কোষ গঠন আৰু কাৰ্য Class 8 বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অষ্টম শ্ৰেণী

কোষ গঠন আৰু কাৰ্য Class 8 Question Answer | Class 8 Science chapter 8 Question Answer in Assamese | বিজ্ঞান Class 8 পাঠ 8

বিষয় বিজ্ঞান Class 8
পাঠৰ নামকোষ – গঠন আৰু কার্য প্ৰশ্ন উত্তৰ
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংপাঠ 8
পাঠ্যক্ৰম SCERT

কোষ গঠন আৰু কাৰ্য Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1ঃ তলৰ উক্তিবােৰ সত্য নে অসত্য চিনাক্ত কৰা।
(ক) এককোষী জীৱৰ দেহত এটা কোষ থাকে।
উত্তৰঃসত্য

(খ) পেশী কোষবােৰ শাখাযুক্ত।
উত্তৰঃঅসত্য

(গ) এটা জীৱৰ মৌলিক জীৱিত গােট হ’ল অংগ।
উত্তৰঃঅসত্য

(ঘ) এমিবাৰ আকৃতি অনিয়মীয়া।
উত্তৰঃঅসত্য, (ঘ) সত্য।

প্রশ্ন 2: মানুহৰ স্নায়ুকোষৰ চিত্র আঁকা। স্নায়ুকোষে কি কাম কৰে?
উত্তৰঃ মানুহৰ স্নায়ুকোষৰ চিত্ৰ তলত দিয়া হ’ল—

class 8 science chapter 8
দীঘল শাখাযুক্ত স্নায়ুকোষ

স্নায়ুকোষৰ কাম: স্নায়ুকোষে সংকেত গ্রহণ আৰু প্ৰেৰণ কৰে। কেন্দ্রীয় স্নায়ুতন্ত্রক এই সংকেত যােগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সমন্বয় স্থাপন কৰে।

প্রশ্ন 3ঃ তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা।
(ক) কোষপ্রস। (খ) কোষকেন্দ্র

উত্তৰঃ (ক) কোষপ্রসঃ ই কোৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্রব্য। কোষৰ আন বহু উপাদান বা কোষাংগ কোষপ্রসত পােৱা যায়। সেইবােৰ হ’ল মাইট্রকণ্ডিয়া, গলগি বডি, ৰাইব’জম ইত্যাদি।

(খ) কোষকেন্দ্রঃ ই জীৱ কোষৰ আটাইতকৈ প্রয়ােজনীয় উপাদান। ই সাধাৰণতে গােলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। ইয়াক অণুবীক্ষণ যন্ত্ৰৰ সহায়ত চাব পাৰি। এখন আৱৰণে কোযন্দ্রেক কোষপ্রৰসৰ পৰা পৃথক কৰিছে। এই আৱৰণখনক কোষকেন্দ্রীয় আৱৰণ বােলে। এই আৱৰণখনাে বিন্ধাযুক্ত। ই কোষপ্ৰৰস আৰু কোষকেন্দ্ৰৰ মাজত পদাৰ্থৰ চলাচলত সহায় কৰে। কোষকেন্দ্ৰৰ ভিতৰৰ অতি সেৰু গােলাকাৰ অংশটোক অতিকোষকেন্দ্র বােলে। ক্রম’জম নামৰ পকোৱা সূতাৰ দৰে কিছুমান গঠন কোষকেন্দ্রত থাকে। এইবােৰে জিন কঢ়িয়ায় আৰু বংশানুক্রমে পােৱা গুণবােৰ পিতৃ-মাতৃৰ পৰা সন্তানলৈ স্থানান্তৰিত হােৱাত সহায় কৰে।

লগতে পঢ়ক:   শস্য উৎপাদন আৰু ব্যৱস্থাপনা অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ ১

প্রশ্ন : কোষৰ কোনটো অংশত কোষাংগবােৰ থাকে?
উত্তৰঃ কোষ প্রৰসত।

বিজ্ঞান class 8 পাঠ ৪

প্রশ্ন 5ঃ প্রাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা। সিহঁতৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা।
class 8 science chapter 8

চিত্রঃ (ক) উদ্ভিদ কোষ, (খ) প্রাণী কোষ

প্রাণী আৰু উদ্ভিদৰ কোষৰ পার্থক্য-

প্রাণী কোষউদ্ভিদ কোষ
১) কোষবেৰ নাথাকে, কোষাৱৰণ থাকে। কোষাৱৰণ প্লাজমাৰে তৈয়াৰী।১) ডাঠ কোষবেৰ থাকে, কোষবেৰ ছেলুল’জেৰে তৈয়াৰী।
২) প্লাষ্টিড তথা ক্লৰপ্লাষ্ট পােৱা নাযায়।২) প্লাষ্টিড তথা ক্লৰপ্লাষ্ট থাকে।
৩) ভেকু অ’ল (ৰসধানী) নাথাকে বা সৰুকৈ থাকে।৩) ভেকুঅ’ল (ৰসধানী) অতি ডাঙৰ।

প্রশ্ন 6ঃ ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅ’টছৰ মাজৰ পার্থক্য উল্লেখ কৰা।
উত্তৰঃ ইউকেৰিঅ’টছ (সংকোষকেন্দ্রীয় কোষ) বা প্রকেৰিঅ’টছ (প্রকোষকেন্দ্রীয় কোষ) ৰ মাজৰ পার্থক্য হল

ইউকেৰিঅ’টছ (সংকোষকেন্দ্রীয় কোষ)প্র’কেৰিঅ’টছ (প্রকোষকেন্দ্রীয় কোষ)
১) সুসংগঠিত কোষকেন্দ্র থাকে। ১) সুসংগঠিত কোষকেন্দ্ৰ নাথাকে।
২) কোষকেন্দ্রীয় দ্রব্যসমূহ আৱৰণৰ মাজত থাকে।২) কোষকেন্দ্রীয় দ্রব্যসমূহ আৱৰণ নােহােৱাকৈ থাকে।
৩) উচ্চ পর্যায়ৰ উদ্ভিদ আৰু প্ৰাণীৰ দেহত পােৱা যায়।  উদাহৰণঃ গৰু, মহ, চৰাই, ছাগলী, মানুহ, সাপ আদিৰ দেহত। ৩) নিম্নখাপৰ প্ৰাণীৰ দেহত পােৱা যায়।  উদাহৰণঃ নীল শেলাই আৰু সেউজ শেলাই, বেক্টেৰিয়াৰ দেহত।

Class 8 Science Chapter 8 Question Answer in Assamese

প্রশ্ন : কোষৰ কোনটো অংশত ক্ৰম’জ’ম পােৱা যায় ? সিহঁতৰ কামবােৰ উল্লেখ কৰা।
উত্তৰ:  কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পােৱা যায়। ক্রমজমৰ গাত ‘জিন’ থাকে। এই জিনে এটা পুৰুষৰ পৰা পৰৱতী পুৰুষলৈ চৰিত্ৰ বহন কৰে।

লগতে পঢ়ক:   কৈশােৰ প্রাপ্তি Class 8 Science Chapter 10 Question Answer In Assamese

প্রশ্ন ৪ঃ ‘কোষ জীৱৰ মৌলিক গঠনগত গােট’। ব্যাখ্যা কৰা।
উত্তৰ : জীৱৰ দেহৰ গঠনত ভাগ লােৱা ক্ষুদ্রাতি ক্ষুদ্র অংশ হ’ল কোষ। জীৱবােৰ বিভিন্ন প্রজাতিৰ হ’লেও সকলােবােৰ জীৱদেহ কিন্তু কোষেৰেই গঠিত। এটা জীৱৰ কোষবেৰ একেধৰণৰ। দেৱাল এখন বনােৱাত যিদৰে একেধৰণৰ ইটা লগলগাই সম্পূর্ণ দেৱালখন বনােৱা হয়, তেনেদৰে একেধৰণৰ কোষেও একেটা জীৱদেহৰ সৃষ্টি কৰে। গতিকে কোষক জীৱদেহ গঠনৰ মৌলিক একক বােলা হয়। জীৱৰ সকলোেবােৰ কাৰ্য কোষৰ কোষাংগসমূহৰ দ্বাৰা পৰিচালিত হয়। এটা জীৱৰ কোষবােৰ একে কিন্তু আন এটা জীৱৰ কোষৰ আকৃতিৰ লগত নিমিলে। কোষবােৰৰ গঠন অতি জটিল।

প্রশ্ন 9ঃ কিয় হৰিৎকণা মাথাে উদ্ভিদৰ কোষতহে পােৱা যায় ? ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ভিদবােৰে তাৰ সেউজীয়া পাতত থকা ক্লৰফিলৰ সহায়ত নিজৰ খাদ্য তৈয়াৰ কৰে। প্ৰাণীয়ে নকৰে। উদ্ভিদৰ খাদ্য তৈয়াৰ কৰা প্রক্রিয়াক সালােক সংশ্লেষণ বােলে। উদ্ভিদৰ পাতত সালােক সংশ্লেষণৰ বাবে প্রয়ােজনীয় ক্লৰফিল তাৰ পাতত থকা কোষৰ কোষপ্রৰসত সিচঁৰিত হৈ থকা প্লাষ্টিডত থাকে। যদি হৰিকণা নাথাকিলহেঁতেন তেন্তে উদ্ভিদে সালােকসংশ্লেষণ ঘটাব নােৱাৰিলেহেঁতেন। সেইবাবে উদ্ভিদৰ কোষতহে হৰিৎকণা বা ক্লৰফিল থাকে। প্রাণীয়ে খাদ্য প্রস্তুত দেহত নকৰে বাবে প্রাণীদেহত নাথাকে।

কোষ গঠন আৰু কাৰ্য Class 8

অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন 1: কোষৰ আৱিষ্কাৰক কোন আছিল? তেওঁ কিমান চনত কিধৰণে ইয়াক আৱিষ্কাৰ কৰিছিল?
উত্তৰ : কোষৰ আৱিষ্কাৰক ৰবাৰ্ট হুক।
সৰল আতচী কাচ সম্বলিত এবিধ যন্ত্ৰৰ সহায়ত কক’ৰ চকল এডোখৰ নিৰীক্ষণ কৰি 1665 চনত তেওঁ কোষ আৱিষ্কাৰ কৰিছিল। কক’ৰ গাত তেওঁ মৌচাকৰ দৰে সৰু সৰু কিছুমান পৃথক পৃথক কোঠালি দেখা পাইছিল।

লগতে পঢ়ক:   উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 বিজ্ঞান পাঠ 7

প্রশ্ন 2ঃ কোষৰ গঠনৰ ভিত্তিত জীৱ কেই প্ৰকাৰৰ উদাহৰণ দিয়া।
উত্তৰ: কোষৰ গঠনৰ ভিত্তিত জীৱ দুই প্ৰকাৰৰ— এককোষী জীৱ আৰু বহুকোষী জীৱ।

উদাহৰণ : এককোষী জীৱ – এমিবা, পেৰামছিয়াম আদি। বহুকোষী জীৱ: মানুহ, বাঘ, সিংহ, হাতী, কল, আম, ভেকুলী, মাছ, পৰুৱা আদি।

প্রশ্ন 3: এমিবা আৰু পেৰামছিয়ামৰ কোষৰ চিত্র অংকন কৰা।

কোষ গঠন আৰু কাৰ্য Class 8
এমিবা আৰু পেৰামছিয়ামৰ কোষৰ চিত্র

প্রশ্ন 4: এমিবাই কিহৰ সহায়ত চলাচল কৰে?
উত্তৰ : এমিবাই কূটপদৰ সহায়ত চলাচল কৰে।

প্রশ্ন 5ঃ মানুহৰ পেশীকোষ আৰু লোহিত ৰক্ত কণাৰ চিত্ৰ অংকন কৰা।
চিত্র: (ক) মানুহৰ গোলাকাৰ লোহিত ৰক্ত কণিকা, (খ) মাকো আকাৰৰ পেশী কোষ

কোষ গঠন আৰু কাৰ্য Class 8
মানুহৰ পেশীকোষ আৰু লোহিত ৰক্ত কণাৰ চিত্ৰ

কোষ গঠন আৰু কাৰ্য Class 8

প্রশ্ন 6: কোষৰ আকাৰ কেনেকুৱা ? আটাইতকৈ সৰু আৰু ডাঙৰ কোষৰ আকাৰ কিমান?
উত্তৰ : কোষৰ আকাৰ অতি ক্ষুদ্ৰ। বেছি ভাগকে খালী চকুৰে মনিব নোৱাৰি।

ইয়াৰ আকাৰ প্ৰায় এক মাইক্রন বা এক মাইক্ৰ’মিটাৰ। অৰ্থাৎ এক মিটাৰৰ এক নিযুত
ভাগৰ এভাগ।
আটাইতকৈ সৰু আকাৰৰ কোষ হ’ল বেক্টেৰিয়া কোষ। ইয়াৰ আকাৰ 0.1 – 0.5 মাইক্ৰ’মিটাৰ। আটাইতকৈ ডাঙৰ আকাৰৰ কোষটো হ’ল উট চৰাইৰ কণীটো। ইয়াৰ আকাৰ 170 মি.মি. × 130 মি.মি.।

প্রশ্ন 7: কলা কাক বোলে? উদাহৰণ দিয়া।
উত্তৰ : একেজাতীয় কোষে লগ হৈ একোটা সৰু অংগৰ গঠন কৰে ইয়াকে কলা বোলে। উদাহৰণ : পেশী কলা।

প্রশ্ন ৪ঃ কোষৰ অংশসমূহৰ নাম লিখা।
উত্তৰ : কোষৰ অংশসমূহৰ নাম হ’ল—
(i) কোষাৱৰণ (Cell membrane)
(iii) অতিকেন্দ্ৰ (Nucleous)
(v) ক্ৰম’জ’ম (Chromosome)
(vii) ৰসধানী (Vacuole)
(ii) কোষকেন্দ্র (Nucleus)
(iv) কোষপ্ৰৰস (Cytoplasm)
(vi) মাইট’কন্দ্ৰিয়া (Mitochondria)
(viii) প্লাষ্টিড (Plastid) ইত্যাদি।

প্রশ্ন : কোষৰ কোনটো অংশত কোষাংগবােৰ থাকে?

উত্তৰঃ কোষ প্রৰসত।

প্রশ্ন 2: স্নায়ুকোষে কি কাম কৰে?

উত্তৰঃ স্নায়ুকোষৰ কাম: স্নায়ুকোষে সংকেত গ্রহণ আৰু প্ৰেৰণ কৰে। কেন্দ্রীয় স্নায়ুতন্ত্রক এই সংকেত যােগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সমন্বয় স্থাপন কৰে।

প্রশ্ন : কোষৰ কোনটো অংশত ক্ৰম’জ’ম পােৱা যায় ?

উত্তৰ:  কোষৰ কোষকেন্দ্ৰত ক্ৰম’জ’ম পােৱা যায়।

প্রশ্ন : কোষৰ আৱিষ্কাৰক কোন আছিল?

উত্তৰ : কোষৰ আৱিষ্কাৰক ৰবাৰ্ট হুক।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top