Home » নৱম শ্ৰেণীৰ অসমীয়া » প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতা Class 9 Assamese Lesson 4

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতা Class 9 Assamese Lesson 4

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
শ্ৰেণীনৱম শ্ৰেণীৰ (IX)
বিষয়অসমীয়া (Assamese)
কিতাপৰ নামসাহিত্য চয়নিকা
উপলব্ধপ্ৰশ্নৰ উত্তৰ
পাঠ (Lesson)প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমছেবা (SEBA )

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক Class 9

– ড° ভূপেন হাজৰিকা

প্রশ্ন ১। অতি চমু উত্তৰ দিয়াঃ

১। অতি চমুকৈ উত্তৰ দিয়া ?

Winter Sale

(ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
উঃ কবি ভূপেন হাজৰিকাই আকাশক সংকীর্ণতা এৰি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

(খ) কবিৰ প্রাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল ?
উঃ কবিৰ প্ৰাপ্য কি বুলি প্রচণ্ড ধুমুহাই প্রশ্ন কৰিছিল।

(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উঃ কবিক বিশাল দৃষ্টি মহাকাশে দিলে।

(ঘ) মূমূর্ষ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতাে যদি দিব পাৰোঁ
-ইয়াত বিদ্যুৎ শব্দই কি বুজাইছে?
উঃ ইয়াত ‘বিদ্যুৎ’ শব্দই প্রাণশক্তিৰ কথা বুজাইছে।

(ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল?
উঃ প্রচণ্ড ধুমুহাই কবিৰ প্রাপ্য কি বা কবিৰ কি লাগে বুলি প্ৰশ্ন কৰিছিল।

২। বজ্রই কবিক কি কি দিলে?
উঃ বজ্রই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।

৩। কবিয়ে সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উঃ কবিয়ে ‘সঁচা উদাৰতা’ কথাষাৰেৰে ৰাতিপুৱা আকাশত উদয় হােৱা সূৰ্যৰ পােহৰে কিদৰে ধনী-দুখীয়া, উচ্চ- নীচ সকলােকে আলােকিত কৰে তাকে বুজাব খুজিছে। অর্থাৎ সঁচা উদাৰতাৰ দ্বাৰা সকলােকে সমভাৱে দান দিয়া বা বিলাই দিয়াক বুজাইছে।

৪। কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে। চমুকৈ বর্ণনা কৰা।
উঃ কবিয়ে উদাত্ত কণ্ঠৰ দ্বাৰা গীত গাই দিগন্ত কঁপাবলৈ মন মেলিছে। অর্থাৎ কবিয়ে বজ্ৰৰ পৰা কণ্ঠ আৰু ধুমুহাৰ পৰা শক্তি লাভ কৰি এখন সুস্থ সবল শান্তিৰে ভৰা সমাজৰ হকে গান গাবলৈ মন মেলিছে।

৫। কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উ : কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱতাৰ গীত গাবলৈ সাজু হৈছে। কবি আশাবাদী যে তেওঁৰ গীতৰ শক্তিৰে দানৱক নাশি প্রকৃত মানৱতাবাদী সমাজ প্রতিষ্ঠা কৰিব পাৰিব।

৬। আকাশ, ধুমুহা আৰু বজ্রক কবিয়ে কি কাৰণে প্রণিপাত জনাইছে বহলাই লিখা।
উ : সমাজৰ নিঃকিন দুর্বল আৰু দানৱৰ কৱলত পৰি যন্ত্রণা ভােগ কৰি থকা মানুহক সেৱা কৰিবলৈ কবিৰ প্ৰৱল ইচ্ছা আছে।ইয়াৰ বাবে কবিৰ শক্তিৰ প্রয়ােজন। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহস আৰু ধুমুহা বতাহৰ পৰা প্রচণ্ড শক্তি বিচাৰি সিহঁতক শতবাৰ প্রণিপাত জনাইছে যাতে কবিয়ে সেই শক্তিৰে বলীয়ান হৈ মানুহৰ বাবে গান গাব পাৰে।

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

৭। তাৎপর্য ব্যাখ্যা কৰা ?
(ক) বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক’লে
তােমাৰ কাম্য কি কোৱা।
মই ক’লাে, বজ্ৰ তােমাৰ
শক্তিশালী উদাত্ত কণ্ঠ দিয়া।
উ : উক্ত কবিতাফাকি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই মােক প্রশ্ন কৰিলে’নামৰ গীতিকবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিতাফাকিৰ মাজেদি কবিয়ে মানুহৰ বাবে গীত গাবলৈ উদাত্ত কণ্ঠ বিচাৰি বজ্রক প্রার্থনা জনাইছে।
কবি মানৱপ্রেমী। মানুহক সেৱা কৰা, দানৱৰ হাঁতােৰাৰ পৰা মানুহক উদ্ধাৰ কৰা আৰু এক শান্তিময় মানৱ সমাজ গঢ়াৰ বাবে কবিয়ে মনত তীব্র ইচ্ছা পুহি ৰাখিছে। কবিয়ে জানে যে তেওঁ এক অদম্য শক্তি অবিহনে এই কাম কৰিব নােৱাৰে। গতিকে সি বজ্রক তাৰ শক্তিশালী উদাত্ত কণ্ঠ দান কৰিবলৈ প্রার্থনা জনাইছে যাতে দি সেই উদাত্ত কণ্ঠৰে গীত গাই মানুহক প্ৰেৰণা যােগাব পাৰে।

(খ) সেয়েহে আকাশ তুমি দিব যদি খুজিছই
সংকীর্ণতা এৰি দিয়া
অৱদানৰূপে তােমাৰ পূর্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া।

উ : উক্ত কবিতাফাকি ভূপেন হাজৰিকাই ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাকিৰ দ্বাৰা কবিয়ে আকাশৰ বিশালতাখিনি পাবলৈ কামনা কৰিছে।
কবিয়ে মানুহক অতি ভালপায় আৰু মানু কল্যাণ সাধন কৰিব বিচাৰে। এদিনাখন আকাশে কবিক হেনাে কৈছিল যে ‘যিমানেই বিলাই দিব পাৰি সিমানেই মহান হব পাৰি। সেয়ে কবিয়ে আকাশক ইয়াৰ বিশালতাখিনি কবিক দান কৰিবলৈ প্রার্থনা জানাইছে যাতে সি সেই বিশালতাবােৰ মানুহ মাজত বিলাই দি
মানুহক সংকীর্ণতাৰ পৰা তুলি ধৰিব পাৰে।

(গ) মহাকাশে দিলে মােক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তি
বজ্ৰই দিলে মােক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি।
উঃ উদ্ধৃত কবিতাফাকি গীতি কবি ভূপেন হাজৰিকাই ৰচনা কৰা প্ৰচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ নামৰ গীতি-কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবিয়ে প্রকৃতিৰ কোন কোন উৎসৰ পৰা কি কি বস্তু বা শক্তি লাভ কৰিলে তাক উক্ত কবিতাফাকিৰ মাজেদি প্রকাশ কৰিছে।

কবিয়ে প্রকৃতিৰ কোন কোন উৎসৰ পৰা কি কি বস্তু বা শক্তি লাভ কৰিলে তাক উক্ত কবিতাফাকিৰ মাজেদি প্রকাশ কৰিছে।
কবি মানৱ দৰদী। মানুহৰ কল্যাণ সাধন কৰাই কবিৰ মনৰ উদম্য বাসনা। কিন্তু দানৱৰ সমাজত মানুহৰ বাবে কিবা কৰিবলৈ কবিৰ শক্তিৰ প্ৰয়ােজন। সেয়ে কবিয়ে আকাশ. ধুমুহ আৰু বজ্ৰৰ পৰা সিহঁতৰ শক্তি কবিক দিবলৈ প্রার্থনা জনাইছে। কৱি প্রার্থনা মঞ্জুৰ কৰি আকাশে কবিক নিজৰ বিশালতাখিনি দিলে। সেইদৰে ধুমুহাৰ পৰা পালে প্রচণ্ড শক্তি আৰু বজ্ৰৰ পৰা পালে উদাত্তকণ্ঠ আৰু সাহসৰ যুক্তি। কবিয়ে প্রকৃতিৰ বিভিন্ন উৎসৰ পৰা পােৱা এই শক্তিৰ বলীয়ান হৈ গীত গাই তাৰ জৰিয়তে মানুহক প্রেৰণা যােগাবলৈ প্ৰৱল হাবিয়াস কৰিছে।

(ঘ) মূমূর্ষ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতাে যদি দিব পাৰোঁ
আকাশ, ধুমুহ আৰু বজ্রক
তাৰ বাবে প্ৰণিপাত কৰোঁ।
উঃ উদ্ধৃত কবিতাফাকি গীতিকবি ভূপেন হাজৰিকাইস ৰচনা কৰা ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
কবি মানৱপ্রেমী। কবিয়ে দানৱৰ সমাজত মানুহৰ বাবে এক শান্তিপূর্ণ সমাজ গঢ়াৰ বাঞ্ছা কৰিছে। সেয়ে কবিয়ে আকাশৰ পৰা বিশালতা, ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ বিচাৰিছে। কবিৰ কামনা মঞ্জুৰ কৰি সিহঁতে সিহঁতৰ বিশেষত্ববােৰ কবিক দি দিয়ে। কবিয়ে সিহঁতৰ শক্তিৰে বলীয়ান
হৈ মানুহৰ মুক্তি আৰু কল্যাণৰ হকে গীত গাব বিচাৰে। কবিয়ে ভাৱে যে যদিহে কবিয়ে নিজৰ গীতৰ জৰিয়তে মানৱ সমাজৰ কিঞ্চিতমানাে উপকাৰ সাধন কৰিব পাৰে তেন্তে তাৰ বাবে কবি আকাশ, ধুমুহা আৰু বজ্ৰৰ প্রতি কৃতজ্ঞ হৈ থাকিব কাৰণ কবিয়ে উক্ত তিনিটা উৎসৰ পৰাই গীত গােৱাৰ শক্তি লাভ কৰিছিল।

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক কবিতা

ভাষা বিষয়কঃ
১৷ তলত দিয়া শব্দবােৰৰ সমার্থক শব্দ লিখা ?
ধুমুহা, বুকু, কাম্য, সংকীর্ণতা, বিশাল, দানৱ, প্ৰণিপাত, সিক্ত।
উঃ

শব্দসমার্থক শব্দ
ধুমুহাপৱন, বৰদৈচিলা, ঘূর্ণিবতাহ, চক্রবাত, মাৰুত।
বুকুবক্ষ, বক্ষঃস্থল।
কাম্যঅভিলাষ, আশা, আকাঙক্ষা, বাসনা, কামনা।
সংকীর্ণতাঠেক, অবহল, অনুদাৰ।
বিশালসুবিশাল, বিপুল, বিৰাট, প্রকাণ্ড, ইলাহি, ডাঙৰ।
দানৱদৈত্য, অসুৰ, দনুজ, সুৰাৰি, ৰাক্ষস।
প্রণিপাতপ্রণাম, প্রণতি, নমস্কাৰ, চৰণসেৱা, পদসেৱা।
সিক্তআর্দ্র, সজল, জলসিক্ত, বর্যাস্নাত, জলময়, তিতা, ভিজা।

লগতে পঢক: গীত আৰু ছবি কবিতা

২৷ তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ’ হৈছে।
কণ্ঠ, পূর্ণ, প্রচণ্ড, সংকীর্ণতা, প্রণিপাত।
উঃ কণ্ঠঃ ট বর্গৰ কোনাে বর্ণৰ লগত যুক্ত হলে দন্ত্য ন মূর্ধন্য ‘ণ’ হয়।
পূর্ণঃ ৰ’ৰ পাছত থকা দন্ত্য ন মূর্ধন্য ‘ণ’ হয়।
প্রচণ্ড : ট বৰ্গৰ কোনো বর্ণৰ লগত যুক্ত হ’লে দন্ত্য ন মূর্ধন্য ‘ণ’ হয়।
সংকীর্ণতাঃ ‘ৰ ৰ পাছত থকা দন্ত্য ন ‘ণ’ হয়।
প্রণিপাতঃ প্ৰ উপসৰ্গৰ পাছত থকা দন্ত্য ন মূর্ধন্য ণ হয়।

৩। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ষ’ হৈছে লিখাঃ
মূমূষ, দৃষ্টি
উঃ মূমূর্য : ‘অ’ৰ বাহিৰে অন্য স্বৰবৰ্ণ বা ৰ’ ৰ পাছত থকা প্রত্যয়ৰ দন্ত্য স’ মূর্ধন্য ষ’ হয়।
দৃষ্টিঃ ট বর্গৰ বৰ্ণৰ লগত যুক্ত দন্ত্য স মূর্ধন্য ষ’ হয়।

৪। সন্ধি ভাঙা ?
দিগন্ত, সর্বাকাশ, সংকীর্ণ।
উত্তৰঃ

দিগন্ত = দিক + অন্ত।
সর্বাকাশ = সর্ব + আকাশ।
সংকীর্ণ = সম + কীর্ণ।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam