Home » একাদশ শ্ৰেণী অসমীয়া » কিতাপৰ কথা Class 11 {প্ৰশ্ন উত্তৰ} একাদশ শ্ৰেণী অসমীয়া

কিতাপৰ কথা Class 11 {প্ৰশ্ন উত্তৰ} একাদশ শ্ৰেণী অসমীয়া

কিতাপৰ কথা
বিষয় অসমীয়া
পাঠৰ নামকিতাপৰ কথা
লেখক
প্রফুল্ল দত্ত গােস্বামী
শ্ৰেণী একাদশ শ্ৰেণী
পাঠৰ নংঅধ্যায় 4
পাঠ্যক্ৰম (Syllabus)অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কিতাপৰ কথা Class 11

পাঠভিত্তিক প্রশ্ন-উত্তৰ
(ক) অতি চমু প্রশ্ন

১। ছাপাখানা আৰু কাগজ কোন দেশৰ আৱিষ্কাৰ?
উত্তৰঃ চীন দেশৰ।

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে?
উত্তৰঃ কিতাপে।

Winter Sale

৩। ইংৰাজ দার্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল?
উত্তৰঃ “কিছুমান কিতাপৰ সােৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।”

৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?
উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে কিতাপৰ সমাদৰ বৃদ্ধি পায়।

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে কোন কোন দেশত কি কি যােজনা প্রচলিত আছে?
উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে চীন দেশ আৰু আলবানিয়াত যােজনা প্রচলিত আছে। চীন দেশত থকা প্রচলিত যােজনাটি হলঃ
“কিতাপ মেলা মানেই লাভ।
বিদ্বান লােকে চোৰাং কাম নকৰে।”
আলবানিয়াত প্রচলিত যােজনাটি হলঃ যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।”

লগতে পঢ়ক: গৌৰৱ Class 11

কিতাপৰ কথা Class 11  চমু প্রশ্ন

১। হেলেন কেলাৰৰআত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছিল?
উত্তৰ: হেলেন কেলাৰৰ নিম্ন লিখিত কথাইমানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্রাণিত কৰিছল –
“সাহিত্যই মােৰনন্দন কানন।ইয়াত মােৰ ভােটনথকা নহয়। কোনাে ইন্দ্ৰিয়ৰ হেঙাৰে মােক মােৰ কিতাপ বন্ধুসকলৰ পৰা আঁতৰাই নাৰাখে। এওঁলােকে মােৰ লগতে নিঃসংকোচে সহজভাৱে কথা পাতে।”

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সন্দৰ্ভত অসমীয়া মানুহক কোৱা কথাখিনি বিশ্লেষণ কৰা।
উত্তৰঃবিদ্যা আৰু জ্ঞান অর্জনৰ প্রতি বিমূখ অসমীয়া জাতিক উদ্দেস্যি আনন্দৰাম ঢেকিয়াল ফুকনে কৈছে যে বিদ্যা হৈছে এই পাৰ্থিৱ জীৱনত অতিকৈ উপকাৰী। মানুহ সভ্য আৰু সুখী হ’ব খুজিলে লগতে কৃষি আৰু শিল্পত ইংৰাজসকলৰ দৰে পাৰ্গত হ’বলৈ হ’লে বিদ্যা অর্জন কৰিব লাগিব। কিন্তু অসমীয়াসকল অজ্ঞানী। সিহঁতে বিদ্যাৰ অনুসন্ধান নকৰে।

৩। দেশ আৰুজাতিক গ্রন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা।
উত্তৰঃ গ্রন্থ অধ্যয়নে দেশ আৰু জাতিক বহু ধৰণে উপকাৰ কৰে, যেনেঃ গ্রন্থ অধ্যয়ন কৰিলে মানুহ সমাজ প্রতি সচেতন হয় ফলত শাসনযন্ত্র সঠিক নিয়মত পৰিচালিত হব পাৰে।কিছুমান কিতাপে ৰাইজৰ মনৰ ওপৰতাে প্ৰভাৱ পেলায়। উদাহৰণ স্বৰূপে বিবেকানন্দ, ৰামমােহন ৰায়, গান্ধীজী আদি লােকৰ ৰচনাই ভাৰতীয় জাতীয় জাগৰণ সৃষ্টিত প্ৰেৰণা যােগাইছিল। ইউৰােপত ৰুছে, ভল্টেয়াৰ, মার্ক্স আদি চিন্তাবিদসকলৰ ৰচনাই সমাজ পৰিৱৰ্তনত ইন্ধন যােগাইছিল।

৪। সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীৱনক কিদৰে উসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা।
উত্তৰ:সাহিত্যৰ প্ৰতি থকা প্রীতিয়ে জীৱনক উদ্ভাসিত কৰিব পাৰে। হেলেন কেলাৰ জন্মান্ধ আৰু বধি হৈয়াে বধিৰ মানুহৰ কাৰণে বিশেষভাৱে তৈয়াৰী কিতাপ
অধ্যয়ন কৰিছিল। তাইৰ সাহিত্যৰ প্রতি বিশেষ ৰাপ বা প্রীতি আছিল। তাই নিজে বহুতাে কিতাপ অধ্যয়ন কৰাৰ উপৰিও নিজে কেইবাখনাে গ্রন্থ ৰচনা কৰিছিল। তাই এখন আত্মজীৱনীও ৰচনা কৰিছিল যত তাই তাইৰ জীৱনৰ ওপৰত কিতাপৰ অপৰিসীম প্রভাৱৰ বিষয়ে বহুকথা কৈছে।

৪। …… কিন্তু সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে।” কথাষাৰ ব্যাখ্যা কৰা।
উত্তৰ: উক্ত কথাষাৰ সাহিত্য সৌৰভৰ অন্তর্গত প্রফুল্ল দত্ত গােস্বামীৰ দ্বাৰা ৰচিত ‘ কিতাপৰ কথা’ নামৰ প্ৰৱন্ধটিৰ পৰা তুলি দিয়া হৈছে।
মানৱ সভ্যতাৰ ওপৰত কিতাপৰ অপৰিসীম প্ৰভাৱৰ বিষয়ে ক’বলৈ যাওঁতে লিখকে উক্ত কথাষাৰ কৈছে। গ্রন্থ হ’ল মানুহৰ অভিজ্ঞতাৰ ভঁৰালস্বৰূপ। সজ কিতাপ এখনে সমগ্র মানৱজাতিক দিশ নির্দেশনা দিব পাৰে। জাতি এটাৰ ইতিহাস গতি পৰিৱৰ্তন কৰি দিব পাৰে। মানুহৰ দৃষ্টিভঙ্গীৰ পৰিৱর্তন সাধন কৰিব পাৰে। সেয়ে কোৱা হয়, সজকিতাপ এখন ধ্বংস কৰা মানে মানৱ জাতিৰ বিবেচনাক বা আদর্শক হত্যা কৰাৰ সমান।

কিতাপৰ কথা Class 11 দীঘল প্রশ্ন

১। অনাখৰী চহা লােকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্রদ্ধা নেদেখুৱায়।” পাঠটিৰসহায়ত আলােচনা কৰা।
উত্তৰ: কিতাপ মানুহৰ অভিজ্ঞতাৰ সাঁচতীয়া ভৰালস্বৰূপ। কিতাপ অধ্যয়ন কৰি মানুহে ঘৰতে বহি অতীতৰ আৰু বৰ্তমানৰ মহা মনীষীসকলৰ মহামূল্যৱান জ্ঞান আৰু অভিজ্ঞতা সােৱাদ ল’ব পাৰে। কিতাপ অধ্যয়ন কৰিলে যে নানান ধৰণৰ জ্ঞান লাভ হয় সেই কথা অকল শিক্ষিত মানুহেই স্বীকাৰ কৰে সেয়া নহয়; অশিক্ষিত অর্থাৎ অনাখৰী চহা লােকেও স্বীকাৰ কৰে। অর্থাৎ লিখা-পঢ়া নজনা লােকেও জ্ঞানক শ্রদ্ধা কৰে। সেয়ে অনাখৰী লােকে নিজে লিখিব পঢ়িব নাজানা যদিও সিহঁতৰ সতি-সন্ততিক শিক্ষিত কৰাৰ প্রতি আগ্রহী। চীন দেশৰ প্ৰবাদত কোৱা হৈছেঃ “কিতাপ মেলা মানেই লাভ । বিদ্বান লােকে চোৰাং কাম নকৰে’ আকৌ আলবানিয়াত প্রচলিত এটা যােজনাত কোৱা হৈছে, “যি পঢ়িব আৰু লিখিব পাৰে তাৰ চকু চাৰিটা।”

২। “কিছুমান কিতাপৰ সােৱাদ ল’বল লাগে,আন কিছুমান লাগেগিলিব, আৰু অলপসংখ্যক লাগে চোবাব আৰু হজম কৰিব।”কথাখিনিৰ তাৎপর্য বিশ্লেষণকৰা।
উত্তৰ : ইংৰাজ দার্শনিক ফ্রেন্সিচ বেকনে কোৱা কথাষাৰ বৰ তাৎপর্যপূর্ণ। মানৱ সভ্যতাৰ কোনাে একযুগৰ পৰা আজিলৈকে কিতাপ ৰচিত হৈ আছে যদিও সকলাে কিতাপ কালজয়ী বা সকলােৰে বাবে সমানে উপকাৰীনহ’ব পাৰে। ইয়াৰ কিছুমান কিতাপৰ পাত লুটিয়াই চাব লাগে। আন অকল পঢ়ি পাহৰিব লাগে। কিন্তু কিছুসংখ্যক কিতাপ আছে যিবােৰ অধ্যয়ন কৰি সিবিলাকৰ পৰা জ্ঞান লাভ কৰিব লাগে আৰু সেইজ্ঞান বাস্তৱ জীৱনত প্রয়ােগ কৰিব লাগে। উদাহৰণ স্বৰূপে বাতৰি কাকত, উপন্যাস, গল্পৰ কিতাপ আদি মানুহে পঢ়ে আৰু পাহৰি যায়। অর্থাৎ সিবিলাক কিতাপে সাময়িক আনন্দ দান কৰি সময়ত বিলপ্ত হয়। কিন্তু কিছুমান গ্রন্থ অর্থাৎ চোবাই হজম কৰিব লগা গ্রন্থ যুগ যুগলৈ মানৱ জাতিৰ সম্পত্তি হিচাপে থাকি যায়।

৩। “হে মােৰ অসমিয়া মিত্রসকল বিদ্যা যেনেকৈ ইহকালত উপকাৰক আন একো তেনেই নহয়। কথাষাৰৰ যুক্তিযুক্ত বিচাৰ কৰা।
উত্তৰ: বিদ্যাৰ প্রতি অনীহা থকা অসমীয়া লােকসকলক উদ্দেশ্যে আনন্দৰাম ঢেকিয়াল ফুকনে কৈছিল যে বিদ্যা হৈছে এই পাৰ্থিৱ জীৱনত বৰ উপকাৰী বস্তু। বিদ্যাৰ সমান উপকাৰী বস্তু এই পৃথিৱীত দ্বিতীয় আন একো নাই।
মানুহসভ্য আৰু সুখী হব খুজিলে বিদ্যা অর্জন কৰিবই লাগিব। কাৰণ বিদ্যাই মানুহক ভাল-বেয়া বিচাৰ কৰাবলৈ শিকায়।ইয়াৰ কোনাে বিকল্প নাই। যিকোনাে কাম কৰিবলৈ হলে সেই বিষয়ে বিদ্যা অর্জনৰ প্রয়ােজন। ইংৰাজসকল বিদ্যোৎসাহী হােৱা বাবেই কৃষি আৰু শিল্পত আগবাঢ়ি, আছে। কিন্তু অসমীয়াসকল বিদ্যাৰ অনুসন্ধান নকৰে ফলত সিহঁত কৃষি, শিল্প, ব্যৱসায় আদি সকলাে দিশতে পিছ পৰি আছে।

৪।“কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুদ প্ৰভাৱ পেলায়।” পাঠটোৰ সহায়ত বুজাই লিখা।

উত্তৰঃ কিতাপ ৰচনাৰ শেষ নাই কিন্তু কিছুসংখ্যক কিতাপ আছে যিবােৰ কিতাপে সর্বসাধাৰণ মানুহৰ ওপৰত যথেষ্ট প্রভাৱ পেলায়। উদাহৰণ স্বৰূপে বিবেকানন্দ, ৰামমােৰায়, গান্ধীজী আদি ব্যক্তিসকলৰ ৰচনাই ভাৰতীয় জাতীয় জাগৰণ সৃষ্টিত অৰিহনা যােগাইছিল। আকৌ ইউৰােপত ৰুছাে, ভল্টেয়াৰ, মার্ক্স আদি চিন্তাশীল লােকৰ ৰচনাইসমাজ পৰিৱৰ্তনত ইন্ধনযােগাইছিল। ফৰাচীবিল্পর সংঘঠিত হােৱঅৰ মূলতে আছিল মন্টেস্কো, ভলটেয়াৰ আদি দার্শনিকসকলৰ লিখনি। সেইদৰে ভাৰতীয় লােকসকলৰ ওপৰত বেদ পুৰাণৰ প্ৰভাৱ, মুছলমানসকলৰ ওপৰত কোৰাণৰ প্ৰভাৱ, অসমীয়া লােকৰ ওপৰত শ্ৰীমন্ত  শংকৰদেৱৰ লিখনিৰ প্ৰভাৱ অপৰিসীম।

৫। “আজি যন্ত্রৰ যুগত গুৰুৰস্থান সৰহখিনিকিতাপে কাঢ়ি লৈছে। এতিয়া কিতাপেইগুৰু।”কথাখিনি পাঠটিৰ সহায়ত আলােচনা কৰা।
উত্তৰঃ আজিৰ যুগ হৈছে বিজ্ঞানৰ যুগ। আজিকালি মানুহে কিতাপ পত্ৰবােৰে হাতেৰে লিখিব বা প্রতিলিপি কৰিব লগা হােৱা নাই। ছপাশালৰ আৱিষ্কাৰৰ ফলত অতি কম সময়তে এখন কিতাপৰ হাজাৰ হাজাৰ প্রতিটি ছপা হৈ ওলাই আছে। ইয়াৰ বিপৰীতে আগৰ যুগত মানুহে হাতেৰে কিতাপৰ প্রতিলিপি কৰিল’বলগা হােৱা বাবে কিতাপ এখন পােৱাটোবৰ কষ্টসাধ্য আছিল। সেয়ে সেইসময়ত ছাত্ৰসকলে  গুৰুগৃহত থাকি গুৰুৰ মুখেৰে ব্যক্ত কৰা কথা শুনি জ্ঞান লাভ কৰিছিল। সেইসময়ত গুৰুৰাে সন্মান’আছিল। কিন্তু আজিকালি কিতাপৰ সহজলব্যতাই গুৰুৰ আদৰ আৰু স্থান কিতাপে কাঢ়ি লৈছে। ইয়াৰ কাৰণ ছাত্র-ছাত্রীসকলে গুৰুৰ পৰা শিকিবলগা জ্ঞান নিজে নিজেই কিতাপ পঢ়ি শিকি ল’ব পাৰিছে। সেয়ে এতিয়া কিতাপেই গুৰু বুলি ক’ব পাৰি।

 প্রশ্ন-উত্তৰঃ

১৷ তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।
(ক) প্রফুল্লদত্ত গোস্বামীৰ এখন ভ্রমণকাহিনীৰ নাম লিখা।
উত্তৰঃ মােৰ ৰাছিয়া ভ্রমণ।

(খ) শেষ ক’ত’উপন্যাসখনৰ লিখক কোন?
উত্তৰঃ প্রফুল্লদত্ত গােস্বামী।

(গ) কিতাপৰ কথা পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে?
উত্তৰ : হােমেন বৰগােহাঞি সম্পাদিত ‘শ্রেষ্ঠ অসমীয়া নির্বাচিত প্ৰৱন্ধ’ শীর্ষক গ্ৰন্থৰ পৰা লােৱা হৈছে।

(ঘ) প্রফুল্ল দত্ত গােস্বামীয়ে ৰচনা কৰা এখন উপন্যাসৰনাম লিখা।
উত্তৰঃ“কেঁচা পাতৰ কঁপনি”।

(ঙ) প্রফুল্লদ গােস্বামীৰআত্মজীৱনীখনৰনাম কি?
উত্তৰ মনৰ পক্ষী উভতি উৰে।

(চ) “বুৰঞ্জী আৰু সংস্কৃতিগ্ৰন্থখনৰ লিখক কোন?
উত্তৰঃ প্রফুল্লদত্ত গােস্বামী।

1 thought on “কিতাপৰ কথা Class 11 {প্ৰশ্ন উত্তৰ} একাদশ শ্ৰেণী অসমীয়া”

  1. পাঠটিৰ মাজৰ পৰা প্ৰশ্ন-উত্তৰ বোৰ সাজি উলিয়াই আমাক উপকৃত কৰে যেন।

    Reply

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam