প্রাণীৰ প্রজনন Class 8 বিজ্ঞান পাঠ ৯ প্ৰশ্ন উত্তৰ Question Answer in assamese

প্রাণীৰ প্রজনন
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম প্রাণীৰ প্রজনন প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ ৯
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

প্রাণীৰ প্রজনন Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1ঃ জীৱৰ প্ৰজননৰ গুৰুত্ব ব্যাখ্যা কৰা।
উত্তৰঃ জীৱৰ সৃষ্টি জীৱৰ পৰাই হয়। জীৱৰ ক্ৰমবিকাশ সম্ভৱ হৈছে জীৱৰ বংশানুক্রমে হৈ থকা প্ৰজনন আৰু তাৰ পৰিৱেশৰ লগত হােৱা পৰিৱৰ্তনৰ বাবে। এটা প্ৰজাতিৰ ধাৰাবাহিকতা বা বংশানুক্রমতা ৰক্ষা কৰিবলৈ হ’লে সেই জীৱৰ পৰা নতুন জীৱৰ সৃষ্টি হ’বই লাগিব। নতুন জীৱ বা সতি সন্তানৰ উৎপত্তি হ’বৰ বাবে প্রজনন প্রক্রিয়াৰ আৱশ্যক। প্রজনন নহলে নতুন জীৱ (উদ্ভিদ বা প্রাণী)ৰ বিস্তাৰ হ’ব নােৱাৰে। প্রজনন নহ’লে পৃথিৱীৰ জীৱৰ অস্তিত্ব কাহানিবাই শেষ হৈ গ’লহেতেন।

প্রশ্ন 2: মানুহৰ নিষেচন প্রক্রিয়া বর্ণনা কৰা।
উত্তৰ: মানুহৰ ক্ষেত্ৰত যৌন প্রজনন হয়। যৌন প্রজননত পুৰুষৰ অণ্ডকোষত উৎপন্ন হােৱা শুক্রাণু সংগমৰ সময়ত মহিলাৰ জৰায়ুত সােমায়। জৰায়ুত ইতিমধ্যে থকা পৈণত ডিম্বাণুক হেজাৰ হেজাৰ শুক্রাণুৰ এটি শুক্রাণুৱে ডিম্বাণুৰ লগত মিলন ঘটায়। এই সংযােজনৰ নামেই নিষেচন। নিষেচনৰ ফলত শুক্রাণু আৰু ডিম্বাণুৰ দুয়ােটা কোষকেন্দ্র মিলি এটা নতুন কোষকেন্দ্ৰৰ সৃষ্টি কৰে। ইয়াক জাইগ’টৰ যােজনকোষ বােলে। সময়ত এই জাইগটৰ বিকাশ ঘটি পূর্ণাংগ মানৱত পৰিণত হয়।

প্রশ্ন 3 উপযুক্ত উত্তৰটো বাছি উলিওৱা।
(ক) অন্তঃনিষেচন ঘটে—
(i) স্ত্রীৰ দেহত
(ii) স্ত্রীৰ দেহৰ বাহিৰত
(iii) পুৰুষৰ দেহত
(iv) পুৰুষৰ দেহৰ বাহিৰত

উত্তৰঃ(i) স্ত্রীৰ দেহত

(খ) লালুকী এটা পূর্ণাংগ ভেকুলীলৈ বিকশিত হােৱা প্ৰক্ৰিয়াটো হ’ল—
(i) নিষেচন
(ii) ৰূপান্তৰ
(iii) টানকৈ লাগি ধৰা
(iv) মুকুলন

উত্তৰঃ (ii) ৰূপান্তৰ

(গ) এটা যােজনকোষত কোষ কেন্দ্ৰৰ সংখ্যা-
(i) নাথাকে
(ii) এটা
(ii) দুটা
(iv) চাৰিটা
উত্তৰঃ (ii) এটা

প্রশ্ন 4 নিম্ন লিখিত উত্তৰবােৰত শুদ্ধ হ’লে (শু) আৰু অশুদ্ধ হলে (অ) লিখিবা।
(ক) ডিম্বজ প্রাণীয়ে পােৱালি জগায়।

See also  উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 বিজ্ঞান পাঠ 7

(খ) প্ৰতিটো শুক্রাণু এক কোষীয়।
(গ) ভেকুলীৰ বহিঃনিষেচন হয়।
(ঘ) এটা জননকোষৰ পৰা এজন নতুন মানুহৰ সৃষ্টি হয়।
(ঙ) নিষেচনৰ পিছত পৰা এটা কণী এক কোষ যুক্ত হয়।
(চ) এমিবাই মুকুলনৰ দ্বাৰা বংশ বৃদ্ধি কৰে।

(ছ) অযৌন প্রজননতাে নিষেচন আৱশ্যক।
(জ) দ্বৈত বিভাজন এটি অযৌন প্রজননৰ পদ্ধতি।
(ঝ) নিষেচনৰ ফলত এটি যােজন কোষৰ গঠন হয়।
(ঞ) এটা ভ্রণ এটা একক কোষেৰে গঠিত।
উত্তৰঃ (ক) অশুদ্ধ (গ) শুদ্ধ (ঘ) অশুদ্ধ (ঙ) শুদ্ধ (চ) অশুদ্ধ (ছ) অশুদ্ধ (ঞ) অশুদ্ধ।

Class 8 Science Chapter 9 question answer in assamese

প্রশ্ন 5ঃ এটা যােজন কোষ আৰু এটা গর্ভক্ৰণৰ মাজৰ পাৰ্থক্য উল্লেখ কৰা।

যােজন কোষ গর্ভক্ৰণ
(i) একক কোষীয়। (i) বহু কোষীয় ।
(ii) পুংজননকোষ আৰু স্ত্রীজননকোষৰ মিলনত যােজন কোষৰ সৃষ্টি হয়।  (ii) যােজন কোষ বিকাশ হৈ সৃষ্টি হয়।
(iii) অংগ প্রত্যংগ চিনি পােৱা নাযায়।  (iii) অংগ প্রত্যংগ চিনিৰ পাৰি।

প্রশ্ন 6ঃ অযৌন প্রজননৰ সংজ্ঞা দিয়া। প্রাণী অযৌন প্রজননৰ দুটা পদ্ধতি বর্ণনা কৰা।
উত্তৰঃ অযৌন প্রজনন: যি প্রজনন যৌনাংগৰ মিলনৰ ফলত নঘটি অন্য প্রকাৰে ঘটে সেই প্রজনক অযৌন প্রজনন বােলে। কেইবাধৰণেও অযৌন প্রজনন সম্পন্ন হয়। তাৰ ভিতৰত দুবিধ হ’ল— মুকুল (budding) আৰু দ্বৈত বিখণ্ডন (binary fission)

মুকুলনঃ হাইড্রা, ইষ্ট আদিৰ দৰে নিম্নখাপৰ প্ৰাণীবােৰৰ দেহত কিছুমান উখহা অংশৰ সৃষ্টি হয়। এইবােৰ একোটা মুকুল। এইমুকুলবােৰ সময়ত
পৈণত হৈমূল হাইড্রা ইষ্টটোৰ পৰা খহি পৰে। এই অংশটোৱে বিকশিত হৈ এটা নতুন জীৱৰ সৃষ্টি কৰে।

দ্বৈত বিখণ্ডনঃ এমিবা আদিৰ দৰে এককোষীইতৰ প্ৰাণীৰ দেহত থকা কোষকেন্দ্ৰটো দুটা কোষত বিভক্ত হৈ পৰে। তাৰ পাছত দেহটোও দুটা ভাগত বিভক্ত হৈ যায়। প্রতিটো অংশই এটা কোষকেন্দ্র গ্রহণ কৰি দুটা অপত্য এমিবাৰ সৃষ্টি হয়।এনে প্ৰজননক দ্বৈতবিখণ্ডন বােলা হয়।

See also  পদার্থ ধাতু আৰু অধাতু Class 8 বিজ্ঞান - পাঠ ৪ প্ৰশ্ন উত্তৰ

প্রশ্ন 7ঃ স্ত্রীপ্রজনন অংগৰ কোনটো অংশত ভ্ৰণটো লাগি ধৰে?
উত্তৰঃ স্ত্রীপ্রজনন অংগৰ জৰায়ুত ভ্ৰণটো লাগি থাকে।

প্রশ্ন ৪ঃ ৰূপান্তৰ কি? উদাহৰণ দিয়া।
উত্তৰঃ ৰূপান্তৰ: পলু অথবা লালুকী অৱস্থাৰ পৰা বহুতাে পৰিবৰ্তনৰ মাজেৰে প্ৰাপ্তবয়স্ক প্রাণীলৈ সলনি হােৱাকে ৰূপান্তৰ বােলে। উদাহৰণঃ পখিলাৰ ক্ষেত্ৰত: কণী পলু ⇒ লেটা – পখিলা | ভেকুলীৰ ক্ষেত্ৰতঃ কণী → লালুকী → ভেকুলী।

প্রাণীৰ প্রজনন Class 8

প্রশ্ন 9: অন্তঃনিমেচন আৰু বহিঃনিষেচনৰ মাজত পার্থক্য উলিওৱা।

অন্তঃনিষেচন বহিঃনিযেচন
(i) স্ত্রীজননাংগৰ ভিতৰত ঘটে।  (i) স্ত্রীদেহৰ বাহিৰত ঘটে।
(ii) মাইকী প্রাণীটোৱে নিষিক্ত কণী পাৰে বা পােৱালি জোগায়।  (ii) মাইকী প্রাণীটোৱে কেৱল নিষিক্ত কণী পাৰে।
(iii) উচ্চ খাপৰ প্ৰাণী মানুহ, গৰু, আদিৰ ক্ষেত্ৰত এনে  হয়।  (iii) সাধাৰণতে বাহিৰত মাইকীয়ে এৰি দিয়া কণীৰ ওপৰত শুক্রাণু ত্যাগ কৰে।

প্রশ্ন 1ঃ প্ৰাণীৰ প্রজনন কেইপ্রকাৰৰ আৰু কি কি?
উত্তৰঃ প্রাণীৰ প্ৰজনন দুই প্রকাৰৰ
(i) যৌন প্রজনন (Sexual Reproduction)
(ii) অযৌন প্রজনন (Asexual Reproduction)

প্রশ্ন 2ঃ যৌন প্রজনন আৰু অযৌন প্রজনন সম্পন্ন কৰা দুবিধ প্রাণীৰ উদাহৰণ দিয়া।।
উত্তৰ: যৌন প্রজনন ? মানুহ, চৰাই।।
অযৌন প্রজনন : এমিবা, হাইড্রা।

প্রশ্ন 3ঃ যৌন প্রজননত আৱশ্যকীয় পুং আৰু স্ত্রী জননাংগ কিছুমানৰ নাম লিখা।
উত্তৰ: যৌন প্রজননৰ আৱশ্যকীয় জননাংগ হ’ল—
পুংজননাংগ :
(i) এযােৰ অণ্ডকোষ।
(ii) শুক্ৰবাহীনলী (iii) লিংগ।
স্ত্রীজননাংগ
(i) এষােৰ ডিম্বাশয়
(ii) ডিম্ববাহীনলী।
(iii) জৰায়ু।

 

Leave a Comment