মিছাইল মানৱ Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

মিছাইল মানৱ Class 7 Question Answer | মিছাইল মানৱ | Class 7 Assamese Lesson 8 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 8 | মিছাইল মানৱ

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ class 7
পাঠৰ নামমিছাইল মানৱ
অধ্যায় (Chapter) 8
শ্ৰেণী VII
অধ্যায় অধ্যায় 8

মিছাইল মানৱ Class 7 Question Answer

| পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ|

১। উত্তৰ দিয়া—

১। “মিছাইল মানৱ” নামেৰে কাক জনা যায়?
উঃ- “মিছাইল মানৱ” নামেৰে এ. পি. জে. আব্দুল কালামক জনা যায়।

(খ) সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম কি?
উঃ-সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম ৰোহিণী।

(গ) আব্দুল কালামে শেষ নিশ্বাস ক’ত ত্যাগ কৰিছিল?
উঃ- আব্দুল কালামে শ্বিলঙৰ “ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান” (Indian Institute of Management) ত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে।

(ঘ) তেখেতৰ মতে শিশুৰ বাবে আদর্শ নায়ক কোন কোন?
উঃ- তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈকে আদর্শ নায়ক হৈছে পিতৃ-মাতৃ, প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল।

মিছাইল মানৱ Class 7 Question Answer

২। উত্তৰ লিখা :

(ক) “সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ’ল কাম”—এই কথাষাৰি কোনে কাক কৈছিল?
উঃ- উক্ত কথাষাৰ ভাৰতৰ মিছাইল মানৱ আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালামে কৈছিল। তেখেতে দেশৰ প্ৰায় লক্ষাধিক ছাত্র-ছাত্রীক উদ্দেশ্য কৰি উক্ত কথাষাৰি কৈছিল।

(খ) তেখেত কি কি বিষয়ৰ অনুৰাগী আছিল?
উঃ- তেখেত বিজ্ঞান, প্রযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্য বিষয়ৰ অনুৰাগী আছিল

(গ) আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্রভাৱান্বিত কৰিছিল?
উঃ- আব্দুল কালাম বাল্যকালৰে পৰাই আন আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উৰি যোৱা চৰাইজাকৰ ৰহস্যই তেওঁক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। তেওঁ প্ৰায়েই সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাত সাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰিছিল।

(ঘ) মনে-প্রাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল?
উঃ- আব্দুল কালামে মনে প্রাণে ভাৰতক এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। সেইবাবে তেখেতে যুৱ সমাজক ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল।

লগতে পঢ়ক:   জনমভূমি Class 7 (প্ৰশ্ন উত্তৰ) জনমভূমি কবিতা অষ্টম শ্ৰেণী

৩। শব্দৰ লগত অৰ্থ মিলোৱা :
উঃ-

শব্দঅৰ্থ
উৎক্ষেপণপ্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পাঠোৱা
প্রজ্বলিতবৰকৈ জ্বলা (জুই)
আভ্যন্তৰীণভিতৰুৱা
বিচক্ষণপাৰ্গত, উত্তম।
অদম্যযাক দমন কৰিব নোৱাৰি
দিগন্তদিগ্বলয়, আকাশৰ সীমা
ভূষণঅলংকাৰ
নিৰীক্ষণদূৰৈৰ পৰা ভালকৈ চোৱা

৪। পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে ‘ণ’ আৰু ‘ষ’ ব্যৱহাৰ হৈছে কোৱা।
প্ৰাণ, ভূষণ, ৰোহিণী, বিচক্ষণ, উৎক্ষেপণ, আভ্যন্তৰীণ
উঃ- প্ৰাণ :- ‘ৰ’ পাছত আ স্বৰবৰ্ণ থকাৰ কাৰণে দন্ত্য ‘ন’ মুৰ্দ্ধণ্য ‘ণ’ হৈছে।
ভূষণ :- ‘ঘ’ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।
ৰোহিণী :- ‘হ’ ৰ পিছত ‘ই’ স্বৰবৰ্ণ থকাৰ কাৰণে দন্ত্যন’ মূৰ্দ্ধণ্য ‘ণ’ হৈছে।
বিচক্ষণ :- ‘ঘ’ ৰ পাছত থকা দন্ত্য ‘ন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।
উৎক্ষেপণ :- ‘ষ’-ৰ পাছত প-বৰ্গ থাকিলে দন্ত্যন’ মূৰ্দ্ধণ্য ‘ণ’ হয়।
অভ্যন্তৰীণ— ‘ৰ’ ৰ পাছত স্বৰবৰ্ণ থাকিলে দন্ত্যন’ মুৰ্দ্ধণ্য ‘ণ’ হয়।

৫। ণত্ববিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই ‘ণ’ বা ‘ন’ ৰে পূৰণ কৰা।
শ্ৰৱ, কৃপ, পঠ, ৰঞ্জ, ৰাৱ, বিভীষ, ৰামায় কীর্ত।
উঃ- ণত্ব বিধিৰ নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই ‘ণ’ বা ‘ন’ ৰে পূৰণ কৰা হ’ল—
শ্ৰৱণ, কৃপণ, ৰঞ্জন, ৰাৱণ, বিভীষণ ৰামায়ণ, কীর্তন

৬। তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা।
জাগ্রত—সুপ্ত
কৃত্রিম—অকৃত্রিম
উৎসাহ-নিৰুৎসাহ
সুপ্ত-জাগ্রত
অক্ষম-সক্ষম

Class 7 Assamese Lesson 8 Question Answer

৭। বাক্য ৰচনা কৰা :
মনে-প্রাণে, শয়নে-সপোনে, আকাশী-পথ, অদম্য ইচ্ছা বিনিময়।
উঃ- মনে-প্রাণে—সুধাকণ্ঠ ড. ভূপেন হাজৰিকা অসমীয়া মানুহৰ মনে-প্রাণে আজিও জীয়াই আছে।
শয়নে সপোনে— এ. পি. জে. আব্দুল কালামে শয়নে সপোনে ভাৰতৰ সর্বাংগীন উন্নতি সাধন কৰিৱলৈ যত্ন কৰিছিল।
আকাশী পথ – সাৰেং আৰু গঙা-চিলনী চৰাইবোৰে আকাশী পথেৰে উৰি থাকি অনাবিল সৌন্দৰ্যৰ সৃষ্টি কৰে।
অদম্য ইচ্ছা — মনত অদম্য ইচ্ছা থাকিলে সকলো বাধা হেলাৰঙে অতিক্ৰম কৰিব পাৰি।
বিনিময়– আব্দুল কালামে শিক্ষাৰ্থীসকলৰ সৈতে ভাব বিনিময় কৰি বিমল আনন্দ লাভ কৰিছিল।

৮। তলত নতুনকৈ গঠন হোৱা শব্দসমূহৰ অৰ্থ লিখা

উঃ তলত নতুনকৈ গঠন হোৱা শব্দসমূহৰ অৰ্থ লিখা হল—
প্রচেষ্টা— বিশেষভাৱে চেষ্টা, প্ৰয়াস, যত্ন।
প্ৰক্ষেপণ— দলি মাৰি পেলাই দিয়া কার্য।
প্রজ্বলিত— বৰকৈ জ্বলা (জুই)।
উৎক্ষেপণ— প্রচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা।
উৎপীড়ণ— অত্যাচাৰ ।
উৎসাহ – কাম কৰিবলৈ সাহ দিয়া কার্য

মিছাইল মানৱ Class 7 Question Answer

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

১। ISRO ৰ সম্পূৰ্ণ নাম কি?
উঃ- ISRO ৰ সম্পূৰ্ণ নাম The Indian Space Research Organization.

লগতে পঢ়ক:   গছ ভালপোৱা ককাৰ খং Class 7 Question Answer অংকুৰণ সপ্তম শ্ৰেণীৰ

২। কৃত্রিম উপগ্রহ ৰোহিণী কেতিয়া উৎক্ষেপণ কৰা হৈছিল?
উঃ- কৃত্রিম উপগ্রহ ৰোহিণী ১৯৮০ চনৰ ১৮ জুলাইৰ পুৱা ৮ বাজি ৩০ মিনিটত উৎক্ষেপণ কৰা হৈছিল

৩। কৃত্রিম উপগ্রহ ৰোহিণীক উৎক্ষেপণ কৰাত ISRO সফল হৈছিল নে?
উঃ- কৃত্রিম উপগ্রহ ৰোহিণীক উৎক্ষেপণ কৰাত ISRO সফল হৈছিল।

৪। কৃত্রিম উপগ্রহ ৰোহিণীৰ উৎক্ষেপণত সফল হোৱাৰ আঁৰত থকা মানুহজনৰ নাম কি?
উঃ- কৃত্রিম উপগ্রহ ৰোহিণীৰ উৎক্ষেপণত সফল হোৱাৰ আঁৰত থকা ব্যক্তিজন হৈছে এৰ’নেটিক ইঞ্জিনিয়াৰ আবুল পাকিৰ জয়নাল আবেদিন আব্দুল কালাম।

৫। কেতিয়া SLV-3 পৰীক্ষামূলকভাৱে উৎক্ষেপণ কৰা হৈছিল?
উঃ- ১৯৭৯ চনৰ আগষ্ট মাহৰ ১০ তাৰিখে SLV-3 ৰ পৰীক্ষামূলক উৎক্ষেপণ কৰা হৈছিল।

৬। S.L.V.-3 ৰ সফল উৎক্ষেপণ হৈছিলনে?
উঃ- S.L.V.-3 ৰ সফল উৎক্ষেপণ হোৱা নাছিল।

৭। এ. পি. জে. আব্দুল কালামৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শক কোন আছিল?
উঃ- এ. পি. জে. আব্দুল কালামৰ শিক্ষাগুৰু আৰু পথ প্ৰদৰ্শক আছিল অধ্যাপক সতীশ ধাৱান।

৮। কালামৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হোৱা পাঁচটা অতি গুৰুত্বপূৰ্ণ মিছাইল প্রকল্প কি কি?
উঃ- কালামৰ নেতৃত্বত বাস্তৱত ৰূপায়িত হোৱা পাঁচটা অতি গুৰুত্বপূৰ্ণ মিছাইল প্রকল্প হৈছে নাগ, পৃথ্বী, আকাশ, ত্রিশূল আৰু অগ্নি।

৯। আব্দুল কালাম কিহৰ কাৰণে ভাৰতৰ “মিছাইল মানৱ” নামেৰে প্রখ্যাত হৈ পৰিল ?
উঃ- আব্দুল কালামৰ নেতৃত্বত মাত্ৰ দহ বছৰৰ ভিতৰত ভাৰতে পাঁচটা অতি গুৰুত্বপূৰ্ণ মিছাইল প্রকল্প বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছিল। এই মিছাইল প্রকল্পসমূহে ভাৰতক এখন মহাশক্তিশালী ৰাষ্ট্ৰত পৰিণত কৰে। এই প্রকল্পসমূহ হ’ল নাগ, পৃখি, আকাশ, ত্ৰিশূল আৰু অগ্নি। এই ক্ষেপণাস্ত্ৰসমূহৰ বাবেই ভাৰতৰ প্ৰতিৰক্ষা বিভাগ পৃথিৱীৰ ভিতৰতে যথেষ্ট শক্তিশালী। এই কৃতিত্বৰ বাবে আব্দুল কালাম “মিছাইল মানৱ” নামেৰে প্ৰখ্যাত হৈ পৰিল।

Class 7 Assamese Lesson 8 Question Answer

১০। কিহৰ ৰহস্যই কালামক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল?
উঃ- আকাশৰ বিশালতা আৰু উৰন্ত চৰাইজাকৰ ৰহস্যই কালামক স্কুলীয়া জীৱনৰ পৰা প্ৰভাৱান্বিত কৰিছিল।

১১। কালামে কি কি চৰাইৰ উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক ভালদৰে নিৰীক্ষণ কৰিছিল?
উঃ- কালামে সাৰেং আৰু গঙা-চিলনী চৰাইবোৰে আকাশী পথত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক ভালদৰে নিৰীক্ষণ কৰিছিল।

১২। উৰন্ত চৰাইজাকৰ ৰহস্য বিচাৰি কালামে ক’লৈ গৈছিল ?
উঃ- উৰন্ত চৰাইজাকৰ ৰহস্য বিচাৰি কালামে প্ৰায়ে সাগৰৰ উপকূললৈ গৈছিল।

লগতে পঢ়ক:   বিদ্যা Class 7 Question Answer (VII) অসমীয়া সপ্তম শ্ৰেণীৰ

১৩। কর্ম জীৱনৰ অৱসৰৰ পাছত তেখেতে কিহৰ আসন অলংকৃত কৰিছিল?
উঃ- কৰ্মজীৱনৰ অৱসৰৰ পাছত তেখেতে ভাৰতবৰ্ষৰ দৰে গণতান্ত্রিক ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতিৰ আসন অলংকৃত কৰিছিল।

১৪। আমাৰ শিক্ষাব্যৱস্থাৰ প্ৰতি তেখেতৰ বিচাৰধাৰা কেনে আছিল?
উঃ- তেখেতে আমাৰ শিক্ষাব্যৱস্থাত সৃজনীশীল বিষয়ত গুৰুত্ব দিছিল। সময়ৰ লগত খাপ খাব পৰাকৈ আমাৰ শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তন হোৱাটো তেখেতে বিচাৰিছিল। “অকণিহঁতৰ প্ৰজ্বলিত মনেই দেশৰ আটাইতকৈ শক্তিশালী সম্পদ” – এই ভাবধাৰাৰে তেখেতে প্রায় লাখ লাখ ছাত্ৰ-ছাত্ৰীক লগ ধৰিছিল।

১৫। কালামে অকণিহঁতক কি উপদেশ দিছিল?
উঃ- কালামে অকণিহঁতক এই বুলি উপদেশ দিছিল— “সপোন দেখা, সপোন দেখা, সপোনেই চিন্তালৈ পৰিৱৰ্তন হ’ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ’ল কাম।”

১৬। কালামে যুৱ সমাজক কি হিচাপে গণ্য কৰিছিল?
উঃ- কালামে যুৱ সমাজক ভাৰতৰ ভৱিষ্যতৰ চালিকা শক্তি হিচাপে গণ্য কৰিছিল।

১৭। কালামৰ মতে শিশুৰ আদৰ্শ নায়ক কোন?
উঃ- কালামৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈকে পিতৃ-মাতৃ, প্রাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল আদর্শ নায়ক।

১৮। কালামৰ ব্যক্তিত্বৰ প্ৰধান ভূষণসমূহ কি কি?
উঃ- বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উপৰি সংগীত আৰু সাহিত্যৰ প্ৰতি কালামৰ বিশেষ অনুৰাগ আছিল। কালামৰ সৰলতা আৰু কর্মদক্ষতা তেখেতৰ ব্যক্তিত্বৰ প্ৰধান ভূষণ আছিল।

১৯। কোন চনৰ কিমান তাৰিখে কালামৰ মৃত্যু হয়?
উঃ- ২০১৫ চনৰ ২৭ জুলাই তাৰিখে কালামৰ মৃত্যু হয়।

২০। কালামৰ দ্বাৰা ৰচিত চাৰিখন পুথিৰ নাম লিখা।
উঃ- কালামৰদ্বাৰা ৰচিত চাৰিখন পুথি হৈছে চিৰেণ আস্ক কালাম, মিছন ইণ্ডিয়া, উইংচ অৱ ফায়াৰ আৰু ইগ্গ্নাইটেড মাইণ্ড।

প্রশ্ন: “মিছাইল মানৱ” নামেৰে কাক জনা যায়?

উঃ- “মিছাইল মানৱ” নামেৰে এ. পি. জে. আব্দুল কালামক জনা যায়।

প্রশ্ন: সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম কি?

উঃ-সফলতাৰে ভাৰতৰ ভূমিত প্রথম উৎক্ষেপণ কৰা কৃত্রিম উপগ্ৰহটোৰ নাম ৰোহিণী।

প্রশ্ন: আব্দুল কালামে শেষ নিশ্বাস ক’ত ত্যাগ কৰিছিল?

উঃ- আব্দুল কালামে শ্বিলঙৰ “ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান” (Indian Institute of Management) ত অংশগ্ৰহণ কৰি ভাষণ দি থকা অৱস্থাতেই শেষ নিশ্বাস ত্যাগ কৰে।

প্রশ্ন: আব্দুল কালামক স্কুলীয়া জীৱনত কি ৰহস্যই প্রভাৱান্বিত কৰিছিল?

উঃ- আব্দুল কালাম বাল্যকালৰে পৰাই আন আন ছাত্ৰতকৈ কিছু ব্যতিক্ৰমী স্বভাৱৰ আছিল। আকাশৰ বিশালতা আৰু উৰি যোৱা চৰাইজাকৰ ৰহস্যই তেওঁক স্কুলীয়া জীৱনৰ পৰাই প্ৰভাৱান্বিত কৰিছিল। তেওঁ প্ৰায়েই সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল। তাত সাৰেং আৰু গঙা চিলনী চৰাইবোৰে আকাশত উৰি থাকিবলৈ কৰা প্ৰচেষ্টাক তেওঁ গভীৰভাৱে নিৰীক্ষণ কৰিছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top