তেজৰে কমলাপতি Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

তেজৰে কমলাপতি Class 7 Assamese – Tejore kamalapati Class 7 | তেজৰে কমলাপতি | Class 7 Assamese Lesson 1 Question Answer সপ্তম শ্ৰেণীৰ অসমীয়া প্ৰশ্ন উত্তৰ | Class 7 Assamese Chapter 1 | তেজৰে কমলাপতি কবিতা

বিষয় সপ্তম শ্ৰেণীৰ অসমীয়া
মাধ্যমঅসমীয়া
কিতাপখনৰ নামঅংকুৰণ class 7
পাঠৰ নামতেজৰে কমলাপতি
অধ্যায় (Chapter) 1
শ্ৰেণী VII
অধ্যায় অধ্যায় 1

তেজৰে কমলাপতি Class 7 Question Answer

১. ‘তেজৰে কমলাপতি’ বৰগীতটোৰ ৰচয়িতা কোন?

  • ক) শ্ৰীমন্ত শংকৰদেৱ
  • খ) শ্ৰীশ্ৰী মাধৱদেৱ
  • গ) গোৱিন্দগিৰী
  • ঘ) মনোৰমা

A: খ) শ্ৰীশ্ৰী মাধৱদেৱ

২. শ্ৰীশ্ৰী মাধৱদেৱৰ শ্ৰেষ্ঠকৃতি হ’ল-

তেজৰে কমলাপতি Class 7 Question Answer

পাঠভিত্তিক প্রশ্ন আৰু উত্তৰ

১। বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাওঁ আহা।
উঃ- (তােমালােকে বৰগীতটো শুদ্ধ আৰু স্পষ্ট উচ্চাৰণেৰে গাবলৈ চেষ্টা কৰা।)
২। বৰগীতটো শুদ্ধ আৰু স্পষ্টভাৱে পঢ়া।
উঃ- (তােমালােকে শুদ্ধ আৰু স্পষ্টভাৱে পঢ়িবলৈ চেষ্টা কৰা।)

৩। তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?
উঃ- বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ।

(খ) “তেজৰে কমলাপতি” নামৰ বৰগীতটোৰ ৰচক কোন?
উঃ- “তেজৰে কমলাপতি” নামৰ বৰগীতটোৰ ৰচক মহাপুৰুষ শ্ৰীশ্রী মাধৱদেৱ।

(গ) “তিমিৰ ফেৰিয়া” কি বাজ হয়?
উঃ- “তিমিৰ ফেৰিয়া” ৰবিৰ কিৰণ অর্থাৎ সূৰ্যৰ পােহৰ বাজ হয়।

(ঘ) যশােদাই কৃষ্ণক পুৱা কিয় জগাইছিল?
উঃ যশােদাই ৰাতিপুৱাৰ প্ৰকৃতিৰ অবর্ণনীয় সৌন্দর্য বর্ণনা দিয়া কৃষ্ণৰ চন্দ্ৰৰ দৰে সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ লগত গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক পুৱা জগাইছিল।

৪। তলত দিয়া পদ দুশাৰীত কোনে, কাক, কি কৈছে – নিজৰ কথাৰে লিখা—
নন্দ গেল বাথানে গােৱাল গেল পাল।
সুৰভী চাৰিতে লাগে উঠৰে গােপাল।।

উঃ— উক্ত কবিতাফাকি আমাৰ পাঠ্যপুথি ‘অংকুৰণৰ’ অন্তর্ভুক্ত মাধৱদেৱ বিৰচিত “তেজৰে কমলাপতি” নামৰ কবিতাটোৰ পৰা লােৱা হৈছে।

উক্ত কবিতাটোত ৰাতিপুৱাৰ ৰমণীয় সৌন্দর্য বর্ণনা দি মাতৃ যশােদাই পুত্র কৃষ্ণক শােৱাপাটীৰ পৰা জগাইছে। যশােদাই কৃষ্ণক কৈছে যে ৰাতিৰ আন্ধাৰ আঁতৰি গৈ চৌদিশ সূৰ্যৰ পােহৰত আলােকিত হৈ পৰিছে। পদুম ফুলবােৰ ফুলি। উঠিছে আৰু তাৰ ওপৰত ভােমােৰবােৰ উৰি ফুৰিছে। ব্রজবধূসকলে কৃষ্ণৰ নামগুণ গাই দধি মথি আছে। কৃষ্ণৰ লগৰীয়া দাম সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে। বলৰামে শয্যা ত্যাগ কৰি উঠি আহিছে। নন্দ বাথানলৈ গৈছে আৰু গােৱালসকলে গৰুৰ পাল চৰাবলৈ লৈ গৈছে। গতিকে কৃষ্ণই শোৱাপাটী ত্যাগ কৰি উঠি আহিব লাগে আৰু গৰু চৰাবলৈ যাব লাগে।

Tejore kamalapati Class 7 Question Answer

৫। শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দকোৰৰ অৰ্থ লিখা।
শব্দার্থঃ কমলাপতি-লক্ষ্মীপতি, বিষ্ণু, ভগৱান।
তিমিৰ—আন্ধাৰ, তমসা।
ডাকে—মাতে।
ব্রজবধূ—ব্রজধামৰ বােৱাৰী।
শতপত্র-পদুম।
ভ্ৰমৰ—ভােমােৰা।
ত্রিজগতস্বর্গ, মর্ত্য আৰু পাতাল।
ৰয়নী—ৰজনী, ৰাতি।

৬। বৰগীতটোত প্রকাশ পােৱা পুৱাৰ প্রাকৃতিক দৃশ্যৰ এটি বর্ণনা দিয়া।
উঃ- তেজৰে কমলাপতি’ বৰগীতটো মাধৱদেৱৰ বৰগীতৰ জাগৰণ শ্ৰেণীৰ অন্তর্ভুক্ত। ইয়াত ৰাতিপুৱাৰ অপূর্ব প্রাকৃতিক সৌন্দৰ্যৰ মাজেৰে মাতৃ যশােদাই পুত্র কৃষ্ণক জগােৱা চিত্র বর্ণিত হৈছে। বৰগীতটিত প্ৰকাশ পােৱা
ৰাতিপুৱাৰ প্রাকৃতিক দৃশ্যটো এনেধৰণৰ

লগতে পঢ়ক:   প্ৰত্যাহ্বান Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

ৰাতিৰ অন্ধকাৰ আঁতৰি যােৱাৰ লগে লগে বগা বৰণে পৃথিৱীখন আৱৰি ধৰিছে আৰু অন্ধকাৰ আঁতৰাই সূৰ্যৰ পােহৰ উদ্ভাসিত হৈ উঠিছে। পদুম ফুল ফুলি উঠিছে তাৰ আকৰ্ষণত ভােমােৰাবােৰ উৰি ফুৰিছে। ব্রজবধূসকলে কৃষ্ণৰ নাম গুণ গাই দধি মথি আছে। দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামে শয্যা ত্যাগ কৰি উঠি আহিছে। নন্দই বাথানলৈ গৈছে। আৰু গােৱালসকলে গৰুৰ জাক চৰাবলৈ নিছে। গতিকে কৃষ্ণই শয্যা ত্যাগ কৰি ক্ষীৰ, লৱনু, শিঙা, বেত, বেণু আদি লৈ গাই গৰু চৰাবলৈ যাব লাগে। কাৰণ পােৱালীবােৰৰ অবিহনে গাই গৰুবােৰে হেম্বেলিয়াব ধৰিছে। এইদৰে মাধৱদেৱৰ বৰগীতত ৰাতিপুৱাৰ এটা সুন্দৰ দৃশ্য প্রকাশ পাইছে।\

। তলৰ ছবিখন চোৱা আৰু তাত প্রকাশ পােৱা কথাখিনি কোৱা।

উঃ—উক্ত চিত্ৰখনত ৰাতিপুৱাৰ এটি সুন্দৰ দৃশ্য প্রকাশ পাইছে। ৰাতিৰ আন্ধাৰ আঁতৰি গৈ দশােদিশ বগা বৰণে আৱৰি ধৰিছে আৰু আন্ধাৰ আঁতৰাই সূৰ্যৰ কিৰণ উদ্ভাসিত হৈ পৰিছে। সৰােবৰত পদুম ফুলবােৰ ফুলিবলৈ
ধৰিছে। ৰাতিপুৱাৰ লগে লগে পক্ষীবােৰে জাক পাতি উৰি গৈছে। পাহাৰৰ মাজৰপৰা উদ্ভাসিত হৈ অহা সূৰুযৰ ৰাঙলী আভাই প্রকৃতি জগতত এক অনাবিল সৌন্দর্যৰ সৃষ্টি কৰিছে।

Related Post: জনমভূমি Class 7

তেজৰে কমলাপতি Class 7 Question Answer

৮। (ক) শব্দৰ আগত “ত্রি” শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অর্থ জানি লােৱা।
জগত – ত্রিজগত

শূল, কোণ, কাল।, জগত,ভূজ, কাল, নয়ন,

শূলত্রিশূল।
কোণত্রিকোণ
জগতত্রিজগত
ভূজত্রিভুজ
কালত্রিকাল।
নয়নত্রিনয়ন।

(খ) তলত দিয়া শব্দবােৰৰ আগত “বি” পূর্বসর্গ লগ লগাই সেইবােৰেৰে অর্থ প্রকাশক একোটা বাক্য ৰচনা কৰা।
মুখ, দূৰ, কিৰণ, নন্দ।

উঃ

শব্দবি পূর্বসর্গশব্দ বাক্য
মুখবিমুখআমি ভিক্ষাৰীক কেতিয়াও বিমুখ কৰিব নাপায়।
দূৰবিদূৰদূৰতে মাকক দেখি অপৰাধৰ শাস্তি ভােগ ভয়ত ল’ৰাজন দূৰতে বিদূৰ হ’ল।
কিৰণবিকিৰণসূর্যই আমাক তাপ আৰু পোহৰ বিকিৰণ কৰে।
নন্দবিনন্দৰাতিপুৱাৰ মনােৰম সৌন্দর্যই প্রকৃতিক বিনন্দীয়া ৰূপত উদ্ভাসিত কৰিছে।

৯। তলৰ ব্ৰজাৱলী ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।
ক) বয়নী বিদূৰ দিশ ধৱলী বৰণ।
উঃ- ৰাতিৰ আন্ধাৰ আঁতৰি গৈ দশােদিশ বগা বৰণে আৱৰি ধৰিলে।
(খ) শতপত্র বিকশিত ভ্ৰমৰ উৰায়।
উঃ পদুম ফুল ফুলি উঠিছে, ভােমােৰাবােৰ উৰিব ধৰিছে।
(গ) দাম-সুদাম ডাকে তেৰি লৈয়া নাম।
উঃ দাম আৰু সুদামে তােমাৰ নাম লৈ মাতিবলৈ ধৰিছে।
(ঘ) ক্ষীৰ লৱনু লৈয়া শিঙ বেত বেণু।
উঃ ক্ষীৰ লৱনু লৈ শিঙা বেত বেণু।

তেজৰে কমলাপতি Class 7 Question Answer

১০। এটা শব্দত প্ৰকাশ কৰা।
উঃ

গৰু বন্ধা ঠাইগােহালি।
যিয়ে ৰাতি নেদেখেকুকুৰীকণা।
যিজনে সকলাে জানেসর্বজ্ঞ।
যিজন সকলােৰে মাজত প্রিয়জনপ্রিয়।
যাক সহজে লাভ কৰিব নােৱাৰিদুর্লভ।
যিজনে বিষ্ণুক উপাসনা কৰেবৈষ্ণব।

১১। বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি বল’ বুজায় আৰু শেষৰ আখৰ দুটা মিলি মানুহৰ নাম’ বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা। প্রথম আখৰ দুটা মিলি বল হয়।

উঃ – সেই শব্দটোৰ বলৰাম

প্রথম আৰু তৃতীয়ই মিলি কি বুজায় ?
উঃ – বৰা
দ্বিতীয় আৰু তৃতীয়ই মিলি কি বুজায় ?
উঃ লৰা
আৰু চতুর্থ আৰু দ্বিতীয়ই মিলি কি বুজায় ?
উঃ মল

১২। ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা কথা।
গােপী বােল : আহে কানাই! তােহাক হামু উত্তৰে নাহি পাৰলাে। আজু তােহাৰি মাৱক আগু সৱ কথা কহিয়ে হামা তােহাক যে জানেনা তা কৰব।
সূত্র : ওহি বুলি গােপী পাৰাক গােপীসৱক ডাকিয়ে এক থানে হােৱে সৱহি গিয়া যশােদাক আণ্ড কহল, তা দেখহ।

১৪। বৰগীতত ব্যৱহাৰ কৰা বাদ্য যন্ত্রৰ ছবি সংগ্রহ কৰি তালিকা প্রস্তুত কৰা।
উঃ- বৰগীতত ব্যবহাৰ কৰা বাদ্য যন্ত্রসমূহ হৈছে-খােল, তাল, মৃদংগ আৰু বাঁহী। তলত এই বাদ্যযন্ত্রসমূহৰ চিত্ৰ দিয়া হৈছে।

লগতে পঢ়ক:   জতুৱাৰ জঁট Class 7 Question Answer – অংকুৰণ সপ্তম শ্ৰেণীৰ

তেজৰে কমলাপতি Class 7

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ:
১। কবিতাটোত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে?

উঃ- কবিতাটোত কমলাপতি বুলি লক্ষ্মীপতি বিষ্ণু বা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে।

২। কবিতাটোত ভােমােৰাবােৰ ক’ত উৰি আছে?
উঃ- কবিতাটোত ভােমােৰাবােৰ ফুলিবলৈ ধৰা পদুম ফুলবােৰত উৰি আছে।

৩। ব্রজধূসকলে কাৰ গুণ গাই দধি মথি আছে?
উঃ- ব্রজবধূসকলে শ্রীকৃষ্ণৰ গুণ গাই দধি মথি আছে।

৪। গােপালে শােৱাপাটীৰ পৰা উঠি কি কৰিব লাগে ?
উঃ— গােপালে শােৱাপাটীৰ পৰা উঠি গৰু চৰাবলৈ যাব লাগে।

৫। ত্রিজগতৰ পতিক কোনে ৰাখােৱাল স্বৰূপে পাইছিল?
উঃ- নন্দ যশােদাই তপস্যাৰ বলত ত্রিজগতৰ পতিক ৰাখােৱাল ৰূপে পাইছিল।

Tejore kamalapati Class 7

৬। গাে-পালন এটি অর্থ উপার্জন কৰা বৃত্তি। এনেদৰে আমি জীৱিকা উপার্জনৰ বাবে কি কি জীৱ-জন্তু পালন কৰিব পাৰোঁ আৰু তাৰপৰা কেনেকৈ অর্থ উপার্জন কৰিব পাৰোঁ দলগতভাৱে আলােচনা কৰা।

উঃ আমি জীৱিকা উপার্জনৰ বাবে গাে-পালন কৰাৰ উপৰিও মৎস বা মীন পালন, হাঁহ-কুকুৰা পালন, গাহৰি পালন আদি কৰিব পাৰোঁ। এই জীৱ-জন্তুবােৰ পালন কৰি আমি বিভিন্ন ধৰণে অর্থ উপার্জন কৰিব পাৰোঁ।

আজিকালি চৰকাৰে প্ৰতিজন ব্যক্তিক স্বনিৰ্ভৰশীল হ’বৰ বাবে বিভিন্ন ধৰণৰ আঁচনি গ্ৰহণ কৰিছে। বিভিন্ন আত্মসহায়ক গােট, স্বেচ্ছাসেৱী অনুষ্ঠান আদিৰ সহায়ত জনসাধাৰণক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে। এই অনুষ্ঠানবােৰে কম খৰচত অধিক উপার্জন কৰি কিদৰে লাভবান হ’ব পাৰি সেই বিষয়ে জনসাধাৰণক বুজাই দিছে। এই ক্ষেত্ৰত প্রয়ােজন সাপেক্ষে চৰকাৰৰ ফালৰপৰা আর্থিক সাহায্য আগবঢ়োৱাৰাে ব্যৱস্থা আছে।

মৎস বা মীন পালন, হাঁহ-কুকুৰা পালন, গাহৰি পালন আদিৰ বাবে চৰকাৰে উন্নত মানৰ মাছৰ পােনা বা হাঁহ-কুকুৰাৰ পােৱালি আদি যােগান ধৰে। এইবােৰ সঠিক নিয়মত পালন কৰি আমি সহজে অর্থ উপার্জন কৰিব পাৰোঁ।

৭৷ যশােদাই ৰাতিপুৱাত কৃষ্ণক কেনেদৰে জগাইছিল ?
উঃ যশােদাই ৰাতিপুৱাৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশৰ বৰ্ণনাৰ মাজেদি শ্রীকৃষ্ণক জগাইছিল। যশােদাই বর্ণনা দিছিল যে নিশাৰ অন্ধকাৰ আঁতৰি যােৱাৰ লগে লগে বগা বৰণে চৌদিশ পােহৰাই তুলিছে। নিশাৰ অন্ধকাৰ ফালি সূর্য উদ্ভাসিত হৈ পৰিছে। পদুম ফুলবােৰ ফুলি উঠিছে, তাৰ ওপৰত ভােমােৰা উৰি ফুৰিছে। ব্রজবধূসকলে কৃষ্ণৰ নাম-গুণ গাই দধি মথি আছে। কৃষ্ণৰ বন্ধু দাম আৰু সুদামে কৃষ্ণক মাতিবলৈ ধৰিছে আৰু বলৰামেও শয্যা ত্যাগ কৰি উঠি আহিছে। নন্দ বাথানলৈ গৈছে আৰু গােরালবােৰে গৰুৰ জাক চৰাবলৈ নিছে। গতিকে কৃষ্ণয়াে শােৱা পাটী ত্যাগ কৰি ক্ষীৰ, লৱনু লৈ শিঙা, বেত, বেণু আদিৰে সুসজ্জিত হৈ গাই গৰুবােৰ চৰাবলৈ নিব লাগে। কাৰণ পােৱালিবােৰৰ অবিহনে গাইবােৰে হেম্বেলিয়াব ধৰিছে। এইদৰে ৰাতিপুৱাৰ প্ৰাকৃতিক সুন্দৰ বৰ্ণনাৰ মাজেৰে যশােদাই কৃষ্ণক জগাইছিল।

তেজৰে কমলাপতি Class 7 Question Answer

৮। বৰগীতটোত পাঁচটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্রথম আখৰ দুটা মিলি অলপ’ বুজায় আৰু শেষৰ আখৰ দুটা মিলি স্বামী’ বুজায়। শব্দটো বিচাৰি উলিয়াই লিখা আৰু সেই শব্দটোৰ-

  • প্রথম, দ্বিতীয়, আৰু তৃতীয়ই মিলি।
  • দ্বিতীয় আৰু তৃতীয়ই মিলি আৰু,
  • প্রথম আৰু তৃতীয়ই মিলি কি বুজায় লিখা।

উঃ বৰগীতটোত থকা পাঁচটা আখৰেৰে গঠিত হােৱা শব্দটো হৈছে কমলাপতি। এই শব্দযােৰ-
প্রথম, দ্বিতীয় আৰু তৃতীয়ই মিলি কমলা’অর্থাৎ এবিধ ফলৰ নাম বুজায়।
দ্বিতীয় আৰু তৃতীয়ই মিলি ‘মলা’ অর্থাৎ এবিধ মাটিৰ পাত্ৰ বুজায়।।
প্রথম আৰু তৃতীয়ই মিলি কলা’অর্থাৎ কাণেৰে নুশুনা লােকক বুজায়।

০। প্রসংগ-সংগতি লগাই ব্যাখ্যা কৰা
(ক) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু।
সকালে মেলিয়াে বৎস হাম্বালাৱে ধেনু৷।

উঃ উক্ত পদফাকি আমাৰ পাঠ্যপুথি অংকুৰণ সপ্তম ভাগৰ তেজৰে কমলাপতি’ নামৰ পাঠটিৰপৰা তুলি দিয়া হৈছে। ব্ৰজাৱলী ভাষাৰ এই বৰগীতাংশ শ্রীশ্রীমাধৱদেৱ বিৰচিত।

ব্ৰজৰ শিশুসকলে ৰাতিপুৱাই গৰু চৰাবলৈ ওলাইছে। শ্রীকৃষ্ণৰ বন্ধু দাম সুদামেও শ্রীকৃষ্ণক মাতিবলৈ ধৰিছে। শ্রীকৃষ্ণ কিন্তু গভীৰ নিদ্ৰাত লালকাল হৈ পৰি আছে। মা যশােদা; দাম-সুদাম আদিয়ে ইতিমধ্যে গৰু মেলাৰ কথা কৈ পুত্র কৃষ্ণক জগাবলৈ চেষ্টা কৰিছে। এই প্রসংগতে মহাপুৰুষ মাধৱদেৱে উদ্ধৃত কথাষাৰ কৈছে—

লগতে পঢ়ক:   কালিকা লগা পাট-কাপোৰ Class 7 – (প্ৰশ্ন উত্তৰ) Kalika Laga Part Kapoor

মাক যশােদাই কৃষ্ণক কৈছে যে ইতিমধ্যে নন্দ বাথানলৈ গৈছে আৰু গােৱালসকলেও গৰুৰ পাল চৰাবলৈ নিছে। গতিকে শ্রীকৃষ্ণই শােৱাপাটী ত্যাগ কৰি ক্ষীৰ, লৱনু আদি লৈ শিঙা, বেত, বেণু আদিৰে সু-সজ্জিত হৈ গাই গৰু চৰাবলৈ নিব লাগে। কাৰণ গৰু পােৱালিবােৰৰ অবিহনে গাইবােৰ হেম্বেলিয়াবলৈ ধৰিছে।

Tejore kamalapati Class 7

১১। সন্ধিয়া পৰত বেলি মাৰ যােৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা কৰা।
উত্তৰ: সন্ধিয়া পৰত বেলি মাৰ যােৱাৰ যি অপৰূপ সৌন্দর্য দেখা যায় সি অতিকৈ মনােহৰ। এই সময়ছােৱাত মাৰ যাবলৈ ওলােৱা বেলিৰ হেঙুলী বৰণে আকাশখন হেঙুলীয়া কৰি তােলে। বাহলৈ ওভতা পখীৰ কাকলিৰে চৌদিশ মুখৰিত হয়। গৰখীয়া ল’ৰাহঁতে গৰুৰ জাক লৈ ঘৰলৈ ঘূৰি আহে। অস্তগামী সূৰুযৰ হেঙুলীয়া বৰণে ধাননি পথাৰৰ শােভা দুগুণে চৰায়। এই সময়ছােৱাত জীয়ৰী-বােৱাৰীহঁতে গৃহত ধূপ-ধুনা, চাকি-বন্তি দি লখিমীক আদৰি আনে। নামঘৰত ডবা কোবায়, শংখ ধ্বনি কৰে।

১২। গােপ-শিশুসকলে গৰু চৰাই তেওঁলােকৰ পৰিয়ালক সহায় কৰিছিল। তােমালােকে কি কি কাম কৰি তােমালােকৰ পৰিয়ালক সহায় কৰা লিখা।
উত্তৰ: এটা পৰিয়াল সুচাৰুৰূপে চলিবৰ বাবে পৰিয়ালৰ প্ৰতিজন ব্যক্তিকে সহায়-সহযােগৰ প্রয়ােজন। গােপ-শিশুসকলে গৰু চৰাই তেওঁলােকৰ পৰিয়ালক সহায় কৰিছিল। কিন্তু আজি-কালি শিশুসকলক গৰু চৰােৱা দেখা নাযায়। এওঁলােকে ঘৰখনৰ বিভিন্ন কামত ঘৰৰ বিভিন্নজন ব্যক্তিক সহায় কৰে। পৰিয়ালৰ বজাৰ-সমাৰ কৰা, ঘৰ-বাৰী পৰিষ্কাৰ কৰা, ভায়েক-ভনীয়েকহঁতৰ পঢ়া-শুনাৰ তদাৰক কৰা, মাক-দেউতাকক বিভিন্ন ঘৰুৱা কামত সহায় কৰা আদি নানা ধৰণৰ কাম শিশুসকলে কৰা দেখা যায়।

১৩। (ক) তলত দিয়া শব্দবােৰৰ আগত বা পিছত ‘পত্র’ শব্দটো লগ লগাই নতুন শব্দ গঠন কৰা আৰু সেইবােৰৰ একোটাকৈ বাক্য ৰচনা কৰা :
শত, চিঠি, কাগজ, বন্ধু, লেখক, তাম্র, বাহক, সূচী।

উত্তৰ: শত – শতপত্র : ৰাতিপুৱাৰ লগে লগে বিকশিত হােৱা, শতপত্ৰবােৰৰ চাৰিওফালে ভােমােৰা উৰি আছে।
চিঠি—চিঠিপত্র : বহুদিন বন্ধুজনৰপৰা একো চিঠিপত্র পােৱা নাই।
কাগজ – কাগজপত্র : প্রয়ােজনীয় কাগজপত্রবােৰ ভালদৰে থৈ দিয়া উচিত।
বন্ধু—পত্রবন্ধু : মই কালি পত্রবন্ধুৰ পৰা এখন চিঠি পালোঁ।
লেখক—পত্রলেখক : আলােচনীখনৰ পত্ৰলেখক শিতানটো মােৰ বৰ প্রিয়।
তাম্র—তাম্রপত্র সংগ্রহালয়ত বহুতাে তাম্রপত্র সংৰক্ষিত হৈ আছে।
বাহক—পত্রবাহকঃ অশেষ কষ্ট স্বীকাৰ কৰি পত্রবাহকে পত্ৰবােৰ ঘৰে ঘৰে বিলাই দিয়ে।
সূচী–সূচীপত্র : সূচীপত্ৰখন দেখিয়েই কিতাপখনৰ ভিতৰত কি কি আছে জনা যায়।

Class 7 Assamese Chapter 1 Question Answer

(খ) তলত দিয়া শব্দবােৰৰ আগত ‘ত্রি’ শব্দটো লগালে কি অর্থ প্রকাশ পায় লিখা—
জগত, শূল, ভূজ, কোণ, কাল, নয়ন, মূর্তি।

উত্তৰ : জগত—ত্রিজগত । ইয়াৰ অৰ্থ হৈছে ‘ত্রিলোক অর্থাৎ স্বর্গ, মর্ত্য আৰু পাতাল।

শূল – ত্রিশূল : ইয়াৰ অৰ্থ হৈছে তিনিটা জোং থকা শিৱৰ এবিধ অস্ত্র।
ভুজ – ত্রিভুজঃ ইয়াৰ অৰ্থ হৈছে তিনিডাল সৰল ৰেখাৰে আৱৰা ক্ষেত্র।
কোণ—ত্রিকোণ : ইয়াৰ অৰ্থ হৈছে তিনিটা কোণ বা তিনিডাল সৰলৰেখাই আৱৰা ক্ষেত্র।
কাল—ত্রিকাল : ইয়াৰ অৰ্থ হৈছে কালমতে ভূত, বর্তমান আৰু ভৱিষ্যৎ কাল আৰু সময়মতে—প্রাতঃ, মধ্যাহ্ন আৰু সান্ধ্য সময়।
নয়ন—ত্রিনয়ন : ইয়াৰ অৰ্থ হৈছে মহাদেৱ অর্থাৎ শির।
মূর্তি—ত্রিমূর্তি : এই শব্দই ব্রহ্মা, বিষ্ণু আৰু মহেশ এই তিনিজন দেৱতাক বুজায়।

১৪। (ক) বৰগীতটোত উল্লিখিত গাখীৰৰপৰা প্ৰস্তুত কৰা বস্তু কেইপদৰ নাম লিখা।
উত্তৰ: বৰগীতটোত উল্লিখিত গাখীৰৰপৰা প্ৰস্তুত কৰা বস্তু কেইপদ হৈছে—দধি, ক্ষীৰ আৰু লৱনু।

(খ) বৰগীতটোত উল্লেখ কৰা বাদ্যযন্ত্র কেইপদ আৰু কি কি? তাৰে এপদৰ বিষয়ে বর্ণনা কৰা।
উত্তৰ : বৰগীতটোত উল্লেখ কৰা বাদ্যযন্ত্র তিনিপদ। সেয়া হৈছে—শিঙা, বেত আৰু বেণু।
ইয়াত শিঙাৰ বিষয়ে বর্ণনা কৰা হ’ল
শিঙা হৈছে ম’হ আদি জন্তুৰ শিঙেৰে তৈয়াৰ কৰা এবিধ বাদ্য। ইয়াক মুখেৰে ফু দি বজোৱা হয়। শ্রীকৃষ্ণৰ বিভিন্ন বাদ্যৰ ভিতৰত শিঙা এবিধ প্রধান বাদ্য আছিল। প্রাচীনকালত যুদ্ধ ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ হৈছিল। বর্তমান বিহু অনুষ্ঠানত ইয়াৰ ব্যৱহাৰ হােৱা দেখা যায়।

১৫৷ বৰগীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়াবােৰ বাছি উলিয়াই তালিকা প্রস্তুত কৰা।
উত্তৰ : বৰগীতটোত থকা সমাপিকা আৰু অসমাপিকা ক্রিয়াবােৰ বাছি উলিয়াই তলৰ তালিকাত ভৰােৱা হ’ল-

সমাপিকা ক্রিয়াউৰায়, পাইলা ,মথে ,হাম্বালাৱে ,ডাকে ,আসিল ,গেল
অসমাপিকা ক্রিয়াতেজৰে ,পেখোঁ ,লৈয়া ,উঠৰে ,মেলিয়ো উঠিয়া , দেখ , চাৰিতে

Class 7 Assamese Chapter 1 Question Answer

৬। বিপৰীত লিংগ বুজোৱা শব্দবােৰ মিলাই লিখা ?

পিতাআই
পুত্ৰবধূ
গােৱালগােৱালী/গােৱালনী
পতিপত্নী
বালকবালিকা
পুৰুষমহিলা


(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?

উঃ- বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ।

(খ) “তেজৰে কমলাপতি” নামৰ বৰগীতটোৰ ৰচক কোন?

উঃ- “তেজৰে কমলাপতি” নামৰ বৰগীতটোৰ ৰচক মহাপুৰুষ শ্ৰীশ্রী মাধৱদেৱ।

(গ) “তিমিৰ ফেৰিয়া” কি বাজ হয়?

উঃ- “তিমিৰ ফেৰিয়া” ৰবিৰ কিৰণ অর্থাৎ সূৰ্যৰ পােহৰ বাজ হয়।

(ঘ) যশােদাই কৃষ্ণক পুৱা কিয় জগাইছিল?

উঃ যশােদাই ৰাতিপুৱাৰ প্ৰকৃতিৰ অবর্ণনীয় সৌন্দর্য বর্ণনা দিয়া কৃষ্ণৰ চন্দ্ৰৰ দৰে সুন্দৰ মুখখন চাবলৈ আৰু লগৰীয়াসকলৰ লগত গৰু চৰাবলৈ যাবৰ বাবে কৃষ্ণক পুৱা জগাইছিল।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top