শস্য উৎপাদন আৰু ব্যৱস্থাপনা অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ ১

শস্য উৎপাদন আৰু ব্যৱস্থাপনা class 8 science chapter 1 in assamese question Answer

শস্য উৎপাদন আৰু ব্যৱস্থাপনা
বিষয়  বিজ্ঞান
পাঠৰ নামশস্য উৎপাদন আৰু ব্যৱস্থাপনা
শ্ৰেণী অষ্টম শ্ৰেণী
পাঠৰ নংঅধ্যায় 1
পাঠ্যক্ৰম ৰাজ্যিক শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (SCERT)

শস্য উৎপাদন আৰু ব্যৱস্থাপনা Class 8

প্রশ্ন 1ঃ তলত দিয়া তালিকাৰ পৰা শুদ্ধ শব্দবােৰ বাছি উলিওৱা আৰু খালী ঠাই পূৰ।

ওপঙি, পানী, শস্য, পােষক দ্রব্য, চহােৱা
(ক) একেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক ____ বুলি কোৱা হয়।
(খ) শস্য সিচাৰ আগতে মাটি ডৰা ____ কৰা হয়।
(গ) নষ্ট হােৱা বীজবােৰ পানীত ____ থাকে।
(ঘ) শস্যৰ বৃদ্ধিৰ বাবে প্ৰচুৰ সূৰ্যৰ পােহৰ আৰু মাটিৰ পৰা ___ আৰু ___ প্রয়ােজন হয়।
উত্তৰঃ (ক) শস্য (খ) ঢিলা। (গ) ওপঙি (ঘ) পােষক দ্রব্য, পানীৰ

প্রশ্ন 2 ‘ক’ স্তম্ভৰ লগত ‘খ’ স্তম্ভ মিলােৱা।

‘ক’ স্তম্ভ    ‘খ’ স্তম্ভ
(i) খাৰিফ শস্য
(ii) ৰবি শস্য
(ii) ৰাসায়নিক সাৰ
(iv) জৈৱিক সাৰ
 (ক) গৰুৰ খাদ্য
(খ) ইউৰিয়া আৰু ছুপাৰ ফছফেট
(গ) প্রাণীৰ বৰ্জিত দ্রব্য, গৰুৰ গােৱৰ গাে- মূত্ৰ আৰু উদ্ভিদৰ অৱশিষ্ট দ্রব্য
(ঘ) ঘেঁহু, বুট, মটৰ মাহ
(ঙ) ধান আৰু যুৱ

উত্তৰঃ (i) ↔(ঙ)

(ii) ↔(ঘ)
(iii) ↔ (খ)
(iv) ↔ (গ)

প্রশ্ন 3ঃ প্রত্যেকৰে দুটাকৈ উদাহৰণ দিয়া।
(ক) খাৰিফ শস্য (খ) ৰবি শস্য
উত্তৰঃ (ক) মাকৈ, ছয়াবিন।
(খ) সৰিয়হ, মটৰ।

লগতে পঢ়ক:   শব্দ Class 8 Science Chapter 13 Question Answer in Assamese

class 8 science chapter 1 question answer in assamese

প্রশ্ন 4 তলত দিয়া সমূহৰ বিষয়ে নিজা শব্দৰে একোটাকৈ দফা লিখা।
(ক) মাটি চহােৱা (খ) বীজ সিঁচা (গ) বনবাত নিৰােৱা (ঘ) মৰণা মৰা

উত্তৰঃ (ক) মাটি চহােৱাঃ মাটি ঢিলা বা কোমল কৰা পদ্ধতিটোক মাটি চহােৱা বা হাল বােৱা বােলে। শস্য উৎপাদনৰ প্ৰথম দৰকাৰী কাম হ’ল মাটি ডৰা ঢিলা কৰা। এনে কৰিলে শস্যৰ শিপাই সহজে তললৈ যাব পাৰে। মাটি চহাই অধিক ঢিলা কৰিলে মাটি তল-ওপৰহৈ পুষ্টিকৰ দ্ৰব্যবােৰ মাটিৰ ওপৰ অংশত জমা হয়। ফলত শিপাই সহজে এই পােষক দ্রব্যবােৰ গ্ৰহণ কৰিব পাৰে। নাঙল আৰু কোৰ অতি প্রাচীন কালৰ পৰাই মাটি চহােৱা কামত ব্যৱহাৰ হৈ আহিছে। আজিকালি ট্ৰেক্টৰৰ দ্বাৰা চলােৱা যান্ত্রিক হালেৰে মাটি চহােৱা হয়।

(খ) বীজ সিচা : শস্য উৎপাদনৰ প্ৰধান কাম বীজ সিঁচা। প্রয়ােজনীয় সাৰ, পানী দি মাটি ডৰা ভালদৰে চহােৱাৰ পিছত উন্নত জাতৰ বীজ নির্বাচন কৰা হয়। বীজবােৰ এক নির্দিষ্ট দূৰত্ব আৰু গভীৰতাত ৰােপণ কৰিব লাগে যাতে শস্যবােৰে বেছিকৈ সূৰ্যৰ পােহৰ আৰু মাটিৰ পৰা পােষক দ্রব্য আৰু পানী পাব পাৰে। চুপি আকৃতিৰ পাইপ সংলগ্ন পৰম্পৰাগত সঁজুলি ব্যৱহাৰ কৰি বীজ সিচিব পাৰি। আজিকালি ট্ৰেক্টৰৰ সহায়ত বীজ সিচা যন্ত্ৰৰ দ্বাৰা সিচিব পাৰি।

(গ) বনবাত নিৰােৱাঃ খেতি পথাৰত শস্যৰ বাহিৰে গজি উঠা অনাবশ্যকীয় উদ্ভিদসমূহ আঁতৰােৱাকে বনবাত নিৰােৱা বােলে। শস্যৰ বৃদ্ধিৰ কাৰণে বনবাত নিৰােৱা প্রয়ােজনীয় কাম। বীজ সিচাৰ আগতে অপতৃণবােৰ উভালি পেলাব পাৰি। সাধাৰণতে ফুল আৰু গুটি ধৰাৰ আগতেই অপতৃণ নিৰােৱাৰ ব্যৱস্থা ল’ব লাগে। খন্তি, কোৰ আদি ব্যৱহাৰ কৰি বনবাত নিৰােৱাৰ কাম কৰিব পাৰি।

লগতে পঢ়ক:   কিছুমান প্ৰাকৃতিক পৰিঘটনা – (প্রশ্নোত্তৰ) অষ্টম শ্ৰেণীৰ বিজ্ঞান

(ঘ) মৰণা মৰাঃ পৈণত শস্য চপােৱাৰ পাছত চপােৱা শস্যৰ বীজবােৰ শীহ আৰু গা-গছৰ পৰা পৃথক কৰা ব্যৱস্থাক মৰণা মৰা বােলে। খেতিয়কসকলে চোতালত চপােৱা শস্য গৰুৰে পিটন দি বীজবােৰ পৃথক কৰি লয়। আজিকালি বা দিয়া যন্ত্ৰৰ সহায়ত শীহ, পতানৰ পৰা বীজ পৃথক কৰিব পাৰি। কমবাইন’ মেচিনৰ দ্বাৰা শস্য চপােৱা আৰু মৰণা মৰা দুয়ােটা কাম কৰা হয়।

প্রশ্ন 5ঃ জৈৱিক সাৰৰ লগত ৰাসায়নিক সাৰৰ প্ৰভেদ কি? বর্ণনা কৰা।
উত্তৰঃ

ৰাসায়নিক সাৰজৈৱিক সাৰ
(১)ৰাসায়নিক সাৰ এবিধ অজৈৱিক লৱণ।
(২) ৰাসায়নিক সাৰ কাৰখানাত প্রস্তুত কৰা সাৰ প্রস্তুত হয়।
(৩) ৰাসায়নিক সাৰে মাটিত হিউমাছ যােগান ধৰিব নােৱাৰে।
(৪) ৰাসায়নিক সাৰে উদ্ভিদৰ পােষক দ্রব্য নাইট্রজেন, ফছফৰাছ আৰু পটাছিয়াম প্ৰচুৰ পৰিমাণে যােগান ধৰিব পাৰে।
(১) জৈৱিক সাৰ এবিধ প্রাকৃতিক দ্রব্য। গৰু, ম’হ, ছাগলীৰ গােৱৰ, মানৱ বর্জিত দ্রব্য আৰু উদ্ভিদৰ অৱশিষ্ট দ্রব্যৰ পচন ঘটি জৈৱিক সাৰ প্রস্তুত হয়।
(২) জৈৱিক সাৰ পথাৰত প্ৰস্তুত কৰিব পাৰি।
(৩) জৈৱিক সাৰে প্ৰচুৰ পৰিমাণে হিউমাছৰ যােগান ধৰিব পাৰে।
(৪) জৈৱিক সাৰত উদ্ভিদৰ প্ৰয়ােজনীয় পােষক দ্রব্য তুলনামূলকভাবে কম থাকে।

অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ ১

প্রশ্ন 6ঃ জলসিঞ্চন কি? পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ দুটা পদ্ধতি বর্ণনা কৰা।
উত্তৰঃ শস্যৰ বিকাশৰ কাৰণে মাটিৰ আদ্রর্তা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যােগান ধৰাকে জলসিঞ্চন বােলে। পানী সংৰক্ষণ কৰা জলসিঞ্চনৰ ব্যৱস্থা—
(i) পানী ছটিওৱা ব্যৱস্থাঃ পানীৰ পৰিমাণ কম থকা অসমান ভূমিত এই ব্যৱস্থা উপযােগী। পানী অহা মূল নলী এডালত এটা নির্দিষ্ট দূৰত্বৰ ব্যৱধানত আগমূৰত ঘূর্ণনশীল বিন্ধা থকা নলীলম্ভভাবে লগােৱা হয়। পাম্প চাপ যুক্ত পানী মূলনলীয়েদি প্রবাহিত হলে ঘূর্ণনশীল বিন্ধাৰে পানী জোৰেৰে ওলাই যায় আৰু বৰষুণৰ পানীৰ দৰেই শস্যৰ ওপৰত পানীৰ ছিটিকনি পৰে।

লগতে পঢ়ক:   কয়লা আৰু পেট্রলিয়াম Class 8 Science বিজ্ঞান পাঠ ৫ প্ৰশ্ন উত্তৰ

(ii) পানী নিগৰােৱা ব্যৱস্থাঃ উদ্ভিদৰ শিপাৰ অৱস্থানত পানী নিগৰাই পেলােৱা ব্যৱস্থাৰে জলসিঞ্চন কৰি পানী সংৰক্ষণ কৰিব পাৰি। ফলৰ গছ, বাগিছা আৰু ডাঙৰ গছত পানী যােগানৰ ই এক উত্তম ব্যৱস্থা। পানীৰ অভাব থকা শুকান ঠাইৰ কাৰণে এই ব্যৱস্থা আশীর্বাদ স্বৰূপ।

প্রশ্ন : খাৰিফ ঋতুত যদি ঘেঁহু সিচা হয়, তেতিয়া কি হ’ব? আলােচনা কৰা।
উত্তৰঃ নিৰােগী ঘেঁহু শস্যৰ বিকাশ শীত কালতহে সম্ভব। খাৰিফ ঋতুত এই শস্য কৰিলে উপযুক্ত বৃদ্ধি লাভ নকৰিব। খাৰিফ ঋতুত মাটিৰ আর্দ্রতা আৰু উঞ্চ প্রবাহ অধিক। আর্দ্রতা, উঞ্চতা আদিবােৰে উদ্ভিদৰ বৃদ্ধিত প্রভাব পেলায়।

প্রশ্ন ৪ঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটি ডৰাত কেনে প্রভাব পৰে, বর্ণনা কৰা।
উত্তৰঃ একে লেথাৰিয়ে শস্যৰ উৎপাদন কৰিলে মাটিত পােষক দ্রব্যৰ পৰিমান কমি যাব। মাটিয়ে শস্যক খনিজ পােষক দ্ৰব্যৰ যােগান ধৰে। পােষক দ্রব্যবােৰে শস্যৰ বৃদ্ধিৰ বাবে অতি প্রয়ােজন। মাটি চুন পৰি নাথাকিলে, জৈৱিক সাৰ যােগান ধৰি সেই মাটিৰ উৰ্বৰতা পুনৰাই ঘূৰাই আনিব পাৰি।

প্রশ্ন 9ঃ অপতৃণ কি? সিহঁতক কেনেকৈ নিয়ন্ত্রণ কৰিব পাৰি?
উত্তৰঃ খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাবিকভাৱে যিবিলাক অপ্রয়ােজনীয় উদ্ভিদ গজে সেইবােৰক অপতৃণ বােলে। অপতৃণবােৰ মাটি চহােৱাৰ সময়ত উভালি পেলােৱা হয়। সময়ে সময়ে খন্তি বা কোৰ আদি ব্যৱহাৰ কৰি অপতৃণ নিৰােৱাৰ ব্যৱস্থা কৰিব পাৰি। শস্য ধ্বংস নকৰা অপতৃণনাশক দ্রব্য আদি পথাৰত ছটিয়াই অপতৃণ নিয়ন্ত্রণ কৰা হয়।

শস্য উৎপাদন আৰু ব্যৱস্থাপনা | অষ্টম শ্ৰেণীৰ বিজ্ঞান পাঠ ১ | class 8 science chapter 1 question answer in assamese

প্রশ্ন: জলসিঞ্চন মানে কি?

উত্তৰঃ শস্যৰ বিকাশৰ কাৰণে মাটিৰ আদ্রর্তা ৰক্ষা কৰিবলৈ বিভিন্ন সময়ত শস্যৰ পথাৰত পানী যােগান ধৰাকে জলসিঞ্চন বােলে।

প্রশ্ন: শস্য কি?

উত্তৰঃএকেবিধ উদ্ভিদ এখন ঠাইত অধিক পৰিমাণে গজালে বা খেতি কৰিলে তাক শস্য বুলি কোৱা হয়।

প্রশ্ন: অপতৃণ কি?

উত্তৰঃ খেতি পথাৰত শস্যৰ বাহিৰেও স্বাভাবিকভাৱে যিবিলাক অপ্রয়ােজনীয় উদ্ভিদ গজে সেইবােৰক অপতৃণ বােলে।

প্রশ্ন: ৰবি শস্য কি কি?

উত্তৰঃ সৰিয়হ, তিচি মটৰ, মচুৰ, খেচাৰি আদি

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top