Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » কিছুমান প্ৰাকৃতিক পৰিঘটনা – (প্রশ্নোত্তৰ) অষ্টম শ্ৰেণীৰ বিজ্ঞান

কিছুমান প্ৰাকৃতিক পৰিঘটনা – (প্রশ্নোত্তৰ) অষ্টম শ্ৰেণীৰ বিজ্ঞান

বিষয়: বিজ্ঞান
পাঠৰ নাম: কিছুমান প্ৰাকৃতিক পৰিঘটনা
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নং: পাঠ 15
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

কিছুমান প্ৰাকৃতিক পৰিঘটনা Class 8


প্রশ্নোত্তৰ

প্রশ্ন 1: তলৰ কোনবিধ বস্তু ঘর্ষণৰ দ্বাৰা সহজে আহিত কৰিব নোৱাৰি?

Winter Sale

(ক) প্লাষ্টিকৰ স্কেল এডাল
(খ) তামৰ দণ্ড এডাল
(গ) ফুলাই থোৱা বেলুন এটা
(ঘ) উলৰ কাপোৰ

উত্তৰ: (খ) তামৰ দণ্ড এডাল


প্রশ্ন 2: এটুকুৰা পাটৰ কাপোৰেৰে কাচৰ দণ্ড এডাল ঘঁহিলে দণ্ডডাল—

(ক) আৰু কাপোৰ টুকুৰা দুয়ো ধনাত্মকভাৱে আহিত হ’ব
(খ) ধনাত্মকভাৱে আৰু কাপোৰ টুকুৰা ঋণাত্মকভাৱে আহিত হ’ব
(গ) আৰু কাপোৰৰ টুকুৰা দুয়ো ঋণাত্মকভাৱে আহিত হ’ব
(ঘ) ঋণাত্মকভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ’ব

উত্তৰ: (ঘ) ঋণাত্মকভাৱে আহিত আৰু কাপোৰ টুকুৰা ধনাত্মকভাৱে আহিত হ’ব


প্রশ্ন 3: তলৰ বাক্যকেইটা সঁচা নে মিছা লিখা।

বাক্যউত্তৰ
(ক) একেজাতীয় আধানে পৰস্পৰক আকর্ষণ কৰে।মিছা
(খ) এডাল আহিত কাচৰ দণ্ডই এডাল আহিত প্লাষ্টিক ঠু’পাইপক আকর্ষণ কৰে।সঁচা
(গ) বজ্ৰ-নিৰোধক পৰিবাহী দণ্ডই অট্টালিকাক বজ্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰে।মিছা
(ঘ) ভূমিকম্পৰ আগজাননী দিব পাৰি।মিছা

প্রশ্ন 4: জাকালি ছুৱেটাৰ এটা খুলিলে কেতিয়াবা ফটফটাই উঠা শব্দ শুনিবলৈ পোৱা যায়। কিয় এনে হয় বুজাই লিখা।

উত্তৰ: শীতকালত বায়ুত আর্দ্রতা কম। চুৱেটাৰত থকা উলবোৰ হ’ল সাংশ্লেষিক আঁহ। গাৰ পৰা চুৱেটাৰটো খোলাৰ লগে লগে ই গাৰ শুকান ছালত ঘর্ষণ হৈ আহিত হয়। ছাল আৰু চুৱেটাৰত উৎপন্ন হোৱা বিপৰীত আধান আৰু গাৰ নোম বা ছুৱেটাৰত উৎপন্ন হোৱা একে আধানৰ বিকর্ষণ ক্রিয়াৰ বাবে ফটফট শব্দৰ সৃষ্টি হয়।


প্রশ্ন 5: আহিত বস্তু এটা হাতেৰে চুলে আধানবোৰ নাইকিয়া হয় বুজাই লিখা।

উত্তৰ: পৃথিৱী সকলো আধানৰ ভঁৰাল। আমাৰ শৰীৰটো বিদ্যুৎ পৰিবাহী হাতেৰে স্পর্শ কৰাৰ লগে লগে আহিত বস্তুৰ ঋণাত্মক আধানবোৰ পৃথিৱীলৈ যায় আৰু পৃথিৱীৰ পৰা ঋণাত্মক আধান শৰীৰৰ মাজেৰে গতি কৰি আহিত বস্তুৰ ধনাত্মক আধানবোৰ উদাসীন হয়। গতিকে বস্তুটো আধানহীন হয়।


প্রশ্ন 6: ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ব্যৱহাৰ কৰা স্কেলৰ নাম লিখা। কোনোবা এটা ভূমিকম্পৰ প্ৰাৱল্য ৰিখটাৰ স্কেলত ৩ হ’লে ইয়াক ছিছম’গ্রাফ এটাই ধৰা পেলাবনে? ই বিস্তৰ ক্ষতি সাধন কৰাৰ সম্ভাৱনা আছেনে?

উত্তৰ: ভূমিকম্প বিধ্বংসী শক্তি জুখিবলৈ ৰিখটাৰ স্কেল ব্যৱহাৰ কৰা হয়। ৰিখটাৰ স্কেলত ৩ মাত্ৰাৰ ভূমিকম্প অতি নিম্নমানৰ। এনে ভূমিকম্পই ঘৰ-দুৱাৰ ক্ষতি সাধন কৰিব পৰা বিধৰ কম্পনৰ সৃষ্টি নকৰে।


প্রশ্ন 7: বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া তিনিটা ব্যৱস্থাৰ দিহা দিয়া।

উত্তৰ: বজ্ৰপাতৰ পৰা নিজকে ৰক্ষা কৰিবলৈ ল’বলগীয়া ব্যৱস্থা:

  1. ঘৰৰ পৰা বাহিৰ ওলাব নালাগে।
  2. বাহিৰত থাকিলেও ওখ বস্তুৰ কাষত থাকিব নালাগে।
  3. গাড়ী-মটৰ চলাই থাকিলে তাক ৰখাই দিব লাগে।

প্রশ্ন 8: আহিত বেলুন এটাই আন এটা আহিত বেলুনক কিয় বিকর্ষণ কৰে আৰু অনাহিত বেলুন এটাই আহিত বেলুন এটাক কিয় আকর্ষণ কৰে বুজাই লিখা।

উত্তৰ: আহিত বেলুন এটাই আন এটা আহিত বেলুনক বিকর্ষণ কৰাৰ কাৰণ হ’ল দুয়োটা বেলুনতে সমজাতীয় আধান সৃষ্টি হয়। অনাহিত বেলুনটো আহিত বেলুনৰ ওচৰলৈ নিলে অনাহিত বেলুনত আহিত বেলুনৰ দ্বাৰা আধান আৱেশিত হয়। এই আধান বিপৰীত প্ৰকৃতিৰ হয়। গতিকে অনাহিত বেলুনটোৱে আহিত বেলুনক আকর্ষণ কৰে।


প্রশ্ন 9: চিত্ৰৰ সহায়ত এটা সঁজুলিৰ বৰ্ণনা দিয়া যাৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।

Class 8 Science Chapter 15

উত্তৰ: স্বর্ণপত্র বিদ্যুতবীক্ষণ যন্ত্ৰৰ দ্বাৰা এটা আহিত বস্তু চিনাক্ত কৰিব পাৰি।
চিত্ৰত দিয়াৰ দৰে খালী বটল এটা আৰু তাৰ ওপৰত ঢাকি দিব পৰাকৈ এখন কার্ডব’ৰ্ড লোৱা হ’ল। কার্ডব’ৰ্ডৰ মাজত ধাতুৰ ক্লিপ সোমাব পৰা ফুটা এটা কৰা হ’ল। এলুমিনিয়ামৰ পাতৰ পৰা ৪ ছে.মি. × ১ ছে.মি. জোখৰ দুটুকুৰা পটি কাটি লোৱা হ’ল। চিত্ৰত দেখুওৱাৰ দৰে সিহঁতক ক্লিপত ওলোমাই দিয়া হ’ল। ক্লিপটো কার্ডব’ৰ্ডৰ লম্বভাৱে থকাকৈ সুমুৱাই দিয়া হ’ল। এডাল ৰিফিল আহিত কৰি তাৰে ক্লিপৰ মূৰত চুই দিয়া হ’ল। এলুমিনিয়ামৰ পটি দুটাৰ বিক্ষেপন ঘটিব। এলুমিনিয়ামৰ মিহি পাত দুটাই ক্লিপৰ যোগেদি একেজাতীয় আধান প্রাপ্ত হৈছে। দুয়োৰে মাজত বিকর্ষণ ঘটিছে বাবে পাত দুখন মেল খাই যায়। আন যিকোনো বস্তু আহিত হয় নে নহয় এই যন্ত্ৰটোৰে চাব পৰা যায়।


প্রশ্ন 10: ভাৰতবৰ্ষৰ তিনিখন ৰাজ্যৰ নাম উল্লেখ কৰা য’ত ভূমিকম্পৰ প্ৰৱল সম্ভাৱনা আছে।

উত্তৰ: ভূমিকম্পৰ প্ৰৱল সম্ভাৱনা থকা ভাৰতৰ ৰাজ্য তিনিখনৰ নাম— অসম, গুজৰাট আৰু কাশ্মিৰ


প্রশ্ন 11: ধৰি লোৱা তুমি ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প আহিল। নিজকে ৰক্ষা কৰিবলৈ কি সাৱধানতা অৱলম্বন কৰিবা?

উত্তৰ: ঘৰৰ বাহিৰত থকা সময়ত ভূমিকম্প হলে তলত দিয়া সাৱধানতাসমূহ ল’ব পাৰি:

  1. ওখ অট্টালিকা, গছ আৰু উচ্চ ক্ষমতাৰ বিদ্যুৎ পৰিবাহী তাৰৰ পৰা আঁতৰত মুকলি ঠাইলৈ যাম আৰু মাটিত শুই দিম।
  2. যদিহে বাছ বা মটৰগাড়ীৰ ভিতৰত থাকো তেতিয়াহ’লে বাহিৰলৈ ওলাই নাযাওঁ। চালকক গাড়ীখন লাহে লাহে মুকলি ঠাইলৈ নিবলৈ নির্দেশ দিম আৰু জোকাৰণি শেষ নোহোৱালৈকে ওলাই নাহো।

প্রশ্ন 12: বতৰ বিজ্ঞান বিভাগে আগজাননী দিলে যে কোনোবা এটা দিনত বিজুলী আৰু ধুমুহা ঢেকেনি অহাৰ সম্ভাৱনা আছে। ধৰি লোৱা তুমি সেই দিনটোতে বাহিৰলৈ যাব লাগে। সেইদিনা ছাতি লগত লৈ যাবা নেকি? বুজাই লিখা।

উত্তৰ: বতৰ বিজ্ঞানে দিয়া বিজুলী আৰু ধুমুহা ঢেৰেকণিৰ আগজাননীৰ দিনা বাহিৰলৈ ওলাই গ’লে লগত ছাতি নিনিয়াটো উচিত নহ’ব। কাৰণ ছাতি ধাতুৰে তৈয়াৰী। ছাতি মেলি বৰষুণৰ পৰা ৰক্ষা পৰিলেও বিজুলীৰ পৰা বিপদ ঘটিব। বজ্ৰপাত তুলনামূলকভাৱে ওখ ঠাইত পৰে। ছাতি নিনিয়াৰ উপৰিও সেই সময়ত ওখ গছ, ওখ বিল্ডিং, ওখ ধাতুৰ খুটা আদিৰ তলত বা কাষত আশ্রয় লোৱাটো বিপদজনক। মাটিত শুই দিব নালাগে। আঁঠুৰ তলত মূৰ সুমুৱাই হাত দুখন আঁঠুৰ ওপৰত ৰাখিব লাগে।


Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam