উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 বিজ্ঞান পাঠ 7

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ 7
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1ঃ খালী ঠাই পূৰ কৰা।
(ক) প্রাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আবাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে ___বুলি কোৱা হয়।
(খ) এটা নির্দিষ্ট অঞ্চলত পােৱা প্ৰজাতিক ___বুলি জনা যায়।
(গ) ___ৰ পৰিৱর্তনৰ বাবে প্ৰব্ৰজনকাৰী চৰাইবােৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।
উত্তৰঃ (ক) চিৰিয়াখানা (খ) থলুৱা প্রজাতি (গ) জলবায়ু

প্রশ্ন 2ঃ এটাৰ পৰা আনটোক পৃথক কৰা।
(ক) বন্যপ্রাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল।
(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য। (গ) বিপন্ন আৰু বিলুপ্ত প্রজাতি।
(ঘ) উদ্ভিদকুল আৰু প্রাণীকুল।

উত্তৰঃ (ক) বন্যপ্রাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চলৰ মাজৰ প্ৰভেদ হল-

অভয়াৰণ্য: প্রাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনাে ধৰণৰ ক্ষতি সাধন নকৰাকৈ সুৰক্ষা প্রদান কৰা অঞ্চল। ইয়াত প্রাণী বধ কৰা নিষিদ্ধ।
জীৱমণ্ডল সংৰক্ষিত অঞ্চলঃ বন্য প্রাণী, উদ্ভিদ আৰু প্রাণীজাত সম্পদ সমূহৰ লগতে সেইবােৰ অঞ্চলত বাস কৰা জনজাতি সকলৰ পৰম্পৰাগত জীৱন শৈলীসংৰক্ষণ কৰিবলৈ সুৰক্ষা প্রদান কৰা ভূ-অঞ্চল।

(খ) চিৰিয়াখানা: যি অঞ্চলত প্রাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আবাসস্থলীত সংৰক্ষণ কৰি ৰখা হয় তাক চিৰিয়াখানা বােলে।
অভয়াৰণ্যঃ অভয়াৰণ্য হ’ল এক বৃহৎ বনাঞ্চল য’ত বন্য প্রাণীসমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ ব্যৱস্থা কৰা হয়। অভয়াৰণ্যতাে প্রাণী বধ কৰা বা চিকাৰ কৰা নিষিদ্ধ।

(গ) বিপন্ন প্রজাতি : যিবােৰ প্ৰাণীৰ সংখ্যা এটা নির্দিষ্ট পর্যায়লৈ হ্রাস হৈ, বিলুপ্তিৰ পথলৈ গৈ আছে তাক বিপন্ন প্রাণী বােলে।
বিলুপ্ত প্রাণী: এইবােৰ প্রাণী পৃথিৱীৰ পৰা বহু বছৰ আগতেই নােহােৱা হৈ গৈছে।

(ঘ) উদ্ভিদকুলঃ কোনাে এক বিশেষ অঞ্চলত পােৱা উদ্ভিদ উদ্ভিদকুল বােলে।
প্রাণীকুলঃ কোনাে বিশেষ অঞ্চল থকা প্রাণীসমূহক প্রাণীকুল বােলে।

Class 8 Science Chapter 7 question answer in assamese

প্রশ্ন 3ঃ বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াৰবাৰত কেনেদৰে পৰে আলােচনা কৰা।
(ক) বন্য প্রাণী
(খ) পৰিৱেশ
(গ) গাঁও (গ্ৰাম্য অঞ্চল)
(ঘ) নগৰ (নগৰীয়া অঞ্চল) (

লগতে পঢ়ক:   পদার্থ ধাতু আৰু অধাতু Class 8 বিজ্ঞান – পাঠ ৪ প্ৰশ্ন উত্তৰ

ঙ) পৃথিৱী (চ) উত্তৰ প্রজন্ম
উত্তৰঃ (ক) বন্য প্রাণী : বনাঞ্চল ধ্বংসৰ প্ৰভাবত তাৰ পৰিৱেশ বিনষ্ট হয়। তাত থকা প্রাণীৰ বাসস্থান আৰু জলবায়ুৰ পৰিৱর্তন ঘটে। ফলত প্রাণীবােৰ বিপন্ন হ’বলৈ ধৰে আৰু অৱশেষত বিলুপ্তি ঘটে।

(খ) পৰিৱেশ: বনাঞ্চল ধ্বংস হ’লে পৃথিৱীৰ বায়ুমণ্ডলৰ উষ্ণতা বাঢ়িব। সেউজগৃহ প্রভাবে দেখা দিব! পৰিৱেশ প্ৰদূষিত হ’ব। বৰষুণ কমি যাব। বায়ুমণ্ডলত অক্সিজেনৰ পৰিমাণ কমি যাব। ফলত প্রাণীকুলৰ উশাহ নিশাহৰ সমস্যাই দেখা দিব। মাটিৰ উৰ্বৰতাও কমি যাব।

(গ) গাঁও (গ্রাম্য অঞ্চল): বনাঞ্চল ধ্বংস হলে গাঁও অঞ্চলত বৰষুণৰ পৰিমাণ কমিব। মাটিৰ উৰ্বৰতাও কমি যাব। প্রাকৃতিক দুর্যোগ, বানপানী আদিয়ে গড়া খহনীয়াৰ সৃষ্টি বাঢ়িব।
(ঘ) নগৰ (নগৰীয়া অঞ্চল): নগৰ অঞ্চলত গাড়ী মটৰ বেছিকৈ চলে বাবে বনাঞ্চল ধ্বংস হলে তাত কার্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি পাব। নগৰত প্ৰদূষণৰ মাত্রা বাঢ়ি যাব। গৰমৰ মাত্রাও বাঢ়িব।

(ঙ) পৃথিৱী: বনাঞ্চল ধ্বংসৰ ফলত পৃথিৱীৰ গােলকীয় উষ্ণতা বাঢ়ি যাব। সেউজগৃহ প্রভাব ঘটাৰ ফলত পাহাৰ পৰ্বতৰ ওপৰত থকা বৰফৰ বােৰৰ গলন আৰম্ভ হৈ যাব। ফলত নামনি অঞ্চলত মহা প্রলয়ৰ সৃষ্টি হ’ব পাৰে। মাটিৰ উৰ্বৰতা কমি যাব। ভূ-পৃষ্ঠও শিলাময় হ’ব। সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বাঢ়িব।

(চ) উত্তৰ প্রজন্ম : যদি বনাঞ্চল ধ্বংস হৈ যায়, তেতিয়া গােলকীয় উষ্ণতা বৃদ্ধিয়ে পৰ্বতৰ ওপৰৰ বৰফবােৰ গলাই পেলাব। মহাপ্রলয় সদৃশ বানপানী হ’ব। সাগৰ পৃষ্ঠৰ উচ্চতা বাঢ়ি সমুদ্র উপকূল অঞ্চলত থকা দেশবােৰ পানীৰ তলত নিচ্ছিন্ন হৈ পৰিব। উত্তৰ প্ৰজন্মই এইবােৰ দেশৰ অস্তিত্বই নাপাব। গছ বিৰিখ ধ্বংসৰ ফলত বনজ সম্পদ কাঠ, কয়লা, পশু-পক্ষী আদিৰ বিলুপ্তি ঘটা দেখা পাব। পৃথিৱীত উত্তৰ প্ৰজন্মৰ অস্তিত্বই বিপন্ন হব।

অষ্টম শ্ৰেণী বিজ্ঞান পাঠ 7

প্রশ্ন 4ঃ কি হ’ব পাৰে যদি-
(ক) আমি গছ কাটি গৈ থাকো,
(খ) প্রাণীৰ আৱাসস্থলী বিঘ্নিত হয়,
(গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে।
উত্তৰঃ (ক) আমি গছ কাটি গৈ থাকিলে বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি যাব আৰু অক্সিজেনৰ পৰিমাণ কমি যাব। গতিকে প্রাণীকুলৰ লগতে মানুহৰ জীৱন বিপন্ন হ’ব। বৰষুণৰ পৰিমাণ কমিব।

লগতে পঢ়ক:   পোহৰ Class 8 – প্রশ্নোত্তৰ অষ্টম শ্ৰেণী বিজ্ঞান

(খ) প্রাণীৰ বাসস্থানৰ অভাব ঘটিব। বহু প্রাণী (বন্যপ্রাণী)ৰ জীৱন বিপন্ন হ’ব। প্রাণী বিলুপ্তি পাবলৈ আগবাঢ়ি যাব।
(গ) মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকিলে মাটিৰ খহনীয়াৰ সৃষ্টি হ’ব। ক্ষয় যােৱাৰ ফলত মাটিৰ উৰ্বৰতা হ্রাস পাব। খেতি-বাতি ভাল নহ’ব। শস্যৰ অভাবত খাদ্যৰ নাটনি হৈ দুর্ভিক্ষই দেখা দিব।

প্রশ্ন 5ঃ চমুকৈ উত্তৰ দিয়া-
(ক) জীৱ বিচিত্ৰতাক আমি কিয় সংৰক্ষণ কৰিব লাগে ?

উত্তৰ: জীৱ বিচিত্ৰতাক আমি সংৰক্ষণ নকৰিলে জীৱকূলৰ মাজত থকা সম্পর্ক বিঘ্নিত হ’ব। খাদ্যশৃংখল আৰু খাদ্য পিৰামিডৰ বিশৃংখল ঘটিব।।ফলত তাৰ পৰিস্থিতিতন্ত্রত বিজুতি ঘটিব। ফলস্বৰূপে বহু জীৱৰ বিপন্ন আৰু বিলুপ্তি ঘটিব।

(খ) সৰক্ষিত বনাঞ্চল বন্যপ্রাণীৰ বাবে সম্পূর্ণভাবে সুৰক্ষিত নহয়, কিয়?

উত্তৰ: সংৰক্ষিত বনাঞ্চল বন্যপ্রাণীৰ বাবে সম্পূর্ণরূপে সুৰক্ষিত নহয়। কাৰণ তাত চোৰাং চিকাৰীয়ে আৰু তাৰ ওচৰে পাজৰে থকা বাসিন্দাবােৰে বন্যপ্রাণী হত্যাৰ সুবিধা ল’ব পাৰে।

(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কেনেকৈ?

উত্তৰ: জনজাতিবােৰৰ বহুখিনি বনাঞ্চলতে থাকে। পুর্বপুৰুষৰ পৰা বনাঞ্চলত থাকি বনাঞ্চলৰ পৰা তেওঁলােকে তেওঁলােকৰ জীৱিকাৰ বাবে প্রয়ােজনীয় দ্রব্যবােৰ সংগ্ৰহ কৰে। খাদ্য, খেৰ-খৰি, ঘৰ দুৱাৰৰ বাবে কাঠ আদি বনাঞ্চলৰ পৰা বিনা খৰছে আনি জীৱন ধাৰণ কৰে।

(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি?

উত্তৰ: বনাঞ্চল ধ্বংসৰ কাৰণ হ’ল—
(i) মানুহৰ জনসংখ্যাৰ বিস্ফোৰণ।
(ii) নিত্য ব্যৱহার্য সামগ্ৰীৰ প্ৰয়ােজন পূৰণ।
(iii) খেতি পথাৰৰ প্রয়ােজন- বেছি শস্যৰ উৎপাদন।
ইয়াৰ পৰিণতিত বানপানী, খৰাং, উষ্ণতা বৃদ্ধি, অক্সিজেনৰ অভাৱ আদিৰ দ্বাৰা প্ৰদূষণ ঘটিব।
(ঙ) ৰেড ডেটা বুক কি?

উত্তৰ: ৰেড ডাটা বুক হ’ল এখন কিতাপ য’ত সকলাে বিপন্ন আৰু বিলুপ্তি ঘটা প্রাণী আৰু উদ্ভিদৰ নাম লিপিবদ্ধ কৰা হয়।

(চ) প্ৰব্ৰজন বুলিলে কি বুজা?
উত্তৰ: প্ৰব্ৰজন মানে এঠাইৰ প্রাণী আন এঠাইলৈ বছৰৰ কোনাে সময়ত বিশেষ উদ্দেশ্য সাধনৰ বাবে গমণ কৰা।

প্রশ্ন 6 কাৰখানাৰ নিতৌ বর্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছকটা হৈছে। ইয়াৰ বাৰে গছকটাটো উচিতনে? আলােচনা কৰা আৰু এটি চমুটোকা প্রস্তুত কৰা
উত্তৰঃ এইটো মুঠেই ন্যায়সংগত নহয়। গছ কটাটো কোনােপধ্যে উচিত হ’ব নােৱাৰে। কাৰখানাৰ নিতৌ বর্ধিত চাহিদা পূৰাবলৈ গছ কটাৰ ফলত তাৰ জীৱ বিচিত্রতা পৰিস্থিতি তন্ত্রত বিজুতি ঘটাৰ উপৰিও অঞ্চলটোত প্ৰদূষণৰ মাত্রা বাঢ়িব। প্ৰদূষণৰ ফলত বৰষুণৰ মাত্রা কমি যাব। উষ্ণতাৰ মাত্রা বাঢ়িব।

লগতে পঢ়ক:   বল আৰু চাপ Class 8 Science Chapter 11 Question answer in Assamese

প্রশ্ন 7ঃ নিজৰ অঞ্চলৰ সেউজ সম্পদক প্রতিপালন কৰাৰ বাৰে তােমালোকে কেনেধৰণৰ বৰঙণি আগবঢ়াবা? তােমালােকে গ্রহণ কৰা কাৰ্যৰ এখন তালিকা প্রস্তুত কৰা
উত্তৰ-ঃ নিজৰ অঞ্চলৰ সেউজ সম্পদক প্রতিপালনৰ বাবে তলত দিয়াবৰঙণিসমূহ আগবঢ়াম।
(i) তাত থকা গছ-গছনি কটাতে নিষিদ্ধ কৰা।
(ii) নতুনকৈ গছ ৰােৱা।
(ii) গছবােৰক উপযুক্ত পানী আৰু পােষকদ্রব্য যােগান ধৰা।
(iv) কি ধৰণৰ গছ বেছি ভাল হয় তাক নিৰীক্ষণ কৰি সেইমতে বৃক্ষৰােপণ কৰা।

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8

প্রশ্ন ৪ঃ বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে, বুজাই লিখা।
উত্তৰঃ বনাঞ্চল ধ্বংসই বৰষুণৰ পৰিমাণ হ্রাস কৰে। বনাঞ্চল ধ্বংস হলে সেই অঞ্চলত কার্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ তাৰ উষ্ণতা বাঢ়ি যায়। ভূ-জল শিপাৰ দ্বাৰা নি তাক বাষ্পমােচন প্রক্রিয়াৰে বায়ুমণ্ডলত এৰি দিয়ে। এই বাষ্প বা জলীয় ভাপে সেই অঞ্চলত মেঘৰ সৃষ্টি কৰে আৰু মেঘৰ পৰা বৰষুণ পৰে।
যেতিয়া বনাঞ্চল ধ্বংস হয়, এই বাষ্পমােচন প্রক্রিয়া বন্ধ হয় আৰু ফলত মেঘৰ সৃষ্টি নহয়। গতিকে বৰষুণৰ মাত্রা কমি যায়।

প্রশ্ন 9ঃ তােমাৰ ৰাজ্যত থকা ৰাষ্ট্ৰীয় উদ্যানবােৰ বিচাৰি উলিওৱা। ভাৰতৰ মেপত সেইবােৰ বাছি উলিওৱা আৰু সিহঁতৰ অৱস্থান দেখুওৱা।

প্রশ্ন 10ঃ কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন
উত্তৰঃ কাগজ উদ্ভিদ যেনে বাঁহ, খেৰ আদিৰ পৰাই তৈয়াৰ কৰা হয়। গতিকে কাগজ শিল্পত বাঁহৰ ব্যৱহাৰ চাহিদা অনুপাতে বৃদ্ধি হৈ আহিছে।
(i) যদি কাগজ বচাই চলাে তেন্তে বাঁহৰ কিছু ৰাহি ঘটিব। এইটো কৰিলে বনাঞ্চলৰ ধ্বংস কমিব।
(ii) কাগজ চালে বিদ্যুৎ শক্তি আৰু তাত ব্যৱহাৰ হােৱা পানীৰ পৰিমাণ হ্রাস পাব।
(iii) কাগজ উদ্যোগৰ পৰা হােৱা প্ৰদূষণৰ মাত্রা কমিব।

তুলত দিয়া উপায়েৰে কাগজ ব্চাব পাৰি
(i) কাগজ ব্যৱহাৰৰ মিতব্যয়িতা।
(ii) ব্যৱহাৰ হৈ যােৱা কাগজক পুনব্যৱহাৰ।
(iii) কাগজৰ পুৰা কাৰ্য বন্ধ কৰি।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top