ঘর্ষণ Class 8 – বিজ্ঞান পাঠ 12

বিষয়বিজ্ঞান
পাঠৰ নামঘর্ষণ
শ্ৰেণীঅষ্টম শ্ৰেণী
পাঠৰ নম্বৰপাঠ 12
পাঠ্যক্ৰমৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

ঘর্ষণ Class 8


প্রশ্নোত্তৰ

প্রশ্ন 1: খালী ঠাই পূৰ কৰা।

(ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ আপেক্ষিক গতিত ঘর্ষণে বাধা দিয়ে।
(খ) পৃষ্ঠৰ মশৃণতাৰ ওপৰত ঘর্ষণ নিৰ্ভৰশীল।
(গ) ঘর্ষণে তাপ উৎপন্ন কৰে।
(ঘ) কেৰম ৰ’ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘর্ষণ হ্ৰাস হয়।
(ঙ) স্থিতি ঘর্ষণতকৈ পিছল ঘর্ষণৰ মান কম


প্রশ্ন 2: চাৰিজন ছাত্রক ঘূর্ণি, স্থিতি আৰু পিছল ঘর্ষণ বলৰ মান অধঃ ক্ৰমত সজাবলৈ কোৱা হ’ল। তলত উত্তৰ কেইটা উপস্থাপন কৰা হ’ল। কোনটো শুদ্ধ নির্ণয় কৰা।

(ক) ঘূর্ণি, স্থিতি, পিছল
(খ) ঘূর্ণি, পিছল, স্থিতি
(গ) স্থিতি, পিছল, ঘূর্ণি
(ঘ) পিছল, স্থিতি, ঘূর্ণি

উত্তৰ: (গ) স্থিতি, পিছল, ঘূর্ণি।


প্রশ্ন 3: আলিদাই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মजিয়া, মজিয়াত পাৰি থোৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্রিয়া কৰা ঘর্ষণ বলৰ মান উৰ্দ্ধক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ’ব—

(ক) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।
(খ) বাতৰি কাকত, টাৱেল, মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া।
(গ) টাৱেল, বাতৰি কাকত, মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া।
(ঘ) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, টাৱেল, বাতৰি কাকত।

লগতে পঢ়ক:   কৃত্রিম আঁহ আৰু প্লাষ্টিক Class 8 – অষ্টম শ্ৰেণীৰ বিজ্ঞান

উত্তৰ: (ক) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।


প্রশ্ন 4: ধৰা হ’ল তোমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনীয়া। ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে। কিতাপখনৰ ওপৰত প্রয়ােগ হোৱা ঘর্ষণ বলৰ দিশ দেখুওৱা।

উত্তৰ: কিতাপখন পিছলাৰ দিশৰ বিপৰীত দিশত ঘর্ষণ বলে ক্রিয়া কৰিব।


প্রশ্ন 5: দুর্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবােন পানী পেলালা। ইয়াৰ বাবে মজিয়াখনত খোজ কাঢ়িবলৈ সহজ হ’ব নে টান হ’ব? কাৰণ দর্শোৱা।

উত্তৰ: চাবােন পানী পৰা মাৰ্বলৰ মজিয়াখনত খোজ কঢ়াটো টান হ’ব। কাৰণ চাবােন পানীয়ে মাৰ্বলৰ পৃষ্ঠভাগৰ মশৃণতা বঢ়াই দিয়ে। ফলত তাৰ ঘর্ষণ কমে। গতিকে খোজ কাঢ়িলে পিছলি পৰাৰ সম্ভাৱনা অধিক।


প্রশ্ন 6: খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।

উত্তৰ: গজাল থকা জোতাই খেলপথাৰৰ পৃষ্ঠত ঘর্ষণ বঢ়ায়। ইয়াৰ ফলত খেলুৱৈসকলে পিছলি নপৰাকৈ বেছি দ্রুতিৰে দৌৰিব পাৰে।


প্রশ্ন 7: ইকবালে পাতল বাকচ এটা আৰু সীমাই একেধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে। কোনে বেছি বল প্রয়ােগ কৰিবলগীয়া হ’ব আৰু কিয়?

উত্তৰ: সীমাই ইকবালতকৈ বেছি বল প্রয়ােগ কৰিব লাগিব। কাৰণ যিমানে বস্তুৰ ভৰ বেছি হয়, সিমানে ঘর্ষণ বেছি হয়। সীমাৰ বাকচটোৰ ভৰ ইকবালৰ বাকচটোতকৈ বেছি। গতিকে সীমাৰ বাকচটো ঠেলিবলৈ বেছি বল প্রয়ােজন হ’ব।

লগতে পঢ়ক:   কৈশােৰ প্রাপ্তি Class 8 – অষ্টম শ্ৰেণী বিজ্ঞান প্ৰশ্নোত্তৰ

প্রশ্ন 8: স্থিতি ঘর্ষণতকৈ পিছল ঘর্ষণ কিয় কম ব্যাখ্যা কৰা।

উত্তৰ: স্থিতি অৱস্থাত পৃষ্ঠ দুখনৰ মাজত খাপ খাই ধৰা পৰিমাণ বেছি হয়। গতিশীল অৱস্থাত এই খাপ খাই ধৰা পৰিমাণ কমে। গতিকে স্থিতি ঘর্ষণতকৈ পিছল ঘর্ষণৰ মান কম হয়।


প্রশ্ন 9: উদাহৰণেৰে সৈতে দেখুওৱা যে ঘর্ষণ শত্ৰু আৰু মিত্র দুয়ােটাই।

উত্তৰ:

  • মিত্ৰ হিচাপে: ঘর্ষণ নাথাকিলে আমি খোজ কাঢ়িব নোৱাৰিম, গাড়ী চলাব নোৱাৰিম।
  • শত্ৰু হিচাপে: ঘর্ষণে যন্ত্ৰৰ অংশসমূহ ক্ষয় কৰে আৰু শক্তিৰ অপচয় ঘটায়।

প্রশ্ন 10: তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা।

উত্তৰ: তৰলত গতি কৰা বস্তুসমূহৰ বিশেষ আকৃতি (জোঙা আগ) থাকে কাৰণ ইয়াৰ দ্বাৰা তৰলৰ ঘর্ষণ কমে। ফলত বস্তুৰ গতি বৃদ্ধি পায়।


প্রশ্ন 11: ঘর্ষণ বলৰ সংজ্ঞা লিখা। ইয়াৰ একক বলৰ এককৰ লগত একেনে?

উত্তৰ: ঘর্ষণ বল হ’ল পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ আপেক্ষিক গতিৰ বাবে এখন পৃষ্ঠে আনখনত প্রয়োগ কৰা বিপৰীত বল। ইয়াৰ একক বলৰ এককৰ লগত একে (নিউটন)।


প্রশ্ন 12: ঘর্ষণ নিৰ্ভৰ কৰা কাৰকবােৰ উল্লেখ কৰা।

লগতে পঢ়ক:   কোষ গঠন আৰু কাৰ্য Class 8 – বিজ্ঞানৰ প্রশ্নোত্তৰ

উত্তৰ:

  1. পৃষ্ঠৰ মশৃণতা
  2. পৃষ্ঠৰ প্রকৃতি (শুকান বা তিতা)
  3. পৃষ্ঠৰ ক্ষেত্রফল
  4. বস্তুৰ ভৰ

প্রশ্ন 13: স্থিতি ঘর্ষণ কাক বােলে? ইয়াৰ জোখ কিদৰে লোৱা হয়?

উত্তৰ: স্থিতি ঘর্ষণ হ’ল স্থিৰ অৱস্থাত থকা বস্তু এটাৰ ওপৰত প্রয়োগ হোৱা ঘর্ষণ বল। ইয়াৰ জোখ বস্তুটো গতি আৰম্ভ কৰাৰ মুহূৰ্তত প্রয়োগ কৰা বলৰ পৰা লোৱা হয়।


প্রশ্ন 14: গতি ঘর্ষণ কাক বােলে? ইয়াৰ জোখ কিদৰে লোৱা হয়?

উত্তৰ: গতি ঘর্ষণ হ’ল গতিশীল বস্তুৰ ওপৰত ক্রিয়া কৰা ঘর্ষণ বল। ইয়াৰ জোখ বস্তুটো সমদ্ৰুতিত গতি কৰাই ৰাখিবলৈ প্রয়োগ কৰা বলৰ পৰা লোৱা হয়।


প্রশ্ন 15: ঘর্ষণ নহলে পোৱা তিনিটা অসুবিধা উল্লেখ কৰা।

উত্তৰ:

  • খোজ কাঢ়িবলৈ অসুবিধা হয়।
  • গাড়ী চলাবলৈ অসুবিধা হয়।
  • বস্তু ধৰি ৰাখিবলৈ অসুবিধা হয়।

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.