ঘর্ষণ Class 8 (প্ৰশ্ন উত্তৰ) অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ 12

ঘর্ষণ Class 8 অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ 12 | Class 8 science chapter 12 Question Answer in Assamese | অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ 12

ঘর্ষণ Class 8
বিষয়  বিজ্ঞান Class 8
পাঠৰ নামঘর্ষণ প্ৰশ্ন উত্তৰ
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংপাঠ 12
পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

ঘর্ষণ Class 8

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১ঃ খালী ঠাই পূৰ কৰা।
(ক) পৰস্পৰ সংস্পৰ্শত থকা দুখন পৃষ্ঠৰ মাজৰ ___ঘর্ষণে বাধা দিয়ে।
উত্তৰঃ আপেক্ষিক গতিত

(খ) পৃষ্ঠৰ ___ৰ ওপৰত ঘর্ষণ নিৰ্ভৰশীল।
উত্তৰঃ মশৃণতাৰ

(গ) ঘর্ষণে ___উৎপন্ন কৰে।
উত্তৰঃ তাপ

(ঘ) কেৰম ৰ’ৰ্ডৰ ওপৰত পাউডাৰ ছটিয়ালে ঘর্ষণ ___হ্ৰাস হয়।

উত্তৰঃ হ্রাস

(ঙ) স্থিতি ঘর্ষণতকৈ পিছল ঘর্ষণৰ মান___।
উত্তৰঃ কম

প্রশ্ন ২ঃ চাৰিজন ছাত্রক ঘূর্ণি, স্থিতি আৰু পিছল ঘর্ষণ বলৰ মান অধঃ ক্ৰমত সজাবলৈ কোৱা হ’ল। তলত উত্তৰ কেইটা উপস্থাপন কৰা হ’ল। কোনটো শুদ্ধ নির্ণয় কৰা।
(ক) ঘূর্ণি, স্থিতি, পিছল

(খ) ঘূর্ণি, পিছল, স্থিতি
(গ) স্থিতি, পিছল, ঘূর্ণি

(ঘ) পিছল, স্থিতি, ঘূর্ণি।
উত্তৰঃ (গ) স্থিতি, পিছল, ঘূর্ণি।

প্রশ্ন ৩ঃ আলিদাই তাইৰ পুতলা গাড়ীখন মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া, মজিয়াত পাৰি থােৱা বাতৰি কাকত আৰু টাৱেলৰ ওপৰেৰে চলাইছে। বিভিন্ন পৃষ্ঠত গাড়ীখনৰ ওপৰত ক্রিয়া কৰা ঘর্ষণ বলৰ মান উৰ্দ্ধক্ৰমত লিখিলে শুদ্ধ উত্তৰ হ’ব
(ক) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।
(খ) বাতৰি কাকত, টাৱেল, মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া।
(গ) টাৱেল, বাতৰি কাকত, মাৰ্বলৰ শুকান মজিয়া, মাৰ্বলৰ তিতা মজিয়া।
(ঘ) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, টাৱেল, বাতৰি কাকত।
উত্তৰঃ (ক) মাৰ্বলৰ তিতা মজিয়া, মাৰ্বলৰ শুকান মজিয়া, বাতৰি কাকত আৰু টাৱেল।

Related Post: শব্দ Class 8  Question Answer

Class 8 science chapter 12 Question Answer in Assamese

প্রশ্ন ৪ঃ ধৰা হ’ল তােমাৰ লিখা ডেস্কখন কিছু পৰিমাণে হেলনীয়া। ইয়াৰ ওপৰত ৰখা কিতাপ এখন পিছলিবলৈ আৰম্ভ কৰিছে। কিতাপখনৰ ওপৰত প্রয়ােগ হােৱা ঘর্ষণ বলৰ দিশ দেখুওৱা।
উত্তৰ কিতাপখন পিছলাৰ দিশৰ বিপৰীত দিশত ঘর্ষণ বলে ক্রিয়া কৰিব।
friction class 8

প্রশ্ন ৫ঃ দুর্ঘটনাবশতঃ মাৰ্বলৰ মজিয়াত তুমি এবাল্টি চাবােন পানী পেলালা। ইয়াৰ বাবে মজিয়াখনত খােজ কাঢ়িবলৈ সহজ হ’ব নে টান হ’ব? কাৰণ দশোৱা।
উত্তৰ: চাবােন পানী পৰা মাৰ্বলৰ মজিয়াখনত খােজ কঢ়াটো টান হ’ব। কাৰণ চাবােন পানীয়ে মাৰ্বলৰ পৃষ্ঠভাগৰ মশৃণতা বঢ়াই দিয়ে। ফলত তাৰ ঘর্ষণ কমে। গতিকে খােজ কাঢ়িলে পিছলি পৰাৰ সম্ভাৱনা অধিক।

লগতে পঢ়ক:   পোহৰ Class 8 – প্রশ্নোত্তৰ অষ্টম শ্ৰেণী বিজ্ঞান

প্রশ্ন ৬ঃ খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।
উত্তৰঃ যিমানে পৃষ্ঠবােৰ খহটা হয়, সিমানে ঘর্ষণ বেছি হয়। খেলুৱৈসকলে সমতল পৃষ্ঠ (খেল পথাৰৰ ওপৰেৰে দৌৰিব লাগে। যদি জোতাৰ তলি মিহি হয় তেতিয়া খেলপথাৰৰ পৃষ্ঠৰ লগত ইয়াৰ ঘর্ষণ কম হয়। ফলত বেছি দ্রুতিৰে দৌৰিব নােৱাৰে। যদি গজাল থকা জোতা ব্যৱহাৰ কৰে, তেতিয়া গজালবােৰে ঘৰ্ষণৰ মান বঢ়ায়, অর্থাৎ জোতাযােৰ খেলপথাৰৰ পৃষ্ঠত পিছলি নেযায়। ফলত বেছি দ্রুতিৰে দৌৰিব পাৰে।

প্রশ্ন ৭ঃ ইকবালে পাতল বাকচ এটা আৰু সীমাই একেধৰণৰ কিন্তু গধুৰ বাকচ এটা একেখন মজিয়াৰে ঠেলিব লগা হৈছে। কোনে বেছি বল প্রয়ােগ কৰিবলগীয়া হ’ব আৰু কিয়?
উত্তৰঃ সীমাই ইকবালতকৈ বেছি বল প্রয়ােগ কৰিব লাগিব। কাৰণ যিমানে বস্তুৰ ভৰ বেছি হয়, সিমানে ঘর্ষণ বেছি হয়। সীমাৰ বাকচটোৰ ভৰ ইকবালৰ বাকচটোতকৈ বেছি। গতিকে সীমাৰ বাকচটোৰ ঘর্ষণ বেছি বাবে একেখন মজিয়াৰ ওপৰেৰ সীমাৰ বাকচটো ঠেলিবলৈ বেছি বল প্রয়ােজন হ’ব।

ঘর্ষণ Class 8 Question Answer

প্রশ্ন ৮ঃ স্থিতি ঘর্ষণতকৈ পিছল ঘর্ষণ কিয় কম ব্যাখ্যা কৰা।
উত্তৰ দুখন পৃষ্ঠ যেতিয়া সংস্পৰ্শত থাকে, তেতিয়া পৃষ্ঠ দুখনৰ অসমতা বা খলাবমাবােৰ খাজে খাজে মিলি যায় আৰু পৃষ্ঠ দুখন খাপ খাই ধৰে। গতিকে এখন পৃষ্ঠৰ ওপৰেৰে আনখন পৃষ্ঠ পিছলিবলৈ হ’লে খাপ খাই থকা অৱস্থাৰ পৰা মুক্ত কৰিবলৈ বল প্রয়ােগ কৰিব লাগিব। স্থিৰ অৱস্থাত এই খাপ খাই ধৰা পৰিমাণ বেছি হয়। যেতিয়া এখন পৃষ্ঠ আন এখনৰ ওপৰেৰে গতি কৰে, তেতিয়া খাপে খাপে খাপ খাই ধৰা সময় কম পায়, ফলত ঘর্ষণ বলৰ মান কমি যায়। গতিকে স্থিতি ঘর্ষণতকে পিছল ঘর্ষণৰ মান কমি যায়।

প্রশ্ন ৯ঃ উদাহৰণেৰে সৈতে দেখুওৱা যে ঘর্ষণ শত্ৰু আৰু মিত্র দুয়ােটাই।
উত্তৰঃ ঘর্ষণ আমাৰ শত্ৰু আৰু মিত্র দুয়ােটাই। কাৰণ ঘর্ষণ নহ’লে আমাৰ দৈনন্দিন জীৱন যাত্ৰাত যথেষ্ট অসুবিধা হয় আৰু থাকিলেও কোনাে কোনাে ক্ষেত্ৰত বিপদ হয়।

উদাহৰণস্বৰূপে গাড়ী মটৰৰ ক্ষেত্ৰত যদি ৰাস্তাটো পিছল বা নিমজ হয় আৰু গাড়ীৰ চকাৰ টায়াৰৰ খাজ নথকা সমান হয়, তেন্তে ৰাস্তাত চকাটো একে ঠাইতে ঘূৰি থাকিব, গাড়ীখন আগুৱাই যাব নােৱাৰিব। আনহাতে গাড়ীৰ চকাটো যিডাল ঘূর্ণদণ্ড (ধূৰা)ত লাগি ঘূৰে, তাত চকাটোৰ মাদলী (কাপ) আৰু ঘূর্ণদণ্ডৰ মাজত বল বিয়েৰিং আৰু গ্ৰীজ ব্যৱহাৰ কৰা হয়। নহ’লে ঘূর্ণদণ্ডত চকাটোৰ লাগি থকা অংশ ঘর্ষণ বেছি হােৱা বাবে ক্ষয় যাব আৰু প্রচণ্ড তাপ উৎপন্ন হৈ অযথা বহু শক্তি ক্ষয় হ’ব। ফলত যানবাহনৰ আয়ুস অতি সােনকালে টুটি যাব। গতিকে এফালে চকাত খাঁজ কাটি ঘর্ষণ বঢ়াব লগা হয় আৰু আনফালে বল বিয়েৰিং আৰু গ্ৰীজ ব্যৱহাৰ কৰি ঘর্ষণ কমাব লগা হয়। গতিকে ঘর্ষণ শত্রুও মিত্রও।

প্রশ্ন ১০ঃ তৰলত গতি কৰা বস্তুসমূহৰ কিয় বিশেষ আকৃতি থাকে ব্যাখ্যা কৰা।
উত্তৰঃ তৰলত গতি কৰা বস্তুসমূহৰ বিশেষ আকৃতি থাকিব লাগিব। কাৰণ তৰলৰ ঘর্ষণ বল আৰু টনা বল আছে। বস্তুৰ আকৃতিৰ ওপৰত ঘর্ষণ নিৰ্ভৰ কৰে যদি আগ অংশটো বেছি বহল বা ভােটা হয়, তেতিয়া বস্তুটোৱে বেছি তৰল ঠেলি যাব লাগিব। ফলত ঘর্ষণ বেছি হ’ব আৰু তাৰ গতিও কমিব। যদি আগটো জোঙা আৰু গাটো সমমিত চুঙা আকৃতিৰ হয় তেতিয়া তাৰ ওপৰত তৰলৰ ঘর্ষণ কমি যায়। গতিকে বস্তুটোৰ গতি বৃদ্ধি পাব। উৰাজাহাজ, পানীজাহাজ, নাও, জেটপ্লেন, ৰকেট, মাছ আদিৰ সেই বাবে এক বিশেষ আকৃতি থাকে।

লগতে পঢ়ক:   কোষ গঠন আৰু কাৰ্য Class 8 বিজ্ঞানৰ প্ৰশ্ন উত্তৰ অষ্টম শ্ৰেণী

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ 12

প্রশ্ন 1ঃ খালী ঠাই পূৰ কৰা
(ক) ঘর্ষণে পৰস্পৰ সংস্পর্শত থকা দুখন তলৰ মাজৰ ___গতিক বাধা দিয়ে।
উত্তৰঃ আপেক্ষিক

(খ) দুখন তলৰ মাজৰ ঘর্ষণ বল তল দুখনৰ___ ওপৰত নিৰ্ভৰ কৰে।
উত্তৰঃ প্রকৃতিৰ

(গ) পিছল ঘর্ষণ____ঘর্ষণতকৈ কিছু পৰিমাণে___।
উত্তৰঃ গতি, কম

(ঘ) ____এটা প্রয়ােজনীয় আপদ।
উত্তৰঃ ঘর্ষণ

(ঙ) ঘর্ষণ কমােৱা পদার্থক ____বােলে।
উত্তৰঃ লুব্রিকেন্ট

(চ) ____ ঘর্ষণে কমায়।
উত্তৰঃ চকাই

(ছ) ____আৰু ____ পদার্থক একেলগে তৰল বােলে।
উত্তৰঃ গেছীয়, জুলীয়া,

(জ) পৃষ্ঠ ___ কৰি ঘর্ষণ বঢ়াব পাৰি।
উত্তৰ: খহটা।

ঘর্ষণ Class 8 Question Answer

প্রশ্ন 2 চমুকৈ উত্তৰ দিয়া।
(i) ঘর্ষণ মানে কি?
উত্তৰঃ কোনাে পৃষ্ঠৰ ওপৰেৰে আন এখন পৃষ্ঠ পিছলি গলে পিছলি যােৱা তলখনৰ ওপৰত বিপৰীত বলৰ সৃষ্টি হয়, তাকে ঘর্ষণ বােলে।

(ii) তৰলৰ ঘর্ষণ আছেনে?
উত্তৰঃ আছে।

(iii) তৰল কাক বােলে ?
উত্তৰঃ গেছীয় আৰু জুলীয়া পদার্থক একেলগে তৰল বােলে।

(iv) বস্তু ঘূৰণীয়া হ’লে কি সুবিধা হয়?
উত্তৰঃ  ঘর্ষণ কম হয়।

(v) ঘর্ষণ সম্পূৰ্ণৰূপে আঁতৰাব পাৰিনে?

উত্তৰঃ  নােৱাৰি।

(vi) বল বেয়ৰিং কিয় ব্যৱহাৰ কৰা হয়?
উত্তৰঃঘর্ষণ কমাবলৈ।

(vii) ঘূর্ণী ঘর্ষণ পিছল ঘর্ষণতকৈ বেছি নে কম?
উত্তৰঃ কম।

(viii) মটৰৰ টায়াৰত কিয় খাঁজ কটা হয়?
উত্তৰঃ ঘর্ষণ বঢ়াবলৈ।

(ix) হাতৰ তলুৱা দুখন ঘহিলে কিয় উত্তাপ অনুভৱ কৰা যায়?
উত্তৰঃ হাতৰ তলুৱা দুখন ঘহিলে ঘর্ষণৰ বাবে শক্তি ক্ষয় হয় আৰু এই শক্তি তাপশক্তি ৰূপে দেখা যায়।

Class 8 science chapter 12 Question Answer in Assamese

লগতে পঢ়ক:   উদ্ভিদ আৰু প্ৰাণীৰ সংৰক্ষণ Class 8 বিজ্ঞান পাঠ 7

প্রশ্ন 3ঃ ঘর্ষণ বলৰ সংজ্ঞা লিখা। ইয়াৰ একক বলৰ এককৰ লগত একেনে?
উত্তৰঃ ঘর্ষণঃ পৰস্পৰ সংস্পৰ্শত থকা দুখন তলৰ আপেক্ষিক গতিৰ বাবে এখন তলে আন এখনক যি বিপৰীত বল প্রয়ােগ কৰে, তাকে ঘর্ষণ বল বােলে। ঘর্ষণ বলৰ একক বলৰ এককৰ লগত একে।

প্রশ্ন 4ঃ ঘর্ষণ নিৰ্ভৰ কৰা কাৰকবােৰ উল্লেখ কৰা।
উত্তৰঃ ঘর্ষণ বল নিৰ্ভৰ কৰা কাৰকৰবাৰ হ’ল—
(i) পৃষ্ঠ দুখনৰ পদাৰ্থৰ প্ৰকৃতিৰ ওপৰত।
(ii) পৃষ্ঠ দুখনৰ প্রকৃতি (নিমজ নে খহটা, শুকান নে তিতা) তাৰ ওপৰত।
(iii) পৃষ্ঠ দুখনৰ ক্ষেত্রফলৰ ওপৰত।
(iv) পিছলি যােৱা বস্তুটোৰ ভৰৰ ওপৰত।

প্রশ্ন 5 স্থিতি ঘর্ষণ কাক বােলে? ইয়াৰ জোখ কিদৰে লােৱা হয় ?
উত্তৰঃ স্থিতি ঘর্ষণঃ স্থিৰ অৱস্থাত থকা বস্তু এটাৰ ওপৰত প্রয়ােগ হােৱা ঘর্ষণ বলকে স্থিতি ঘর্ষণ বােলে। স্থিতাৱস্থাত থকা বস্তু এটা গতি আৰম্ভ কৰাৰ মুহূৰ্ত্তত ঘর্ষণ অতিক্রম কৰিবলৈ প্রয়ােজন। হােৱা বলেই স্থিতি ঘৰ্ষণৰ জোখ লােৱা হয়।

প্রশ্ন 6ঃ গতি ঘর্ষণ কাক বােলে? ইয়াৰ জোখ কিদৰে লােৱা হয়?
উত্তৰঃ গতিশীল বস্তুৰ ঘর্ষণকে গতি ঘর্ষণ বােলে। বস্তু এটাক সমদ্ৰুতিত গতি কৰাই ৰাখিবলৈ প্ৰয়ােজনীয় বলেই গতি ঘর্ষণ বা পিছল ঘৰ্ষণৰ জোখ।

প্রশ্ন 7ঃ ঘর্ষণ নহলে পােৱা তিনিটা অসুবিধা উল্লেখ কৰা।
উত্তৰঃ ঘর্ষণ নহ’লে পােৱা তিনিটা অসুবিধা হল-
(i) ঘর্ষণে বস্তুৰ ক্ষয় নিয়ায়।
(ii) ঘর্ষণে বস্তুৰ বেগ বঢ়ায়।
(iii) ঘর্ষণে তাপ উৎপন্ন কৰি শক্তিৰ অপচয় ঘটায়।

স্থিতি ঘর্ষণ কাক বােলে? ইয়াৰ জোখ কিদৰে লােৱা হয় ?

স্থিতি ঘর্ষণঃ স্থিৰ অৱস্থাত থকা বস্তু এটাৰ ওপৰত প্রয়ােগ হােৱা ঘর্ষণ বলকে স্থিতি ঘর্ষণ বােলে। স্থিতাৱস্থাত থকা বস্তু এটা গতি আৰম্ভ কৰাৰ মুহূৰ্ত্তত ঘর্ষণ অতিক্রম কৰিবলৈ প্রয়ােজন। হােৱা বলেই স্থিতি ঘৰ্ষণৰ জোখ লােৱা হয়।

ঘর্ষণ মানে কি?

উত্তৰঃ কোনাে পৃষ্ঠৰ ওপৰেৰে আন এখন পৃষ্ঠ পিছলি গলে পিছলি যােৱা তলখনৰ ওপৰত বিপৰীত বলৰ সৃষ্টি হয়, তাকে ঘর্ষণ বােলে।

ঘর্ষণ সম্পূৰ্ণৰূপে আঁতৰাব পাৰিনে?

উত্তৰঃ  নােৱাৰি।

খেলুৱৈসকলে গজাল থকা জোতা কিয় ব্যৱহাৰ কৰে ব্যাখ্যা কৰা।

উত্তৰঃ যিমানে পৃষ্ঠবােৰ খহটা হয়, সিমানে ঘর্ষণ বেছি হয়। খেলুৱৈসকলে সমতল পৃষ্ঠ (খেল পথাৰৰ ওপৰেৰে দৌৰিব লাগে। যদি জোতাৰ তলি মিহি হয় তেতিয়া খেলপথাৰৰ পৃষ্ঠৰ লগত ইয়াৰ ঘর্ষণ কম হয়। ফলত বেছি দ্রুতিৰে দৌৰিব নােৱাৰে। যদি গজাল থকা জোতা ব্যৱহাৰ কৰে, তেতিয়া গজালবােৰে ঘৰ্ষণৰ মান বঢ়ায়, অর্থাৎ জোতাযােৰ খেলপথাৰৰ পৃষ্ঠত পিছলি নেযায়। ফলত বেছি দ্রুতিৰে দৌৰিব পাৰে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top