বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া (VIII) অষ্টম শ্ৰেণী (প্ৰশ্ন উত্তৰ)

বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া
বিষয়   বিজ্ঞান Class 8
পাঠৰ নাম বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া প্ৰশ্ন উত্তৰ
শ্ৰেণী  অষ্টম শ্ৰেণী
পাঠৰ নং পাঠ 14
পাঠ্যক্ৰম  ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন 1ঃ খালী ঠাই পূৰ কৰা।

(ক) বিদ্যুৎ পৰিবহণ কৰা বেছিভাগ জুলীয়া পদার্থই ___ৰ দ্ৰৱ।
(খ) দ্ৰৱ এটাৰ মাজেৰে হােৱা প্রবাহিত বিদ্যুতে ____ক্ৰিয়াৰ সৃষ্টি কৰে।
(গ) কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে বেটাৰিৰ  ____ মেৰুৰ লগত সংযােগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব।
(ঘ) বিদ্যুতৰ দ্বাৰা কোনাে এবিধ পছন্দৰ ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কার্যক ___বােলে।

উত্তৰঃ (ক) এছিড, ক্ষাৰ, লৱণ। (খ) ৰাসায়নিক। (গ) ঋণাত্মক। (ঘ) বিদ্যুৎ লেপন।

প্রশ্ন 2ঃ যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্রৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে?
উত্তৰঃ হয় পাৰিম। যেতিয়া টেষ্টাৰৰ মুক্তমূৰ দ্ৰবত সুমুৱাই দিয়া হয়, ই দ্ৰৱৰ মাজেৰে বর্তনীটো সম্পূর্ণ কৰে। বর্তনী সম্পূর্ণ হলে বিদ্যুৎ চালিত হয়। বিদ্যুৎ চালিত হলে তাত সৃষ্টি হােৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপন ঘটুৱায়।

class 8 science chapter 14

প্রশ্ন 3ঃ তিনিধি জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বক শলাৰ বিক্ষেপণ ঘটিব পাৰে।

class 8 science chapter 14

উত্তৰ: তিনিবিধ জুলীয়া পদাৰ্থৰ নাম হ’ল– নিমখ পানী, হাইড্রক্লৰিক এচিড আৰু কপাৰ ছালফেট দ্ৰৱ।
প্রশ্ন 4 চিত্ৰত, দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱপৰ কাৰণবােৰ লিখা। তােমাৰ উত্তৰ ব্যাখ্যা কৰিবা।

উত্তৰঃ বাল্বটো নজ্বলাৰ সম্ভাব্য কাৰণবােৰ হ’ল
(i) বর্তনীৰ সংযােগ ঢিলা থাকিব পাৰে, (ii) বাল্বটো বেয়া হ’ব পাৰে। (iii) বেটাৰিটো বেয়া হ’ব পাৰে, (iv) পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহ’ব পাৰে।

প্রশ্ন 5ঃ ‘A’ আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ’ল যে জুলীয়া পদার্থ ‘A’ৰ ক্ষেত্ৰত বাল্বটো উজ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্রভ। তুমি সিদ্ধান্ত ল’বা যে—
(ক) জুলীয়া পদার্থ ‘B’ তকৈ জুলীয়া পদার্থ ‘A’ উন্নত পৰিবাহী।
(খ) জুলীয়া পদার্থ ‘A’ তকৈ জুলীয়া পদার্থ ‘B’ উন্নত পৰিবাহী।
(গ) দুয়ােটা জুলীয়া পদার্থ সমভাৱে পৰিবাহী।
(ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নােৱাৰি।
উত্তৰঃ বাল্বটো A তৰলৰ ক্ষেত্ৰত মুঠেই জ্বলি নুঠে আৰু Bত কমকৈ জ্বলে, ইয়াৰ অর্থটো এই যে B তৰলটো A তৰলতকৈ বেছি বিদ্যুতৰ পৰিবাহী। উত্তৰটো (খ) হ’ব।

লগতে পঢ়ক:   পোহৰ Class 8 – প্রশ্নোত্তৰ অষ্টম শ্ৰেণী বিজ্ঞান

Class 8 Science Chapter 14 Question Answer in Assamese

প্রশ্ন 6 বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰো?
উত্তৰঃ বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে। ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্রবীভূত কৰিব লাগিব।

প্রশ্ন 7ঃ অগ্নিকাণ্ডত অগ্নিনির্বাপক জোৱানসকলে পানীৰ নল খােলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যােগান বন্ধ কৰি দিয়ে। তেওঁলােকে এনে কিয় কৰে ব্যাখ্যা কৰা।
উত্তৰ : অগ্নিনির্বাপন কার্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয়। ইয়াত লৱণ মিশ্ৰিত হৈ থাকে। ফলত ই পৰিবাহী হয়। যদি এই পানী বিদ্যুৎ চালিত হৈ থকা তাঁৰত পৰে তেন্তে পানীৰ মাজেদি বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব। সেইবাবে জোৱানসকলে পানীৰ নল খােলাৰ আগতে বিদ্যুৎ সংযােগ বন্ধ কৰি দিয়া হয়।

প্রশ্ন ৪ঃ উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খােৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে?

উত্তৰঃ সাগৰৰ পানীত খােৱা পানীতকৈ অধিক লৱণ দ্রবীভূত হৈ থাকে। গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয়। গতিকে চুম্বক শলাৰ সেইবাবে বিক্ষেপন বেছি হয়।

প্রশ্ন 9ঃ ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্রী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? ব্যাখ্যা কৰা।
উত্তৰঃ ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্রী এজনে ঘৰৰ বাহিৰৰ বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়। কাৰণ বৰষুণৰ পানীত অম্ল বা ক্ষাৰ মিহলি হৈ থাকে। গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয়। কাম কৰি থাকিলে বিদ্যুৎ প্রবাহিত হৈ মিস্ত্রীগৰাকীৰ মৃত্যুও ঘটিব পাৰে।

প্রশ্ন 10ঃ প্রহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল। গতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্রহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে। তাই কম্পাছশলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে। কাৰণবােৰ কি কি হ’ব পাৰে?
উত্তৰঃ বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্রবীভূত কৰি কিছু আম্লিক হৈ পৰে। গতিকে ই বিদ্যুৎ পৰিবাহী হয়। গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰকম্পাছশলাৰ বিক্ষেপণ দেখিব।

লগতে পঢ়ক:   বিজ্ঞান Class 8 Science Assamese Medium

বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া Class VIII

প্রশ্ন 11ঃ তােমাৰ চাৰিওপিনে বিদ্যুৎলেপন বিশিষ্ট বস্তুবােৰৰ এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ আমাৰ চাৰিওফালে থকা বিদ্যুৎলেপন বস্তুৰ কিছুমানৰ নাম হ’ল—
(i) কম দামী আ-অলংকাৰবােৰ। (ii) দৰজা, খিৰিকিৰ হেণ্ডেলবােৰ । (iii) বাথৰূম, পাকঘৰ আদিৰ টেপবােৰ। (iv) গেছ বার্ণাৰৰ আৰু ৰন্ধা বাচন বৰ্তনৰ তলিবােৰ (v) ঘৰৰ ছালৰ টিনপাতবােৰ। (vi) তলা-ছাবি আদি।

প্রশ্ন 12ঃ ক্রিয়াকলাপ ১৪:৭ ত তুমি দেখা প্রক্রিয়াটোৰে তাম শুদ্ধ কৰা হয়। বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশােধিত তামৰ শকত দণ্ড এডাল তড়িদ্বাৰৰূপে লােৱা হয়। অশুদ্ধ মিহি পাতখনলৈ তাম স্থানান্তৰ কৰিব খােজা হৈছে। বেটাৰিৰ ধনাত্মক মেৰুত কোনডাল তড়িদ্বাৰ সংযােগ কৰাটো উচিত আৰু কিয়?

class 8 science chapter 14

বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাতখন সংযােগ কৰিব লাগিব। কাৰণ, অশুদ্ধ তামৰ ঋণাত্মক তড়িৎ দ্বাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাবে আহি জমা হ’ব।

অনুশীলনীৰ প্রশ্নোত্তৰ
প্রশ্ন : বিদ্যুত পৰিবাহী কি? কেইটামান এনে পদাৰ্থৰ নাম লিখা।
উত্তৰঃ যিবােৰ পদার্থ (ধাতু বা অধাতু)ৰ মাজেৰে বিদ্যুৎ চালিত হ’ব পাৰে, সেইবােৰ পদার্থকে বিদ্যুৎ পৰিবাহী বােলে। কেইবিধমান বিদ্যুৎ পৰিবাহী পদার্থহ’ল লাে, এলুমিনিয়াম, কপাৰ, মার্কাৰি (পাৰা), ৰূপ, সােণ, গ্রেফাইট, নিকেল, প্লেটিনাম, নিমখ পানী, কপাৰ ছালফেটৰ দ্ৰৱ আদি।

প্রশ্ন 2ঃ বিদ্যুৎ অপৰিবাহী পদার্থ কেইবিধমানৰ নাম লিখা।
উত্তৰঃ বিদ্যুৎ অপৰিবাহী পদার্থ কেইবিধমান হ’ল— (i) ৰাবাৰ, (ii) প্লাষ্টিক, (iii) কাঠ, (iv) কাগজ, (v) বায়ু, (vi) শুকান মৰাপাটৰ ৰচি বা বাঁহ, (vii) শুকান কাপােৰ ইত্যাদি।

প্রশ্ন 3ঃ আলুৰ মাজেৰে বিদ্যুৎ চালিত হয় নে নহয় পৰীক্ষা কৰা। এই পৰীক্ষাটোৰ দ্বাৰা অতিৰিক্ত কি লাভালাভ হয়?
উত্তৰঃ

class 8 science chapter 14

চিত্ৰত দিয়াৰ দৰে আলু এফালত দুডাল বিদ্যুদ্ৰাৰ লগাই তাত এটা বেটাৰি আৰু এডাল কােছ শলা লগাই লােৱা হ’ল। দেখা গ’ল যে কম্পাছ শলাৰ বিক্ষেপন ঘটিছে। অর্থাৎ আলুৰ মাজেৰে বিদ্যুৎ চালিত হৈছে। আকৌ দেখা গ’ল যে যিডাল বিদ্যুদ্বাৰ ধনাত্মক মেৰুৰ লগত সংযােগ হৈ আছে সেই বিদ্যুদ্বাৰডালৰ চাৰিওফালে আলু পৃষ্ঠত এটা সেউজীয়া দাগৰ সৃষ্টি হৈছে। এই সেউজীয়া দাগটোৱে ৰাসায়নিক বিক্রিয়া হােৱাটোকে বুজাইছে। তাৰােপৰি যিহেতু সদায় ধনাত্মক বিদ্যুদ্বাৰতহে এই সেউজীয়া দাগটো দেখা যায়, গতিকে বিদ্যুৎ কোষটোৰ যদি মেৰু দুটা চিনাক্ত হৈ নাথাকে, তেতিয়া তাৰ ধনাত্মক আৰু ঋণাত্মক মেৰু দুটাও চিনাক্ত কৰিব পৰা যায়।

লগতে পঢ়ক:   কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 Science Chapter 3 Assamese

Class 8 Science Chapter 14 Question Answer in Assamese

প্রশ্ন : পানীত তড়িৎদ্বাৰ লগাই বিদ্যুৎ চালিত হ’ব দিলে, কি ঘটিব ? এই পৰীক্ষাটো পােণ প্রথমবাৰৰ বাবে কোনে কেতিয়া কৰিছিল ?
উত্তৰঃ পানীত তড়িৎদ্বাৰ লগাই বিদ্যুৎ চালিত কৰিলে ধনমেৰুত অক্সিজেন গেছ আৰু ঋণমেৰুত হাইড্রজেন গেছ মুক্ত হয়।

প্রশ্ন 5ঃ LED কি? ইয়াৰ ব্যৱহাৰ কত কৰা হয় ?
উত্তৰঃ LED মানে হল Light Emitting Diode. ইয়াত দুডাল ইলেক্ট্র’ড (লিড) থাকে। দীঘল আৰু চুটি। দীঘল ডাল বেটাৰিৰ ধন মেৰুত আৰু চুটি ডাল ঋণ মেৰুৰ লগত সংযোেগ কৰা হয়। ই কম বিদ্যুৎ খৰছ কৰে আৰু বহু দিনলৈ চলে। বজাৰত ৰঙা, হালধীয়া আদি বিভিন্ন ৰঙৰ পােৱা যায়। ৰেডিয়, টিভি, কম্পিউটাৰ, টেপৰেকৰ্ডাৰ আদি বিভিন্ন অংশত সংকেত বুজোৱা কামত LED ব্যৱহাৰ কৰা হয়।

প্রশ্ন 6ঃ CFL বা মানে কি বুজা? ইয়াৰ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।
উত্তৰ : CFL হ’ল Compact Fluorescence Light. আজিকালি ফিলামেন্ট থকা বাব্বৰ সলনি এই CFL বা বেছিকৈ ব্যৱহাৰ হয়। ইয়াক ব্যৱহাৰ কৰাৰ কাৰণ ই কম ভল্টেজত জ্বলে আৰু কম ৱাটৰ (ক্ষমতাৰ) বাবেই বেছি পােহৰ দিয়ে। এই বাল্ব ব্যৱহাৰ কৰিলে বিদ্যুতৰ খৰছ বহু পৰিমাণে কমে। CFLবাল্ব ব্যৱহাৰৰ অসুবিধা হ’ল—ইয়াত পাৰা ব্যৱহাৰ কৰা হয় আৰু বেয়া হ’লে ই পেলােৱা ঠাইত ক্ষতি সাধন কৰে। কাৰণ পাৰা বিষাক্ত। তাৰােপৰি কিনিবলৈ বেছি টকা ভৰিব লগা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top