কিছুমান প্ৰাকৃতিক পৰিঘটনা – (প্রশ্নোত্তৰ) অষ্টম শ্ৰেণীৰ বিজ্ঞান

কিছুমান প্ৰাকৃতিক পৰিঘটনা
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম কিছুমান প্ৰাকৃতিক পৰিঘটনা প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ 15
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

কিছুমান প্ৰাকৃতিক পৰিঘটনা

অনুশীলনীৰ প্রশ্নোত্তৰ

1 আৰু 2 নং প্রশ্ন শুদ্ধ উত্তৰটো বাছি উলিওৱা।

প্রশ্ন : তলৰ কোনবিধ বস্তু ঘর্ষণৰ দ্বাৰা সহজে আহিত কৰিব নােৱাৰি?
(ক) প্লাষ্টিকৰ স্কেল এডাল (খ) তামৰ দণ্ড এডাল (গ) ফুলাই থােৱা বেলুন এটা (ঘ) উলৰ কাপােৰ
উত্তৰ: (খ)

প্রশ্ন: এটুকুৰা পাটৰ কাপােৰেৰে কাচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল
(ক) আৰু কাপােৰ টুকুৰা দুয়াে ধনাত্মকভাৱে আহিত হ’ব
(খ) ধনাত্মকভাৱে আৰু কাপােৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ’ব।
(গ) আৰু কাপােৰৰ টুকুৰা দুয়াে ঋণাত্মকভাৱে আহিত হ’ব।
(ঘ) ঋণাত্মকভাৱে আহিত আৰু কাপােৰ টুকুৰা ধনাত্মকভাৱে আহিত হ’ব।
উত্তৰ: (ঘ)

প্রশ্ন: তলৰ বাক্যকেইটা সঁচা নে মিছা লিখা।
(ক) একেজাতীয় আধানে পৰস্পৰক আকর্ষণ কৰে। (সঁচা/মিছা)
(খ) এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ঠু’পাইপক আকর্ষণ কৰে। (সঁচা/মিছা)

(গ) বজ্র-নিৰােধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নােৱাৰে। (সঁচা/মিছা)
(ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি। (সঁচা/মিছা)
উত্তৰ: (ক) মিছা, (খ) সঁচা, (গ) মিছা, (ঘ) মিছা।

প্রশ্ন: জাকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফটাই উঠা শব্দ শুনিবলৈ পােৱা যায়। কিয় এনে হয় বুজাই লিখা।
উত্তৰ: শীতকালত বায়ুত আর্দ্রতা কম। চুৱেটাৰত থকা উলবােৰ হ’ল সাংশ্লেষিক আঁহ। গাৰ পৰা চুৱেটাৰটো খােলাৰ লগে লগে ই গাৰ শুকান ছালত ঘর্ষণ হৈ আহিত হয়। ছাল আৰু চুৱেটাৰত উৎপন্ন হােৱা বিপৰীত আধান আৰু গাৰ নােম বা ছুৱেটাৰত উৎপন্ন হােৱা একে আধানৰ বিকর্ষণ ক্রিয়াৰ বাবে ফটফট শব্দৰ সৃষ্টি হয়।

প্রশ্ন: আহিত বস্তু এটা হাতেৰে চুলে আধানবােৰ নাইকিয়া হয় বুজাই লিখা।
উত্তৰ: পৃথিৱী সকলাে আধানৰ ভঁৰাল। আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী হাতেৰে স্পর্শ কৰাৰ লগে লগে আহিত বস্তুৰ ঋণাত্মক আধানবােৰ পৃথিৱীলৈ যায় আৰু পৃথিৱীৰ পৰা ঋণাত্মক আধান শৰীৰৰ মাজেৰে গতি কৰি আহিত বস্তুৰ ধনাত্মক আধানবােৰ উদাসীন হয়। গতিকে বস্তুটো আধানহীন হয়।

লগতে পঢ়ক:   কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 Science Chapter 3 Assamese

প্রশ্নঃ ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা। কোনাে এটা ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৩ হ’লে ইয়াক ছিছম’গ্রাফ এটাই ধৰা পেলাবনে? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে?
উত্তৰঃ ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ (ৰিখটাৰ) অতি নিম্নমানৰ। এনে ভূমিকম্পই ঘৰ-দুৱাৰ ক্ষতি সাধন কৰিব পৰা বিধৰ কম্পনৰ সৃষ্টি নকৰে।

প্রশ্নঃ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যৱস্থাৰ দিহা দিয়া।
উত্তৰঃ বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ লবলগীয়া তিনিটা ব্যৱস্থা হ’ল
(i) ঘৰৰ পৰা বাহিৰ ওলাব নালাগে।
(ii) বাহিৰত থাকিলেও ওখ বস্তুৰ কাষত থাকিব নালাগে।
(iii) গাড়ী-মটৰ চলাই থাকিলে তাক ৰখাই দিব লাগে।

কিছুমান প্ৰাকৃতিক পৰিঘটনা Class 8

প্রশ্নঃ আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকর্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক কিয় আকর্ষণ কৰে বুজাই লিখা।
উত্তৰঃ আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰাৰ কাৰণ হ’ল দুয়ােটা বেলুনতে সমজাতীয় আধান সৃষ্টি হয়। অনাহিত বেলুনটো আহিত বেলুনৰ ওচৰলৈ নিলে অনাহিত বেলুনত আহিত বেলুনৰ দ্বাৰা আধান আৱেশিত হয়। এই আধান বিপৰীত প্ৰকৃতিৰ হয়। গতিকে অনাহিত বেলুনটোৱে আহিত বেলুনক আকর্ষণ কৰে।

প্রশ্ন 9ঃ চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।
উত্তৰঃ স্বর্ণপত্র বিদ্যুতবীক্ষণ যন্ত্রৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।

Class 8 Science Chapter 15
চিত্ৰত দিয়াৰ দৰে খালী বটল এটা আৰু তাৰ ওপৰত ঢাকি দিব পৰাকৈ এখন কার্ডবউ লােৱা হ’ল। কার্ডব’ৰ্ডৰ মাজত ধাতুৰ ক্লিপ সােমাব পৰা ফুটা এটা কৰা হ’ল। এলুমিনিয়ামৰ পাতৰ পৰা 4 ছে.মি.× 1 ছে.মি. জোখৰ দুটুকুৰা পটি কাটি লােৱা হ’ল। চিত্রত দেখুওৱাৰ দৰে সিহঁতক ক্লিপত ওলােমাই দিয়া হ’ল। ক্লিপটো কার্ডব’ৰ্ডৰ লম্বভাবে থকাকৈ সুমুৱাই দিয়া হ’ল। এডাল ৰিফিল আহিত কৰি তাৰে ক্লিপৰ মূৰত চুই দিয়া হ’ল। এলুমিনিয়ামৰ পটি দুটাৰ বিক্ষেপন ঘটিব। এলুমিনিয়ামৰ মিহি পাত দুটাই ক্লিপৰ যােগেদি একেজাতীয় আধান প্রাপ্ত হৈছে। দুয়ােৰে মাজত বিকর্ষণ ঘটিছে বাবে পাত দুখন মেল খাই যায়। আন যিকোনাে বস্তু আহিত হয় নে নহয় এই যন্ত্ৰটোৰে চাব পৰা যায়। যন্ত্ৰটো ব্যৱহাৰ কৰাৰ লগতে ক্লিপটো হাতেৰে চুই দিব লাগে যাতে ই উদাসীন হয়।

লগতে পঢ়ক:   বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া (VIII) অষ্টম শ্ৰেণী (প্ৰশ্ন উত্তৰ)

প্রশ্ন: ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা য’ত ভূমিকম্পৰ প্ৰৱল সম্ভাৱনা আছে।
উত্তৰ: ভূমিকম্পৰ প্ৰবল সম্ভাৱনা থকা ভাৰতৰ ৰাজ্য তিনিখনৰ নাম— অসম, গুজৰাট আৰু কাশ্মিৰ।

Class 8 science chapter 15 question answer in assamese

প্রশ্ন: ধৰি লােৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল। নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা ?
উত্তৰ: ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প হলে তলত দিয়া সাৱধানতাসমূহ ল’ব পাৰি-
(i) ওখ অট্টালিকা, গছ আৰু উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাৰৰ পৰা আঁতৰত মুকলি ঠাইলৈ যাম আৰু মাটিত শুই দিম।
(ii) যদিহে বাছ বা মটৰগাড়ীৰ ভিতৰত থাকো তেতিয়াহ’লে বাহিৰলৈ ওলাই নাযাওঁ। চালকক গাড়ীখন লাহে লাহে মুকলি ঠাইলৈ নিবলৈ নির্দেশ দিম আৰু জোকাৰণি শেষ নােহােৱালৈকে ওলাই নাহাে।

প্রশ্ন: বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনাে এটা দিনত বিজুলী আৰু ধুমুহা ঢেকেনি অহাৰ সম্ভাৱনা আছে। ধৰি লােৱা তুমি সেই দিনটোতে বাহিৰলৈ যাব লাগে। সেইদিনা ছাতি লগত লৈ যাবা নেকি? বুজাই লিখা।
উত্তৰ: বতৰ বিজ্ঞানে দিয়া বিজুলী আৰু ধুমূহা ঢেৰেকণিৰ আগজাননীৰ দিনা বাহিৰলৈ ওলাই গ’লে লগত ছাতি নিয়াতাে উচিত নহ’ব। কাৰণ ছাতি ধাতুৰে তৈয়াৰী। ছাতি মেলি বৰষুণৰ পৰা ৰক্ষা পৰিলেও বিজুলীৰ পৰা বিপদ ঘটিব। বজ্রপাত তুলনামূলকভাৱে ওখ ঠাইত পৰে। ছাতি নিনিয়াৰ উপৰিও সেই সময়ত ওখ গছ, ওখ বিল্ডিং, ওখ ধাতুৰ খুটা আদিৰ তলত বা কাষত আশ্রয় লােৱাটো বিপদজনক। মাটিত শুই দিব নালাগে। আঁঠুৰ তলত মূৰ সূমুৱাই হাত দুখন আঁঠুৰ ওপৰত ৰাখিব লাগে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top