দহন আৰু শিখা Class 8 বিজ্ঞান পাঠ ৬ প্ৰশ্ন উত্তৰ

দহন আৰু শিখা
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম দহন আৰু শিখা প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ 6
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

দহন আৰু শিখা Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1ঃ দহন সংঘটিত হ’বৰ বাবে আৱশ্যকীয় চৰ্তবােৰৰ তালিকা প্রস্তুত কৰা।
উত্তৰঃ দহন সংঘটিত হ’বৰ বাবে আৱশ্যকীয় চর্তবােৰ হ’ল—
(১) দাহ্য পদার্থ হ’ব লাগিব।
(২) দহনৰ বাবে সহায়ক অক্সিজেনৰ উপস্থিতিৰ প্রয়ােজন।
(৩) জ্বলন বিন্দু পাব লাগিব।

প্রশ্ন 2ঃ খালী ঠাই পূৰ কৰা।
(ক) কাঠ আৰু কয়লাৰ দহনে বায়ুৰ___ ঘটায়।
(খ) ঘৰত ব্যৱহাৰ কৰা এবিধ জুলীয়া ইন্ধন হ’ল___|

(গ) দহন আৰম্ভ হােৱাৰ আগতে ইন্ধনক তাৰ___, ___লৈ নিশ্চয়কৈ তপতাব লাগে।
(ঘ) তেলৰ দ্বাৰা উৎপন্ন হােৱা জুইক ___ৰ দ্বাৰা নিয়ন্ত্রণ কৰিব নােৱাৰি।
উত্তৰঃ (ক) প্রদূষণ।
(খ) কেৰাছিন।
(গ) জ্বলন, বিন্দু।
(ঘ) পানীৰ।

প্রশ্ন 3ঃ যানবাহনত চি. এন. জিৰ ব্যৱহাৰে আমাৰ নগৰবােৰত কিদৰে প্ৰদূষণ কমাইছে। ব্যাখ্যা কৰা।
উত্তৰঃ যানবাহনত চি. এন. জি.ৰ ব্যৱহাৰে নগৰবােৰত প্ৰদূষণ বহু পৰিমাণে কমায়। পেট্রল বা ডিজেলৰ দহনত কার্বন-ডাই-অক্সাইডৰ দৰে প্ৰদূষক উৎপন্ন কৰে। কিন্তু চি.এন. জি. দহন কৰিলে এনে গেছ অতি সামান্য পৰিমাণেহে উৎপন্ন হয়। কাৰণ এই গেছ অতি পৰিষ্কাৰ ইন্ধন।

প্রশ্ন 4 ইন্ধন হিচাবে এল. পি. জি. আৰু কাঠ তুলনা কৰা।
উত্তৰঃ ইন্ধন হিচাবে এল. পি. জি. আৰু কাঠ (খৰি) তলত দিয়াৰ দৰে তুলনা কৰিব পাৰি।

LPG কাঠ
1) দহনত কোনাে অৱশিষ্ট নৰয়।  1) দহনত অৱশিষ্ট থাকে। যাক ছাই বােলে।
2) সহজে জ্বলি উঠে। 2) সহজে জ্বলি নুঠে।
3) জ্বলনাংক অতি কম। 3) জ্বলনাংক বেছি।
4) দহনত ধোঁৱা বেছি নােলায়।  4) দহ্নত যথেষ্ট ধোঁৱা উৎপন্ন হয়।
5) চিলিণ্ডাৰত উচ্চ চাপত সংকুচিত কৰি ভৰাই কঢ়িয়াই নিব পাৰি।  5) পৰিমাণত বহুত বেছি হয়। কঢ়িয়াবলৈ জটিল হয়।

লগতে পঢ়ক:   ঘর্ষণ Class 8 (প্ৰশ্ন উত্তৰ) অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ 12

অষ্টম শ্ৰেণী বিজ্ঞান পাঠ 6

প্রশ্ন 5ঃ কাৰণ দর্শাৱা-

(ক) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্রণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়।
(খ) ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ এল, পি. জি, অধিক ভাল।
(গ) কাগজ এখনত নিজেই সহজে জুই লাগে, আনহাতে এলুমিনিয়াম পাইপত মেৰিওৱা কাগজ সহজে নালাগে।
উত্তৰঃ (ক) বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্রণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী হৈ পৰে। পানীৰে বিদ্যুত চালিত হৈ পানীৰে জুইনুমুৱাজনৰ বিপদ ঘটিৰ পাৰে।

(খ) LPG বা ৰন্ধন গেছে ধোঁৱাৰ সৃষ্টি নকৰে। পাত্ৰৰ তলিত কলা নহয়। তাপ বেছিকৈ দিয়ে। দহনত অৱশিষ্ট (ছাই) উৎপন্ন হয়।কিন্তু কাঠ দহনত ধোঁৱা ওলায়। পাত্ৰৰ তলিত কাজল হয়। দহন সম্পূর্ণ নহয় বাবে আঙঠা আৰু ছাইৰ উৎপন্ন হয়। তাপ উৎপন্ন হােৱাৰ মাত্রাও কম। সেইবাবে ঘৰুৱা ব্যৱহাৰত কাঠতকৈ এল, পি. জি, অধিক ভাল।

(গ) কাগজৰ জ্বলনাংক কম। সেয়ে ইয়াত সহজে জুই লাগে। যদি এলুমিনিয়ামৰ পাইপত মেৰিয়াই দিয়া হয়, তেতিয়া ইয়াৰ জ্বলনাংক বাঢ়ি যায়, ফলত সহজে জুই নালাগে।

প্রশ্ন: মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা।
উত্তৰ তলত মমবাতিৰ শিখাৰ চিহ্নিত চিত্র অংকন কৰি দেখুওৱা হ’ল—

class 8 Science Chapter 6

প্রশ্ন 7ঃ ইন্ধনৰ কেলৰি মান প্রকাশ কৰা এককটোৰ নাম লিখা।
উত্তৰ: ইন্ধনৰ কেলৰি মান প্রকাশ কৰা এককটোৰ নাম কিল’জুল/কিল’গ্রাম (KJ/kg).

প্রশ্ন ৪ঃ কার্বন-ডাই-অক্সাইডে কেনেকৈ জুই নিয়ন্ত্রণ কৰিব পাৰে ব্যাখ্যা কৰা।
উত্তৰঃ কার্বন-ডাই-অক্সাইড (CO2) অক্সিজেনতকৈ বহু গধুৰ। CO2 গেছে জুইক কয়লাৰ দৰে ঢাকি ধৰে। এনে হােৱাৰ বাবে বায়ুৰ অক্সিজেনৰ লগত ইয়াৰ সংযােগ বিচ্ছিন্ন হয়। অক্সিজেন অবিহনে জুই নজ্বলে। গতিকে জুইকুৰা নুমাই যায়। এইদৰে CO, দ্বাৰা জুই নিয়ন্ত্রণ হয়।

প্রশ্ন 9ঃ কেঁচা পাতৰ দম এটা পুৰিবলৈ টান কিন্তু শুকান পাতত সহজে জুই লাগে। ব্যাখ্যা কৰা।
উত্তৰঃ শুকান পাততকৈ কেঁচা পাতৰ জ্বলনাংক বেছি। গতিকে শুকান পাতৰ দম এটাত সােনকালে জুই লাগে, কিন্তু কেঁচা পাতৰ দমত সিমান সােনকালে জুই নালাগে।

লগতে পঢ়ক:   প্রাণীৰ প্রজনন Class 8 বিজ্ঞান পাঠ ৯ প্ৰশ্ন উত্তৰ Question Answer in assamese

প্রশ্ন 10. সােণ আৰু ৰূপ গলাবলৈ সােণাৰী এজনে শিখাৰ কোনটো মণ্ডল ব্যৱহাৰ কৰে? ব্যাখ্যা কৰা।

উত্তৰঃ সােণ আৰু ৰূপ গলাবলৈ সােণাৰী এজনে শিখাৰ বহিমণ্ডলটো (নীলামণ্ডল) ব্যৱহাৰ কৰে। কাৰণ এই মণ্ডলৰ উত্তাপ সর্বাধিক। উষ্ণতা প্রায় 800° ছে, আৰু এই মণ্ডলটো উজল নহয়।

প্রশ্ন 11: কোনাে এটা পৰীক্ষাত ইন্ধন এটাৰ 4.5 কেজি পৰিমাণক সম্পূর্ণভাৱে পােৰা হ’ল। উৎপন্ন হােৱা তাপৰ পৰিমাণ 180,000 KJ পােৱা গ’ল। ইন্ধনটোৰ কেলৰি মান গণনা কৰা।
উত্তৰ ইয়াত ইন্ধনৰ ভৰ = 4.5 কি.গ্রা.
উৎপন্ন তাপৰ পৰিমাণ = 180,000 কি.জুল
∴ ইন্ধনৰ কেলৰি মান হ’ব =180000/4.5 = 40,000 কি.জুল/কি.গ্রা.

প্রশ্ন 12: মামৰে ধৰা প্ৰক্ৰিয়াটোক দহন বুলি ক’ব পাৰি নে? আলােচনা কৰা।
উত্তৰঃ মামৰে ধৰা প্রক্রিয়াক দহন বুলিব নােৱাৰি। এই প্রক্রিয়া এক ৰাসায়নিক বিক্রিয়া মাথােন। ইয়াত তাপ, শক্তি আৰু পােহৰ উভয়ে উৎপন্ন হয়। দহনত তাপ আৰু পােহৰ উভয়ে উৎপন্ন হয়।

প্রশ্ন 13ঃ আবিদা আৰু ৰমেশে এটা পৰীক্ষা কৰি আছে যত বিকাৰত পানী তপতাৰ লাগে। আবিদাই মমবাতি শিখাৰ হালধীয়া অংশৰ ওচৰত বিকাৰটো ৰাখিলে। ৰমেশে শিখাটোৰ বহিৰতম অংশত বিকাৰটো ৰাখিলে। কাৰ পানীখিনি সােনকালে তপত হব?
উত্তৰ : ৰমেশৰ পানীখিনি সােনকালে তপত হ’ব। কাৰণ ৰমেশে শিখাৰ বহিঃমণ্ডল (নীলা মণ্ডল) ব্যৱহাৰ কৰিছে। এই মণ্ডলৰ তাপ বেছি। আবিদাই হালধীয়া মণ্ডল ব্যৱহাৰ কৰিছে। এই মণ্ডলৰ তাপ কম।

Class 8 Science Chapter 6 question answer in assamese

প্রশ্ন : মম আৰু কয়লা জলাৰ পার্থক্য কি?
উত্তৰঃ মম জ্বলি শিখাৰ উৎপন্ন হয়। কিন্তু কয়লা জ্বলিলে শিখাৰ উৎপন্ন নহয়।

প্রশ্ন 2ঃ দহন আৰু দাহ্য পদার্থ কাক বােলে?
উত্তৰ: দহন (Combustion): যি প্রক্রিয়াত দ্রব্য এটাই অক্সিজেনৰ সৈতে বিক্রিয়া কৰি তাপ উৎপন্ন কৰে তাকে দহন বােলে। যিটো দ্ৰব্যৰ দহন হয় তাক দাহ্য পদার্থ বােলে।

প্রশ্ন 3ঃ আমাৰ শৰীৰত ঘটা দহনৰ বিষয়ে লিখা।
উত্তৰঃ আমাৰ শৰীৰে খাদ্য গ্রহণ কৰে। খাদ্য হ’ল দাহ্য পদার্থ। এই খাদ্য হজম হােৱাৰ পিছত তেজে কঢ়িয়াই নিয়া অক্সিজেনৰ লগত বিক্রিয়া হয়। বিক্রিয়াত তাপ শক্তি উৎপন্ন হয়। গতিকে খাদ্য দ্রব্যবােৰ ভাঙি তাপ উৎপন্ন হয় বাবেই এক প্ৰকাৰৰ দহন।

লগতে পঢ়ক:   কৈশােৰ প্রাপ্তি Class 8 Science Chapter 10 Question Answer In Assamese

প্রশ্ন 7ঃ কাগজৰ কাপ বনাই তাত পানী গৰম কৰিব পাৰি। কাৰণ ব্যাখ্যা কৰা।
উত্তৰঃ কাগজৰ কাপ বনাই পানীগৰম কৰিব পাৰি। কাগজৰ কাপত পানী অলপ ৰাখি তাৰ তলিত জুই দিলে সেই জুইৰ তাপ কাগজৰ মাজেৰে পৰিবাহিত হৈ পানী পায়গৈ। পানীয়ে সেই তাপ শােষণ কৰি থাকে আৰু নিজে গৰম হয়। তাপ কাগজৰ মাজেৰে গৈ পানী পায় বাবে কাগজে জ্বলনাংক নাপায়। সেই বাবে কাগজ কাপটো পুৰি নাযায়।

প্রশ্ন ৪ঃ প্রজ্বালক পদার্থ কাক বােলে? উদাহৰণ দিয়া।
উত্তৰঃ যিবােৰ দ্ৰব্য বা পদাৰ্থৰ জ্বলন উষ্ণতা অতি কম আৰু সহজে জ্বলি যায় তাকে প্রজ্বালক পদার্থ বােলে। পেট্রল,এলকহল, এল. পি, জি, আদি প্রজ্বলক পদাৰ্থৰ উদাহৰণ।

দহন আৰু শিখা Class 8

প্রশ্ন 9ঃ দহনৰ প্ৰকাৰবােৰ উল্লেখ কৰা।
উত্তৰঃ দহনৰ প্ৰকাৰবােৰ হ’ল—
১) স্বতস্ফূৰ্ত্ত দহন
২) দ্রুত দহন।
৩) বিস্ফোৰণ।

প্রশ্ন 10ঃ শিখা কিদৰে উৎপন্ন হয়?
উত্তৰঃ যিবােৰ পদার্থ জ্বলনত বাস্পীভূত হয়, সেইবােৰে শিখাৰ সৃষ্টি কৰে। কেৰাচিন তেল, মমবাতি আদি গলি বাস্পীভূত হৈ দহন হয় বাবে শিখাৰ সৃষ্টি হয়।

প্রশ্ন 11ঃ তলত দিয়া ইন্ধনবােৰৰ কেলৰি মান কিমান?
(ক) কাঠ
(খ) কেৰাচিন
(গ) CNG (ঘ) LPG
(ঙ) হাইড্রজেন গেছ।
উত্তৰঃ (ক) কাঠ → 17000 22000 কি.জুল/কি.গ্রা.
(খ) কেৰাচিন →45000 কি.জুল/কি.গ্রা.
(গ) CNG →50000 কি.জুল/কি.গ্রা.
(ঘ) LPG→ 55000 কি.জুল/কি.গ্রা,
(ঙ) হাইড্রজেন গেছ →15000 কি.জুল/কি.গ্রা.

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top