প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক Class 9 Assamese Lesson 4

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
শ্ৰেণী নৱম শ্ৰেণীৰ (IX)
বিষয় অসমীয়া (Assamese)
কিতাপৰ নাম সাহিত্য চয়নিকা
উপলব্ধ প্ৰশ্নৰ উত্তৰ
পাঠ (Lesson) প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
মাধ্যম অসমীয়া
পাঠ্যক্ৰম ছেবা (SEBA )

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক Class 9

– ড° ভূপেন হাজৰিকা

প্রশ্ন ১। অতি চমু উত্তৰ দিয়া ?

(ক) কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
উত্তৰঃ কবিতাটোত কবি গৰাকীয়ে আকাশক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে।

(খ) কবিৰ প্রাপ্য কি তাক সুধি কোনে প্রশ্ন কৰিছিল ?
উত্তৰঃ প্রচণ্ড ধুমুহাই কবিক তেওঁৰ প্রাপ্য কি সুধি প্রশ্ন কৰিছিল।

(গ) কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিলে।

(ঘ) মুমূর্য মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিততা যদি দিব পাৰোঁ ইয়াত ‘বিদ্যুৎ’শব্দই কি বুজাইছে?
উত্তৰঃ ‘বিদ্যুৎ’ শব্দই ইয়াত জীৱনী শক্তি সদৃশ পােহৰক বুজাইছে। কবিয়ে মুমুর্ষ মানৱক জীৱনী শক্তি প্রদান কৰিব বিচাৰিছে।

(ঙ) প্রচণ্ড ধুমুহাই কবিক কি প্রশ্ন কৰিছিল ?
উত্তৰঃ তােমাৰ প্ৰাপ্য কি কোৱা?’বুলি প্রচণ্ড ধুমুহাই কবিক প্রশ্ন কৰিছিল।

২। বজ্রই কবিক কি কি দিলে ?
উত্তৰঃ বজুই কবিক উদাত্ত কণ্ঠ আৰু সাহস দিলে।

৩। কবিয়ে সঁচা উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ যিমানে বিলাই দিবা, সিমানে মহান হ’বা, তাৰে নাম সঁচা উদাৰতা। কবিয়ে ইয়াত সঁচা উদাৰতা কথাষাৰেৰে ‘ত্যাগ’ক বুজাইছে।

৪। কবিয়ে কিহৰদ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই লিখা।

উত্তৰঃ কবি নিজে এজন প্রখ্যাত কণ্ঠশিল্পী হােৱা বাবেই বজ্ৰৰ কণ্ঠেৰে, ধুমুহাৰ শক্তিৰে গীত গাই দিগন্ত কঁপােৱাৰ কথা উল্লেখ কৰিছে। কবিতাটিৰ জৰিয়তে কবিয়ে প্রকৃতি জগতৰ নানা উপাদান যেনে— আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ লাভ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গােৱাৰ প্ৰয়াস কৰিছে। কবিক এই গুণ প্রদান কৰাৰ বাবে কবিয়ে প্রকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্রক আহ্বান জনাইছে। সেয়ে কবি- গীতিকাৰজনক প্ৰকৃতিৰ এক অনন্য উপাদান বজ্রই কি লাগে বুলি সােধা এক প্রশ্নৰ উত্তৰত কবি-গীতিকাৰে বজ্ৰৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছে, যিটো কণ্ঠেৰে কবি-গীতিকাৰ, তথা গায়ক উ° ভূপেন হাজৰিকাই দানৱৰ সমাজতত মানৱৰ গীত গাই দিগন্ত কঁপাব বিচাৰিছে।

See also  যুজ Class 9 Question Answer নৱম শ্ৰেণীৰ অসমীয়া

৫ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজতাে মানৱৰ গীত গাবলৈ সাজু হৈছে।

৬। আকাশ, ধুমুহা আৰু বজ্ৰক কৰিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ আহৰণ কৰি মানৱৰ লগতে দানৱৰ সমাজতাে মানৱৰ জয়গান গাৰ বিচৰা কবি-গীতিকাৰ তথা সুগায়ক ড° ভূপেন হাজৰিকাই ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ গীতি-কবিতাটিৰ জৰিয়তে তেওঁৰ বিশাল হৃদয়ৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। কবিয়ে মুমূর্য মানৱক কিঞ্চিৎ জীৱনৰ বিদ্যুৎ অর্থাৎ জীৱনী। শক্তিস্বৰূপ পােহৰ প্ৰদান কৰিব বিচাৰিছে। কবিয়ে যি জীৱনী শক্তিস্বৰূপ পােহৰ দানৱৰ সমাজত মানৱৰ গীত গাই সিঁচি দিব বিচাৰিছে সেই শক্তি কবি-গীতিকাৰ ড° ভূপেন হাজৰিকাই আকাশে প্রদান কৰা পূর্ণ বিশালতা, ধুমুহাই প্ৰদান কৰা প্রচণ্ড শক্তি আৰু বজ্রই দিয়া উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তিৰ দ্বাৰা লাভ কৰিছে। তাৰ বাবেই আকাশ, ধুমুহা আৰু বজ্রক কবিয়ে প্রণিপাত জনাইছে।

Class 9 Assamese chapter 4

৭। তাৎপর্য ব্যাখ্যা কৰা
(ক) বজ্ৰৰ গর্জনে বক্ষ উজাৰি ক’লে,
তােমাৰ কাম্য কি কোৱা ?
মই ক’লোঁ, বজ্ৰ তােমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া।
উত্তৰঃ ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ – এই গীতি-কবিতাটিৰ জৰিয়তে কবিয়ে প্রকৃতি জগতৰ নানা উপাদান যেনে— আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ লাভ কৰি মহৎ মানৱীয় অনুভূতিৰ জয়গান গােৱাৰ প্ৰয়াস কৰিছে। এই গুণ প্রদান কৰাৰ বাবে কবিয়ে
প্রকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্ৰৰ ওচৰত আহ্বান জনাইছে। কবি গীতিকাৰজনক প্ৰকৃতিৰ বিভিন্ন উৎপ্রেৰণাদায়ক উপাদানৰ মাজৰ এটি উপাদান বই তেওঁৰ কাম্য কি বুলি। সােধাত কবি-গীতিকাৰে বৰ্জৰ পৰা শক্তিশালী উদাত্ত কণ্ঠটি বিচাৰিছে, যিটো কণ্ঠেৰে কবি-গীতিকাৰ তথা গায়ক ড° ভূপেন হাজৰিকাই দানৱৰ সমাজত মানৱৰ গীত গাই দিগন্ত কঁপাব বিচাৰিছে। কবি-গীতিকাৰ তথা যুগায়ক ভ° ভূপেন হাজৰিকতি এই গীতাকিৰ জৰিয়তে তেওঁৰ বিশাল মানৱীয় অনুভুতিক বাত্মা কৰি তােলাত সমৰ্থ হৈছে।

সেয়েহে আকাশ তুমি দিব যদি খুজিছাই
সংকীর্ণতা এৰি দিয়া
অৱদান-ৰূপে তােমাৰ পূর্ণ বিশালতা।
দিয়া যদি আজিয়েই দিয়া।
উত্তৰঃ প্ৰকৃতিৰ বিভিন্ন উৎপ্রেৰণাদায়ক উপাদান যেনে—আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা নানা গুণ আহৰণ কৰি দানৱৰ সমাজতাে মানৱৰ জয়গান গাৰ বিচৰা কবি-গীতিকাৰ তথা গায়ক ড° ভূপেন হাজৰিকাই এই কবিতাকিৰ জৰিয়তে তেওঁৰ বিশাল হৃদয়ৰ
পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে। “অকণি আকাশ’ বিচৰা জনৈক গীতিকাৰৰ বিপৰীতে সর্বাকাশ সত্তা’ অর্থাৎ বিশাল আকাশৰ দৰে বিস্তৃতি বিচৰা কবি-গীতিকাৰ ড° হাজৰিকাই নিজৰ সকলােখিনি বিলাই দি মহান হােৱাৰ মূলমন্ত্ৰেৰে সঁচা উদাৰতাৰ পৰিচয় দিব খুজিছে।
উদ্ধৃত কবিতাকিত কবি-গীতিকাৰ গৰাকীয়ে প্ৰকৃতিৰ তানন্য উপাদান আকাশক সংকীর্ণতাখিনি এৰি পূর্ণ বিশালতাখিনি বিচাৰি আহ্বান জনাইছে। সেয়ে কবি-গীতিকাৰজনে আকাশক কৈছে যে ‘সংকীর্ণতা এৰি অৱদান-ৰূপে তােমাৰ বিশলতা দিয়া যদি আজিয়েই
দিয়া। কবিতাফাকিৰ জৰিয়তে কবি-গীতিকাৰ গৰাকীৰ মহানুভৱতাৰ পৰিচয় ফুটি উঠিছে।

See also  সুখ Class 9 প্ৰশ্ন উত্তৰ অসমীয়া

Also Read: গীত আৰু ছবি কবিতা

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

মহাকাশে দিলে মােক বিশাল দৃষ্টি
আৰু ধুমুহাই প্রচণ্ড শক্তি
বজ্রই দিলে মােক উদাত্ত কণ্ঠ।
আৰু দিলে সাহসৰ যুক্তি।
উত্তৰঃ প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ শীর্ষক গীতিকবিতাটিৰ কবি গৰাকী নিজে এজন সুগায়ক। সেয়ে তেওঁ সমাজৰ বাবে যি গীত গাব বিচাৰিছে সেই গীতত প্রকৃতি জগতৰ নানা উপাদানৰ পৰা নানা গুণ নিহিত থকাটো বিচাৰিছে। তাৰ বাবে প্ৰকৃতিৰ উপাদান আকাশ, ধুমুহা আৰু বজ্ৰৰ যি নিজা নিজা গুণ সেই গুণসমূহ কবিয়ে লাভ কৰি তেওঁৰ কলিজাৰ সঁচা-সুৰসিক্ত গীতেৰে দিগন্ত কঁপাব বিচাৰে। সেয়ে কবিৰ ইচ্ছা অনুসৰি প্রকৃতিৰ উৎপ্ৰেৰণাদায়ক উপাদান আকাশে কবিক দিছে বিশাল দৃষ্টি, ধুমুহাই দিছে প্রচণ্ড শক্তি আৰু বজ্রই দিছে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। কবিয়ে এই সমূহ গুণ লৈ সৃষ্টি কৰা

গীতেৰে মানৱ সমাজৰ লগতে দানৱৰ সমাজতাে মানৱৰ গীত গাই নিজৰ অভিলাষ পূর্ণ কৰাৰ প্ৰয়াস কৰিছে। আনকি কবি গৰাকীয়ে যি গীত গাব বিচাৰিছে সেই গীতে মুমূর্ষ মানৱক কিঞ্চিৎ হ’লেও জীৱনীশক্তি দিয়াৰ আশা কৰিছে। কবিতাফাকিৰ জৰিয়তে কবিয়ে প্রকৃতিৰ উপাদানসমূহৰ পৰা বিচৰা গুণসমূহ লাভ কৰিবলৈ সক্ষম হােৱাৰ কথাকে সগৌৰৱে ঘােষণা কৰিছে।

(ঘ) মুমূর্ষ মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিততা যদি দিব পাৰোঁ
আকাশ, ধুমুহা আৰু বজ্রক
তাৰ বাবে প্ৰণিপাত কৰোঁ।
উত্তৰঃ কবি-গীতিকাৰ তথা সুগায়ক ড° ভূপেন হাজৰিকাৰ ‘প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মােক’ গীতি-কবিতাটিত কবিগৰাকীৰ অন্তৰৰ বিচিত্র ভাবানুভূতিৰ লগতে প্রকৃতি আৰু মানৱ সমাজ-সংস্কৃতিৰ সাংগীতিক মূচ্ছনাৰ ৰূপৰেখা ফুটি উঠিছে। কবি-গীতিকাৰ গৰাকীয়ে
প্রকৃতি জগতৰ নানা উপাদানৰ পৰা নানা গুণ আহৰণ কৰি কলিজাৰ সঁচা সুৰ সিক্ত কৰি দানৱৰ সমাজতাে যি মানৱৰ গীত গাব বিচাৰিছে সেই সমুহ গুণ কবিয়ে আকাশ ধুমুহা আৰু বজ্ৰৰ পৰাই লাভ কৰিছে। কবিয়ে গীত গাবৰ বাবে যি গুণ লাভ কৰিছে সেয়া হৈছে— আকাশৰ পৰা বিশাল দৃষ্টি, ধুমুহাৰ পৰা প্রচণ্ড শক্তি আৰু বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি।এই গুণসমূহ লৈ কবি-গীতিকাৰ তথা সুগায়ক ড” ভূপেন হাজৰিকাই গীত গাই দানৱৰ দ্বাৰা উৎপীড়িত মুমূর্য মানৱক বিদ্যুৎ অর্থাৎ জীৱনীশক্তি সদৃশ পােহৰ দিয়াৰ আশা কৰিছে। সেয়ে আকাশ, ধুমুহা আৰু বজ্ৰৰ ওচৰত কবিয়ে প্রণিপাত জনাইছে।

See also  Class 9 Assamese (মর্মান্তিক) Question Answer

প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক

১৷ তলত দিয়া শব্দবােৰৰ সমার্থক শব্দ লিখাঃ
ধুমুহা, বুকু, কাম্য, সংকীর্ণতা, বিশাল, দানৱ, প্রণিপাত, সিক্ত।
উত্তৰঃ

ধুমুহা –পৱন, বৰদৈচিলা, ঘূর্ণিবতাহ, চক্রবাত, মাৰুত।
বুকু — বক্ষ, বুক, ছাতি, পাটা, বক্ষঃস্থল।
কাম্য – অভিলাষ, আশা, আকাঙক্ষা, বাসনা, কামনা।
সংকীর্ণতা – ঠেক, অবহল, অনুদাৰ।
বিশাল -সুবিশাল, বিপুল, বিৰাট, প্রকাণ্ড, ইলাহি, ডাঙৰ।
দানর – দত, দৈত্য, অসুৰ, দনুজ, সুৰাৰি, ৰাক্ষস।
প্রণিপাত – প্রণাম, প্রণতি, নমস্কাৰ, চৰণসেৱা, পদসেৱা।
সিক্ত — আর্দ্র, সজল, জলসিক্ত, বর্যাস্নাত, জলময়, তিতা, ভিজা।

২। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘ণ হৈছে লিখাঃ
কণ্ঠ, পূর্ণ, প্রচণ্ড, সংকীর্ণতা, প্রণিপাত।
উত্তৰঃ

কণ্ঠ = ট বর্গৰ লগত ন যুক্ত হােৱা বাবে।
পূর্ণ = ৰ’ৰ পাছৰ দন্ত্য ন মূর্ধন্য ণ হয়।
প্রচণ্ড = ট বর্গৰ কোনাে বর্ণৰ লগত নযুক্ত হােৱা বাবে।
সংকীর্ণতা = ‘ৰ’ৰ পাছৰ দন্ত্য ন মূর্ধন্য ণ হয়।
প্রণিপাত = ‘ৰ’ৰ পাছৰ দন্ত্য ‘ন মূর্ধন্য ণ হয়।

৩। তলত দিয়া শব্দকেইটাত কি কাৰণে ‘য’ হৈছে লিখাঃ
মুমূর্য, দৃষ্টি।
উত্তৰঃ

মুমুর্মু = ‘ৰ’ৰ পাছত থকা প্রত্যয়ৰ স য হয়।
দৃষ্টি = ট বর্গৰ বৰ্ণৰ লগত যুক্ত স য হয়।

৪। সন্ধি ভাঙা ?
দিগন্ত, সর্বাকাশ, সংকীর্ণ।
উত্তৰঃ

দিগন্ত = দিক + অন্ত।
সর্বাকাশ = সর্ব + আকাশ।
সংকীর্ণ = সম্ + আকীর্ণ।

Leave a Comment