জতুৱাৰ জঁট Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

জতুৱাৰ জঁট Class 7 Questions Answers |জতুৱাৰ জঁট | Class 7 Assamese Lesson 7 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 7 | জতুৱাৰ জট কবিতা

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ class 7
পাঠৰ নামজতুৱাৰ জঁট
অধ্যায় (Chapter) 7
শ্ৰেণী VII
অধ্যায় অধ্যায় 6
পাঠ্যক্ৰমNCERT

জতুৱাৰ জঁট Class 7 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

১। যতি, বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়া।
উঃ- (যতি বিৰামলৈ লক্ষ্য ৰাখি কবিতাটো শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ যত্ন কৰা।)

২। কবিতাটো আবৃত্তি কৰা।
উঃ- (কবিতাটো আবৃত্তি কৰিবলৈ শিকা।

৩। কোৱা আৰু লিখা।
(ক) কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?
উঃ- কবিতাটোৰ মতে যিসকল লোকে নিজকে নিজে ডাঙৰ বুলি ভাবে তেনে নপতা ফুকনে আকাশত চাং পাতে।

(খ) অহুকাণে পহুকাণে মানে কি?
উঃ- অহুকাণে পহুকাণে মানে হৈছে আৰ তাৰ পৰা বা ঘুনুক-ঘানাককৈ।

(গ) ঘিট্ মিট্ আন্ধাৰত কি দেখে?
উঃ- ঘিট্ মিট্ আন্ধাৰত সকলোৱে ভয়তে ভূত দেখা পায়।

(ঘ) কোনবোৰ লোকে বৰ ভয় খায় ?
উঃ- “জোলোঙাৰ মেকুৰী” অৰ্থাৎ লুকুৱাব খোজা বস্তুটো ওলাই পৰাৰ ভয়ত “অলপ ধতুৱা” অৰ্থাৎ ভয়াতুৰ মানুহবোৰে বৰ ভয় খায়।

(ঙ) কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে?
উঃ- যিসকল লোকে ফকৰা-যোজনা নাজানে বা শিকিব নুখুজে তেনে লোকক বুদ্ধিত টোকোনা বুলি কৈছে।

৪। পাঠটোৰ আলমত চমুকৈ লিখা :

(ক) মৈত উঠিলে সহজে কাক নমাৰ নোৱাৰি?
উঃ- মৈত উঠিলে অঁকৰাক সহজে নমাৰ নোৱাৰি। অঁকৰা মৈত উঠিলে চাৰিওফালে হুৱা-দুৱা লাগে। তাক মৈৰ পৰা নমুওৱাৰ সাধ্য কাৰো নাথাকে। অর্থাৎ কোনো লোকে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজাৰ ফলত হাই-উৰুমিৰ সৃষ্টি হয় আৰু তাক সেই কামটোৰ পৰা বিৰত কৰাটোও বৰ সহজ কাম নহয়।

(খ) আঁঠুৱাৰ তলত মহৰ কি অৱস্থা হয়?
উঃ- আঁঠুৱাৰ তলত থকা মহবোৰৰ কোনো স্বাধীনতা নাথাকে। সিহঁতে লোভৰ বশৱৰ্তী হৈ আঁঠুৱাৰ তলত সোমায় আৰু নিজৰ মৰণ নিজে মাতি আনে। অর্থাৎ সমুলি পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। এনে লোকে লোভৰ বশৱৰ্তী হৈ নিজৰ মৰণ নিজে চপাই লয়।

(গ) ফকৰা-যোজনা নাজানিলে বা নিশিকিলে কি হয়?
উঃ- যিসকল লোকে ফকৰা-যোজনা নিশিকে বা নাজানে তেওঁলোক বুদ্ধিত অতি দৰিদ্ৰ হয়। বুদ্ধিয়ক লোকে কথা কওঁতে বা দৈনন্দিন জীৱনৰ বিভিন্ন ক্ষেত্ৰত বহুতো ফকৰা-যোজনাৰ ব্যৱহাৰ কৰে। ইয়াৰদ্বাৰা ভাষাৰ সৌষ্ঠৱ বৃদ্ধি হয়। গতিকে ফকৰা-যোজনা নাজানিলে বা নিশিকিলে বুদ্ধিত টোকোনা হয় বুলি কবিয়ে কৈছে।

জতুৱাৰ জঁট Class 7 Question Answer

৫। বাকচৰ ভিতৰত থকা শব্দবোৰৰ বিপৰীত অৰ্থ বুজোৱা শব্দটো পাঠত বিচাৰি লিখা।
উঃ- পোহৰ -আন্ধাৰ
অসাধ্য – সাধ্য
নির্লোভ – লোভ
জটিল – সহজ
বেছি – অলপ
মিছা – সঁচা

৬। পাঠত তোমালোকে – “হুৱা-দুৱা লাগে। বৰষুণ সৰে, চাং পাতে, কথা শুনে” আদি জতুৱা ঠাঁচৰ ক্ৰিয়াবোৰ পাইছা। ইয়াৰ আলমত তলৰ শব্দবোৰৰ লগত খাপখোৱা শুদ্ধ ক্রিয়াপদটো চিনাক্ত কৰি খালী ঠাই পূৰ কৰা

যেনে – কলম (ধৰে/লয়) কলম ধৰে।
(ক) চেপা (মাৰে/পাতে)…………।
(খ) ঢেঁকী (বান্ধে/দিয়ে)………….।
(গ) পাচি (গঢ়ে/সাজে)…………..।
(ঘ) খেল (কৰে/খেলে)……………।
(ঙ) মৰম (লাগে/ধৰে)……………।
উঃ- (ক) চেপা পাতে।
(খ) ঢেঁকী দিয়ে।
(গ) পাচি সাজে।
(ঘ) খেল খেলে
(ঙ) মৰম লাগে।

৭। ‘জতুৱাৰ জঁট’ কবিতাটোৰ পৰা যিকোনো পাঁচটা জতুৱা ঠাঁচ উলিয়াই একোটাকৈ বাক্য সাজা।
উঃ- (ক) নপতা ফুকন (নিজকে নিজে ডাঙৰ মানুহ বুলি ভবা) – যদুমণি নপতা ফুকন হ’লেও তাৰ কথা কোনেও নুশুনে।
(খ) আলাসৰ লাড়ু (অতি মৰমৰ) – জোনমণি মাক-দেউতাকৰ আলাসৰ লাড়ু।
(গ) অহুকাণে-পন্থকাণে (আৰ তাৰ পৰা ঘুনুক ঘানাককৈ) – অহুকাণে-পহুকাণে তাইৰ বিয়াৰ খবৰটো চাৰিওফালে বিয়পি পৰিল।
(ঘ) গা-নচুৱাই ফুৰা (কাম-বন নকৰি ধুন মাৰি ফুৰা, ধেমালি কৰি ফুৰা) – তাৰদৰে গা নচুৱাই ফুৰা মানুহক কোনেও ভাল নাপায়।
(ঙ) ঘিট্ মিট্ (বৰ বেছি অন্ধকাৰ)– অমাৱস্যাৰ নিশা ঘিটমিটীয়া আন্ধাৰ হয়।

জতুৱাৰ জঁট Class 7 Question Answer

৮। এটা শব্দত প্ৰকাশ কৰা :

উত্তৰ: ★ আনৰ ভাল দেখিব নোৱাৰা– পৰশ্ৰীকাতৰ।
★ ঘুনুক ঘানাককৈ যি কথা শুনা যায়– অহুকাণে পহুকাণে।
★ যিজন মাক-দেউতাকৰ অতি মৰমৰ– আলাসৰ লাড়ু।
★ যি নিয়মমতে খৰচ কৰে – মিতব্যায়ী

৯। জতুৱা ঠাঁচৰ অৰ্থ জানো আহা –

লগতে পঢ়ক:   বিজ্ঞান আৰু আমাৰ মানসিকতা Questions Answers সপ্তম শ্ৰেণীৰ অসমীয়া
জতুৱা ঠাঁচঅর্থ
কুন্দত কটাধুনীয়া, নিপোটল।
খোলাকটিৰ তালকোনো কামত নহা।
চুঙা-বাদুলিসংসাৰৰ বিষয়ে একো নজনা লোক,অনভিজ্ঞ।
কথা-চহকীবেছিকৈ কথা কোৱা।
বুকুৰ কুটুমঅতি আপোনজন।
ঘৰ-গোনাসদায় ঘৰতে থাকি ভাল পোৱা, নিজ ঘৰ এৰি আন ঠাইলৈ নোযোৱা।
বগলী ভকতভণ্ড।

১১। তৰা নৰা ছিঙি, আলৈ আথানি, বাট ল’লে, আলাসৰ লাডু এই জতুৱা ঠাঁচ কেইটা ব্যৱহাৰ কৰি এটা দফা প্রস্তুত কৰা।

উঃ- বিমলৰ জীৱিকা উপাৰ্জনৰ এক মাত্র পথ হৈছে খিৰতী গাই কেইজনী। এদিনাখন ৰাতি পাহাৰৰ পৰা নাহৰ ফুটুকী বাঘ নামি আহি বিমলৰ গোহালিত সোমাল। বিমলে জোৰ লৈ বাঘ খেদিবলৈ অহাত বাঘে তৰা নৰা ছিঙি পলাল। বিমলে দেখিলে যে বাঘে গোটেই গোহালিটো আলৈ আথানি কৰি পেলাইছে। সি লগৰীয়াৰ সতে লগ হৈ বাঘ খেদিবলৈ পাহাৰলৈ বাট ললে, লগৰীয়াবোৰে ক’লে গাইকেইজনী বিমলৰ আলাসৰ লাড়ু

জতুৱাৰ জঁট Class 7 Question Answer

১২। তলৰ যোজনা দুফাকিৰ অৰ্থ বুজাই লিখা।

(ক) আপদৰ মাত আকালৰ ভাত।
উঃ-  বিপদৰ বন্ধুহে প্ৰকৃত ৱন্ধু। বিপদৰ সময়তহে মানুহক মানুহৰ প্ৰয়োজন হয়। বিপদৰ সময়ত সামান্য এপদ বস্তু দিলেও বহুত সহায় হয়, বস্তু দি সহায় কৰিব নোৱাৰিলেও সহানুভূতি জনাই এষাৰ মাত দিলেও মানুহে বহুত সকাহ পায়, সাহস বাঢ়ে। সেইদৰে আকালৰ সময়ত এমুঠি ভাত দি সদায় কৰিলেও পৰম ধৰ্ম হয় আৰু জীৱকো সহায় কৰা হয়। বিপদৰ সময়ত এষাৰ মাত দিয়া আৰু আকালৰ সময়ত এমুঠি ভাত দিয়া দুয়োটাই পৰম ধৰ্ম আৰু মহৎ উপকাৰ। সেৱাই প্ৰকৃত মানৱ ধৰ্ম।

(খ) কথাতে বঁটা পায়, কথাতে কটা যায়।
উঃ- মানুহে কথাৰে তাৰিবও পাৰে, কথাৰে মাৰিবও পাৰে। মানুহে কথা ক’ত, কেনেকৈ ক’ব লাগে বা কি পৰিস্থিতিত কেনেভাৱে কথা ক’ব লাগে তাক জনা উচিত। যেতিয়াই তেতিয়াই যিহকে তিহকে কথা কোৱাৰ ফলত মানুহ বিপদত পৰে। কথা সুন্দৰকৈ আৰু সময়োপযোগীকৈ সজাই-পৰাই ক’ব পাৰিলে মানুহৰ পৰা প্ৰশংসা পোৱা যায় আৰু মানুহকো আপোন কৰি লব পাৰি, তাকে কথাত বঁটা পোৱা বুলি ক’ব পাৰি। কিন্তু কথা ক’ব নাজানি য’তে ত’তে যিহকে তিহকে ক’লে মানুহৰ অপ্ৰিয় হ’ব লগা হয়। ফলত শত্ৰু বাঢ়ে আৰু বিপদো আহে। তাকেই কটা যোৱাৰ লগত তুলনা কৰিব পাৰি। সেয়েহে সদায় জোখ-মাখ কৰি কথা ক’ব লাগে।

Class 7 Assamese Lesson 7 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। নপতা ফুকনে কি কি কৰিছে?
উঃ- নপতা ফুকনে আকাশত চাং পাতি ফুৰিছে অর্থাৎ অস্বাভাৱিক কল্পনা কৰি ফুৰিছে আৰু ঘুনুক ঘানাককৈ বহু কথা শুনিছে।

২। অঁকৰা মৈত উঠিলে কেনেকুৱা অৱস্থা হয়?
উঃ- অঁকৰা মৈত উঠিলে চাৰিওফালে হুৱা-দুৱা লাগে। তাক মৈৰপৰা নমুৱাব সাধ্য কাৰো নাথাকে। অর্থাৎ কোনো লোকে মিছাতে কোনো কামত ধৰি তাক এৰিব নোখোজাৰ বাবে হাই-উৰুমিৰ সৃষ্টি হয়। কিন্তু তেনেধৰণৰ ব্যক্তিক কোনেও একো বুজাবও নোৱাৰে।

৩। আঁঠুৱাৰ তলৰ মহক সঁচাই অঁকৰা বুলি কিয় কৈছে?
উঃ- আঁঠুৱাৰ তলৰ মহৰ অৰ্থ হৈছে সমূলি পৰৰ অধীন মানুহ ৷ তেনে মানুহৰ নিজা স্বাধীনতা একো নাথাকে। পৰৰ অধীন লোকে কোনো কথা নিজে বুজিবলৈ চেষ্টা নকৰি সদায় আনৰ ওপৰত নিৰ্ভৰ কৰি চলে। সেইবাবে তেনে লোকক অঁকৰা বুলি কৈছে।

৪। গোট গৰুৰ কেনেকুৱা অৱস্থা হয়?
উঃ- গোট গৰু অৰ্থাৎ সম্পূৰ্ণ ৰূপে মূৰ্খ মানুহৰ সদায় আলৈ আথানি হয়। তেওঁলোক আশ্রয়হীন হয়। তেওঁলোকৰ খাবলৈ বা থাকিবলৈ ঠাই নোহোৱা হয়। যদি ছাত্র-ছাত্রী গোটগৰু হয় তেতিয়া তেওঁলোকে পৰীক্ষাৰ বহীত সদায় শূন্য পায়।

৫। “আঁকোৰ-গোজালি” হয় “আপুতৰ পুত”
“ঘিট্ মিট্” আন্ধাৰত সবে দেখে ভূত।—বুজাই লিখা
উঃ- উক্ত কবিতাফাকিত কবি গগন চন্দ্ৰ অধিকাৰী ডাঙৰীয়াই আপুতৰ পুত অৰ্থাৎ যিসকল অতি আদৰৰ তেওঁলোকৰ কথা কৈছে। আপুতৰ পুতসকল অতি আঁকোৰ গোজালি স্বভাৱৰ হয় অর্থাৎ তেওঁলোকে যি কামত ধৰে তাত নেৰানেপেৰাকৈ লাগি কামটো কৰিহে এৰে। এওঁলোকে ভাল-বেয়া, হাক-বচন একো নামানে। সেইদৰে যেতিয়া ঘিটমিটীয়া অন্ধকাৰ বা বৰ বেছি অন্ধকাৰ হয় তেতিয়া সকলোৱে যেন চাৰিওফালে ভূত দেখা পায় অর্থাৎ ঘিটমিটীয়া অন্ধকাৰলৈ মানুহে ভয় কৰে।

৬। মূধচ ফুটিলে চালে বৰষুণ সৰে,
“মূধা ফুটাৰ নামবোৰ “ঢক ফুটি” পৰে।–বুজাই লিখা।
উঃ- উক্ত কবিতাফাকিৰ দ্বাৰা কবি গগন চন্দ্ৰ অধিকাৰী ডাঙৰীয়াই “মূধা ফুটা” আৰু মূধচ ফুটা”ৰ মাজত পাৰ্থক্য দাঙি ধৰিছে৷ যেতিয়া ঘৰৰ মূধা ফুটে তেতিয়া ঘৰৰ চালেৰে বৰষুণৰ পানী ঘৰৰ ভিতৰলৈ সোমাই আহে। মূধচ ফুটাৰ কোনো আভ্যন্তৰিণ অৰ্থ নাই। কিন্তু “মূধা ফুটা” হৈছে জতুৱা ঠাঁচ। ইয়াৰ আভ্যন্তৰীণ অৰ্থ হৈছে নাম জ্বলা বা অতিকৈ প্রসিদ্ধ ব্যক্তি। গতিকে এনে ব্যক্তিৰ নাম চাৰিওফালে বিয়পি পৰে বা বৰকৈ বহলাই প্রকাশ পায়।

লগতে পঢ়ক:   মিছাইল মানৱ Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

৭। নপতা ফুকনে কি কৰে?
উঃ- নপতা ফুকনে আকাশত চাং পাতে, অর্থাৎ অস্বাভাৱিক কল্পনা কৰে।

৮। অঁকৰা মৈত উঠিলে কি হয়?
উঃ- অঁকৰা মৈত উঠিলে হুৱা-দুৱা লাগে।

৯। আপুতৰ পুতবোৰ কেনেকুৱা স্বভাৱৰ হয়?
উঃ- আপুতৰ পুতবোৰ আঁকোৰ গোজালি স্বভাৱৰ হয়।

১০। ঘিট্ মিটীয়া আন্ধাৰত সকলোৱে কি দেখে?
উঃ- ঘিট্ মিটীয়া আন্ধাৰত সকলোৱে ভূত দেখে।

১১। অলপ ধতুৱাবোৰে কেতিয়া বৰ ভয় খায় ?
উঃ- জোলোঙাৰ মেকুৰীটো ওলাই পৰিলে অলপ ধতুৱাবোৰে বৰ ভয় খায় অৰ্থাৎ লুকুৱাব খোজা বস্তুটো ওলাই পৰিলে ভয়াতুৰ মানুহৱোৰে ভয়ত বিতত হয়।

১২। “আঁঠুৱাৰ তলৰ মহ” বুলিলে কি বুজা?
উঃ- আঁঠুৱাৰ তলৰ মহ বুলিলে সমূলি পৰাধীন ব্যক্তিক বুজা যায়।

১৩। “আঁঠুৱা তলৰ মহবোৰৰ কি হয়?
উঃ- আঁঠুৱা তলৰ মহবোৰে নিজৰ মৰণ নিজে মাতি আনি আওমৰণে মৰে।

১৪। মূধচ ফুটিলে আৰু মূধা ফুটিলে কি হয়?
উঃ- ঘৰৰ মূধচ ফুটিলে চালেৰে বৰষুণৰ পানী পৰিবলৈ ধৰে। সেইদৰে মূধা ফুটা হৈছে এটা জতুৱা ঠাঁচ। ইয়াৰ অৰ্থ হৈছে অতি খ্যাতিমান। এনে লোকৰ নামবোৰ বহলকৈ প্রকাশ পায়।

১৫। ফকৰা যোজনা নাজানিলে কি হয়?
উঃ- ফকৰা যোজনা নাজানিলে লোকসকল বুদ্ধিত টোকোনা হয়। ভাষা এটাত ব্যৱহাৰ হোৱা ফকৰা যোজনাবোৰে ভাষাটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। গতিকে ফকৰা যোজনা নাজানিলে বা নিশিকিলে তেনে লোকৰ ভাষাজ্ঞান কম হয়।

১৬। কাৰ পৰীক্ষাৰ ৰহীত ৰঙা পেনে কণী পাৰে?
উঃ- গোটগৰুৰ পৰীক্ষাৰ বহীত ৰঙা পেনে কণী পাৰে। অৰ্থাৎ সম্পূর্ণৰূপে মূৰ্খ মানুহে পৰীক্ষাত সদায় শূন্য পায়।

Class 7 Assamese Lesson 7 Question Answer

১৭ । তলৰ জতুৱা ঠাঁচবোৰ ব্যৱহাৰ কৰি প্ৰত্যেকৰে দুটাকৈ বাক্য লিখা।
উঃ- তলত প্ৰতিটো জতুৱা ঠাঁচৰে দুটাকৈ বাক্য লিখা হলঃ
ঠেহ পাতে – ল’ৰাটোৱে কথাই প্রতি মাকৰ সৈতে ঠেহ পাতিছে।
সি সেই সৰু কথাটোত ঠেহ পাতি কালিৰেপৰা একো নোখোৱাকৈ আছে।

সেপ ঢোকে – পুলিচজনক দেখা পাই চোৰটোৱে ভয়তে সেপ ঢুকিছে।
মিছা কথা কৈ ধৰা পৰাৰ ভয়ত ৰাজুৱে সেপ ঢুকি আছে।

ৰ’দ লয় – শালিকা চৰাইহালিয়ে গছৰ ডালত বহি ৰ’দ লৈছে।
জাৰৰ দিনত চোতালত বহি ৰ’দ ল’বলৈ ভাল লাগে।

ৰং সানে – পুৱাৰ সূৰুযে ধাননি পথাৰত সোণালী বৰণত ৰং সানে।
ফাগুনমহীয়া নীলা আকাশত মদাৰ ফুলে ৰঙা ৰং সানে।

খং উঠে – আমি দুষ্টামি কৰিলে দেউতাৰ বৰ খং উঠে।
খেলৰ সামগ্ৰীবোৰ চুলে ভাইটিৰ বৰ খং উঠে।

খং কৰে – ঘৰত কৰি নিব দিয়া কাম সময়মতে নকৰিলে শিক্ষকে আমাক (খং) কৰে।
যদিও মাক-দেউতাকে সন্তানক খং কৰে তথাপি মৰমো কৰে।

ক্ষমা মাগে – অপৰাধীজনে ৰাইজৰ আগত ক্ষমা মাগিছে।
মানুহজনে দুহাত যোৰ কৰি ক্ষমা মাগিছে।

ক্ষমা খোজে – সি সমাজৰ আগত ক্ষমা খোজাত সমাজে তাক ক্ষমা কৰিলে।
হৰিয়ে কৰা অপৰাধৰ বাবে দেউতাকে তাৰ হৈ ক্ষমা খুজিছে।

ক্ষমা কৰে – মাক-দেউতাকে ল’ৰা-ছোৱালীৰ সকলো দোষ ক্ষমা কৰে।
মহৎ লোকসকলে পাপীলোকক ক্ষমা কৰে।

জনম ধৰে – এই পৃথিৱীত সকলোৱে নিকা হৃদয় লৈ জনম ধৰে।
সকলোলোৱে জীৱনত কৰ্ম কৰি যাম বুলি জনম ধৰিব লাগে।

জন্ম লয় – ভাদ মাহৰ কৃষ্ণাষ্টমীৰ দিনা বসুদেৱৰ গৃহত কৃষ্ণই জন্ম লয়।
বৰুৱাৰ ঘৰত কালি ৰাতি ল’ৰা এটাই জন্ম লয়।

জন্ম হয় – লক্ষ্মী পূর্ণিমা তিথিত লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয় ।
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম হয় নগাওঁ জিলাৰ আলিপুখুৰী নামৰ এখন ঠাইত।

ভয় লাগে – ঘিট্-মিট্ অন্ধকাৰ ৰাতি ঘৰৰ বাহিৰলৈ ওলাবলৈ বৰ ভয় লাগে।
মানুহজনৰ খঙাল চকুযুৰিলৈ মোৰ বৰ ভয় লাগে।

ভয় কৰে – বাঘ-সিংহ আদি বনৰীয়া জন্তুলৈ সকলোৱে ভয় কৰে।
পুলিচক চোৰে বৰ ভয় কৰে।

ভয় খায় – কথাটো শুনি সি বৰ ভয় খায়।
সাধু কথাটো শুনি ভয় খাই ল’ৰাটোৱে মাকৰ কোলাত টোপনি গ’লে।

আঁঠু লয় – মাছমৰীয়াজনে ৰজাৰ আগত আঁঠু ল’লে।
সি দোষ স্বীকাৰ কৰি ৰাইজৰ আগত আঁঠু ল’লে।

লগতে পঢ়ক:   বিদ্যা Class 7 Question Answer (VII) অসমীয়া সপ্তম শ্ৰেণীৰ

আঁঠু কাঢ়ে – নেওতা মুখস্থ দিব নোৱাৰাৰ বাবে ছাত্ৰসকলে শিক্ষকৰ আগত আঁঠু কাঢ়িছে।
গৃহকাৰ্য নকৰাৰ বাবে শিক্ষয়িত্ৰী গৰাকীয়ে ছাত্ৰজনক শ্ৰেণীকোঠাৰ বাহিৰত আঁঠু কঢ়াই থৈছে।

মূৰ আঁচোৰে – কাকৈৰে মূৰ আঁচুৰিবলৈ ভাল।
তাই গা ধুই উঠি মূৰ আঁচুৰিছে।

মূৰ ফণিয়ায় – আমি ফণিৰে মূৰ ফণিয়াও।
তাইক মাকে মূৰ ফণিয়াই দিছে।

মূৰ কামোৰে – ৰীতাই মূৰ কামোৰণি উঠাৰ বাবে শুই আছে।
বেছি সময় ৰ’দত কাম কৰিলে মোৰ মূৰ কামোৰে।

Class 7 Assamese Lesson 7 Question Answer

১৮।  ‘কাণ’, ‘গা’, ‘চকু’, ‘মুখ’ আৰু ‘হাত’ বিশেষ্য পদৰ বিশেষ অৰ্থ ব্যৱহাৰ কৰি পাঁচটাকৈ জতুৱা ঠাঁচ লিখি প্ৰত্যেকৰে অর্থ লিখা।
উঃ- ‘কাণ’, ‘গা’, ‘চকু’, ‘মুখ’ আৰু ‘হাত’ বিশেষ্য পদৰ বিশেষ, অৰ্থ ব্যৱহাৰ কৰি পাঁচটাকৈ জতুৱা ঠাঁচ লিখা হ’ল :

কাণ – জতুৱা ঠাঁচ আৰু অর্থ
কাণকৰ – মনোযোগ দে।
কাণ কটা – নিলাজ ।
কাণ চোৱাই থ – মনত ৰাখিবলৈ কোনো কথা জনাই থ।
কাণ তাল মাৰ – কাণত তীব্র শব্দ পৰি নুশুনা হ।
কাণ সমনীয়া – ডেকা।

গা – জতুৱা ঠাঁচ আৰু অর্থ
গা ধৰ – শকত হ।
গা এৰা দে – সম্পৰ্ক এৰ।
গা ঘেলা – কাম-বন নকৰি ঘূৰি ফুৰ, ধুন মাৰি ফুৰ।
গাত দে – দাযিত্ব আৰোপ কৰ।
গা জুৰ পৰ – গা শাঁত হ।

চকু – জতুৱা ঠাঁচ আৰু অর্থ
চকু দে – নজৰ দে, সাৱধান হ।
চকুত লগা – ধুনীয়া হ, মনত লগা।
চকুত পৰা – মনক আকৰ্ষণ কৰ।
চকু মুদ – প্ৰাণ এৰ, মৰ।
চকু চৰহা – লোকৰ ভাল দেখিব নোৱাৰা, পৰশ্ৰীকাতৰ।

মুখ – জতুৱা ঠাঁচ আৰু অর্থ
মুখলৈ চা – পুতৌ কৰ।
মুখ-হাত ধো – মল-মূত্র ত্যাগ কৰ।
মুখ ফালি ক – খুলি ক।
মুখ লগা – আনৰ লোভৰপৰা পীড়া হ, অপকাৰ হ।
মুখ মেলি থাক – লোকলৈ আশা পালি থাক।

হাত – জতুৱা ঠাঁচ আৰু অর্থ
হাত কৰ – বশ কৰ, নিজৰ হাতলৈ আন, আত্মসাৎ কৰ।
হাত দে – কামত ধৰ।
হাত লৰ – চোৰ স্বভাৱৰ।
হাত টান – কৃপণ।
হাত দীঘল – ক্ষমতাশালী।

জতুৱাৰ জট কবিতা

ফকৰা যোজনা:

১৯। তলৰ ফকৰা-যোজনা কেইটা বুজাই লিখা :
(ক) শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে।
উঃ-  এলেহুৱা লোকে যে জীৱনত উন্নতি কৰিব নোৱাৰে তাকে বুজাবৰ বাবে এই যোজনাটি ব্যৱহাৰ কৰা হয়। হাঁহ শিয়ালৰ খাদ্য। কিন্তু ইয়াক ধৰিবৰ বাবে শিয়ালে যত্ন কৰিব লাগিব। তাকে নকৰি শুই থাকিলে শিয়ালে কেতিয়াও হাঁহ ধৰিব নোৱাৰে। মানুহৰ ক্ষেত্ৰতো এই কথা প্রযোজ্য হয় ৷ দুখ নকৰাকৈ কোনেও সুখ ভোগ কৰিব নাপায়। যিকোনো উপায়েৰে কেৱল পেটৰ ভাত মুঠি মুকলি কৰাটোৱে মানুহৰ লক্ষ্য হ’ব নোৱাৰে। মানুহে জীৱনত উন্নতি কৰিব লাগে আৰু উন্নতি কৰিবলৈ হ’লে কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হয়।

(খ) চোৰ গ’লে বুধি, বৰষুণ গ’লে জাপি।
উঃ- চোৰৰ কাম হৈছে চুৰ কৰা। চোৰে যাতে সম্পত্তি চুৰি কৰি নিব নোৱাৰে তাৰ বাবে আমি আগতিয়াকৈ বুদ্ধিপাঙি থলেহে সেই বুদ্ধি মূল্যৱান হয়। সেইদৰে বৰষুণৰপৰা হাত সাৰিবৰ বাবে মানুহে জাপিৰ ব্যৱহাৰ কৰে। অন্যথা চোৰে সম্পত্তি চুৰ কৰি নিয়াৰ পাছত যদি তাক খেদাৰ বুদ্ধি ওলায় আৰু বৰষুণত
তিতি বুৰি জুৰুলা হোৱাৰ পাছতহে যদি জাপিৰ ব্যৱহাৰ কৰা হয় তাৰপৰ একো উপকাৰ নহয় ৷ সেই বুদ্ধি বা জাপি কোনোটোৰে মূল্য নাথাকে। গতিকে ইয়াৰ দ্বাৰা ইয়াকে বুজাব খোজা হৈছে যে বিপদত পৰাৰ আগতে বা অনিষ্ট হোৱাৰ আগতেই আমি ইয়াৰপৰা পৰিত্ৰাণ পোৱা বা ইয়াক নিবাৰণ কৰাৰ উপায় উদ্ভাৱন কৰা উচিত।

২০। এটা শব্দত প্ৰকাশ কৰা :
উঃ- (ক) দুটা মাহৰ মাজৰ দিন–দোমাহী, সংক্রান্তি।
(খ) যাক ব্যৱহাৰ কৰিব নোৱাৰি – অব্যৱহার্য।
(গ) যি কথাৰ অৰ্থ নাই—নিৰৰ্থক।
(ঘ) ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি—প্রত্যুৎপন্নমতি।
(ঙ) যি ঠাণ্ডাও নহয়, গৰমো নহয়—নাতিশীতোষ্ণ।
(চ) যি কথা বিশ্বাস কৰিব নোৱাৰি – অবিশ্বাস্য, অবিশ্বস্ত।

প্রশ্ন: কবিতাটোৰ মতে আকাশত চাং কোনে পাতে?

উঃ- কবিতাটোৰ মতে যিসকল লোকে নিজকে নিজে ডাঙৰ বুলি ভাবে তেনে নপতা ফুকনে আকাশত চাং পাতে।

প্রশ্ন: অহুকাণে পহুকাণে মানে কি?

উঃ- অহুকাণে পহুকাণে মানে হৈছে আৰ তাৰ পৰা বা ঘুনুক-ঘানাককৈ।

প্রশ্ন: ঘিট্ মিট্ আন্ধাৰত কি দেখে?

উঃ- ঘিট্ মিট্ আন্ধাৰত সকলোৱে ভয়তে ভূত দেখা পায়।

প্রশ্ন: কোনবোৰ লোকে বৰ ভয় খায় ?

উঃ- “জোলোঙাৰ মেকুৰী” অৰ্থাৎ লুকুৱাব খোজা বস্তুটো ওলাই পৰাৰ ভয়ত “অলপ ধতুৱা” অৰ্থাৎ ভয়াতুৰ মানুহবোৰে বৰ ভয় খায়।

প্রশ্ন: কবিয়ে কাক বুদ্ধিত টোকোনা বুলি কৈছে?

উঃ- যিসকল লোকে ফকৰা-যোজনা নাজানে বা শিকিব নুখুজে তেনে লোকক বুদ্ধিত টোকোনা বুলি কৈছে।

g

Leave a Comment