পোহৰ Class 8 – প্রশ্নোত্তৰ অষ্টম শ্ৰেণী বিজ্ঞান

পোহৰ Class 8 – প্রশ্নোত্তৰ অষ্টম শ্ৰেণী বিজ্ঞান || Class 8 Science Chapter 16 Question Answer in Assamese

পোহৰ Class 8
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম পোহৰ প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ 16
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

পোহৰ Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন : ধৰা হওক তুমি এটা অন্ধকাৰ কোঠালিত আছা। কোঠালিৰ ভিতৰৰ বস্তুবােৰ তুমি দেখিবানে? কোঠালিৰ বাহিৰৰ বস্তুবােৰ দেখিবানে? ব্যাখ্যা কৰা।
উত্তৰঃ আন্ধাৰ কোঠালিৰ ভিতৰৰ বস্তুবােৰ দেখা পােৱা নাযাব। কোঠালিৰ ভিতৰৰ বস্তুবােৰৰ পৰা কোনাে পােহৰ আহি আমাৰ চকুত নপৰে বাবে বস্তুবােৰ দেখা পােৱা নাযাব। বাহিৰৰ বস্তুবােৰৰ পৰা পােহৰ আহি আমাৰ চকুত পৰিব আৰু এই পােহৰে মগজুক সক্রিয় কৰিব। ফলত বস্তুবােৰ দেখা পােৱা যাব।

প্রশ্ন: নিয়মিত আৰু বিক্ষিপ্ত প্রতিফলন পার্থক্যবােৰ লিখা। বিক্ষিপ্ত প্রতিফলনে প্রতিফলনৰ সূত্ৰসমূহ বিফল হােৱা বুজায় নেকি?
উত্তৰ : নিয়মিত প্রতিফলনবােৰ সাধাৰণতে সমতল, নিমজ পৃষ্ঠৰ পৰা ঘটে। সেইবাবে প্রতিফলিত ৰশ্মিবােৰ প্রতিফলনৰ নিয়ম মানি একেফালে যায়। বিক্ষিপ্ত প্রতিফলনবােৰ খহটা ওখৰা মখৰা পৃষ্ঠৰ পৰা হয় বাবে প্রতিফলিত ৰশ্মি বিভিন্ন দিশত যায়। নিয়মিত প্রতিফলনত লক্ষ্যবস্তু মাত্র এক নির্দিষ্ট দিশৰ পৰাহে দেখা পােৱা যায়। বিক্ষিপ্ত প্রতিফলনত যিকোনাে দিশৰ পৰা লক্ষ্যবস্তু দেখা পােৱা যায়।

Class 8 Science chapter 16

নুবুজায়। বিক্ষিপ্ত প্রতিফলনতাে পােহৰৰ প্রতিফলনৰ নিয়ম খাটে।

প্রশ্ন: তলত উল্লেখ কৰা পৃষ্ঠসমূহত ৰশ্মিগুচ্ছ আপতিত হলে নিয়মিত নে বিক্ষিপ্ত প্রতিফলন ঘটিব উল্লেখ কৰা। তােমাৰ উত্তৰৰ যথার্থতা প্রতিষ্ঠা কৰা।
(ক) চিকমিকিয়া কাঠৰ টেবুল।
(খ) চক পাউডাৰ।
(গ) ডাঠ কাগজৰ পৃষ্ঠ।
(ঘ) তিতি থকা মাৰ্বলৰ মজিয়া ।
(ঙ) দাপােণ।
(চ) কাগজৰ টুকুৰা।
উত্তৰঃ (ক) চিকমিকিয়া কাঠৰ টেবুলৰ পৰা নিয়মিত প্রতিফলন ঘটিব। কাৰণ চিকমিকিয়া কাঠৰ টেবুলখনৰ পৃষ্ঠই সমমিত মিহি পৃষ্ঠৰ কাম কৰে।
(খ) চক পাউডাৰৰ পৰা বিক্ষিপ্ত প্রতিফলন ঘটিব। কাৰণ চক পাউডাৰৰ পৃষ্ঠখন সমতল নহয়। ইয়াৰ মাজত ফাক থাকিব।

(গ) ডাঠ কাগজৰ পৃষ্ঠত ওখৰা মােখৰা। গতিকে ইয়াৰ পিঠিৰ পৰাও নিয়মিত প্রতিফলন নঘটি বিক্ষিপ্ত প্রতিফলন ঘটিব।
(ঘ) তিতি থকা মাৰ্বলৰ মজিয়াৰ পৰা নিয়মিত প্রতিফলন ঘটিব। মাৰ্বলৰ পৃষ্ঠ এনেয়ে নিমজ। তাৰােপৰি তিতি থাকিলে তাৰ ক্ষুদ্র ক্ষুদ্র ছিদ্র থাকিলে তাত পানী সােমাই পৃষ্ঠ সমতল হ’ব।
(ঙ) দাপােণৰ পৰা নিয়মিত প্রতিফলন হ’ব। দাপােণ হ’ল অতি নিমজ সমতল পৃষ্ঠ।
(চ) কাগজৰ টুকুৰাৰ পৰাও বিক্ষিপ্ত প্রতিফলন হ’ব। কাগজৰ টুকুৰা দেখাত নিমজ হলেও পােহৰৰ দৃষ্টিকোণৰ পৰা ইয়াৰ পৃষ্ঠ সমতল নহয়।

লগতে পঢ়ক:   উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 বিজ্ঞান পাঠ 7

পোহৰ Class 8

প্রশ্ন: প্রতিফলনৰ সূত্ৰসমূহ লিখা।
উত্তৰ: প্রতিফলনৰ সূত্ৰ দুটা হ’ল—
(১) আপতন কোণ সদায় প্রতিফলন কোণৰ সমান।
(২) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলতে থাকে।
Class 8 Science chapter 16 (2)

চিত্ৰত, MM = সমতল দাপােণ
PO = আপতিত ৰশ্মি।
OR = প্রতিফলিত ৰশ্মি
ON = অভিলম্ব
∠i = ∠PON=আপতন কোণ

প্রশ্ন: আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব একেখন সমতলত থাকে বুলি দেখুৱাবলৈ এটা ক্রিয়াকলাপ বর্ণনা কৰা।
উত্তৰ: ড্রয়িং ব’র্ড বা টেবুলৰ ওপৰত এখন বগা কাগজ আট খুৱাই লগােৱা। এখন ফণি যােগাৰ কৰা আৰু ফণিখনৰ মধ্যভাগত এটা সৰু ফাক ৰাখি বাকীবােৰ বন্ধ কৰি দিয়া হ’ল। ইয়াৰ বাবে কলা কাগজৰ পটি ব্যৱহাৰ কৰিব পাৰি। ফণিখন কাগজৰ ওপৰত লম্বভালে ধৰা হ’ল। এফালৰ পৰা ফণিখনৰ খােলা ফালটোত টৰ্চৰ পােহৰ পেলােৱা হ’ল। ফণিখন আৰু টৰ্চটো সামান্য ইফাল-সিফাল কৰিলে কাগজৰ ওপৰেদি ফণিখনৰ আনটো ফালে পােহৰ ৰশ্মি এধাৰি চকুত পৰিব। ফণিখন আৰু টৰ্চটো স্থিৰে ৰখা হ’ল। পােহৰ ৰশ্মিৰ পথত পটিৰ আকৃতিৰ এখন সমতল দাপােণ স্থাপন কৰা হ’ল। পােহৰ ৰশ্মি দাপােণখনত খুন্দা খাই আন এটা দিশত প্রতিফলিত হৈছে। কোনাে পৃষ্ঠত খুন্দা খােৱা ৰশ্মিক আপতিত ৰশ্মি বুলি কোৱা হয়। কোনাে পৃষ্ঠত খুন্দা খাই ঘূৰি অহা ৰশ্মিক প্রতিফলিত ৰশ্মি বােলে। গােটেই কাগজখন এখন টেবুলৰ ওপৰত মেলি দিলেই এখন সমতল বুজায়। আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি এই সমতলত থাকে। যেতিয়া তুমি কাগজখন ভাঁজ কৰি দিলা তেতিয়া আপতিত ৰশ্মি আৰু অভিলম্ব থকা সমতলখনৰ পৰা এখন পৃথক সমতলৰ সৃষ্টি কৰিলা। তেনে অৱস্থাত তুমি প্রতিফলিত ৰশ্মি নেদেখা। ই কি সূচায় ? ই ইয়াকে সূচায় যে আপতিত ৰশ্মি, আপতন বিন্দুত টনা অভিলম্ব আৰু প্রতিফলিত ৰশ্মি একেখন সমতলতে থাকে। ই প্রতিফলনৰ আন এক সূত্র।

লগতে পঢ়ক:   কয়লা আৰু পেট্রলিয়াম Class 8 Science বিজ্ঞান পাঠ ৫ প্ৰশ্ন উত্তৰ

Class 8 Science Chapter 16 Question Answer in Assamese

প্রশ্ন: খালী ঠাই পূৰ কৰা।
(ক) এখন সমতল দাপােণৰ ১ মিটাৰ সমুখত থকা এজন মানুহ তেওঁৰ প্ৰতিবিম্বৰ পৰা _____ মিটাৰ আঁতৰত থকা যেন লাগে।

(খ) সমতল দাপােণৰ সমুখত যদি তােমাৰ ___কাণখন সোঁহাতেৰে স্পর্শ কৰা তেন্তে দাপােণখনত তােমাৰ সোঁ কাণখন ____হাতেৰে স্পর্শ কৰা যেন লাগিব।
(গ) ম্লান পােহৰত চালে চকুৰ মণিৰ আকাৰ ___হ’ব।
(ঘ) নিশাচৰ চৰাইৰ চকুত দণ্ডতকৈ শংকু আকৃতিৰ কোষ ___ থাকে।
উত্তৰ : (ক) 2 (খ) বাওঁ, বাওঁ হাতেৰে। (গ) ডাঙৰ। (ঘ) কম।

প্রশ্নত শুদ্ধ উত্তৰটো বাছি উলিওৱা।
প্রশ্ন: আপতন কোণ প্রতিফলন কোণৰ সমান।
(ক) সদায় (খ) কেতিয়াবা (গ) বিশেষ অৱস্থাত (ঘ) কেতিয়াও নহয়
উত্তৰ: (ক) সদায়।

প্রশ্ন: সমতল দাপােণত গঠন হােৱা প্রতিবিম্ব,
(ক) অসৎ, দাপােণৰ পিছফালে আৰু বিবর্ধিত।
(খ) অসৎ, দাপােণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ।
(গ) দাপােণৰ পৃষ্ঠত সৎ আৰু বিবর্ধিত।
(ঘ) সৎ, দাপােণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ।
উত্তৰ : (খ) অসৎ, দাপােণৰ পিছফালে আৰু লক্ষ্যবস্তুৰ সমান আকাৰৰ।

প্রশ্ন: এটা কেলিডস্ক’পৰ গঠন বর্ণনা কৰা।
উত্তৰঃ কেলিডস্ক’পৰ গঠনঃ ১৫ ছে.মি. দীঘল আৰু ৪ ছে.মি. বহল আয়তাকাৰ পাতল দাপােণৰ তিনিটা টুকুৰা যােগাৰ কৰি লােৱা হ’ল। দাপােণৰ টুকুৰা তিনিটা এখন প্রিজম আকৃতিত সজাই লৈ ডাঠ কাগজৰ চুঙা এটাত আট খুৱাই লগােৱা হ’ল। সোঁমাজত ফুটা থকা এখন কার্ড ব’ৰ্ডৰ ঢাকনিৰে চুঙাটোৰ এটা মূৰ বন্ধ কৰি দিয়া হ’ল। ফুটাটোৰে চুঙাৰ অন্তর্ভাগ চাব পাৰি। ঢাকনিখন মজবুত কৰাৰ বাবে এটা স্বচ্ছ প্লাষ্টিক লগাই লােৱা হয়। দাপােণৰ সজ্জাটো চুই থকাকৈ এখন বৃত্তাকাৰ সমতল কাঁচৰ ফলক লগাই দিয়া হয়। কাঁচখনৰ ওপৰত কিছুমান সৰু সৰু ৰঙীন কাচৰ টুকুৰা (ৰঙীন খাৰুৰ টুকুৰা) থােৱা হয়। চুঙাটোৰ আনটো মূৰ কচৰ ফলকেৰে বন্ধ কৰি দিয়া হয়। এইটোৱে হ’ল কেলিডস্ক’প।

প্রশ্ন: মানুহৰ চকুৰ এটা চিহ্নিত চিত্র আঁকা।
উত্তৰ:
class 8 science chaprter 16 eye img

পোহৰ Class 8

প্রশ্ন: গুৰমিতে 16.8 নং ক্রিয়াকলাপ এটা লেজাৰ টৰ্চৰ সহায়ত কৰিব বিচাৰিছিল। তাইৰ শিক্ষকে তেনেকুৱা নকৰিবলৈ পৰামর্শ দিলে। শিক্ষকে কিহৰ ভিত্তিত এই পৰামর্শ দিলে ব্যাখ্যা কৰিব পাৰিবানে ?
উত্তৰ: গুৰমিতে লেজাৰ টৰ্চৰ সহায়ত ক্রিয়াকলাপটো (NCERT ক্রিয়াকলাপ 16.8) কৰাৰ ক্ষেত্ৰত শিক্ষকে নকৰাৰ পৰামৰ্শটো যুক্তি সংগত। কাৰণ লেজাৰ ৰশ্মি সাধাৰণ পােহৰ ৰশ্মি নহয়। ই অতি শক্তিশালী। লেজাৰ ৰশ্মি চকুৰ মাজেৰে গ’লে চকুৰ লেন্স বা স্নায়ুকোষৰ ধ্বংস হৈ যায়। গতিকে বিকাৰ ঘটিব। বেছিকৈ লেজাৰ ৰশ্মি যাব দিলে অন্ধ হৈ যােৱাৰাে সম্ভাৱনা থাকে।

লগতে পঢ়ক:   বিজ্ঞান Class 8 Science Assamese Medium

প্রশ্ন: তুমি চকুৰ যত্ন কেনেকৈ ল’ব পাৰা বুজাই লিখা।
উত্তৰ: চকুৰ যত্ন
(i) চকুৰ কিবা বিশেষ ধৰণৰ ৰােগ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে । প্রয়ােজন মতে উপযুক্ত পাৱাৰৰ চশমা ল’ব লাগে ।
(ii) অতি কম আৰু অতি বেছি দুয়ােবিধ পােহৰেই চকুৰ বাবে বেয়া। তীব্র পােহৰ যেনে সূৰ্যৰ পােণপটীয়া পােহৰ, লেজাৰ ৰশ্মি, অক্সিএচিটিলিন শিখা (জ্বালাই কামত ব্যৱহাৰ কৰা শিখা) আদিয়ে চকুৰ অক্ষিপটৰ ক্ষতি সাধন কৰে।
(iii) লেতেৰা হাত বা ৰুমালেৰে চকু মােহাৰিব নালাগে।
(iv) বাহিৰৰ পৰা ফুৰি চাকি আহিলে ঠাণ্ডা পানীৰে পৰিষ্কাৰকৈ চকু ধুব লাগে।
(v) কিতাপ পঢ়োতে সদায় দৃষ্টিৰ স্বাভাৱিক দূৰত্বত ৰাখি কিতাপ পঢ়িব লাগে।

প্রশ্ন: প্রতিফলিত ৰশ্মিয়ে আপতিত ৰশ্মিৰে সৈতে 90° কোণ কৰিলে, আপতন কোণৰ মান কিমান হ’ব?
উত্তৰ: প্রতিফলিত ৰশিয়ে আপতিত ৰশ্মিৰ লগত 90° কোণ কৰিলে আপতন কোণৰ মান 45° হ’ব।

প্রশ্ন: 40 ছে.মি. পার্থক্যত ৰখা দুখন সমান্তৰাল সমতল দাপােণৰ মাজত এডাল মম ৰাখিলে মমড়ালৰ প্রতিবিম্বৰ সংখ্যা কিমান হ’ব?
উত্তৰ : অসংখ্য প্রতিবিম্ব গঠন হ’ব। কাৰণ পৰস্পৰ সমান্তৰাল দুখন দাপােণৰ মাজত ৰখা বস্তুৰ প্রতিবিম্বৰ সংখ্যা অসীম হয়।

প্রশ্ন: প্রতিফলনৰ সূত্ৰসমূহ লিখা।

উত্তৰ: প্রতিফলনৰ সূত্ৰ দুটা হ’ল—
(১) আপতন কোণ সদায় প্রতিফলন কোণৰ সমান।
(২) আপতিত ৰশ্মি, প্রতিফলিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব সদায় একে সমতলতে থাকে।

প্রশ্ন: আপতন কোণ প্রতিফলন কোণৰ সমান হয়নে ?

উত্তৰ: হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top