সমষ্টিবাদী অর্থবিজ্ঞানৰ আৰম্ভণি Class 12 | Chapter 1 | অর্থবিজ্ঞান প্ৰথম অধ্যায়

সমষ্টিবাদী অর্থবিজ্ঞানৰ আৰম্ভণি Class 12 – অর্থবিজ্ঞান প্ৰথম অধ্যায় | Class 12 Economics Chapter 1 Question answer in Assamese | দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি অধ্যায় 1 প্ৰশ্নৰ উত্তৰ

সমষ্টিবাদী অর্থবিজ্ঞানৰ সূচনা
বিষয়  দ্বাদশ শ্ৰেণীৰ অর্থবিজ্ঞান
প্রথম খণ্ড প্ৰথম অধ্যায়
মাধ্যম অসমীয়া
Unit I
পাঠৰ নাম আৰম্ভণি
শ্ৰেণী দ্বাদশ শ্ৰেণী
অধ্যায় অধ্যায় 1
পাঠ্যক্ৰম  AHSEC

সমষ্টিবাদী অর্থবিজ্ঞানৰ আৰম্ভণি Class 12

প্র : সমষ্টিবাদী অর্থনীতি বুলিলে কি বুজায় ?
উঃ সমষ্টিবাদী অর্থনীতি বুলিলে অর্থনীতিৰ এনে এটা ব্যৱস্থাক বুজায় য’ত ব্যক্তিৰ পৰিৱৰ্তে মুঠ হিচাপে বা এখন দেশৰ অৰ্থনৈতিক গোট আৰু অৰ্থনৈতিক উপাদানসমূহক সামূহিক ৰূপত অধ্যয়ন কৰা হয়। ইয়াত অৰ্থনীতিৰ পাৰদৰ্শিতাৰ বাবে বহুল হিচাববোৰ অধ্যয়ন কৰা হয়। যেনে – সামগ্রিক ব্যয়, জাতীয় উৎপাদন।

প্র: ইতিবাচক আৰু আদর্শগত অর্থনৈতিক বিশ্লেষণ কাক বোলে লিখা। যথার্থ আৰু আদর্শগত অৰ্থ বিজ্ঞানৰ পার্থক্য লিখা।
উঃ অর্থনৈতিক প্রক্রিয়াসমূহ কি বা কেনেধৰণে কাৰ্যকৰী হয় তাৰ আলোচনা কৰাটোৱেই হৈছে ইতিবাচক বা যথার্থ অর্থনৈতিক বিশ্লেষণ। অর্থনৈতিক প্রক্রিয়াসমূহৰ মূল্যায়ন বা এই প্ৰক্ৰিয়াবোৰ সমাজৰ স্বাৰ্থত ব্যৱহাৰ হয়নে নহয় তাৰ আলোচনা আগবঢ়োৱাটোৱেই হৈছে আদর্শগত অর্থনৈতিক বিশ্লেষণ।
তলত ইহঁতৰ মাজত থকা পার্থক্যসমূহ উল্লেখ কৰা হ’ল—

(১) ইতিবাচক বা যথার্থ অর্থনৈতিক বিশ্লেষণে অর্থনৈতিক কার্যক্রম কি ধৰণে কাৰ্যকৰী কৰা হয় তাৰ আলোচনা কৰে। আনহাতে, আদর্শগত অর্থনৈতিক বিশ্লেষণত উল্লেখিত কার্যক্রম উচিত হয়নে নহয় তাৰ বিচাৰ কৰে।
(২) ইতিবাচক অর্থনীতিৰ ভিত্তি হ’ল অর্থনৈতিক প্ৰক্ৰিয়াৰ কাৰ্যকৰণ। আনহাতে, আদর্শগত অর্থনীতিৰ ভিত্তি হৈছে নৈতিকতা।

(৩) ইতিবাচক অর্থনীতি অৰ্থবিজ্ঞানৰ এটা যথার্থ বিষয়। আনহাতে, আদর্শগত অর্থনীতি হৈছে এটা আদর্শগত বিষয়। (৪) ইতিবাচক অর্থনীতিত অর্থনৈতিক গক্ষ্যসমূহ নিৰপেক্ষ আনহাতে আদর্শগত অর্থনীতিত এইবোৰ লক্ষ্যৰ মূল্যায়ন কৰা হয়।

সমষ্টিবাদী অর্থবিজ্ঞানৰ সূচনা
বিষয়  দ্বাদশ শ্ৰেণীৰ অর্থবিজ্ঞান
প্রথম খণ্ড প্ৰথম অধ্যায়
মাধ্যম অসমীয়া
Unit I
পাঠৰ নাম আৰম্ভণি
শ্ৰেণী দ্বাদশ শ্ৰেণী
অধ্যায় অধ্যায় 1
পাঠ্যক্ৰম  AHSEC

সমষ্টিবাদী অর্থবিজ্ঞানৰ সূচনা
বিষয়  দ্বাদশ শ্ৰেণীৰ অর্থবিজ্ঞান
প্রথম খণ্ড প্ৰথম অধ্যায়
মাধ্যম অসমীয়া
Unit I
পাঠৰ নাম আৰম্ভণি
শ্ৰেণী দ্বাদশ শ্ৰেণী
অধ্যায় অধ্যায় 1
পাঠ্যক্ৰম  AHSEC

সমষ্টিবাদী অর্থবিজ্ঞানৰ সূচনা
বিষয়  দ্বাদশ শ্ৰেণীৰ অর্থবিজ্ঞান
প্রথম খণ্ড প্ৰথম অধ্যায়
মাধ্যম অসমীয়া
Unit I
পাঠৰ নাম আৰম্ভণি
শ্ৰেণী দ্বাদশ শ্ৰেণী
অধ্যায় অধ্যায় 1
পাঠ্যক্ৰম  AHSEC

সমষ্টিবাদী অর্থবিজ্ঞানৰ সূচনা
বিষয়  দ্বাদশ শ্ৰেণীৰ অর্থবিজ্ঞান
প্রথম খণ্ড প্ৰথম অধ্যায়
মাধ্যম অসমীয়া
Unit I
পাঠৰ নাম আৰম্ভণি
শ্ৰেণী দ্বাদশ শ্ৰেণী
অধ্যায় অধ্যায় 1
পাঠ্যক্ৰম  AHSEC

প্র : সমষ্টিবাদী অর্থনৈতিক চলকৰ যিকোনো দুটা উদাহৰণ দিয়া।
উঃ সমষ্টিবাদী অর্থনৈতিক চলক উদাহৰণবোৰ হ’ল— (১) ৰাষ্ট্ৰীয় আয় (২) নিয়োগ মুদ্রাস্ফীতি, বিনিয়োগ।

Also Read: দ্বাদশ শ্ৰেণী অসমীয়া

Class 12 Economics Chapter 1 Question answer in Assamese

প্র: সেৱাৰ সংজ্ঞা দিয়া।
উঃ যাৰ সহায়ত আমি আমাৰ অভাৱ পুৰণ কৰিব পাৰোঁ কিন্তু তাক চাব বা স্পর্শ কৰিব নোৱাৰি তাকে সেৱা বোলে। যেনে – চিকিৎসা সেৱা।

লগতে পঢ়ক:   জাতীয় আয় গণনা Class 12 – (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

প্রঃ উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলত অৱস্থিত বিন্দু এটাই কি বুজায়?
উ : উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ তলত অৱস্থিত বিন্দু এটাই অর্থনীতি এখনৰ সম্পদৰাজিৰ পূৰ্ণ নিয়োগ নথকা আৰু সম্পদসমূহৰ দক্ষতাপূৰ্ণ ব্যৱহাৰ নোহোৱাৰ ইংগিত দিয়ে।

প্র: আদৰ্শগত আৰু যথার্থ অর্থনৈতিক বিশ্লেষণৰ মাজৰ এটা পার্থক্য লিখা।
উ: যথার্থ অর্থনৈতিক বিশ্লেষণত বিভিন্ন প্রক্রিয়াবোৰে কেনেকৈ কাৰ্য কৰে তাৰ অধ্যয়ন কৰা হয় আনহাতে, আদর্শগত অৰ্থনীতিত এই প্ৰক্ৰিয়াবোৰ বাঞ্ছনীয় হয় নে নহয় তাৰ বিষয়ে অধ্যয়ন কৰা হয়।

প্র : অর্থনীতিত ব্যৱহৃত দুষ্প্রাপ্যতাৰ ধাৰণাটোৰ সংজ্ঞা দিয়া।
উ : দুষ্প্রাপ্যতাৰ ধাৰণাটোৱে অৰ্থনীতিত সীমাহীন অভাৱ আৰু সীমাবদ্ধ সম্পদৰ মাজৰ সম্পৰ্ক আৰু তাৰ ফলত অর্থনীতিত সৃষ্টি হোৱা অর্থনৈতিক সমস্যাৱলীক বুজায়।

প্র : স্বেচ্ছাকৃত নিবনুৱা কি ?
উঃ যিটো অৱস্থাত এজন নিবনুৱাই কম মজুৰী বা সুবিধাজনক নিয়োগ সংস্থাপনৰ অভাৱত কাম কৰিবলৈ ইচ্ছা নকৰে তাকে স্বেচ্ছাকৃত নিবনুৱা বোলে।

প্র : উৎপাদন সম্ভাৱনীয়তা ৰেখা কিয় বাওঁফালৰ পৰা সোঁফাললৈ নিম্নমুখী ঢালযুক্ত হয়?
নাইবা উৎপাদন সম্ভাৱনীয় সীমাৰেখাৰ আকৃতি কিয় উত্তল হয়।
উঃ ক্রমবর্ধমান প্রান্তিক সুযোগ ব্যয়ৰ বাবে উৎপাদন, সম্ভাৱনীয় সীমাৰেখাৰ আকৃতি উত্তল হয়।

দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি অধ্যায় 1 প্ৰশ্নৰ উত্তৰ

প্র : উৎপাদন সম্ভাব্য ৰেখাই কি নির্দেশ কৰে?
উঃ উৎপাদন সম্ভাব্য ৰেখাই আমাক দুটা দ্ৰব্য উৎপাদনৰ সম্ভাৱনীয়তাৰ বিষয়ে জানিবলৈ দিয়ে। উৎপাদনৰ উপাদানসমূহ সীমিত। সেইবাবে উৎপাদন কৌশল অপৰিবৰ্তিত হৈ থকা অৱস্থাত এটা দব্যৰ উৎপাদন বৃদ্ধি কৰিলে আনটোৰ উৎপাদন হ্রাস কৰিব লাগিব।

প্রঃ অর্থনৈতিক সমস্যা উদ্ভৱ হোৱাৰ দুটা কাৰণ উল্লেখ কৰা।
উ: (i) অর্থনৈতিক পছন্দতাৰ সমস্যা।
(ii) অর্থনৈতিক দ্রব্যসমূহৰ যোগানৰ সীমাবদ্ধতা বা দুষ্প্রাপ্যতাৰ সমস্যা।

খালী ঠাই পূৰ কৰা :
(ক) ধনাত্মক অর্থনৈতিক বিশ্লেষণত, বিভিন্ন অর্থনৈতিক প্ৰক্ৰিয়াই কাৰ্য কৰে, আমি আলোচনা কৰো।
(খ) সকলো প্ৰকাৰৰ দৃশ্যমান বা অদৃশ্যমান সামগ্রীক দব্য বোলা হয়।

প্ৰ : অর্থনীতিত সাধাৰণতে ধৰা হয় যে ভোক্তা এজন যুক্তিসংগত ব্যক্তি।

প্ৰঃ দুষ্প্রাপ্য সম্পদৰ আৱণ্টন আৰু চূড়ান্ত দ্ৰব্য সেৱাৰ বিতৰণ হ’ল যিকোনো অর্থনীতিৰ কেন্দ্ৰীয় সমস্যা।

প্রঃ ব্যক্তি বুলিলে কি বুজা?
উ: অর্থবিজ্ঞানত ব্যক্তি বুলিলে কোনো ব্যক্তি বা গোটক বুজায় যিবোৰে কিছুমান নির্দিষ্ট উদ্দেশ্য সাধনৰ কাৰণে অর্থনৈতিক কার্য সম্পাদন কৰে। উদাহৰণস্বৰূপে- এজন উপভোক্তা, এজন উৎপাদক, এটা প্রতিষ্ঠান, সংগঠন আদি।

‘খ) জীৱনৰ মৌলিক অর্থনৈতিক কার্যকলাপ কেইটা আৰু কি কি?
উঃ চাৰিটা। সেইকেইটা হ’ল– (১) দ্ৰব্য আৰু সেৱাৰ উৎপাদন (২) বিনিময় (৩) বিতৰণ আৰু (৪) উপভোগ।

প্র : অর্থবিজ্ঞানত সম্পদ মানে কি?
উঃ মানুহৰ অভাৱ আৰু সন্তুষ্টি পূৰ্ণ কৰিব পৰা দুষ্প্রাপ্য সকলো দ্রব্য আৰু সেৱাকে অর্থবিজ্ঞানত সম্পদ বোলা হয়। সম্পদ হ’বলৈ ইয়াৰ চাৰিটা বৈশিষ্ট্য থাকিব লাগিব।
(১) দুষ্প্রাপ্যতা (২) উপযোগিতা (৩) বাহ্যিকতা (৪) হস্তান্তৰ যোগ্যতা।

Class 12 – অর্থবিজ্ঞান প্ৰথম অধ্যায়

প্র: অর্থনীতিত বজাৰ বুলিলে কি বুজায় ?
উ : অৰ্থনীতিত বজাৰ বুলিলে এনে কিছুমান ব্যৱস্থাপনাৰ এটা সংহতিক বুজায় য’ত অর্থনৈতিক প্রতিনিধিবোৰে তেওঁলোকৰ ধন-সম্পত্তি আৰু দ্ৰব্যবোৰ এজনে আনজনৰ লগত সহজে বিনিময় কৰিব পাৰে।

লগতে পঢ়ক:   মুদ্ৰা আৰু বেংক ব্যৱস্থা Class 12 Economics (প্ৰশ্নোত্তৰ) অৰ্থনীতি বিজ্ঞান

প্র : অর্থনৈতিক সমস্যা বুলিলে কি বুজা?
উঃ অর্থনৈতিক সমস্যা হৈছে দুষ্প্রাপ্যতাৰ ফলত সৃষ্টি হোৱা সমস্যাবোৰেই হৈছে অর্থনৈতিক সমস্যা।

প্রঃ সুযোগ ব্যয়ক প্রান্তিক ব্যয় বা বিকল্প ব্যয় বুলি কোৱা হয়।

প্র : মানুহৰ অভাৱৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উ: মানুহৰ অভাৱৰ দুটা বৈশিষ্ট্য হ’ল-
(১) মানুহৰ অভাৱ অসীম
(২) অভাৱ মোচনৰ উপায়বোৰ সীমিত।

প্রঃ তিনিটা আর্থিক কার্যাবলী উল্লেখ কৰা।
উ : তিনিটা আর্থিক কার্যাৱলী হ’ল—
(১) উপভোগ (২) উৎপাদন আৰু (৩) বিনিয়োগ।

প্র : উদাহৰণৰ সহায়ত দ্ৰব্য আৰু সেৱা কাক বোলে লিখা।
উ : মানুহৰ অভাৱ পুৰ্ণ কৰিব পৰা আৱয়বিক আৰু স্পৰ্শ কৰিব পৰা বস্তু বা সামগ্রীক দ্রব্য বোলে। যেনে—বেজি, গাড়ী। যিবোৰ বস্তুৰ দ্বাৰা মানুহৰ অভাৱ পূৰ্ণ হয় কিন্তু তাক হাতেৰে স্পৰ্শ কৰিব নোৱাৰি তাকে সেৱা বুলি কোৱা হয়। যেনে—আইন সেৱা

প্র : সমাজবাদী অর্থনীতিৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
উ : সমাজবাদী অর্থনীতিৰ দুটা সুবিধা হ’ল—
(১) এই অর্থনীতিয়ে দেশত আয় আৰু সম্পদৰ সমতা স্থাপন কৰে।
(২) ইয়াত পৰিকল্পিতভাৱে সম্পদৰ বিতৰণ কৰিব পৰা যায়।

সমাজবাদী অর্থনীতিৰ দুটা অসুবিধা হ’ল-
(১) সমাজবাদী অর্থনীতিত ব্যক্তিগত অর্থনৈতিক স্বাধীনতা নাথাকে বাবে প্রতিযোগিতা নাথাকে। সেয়ে উৎপাদন আৰু দক্ষতা বৃদ্ধিৰ অন্তৰায় হয়।
(২) দক্ষতাহীন চৰকাৰী বিষয়াসকলে পৰিকল্পিত কাম কৃতকার্যতাৰে সম্পাদন কৰোতে অনীহা প্রকাশ কৰে। ফলত আকাংক্ষিত সেৱাৰ পৰা বঞ্চিত হ’ব লগা হয়।

প্ৰ: প্রান্তীয় সুযোগ ব্যয়ৰ সংজ্ঞা দিয়া।
উঃ কোনো এবিধ দ্রব্য উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰাৰ সময়ত আন দ্ৰব্যৰ উৎপাদনৰ পৰিমাণ যি হাৰত কমাবলগীয়া হয় সেইটোৱেই হৈছে প্ৰথম দব্যটোৰ প্ৰান্তীয় সুযোগ ব্যয়।

Class 12 Economics Chapter 1 Question answer in Assamese

প্র : মিশ্ৰ অৰ্থনীতিৰ সুবিধা আৰু অসুবিধাসমূহ উল্লেখ কৰা।
উ: মিশ্ৰ অৰ্থনীতিৰ সুবিধাসমূহ হ’ল-
(১) মিশ্র অর্থনীতিয়ে গণতান্ত্রিকভাৱে পৰিকল্পনা গ্ৰহণ কৰাত সহায় কৰে। (২) মিশ্র অর্থনীতিত ব্যক্তিগত উদ্যম, স্বার্থ আৰু লাভ অর্জনৰ সুবিধা থাকে। (৩) ই আয় আৰু সম্পদৰ সমস্যা সমাধানত গুৰুত্ব দিয়ে আৰু জীৱন নিৰ্বাহৰ মান উন্নত কৰাত সহায় কৰে।

মিশ্ৰ অৰ্থনীতিৰ অসুবিধাসমূহ হ’ল– (১) এই অর্থনীতিক বেচৰকাৰী খণ্ডই নিজস্ব লাভ অৰ্জন কৰিবলৈ ৰাজহুৱা খণ্ডৰ ওপৰত নিৰ্ভৰ কৰিব লগা হয়। সেই বাবে ব্যক্তিগত উদ্যম হ্রাস পোৱাৰ সম্ভাৱনা থাকে। (২) মুদ্রাস্ফীতিৰ সময়ত আয় আৰু সম্পদৰ বৈষম্যৰ সৃষ্টি কৰে। (৩) মিশ্র অর্থনীতি দীৰ্ঘকালৰ বাবে একেদৰে নাথাকি সমাজবাদলৈ বা পুঁজিবাদলৈ ৰূপান্তৰ হ’ব পাৰে।

প্র : ব্যক্তিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতিৰ মাজত থকা পার্থক্যসমূহ আলোচনা কৰা।
উ : ব্যক্তিবাদী অর্থনীতি আৰু সমষ্টিবাদী অর্থনীতি হৈছে পৰম্পৰাগত অর্থনীতিৰ দুটা ভাগ। ইয়াৰ মাজত থকা পার্থক্য হৈছে– (১) ব্যক্তিবাদী অর্থনীতিয়ে ব্যক্তি প্রতিনিধিবোৰৰ অর্থনৈতিক আচৰণ অধ্যয়ন কৰে। কিন্তু সমষ্টিবাদী অর্থনীতিয়ে সমাজৰ সমষ্টিগত অর্থাৎ মুঠ হিচাপত অর্থনৈতিক
বিষয়সমূহ আলোচনা কৰে।

লগতে পঢ়ক:   সূচনা Class 12 – পাঠৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰ অৰ্থনীতি বিজ্ঞান

(২) চাহিদাৰ দিশৰ পৰা চালে ব্যক্তিবাদী অর্থনীতিৰ মূল উদ্দেশ্য হৈছে উপভোক্তাৰ তৃপ্তি বা সন্তুষ্টি। আনহাতে সমষ্টিবাদী অৰ্থনীতি উদ্দেশ্য হৈছে দেশ এখনৰ অৰ্থনৈতিক ভাৰসাম্য বজাই ৰখা আৰু ইয়াৰ বাবে নীতি নিৰ্ধাৰণৰ ব্যৱস্থা সম্পর্কে আলোচনা কৰে।

৩) ব্যষ্টিবাদী অৰ্থনীতিৰ ভিত্তি হৈছে দৰ। এই দৰ দব্যৰ চাহিদা আৰু যোগান ব্যক্তিসকলৰ ক্রিয়া-প্রতিক্ৰিয়াৰ দ্বাৰা নিৰ্ণয় কৰা হয়। আনহাতে, সমষ্টিবাদী অর্থনীতিৰ ভিত্তি হৈছে মুঠ চাহিদা আৰু মুঠ যোগানৰ ভিত্তিত নিৰ্ণয় কৰা জাতীয় আয়, জাতীয় উৎপাদন, পূর্ণ নিয়োগ আদি।

(৪) ব্যক্তিবাদী অর্থনীতিত কোনো এটা অর্থনৈতিক চলকৰ কোনো হ্রস্বকালীন ভাৰসাম্যতা বিচাৰ কৰা হয়। আনহাতে, সমষ্টিবাদী অর্থনীতিত এটা চলকৰ দীৰ্ঘকালীন ভাৰসাম্যতাৰ কথা বিচাৰ কৰা হয়।

সমষ্টিবাদী অর্থবিজ্ঞানৰ আৰম্ভণি Class 12

প্ৰ: মুক্ত অৰ্থনীতিৰ দুটা সুবিধা আৰু দুটা অসুবিধা লিখা।
উ : মুক্ত অর্থনীতিৰ সুবিধা দুটা হ’ল—
(১) মুক্ত অর্থনীতিত সীমিত সম্পদৰ সৰ্বোত্তম ব্যৱহাৰৰ সুবিধা থাকে। (২) কম ব্যয়ত অধিক উৎপাদন আশা কৰা হয়। মুক্ত অর্থনীতিৰ অসুবিধা দুটা হ’ল-
(১) মুক্ত অর্থনীতি হৈছে পুঁজিবাদী অর্থনীতি। সেয়ে এই অর্থনীতিত সম্পদ আৰু আয় বিতৰণত বৈষম্যৰ সৃষ্টি হয়।

