কৈশােৰ প্রাপ্তি Class 8 Science Chapter 10 Question Answer In Assamese

কৈশােৰ প্রাপ্তি
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম কৈশােৰ প্রাপ্তি প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ 10
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

কৈশােৰ প্রাপ্তি Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1ঃ অন্তঃস্রাৱী গ্রন্থিয়ে দেহৰ পৰিৱৰ্তনৰ বাবে নিঃসৰণ কৰা পদার্থসমূহক কি নামেৰে নামকৰণ কৰা হৈছে?
উত্তৰঃ হৰম’ন।

প্রশ্ন 2ঃ কৈশােৰ কালৰ সংজ্ঞা দিয়া।
উত্তৰ: জীৱনৰ যিটো কালত শাৰিৰীক পৰিৱৰ্তন ঘটি পৈণত প্রজনন প্রাপ্তি হয় সেই কালচোৱাকে কৈশােৰ কাল বােলে। কৈশােৰ কাল সাধাৰণতে 11 বছৰৰ পৰা আৰম্ভ হৈ 18 বা 19 বছৰ বয়স পর্যন্ত চলি থাকে। এই অৱস্থাটোক নাবালক বুলিও কোৱা হয়।

প্রশ্ন 3ঃ মাহেকীয়া ঋতু চক্র কি? ব্যাখ্যা কৰা।
উত্তৰঃমহিলাৰ প্রজনন ক্ষমতা প্রায় 10-12 বছৰৰ পৰাই আৰম্ভ হয়। অর্থাৎ প্রজনন প্রাপ্তি (ঋতুমতি) হােৱাৰ পৰাই আৰম্ভ হয়। এই ক্ষমতা প্রায় 45-50 বছৰলৈ চলি থাকে। প্রজনন ক্ষমতা প্রাপ্তিৰ পৰাই ডিম্বাণু গঠন হৈ পুৰঠ হ’বলৈ ধৰে। প্ৰায় 28 ৰ পৰা 30 দিনৰ ভিতৰত একোটা পুৰঠ ডিম্বাণু নিঃসৰণ হয়। এই সময়ত যদিহে ডিম্বাণু নিষেচিত হয়, ই জৰায়ুৰ বেৰত লাগি ধৰে আৰু জৰায়ুৰ বেৰ ডাঠ হৈ তাত বিকশিত হ’বলৈ ধৰে। এই অৱস্থাক গৰ্ভৱতী অৱস্থা বােলে। যদি ডিম্বাণু নিযেচিত নহয় ডিম্বাশয়ৰ পৰা ওলােৱা ডিম্বাণু, জৰায়ুৰ ডাঠ আৱৰণ আৰু ৰক্তনলীকাৰ সৈতে শৰীৰৰ বাহিৰলৈ ওলাই আহে। ইয়াৰ ফলত ৰক্তক্ষৰণ হয়। ইয়াকেই মাহেকীয়া ঋতুচক্র বােলে। প্রথম ঋতুস্মান প্রজনন ক্ষমতা প্রাপ্তিৰ সময়ত হয় ইয়াকে পুষ্পিতা হােৱা বােলে।

প্রশ্ন 4: প্রজনন ক্ষমতা প্রাপ্তিৰ সময়ত হােৱা দেহৰ পৰিৱৰ্তনসমূহৰ তালিকা কৰা।
উত্তৰঃ প্রজনন ক্ষমতা প্রাপ্তিৰ সময়ত হােৱা দেহৰ পৰিৱর্তনসমূহ তলত দিয়া হ’ল—
(i) শৰীৰৰ উচ্চতা বৃদ্ধি;
(ii) শাৰিৰীক আকৃতিৰ পৰিৱৰ্তন;
(iii) মাতৰ পৰিৱৰ্তন;
(iv) ঘর্ম আৰু তৈল গ্রন্থিৰ বৰ্দ্ধিত ক্রিয়া, শালমইনা ওলায়;
(v) যৌনাংগৰ বিকাশ;
(vi) মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিপক্কতা প্রাপ্তি;
(vii) গৌণ চৰিত্ৰ যেনেঃ ল’ৰাৰ দাড়ি গােফ গজা, ছােৱালীৰ স্তনৰ বিকাশ, ডিম্বাণু আৰু শুক্রাণু নামৰ জননকোষ গঠন।

লগতে পঢ়ক:   অণুজীৱ: মিত্র আৰু শত্রু Class 8 বিজ্ঞান পাঠ ২ (প্ৰশ্ন উত্তৰ)

Class 8 Science Chapter 10 question answer in assamese

প্রশ্ন 5: দুটা স্তম্ভযুক্ত তালিকা এখন প্রস্তুত কৰি অন্তঃস্রাৱী গ্রন্থিসমূহৰ নাম এটা স্তম্ভত আৰু নির্দিষ্ট অন্তঃস্রাৱী গ্রন্থিয়ে নিঃসৰণ কৰা হৰম’নবিধ আনটো স্তম্ভত লিখি উলিওৱা।

