বিষয়: বিজ্ঞান
পাঠৰ নাম: কোষ – গঠন আৰু কাৰ্য
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নং: পাঠ 8
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)
কোষ – গঠন আৰু কাৰ্য
প্রশ্নোত্তৰ
প্রশ্ন 1: তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা।
উক্তি | উত্তৰ |
---|---|
১) এককোষী জীৱৰ দেহত এটা কোষ থাকে। | সত্য |
২) পেশী কোষবোৰ শাখাযুক্ত। | অসত্য |
৩) এটা জীৱৰ মৌলিক জীৱিত গোট হ’ল অংগ। | অসত্য |
৪) এমিবাৰ আকৃতি অনিয়মীয়া। | সত্য |
প্রশ্ন 2: মানুহৰ স্নায়ুকোষৰ চিত্র আঁকা। স্নায়ুকোষে কি কাম কৰে?
উত্তৰ:
মানুহৰ স্নায়ুকোষৰ চিত্ৰ:

স্নায়ুকোষৰ কাম: স্নায়ুকোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক এই সংকেত যোগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সমন্বয় স্থাপন কৰে।
প্রশ্ন 3: তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা।
- কোষপ্ৰস: কোষপ্ৰস হ’ল কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। ইয়াত কোষৰ বহু উপাদান বা কোষাংগ (যেনে মাইটকণ্ডিয়া, গলগি বডি, ৰাইব’জম) পোৱা যায়।
- কোষকেন্দ্ৰ: কোষকেন্দ্ৰ হ’ল জীৱ কোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। ইয়াত ক্রমজম থাকে, যিয়ে জিন বহন কৰে আৰু বংশানুক্রমে গুণ স্থানান্তৰিত কৰে।
প্রশ্ন 4: কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে?
উত্তৰ: কোষপ্ৰসত।
প্রশ্ন 5: প্রাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা। সিহঁতৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা।
উত্তৰ: উদ্ভিদ কোষ আৰু প্রাণী কোষৰ ছবি:

পাৰ্থক্য:
প্রাণী কোষ | উদ্ভিদ কোষ |
---|---|
১) কোষবেৰ নাথাকে। | ১) ডাঠ কোষবেৰ থাকে। |
২) প্লাষ্টিড নাথাকে। | ২) প্লাষ্টিড থাকে। |
৩) ৰসধানী সৰু বা নাই। | ৩) ডাঙৰ ৰসধানী থাকে। |
প্রশ্ন 6: ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅ’টছৰ মাজৰ পার্থক্য উল্লেখ কৰা।
উত্তৰ:
ইউকেৰিঅ’টছ (সংকোষকেন্দ্ৰীয় কোষ) | প্ৰ’কেৰিঅ’টছ (প্ৰকোষকেন্দ্ৰীয় কোষ) |
---|---|
১) সুসংগঠিত কোষকেন্দ্ৰ থাকে। | ১) সুসংগঠিত কোষকেন্দ্ৰ নাথাকে। |
২) উচ্চ পৰ্যায়ৰ জীৱত পোৱা যায়। | ২) নিম্ন পৰ্যায়ৰ জীৱত পোৱা যায়। |
৩) উদাহৰণ: মানুহ, গৰু, সাপ। | ৩) উদাহৰণ: বেক্টেৰিয়া, শেলাই। |
প্রশ্ন 7: কোষৰ কোনটো অংশত ক্রমজম পোৱা যায়? সিহঁতৰ কামবোৰ উল্লেখ কৰা।
উত্তৰ: ক্ৰমজম কোষকেন্দ্ৰত পোৱা যায়। ইয়াৰ কাম হ’ল জিন বহন কৰা আৰু বংশানুক্রমে গুণ স্থানান্তৰিত কৰা।
প্রশ্ন 8: ‘কোষ জীৱৰ মৌলিক গঠনগত গোট’। ব্যাখ্যা কৰা।
উত্তৰ: কোষ হ’ল জীৱৰ দেহৰ গঠনৰ মৌলিক একক। সকলো জীৱৰ দেহ কোষেৰে গঠিত। কোষবোৰে জীৱৰ সকলো কাৰ্য সম্পাদন কৰে। গতিকে কোষক জীৱৰ মৌলিক গঠনগত গোট বুলি কোৱা হয়।
প্রশ্ন 9: কিয় হৰিৎকণা মাথোঁ উদ্ভিদৰ কোষতহে পোৱা যায়? ব্যাখ্যা কৰা।
উত্তৰ: হৰিৎকণাত ক্লৰফিল থাকে, যিয়ে সালোকসংশ্লেষণ প্রক্রিয়াৰ সহায়ত উদ্ভিদে খাদ্য প্রস্তুত কৰে। প্রাণীয়ে খাদ্য প্রস্তুত নকৰে বাবে প্রাণী কোষত হৰিৎকণা নাথাকে।
প্রশ্ন 10: কোষৰ আৱিষ্কাৰক কোন আছিল? তেওঁ কিমান চনত কিধৰণে ইয়াক আৱিষ্কাৰ কৰিছিল?
উত্তৰ: কোষৰ আৱিষ্কাৰক হ’ল ৰবাৰ্ট হুক। তেওঁ ১৬৬৫ চনত কক’ৰ চকল এডোখৰ নিৰীক্ষণ কৰি কোষ আৱিষ্কাৰ কৰিছিল।
প্রশ্ন 11: কোষৰ গঠনৰ ভিত্তিত জীৱ কেই প্ৰকাৰৰ? উদাহৰণ দিয়া।
উত্তৰ: কোষৰ গঠনৰ ভিত্তিত জীৱ দুই প্ৰকাৰৰ:
- এককোষী জীৱ: এমিবা, পেৰামিছিয়াম।
- বহুকোষী জীৱ: মানুহ, গৰু, সাপ, কল।
প্রশ্ন 12: এমিবাই কিহৰ সহায়ত চলাচল কৰে?
উত্তৰ: এমিবাই কূটপদৰ সহায়ত চলাচল কৰে।
প্রশ্ন 13: কলা কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ: একেজাতীয় কোষে লগ হৈ গঠন কৰা সৰু অংগক কলা বোলে। উদাহৰণ: পেশী কলা।
প্রশ্ন 14: কোষৰ অংশসমূহৰ নাম লিখা।
উত্তৰ:
কোষৰ অংশসমূহ হ’ল:
- কোষাৱৰণ
- কোষকেন্দ্ৰ
- অতিকেন্দ্ৰ
- কোষপ্ৰস
- ক্রমজম
- মাইটকণ্ডিয়া
- ৰসধানী
- প্লাষ্টিড