ৰাজপথ Class 11 Assamese Lesson 15

ৰাজপথ
বিষয়  অসমীয়া
পাঠৰ নাম ৰাজপথ
লেখক
ভবানন্দ দত্ত
শ্ৰেণী  একাদশ শ্ৰেণী
গােট- ৩  পদ্যাংশ
পাঠৰ নং অধ্যায় 15
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ৰাজপথ Class 11

অতি চমু প্রশ্ন

১। অসমীয়া কবিতাৰ কাহিনী’ গ্রন্থ কাৰ ৰচনা?
উত্তৰ : ‘অসমীয়া কবিতাৰ কাহিনী” নামৰ গ্ৰন্থখন ভবানন্দ দত্তৰ ৰচনা।

২। ‘ব্লেক আউট’ মানে কি ?
উত্তৰ: ‘ব্লেক আউট’ মানে নিষ্পদ্রীপ।

৩। ৰাজপথত কোন সময়ত ভদ্র-বনিতাৰ চৰণাঘাত পৰে?
উত্তৰ : ৰাজপথত ৰাতিৰ ভাগত ভদ্র-বনিতাৰ চৰণাঘাত পৰে।

৪। ৰাজ পথ’ কবিতাটি প্রথমে কোনখন আলােচনীত প্রকাশ পাইছিল?
উত্তৰঃ ৰাজপথ’কবিতাটি ‘জয়ন্তীৰ পাতত প্রথমে প্রকাশ পাইছিল।

৫। নচিকেতা’ কাৰ ছদ্ম নাম?
উত্তৰঃ নচিকেতা’ ভবানন্দ দত্তৰ ছদ্ম নাম।

ৰাজপথ কবিতা Class 11 চমু প্রশ্ন

১। ৰাজপথ’ নামৰ কবিতাটিত কবিয়ে আধুনিক যুগৰ কোনখিনি সময়ৰ চিত্র অংকন কৰিছে?
উত্তৰঃ ৰাজপথ’ কবিতাটিত কবিয়ে আধুনিকতাৰ বিংশ শতিকাৰ চতুর্থ দহকৰ সময়ছােৱাৰ চিত্র অংকন কৰিছে।

২। বিভিন্নজন ব্যক্তিয়ে কেনেদৰে ৰাজপথৰ উদাৰতাৰ সুযােগ লৈছে?
উত্তৰঃ বিভিন্ন ব্যক্তিয়ে তলত দিয়া ধৰণে ৰাজপথৰ উদাৰতাৰ সুযােগ লৈছে-
উদভ্রান্ত প্রেমিক প্রেমিকাই গােপন অভিসাৰ কৰিছে।ভদ্র-বনিতাই জীৱিকাৰ সন্ধানত ৰাতিৰ সুযােগত উদাৰ ৰাজপথত দেহা বিক্ৰী কৰিছে, বিৰহ- কাতৰা কলেজীয়া ছােৱালীয়ে তথাকথিত অভিজাত লােকৰ শৰ্যা সংগীনি হৈছে।

৩। ৰাজপথৰ দুকাষে থকা বৃহৎ অট্টালিকাবােৰৰ ছবি কবিতাটিত কেনেদৰে প্ৰকাশ পাইছে?
উত্তৰঃ ৰাজপথৰ দুয়ােকাষে অভিজাত লােকৰ শাৰী। শাৰী অট্টালিকা গঢ়ি উঠিছে। সেই অট্টালিকাবােৰৰ বাসিন্দাসকল হৈছে ধনীক শ্রেণীৰ প্রতিনিধি। সিহঁত বিলাসী জীৱন-যাপন কৰাত মগ্ন। সিহঁতে মেহগনি পালেঙত বিহা-কাত কলেজীয়া যুৱতীৰ আলাসিত দেহৰ সৈতে প্রেম উন্মাদনাত মত্ত। বাহিৰৰ ৰাজপথৰ দাঁতিত দীন-দৰিদ্ৰই ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰিছে। অভিজাত লােকসকলে সিহঁতৰ কথা এবাৰাে ভবাৰ সময় নাই।।

৪। ৰাজপথৰ কাষৰ ফুট পাথত কোন কেনেকৈ থাকে ?
উত্তৰ : ৰাজপথৰ কাষৰ ফুটপাথত গৃহহীন নিঃস্বাথ লােকসকলে ভিক্ষাৰ পাত্ৰ লৈ শুই থাকে। সিহঁত কোনাে দিন পেট পুৰাই খাবলৈ নােপােৱা বাবে কংকালসাৰত পৰিণত হৈছে।

৫। ভবানন্দ দত্তৰ ৰাজপথ’কবিতাটোত বাস্তৱতা কেনেদৰে ফুটি উঠিছে?
উত্তৰ : ভবানন্দ দত্তৰ ৰাজপথ’ কবিতাটিত আধুনিক সভ্যতাৰ কঠোৰ বাস্তৱতা ফুটি উঠিছে। আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা
শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰি আছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধানৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলে। নিঃস্বাথ, নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখা পিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে।

লগতে পঢ়ক:   কুশল কোঁৱৰ Class 11 (নাটক) একাদশ শ্ৰেণী অসমীয়া

(গ) দীঘল প্রশ্ন
১। ৰাজপথ’ কবিতাটোৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টিকৰা প্ৰেমৰ নগ্ন স্বৰূপ কেনেদৰে প্রকাশিত হৈছে— বুজাই লিখা।
উত্তৰঃ ৰাজপথ’কবিতাটোত আধুনিক সভ্যতাই সৃষ্টি কৰা প্ৰেমৰ নগ্ন স্বৰূপ প্রকাশিত হৈছে। কবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনী শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ, উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধানৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব, নিচলা পৰিয়ালৰ ছােৱালীসকলে। দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে।

২। সমাজ জীৱনৰ শ্ৰেণী-বৈষম্যৰ ছবিখন ৰাজপথ’ কবিতাটিত কেনেদৰে প্রকাশিত হৈছে বুজাই লিখা।
উত্তৰ : ভৱানন্দ দত্তৰ ৰাজপথ’ শিৰােনামাৰ কবিতাটিত আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ জীৱন ধাৰাৰ মাজত থকা বৈষম্যৰ চিত্ৰ দাঙি ফুটি উঠিছে। ধনতান্ত্রিক সমাজ ব্যৱস্থাৰ ছবি অংকন কৰিবলৈ গৈ কবিয়ে দেখুৱাইছে যে অভিজাত লােকসকলে ৰাজপথৰ দুয়ােকাষে শাৰী শাৰী অট্টালিকা নির্মাণ কৰি ভােগ বিলাসী জীৱন-যাপন মত্ত হৈ পৰিছে। সিহঁতৰ পাঁচ মহলা অট্টালিকাৰ পৰা ৰেডিঅ’ৰ গান, ৰবীন্দ্ৰ সুৰৰ মুচ্ছা, ভাহি আহিছে। সিহঁতে মেহগনি কাঠেৰে সজা পালেঙত আলসুৱা দেহাটি এৰি দি ধন-সম্পত্তি প্রাচুর্যতাৰ মাজত বিলাসীতাৰ সন্ধান কৰিছে। আনহাতে ৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্র  লৈ মৃতপ্রায় হৈ পৰি আছে কংকালসাৰ দৰিদ্র, নিঃস্ব লােকসকল। সিহঁত গৃহহীন, আশ্রয়হীন হৈফুটপাথকেই শেষ আশ্রয় হিচাপে গ্রহণ কৰিছে। কিছুমান তিৰােতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে। এনেদৰে কবিয়ে ‘ৰাজপথ’ নামৰ কবিতাটিত শ্রেণী বৈষম্যৰ ছবি অংকন কৰিছে।

৩। ‘ৰাজপথ’কবিতাটিৰ শেষভাগত ৰাজপথক কাৰ আশ্রয় থলী হিচাপে প্রকাশ কৰা হৈছে?
উত্তৰ : ‘ৰাজপথ’ কবিতাটিৰ শেষভাগত কবিয়ে ৰাজপথক নিঃস্ব, নিচলা, গৃহহীন, লাঞ্চিত, বঞ্চিত, নিষ্পেষিত লােকৰ আশ্রয়থলী হিচপে অঙ্কন কৰিছে।
কবিয়ে লক্ষ্য কৰিছে যে আধুনিকতাই সমাজত ধনী আৰু দুখীয়া নামৰ দুটা শ্ৰেণীৰ সৃষ্টি কৰিছে। ধনীক শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত অভ্যস্ত। আনহাতে ৰাজপথত নিশাৰ অন্ধকাৰৰ সুবিধা লৈ উদভ্রান্ত প্রেমিক প্রেমিকাই অভিসাৰ কৰিছে। সমাজৰ চকুত ধূলি দি ৰাজপথত জীৱিকাৰ সন্ধান ৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব, নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে। ৰাজপথেই হৈছে সেই দৰিদ্ৰ লােকসকলৰ বাসস্থান। সিহঁত কোনাে দিন পেট পুৰাই খাবলৈ নােপােৱা বাবে কংকালসাৰত পৰিণত হৈছে।

লগতে পঢ়ক:   লাচিত ফুকন Class 11 Assamese Lesson 14 প্ৰশ্ন উত্তৰ একাদশ শ্ৰেণী

Class 11 Assamese Lesson 15

৪। ‘ৰাজপথ’কবিতাটিত ‘বঞ্চিতৰ বাচিবৰ বাঞ্ছ’ মানে কি কথা কোৱা হৈছে?
উত্তৰ : কবিয়ে কৈছে যে ৰাজপথ অতি উদাৰ। ইয়াৰ ওপৰেদি ট্রাম, বাছ, টেক্সি, ৰিক্স আদি অনবৰত চলি আছে। এই ৰাজপথ বিভিন্নজনে ভিন ভিন উদ্দেশ্যত ভিন ‘ভিন ধৰণে ব্যৱহাৰ কৰিছে। বঞ্চিত, লাঞ্চিত, নিষ্পেষিত, নিঃস্ব, আৰু গৃহহীন লােকসকলৰ বাবে ই হৈছে শেষ আশ্রয়স্থল। সিহঁতে ৰাজপথৰ উদাৰতাৰ সুযােগলৈ বাচি থাকিবলৈ বাঞ্ছা কৰে।

৫। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰাঃ
(ক) আন্ধাৰ ৰাতিৰ সুযােগ লৈ
সমাজৰ চকুত ধূলি দিয়া
জীৱিকা-সন্ধানী ভদ্র-বনিতাৰ
চৰণাঘাত লভিছা কত।
উত্তৰ : উদ্ধৃত কবিতাফাঁকি ‘সাহিত্য সৌৰভ’ৰ অন্তর্গত ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ অৱক্ষয় আৰু অশ্লীলতাৰ ছবি অংকন কৰিবলৈ গৈ কবিয়ে উক্ত কবিতাফাকিৰ অৱতাৰণা কৰিছে।
আধুনিকতাই সমাজত শ্রেণী বৈষম্যৰ সৃষ্টি কৰিছে। অভিজাত শ্ৰেণীটোয়ে বিলাসী জীৱন যাপন কৰাত মত্ত। আনহাতে দীন-দৰিদ্র আশ্রয়হীন লােকসকলে ভিক্ষাৰ পাত্র লৈ আলিবাটৰ দাঁতিত আশ্ৰয় লৈছে। ৰাজপথত জীৱিকা সন্ধানী ভদ্র বনিতাৰ অশ্লীল প্রেমৰ বেহ চলে। নিঃস্ব, নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত নিজকে সপি দিছে।

(খ) পাঁচতলাৰ ওপৰত শুনা যায় ৰেডিঅ’ৰ গান
অর্গেনত ৰবীন্দ্র সংগীত,
ডবল-তলিচা পৰা মেহগনি পালেঙত
বিৰহ কাত কলেজ গার্ল
অলাসায়িত দেহ।
উত্তৰ: উক্ত কবিতাফাঁকি সাহিত্য সৌৰভ’ৰ অন্তৰ্গত ভৱানন্দ দত্তই ৰচনা কৰা ‘ৰাজপথ’ নামৰ কবিতাটিৰ পৰা উদ্ধৃত কৰা হৈছে। কবিয়ে উক্ত কবিতাফাকিৰ জৰিয়তে আধুনিক সভ্যতাই সৃষ্টি কৰা সমাজৰ নগ্ন চিত্র অংকন কৰিছে। ৰাজপথৰ দুয়ােকাষে অভিজাত শ্ৰেণীটোৱে শাৰী শাৰী অট্টালিকা নির্মাণ কৰি বিলাসী জীৱন-যাপন মত্ত। পাঁচ মহলীয়া অট্টালিকাৰ পৰা ৰেডিঅ’ৰ গান, ৰবীন্দ্র সংগীতৰ সুৰ ভাঁহি অহা শুনিবলৈ পােৱা যায়। ৰাজপথৰ দাঁতিত ভিক্ষাৰ পাত্ৰ লৈ হাহাকাৰ কৰি ফুৰা লােকসকলৰ কথা অট্টালিকাৰ বাসিন্ধাসকলৰ এবাৰ ভাবি চোৱাৰ সময় নাই। সিহঁত মেহগনি পালেঙত কলেজীয়া যুৱতীৰ আলাসিত
দেহাৰ সৈতে প্রেম উন্মাদনাত মত্ত।এইদৰে কবিয়ে অন্তঃসাৰ শূন্য সমাজৰ ধনীক শ্ৰেণীৰ বিলাসৰ চিত্ৰ ফুটাই তলিছে।

লগতে পঢ়ক:   এখন চিঠি Class 11 হেম বৰুৱা একাদশ শ্ৰেণী কবিতা

(গ) আৰু তাৰ তুলতেই ফুট পাথত
(ধন্য তোমাৰ দয়া)
শূন্য ভিক্ষা পাত্র লৈ শুই পৰা
মৃতপ্রায় কংকালৰ শাৰী।
উত্তৰ: উদ্ধৃত কবিতাফাঁকি ‘সাহিত্য সৌৰভ’ৰ অন্তর্গত ভৱানন্দ দইৰচনা ‘ৰাজপথ’নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিয়ে উক্ত কবিতাফাঁকিৰ মাজেদি আধুনিক সভ্যতাই সৃষ্টি কৰা ধনী আৰু দুখীয়া শ্ৰেণীৰ মাজৰ ব্যৱধানৰ চিত্র অংকন কৰিছে।
ৰাজপথৰ দাঁতিৰ ফুটপাথত শূন্য ভিক্ষা পাত্র লৈ মৃতপ্রায় হৈ পৰি আছে কংকালসাৰ দৰিদ্র, নিঃস্ব লােকসকল। সিহঁত গৃহহীন, আশ্রয়হীন হৈ ফুটপাথকেই শেষ আশ্রয় হিচাপে গ্ৰহণ কৰিছে। কিছুমান তিৰােতাই দৰিদ্ৰতাৰ তাড়ণাত নিজৰ দেহা বিক্ৰী কৰিবলৈ লৈছে। এনেদৰে কবিয়ে ৰাজপথ’ নামৰ কবিতাটিত শ্রেণী বৈষম্যৰ ছবি অংকন কৰিছে। কবিয়ে লক্ষ্য কৰিছে যে ৰাজপথত জীৱিকাৰ সন্ধানৰত ভদ্র বনিতাৰ অশ্লীল প্ৰেমৰ বেহা চলিছে। নিঃস্ব,নিচলা পৰিয়ালৰ ছােৱালীসকলে দৰিদ্ৰতাৰ কৰাল গ্রাসত পৰি নিজৰ দেহা মুখাপিন্ধা ভদ্র লােকসকলৰ কামনাৰ কোলাত সঁপি দিছে। ৰাজপথেই হৈছে সেই দৰিদ্র লােকসকলৰ বাসস্থান। সিহঁত কোনাে দিন পেট পুৰাই খাবলৈ নােপােৱা বাবে কংকালসাৰত পৰিণত হৈছে।

ৰাজপথ কবিতা Class 11 প্রশ্ন-উত্তৰ

১৷ তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া ।

(ক) ভবানন্দ দত্তৰ এখন গৱেষণাত্মক গ্রন্থৰ নাম লিখা।
উত্তৰঃ ভবানন্দ দত্তৰ এখনগৱেষণাত্মক গ্রন্থৰ নাম হ’ল দৃষ্টি আৰু দর্শন।

(খ) ভবানন্দ দত্তই ৰচনা কৰা এখন ইংৰাজী গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ইংৰাজীত ৰচনা কৰা ভবানন্দ দত্তৰ এখন গ্রন্থৰ নাম হলঃ ‘Philosophy and India’

(গ) “নিশ্রেয়স’শব্দৰ অর্থ কি?
উত্তৰঃ ‘নিশ্রেয়স’শব্দৰ অৰ্থ মঙ্গলহীন।

(ঘ) ভবানন্দ দত্ত কোন শ্রেণীৰ কবি?
উত্তৰঃ ভবানন্দ দত্ত আধুনিক প্রগতিবাদী ভাৱধাৰাৰ কবি।

(ঙ) ভবানন্দ দত্তৰ জন্ম কত হৈছিল?
উত্তৰঃ ভবানন্দ দত্তৰ জন্ম হৈছিল যােৰহাটত।

Leave a Comment