাম কৰা বুজাইছে। ইতিমধ্যে তোমালােকে কোনাে কাম কৰা, হােৱা বা নােহােৱা থকা বা নথকা আদি পদক ক্রিয়াপদ বুলি জানিছা। পাঠৰ পৰা এনেধৰণৰ কাম সম্পাদন কৰা বা নকৰা পদ কেইটা বাছি উলিয়াই লিখা।
উত্তৰ: কৰন্ত, গৈয়া, দিলেক, খাইলন্ত, শুনিয়া, ধৰিলা, চান্ত, গৈল, লাগা, সােধ, মাতন্ত, বাইলও, দেখন্ত ইত্যাদি।

প্রশ্ন ১২। তলত একেটা শব্দৰে ভিন্ন ভিন্ন অর্থ দিয়া আছে। অর্থ প্রকাশ হােৱাকৈ শব্দবােৰেৰে বাক্য সাজা-
উত্তৰ দলঃ (লদা, দলি) – শিশু কৃষ্ণই মাটি একদল খালে বুলি গােপ-শিশু বােৰে যশােদাক গােচৰ দিছিল।
দলঃ (সমূহ, জাক) : বনৰীয়া হাতীৰ দলটোৱে খেতি-বাতি খাই নষ্ট কৰিলে।
ঘাটিঃ (দায়, জগৰ, মিছা, অপৰাধ)- মিছা কথাত ঘাটি খাব লাগে।

ঘাটিঃ (পহৰাৰ ঠাই, আড্ডা চকি) : মােগলে অসম আক্ৰমণ কৰিবলৈ আহি প্রথমে হাজোত ঘাটি পাতি ৰৈছিল।
বাদীঃ ফাকি, মিছা ভাও) : বাদী কথা কওঁতাৰ মন সদায় দুর্বল।
ঘাটিঃ(কওঁতা, প্রকাশ কৰোঁতা, গুচৰীয়া) : বাদীয়ে গােচৰ তৰিছে।।

শিশুলীলা Class 8 Question Answer

প্রশ্ন ১৩। শ্রীকৃষ্ণই শিশুকালত কৰা চল চাতুৰিৰ বিষয়ে শিক্ষকক নাইবা অভিভাৱকক সুধি নিজৰ কথাৰে বৰ্ণনা কৰা।
উত্তৰঃ শ্রীকৃষ্ণই শিশুকালত কৰা অনেক চল-চাতুৰীৰ কথা শুনিবলৈ আৰু পঢ়িবলৈ পাওঁ। তাৰে দুটিমান তলত উল্লেখ কৰা হ’ল—
শিশুকালত এদিন গােপশিশুসকলক লগত লৈ গােৱালীপাৰাত গৈ চুৰি কৰি দধি খাওঁতে ধৰা পৰিল। গােৱালীয়ে হাতে লােটে ধৰাত কৃষ্ণই বুদ্ধি কৰি চোৰ ধৰা গােৱালীৰ মুখত দধি সানি দি মই দধি খােৱা নাই, এই গােপিনীয়েহে দধি খাইছে, মুখত লাগি থকা দধিয়েই তাৰ সাক্ষী বুলি কোৱাত গােপিনীয়ে বৰ লাজ পালে আৰু কৃষ্ণক বলে নােৱাৰি যাবলৈ এৰি দিলে।

কৃষ্ণই কিন্তু দধি খাবলৈ নিদিলে নাযাওঁ বুলি কোৱাত গােপিনীয়ে কলে নাচিলেহে দধি দিম বুলি। কৃষ্ণই দধি খাই নাচি থকা অৱস্থাতেই মাক যশােদাই কৃষ্ণক বিচাৰি তালৈ আহিল। গােপিনীসকলে মিছাতে কৃষ্ণক দধি চোৰ ধৰা বুলি কৃষ্ণই মাক যশােদাৰ আগত লগালে। ‘মােৰ ঘৰত দধি উভয় নদী, খাওঁতা নাই, মােৰ পুত্ৰই দধি চুৰ কৰি খাব?’ এনেকৈ গােৱালীসকলক গালি দি কৃষ্ণক লৈ ঘৰলৈ আহিল।

গােৱালীপাৰাত গৈ গৰুৰ দামুৰীবােৰ এৰি দি ঘৰৰ ভিতৰত ভাণ্ডৰ পৰা হাত সুমুৱাই দধি খাবলৈ ধৰোতে কৃষ্ণ ধৰা পৰিল। তেতিয়া কৃষ্ণক ক’লে গােহালীত কিয় সােমাইছিলি? কৃষ্ণই ক’লে— মােৰ দামুৰী এটা হেৰাইছে তাকে চাবলৈ সােমাইছিলাে। গােৱালীয়ে ক’লে— শুই থকা কেচুৱাটোক কিয় জগালি? কৃষ্ণই ক’লে— দামুৰীটোৰ কথা সি কিবা জানে নেকি তাকে সুধিবলৈ জগালাে। গােৱালীয়ে সুধিলে— দধিৰ ভাণ্ডত হাত কিয় সুমুৱাইছিল? কৃষ্ণই উত্তৰ দিলে- ভাণ্ডটোৰ পিপৰা গুচাবলৈ হাত দিছিলে। কৃষ্ণৰ কথাত বলে নােৱাৰি গােপিনীয়ে যাবলৈ এৰি দিলে। এনেকুৱা শিশুকৃষ্ণৰ অর্জুন ভঞ্জন, পুতনা ৰাক্ষসী বধ, বকাসুৰ বধ, কালিয় দমন আদি অনেক চল চাতুৰীৰ আমােদজনক কাহিনী আছে।

লগতে পঢ়ক:   হোমি জাহাংগীৰ ভাবা Class 8 Assamese Chapter 13 Question Answer

Class 8 Assamese Chapter 15 question answer

প্রশ্ন ১৪। শিশু কৃষ্ণই মাটি খােৱা বুলি বলভদ্র প্রমুখ্যে গােপৰালকসকলে যশােদাক গােচৰ দিছে। বালককৃষ্ণই মাটি খােৱাৰ দৰে সাধাৰণ ল’ৰা-ছােৱালীয়েও শিশু অবস্থাত বিভিন্ন নকৰিবলগীয়া কাম কৰে। তেনেকুৱা কিছুমান কামৰ বিষয়ে লিখা।
উত্তৰঃ শিশু কৃষই সৰু কালতে মাটি খােৱাৰ দৰে কিছুমান নকৰিবলগীয়া কাম কৰিছিল। সাধাৰণ শিশু সকলওে তেনেদৰে অনেক নকৰিবলগীয়া কাম কৰে। তাৰে দুটিমানৰ উদাহৰণ দিয়া হল-

শিশুৱে যি কোনাে বস্তুকে মুখত দিব বিচাৰে। সিহঁতে কি মুখত দিব পাৰি, কি নােৱাৰি একো নাজানে। সেয়ে সমূহত দেখা বস্তুকে থপিয়াই আনি মুখত দিয়ে। আঠুকাঢ়ি ফুৰিব পৰা হ’লে মাটি, হাঁহ-পাৰ কুকুৰা আদিৰ বিষ্ঠা, কেৰেলুৱা আদি নানা কস্তু দেখিলেই হাতেৰে তুলি আনি মুখত দিয়ে। জ্বলি থকা চাকি, লেম, আওঠা আদিতাে থপিয়াই ধৰিবলৈ চায়। গােটা বস্তুমুখত, কাণত, নাকত ভৰাবলৈ চায়। ওখ ঠাই, যেনে শােৱা বিচনা চকী আদিৰপৰা থিয়ই নামিবলৈ বিচাৰে।এইবােৰ কাৰণত অনেক বেমাৰ-আজাৰ হােৱাৰ উপৰিও অঘটন, দুর্ঘটনা আদি হােৱাও দেখা যায়। সেইকাৰণে সিহঁতে বুজা হৈ নুঠা পর্যন্ত অতি সাৱধানেৰে আৰু যত্নেৰে লগত থাকি প্রতিপাল কৰিব লাগে।

প্রশ্ন ১৫। তলৰ কথাখিনিত যতি চিহ্ন, প্রয়ােজন সাপেক্ষে উদ্ধৃতি চিন বহুৱাই পুনৰ লিখা।

মানুহজনে আৰু চাই থাকিব নােৱাৰিলে তেওঁ জমাদাৰজনককলে চিপাহী কেইজনে চতিটো তুলিব পৰা নাই আপুনি অলপ হাত উজান দিলেই দেখোন চতিটো ওপৰলৈ উঠে মানুহজনৰ কথাত জমাদাৰ চাহাবৰ খঙে চুলিৰ আগ পালেগৈ তেওঁ হুটা মাতেৰে ক’লে মই হলাে বিষয়া এজন,জমাদাৰ মােৰ কিৰা মান সম্মান নাইনে যে মই চিপাহী কেইজনৰ লগত চতিটো দামি ইহঁতৰ কাম চাবলৈহে মােক ৰাখিছে ইহঁতৰ লগত কাম কৰিবলৈ ৰখা নাই নহয়।

উত্তৰ :মানুহজনে আৰু চাই থাকিব নােৱাৰিলে। তেওঁ জমাদাৰজনক ক’লে— চিপাহীকেইজনে চতিটো তুলিব পৰা নাই। আপুনি অলপ হাত উজান দিলেই দেখেন চতিটো ওপৰলৈ উঠে। মানুহজনৰ কথাত জমাদাৰ চাহাবৰ খঙে চুলিৰ আগ পালেগৈ। তেওঁ ইটা মাতেৰে ক’লে- মই হলাে এজন বিষয়, এজন জমাদৰ। মােৰ কিবা মান- সন্মান নাইনে যে মই চিপাহীকেইজনৰ লগত চতিটো দাঙিম? ইহঁতৰ কাম চাবলৈহে মােক ৰাখিছে, ইহঁতৰ লগত কাম কৰিবলৈ ৰখা নাই নহয়।

প্রশ্ন ১৬। তলত দিয়া ব্ৰজাৱলী ভাষাৰ গদ্যাংশ আধুনিক অসমীয়া ভাষালৈ অনুবাদ কৰা।

হে মাই গােৱাৰীতু তােহাে হামু অভাগিনীত কি সোধ ? অনেক পুণ্য কৰিয়ে দেৱতাৰ বৰে কৃষ্ণক পুত্র পাৱলোঁ। সে প্রাণ পুত্র কৃষ্ণ খেড়ি খেলাইতে বিহানে বজাৱ। বিয়াল ভৈ গেল। এখনাে নাহি পাৱলোঁ। সে প্রাণ পুত্রও বিচাৰি নাপাই হামাৰি প্ৰাণ কৈছে ৰহব
উত্তৰঃ হে মাই গােৱালী! তই মােক এই অভাগিনীক কি সােধ? অনেক পূণ্য কৰি দেৱতাৰ বৰত কৃষ্ণক পুত্র পালোঁ। সেই প্রাণ পুত্র কৃষ্ণ খেলা খেলিবলৈ ৰাতিপুৱাই ওলাই গৈছিল। গধূলি হৈ গ’ল। এতিয়াও নাপালোঁ। সেই প্রাণ পুত্ৰক বিচাৰি নাপাই মােৰ কেনেকৈ প্রাণ বাচি থাকিব?

শিশুলীলা’ ঘােষাটি কোনে ৰচনা কৰিছিল?

উত্তৰঃ ‘ শিশু-লীলা’ ঘােষাটি মহাপুৰুষ শ্ৰীশ্ৰীশংকৰদেৱে ৰচনা কৰিছিল?

“শিশু লীলা’ত কাৰ কথা কোৱা হৈছে ?

উত্তৰঃ “শিশু লীলাত ভগৱান শ্ৰীকৃষ্ণৰ শিশু কালৰ কথা কোৱা হৈছে?

শিশু কৃষ্ণই কাৰ কাৰ লগত খেলিছিল?

উত্তৰঃ শিশু কৃষ্ণই বলাই আৰু গােপশিশুসকলৰ লগত খেলিছিল।

খেলি থকা সময়ত কৃষ্ণই কি খাইছিল?

উত্তৰঃ খেলি থকা সময়ত কৃষ্ণই মাটি খাইছিল।

গােপশিশুসকলে যশােদাক কি গােচৰ দিছিল?

উত্তৰঃ গোপশিশুসকলে যশােদাক কৃষ্ণে মাটি এক দল’ খােৱা বুলি গােচৰ দিছিল।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5