উত্তৰঃ 

অন্তঃস্রাৰী গ্রন্থিৰ নাম নিঃসৰণ কৰা হৰম’ন
(i) পিটুইটাৰী (i) টেষ্ট’ষ্টেৰণ (পুৰুষ) আৰু ইষ্টজেন (মহিলা) বৃদ্ধি হৰম’ন
(ii) থাইৰয়ড় (ii) থাইৰ’জিন
(iii) এড্ৰিনেল  (iii) এড্রেনেলিন
(iv) অগ্ন্যাশয়  (iv) ইনচুলিন

প্রশ্ন 6 যৌন হৰম’ন কি? সেইবােৰক কিয় এনে নাম দিয়া হ’ল? সেই হৰম’নৰােৰৰ কাৰ্ষৰ বৰ্ণনা দিয়া।
উত্তৰঃ অণ্ডাশয় আৰু ডিম্বাশয়ৰ পৰা নিঃসৰিত হৰম’নক যৌন হৰম’ন বােলে। ডিম্বাশয়ে, স্ত্রী হৰম’ন বা ইষ্ট্র’জেন আৰু অণ্ডাশয়ে পুংহৰম’ন বা টেষ্ট্র’ষ্টেৰণ নিঃসৰণ কৰে। টেষ্টেৰণ বা পুং হৰম’নৰ কাৰ্য হ’ল—ই ল’ৰাৰ ক্ষেত্ৰত প্রজনন ক্ষমতাত সহায় কৰে। মুখমণ্ডলত দাড়ি, গােফ গজায়। কাষলতি, বুকু আৰু গুপ্তস্থানটো চুলি গজায়। ইষ্ট্রিজেন বা স্ত্রী হৰম’নে ছােৱালীৰ স্তনৰ বিকাশ ঘটায়। স্তনত দুগ্ধ নিঃসৰণ গ্রন্থি উৎপন্ন কৰে

প্রশ্ন 7ঃ উপযুক্ত উক্তিটো বাছি উলিওৱা।
(ক) কিশােৰ-কিশােৰীসকল আহাৰ সম্পর্কে সচেতন হােৱা উচিত, কিয়নাে
(i) উপযুক্ত খাদ্যই মগজুৰ বিকাশত সহায় কৰে।
(ii) শৰীৰত হৈ থকা দ্রুত বৃদ্ধিৰ বাবে উপযুক্ত আহাৰৰ প্রয়ােজন।
(iii) কিশােৰ-কিশােৰীসকলৰ সদায় তােক বেছি।
(iv) কিশােৰ-কিশােৰীসকলৰ স্বাদমুকুল অধিক সক্রিয়।

(খ) মহিলাৰ প্ৰজনন বয়স আৰম্ভ হয় তেতিয়া
(i) যেতিয়া মাহেকীয়া ঋতু চক্ৰ আৰম্ভ হয়।
(ii) যেতিয়া স্তনৰ বিকাশ হয়।
(iii) যেতিয়া দেহৰ ওজন বাড়ে।
(iv) যেতিয়া ওখ হয়।

(গ) কিশােৰ-কিশােৰীৰ যথােপযুক্ত আহাৰ সামগ্ৰী হ’ল-
(i) চিপছ, চাওমিন, ক’
(ii) ৰুটি, দাইল, শাক পাচলি
(iii) ভাত, চাওমিন, বার্গাৰ।
(iv) শাক-পাচলি যুক্ত কাটলেট, চিপছ আৰু নেমুৰ ৰস।
উত্তৰঃ (ক) (i) (খ) (i) (গ) (ii)

প্রশ্ন ৪ঃ চমুটোকা লিখা—
(ক) ডিঙিৰ ঘটিকা
(খ) গৌণ যৌন চৰিত্র
(গ) জন্ম নােহােৱা কেঁচুৱাৰ জন্মপূর্বক লিংগ নির্ণয়
উত্তৰ:

 (ক) ডিঙিৰ ঘটিকা: প্রজনন ক্ষমতা প্রাপ্তিৰ সময়ত স্বৰযন্ত্রৰ বৃদ্ধি হ’বলৈ ধৰে। ল’ৰাৰ ক্ষেত্ৰত স্বৰ্যন্ত্ৰবােৰ ডাঙৰ হয়। ল’ৰাৰ বৰ্দ্ধিত স্বযন্ত্ৰৰ গ্রীবা অঞ্চলত বাহিৰলৈ বাঢ়ি অহা অংশটোক ডিঙিৰ ঘটিকা বােলে।

লগতে পঢ়ক:   কয়লা আৰু পেট্রলিয়াম Class 8 Science বিজ্ঞান পাঠ ৫ প্ৰশ্ন উত্তৰ

(খ) গৌণ যৌন চৰিত্ৰ:  অণ্ডাশয় আৰু ডিম্বাশয় হ’ল প্রজনন অংগ। এই অংগসমূহে যথাক্রমে শুক্রাণু আৰু ডিম্বাণু নামৰ জননকোষ উৎপন্ন করে। প্রজনন ক্ষমতা প্রাপ্তিৰ সময়ত ছােৱালীৰ স্তনৰ বিকাশ হয় আৰু ল’ৰাৰ মুখমণ্ডলত দাড়ি আৰু গোঁফ গজে। এই লক্ষণসমূহৰ দ্বাৰা ল’ৰা আৰু ছােৱালীৰ মাজত পার্থক্য নির্ধাৰণ কৰিব পাৰি বাবে এই চৰিত্ৰসমূহক গৌণ যৌন চৰিত্ৰ বুলি কোৱা হয়। ল’ৰাৰ বুকু অংশত নােম গজে ল’ৰা আৰু ছােৱালীৰ উভয়ৰে বাহুৰ তলত আৰু গুপ্তাংগত নােম গজে।

(গ) জন্ম নােহােৱা কেঁচুৱাৰ জন্মপূর্বক লিংগ নির্ণয়ঃমানুহৰ দেহৰ প্ৰতিকোষৰ কোষকেন্দ্ৰত থকা ক্রম’জ মৈৰ সংখ্যা 23 যােৰ। এই ক্রম’জমক যৌন ক্রম’জম বা X আৰু Y বুলি নামাকৰণ কৰা হয়। মহিলাৰ ক্ষেত্ৰত দুডাল Xক্রম’জম আৰু পুৰুষৰ ক্ষেত্ৰত এডাল X আৰু এডাল Y ডিম্বাণু ক্রম’জম থাকে। জনন কোষ (ডিম্বাণু বা শুক্রাণু) বােৰত এযােৰ ক্ৰম’জম থাকে। নিষিক্ত নােহােৱা ডিম্বাণুত মাত্ৰ এডাল X ক্রম’জম থাকে, কিন্তু শুক্রাণুবােৰত দুই প্ৰকাৰৰ ক্ৰম’জম থাকে।Xক্রম’জ’মযুক্ত এটা শুক্রাণুৱে ডিম্বাণু নিষিক্ত কৰিলে তাৰ পৰা সৃষ্টি হােৱা যােজন কোষটোত যদি দুয়ােডাল X ক্রম’জ’ম হয়-(চিত্র), তেতিয়া যােজন কোষটো কন্যা সন্তানলৈ বিকশিত হ’ব। যদি শুক্রাণুৱে ডিম্বাণুক নিষেচিত কৰোঁতে তাত X আৰু Y দুয়ােডাল ক্রম’জম থাকে, তেন্তে যােজন কোযটো পুত্র সন্তানলৈ বিকশিত হব। গতিকে দেখা যায় যে পিতৃৰ যৌন ক্রম’জমে জন্ম হ’ব লগা শিশুৰ লিংগ নির্ণয় কৰে। মাতৃৰ এই ক্ষেত্ৰত কোনাে ভূমিকা নাই।

কৈশােৰ প্রাপ্তি Class 8

প্রশ্ন l মানুহৰ জীৱনৰ ৰাসৰ বিভিন্ন পর্যায়কালৰােৰ কি কি?
উত্তৰ: মানুহৰ জীৱনৰ বয়সৰ বিভিন্ন পর্যায়বােৰ হ’ল—শিশুকাল, কৈশােৰ কাল, যুবকাল, বানপ্রস্থ কাল, বৃদ্ধ কাল আৰু সন্যাস কাল।

প্রশ্ন 2: শিশু আৰু প্রাপ্তবয়স্ক অৱস্থাৰ মাজৰ অৱস্থাৰ নাম কি?
উত্তৰঃ শিশু আৰু প্রাপ্তবয়স্কৰ মাজৰ অৱস্থা হ’ল কৈশােৰ অৱস্থা।

প্রশ্ন: কৈশােৰ কালৰ ৰাসৰ সীমা কি ?
উত্তৰঃ 1 বছৰৰ পৰা 18 – 19 বছৰ।

প্রশ্ন 4: নাবালক অবস্থা কোন সময় চোৱাত ধৰা হয় ?
উত্তৰঃ 13ৰ পৰা 19 বছৰলৈ।

লগতে পঢ়ক:   দহন আৰু শিখা Class 8 বিজ্ঞান পাঠ ৬ প্ৰশ্ন উত্তৰ

প্রশ্ন 5ঃ ছােৱালী আৰু ল’ৰাৰ মাজত কাৰ কৈশােৰ কাল আগতে আৰম্ভ হয় ?
উত্তৰঃ ছােৱালীৰ (1 বা 2 বছৰৰ আগতে)।

প্রশ্ন 6:  প্রজনন ক্ষমতা লাভৰ আগৰ সময়চোৱাক কি বােলে ?
উত্তৰঃ কৈশােৰ অৱস্থা। প্রজনন ক্ষম হােৱাৰ লগে লগে কৈশােৰ অৱস্থাৰ সমাপ্তি ঘটে।

প্রশ্ন 7ঃ প্রজনন প্রাপ্তৰ আটাইতকৈ চকুত লগা শৰীৰৰ পৰিৱৰ্তন কি?
উত্তৰঃ শৰীৰৰ উচ্চতা বৃদ্ধি।

প্রশ্ন ৪ঃ প্রজনন প্রাপ্তিৰ সময়ত শৰীৰৰ আকৃতিৰ কেনেধৰণৰ পৰিৱর্তন ঘটে লিখা।
উত্তৰ:  প্রজনন প্রাপ্তিৰ সময়ত শৰীৰৰ উচ্চতা বৃদ্ধিৰ উপৰিও আকৃতিৰ পৰিৱর্তন ঘটে। ল’ৰাৰ কান্ধ আৰু বুকু বহল হয়। ছােৱালীৰ ক্ষেত্ৰত ককালৰ তলৰ অংশ বহল হ’বলৈ ধৰে। ছােৱালীৰ বুকু বহল হয় আৰু স্তনৰ আকাৰ ডাঙৰ হ’বলৈ ধৰে। ল’ৰাৰ মাতৰ পৰিৱর্তন ঘটে। মাত সােমাই আৰু কর্কশ হয়। স্বৰ্যন্ত্ৰ গ্ৰীৱা অঞ্চলত ডিঙিৰ ঘটিকা গঢ় লৈ উঠে।

প্রশ্ন 9ঃ কৈশােৰ কালত মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিপক্কতাপ্রাপ্তি কি দৰে ঘটে লিখা।
উত্তৰঃ কৈশােৰ কালত মানসিক, বৌদ্ধিক আৰু আবেগিক পৰিবর্তন চৰম পৰ্যায়ত সাধন হয়। যৌনাংগসমূহৰ পৰিবর্তন ঘটে। এইবােৰৰ বৃদ্ধি আৰু বিকাশ সাধন ঘটে বাবে কিশােৰ-কিশােৰীৰ দেহৰ আকৃতি সলনি হয়। এই অৱস্থাত কিছু কিছু ক্ষেত্ৰত নিজকে সমাজৰ আন মানুহৰ আগত খাপ খুৱাই ল’বৰ বাবে চেষ্টা কৰি কিছু অসুৰক্ষিত বা লাজ লাজ অনুভৱ কৰে।

এইকালতে ব্যক্তিৰ চিন্তা ভাবনাৰ পৰিবর্তন ঘটে। কিশােৰ-কিশােৰীসকলে স্বতন্ত্র বা স্বাধীনভাবে চিন্তা কৰাৰ মানসিকতাই গঢ় লয়। আত্ম সচেতনতাই মনত গঢ় লয়। বৌদ্ধিক বিকাশ দ্রুত গতিত হয়। মস্তিষ্কৰ শিকন ক্ষমতা আটাইতকৈ বেছি হয়। অনবৰতে চিন্তা- ভাৱনাত ব্যক্ত হৈ থাকিব বিচাৰে। ব্যক্তি বেছি কল্পনা প্রবণ হৈ পৰে আৰু আশা-আকাংখাই মনত বাহ লয়।

প্রশ্ন 10: পিটুইটাৰী গ্রন্থিৰ কাম কি কি?
উত্তৰঃ পিটুইটাৰী গ্রন্থিৰ কাম অধিক। এই গুছিয়েই কৈশােৰ কালত হােৱা যৌনাংগ বিকাশৰ বাবে প্রয়ােজনীয় গ্রন্থিসমূহৰ বিকাশ নিয়ন্ত্রণ কৰে। অণ্ডকোষ আৰু ডিম্বকোষৰ বিকাশ ঘটাই তাৰ পৰা টেষ্ট’ষ্টেৰণ বা পুং হৰম’ন আৰু ইজেন বা স্ত্রী-হৰম’ন নিঃসৰণ ঘটায়। অণ্ডকোষত শুক্রাণু আৰু ডিম্বকোষত ডিম্বাণু গঠনত পিটুইটাৰী হৰম’নে সহায় অর্থাৎ পিটুইটাৰী গ্রহিয়ে যৌৱন প্ৰাপ্তিৰ আৰম্ভনিতে দৈহিক পৰিবর্তনসমূহক উদ্দীপনা কৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top