(২) উৎপাদনকাৰীসকলৰ মাজত তীব্ৰ প্ৰতিযোগিতা হয় বাবে পুঁজিৰ এটা বৃহৎ অংশ প্ৰচাৰ আৰু বিজ্ঞাপনৰ দৰে ক্ষেত্ৰত পুঁজিৰ খৰচ হৈ অপব্যয় হয়।

প্রঃ ব্যষ্টিবাদী অর্থনীতিৰ গুৰুত্ব আলোচনা কৰা ।
উ : ব্যষ্টিবাদী অর্থনীতিৰ গুৰুত্ব তলত উল্লেখ কৰা হ’ল—
(১) ব্যষ্টিবাদী অর্থনীতিয়ে অর্থনৈতিক কেন্দ্রীয় সমস্যাবোৰ নিৰ্ধাৰণ কৰি অৰ্থনৈতিক সমস্যাসমূহ সমাধান কৰাৰ চেষ্টা কৰে।
(২) এই অর্থনীতিয়ে উৎপাদন দক্ষতা আৰু অৰ্থনৈতিক কল্যাণ বৃদ্ধিৰ বাবে অর্থনৈতিক নীতিসমূহৰ সূত্ৰ আগবঢ়োৱাত সহায় কৰে। (৩) বাণিজ্যিক লাভা-লাভ, বৈদেশিক লেনদেন, আন্তর্জাতিক মুদ্ৰাৰ বিনিময়ৰ হাৰ ইত্যাদিৰ ক্ষেত্ৰত ব্যষ্টিবাদী অর্থনীতিত বিশেষ প্ৰভাৱ আছে।
(৪) ই চৰকাৰক প্ৰকৃত মূল্য নীতি নিৰ্ধাৰণ কৰাত সহায় কৰাৰ লগতে অর্থনীতিবিদসকলক ব্যৱসায় সংক্রান্তৰ আগজাননী দিয়ে।

প্র : মিশ্র অর্থনীতি কি?

উঃ পুঁজিবাদ আৰু সমাজবাদী অর্থনীতিৰ সংমিশ্ৰণত গঢ় লোৱা অৰ্থনীতিক ‘মিশ্র অর্থনীতি’ বোলা হয়। এই অর্থনীতিত ব্যক্তিগত আৰু ৰাজহুৱা খণ্ডই একেলগে কাম কৰে।

প্র : সুযোগ ব্যয় কি?

উঃ কোনো এটা বস্তু ক্রয় কৰোতে ব্যক্তি এজনে যোৱা একে সময়তে লাভ কৰিব পৰা সম্ভাব্য উপযোগিতাৰ পৰা বঞ্চিত হ’ব লগা হয় তাকে ‘সুযোগ ব্যয়’ বুলি কোৱা হয়।

প্র : সমষ্টিবাদী অর্থবিজ্ঞানৰ বিকল্পৰ নাম কি?

উ : সমষ্টিবাদী অৰ্থনীতিৰ বিকল্প নাম হিচাপে জাতীয় আয় তত্ত্ব বা চাহিদা আৰু নিয়োগ তত্ত্ব বুলিও ক’ব পাৰি।

প্র: ব্যষ্টিবাদী অর্থনীতিৰ সংজ্ঞা দিয়া।

উ : ব্যক্তিবাদী অর্থনীতি : এই অর্থনৈতিক ব্যৱস্থাত ব্যক্তিগত অৰ্থনীতিৰ প্ৰতিনিধিবোৰৰ আচৰণ বিশ্লেষণ কৰি সেইবোৰৰ অর্থনৈতিক আচৰণ, ক্রিয়া প্রতিক্রিয়া আদিৰ বিষয়ে পৃথক পৃথকভাৱে আলোচনা কৰা হয়। যেনে— এজন ব্যক্তি, এখন ফাৰ্ম ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top