Home » অষ্টম শ্ৰেণীৰ বিজ্ঞান » বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া Class 8 – বিজ্ঞান

বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া Class 8 – বিজ্ঞান

বিষয়: বিজ্ঞান
পাঠৰ নাম: বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নং: পাঠ 14
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

বিদ্যুৎ প্রবাহৰ ৰাসায়নিক ক্রিয়া class 8


প্রশ্নোত্তৰ

প্রশ্ন 1: খালী ঠাই পূৰ কৰা।

Winter Sale
  1. বিদ্যুৎ পৰিবহণ কৰা বেছিভাগ জুলীয়া পদার্থই এছিড, ক্ষাৰ, লৱণৰ দ্ৰৱ।
  2. দ্ৰৱ এটাৰ মাজেৰে হোৱা প্রবাহিত বিদ্যুতে ৰাসায়নিক ক্ৰিয়াৰ সৃষ্টি কৰে।
  3. কপাৰ ছালফেট দ্ৰৱৰ মাজেৰে বিদ্যুৎ প্রবাহিত কৰিলে বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত সংযোেগ কৰা পাতৰ ওপৰত তামৰ লেপ পৰিব।
  4. বিদ্যুতৰ দ্বাৰা কোনোবা এবিধ পছন্দৰ ধাতুৰ লেপন আন এটা বস্তুৰ ওপৰত দিয়া কার্যক বিদ্যুৎ লেপন বোলে।

প্রশ্ন 2: যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱ এটাত ডুবাই দিয়া হয় তেতিয়া চুম্বক শলাই বিক্ষেপণ দেখুৱায়। তুমি কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে?

class 8 science chapter 14

উত্তৰ: যেতিয়া টেষ্টাৰৰ মুক্ত মূৰ দুটা দ্ৰৱত ডুবাই দিয়া হয়, ই দ্ৰৱৰ মাজেৰে বর্তনীটো সম্পূর্ণ কৰে। বর্তনী সম্পূর্ণ হলে বিদ্যুৎ চালিত হয়। বিদ্যুৎ চালিত হলে তাত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰই চুম্বক শলাৰ বিক্ষেপণ ঘটুৱায়।


প্রশ্ন 3: তিনিধি জুলীয়া পদাৰ্থৰ নাম লিখা যিবোৰ চিত্ৰত দেখুওৱা ধৰণে পৰীক্ষা কৰিলে চৌম্বক শলাৰ বিক্ষেপণ ঘটিব পাৰে।

উত্তৰ: তিনিবিধ জুলীয়া পদাৰ্থৰ নাম হ’ল—

  1. নিমখ পানী
  2. হাইড্ৰক্লৰিক এছিড
  3. কপাৰ ছালফেট দ্ৰৱ

প্রশ্ন 4: চিত্ৰত দেখুওৱা ব্যৱস্থাত বাল্বটো জ্বলা নাই। সম্ভৱপৰ কাৰণবোৰ লিখা। তোমাৰ উত্তৰ ব্যাখ্যা কৰিবা।

class 8 science chapter 14

উত্তৰ: বাল্বটো নজ্বলাৰ সম্ভাব্য কাৰণবোৰ হ’ল—

  1. বর্তনীৰ সংযোেগ ঢিলা থাকিব পাৰে।
  2. বাল্বটো বেয়া হ’ব পাৰে।
  3. বেটাৰিটো বেয়া হ’ব পাৰে।
  4. পাত্ৰৰ তৰলটো বিদ্যুৎ বিশ্লেষ্য নহ’ব পাৰে।

প্রশ্ন 5: ‘A’ আৰু ‘B’ বুলি চিহ্নিত দুটা জুলীয়া পদাৰ্থৰ পৰিবাহিতা পৰীক্ষা কৰিবলৈ এটা টেষ্টাৰ ব্যৱহাৰ কৰা হৈছে। দেখা গ’ল যে জুলীয়া পদার্থ ‘A’ৰ ক্ষেত্ৰত বাল্বটো উজ্বলকৈ জ্বলিছে, আনহাতে, ‘B’ ৰ ক্ষেত্ৰত ই নিষ্প্রভ। তুমি সিদ্ধান্ত ল’বা যে—

(ক) জুলীয়া পদার্থ ‘B’ তকৈ জুলীয়া পদার্থ ‘A’ উন্নত পৰিবাহী।
(খ) জুলীয়া পদার্থ ‘A’ তকৈ জুলীয়া পদার্থ ‘B’ উন্নত পৰিবাহী।
(গ) দুয়োটা জুলীয়া পদার্থ সমভাৱে পৰিবাহী।
(ঘ) জুলীয়া পদাৰ্থৰ পৰিবাহী গুণ এনেদৰে তুলনা কৰিব নোৱাৰি।

উত্তৰ: (ক) জুলীয়া পদার্থ ‘B’ তকৈ জুলীয়া পদার্থ ‘A’ উন্নত পৰিবাহী।


প্রশ্ন 6: বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ কৰেনে? যদি নকৰে, তেন্তে ইয়াক পৰিবাহী কৰিবলৈ আমি কি কৰিব পাৰো?

উত্তৰ: বিশুদ্ধ পানীয়ে বিদ্যুৎ পৰিবহণ নকৰে। ইয়াক পৰিবাহী কৰিবলৈ পানীত লৱণ দ্ৰবীভূত কৰিব লাগিব।


প্রশ্ন 7: অগ্নিকাণ্ডত অগ্নিনিৰ্বাপক জোৱানসকলে পানীৰ নল খোলাৰ আগতে সেই ঠাইখিনিৰ বিদ্যুৎ যোগান বন্ধ কৰি দিয়ে। তেওঁলোকে এনে কিয় কৰে ব্যাখ্যা কৰা।

উত্তৰ: অগ্নিনিৰ্বাপন কার্যত ব্যৱহাৰ কৰা পানী বিশুদ্ধ নহয়। ইয়াত লৱণ মিশ্ৰিত হৈ থাকে। ফলত ই পৰিবাহী হয়। যদি এই পানী বিদ্যুৎ চালিত হৈ থকা তাঁৰত পৰে তেন্তে পানীৰ মাজেদি বিদ্যুৎ চালিত হৈ বিজুতি ঘটিব। সেইবাবে জোৱানসকলে পানীৰ নল খোলাৰ আগতে বিদ্যুৎ সংযোগ বন্ধ কৰি দিয়া হয়।


প্রশ্ন 8: উপকূলীয় অঞ্চলত থকা শিশু এটিয়ে তেওঁৰ টেষ্টাৰৰ সহায়ত খোৱা পানী আৰু সাগৰৰ পানী পৰীক্ষা কৰিলে। তেওঁ দেখিলে যে সাগৰৰ পানীৰ ক্ষেত্ৰত চুম্বক শলাৰ অধিক বিক্ষেপণ হৈছে। কাৰণটো ব্যাখ্যা কৰিব পাৰিবানে?

উত্তৰ: সাগৰৰ পানীত খোৱা পানীতকৈ অধিক লৱণ দ্ৰবীভূত হৈ থাকে। গতিকে ই বেছি বিদ্যুৎ পৰিবাহী হয়। গতিকে চুম্বক শলাৰ সেইবাবে বিক্ষেপন বেছি হয়।


প্রশ্ন 9: ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰত বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নে? ব্যাখ্যা কৰা।

উত্তৰ: ধাৰাসাৰ বৰষুণৰ সময়ত বিজুলী মিস্ত্ৰী এজনে ঘৰৰ বাহিৰৰ বৈদ্যুতিক মেৰামতিৰ কাম কৰাটো তেওঁৰ বাবে নিৰাপদ নহয়। কাৰণ বৰষুণৰ পানীত অম্ল বা ক্ষাৰ মিহলি হৈ থাকে। গতিকে এই পানী বিদ্যুৎ পৰিবাহী হয়। কাম কৰি থাকিলে বিদ্যুৎ প্রবাহিত হৈ মিস্ত্ৰীগৰাকীৰ মৃত্যুও ঘটিব পাৰে।


প্রশ্ন 10: প্রহেলিকাই শুনিছিল যে বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল। গতিকে তাই পৰিষ্কাৰ কাচৰ গিলাচ এটাত অলপ বৰষুণৰ পানী সংগ্রহ কৰিলে আৰু টেষ্টাৰেৰে ইয়াক পৰীক্ষা কৰিলে। তাই কম্পাছশলাৰ বিক্ষেপণ দেখি বিস্ময় মানিলে। কাৰণবোৰ কি কি হ’ব পাৰে?

উত্তৰ: বৰষুণৰ পানী পাতিত পানীৰ নিচিনাই ভাল যদিও ইয়াত বায়ুমণ্ডলত থকা গেছ দ্ৰবীভূত কৰি কিছু আম্লিক হৈ পৰে। গতিকে ই বিদ্যুৎ পৰিবাহী হয়। গতিকে টেষ্টাৰেৰে পৰীক্ষা কৰি চাই প্রহেলিকাই টেষ্টাৰৰ কম্পাছশলাৰ বিক্ষেপণ দেখিব।


প্রশ্ন 11: তোমাৰ চাৰিওপিনে বিদ্যুৎলেপন বিশিষ্ট বস্তুবোৰৰ এখন তালিকা প্রস্তুত কৰা।

উত্তৰ: আমাৰ চাৰিওফালে থকা বিদ্যুৎলেপন বস্তুৰ কিছুমানৰ নাম হ’ল—

  1. কম দামী আ-অলংকাৰবোৰ।
  2. দৰজা, খিৰিকিৰ হেণ্ডেলবোৰ।
  3. বাথৰূম, পাকঘৰ আদিৰ টেপবোৰ।
  4. গেছ বার্ণাৰৰ আৰু ৰন্ধা বাচন বৰ্তনৰ তলিবোৰ।
  5. ঘৰৰ ছালৰ টিনপাতবোৰ।
  6. তলা-ছাবি আদি।

প্রশ্ন 12: ক্রিয়াকলাপ ১৪:৭ ত তুমি দেখা প্রক্রিয়াটোৰে তাম শুদ্ধ কৰা হয়। বিশুদ্ধ তামৰ মিহি পাত এখন আৰু অশুদ্ধ তামৰ শকত দণ্ড এডাল তড়িদ্বাৰৰূপে লোৱা হয়। অশুদ্ধ মিহি পাতখনলৈ তাম স্থানান্তৰ কৰিব খোজা হৈছে। বেটাৰিৰ ধনাত্মক মেৰুত কোনডাল তড়িদ্বাৰ সংযোগ কৰাটো উচিত আৰু কিয়?

class 8 science chapter 14

উত্তৰ: বেটাৰিৰ ঋণাত্মক মেৰুৰ লগত অশুদ্ধ তামৰ পাতখন সংযোগ কৰিব লাগিব। কাৰণ, অশুদ্ধ তামৰ ঋণাত্মক তড়িৎ দ্বাৰত বিশুদ্ধ তামৰ আয়ন কপাৰ ছালফেট দ্ৰৱৰ মাজেদি কপাৰ আয়ন হিচাবে আহি জমা হ’ব।


প্রশ্ন 13: বিদ্যুৎ পৰিবাহী কি? কেইটামান এনে পদাৰ্থৰ নাম লিখা।

উত্তৰ: যিবোৰ পদার্থ (ধাতু বা অধাতু)ৰ মাজেৰে বিদ্যুৎ চালিত হ’ব পাৰে, সেইবোৰ পদার্থকে বিদ্যুৎ পৰিবাহী বোলে। কেইবিধমান বিদ্যুৎ পৰিবাহী পদার্থ হ’ল—

  1. লো
  2. এলুমিনিয়াম
  3. কপাৰ
  4. মার্কাৰি (পাৰা)
  5. ৰূপ
  6. সোণ
  7. গ্রেফাইট
  8. নিকেল
  9. প্লেটিনাম
  10. নিমখ পানী
  11. কপাৰ ছালফেটৰ দ্ৰৱ

প্রশ্ন 14: বিদ্যুৎ অপৰিবাহী পদার্থ কেইবিধমানৰ নাম লিখা।

উত্তৰ: বিদ্যুৎ অপৰিবাহী পদার্থ কেইবিধমান হ’ল—

  1. ৰাবাৰ
  2. প্লাষ্টিক
  3. কাঠ
  4. কাগজ
  5. বায়ু
  6. শুকান মৰাপাটৰ ৰচি বা বাঁহ
  7. শুকান কাপোৰ

প্রশ্ন 15: LED কি? ইয়াৰ ব্যৱহাৰ কত কৰা হয়?

উত্তৰ: LED মানে হ’ল Light Emitting Diode। ইয়াত দুডাল ইলেক্ট্র’ড (লিড) থাকে। দীঘল আৰু চুটি। দীঘল ডাল বেটাৰিৰ ধন মেৰুত আৰু চুটি ডাল ঋণ মেৰুৰ লগত সংযোগ কৰা হয়। ই কম বিদ্যুৎ খৰছ কৰে আৰু বহু দিনলৈ চলে। বজাৰত ৰঙা, হালধীয়া আদি বিভিন্ন ৰঙৰ পোৱা যায়। ৰেডিঅ’, টিভি, কম্পিউটাৰ, টেপৰেকৰ্ডাৰ আদি বিভিন্ন অংশত সংকেত বুজোৱা কামত LED ব্যৱহাৰ কৰা হয়।


প্রশ্ন 16: CFL বা মানে কি বুজা? ইয়াৰ ব্যৱহাৰৰ সুবিধা আৰু অসুবিধা উল্লেখ কৰা।

উত্তৰ: CFL হ’ল Compact Fluorescence Light। আজিকালি ফিলামেন্ট থকা বাব্বৰ সলনি এই CFL বা বেছিকৈ ব্যৱহাৰ হয়। ইয়াক ব্যৱহাৰ কৰাৰ কাৰণ ই কম ভল্টেজত জ্বলে আৰু কম ৱাটৰ (ক্ষমতাৰ) বাবেই বেছি পোহৰ দিয়ে। এই বাল্ব ব্যৱহাৰ কৰিলে বিদ্যুতৰ খৰছ বহু পৰিমাণে কমে।

সুবিধা:

  1. কম বিদ্যুৎ খৰছ কৰে।
  2. দীৰ্ঘদিনলৈ চলে।

অসুবিধা:

  1. ইয়াত পাৰা ব্যৱহাৰ কৰা হয় আৰু বেয়া হ’লে ই পেলোৱা ঠাইত ক্ষতি সাধন কৰে।
  2. কিনিবলৈ বেছি টকা ভৰিব লগা হয়।

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Install AssamWeb App

For better experience, install our mobile app.

Download from Play Store