Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » প্রাণীৰ প্রজনন Class 8 – বিজ্ঞান পাঠ ৯ প্ৰশ্ন উত্তৰ

প্রাণীৰ প্রজনন Class 8 – বিজ্ঞান পাঠ ৯ প্ৰশ্ন উত্তৰ

বিষয়  বিজ্ঞান Class 8
পাঠৰ নামপ্রাণীৰ প্রজনন প্ৰশ্ন উত্তৰ
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংপাঠ ৯
পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

প্রাণীৰ প্রজনন

Class 8 Science Chapter 9


অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা।

Winter Sale

উত্তৰ: জীৱৰ প্ৰজনন হৈছে এটা জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হোৱা প্ৰক্ৰিয়া। ইয়াৰ জৰিয়তে এটা প্ৰজাতিৰ বংশানুক্রমতা ৰক্ষা হয়। প্ৰজনন নহ’লে নতুন জীৱৰ সৃষ্টি নহ’লহেঁতেন আৰু জীৱৰ অস্তিত্ব বিপন্ন হ’লহেঁতেন। প্ৰজননৰ জৰিয়তে জীৱৰ বংশবিস্তাৰ হয় আৰু পৰিৱেশৰ লগত খাপ খুৱাই জীৱৰ ক্ৰমবিকাশ সম্ভৱ হয়।


প্ৰশ্ন ২: মানুহৰ নিষেচন প্ৰক্ৰিয়া বৰ্ণনা কৰা।

উত্তৰ: মানুহৰ ক্ষেত্ৰত যৌন প্ৰজনন হয়। পুৰুষৰ শুক্রাণু আৰু মহিলাৰ ডিম্বাণুৰ মিলনৰ ফলত নিষেচন প্ৰক্ৰিয়া সংঘটিত হয়। শুক্রাণুৱে ডিম্বাণুক নিষেচিত কৰি এটা যােজন কোষ (জাইগট)ৰ সৃষ্টি কৰে। এই যােজন কোষটোৱে বিভাজিত হৈ ভ্ৰণত পৰিণত হয় আৰু শেহত পূর্ণাংগ মানৱ শিশুলৈ বিকশিত হয়।


প্ৰশ্ন ৩: উপযুক্ত উত্তৰটো বাছি উলিওৱা।

(ক) অন্তঃনিষেচন ঘটে—
(i) স্ত্ৰীৰ দেহত
(ii) স্ত্ৰীৰ দেহৰ বাহিৰত
(iii) পুৰুষৰ দেহত
(iv) পুৰুষৰ দেহৰ বাহিৰত

উত্তৰ: (i) স্ত্ৰীৰ দেহত

(খ) লালুকী এটা পূর্ণাংগ ভেকুলীলৈ বিকশিত হোৱা প্ৰক্ৰিয়াটো হ’ল—
(i) নিষেচন
(ii) ৰূপান্তৰ
(iii) টানকৈ লাগি ধৰা
(iv) মুকুলন

উত্তৰ: (ii) ৰূপান্তৰ

(গ) এটা যােজন কোষত কোষ কেন্দ্ৰৰ সংখ্যা—
(i) নাথাকে
(ii) এটা
(iii) দুটা
(iv) চাৰিটা

উত্তৰ: (ii) এটা


প্ৰশ্ন ৪: নিম্নলিখিত উত্তৰবোৰত শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হ’লে (অ) লিখা।

(ক) ডিম্বজ প্রাণীয়ে পোৱালি জগায়।
উত্তৰ: অ

(খ) প্ৰতিটো শুক্রাণু এক কোষীয়।
উত্তৰ: শু

(গ) ভেকুলীৰ বহিঃনিষেচন হয়।
উত্তৰ: শু

(ঘ) এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।
উত্তৰ: অ

(ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয়।
উত্তৰ: শু

(চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে।
উত্তৰ: শু

(ছ) অযৌন প্রজননতো নিষেচন আৱশ্যক।
উত্তৰ: অ

(জ) দ্বৈত বিভাজন এটি অযৌন প্রজননৰ পদ্ধতি।
উত্তৰ: শু

(ঝ) নিষেচনৰ ফলত এটি যােজন কোষৰ গঠন হয়।
উত্তৰ: শু

(ঞ) এটা ভ্ৰণ এটা একক কোষেৰে গঠিত।
উত্তৰ: অ


প্ৰশ্ন ৫: এটা যােজন কোষ আৰু এটা গর্ভক্ৰণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।

যােজন কোষগর্ভক্ৰণ
(i) একক কোষীয়।(i) বহু কোষীয়।
(ii) পুংজননকোষ আৰু স্ত্ৰীজননকোষৰ মিলনত সৃষ্টি হয়।(ii) যােজন কোষৰ বিকাশত সৃষ্টি হয়।
(iii) অংগ-প্ৰত্যংগ চিনি পোৱা নাযায়।(iii) অংগ-প্ৰত্যংগ চিনি পোৱা যায়।

প্ৰশ্ন ৬: অযৌন প্রজননৰ সংজ্ঞা দিয়া। প্রাণীৰ অযৌন প্রজননৰ দুটা পদ্ধতি বর্ণনা কৰা।

উত্তৰ:
অযৌন প্রজনন: যি প্রজনন প্ৰক্ৰিয়া যৌনাংগৰ মিলন নোহোৱাকৈ সংঘটিত হয়, তাক অযৌন প্রজনন বোলে।

পদ্ধতি:

  1. মুকুলন: হাইড্ৰা, ইষ্ট আদি প্রাণীয়ে মুকুলন পদ্ধতিৰে বংশবিস্তাৰ কৰে। দেহৰ পৰা এটা উখহা অংশ ওলাই আহে আৰু ই এটা নতুন জীৱলৈ বিকশিত হয়।
  2. দ্বৈত বিখণ্ডন: এমিবাৰ দৰে এককোষী প্রাণীয়ে এই পদ্ধতিৰে বংশবিস্তাৰ কৰে। কোষকেন্দ্ৰটো দুটা ভাগত বিভক্ত হয় আৰু পিছত দেহটোও দুটা ভাগত বিভক্ত হৈ দুটা নতুন জীৱৰ সৃষ্টি কৰে।

প্ৰশ্ন ৭: স্ত্ৰীপ্রজনন অংগৰ কোনটো অংশত ভ্ৰণটো লাগি ধৰে?

উত্তৰ: স্ত্ৰীপ্রজনন অংগৰ জৰায়ুত ভ্ৰণটো লাগি ধৰে।


প্ৰশ্ন ৮: ৰূপান্তৰ কি? উদাহৰণ দিয়া।

উত্তৰ: ৰূপান্তৰ হৈছে এটা প্ৰক্ৰিয়া য’ত পলু বা লালুকী অৱস্থাৰ পৰা প্ৰাপ্তবয়স্ক প্রাণীলৈ বহুতাে পৰিৱৰ্তনৰ মাজেৰে বিকাশ ঘটে।
উদাহৰণ:

  • পখিলাৰ ক্ষেত্ৰত: কণী → পলু → লেটা → পখিলা
  • ভেকুলীৰ ক্ষেত্ৰত: কণী → লালুকী → ভেকুলী

প্ৰশ্ন ৯: অন্তঃনিষেচন আৰু বহিঃনিষেচনৰ মাজত পার্থক্য উলিওৱা।

অন্তঃনিষেচনবহিঃনিষেচন
(i) স্ত্ৰীৰ দেহৰ ভিতৰত ঘটে।(i) স্ত্ৰীৰ দেহৰ বাহিৰত ঘটে।
(ii) উচ্চ খাপৰ প্রাণী (যেনে: মানুহ, গৰু)ৰ ক্ষেত্ৰত হয়।(ii) সাধাৰণতে মাছ, ভেকুলী আদিৰ ক্ষেত্ৰত হয়।
(iii) নিষিক্ত কণী বা পোৱালি জগায়।(iii) কণী পাৰে আৰু বাহিৰত নিষেচন ঘটে।

প্ৰশ্ন ১০: প্রাণীৰ প্রজনন কেইপ্ৰকাৰৰ আৰু কি কি?

উত্তৰ: প্রাণীৰ প্রজনন দুই প্ৰকাৰৰ—

  1. যৌন প্রজনন: যৌনাংগৰ মিলনৰ জৰিয়তে সংঘটিত হয়।
  2. অযৌন প্রজনন: যৌনাংগৰ মিলন নোহোৱাকৈ সংঘটিত হয়।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam