Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 – বিজ্ঞান পাঠ 7

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 – বিজ্ঞান পাঠ 7

বিষয়  বিজ্ঞান Class 8
পাঠৰ নামউদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ প্ৰশ্ন উত্তৰ
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংপাঠ 7
পাঠ্যক্ৰম SCERT

উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ

Class 8 Science Chapter 7


অনুশীলনীৰ প্ৰশ্নোত্তৰ

প্ৰশ্ন ১: খালী ঠাই পূৰ কৰা।

Winter Sale

(ক) প্রাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আবাসস্থলীত সংৰক্ষণ কৰি ৰখা ঠাইকে চিৰিয়াখানা বুলি কোৱা হয়।
(খ) এটা নির্দিষ্ট অঞ্চলত পোৱা প্ৰজাতিক থলুৱা প্রজাতি বুলি জনা যায়।
(গ) জলবায়ুৰ পৰিৱৰ্তনৰ বাবে প্ৰব্ৰজনকাৰী চৰাইবোৰে বহু দূৰণিৰ ঠাইলৈ উৰি যায়।


প্ৰশ্ন ২: এটাৰ পৰা আনটোক পৃথক কৰা।

(ক) বন্যপ্রাণী অভয়াৰণ্য আৰু জীৱমণ্ডল সংৰক্ষিত অঞ্চল
উত্তৰ:

  • বন্যপ্রাণী অভয়াৰণ্য: ইয়াত প্রাণীসমূহক আৰু সিহঁতৰ আৱাসস্থলীৰ কোনো ধৰণৰ ক্ষতি নকৰাকৈ সুৰক্ষা প্ৰদান কৰা হয়। ইয়াত প্রাণী বধ কৰা নিষিদ্ধ।
  • জীৱমণ্ডল সংৰক্ষিত অঞ্চল: ইয়াত বন্য প্রাণী, উদ্ভিদ আৰু প্রাণীজাত সম্পদৰ লগতে জনজাতি সকলৰ পৰম্পৰাগত জীৱনশৈলী সংৰক্ষণ কৰা হয়।

(খ) চিৰিয়াখানা আৰু অভয়াৰণ্য
উত্তৰ:

  • চিৰিয়াখানা: ইয়াত প্রাণীসমূহক সিহঁতৰ প্ৰাকৃতিক আবাসস্থলীত সংৰক্ষণ কৰি ৰখা হয়।
  • অভয়াৰণ্য: ই হৈছে এক বৃহৎ বনাঞ্চল য’ত বন্য প্রাণীসমূহৰ সুৰক্ষা আৰু স্বাভাৱিক জীৱন যাপনৰ ব্যৱস্থা কৰা হয়।

(গ) বিপন্ন আৰু বিলুপ্ত প্রজাতি
উত্তৰ:

  • বিপন্ন প্রজাতি: যিবোৰ প্ৰাণীৰ সংখ্যা এটা নির্দিষ্ট পর্যায়লৈ হ্রাস হৈ বিলুপ্তিৰ পথলৈ গৈ আছে।
  • বিলুপ্ত প্রজাতি: যিবোৰ প্রাণী পৃথিৱীৰ পৰা বহু বছৰ আগতেই নোহোৱা হৈ গৈছে।

(ঘ) উদ্ভিদকুল আৰু প্রাণীকুল
উত্তৰ:

  • উদ্ভিদকুল: কোনো এক বিশেষ অঞ্চলত পোৱা উদ্ভিদসমূহ।
  • প্রাণীকুল: কোনো এক বিশেষ অঞ্চলত পোৱা প্রাণীসমূহ।

প্ৰশ্ন ৩: বনাঞ্চল ধ্বংসৰ প্ৰভাৱ তলত দিয়াৰ বােৰত কেনেদৰে পৰে আলোচনা কৰা।

(ক) বন্য প্রাণী: বনাঞ্চল ধ্বংসৰ ফলত প্রাণীৰ বাসস্থান নষ্ট হয়, ফলত বহু প্রাণী বিপন্ন হৈ বিলুপ্তিৰ পথলৈ যায়।
(খ) পৰিৱেশ: বনাঞ্চল ধ্বংসৰ ফলত বায়ুমণ্ডলৰ উষ্ণতা বৃদ্ধি, অক্সিজেনৰ পৰিমাণ হ্রাস, বৰষুণৰ পৰিমাণ কমি যোৱা আদি সমস্যাৰ সৃষ্টি হয়।
(গ) গাঁও (গ্রাম্য অঞ্চল): বনাঞ্চল ধ্বংসৰ ফলত গাঁও অঞ্চলত বৰষুণৰ পৰিমাণ কমে, মাটিৰ উৰ্বৰতা হ্রাস পায় আৰু প্রাকৃতিক দুর্যোগৰ পৰিমাণ বাঢ়ে।
(ঘ) নগৰ (নগৰীয়া অঞ্চল): নগৰ অঞ্চলত প্ৰদূষণৰ মাত্রা বাঢ়ে আৰু উষ্ণতা বৃদ্ধি পায়।
(ঙ) পৃথিৱী: গোলকীয় উষ্ণতা বৃদ্ধি, সাগৰৰ জলপৃষ্ঠৰ উচ্চতা বৃদ্ধি আদি সমস্যাৰ সৃষ্টি হয়।
(চ) উত্তৰ প্রজন্ম: বনাঞ্চল ধ্বংসৰ ফলত উত্তৰ প্রজন্মৰ বাবে পৰিৱেশ বিপন্ন হ’ব আৰু জীৱবৈচিত্ৰ্য হ্রাস পাব।


প্ৰশ্ন ৪: কি হ’ব পাৰে যদি—

(ক) আমি গছ কাটি গৈ থাকোঁ?
উত্তৰ: গছ কাটি গৈ থাকিলে বায়ুমণ্ডলত কার্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়িব আৰু অক্সিজেনৰ পৰিমাণ কমিব। বৰষুণৰ পৰিমাণ হ্রাস পাব আৰু পৰিৱেশ বিপন্ন হ’ব।

(খ) প্রাণীৰ আৱাসস্থলী বিঘ্নিত হয়?
উত্তৰ: প্রাণীৰ বাসস্থান নষ্ট হ’লে বহু প্রাণী বিপন্ন হৈ বিলুপ্তিৰ পথলৈ যাব।

(গ) মাটিৰ ওপৰৰ স্তৰ মুকলি কৈ থাকে?
উত্তৰ: মাটিৰ ওপৰৰ স্তৰ মুকলি হৈ থাকিলে মাটিৰ খহনীয়া হ’ব আৰু উৰ্বৰতা হ্রাস পাব।


প্ৰশ্ন ৫: চমুকৈ উত্তৰ দিয়া।

(ক) জীৱ বিচিত্ৰতাক আমি কিয় সংৰক্ষণ কৰিব লাগে?
উত্তৰ: জীৱ বিচিত্ৰতা সংৰক্ষণ নকৰিলে খাদ্যশৃংখল আৰু পৰিস্থিতি তন্ত্ৰৰ বিশৃংখলতা ঘটিব, ফলত বহু জীৱৰ বিপন্ন আৰু বিলুপ্তি ঘটিব।

(খ) সৰক্ষিত বনাঞ্চল বন্যপ্রাণীৰ বাবে সম্পূর্ণভাবে সুৰক্ষিত নহয়, কিয়?
উত্তৰ: সৰক্ষিত বনাঞ্চলত চোৰাং চিকাৰী আৰু স্থানীয় লোকসকলে বন্যপ্রাণী হত্যা কৰাৰ সম্ভাৱনা থাকে।

(গ) কিছুমান জনজাতি বনাঞ্চলৰ ওপৰত নিৰ্ভৰশীল, কেনেকৈ?
উত্তৰ: জনজাতিসকলে বনাঞ্চলৰ পৰা খাদ্য, খৰি, কাঠ আদি সংগ্ৰহ কৰি জীৱন ধাৰণ কৰে।

(ঘ) বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিণতি কি?
উত্তৰ:

  • কাৰণ: জনসংখ্যা বৃদ্ধি, কৃষিৰ বাবে বনাঞ্চল ধ্বংস, শিল্প-কল-কাৰখানা আদি।
  • পৰিণতি: বায়ু প্ৰদূষণ, বৰষুণৰ পৰিমাণ হ্রাস, উষ্ণতা বৃদ্ধি আদি।

(ঙ) ৰেড ডেটা বুক কি?
উত্তৰ: ৰেড ডেটা বুক হৈছে এখন কিতাপ য’ত বিপন্ন আৰু বিলুপ্ত প্রজাতিসমূহৰ নাম লিপিবদ্ধ কৰা হয়।

(চ) প্ৰব্ৰজন বুলিলে কি বুজা?
উত্তৰ: প্ৰব্ৰজন হৈছে প্রাণীৰ এঠাইৰ পৰা আন এঠাইলৈ বছৰৰ কোনো সময়ত বিশেষ উদ্দেশ্য সাধনৰ বাবে গমন কৰা।


প্ৰশ্ন ৬: কাৰখানাৰ নিতৌ বর্ধিত চাহিদা পূৰাবলৈ আৰু আৱাসিক অঞ্চল বৃদ্ধিৰ বাবে অবিৰতভাৱে গছকটা হৈছে। ইয়াৰ বাবে গছকটাটো উচিতনে? আলোচনা কৰা আৰু এটি চমুটোকা প্রস্তুত কৰা।

উত্তৰ: গছকটা উচিত নহয়। ইয়াৰ ফলত পৰিৱেশ বিপন্ন হ’ব, বায়ু প্ৰদূষণ বৃদ্ধি পাব, বৰষুণৰ পৰিমাণ কমিব আৰু জীৱবৈচিত্ৰ্য হ্রাস পাব।


প্ৰশ্ন ৭: নিজৰ অঞ্চলৰ সেউজ সম্পদক প্রতিপালন কৰাৰ বাবে কেনেধৰণৰ বৰঙণি আগবঢ়াবা?

উত্তৰ:

  • গছ কটা বন্ধ কৰা।
  • নতুন গছ ৰোৱা।
  • গছবোৰক উপযুক্ত পানী আৰু পোষক দ্ৰব্য যোগান ধৰা।
  • বৃক্ষৰোপণ কৰা।

প্ৰশ্ন ৮: বনাঞ্চল ধ্বংসই কেনেদৰে বৰষুণৰ পৰিমাণ হ্রাস কৰে, বুজাই লিখা।

উত্তৰ: বনাঞ্চল ধ্বংসৰ ফলত বাষ্পীভৱন প্রক্রিয়া বন্ধ হয়, ফলত মেঘৰ সৃষ্টি নহয় আৰু বৰষুণৰ পৰিমাণ হ্রাস পায়।


প্ৰশ্ন ৯: কাগজ কিয় বচাব লাগে? কাগজ বচোৱাৰ বিভিন্ন উপায়ৰ তালিকা এখন প্রস্তুত কৰা।

উত্তৰ:

  • কাগজ বাঁহ, খেৰ আদিৰ পৰা তৈয়াৰ কৰা হয়। গতিকে কাগজ বচালে বনাঞ্চল ধ্বংস ৰোধ কৰিব পাৰি।
  • কাগজ বচোৱাৰ উপায়:
  1. কাগজৰ মিতব্যয়িতা।
  2. ব্যৱহাৰ হোৱা কাগজ পুনৰ ব্যৱহাৰ কৰা।
  3. কাগজৰ পুৰা কাৰ্য বন্ধ কৰা।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam