শস্য উৎপাদন আৰু ব্যৱস্থাপনা – প্রশ্নোত্তৰ অষ্টম শ্ৰেণীৰ

বিষয়: বিজ্ঞান
পাঠৰ নাম: শস্য উৎপাদন আৰু ব্যৱস্থাপনা
শ্ৰেণী: অষ্টম শ্ৰেণী
পাঠৰ নং: অধ্যায় 1
পাঠ্যক্ৰম: ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

শস্য উৎপাদন আৰু ব্যৱস্থাপনা


প্রশ্নোত্তৰ

প্রশ্ন 1: তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবােৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ কৰা।

ওপঙি, পানী, শস্য, পােষক দ্রব্য, চহােৱা

(ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।
(খ) শস্য সিচাৰ আগতে মাটি ডৰা চহােৱা কৰা হয়।
(গ) নষ্ট হােৱা বীজবােৰ পানীত ওপঙি থাকে।
(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পােহৰ আৰু মাটিৰ পৰা পােষক দ্রব্য আৰু পানী প্রয়ােজন হয়।


প্রশ্ন 2: ‘ক’ স্তম্ভৰ লগত ‘খ’ স্তম্ভ মিলােৱা।

‘ক’ স্তম্ভ‘খ’ স্তম্ভ
(i) খাৰিফ শস্য(ঙ) ধান আৰু যুৱ
(ii) ৰবি শস্য(ঘ) ঘেঁহু, বুট, মটৰ মাহ
(iii) ৰাসায়নিক সাৰ(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(iv) জৈৱিক সাৰ(গ) প্রাণীৰ বৰ্জিত দ্রব্য, গৰুৰ গােৱৰ গাে-মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্রব্য

উত্তৰ:
(i) ↔ (ঙ)
(ii) ↔ (ঘ)
(iii) ↔ (খ)
(iv) ↔ (গ)


প্রশ্ন 3: প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।

(ক) খাৰিফ শস্য
(খ) ৰবি শস্য

উত্তৰ:
(ক) খাৰিফ শস্য: ধান, মাকৈ
(খ) ৰবি শস্য: ঘেঁহু, মটৰ


প্রশ্ন 4: তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।

(ক) মাটি চহােৱা
(খ) বীজ সিঁচা
(গ) বনবাত নিৰােৱা
(ঘ) মৰণা মৰা

উত্তৰ:
(ক) মাটি চহােৱা:
মাটি চহােৱা হ’ল মাটি ঢিলা কৰা পদ্ধতি। ইয়াৰ দ্বাৰা শস্যৰ শিপাই সহজে মাটিৰ তললৈ যাব পাৰে আৰু পুষ্টিকৰ দ্ৰব্যবােৰ শিপাই শোষণ কৰিব পাৰে। প্ৰাচীন কালৰ পৰা নাঙল আৰু কোৰৰ দ্বাৰা মাটি চহােৱা হয়। বৰ্তমান ট্ৰেক্টৰৰ সহায়ত যান্ত্ৰিকভাৱে মাটি চহােৱা হয়।

(খ) বীজ সিঁচা:
বীজ সিঁচা হ’ল শস্য উৎপাদনৰ এক প্ৰধান প্ৰক্ৰিয়া। উন্নত জাতৰ বীজ নির্বাচন কৰি সঠিক দূৰত্ব আৰু গভীৰতাত ৰােপণ কৰা হয়। ইয়াৰ দ্বাৰা শস্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সূৰ্যৰ পােহৰ, পানী আৰু পােষক দ্ৰব্য প্ৰাপ্ত হয়।

(গ) বনবাত নিৰােৱা:
খেতি পথাৰত শস্যৰ বাহিৰে গজা অনাবশ্যকীয় উদ্ভিদসমূহ আঁতৰােৱাকে বনবাত নিৰােৱা বােলে। ইয়াৰ দ্বাৰা শস্যৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পােষক দ্ৰব্য আৰু পানীৰ প্ৰতিযোগিতা কম হয়।

(ঘ) মৰণা মৰা:
শস্য চপােৱাৰ পিছত বীজসমূহ শীহ আৰু গা-গছৰ পৰা পৃথক কৰা প্ৰক্ৰিয়াক মৰণা মৰা বােলে। প্ৰাচীন কালত গৰুৰে পিটন দি এই কাম কৰা হৈছিল। বৰ্তমান যন্ত্ৰৰ সহায়ত মৰণা মৰা হয়।


প্রশ্ন 5: জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি? বর্ণনা কৰা।

ৰাসায়নিক সাৰজৈৱিক সাৰ
(১) ই এবিধ অজৈৱিক লৱণ।(১) ই এবিধ প্রাকৃতিক দ্ৰব্য।
(২) কাৰখানাত প্রস্তুত কৰা হয়।(২) পথাৰত প্ৰস্তুত কৰিব পাৰি।
(৩) মাটিত হিউমাছ যােগান ধৰিব নোৱাৰে।(৩) হিউমাছৰ প্ৰচুৰ যােগান ধৰে।
(৪) উদ্ভিদৰ প্ৰয়োজনীয় পােষক দ্ৰব্যৰ পৰিমাণ বেছি।(৪) উদ্ভিদৰ প্ৰয়োজনীয় পােষক দ্ৰব্যৰ পৰিমাণ কম।

প্রশ্ন 6: জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বর্ণনা কৰা।

উত্তৰ:জলসিঞ্চন হ’ল শস্যৰ বিকাশৰ বাবে মাটিৰ আদ্রর্তা ৰক্ষা কৰিবলৈ পানী যােগান ধৰা প্ৰক্ৰিয়া। পানী সংৰক্ষণ কৰা দুটা পদ্ধতি হ’ল:

  • পানী ছটিওৱা ব্যৱস্থা: পানীৰ পৰিমাণ কম থকা ঠাইত এই পদ্ধতি ব্যৱহাৰ কৰা হয়। পানী জোৰেৰে ছটিয়াই শস্যৰ ওপৰত পানীৰ ছিটিকনি পেলোৱা হয়।
  • পানী নিগৰােৱা ব্যৱস্থা: উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলােৱা হয়। ইয়াৰ দ্বাৰা পানীৰ অপচয় ৰোধ কৰিব পাৰি।

প্রশ্ন 7: খাৰিফ ঋতুত যদি ঘেঁহু সিচা হয়, তেতিয়া কি হ’ব? আলােচনা কৰা।

উত্তৰ: ঘেঁহু এবিধ ৰবি শস্য, যি শীতকালত ভালদৰে বৃদ্ধি পায়। খাৰিফ ঋতুত ঘেঁহু সিচিলে উষ্ণতা আৰু আর্দ্রতাৰ বাবে শস্যৰ বৃদ্ধি বাধাপ্রাপ্ত হয়। ফলত উৎপাদন কম হয়।


প্রশ্ন 8: একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্রভাব পৰে, বর্ণনা কৰা।

উত্তৰ: একে লেথাৰিয়ে শস্য উৎপাদন কৰিলে মাটিৰ পােষক দ্ৰব্যৰ পৰিমাণ কমি যায়। মাটিৰ উৰ্বৰতা হ্ৰাস পায়। জৈৱিক সাৰৰ ব্যৱহাৰে মাটিৰ উৰ্বৰতা পুনৰুদ্ধাৰ কৰিব পাৰি।


প্রশ্ন 9: অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি?

উত্তৰ: খেতি পথাৰত শস্যৰ বাহিৰে গজা অনাবশ্যকীয় উদ্ভিদসমূহক অপতৃণ বােলে। অপতৃণ নিয়ন্ত্রণৰ বাবে মাটি চহােৱা, খন্তি বা কোৰৰ ব্যৱহাৰ আৰু অপতৃণনাশক দ্ৰব্যৰ ব্যৱহাৰ কৰা হয়।


💬 Leave a Comment

Your email address will not be published. Required fields are marked *

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam