কোষ গঠন আৰু কাৰ্য Class 8 – বিজ্ঞানৰ প্রশ্নোত্তৰ

বিষয়: বিজ্ঞান
পাঠৰ নাম: কোষ – গঠন আৰু কাৰ্য
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নং: পাঠ 8
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

কোষ – গঠন আৰু কাৰ্য


প্রশ্নোত্তৰ

প্রশ্ন 1: তলৰ উক্তিবোৰ সত্য নে অসত্য চিনাক্ত কৰা।

উক্তিউত্তৰ
১) এককোষী জীৱৰ দেহত এটা কোষ থাকে।সত্য
২) পেশী কোষবোৰ শাখাযুক্ত।অসত্য
৩) এটা জীৱৰ মৌলিক জীৱিত গোট হ’ল অংগ।অসত্য
৪) এমিবাৰ আকৃতি অনিয়মীয়া।সত্য

প্রশ্ন 2: মানুহৰ স্নায়ুকোষৰ চিত্র আঁকা। স্নায়ুকোষে কি কাম কৰে?

উত্তৰ:
মানুহৰ স্নায়ুকোষৰ চিত্ৰ:

স্নায়ুকোষৰ চিত্ৰ

স্নায়ুকোষৰ কাম: স্নায়ুকোষে সংকেত গ্ৰহণ আৰু প্ৰেৰণ কৰে। কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক এই সংকেত যোগান ধৰে আৰু এনেদৰে দেহৰ বিভিন্ন অংগৰ মাজত সমন্বয় স্থাপন কৰে।


প্রশ্ন 3: তলত দিয়া বিষয়ৰ ওপৰত চমু টোকা লিখা।

  1. কোষপ্ৰস: কোষপ্ৰস হ’ল কোষাৱৰণ আৰু কোষকেন্দ্ৰৰ মাজত থকা জেলিৰ দৰে দ্ৰব্য। ইয়াত কোষৰ বহু উপাদান বা কোষাংগ (যেনে মাইটকণ্ডিয়া, গলগি বডি, ৰাইব’জম) পোৱা যায়।
  2. কোষকেন্দ্ৰ: কোষকেন্দ্ৰ হ’ল জীৱ কোষৰ আটাইতকৈ প্ৰয়োজনীয় উপাদান। ই সাধাৰণতে গোলাকাৰ আৰু কোষৰ কেন্দ্ৰত অৱস্থিত। ইয়াত ক্রমজম থাকে, যিয়ে জিন বহন কৰে আৰু বংশানুক্রমে গুণ স্থানান্তৰিত কৰে।

প্রশ্ন 4: কোষৰ কোনটো অংশত কোষাংগবোৰ থাকে?

উত্তৰ: কোষপ্ৰসত।


প্রশ্ন 5: প্রাণী আৰু উদ্ভিদৰ কোষৰ ছবি আঁকা। সিহঁতৰ মাজত থকা তিনিটা পার্থক্য উল্লেখ কৰা।

উত্তৰ: উদ্ভিদ কোষ আৰু প্রাণী কোষৰ ছবি:

পাৰ্থক্য:

প্রাণী কোষউদ্ভিদ কোষ
১) কোষবেৰ নাথাকে।১) ডাঠ কোষবেৰ থাকে।
২) প্লাষ্টিড নাথাকে।২) প্লাষ্টিড থাকে।
৩) ৰসধানী সৰু বা নাই।৩) ডাঙৰ ৰসধানী থাকে।

প্রশ্ন 6: ইউকেৰিঅ’টছ আৰু প্ৰ’কেৰিঅ’টছৰ মাজৰ পার্থক্য উল্লেখ কৰা।

উত্তৰ:

ইউকেৰিঅ’টছ (সংকোষকেন্দ্ৰীয় কোষ)প্ৰ’কেৰিঅ’টছ (প্ৰকোষকেন্দ্ৰীয় কোষ)
১) সুসংগঠিত কোষকেন্দ্ৰ থাকে।১) সুসংগঠিত কোষকেন্দ্ৰ নাথাকে।
২) উচ্চ পৰ্যায়ৰ জীৱত পোৱা যায়।২) নিম্ন পৰ্যায়ৰ জীৱত পোৱা যায়।
৩) উদাহৰণ: মানুহ, গৰু, সাপ।৩) উদাহৰণ: বেক্টেৰিয়া, শেলাই।

প্রশ্ন 7: কোষৰ কোনটো অংশত ক্রমজম পোৱা যায়? সিহঁতৰ কামবোৰ উল্লেখ কৰা।

উত্তৰ: ক্ৰমজম কোষকেন্দ্ৰত পোৱা যায়। ইয়াৰ কাম হ’ল জিন বহন কৰা আৰু বংশানুক্রমে গুণ স্থানান্তৰিত কৰা।


প্রশ্ন 8: ‘কোষ জীৱৰ মৌলিক গঠনগত গোট’। ব্যাখ্যা কৰা।

উত্তৰ: কোষ হ’ল জীৱৰ দেহৰ গঠনৰ মৌলিক একক। সকলো জীৱৰ দেহ কোষেৰে গঠিত। কোষবোৰে জীৱৰ সকলো কাৰ্য সম্পাদন কৰে। গতিকে কোষক জীৱৰ মৌলিক গঠনগত গোট বুলি কোৱা হয়।


প্রশ্ন 9: কিয় হৰিৎকণা মাথোঁ উদ্ভিদৰ কোষতহে পোৱা যায়? ব্যাখ্যা কৰা।

উত্তৰ: হৰিৎকণাত ক্লৰফিল থাকে, যিয়ে সালোকসংশ্লেষণ প্রক্রিয়াৰ সহায়ত উদ্ভিদে খাদ্য প্রস্তুত কৰে। প্রাণীয়ে খাদ্য প্রস্তুত নকৰে বাবে প্রাণী কোষত হৰিৎকণা নাথাকে।


প্রশ্ন 10: কোষৰ আৱিষ্কাৰক কোন আছিল? তেওঁ কিমান চনত কিধৰণে ইয়াক আৱিষ্কাৰ কৰিছিল?

উত্তৰ: কোষৰ আৱিষ্কাৰক হ’ল ৰবাৰ্ট হুক। তেওঁ ১৬৬৫ চনত কক’ৰ চকল এডোখৰ নিৰীক্ষণ কৰি কোষ আৱিষ্কাৰ কৰিছিল।


প্রশ্ন 11: কোষৰ গঠনৰ ভিত্তিত জীৱ কেই প্ৰকাৰৰ? উদাহৰণ দিয়া।

উত্তৰ: কোষৰ গঠনৰ ভিত্তিত জীৱ দুই প্ৰকাৰৰ:

  1. এককোষী জীৱ: এমিবা, পেৰামিছিয়াম।
  2. বহুকোষী জীৱ: মানুহ, গৰু, সাপ, কল।

প্রশ্ন 12: এমিবাই কিহৰ সহায়ত চলাচল কৰে?

উত্তৰ: এমিবাই কূটপদৰ সহায়ত চলাচল কৰে।


প্রশ্ন 13: কলা কাক বোলে? উদাহৰণ দিয়া।

উত্তৰ: একেজাতীয় কোষে লগ হৈ গঠন কৰা সৰু অংগক কলা বোলে। উদাহৰণ: পেশী কলা।


প্রশ্ন 14: কোষৰ অংশসমূহৰ নাম লিখা।

উত্তৰ:
কোষৰ অংশসমূহ হ’ল:

  1. কোষাৱৰণ
  2. কোষকেন্দ্ৰ
  3. অতিকেন্দ্ৰ
  4. কোষপ্ৰস
  5. ক্রমজম
  6. মাইটকণ্ডিয়া
  7. ৰসধানী
  8. প্লাষ্টিড

💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam