বিদ্যালয় আৰু ইয়াৰ সংগঠন (প্রশ্নোত্তৰ) Class 11 Education Chapter 3 Question Answer

বিষয়  শিক্ষা
পাঠৰ নাম বিদ্যালয় আৰু ইয়াৰ সংগঠন
শ্ৰেণী  একাদশ শ্ৰেণী
গােট তৃতীয় অধ্যায়
পাঠৰ নং  (3)
পাঠ্যক্ৰম  অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

বিদ্যালয় আৰু ইয়াৰ সংগঠন

ক. অতি চমু প্রশ্নোত্তৰঃ(প্রত্যেকটোৰ মূল্যাংক – ১)

১। অতি প্রখৰ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংক কিমান?
উত্তৰ: ১২০-১৪০।

২। শ্রেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তােলা হয়’ –কথাষাৰ কোনে কৈছিল ?
উত্তৰ: টি মেন্টে কৈছিল।

৩। প্রতিভাশালী ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?
উত্তৰ: ১৪০ উর্ধ্বত।

৪। উচ্চ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংক কিমান?
উত্তৰ : ১১০-১২০।

৫। শ্রেণী কক্ষৰ আকাৰ কেনে হােৱা উচিত?
উত্তৰঃ বর্গাকাৰ হােৱা উচিত।

৬। বিদ্যালয় প্রতিষ্ঠানৰ মানৱ সম্পদ তিনিটাৰ নাম লিখা।
উত্তৰঃ শিক্ষক, ছাত্র-ছাত্রী আৰু কৰ্মচাৰী।

৭। বিদ্যালয় প্রতিষ্ঠানৰ বৈষয়িক সম্পদ তিনিবিধৰ নাম লিখা।
উত্তৰ : ভূমি, বিদ্যালয় গৃহ আৰু শ্রেণীকক্ষ।

৮। পুথিভঁৰালৰ দায়িত্বত থকা ব্যক্তিজনক কি বুলি কোৱা হয় ?
উত্তৰঃ গ্রন্থাগাৰিক বা পুথিভঁৰালী।

৯। বিজ্ঞান পৰীক্ষাগাৰত প্রয়ােজন হােৱা যিকোনাে দুবিধ সঁজুলিৰ নাম লিখা।
উত্তৰঃ টেষ্ট টিউব আৰু বার্ণাৰ।

১০। UGC ৰ সম্পূর্ণ ৰূপ কি ?
উত্তৰঃ University Grant Commission.

১১। Website ৰ প্ৰথম পেজটোক কি বুলি জনা যায়?
উত্তৰ : Home Page

১২। UGC কিমান চনত স্থাপিত হয় ?
উত্তৰঃ ১৯৫৩ চনত।

১৩। NCERT ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰ : National Council of Educational Research and Training.

১৪। SCERT ৰ সম্পূৰ্ণৰূপটো কি ?
উত্তৰ : State Council of Educational Research and Training.

১৫। DIET ৰসম্পূর্ণ ৰূপটো কি ?
উত্তৰ: District Institute of Educational Training.

১৬। C D ROM ৰ সম্পূৰ্ণৰূপটো কি ?
উত্তৰ : Compact Disk Read Only Memory.

১৭। School শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰ: গ্রীক ভাষাৰ Skhole শব্দৰ পৰা।ইয়াৰ অর্থ হৈছে অৱসৰ বা জিৰণি।

১৮। Curriculum শব্দটো কোন ভাষাৰ পৰা আহিছে?
উত্তৰ: লেটিন ভাষাৰ Currere শব্দৰ পৰা।

১৯। শুদ্ধ-অশুদ্ধ বিচাৰ কৰা:
(ক) NCTE ৰ কার্যালয় নতুন দিল্লীত।
উত্তৰঃ শুদ্ধ।
(খ) UGC মাধ্যমিক শিক্ষাৰ লগত জড়িত।
উত্তৰ : অশুদ্ধ।
(গ) ই-মেইলতকৈ ডাক ব্যবস্থা বেছি সুবিধাজনক।
উত্তৰঃ অশুদ্ধ।
(ঘ) দূৰত্ব শিক্ষা বহু খৰচী আৰু অনমনীয়।
উত্তৰ: অশুদ্ধ।
(ঙ) “কিণ্ডাৰ গার্টেন’শব্দৰ অৰ্থ শিশুৰ বাগিছ।

উত্তৰ : শুদ্ধ।

(চ) দুৰৰ পৰা প্ৰদান কৰা শিক্ষাক ‘দূৰৱর্তী শিক্ষা বােলে।
উত্তৰ : শুদ্ধ।

Class 11 Education Chapter 3 Question Answer

থ, চমু প্রশ্নোত্তৰ:  (প্রত্যেকটোৰ মুল্যাংক – ২/৩)

১। শ্রোণী কোঠা নিৰ্মাণ কৰোতে মনত ৰাখিবলগীয়া যিকোনো দুটা দিশ উল্লেখ কৰা।
উত্তৰ: (ক) শ্ৰেণীকোঠা আহল-বহল আৰ বিজ্ঞান সন্মত হ’ব লাগে।
(খ) এটা শ্রেণী কোঠাৰ শব্দই যেন আনটো কোঠাৰ ছাত্র-ছাত্রীসকলক অসুবিধাৰ সৃষ্টি নকৰে তাৰ ৰােধ কৰিব পৰাকৈ শ্রেণী কোঠা নির্মাণ কৰিব লাগে।

২। আদর্শ পুথিভঁৰালৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : আদর্শ পুথিভঁৰালৰ তিনিটা বৈশিষ্ট্য হলঃ
(ক) পুথিভঁৰালত থকা গ্রন্থবােৰৰ এক প্রণালীবদ্ধ সূচী থাকিব লাগে।
(খ) এজন গ্রন্থাগাৰিক থাকিব লাগে।
(গ) পুথিভঁৰাল বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিব লাগে।

৩। নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া চাৰিটা প্রত্যাহ্বান উল্লেখ কৰা।
উত্তৰ : নতুন পৰিস্থিতিত শিক্ষকৰ সন্মুখত দেখা দিয়া চাৰিটা প্রত্যাহ্বান হ’ল:
(ক) ছাত্ৰ-ছাত্ৰীসকলৰ সুপ্ত প্রতিভাসমূহৰ চিনাক্তকৰণ আৰু বিকাশৰ ব্যৱস্থা কৰা।
(খ) প্রমূল্যবােধ জগাই তােলা।
(গ) দেশপ্রেম আৰু জাতীয়তাবােধৰ উন্মেষ ঘটোৱা।
(ঘ) জাতীয় ঐক্য আৰু সংহতি ৰক্ষা।

৪। যিকোনাে চাৰিটা শাৰীৰিক সহ পাঠ্যসূচীৰ নাম উল্লেখ কৰা।
উত্তৰ: (ক) ব্যয়াম, (খ) ধ্যান, (গ) খেলা-ধূলা আৰু (ঘ) যােগাসন।

৫। তিনিটা সহ-পাঠ্যসূচীৰ নাম লিখা।
উত্তৰ: (ক) এন চি চি, (খ) স্কুলৰ চাফাই কাম (গ) ৰেড ক্রচ।

৬। পাঁচটা আৱেগিক সহ-পাঠ্যসূচীৰ নাম লিখা।
উত্তৰঃ পাঁচটা আৱেগিক সহ-পাঠ্যসূচী হ’লঃ (ক) ছবি আঁকা, (খ) নাটক কৰা, (গ) গান গােৱা, (ঘ) নৃত্য কৰা (ঙ) বাদ্য যন্ত্র বজোৱা।

বিদ্যালয় আৰু ইয়াৰ সংগঠন Class 11

গ, মজলীয়া উত্তৰৰ প্ৰশ্নঃ (প্রত্যেকটোৰ মূল্যাংক-৪)

১। কম্পিউটাৰৰ পাঁচটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰৰ পাঁচটা বৈশিষ্ট্য হলঃ
(ক) কম্পিউটাৰে অতি দ্রুত গতিত কাম সম্পাদন কৰিব পাৰে।
(খ) কম্পিউটাৰে একেটা গতিত অনবৰতে কাম কৰি থাকে।
(গ) কম্পিউটাৰে স্মৃতিৰ ভঁৰালত অসংখ্য তথ্য সংৰক্ষণ কৰি থব পাৰে।
(ঘ) আভ্যন্তৰীণ আহিলাৰ দ্বাৰা গ্ৰহণ কৰা তথ্য যদি শুদ্ধ থাকে ,তেন্তে ই কেতিয়াও ভুল নকৰে।
(ঙ) এটা কাম বাৰে বাৰে কৰিবলগা হ’লেও কম্পিউটাৰক এবাৰ মাত্র নির্দেশ দিলেই হয়।

২। কম্পিউটাৰৰ পাঁচটা শৈক্ষিক সুবিধা বা মূল্য উল্লেখ কৰা।
উত্তৰ : কম্পিউটাৰ হৈছে আধুনিক বিজ্ঞানৰ এক বিষ্ময়কৰ আৱিষ্কাৰ। ই আমাৰ দৈনন্দিন জীৱনৰ বহুত কাম সামৰি লৈছে। ইয়াৰ বিশেষ শৈক্ষিক মূল্যও আছে। যেনে :
(ক) বৃত্তিমুখী শিক্ষা ব্যৱস্থাত এই যন্ত্রই অধিক স্বকীয়তা, নমনীয়তা আৰু কর্মদক্ষতা বৃদ্ধি কৰিব পাৰে।
(খ) পূর্বৰ সংৰক্ষিত তথ্যৰ ভিত্তিত শিক্ষাৰ নতুন পৰিকল্পনা আৰু কাৰ্য ব্যৱস্থা গ্ৰহণ কৰাত ই সহায় কৰে।
(গ) চিত্র, নক্সা, ৰেখা চিত্র, ব্যঙ্গ চিত্ৰ আদিৰ যােগে কোনাে ঘটনাৰ প্ৰয়ােজনীয় জ্ঞান লাভ কৰাত এই যন্ত্র সহায়কাৰী।
(ঘ) পাঠ্যপুথি, পুস্তিকা, বিজ্ঞাপন, জাননী, যিকোনাে গ্রন্থ অতি কম সময়তে কম্পিউটাৰৰ দ্বাৰা প্ৰস্তুত কৰিব পাৰি।
(ঙ) ইয়াৰ দ্বাৰা অধিক দ্রুত আৰু সঠিকভাৱে গণিত বিষয়ৰ অধ্যয়ন কৰিব পাৰি।

৩। শিক্ষাত কম্পিউটাৰৰ পাঁচটা সীমাবদ্ধতা উল্লেখ কৰা।
উত্তৰঃ কম্পিউটাৰ অতি দ্রুত গতিৰ যন্ত্ৰ আৰু ই আমাৰ দৈনন্দিন জীৱনৰ প্ৰায় সকলােবােৰ কার্য সামৰি লৈছে যদিও ইয়াৰ কিছু সীমাবদ্ধতাও আছে। যেনেঃ
(ক) কম্পিউটাৰ অতি ব্যয়বহুল।
(খ) বিদ্যালয় সমূহত পর্যাপ্ত পৰিমাণে কম্পিউটাৰৰ আৰু ইয়াৰ আনুসঙ্গিক বস্তুৰ সা-সুবিধা নাই।
(গ) কম্পিউটাৰৰ পৰ্দা সৰু হােৱাৰ বাবে শ্রেণী কোঠাৰ সকলাে ছাত্র-ছাত্রীয়ে ইয়াত প্রদর্শিত তথ্য দেখা আৰু বুজি পােৱাত অসুবিধা পায় ।
(ঘ) কম্পিউটাৰ পৰিচালনাৰ বাবে সুদক্ষ শিক্ষকৰ অভাৱ।
(ঙ) বহু সময়ত কম্পিউটাৰ ভাইৰাছে কম্পিউটাৰ বিকল কৰা দেখা যায়।

৪। কম্পিউটাৰ কোনে আৱিস্কাৰ কৰিছিল? ইয়াৰ প্রধান অংগসমূহ কি কি?
উত্তৰঃ চার্লচ বেবেজ নামৰ এজন ইংৰাজ বৈজ্ঞানিকে কম্পিউটাৰ আৱিস্কাৰ কৰে যদিও আন বহুতাে বৈজ্ঞানিকে ইয়াৰ বিকাশত অৱদান আগবঢ়াইছে।
কম্পিউটাৰৰ প্রধান অংগৰােৰ হ’লঃ
(ক) ইনপুট আহিলা।
(খ) আউটপুট আহিলা।
(গ) প্রণালীৰ গােট।
(ঘ) স্মৃতি গােট।
(ঙ) নিয়ন্ত্রণ গােট।
(চ) মনিটৰ।
(ছ) মাউচ।
(জ) প্রিন্টাৰ।

লগতে পঢ়ক:   মানসিক জীৱনৰ শাৰীৰিক ভিত্তি Class 11 (প্রশ্নোত্তৰ) শিক্ষা একাদশ শ্ৰেণী

বিদ্যালয় আৰু ইয়াৰ সংগঠন Class 11 Question Answer

৫। ইন্টাৰনেট কি? ইন্টাৰনেটৰ ওপৰত এটি টোকা যুগুত কৰা।
উত্তৰ : ইন্টাৰনেট হ’ল আধুনিক প্রযুক্তি বিদ্যাই সৃষ্টি কৰা এক অভিনৱ যােগাযােগ মাধ্যম। ই হ’ল বহুতাে নেটৱৰ্কৰ মাজৰ এটা নেটৱৰ্ক। পৃথিৱীৰ অসংখ্য
কম্পিউটাৰৰ যােগসূত্রকে নেটৱৰ্ক বােলা হয়। এনে নেটৱৰ্ক পৰস্পৰৰ সৈতে সংযুক্ত কৰাৰ ফলত ইন্টাৰনেট ব্যৱস্থাৰ উদ্ভৱ হয়। পােনপ্ৰথমতে ১৯৬৯ চনত মার্কিন প্রতিৰক্ষা দপ্তৰে ইন্টাৰনেটক ARPANET হিচাপে প্রয়ােগ আৰম্ভ কৰে। ইয়াৰ পিছত বহুতাে নেটৱৰ্ক সংঘবদ্ধ হৈ ইন্টাৰনেট সৃষ্টি হয়। ইন্টাৰনেট সংযােগ কৰিবলৈ প্রয়ােজনীয় সামগ্ৰীসমূহ এটি কম্পিউটাৰ, যােগাযােগ স্থাপন কৰিবলৈ ছফ্ৱেৰ, টেলিফোন লাইন আৰু এটা ম’ডেম ইন্টাৰনেটৰ জৰিয়তে বিভিন্ন ধৰণৰ তথ্য আদান-প্রদান কৰিব পাৰি যেনেঃ
(ক) বিশ্বৰ বাতৰি কাকত পঢ়িব পাৰি।
(খ) গৱেষণামূলক তথ্য সংগ্রহ কৰিব পাৰি।
(গ) ইলেক্ট্রনিক মেইল পঠাব পাৰি।
(ঘ) ব্যৱসায়িক তথ্য পাব পাৰি।
(ঙ) বিনােদন আৰু খেল-ধেমালি।

৬। ইন্টাৰনেটৰ পাঁচটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ ইন্টাৰনেট ব্যৱহাৰৰ পাঁচটা সুবিধা হ’ল :
(ক) ইয়াৰ সহায়ত বিশ্বৰ বাতৰি পঢ়িব পাৰি।
(খ) গান শুনিব পাৰি।
(গ) খেল খেলিব পাৰি।
(ঘ) বিজ্ঞাপন প্রচাৰ কৰিব পাৰি।
(ঙ) বিশ্বৰ যিকোনাে স্থানলৈ তথ্য সৰবৰাহকৰিব পাৰি।

৭৷ ‘ৱেবছাইট’ বুলিলে কি বুজায় ? ইয়াৰ ওপৰত এক টোকা লিখা।
উত্তৰঃ World Wide Web ক সংক্ষেপে ওৱেবছাইট’ বুলি কোৱা হয়। ই হ’ল ইন্টাৰনেটত বহুলভাৱে ব্যৱহাৰ হােৱা এক আচৰণ বিধি। ৱেবছাইটত বহু বিষয় ইটোৰ লগত সিটো সংলগ্ন হৈ থাকে। ৱেবৰ জৰিয়তে ইয়াৰ লগত জড়িত থকা বিভিন্ন তথ্য অনুসন্ধান কৰিব পাৰি। ৱেবত Hyper Text ব্যৱহাৰ কৰাৰ লগতে এবিধ বিশেষ প্ৰট’কল ব্যৱহাৰ কৰা হয়। ই হ’ল Hyper Text Trans- fer Protocol বা HTTP। ইয়াৰ দ্বাৰা তথ্য পঠালে। তাক HTTP বুলি কোৱা হয়। ইয়াৰ প্ৰতিটো Webside www.ৰে আৰম্ভ কৰা হয়। ৱেবপেজসমূহ এটা ব্রাউচাৰৰ জৰিয়তে ৱেব ছাৰভাৰৰ পৰা মূল্যায়ন কৰা হয় আৰু তথ্যপাতি ডাউনলােড কৰাত সহায়ক হয়। প্রতিটো ৱেবছাইটতে একোটা হােমপেজ থাকে যিটো ব্যৱহাৰকাৰীয়ে। প্রথমে প্রত্যক্ষ কৰে। প্রত্যেক ৱেবপেজৰ নিজস্ব ৱেব পৰিচয় থাকে যাক Uniform Resource Locator (URL) বুলি কোৱা হয়।

৮। চি ডি ৰম কি। ইয়াৰ চাৰিটা বৈশিষ্ট্য উল্লেখ।
উত্তৰঃ চি ডি ৰমৰ সম্পূৰ্ণ ৰূপটো হ’ল কমপেক্ট ডিক্স ৰিড অনলি মেম’ৰী। ই হ’ল বৃহৎ সংখ্যক সূচক বা তথ্য সংৰক্ষণ কৰি ৰাখিব পৰা এক ব্যৱস্থা। এখন চি ডিত বিভিন্ন ধৰণৰ তথ্য অতি কম খৰচতে সংৰক্ষণ কৰিব পাৰি। ইয়াত পাঠ, ছবি, ভিডিঅ’ খবৰ আৰু অন্যান্য বহু তথ্য সংৰক্ষণ কৰিবলৈ ব্যৱহাৰ কৰা হয়। চি ডি ৰমৰ প্রধান বৈশিষ্ট্য হলঃ
(ক) ইয়াৰ জৰিয়তে তথ্য সংৰক্ষণ কৰিব পাৰি।
(খ) ইয়াত সংৰক্ষিত তথ্যসমূহ বহু দিনলৈ অটুট থাকে।
(গ) ই কম খৰচী আৰু সহজলভ্য।
(ঘ) ইয়াত সংৰক্ষিত তথ্যসমূহ মচি পেলাব নােৱাৰি বাবে তথ্যসমূহ পৰিৱৰ্তন কৰিব নােৱাৰি।

Class 11 Education Chapter 3 Assamese Question Answer

৯। দূৰালাপ সন্মিলন মানে কি ?
উত্তৰঃ দূৰালাপ সন্মিলন’ হৈছে আধুনিক ইন্টাৰনেটৰ জৰিয়তে পৃথিৱীৰ ভিন ভিন স্থানত থকা ব্যক্তিৰ লগত নিজ ঘৰতে বহি সন্মিলন হােৱাৰ এক ব্যৱস্থাক বুজায়। এইব্যৱস্থাটো আজি গােটেইবিশ্বজুৰি জনপ্রিয়। এইব্যৱস্থাৰ সুবিধা গ্রহণ কৰি বহু দূৰৰ দুই বা ততােধিক ব্যক্তিৰ লগত আলােচনা সম্ভৱ হৈছে। দূৰালাপ সন্মিলন সাধাৰণতে তিনি। প্রকাৰৰ । যেনেঃ (ক) শ্রাব্য দূৰালাপ সন্মিলন, (খ) দৃশ্য দূৰালাপ সন্মিলন আৰু (ঘ) কম্পিউটাৰ দূৰালাপ সন্মিলন। বর্তমান শিক্ষাৰ ক্ষেত্ৰত কিছুপৰিমাণে এনে দূৰালাপ সন্মিলন ব্যৱস্থা প্রয়ােগ হৈ আছে।

১০। ইমেইল কি ? ইয়াৰ সুবিধা উল্লেখ কৰা।
উত্তৰ : ই-মেইলৰ সম্পূৰ্ণৰূপটো হৈছে ইলেক্ট্রনিক মেইল’। ই-মেইলৰ বাবে প্রয়ােজনীয় সঁজুলিবােৰ হ’ল :
কম্পিউটাৰ, টেলিফোন লাইন, ইন্টাৰনেট ছাৰ্ভিচ প্রভাইডাৰ, ইন্টাৰনেট ছফ্টৱেৰ, বার্তা প্ৰেৰক আৰু বার্তা গ্রহণকাৰী। বার্তা প্রেৰক আৰু বাৰ্তা গ্রহণকাৰী উভয়ৰে ইন্টাৰনেটৰ জৰিয়তে লাভ কৰা ঠিকনা থাকিব লাগে। এনে ঠিকনাক ই-মেইল আই ডি বুলি কোৱা হয়। প্রেৰণ কৰিব খােজা- বার্তাটো প্রথমে কম্পিউটাৰৰ কি ব’র্ডত টাইপ কৰি বার্তাবাহকৰ ঠিকনালৈ প্ৰেৰণ কৰিব লাগে। ই-মেইলৰ সুবিধা হলঃ (ক) ইয়াৰ জৰিয়তে অতি দ্রুত আৰু মাত্র কেই চেকেণ্ডৰ ভিতৰতে পৃথিৱীৰ যিকোনাে স্থানলৈ বার্তা বা তথ্য প্ৰেৰণ কৰিব পাৰি।
(খ) ই অতি কম খৰচী।
(গ) এই ব্যৱস্থাই বার্তা প্রেৰক আৰু গ্ৰহণকৰ্তাৰ মাজত গােপনীয়তাৰক্ষা কৰে।

১১। হার্ডৱেৰ আৰু ছফটৱেৰ বুলিলে কি বুজা ? চমুকৈ লিখা।
উত্তৰঃ কম্পিউটাৰৰ যিবােৰ অংশ চকুৰে দেখিব পাৰি আৰু হাতেৰে স্পৰ্শ কৰিব পাৰি সেইবােৰ অংশক হার্ডৱেৰ বােলা হয়। উদাহৰণস্বৰূপেঃ চি পি ইউ, প্রিন্টাৰ, ডিক্স ছাইড, মাউচ, মনিটৰ আদি।

আনহাতে কম্পিউটাৰৰ দ্বাৰা সমস্যা এটাৰ সমাধান বা কোনাে কার্য কৰিবলৈ দিয়া নির্দেশক প্রগ্রেম বুলি কোৱা হয়। ছফ্টৱেৰ বুলিলে কম্পিউটাৰৰ লগত সকলাে ধৰণৰ প্ৰ’গ্ৰেমক বুজোৱা হয়। ছফ্টৱেৰবােৰ ফ্লপি, ডিক্স, টেপ,কেছেট,ৰম আদিত সাঁচি ৰখা হয়। ছফ্টৱেৰ বােৰৰ জৰিয়তে আমি বিভন্ন ধৰণৰ কাম কৰিবলৈ সক্ষম হওঁ। ছফ্টৱেৰৰ প্রধান ভাগবােৰ হ’লঃ অপাৰেটিং ছিষ্টেম, ইউটিলিটি প্রগ্রেম, এপ্লিকেছন ছফ্টৱেৰ পেকেজ, ভাষা প্র’চেছৰ আদি।

১২। শিক্ষাৰ পৰামৰ্শকাৰী অনুষ্ঠানসমূহৰ নাম লিখা
উত্তৰ : শিক্ষাৰ পৰামৰ্শকাৰী অনুষ্ঠানসমূহ হলঃ
(ক) ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা পৰিষদ।
(খ) ৰাষ্ট্ৰীয় শিক্ষক শিক্ষা প্রতিষ্ঠান।
(গ) ৰাজ্যিক শিক্ষা গৱেষণা পৰিষদ।
(ঘ) বিশ্ববিদ্যালয় অনুদান আয়ােগ।
(ঙ) ষাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সাংস্কৃতিক সংগঠন।

১৩। সহ-পাঠ্যক্ৰমৰ পাঁচটা উদ্দেশ্য উল্লেখ কৰা ৷
উত্তৰঃ জীৱনৰ বাবে গুৰুত্বপূৰ্ণ শৈক্ষিক তাৎপর্য থকা কার্যাৱলী যেনেঃ খেলা-ধূলা, গীত-মাত, নাট্যাভিনয়, তর্ক, বক্তৃতা, সাহিত্য চর্চা, কলা, সমাজসেৱা আদি কার্য আঁচনিকে সহ-পাঠ্যক্রমিক কার্যাৱলী বুলি কোৱা হয়। শিক্ষা ব্যৱস্থাত সহ্ন-পাঠ্যক্রমিক কার্যাৱলী অন্তর্ভূক্ত কৰাৰ উদ্দেশ্যসমূহ হ’ল :
(ক) ছাত্র-ছাত্রীৰ অন্তৰত সুপ্ত হৈ থকা গুণসমূহ উপযুক্ত বিকাশ সাধন কৰা।
(খ) শিক্ষার্থীসকলৰ আত্মবিশ্বাসী, সহনশীল,দায়িত্ববােধ আদি গুণৰ বিকাশ সাধন কৰা।
(গ) ছাত্র-ছাত্রীসকলৰ আজৰি সময়ৰ সৎ ব্যৱহাৰ কৰা।
(ঘ) সমভাৱে শাৰীৰিক আৰু মানসিক বিকাশ সাধন কৰা।
(ঙ) গণতান্ত্রিক মূল্যবােধৰ বীজ ৰােপন কৰা।

১৪। বিশ্ববিদ্যালয় অনুদান আয়ােগৰ যিকোনাে পাঁচটা কার্য উল্লেখ কৰা।।
উত্তৰঃ বিশ্ববিদ্যালয় অনুদান আয়োগৰ পাঁচটা কার্যাৱলী তলত উল্লেখ কৰা হ’লঃ
(ক) বিশ্ববিদ্যালয়ৰ আর্থিক দিশটো অধ্যয়ন কৰি প্রয়ােজন অনুসৰি অনুদান আগবঢ়োৱা।
(খ) গােটেই বছৰটোৰ বাবে বাজেট তৈয়াৰ কৰা।
(গ) শৈক্ষিক মান উন্নত কৰিবলৈ পৰামৰ্শ আগবঢ়োৱা।
(ঘ) বিজ্ঞানসম্মত শিক্ষা, গৱেষণা আৰু প্ৰযুক্তিৰ যথাযথ বিকাশ সাধন কৰা।
(ঙ) বিশ্ববিদ্যালয়ৰ পৰিবেশ উন্নত কৰাৰ বাবে পৰামর্শ আগবঢ়োৱা।

লগতে পঢ়ক:   শিক্ষাৰ ধাৰণা আৰু লক্ষ্য Class 11 [প্রশ্নোত্তৰ] Education Chapter 1

১৫। অভিৰোচক হিচাপে শিক্ষকে কেনেধৰণৰ ভূমিকা পালন কৰিব পাৰে?
উত্তৰঃ শিক্ষকে শ্রেণীকক্ষত শিক্ষাদান ফলপ্রসূ হ’বৰ বাবে তলত দিয়া ধৰণে অভিৰোচকৰ ভূমিকা পালন কৰিব পাৰে। যেনে—–
(ক) শ্রেণীত শিক্ষকে বিদ্যার্থীক অভিৰােচিত কৰিবলৈ পাঠৰ লগত সংগতি ৰাখি দৃশ্য-শ্রাব্য সঁজুলিৰ ব্যৱহাৰ কৰিব লাগে।
(খ) সহজৰ পৰা জটিল বিষয়লৈ আগবাঢ়িব লাগে।
(গ) যিকোনাে বিষয় উদাহৰণৰ সৈতে বুজালে ছাত্র-ছাত্রীয়ে অতি সােনকালে বুজি পায় আৰু মনােযােগ বৃদ্ধি পায়।
(ঘ) ছাত্র-ছাত্রীসকলৰ মাজত সুস্থ প্রতিযােগিতা মনােভাৱৰ সৃষ্টি কৰিও সিহঁতক অভিৰােচিত কৰিব পাৰি।
(ঙ) মাজে মাজে হাস্যৰসিক কথা বা কাহিনীৰ অৱতাৰণা কৰিব লাগে।

১৬। DIET ৰ কার্যাবলী উল্লেখ কৰা।
উত্তৰ : DIET ৰ কার্যাৱলীতলত দিয়া ধৰণৰঃ
(ক) DIET য়ে চাকৰিকালীন আৰু প্ৰাক-চাকৰিকালীন প্রাথমিক শিক্ষকসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে।
(খ) অগতানুগতিক শিক্ষা আৰু বয়স্ক শিক্ষণৰ নির্দেশকসকল আৰু পর্যবেক্ষকসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা কৰে।
(গ) প্রাথমিক শিক্ষা, প্রাপ্তবয়স্ক শিক্ষা আৰু গতানুগতিক শিক্ষাৰ বাবে কাম কৰা কেন্দ্রসমূহক ই সহায় আগবঢ়ায়।
(ঘ) জিলাসমূহে প্রাথমিক শিক্ষা আৰু প্রাপ্তবয়স্ক শিক্ষাৰ ক্ষেত্ৰত সন্মুখীন হােৱা সমস্যা সমাধান কৰিবলৈ ক্ষেত্রভিত্তিক গৱেষণাৰ বাবে আঁচনি প্রস্তুত কৰাৰ ব্যৱস্থা কৰে।

বিদ্যালয় আৰু ইয়াৰ সংগঠন Class 11 Question Answer

ঘ. ৰচনাধর্মী প্রশ্নোত্তৰঃ (প্রত্যেকটোৰ মূল্যাংক – ৫/৬)

১। শিক্ষা ব্যৱস্থাত পাঠ্যক্ৰমৰ প্ৰয়ােজনীয়তা সম্পর্কে আলােচনা কৰা।
উত্তৰ : আধুনিক দৃষ্টিভংগীত পাঠ্যক্রম বুলিলে শিক্ষানুষ্ঠানত পঠিতব্য বিষয়সমূহ লগতে শ্রেণীকোঠা, খেল পথাৰ, গ্রন্থাগাৰ, মঞ্চ, প্রয়ােগশালা আদি সকলােকে সামৰি লয়। বিদ্যালয়ত পাঠ্যক্রম প্রয়ােজনীয়তাৰ বিষয়ে তলত আলােচনা কৰা হলঃ
(ক) ছাত্র-ছাত্রীক ভাষাৰ দক্ষতা আৰু যােগাযােগ ৰক্ষা কৰাৰ বাবে পাঠ্যক্রম অতি প্রয়ােজনীয়।
(খ) পাঠ্যক্রমে শিক্ষার্থীক স্বকীয় ধ্যান-ধাৰণাৰ বিকাশ সাধন কৰি নতুন নতুন তাত্ত্বিক দিশৰ সন্ধান দিব পাৰে।
(গ) গণতান্ত্রিক দৃষ্টিভংগী, সামাজিকতা, নৈতিক ৰীতি-নীতি আদিৰ জাতীয় জীৱনত প্ৰভাৱ থকা সম্পর্কে পাঠ্যপুথিয়ে সজাগতাৰ সৃষ্টি কৰে।
(ঘ) পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষাৰ লক্ষ্য আৰু আঁচনিৰ সফল ৰূপায়ন কৰিব পাৰি।
(ঙ) ছাত্র-ছাত্রী আৰু শিক্ষকৰ মাজত প্রধান যােগসূত্ৰকাৰী উপাদান হ’ল পাঠ্যক্রম।
(চ) পাঠ্যপুথিৰ জৰিয়তে অতীত, বর্তমান আৰু ভৱিষ্যতৰ বিষয়ে জ্ঞান অর্জন কৰিব পাৰি।
(চ) পাঠ্যক্ৰমৰ জৰিয়তে শৈক্ষিক সফলতা আৰু বিফলতাৰ সঠিক মূল্যায়ন কৰিব পাৰি।
(ছ) পাঠ্যপুথিয়ে প্রণালীবদ্ধ আৰু বিজ্ঞানসম্মত শিক্ষা প্রদানত সফল ভূমিকা গ্রহণ কৰে।

২। প্রচলিত পাঠ্যক্ৰমৰ আঁসােৱাহ বা দোষসমূহ উল্লেখ কৰা।
উত্তৰঃ আধুনিক দৃষ্টিভংগীত পাঠ্যক্রম বুলিলে শিক্ষানুষ্ঠানত পঠিতব্য বিষয়সমূহৰ লগতে শ্ৰেণীকোঠা, খেল পথাৰ, গ্রন্থাগাৰ, মঞ্চ, প্রয়ােগশালা আদি সকলােকে সামৰি বর্তমান প্রচলিত পাঠ্যক্ৰমৰ কিছুমান দোষা বা আঁসােৱাহ আছে। যেনে —–
(ক) পুথিগত আৰু তাত্ত্বিকঃ বর্তমান প্রচলিত পাঠ্যপুথিত পুথিগত আৰু তাত্ত্বিক জ্ঞান প্রদানৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। ফলত ছাত্র-ছাত্রীৰ ব্যক্তিত্বৰ দিশবােৰৰ সামূহিক বিকাশ নহয়।

(খ) সংকীর্ণ মনােভাৱাপন্নঃ প্রচলিত পাঠ্যক্রমে ছাত্র- ছাত্রীসকলক প্রয়ােজন অনুপাতে জ্ঞান প্রদান কৰিব পৰা নাই। পৰীক্ষাত উত্তীর্ণ হােৱাৰ লক্ষ্যৰে পাঠ্যপুথি প্রণয়ন কৰা হেতুকে বাস্তৱ জ্ঞানৰ বিষয়সমূহ পাঠ্যপুথিত সন্নিবিষ্ট হােৱা দেখা নাযায়। সহজ কথাত প্রচলিত পাঠ্যক্রম সংকীর্ণ মনােভাৱাপন্ন।

(গ) পাঠ্যবিষয়ৰ মাত্ৰাধিক্যঃ প্রচলিত পাঠ্যক্ৰমৰ এক প্রধান ক্রটি হৈছে পাঠ্যবিষয়ৰ মাত্ৰাধিক্যতা। ছাত্র- ছাত্রীসকলে নির্দিষ্ট শিক্ষা বষত আয়ত্ব কৰিব পৰাতকৈ অধিক বিষয় বা সমল পাঠয়ক্ৰমত অন্তর্ভুক্ত কৰাত বহুতাে ছাত্র-ছাত্রীয়ে টান অনুভৱ কৰি শিক্ষা গ্রহণত অৱহেলা দেখুৱায় ফলত উত্তীৰ্ণৰ হাৰ কম হয়।

(ঘ) কাৰিকৰী আৰু বৃত্তিগত বিষয়ৰ অনুপস্থিতি : প্রচলিত পাঠ্যক্ৰমৰ আন এক আসােৱা হৈছে এনে পাঠ্যক্ৰমত বিভিন্ন বিষয়ৰ তাত্ত্বিক দিশহে অন্তর্ভূক্ত কৰা হৈছে। কাৰিকৰী বিষয়ৰ শিক্ষা প্রদান কৰাৰ কোনাে দিশ প্রচলিত পাঠ্যক্ৰমত নাই। ফলত বৰ্তমানৰ পাঠ্যক্রমে কার্যক্ষম নাগৰিকৰ সৃষ্টি কৰাত বিফল হৈছে। প্রচলিত পাঠ্যক্ৰমত বৃত্তিমূখী শিক্ষা ব্যৱস্থা নথকা বাবে এনে শিক্ষাই শিক্ষিত নিবনুৱাৰহে সৃষ্টি কৰিছে।

(ঙ) ব্যক্তিস্বার্থৰ প্রতি উদাসীনতাঃ প্রচলিত পাঠ্যক্রমত ছাত্র-ছাত্রীৰ ব্যক্তিগত ৰুচি, অভিৰুচি, ইচ্ছা, প্রয়ােজন আদিৰ প্রতি উদাসীনতা দেখুৱা হৈছে। বহু সময়ত ছাত্র-ছাত্রীয়ে নিজৰ অভিৰুচি-বিৰুদ্ধ বিষয় অধ্যয়ন কৰিবলগা হয়। ফলত কাঙ্খিত সফলতা লাভ কৰিব নােৱাৰে।

(চ) স্মৰণশক্তিৰ ওপৰত গুৰুত্বঃ প্রচলিত পাঠ্যক্রমে শিক্ষার্থীৰ জ্ঞান আহৰণ, মনােভাৱ গঠন আদিৰ ওপৰত গুৰুত্ব দিয়াতকৈ শিক্ষণীয় বিষয়সমূহ মুখস্থ কৰাৰ ওপৰত গুৰুত্ব দিয়া দেখা যায়। ফলত ছাত্র-ছাত্রীসকলৰ বৌদ্ধিক শক্তিৰ বিকাশ নহয়।

৩। পাঠ্যক্রম প্রস্তুতকৰণৰ পাঁচটা নীতি উল্লেখ কৰা।
উত্তৰ : পাঠ্যক্রম প্রস্তুতকৰণ এক জটিল কাম। ছাত্র-ছাত্রীসকলৰ বয়স অনুযায়ী মনস্তাত্ত্বিক দিশ, দেশৰ সমাজিক, ৰাজনৈতিক, অর্থনৈতিক, সাংস্কৃতিক আদি বিভিন্ন দিশৰ সমন্বয় সাধন কৰি পাঠ্যপুথি প্রস্তুত কৰিব লগা হয়। পাঠ্যপুথি প্রস্তুতকৰণৰ কেইবাটাও নীতি আছে। তলত ইয়াৰ পাঁচটা নীতি উল্লেখ কৰা হ’ল :
(ক) শিশুকেন্দ্রিক নীতি : পাঠ্যক্রম প্রণয়ন শিশুকেন্দ্রিক নীতিয়ে শিশুৰ মানসিক ক্ষমতা, আগ্রহ, ৰুচি আৰু প্রয়ােজন পূৰণ কৰিব পৰাকৈ পাঠ্যপুথি প্রস্তুত কৰাকে বুজায়। পাঠ্যপুথিত এনে কোনাে বিষয় অন্তর্ভূক্ত কৰা উচিত নহয় যি বিদ্যার্থীৰ মানসিক ক্ষমতা আৰু আগ্রহ বহির্ভূত হয়।

(খ) সমাজকেন্দ্রিক নীতি : পাঠ্যপুথিৰ বিষয়-বস্তুসমূহ সদায় সমাজৰ লগত সম্বন্ধ হ’ব লাগে। কাৰণ মানুহ সামাজিক জীৱ। সামাজিক জীৱ হিচাপে সমাজত বসবাস কৰিবলৈ যি জ্ঞান আৰু অভিজ্ঞতাৰ প্ৰয়ােজন সেয়া পাঠ্যপুথিয়ে পূৰণ কৰিব পৰা হ’ব লাগে।

(গ) সংহতিৰ নীতিঃ পাঠ্যপুথিত এনেকুৱা বিষয় অন্তর্ভুক্ত কৰা উচিত যাতে বিভিন্ন জাতি, গােষ্ঠী, ভাষা-ভাষী, ধর্মালম্বী লােকৰ প্ৰতি ছাত্র-ছাত্রীসকলৰ মনত এক সংহতিৰ মনােভাৱ গঢ়ি উঠে।

(ঘ) সংৰক্ষণৰ নীতি : প্রতিটো জাতি বা দেশৰ কিছুমান স্বকীয় পৰম্পৰাগত সংস্কৃতি আৰু ঐতিহ্য আছে। প্ৰজন্মৰ পৰা প্রজন্মলৈ সেইবােৰ ঐতিহ্য জীয়াই ৰাখিবলৈ ছাত্র- ছাত্রীসকলক সেইবােৰৰ লগত পৰিচয় কৰাই দিয়াৰ লগতে সেইবােৰ সংৰক্ষণৰ বাবে সাংস্কৃতিক ঐতিহ্যগত বিষয়বােৰ পাঠ্যপুথিত অনুর্ভূক্ত কৰা উচিত।

ঙ) উপযােগিতাৰ নীতি : পাঠ্যপুথিৰ উপযােগিতাৰ নীতিয়ে পাঠ্যপুথিত কাৰিকৰী বিষয় অন্তর্ভূক্ত কৰাৰ পােষকতা কৰে। কাৰিকৰীৰ বিষয় অন্তর্ভুক্তই পাঠ্যপুথি বাস্তবসম্মত কৰি তােলে। ফলত শিক্ষা ফলপ্রসু হয়।

বিদ্যালয় আৰু ইয়াৰ সংগঠন Class 11 Long Answer

৪। পাঠ্যক্রম কাক বােলে? ইয়াৰ বিভিন্ন প্রকাৰসমূহৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : আধুনিক দৃষ্টিভংগীত পাঠ্যক্রম বুলিলে শিক্ষানুষ্ঠানত পঠিতব্য বিষয়সমূহৰ লগতে শ্ৰেণীকোঠা, খেল পথাৰ, গ্রন্থাগাৰ, মঞ্চ, প্রয়ােগশালা আদি সকলােকে সামৰি পাঠ্যক্ৰমৰ বিভিন্ন প্রকাৰসমূহ তলত আলােচনা কৰা হ’ল
(ক) বিষয়কেন্দ্রিক পাঠ্যক্রম : যি পাঠ্যক্রম বিষয় ভিত্তিত যুগুত কৰা হয় তাকে ‘বিষয়কেন্দ্রিক পাঠ্যক্রম বােলে। যেনে। সাহিত্য, বুৰঞ্জী, গণিত, বিজ্ঞান ইত্যাদি। বিষয়কেন্দ্রিক পাঠ্যক্রমত বিষয়-বস্তুৰ শিক্ষাদানৰ ওপৰত গুৰুত্ব দিয়া হয়।

লগতে পঢ়ক:   মনােবিজ্ঞান আৰু শিক্ষা Class 11 (প্রশ্নোত্তৰ) একাদশ শ্ৰেণী

(খ) কর্মকেন্দ্রিক পাঠ্যক্রম : কর্ম শিক্ষাৰ ওপৰত জোৰ দি যি পাঠ্যক্রম প্রস্তুত কৰা হয় তাকে কর্মকেন্দ্রিক পাঠ্যক্রম বােলে। এনে পাঠ্যক্ৰমৰ জৰিয়তে শিক্ষার্থীক কাৰিকৰী শিক্ষা প্রদান কৰা হয়। এনে শিক্ষাই বিদ্যাথীক উপার্জনক্ষম কৰি তােলে।

(গ) সংহতিমূলক পাঠ্যক্রমঃ এনে পাঠ্যক্ৰমত বিভিন্ন বিষয়ক এটা বিষয়লৈ ৰূপান্তৰিত কৰি শিক্ষাদানৰ বাবে ব্যৱস্থা গ্রহণ কৰে। এনে পাঠ্যক্রমে বাস্তৱ জীৱনৰ কার্যাৱলী আৰু বৌদ্ধিক কার্যাৱলীৰ মাজত সমন্বয় সাধন কৰে।

(ঘ) ক্রিয়াকেন্দ্রিক পাঠ্যক্রমঃ যি পাঠ্যক্ৰমত শিক্ষণীয় বিষয় ক্রিয়া বা কাম-কাজৰ মাজেৰে সম্ভৱ কৰি তােলা হয় তেনে পাঠ্যক্রমক ‘ক্রিয়াভিত্তিক পাঠ্যক্রম’বুলি কোৱা হয়। ৰুছে, ফ্ৰৱেল, মন্টেছৰী, জন ডুউই আদি শিক্ষাবিদসকলে প্রাথমিক স্তৰত শিশুক ক্রিয়াভিত্তিক শিক্ষা প্রদানৰ পােষকতা কৰিছিল।

(ঙ) অভিজ্ঞতাভিত্তিক পাঠ্যক্রমঃ যি পাঠ্যক্ৰমত বিভিন্ন ধৰণৰ অভিজ্ঞতাক শিক্ষাৰ কেন্দ্রবিন্দু হিচাপে লৈ শিক্ষার্থী শিক্ষা প্রদান কৰা হয়, তেনে পাঠ্যক্রমক ‘অভিজ্ঞতাভিত্তিক পাঠ্যক্রম বুলি কোৱা হয়। এনে পাঠ্যক্ৰমৰ জৰিয়তে বিদ্যার্থীয়ে জ্ঞান আৰু বাস্তৱ জীৱনৰ মাজত থকা গভীৰ সম্পৰ্কৰ বিষয়ে উপলব্ধি কৰিবলৈ সক্ষম হয়।

৫। সহ-পাঠ্যত্রিক কার্যাৱলী কাক বােলে? ইয়াৰ উপকাৰীতাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰ : জীৱনৰ বাবে গুৰত্বপূর্ণ শৈক্ষিক তাৎপর্য থকা কার্যাৱলী যেনেঃ খেলা-ধূলা, গীত-মাত, নাট্যাভিনয়, তর্ক, বক্তৃতা, সাহিত্য চর্চা, কলা, সমাজসেৱা আদি কার্য আঁচনিকে সহ-পাঠ্যক্রমিক কার্যাৱলী বুলি কোৱা হয়।
সহ-পাঠ্যক্রমিক কার্যাৱলী বিভিন্ন ধৰণৰ হ’ব পাৰে। যেনে :
(ক) খেল-ধেমালি, ব্যায়াম, শ্রমদান আদি।
(খ) বৌদ্ধিক কার্যাৱলী (সাহিত্য চর্চা, বক্তৃতা, তর্ক আদি)।
(গ) সাংস্কৃতিক কার্যাৱলী (গীত-মাত, অভিনয়, নৃত্য আদি)।

সহ-পাঠ্যক্রমিক কার্যাৱলীৰ বহুতাে উপকাৰিতা আছে। যেনে—
(ক) শাৰীৰিক বিকাশ : সহপাঠ্যক্ৰমৰ অন্তৰ্গত বিভিন্ন খেল-ধেমালী, ব্যায়াম আদিৰ দ্বাৰা শৰীৰ চৰ্চা হােৱাৰ উপৰিও মানসিক অৱসাদ দূৰ হয়।
(খ) সামাজিক বিকাশ : সহ-পাঠ্যক্রমিক কার্যাৱলীৰ দ্বাৰা সু-অভ্যাস গঠনৰ লগতে সামাজিক চেতনা, বন্ধুত্ব, ভাতৃত্ববােধ, সহযােগিতা আদি গুণৰ বিকাশ হয়।
(ঘ) শৃঙ্খলাবােধ : সহ-পাঠ্যক্ৰমৰ জৰিয়তে ছাত্র- ছাত্রীসকলে , নিয়মানুবর্তিতা, শৃঙ্খলাবােধ, ৰীতি-নীতিৰ প্রতি শ্রদ্ধাবােধ আদিৰ শিক্ষা লাভ কৰে।
(ঙ) ব্যক্তিত্বৰ পূর্ণতা লাভঃ সহপাঠ্যক্রমিক কার্যাৱলীৰ জৰিয়তে দেহআৰু মনৰ মাজত সমতা স্থাপন হৈ ব্যক্তিত্ব বিকাশ সম্ভৱ হৈ উঠে।
(চ) আবেগিক বিকাশঃ সহ-পাঠ্যক্রমিক কার্যাৱলীয়ে আবেগিক সমতা ৰক্ষা কৰি বিভিন্ন বিষয়ৰ প্রতি ছাত্র- ছাত্রীসকলৰ আগ্ৰহবঢ়াই তােলে।
(ছ) বাস্তৱ জ্ঞান লাভঃ সহ-পাঠ্যক্রমিক কার্যাৱলীয়ে শিক্ষার্থীক বাস্তৱ জীৱনৰ জটিলতা, আনন্দ, দুখবােধ সুখবােধ আদি অনুভূতিৰ বিকাশত সহায় কৰে।

৬। আদর্শ শিক্ষকৰ পাঁচটা গুণ উল্লেখ কৰা।
উত্তৰঃ এজন শিক্ষকৰ ব্যক্তিত্বই ছাত্র-ছাত্রীসকলক বাৰুকৈয়ে প্রভাৱিত কৰে। সেয়ে এজন শিক্ষক আদর্শবান শিক্ষক হিচাপে নিজকে গঢ়ি তুলিবলৈ কেইবাটাও গুণ থকাটো অতিকৈ জৰুৰী। যেনে-
(ক) শিক্ষাগত যােগ্যতাঃ শিক্ষার্থীক জ্ঞান দান কৰিবলৈ হলে শিক্ষক এজনৰ পাঠ্যপুথিৰ বিভিন্ন বিষয়ৰ ওপৰত গভীৰ জ্ঞান থাকিব লাগিব। পাঠ্যপুথিৰ জ্ঞান থকাৰ উপৰিও শিক্ষকজনৰ বাস্তৱ সামাজিক জ্ঞান থকাৰ প্রয়ােজন।

(খ) ধৈর্য আৰু সহনশীলতা : শিক্ষকে শিক্ষাদান কৰােতে আৰু ছাত্ৰ-ছাত্ৰীসকলক পৰিচালিত কৰােতেও ভিন ভিন সময়ত ভিন ভিন সমস্যাৰ সন্মুখীন হ’ব লগাত পৰে। সেয়ে শিক্ষকজনৰ ধৈর্য থকাৰ উপৰিও ছাত্র- ছাত্ৰীসকলৰ প্রতি সহানুভূতিশীল হ’ব লাগিব।

(গ) সুস্বাস্থ্য : সুস্থ শৰীৰতহে সুস্থ মন বাস কৰে। গতিকে শিক্ষক এজনে সুস্থভাৱে ছাত্ৰ-ছাত্ৰীসকলক শিক্ষাদান কৰােতে নিজৰ মন আৰু শৰীৰ সুস্থ ৰাখিব লাগিব। অসুস্থ শৰীৰ আৰু মনৰ অধিকাৰী শিক্ষক এজনে নিজৰ কৰ্তব্য সুচাৰুৰূপে পালন কৰিব নােৱাৰে।

(ঘ) চৰিত্ৰ আৰু ব্যক্তিত্ব : আদর্শ শিক্ষক এজন সুচৰিত্রবান আৰু অনুকৰণ কৰিব পৰা ব্যক্তিত্বৰ গৰাকী হােৱা উচিত। তেওঁৰ আচৰণ, চিন্তা, কামকাজ সৎ হােৱাৰ উপৰিও প্ৰভাৱশালী হােৱা অতি প্রয়ােজন।

(ঙ) বাগ্মিতাঃ এজন আদর্শ শিক্ষকৰ আন এক গুণ হ’ল বাগ্মিতা। তেওঁৰ কণ্ঠস্বৰ মধুৰ, সুস্পষ্ট আৰু পােনপটীয়া হ’ব লাগে যাতে তেওঁৰ কথা আৰু বক্তব্যই ছাত্র-ছাত্রীসকলৰ মনােযােগ সহজে আকৃষ্ট কৰিব পাৰে।

বিদ্যালয় আৰু ইয়াৰ সংগঠন Class 11

৭। প্রমূল্য শিক্ষা বুলিলে কি বুজা?
উত্তৰ : শৈক্ষিক দৃষ্টিকোণৰ পৰা যিবােৰ কৰ্ম আৰু আচৰণ শিক্ষাৰ বাবে প্ৰয়ােজনীয়, মংগলদায়ক আৰু উপকাৰী সেইবােৰ বিষয়কে ‘প্রমূল্য শিক্ষা বুলি কোৱা হয়। প্রমূল্য শিক্ষাৰ প্রধান উৎসসমূহ হ’লঃ ধর্ম, দর্শন, সামাজিক ৰীতি-নীতি, সাহিত্য, খেলা-ধূলা আদি। প্রমূল্যবােধ শিক্ষা প্রদানত তিনিটা কৌশল প্রয়ােগ কৰিব পাৰি। যেনে –-আনুষ্ঠানিক কৌশল, অনানুষ্ঠানিক কৌশল আৰু অগতানুগতিক কৌশল। বিদ্যালয়ত বিভিন্ন ধৰণে প্ৰমূল্যবােধৰ শিক্ষাদানৰ ব্যৱস্থা।কৰা হয়। যেনে—–

(ক) প্রার্থনা সভাৰ জয়িতে : শিক্ষার্থীৰ মনত প্রমূল্যবােধৰ ধাৰণা দৃঢ়ভাৱে গঢ়ি তুলিবলৈ শৈক্ষিক কাম- কাজ আৰম্ভ কৰাৰ আগতে পুৱাত সমবেত প্রার্থনাৰ আয়ােজন কৰিব লাগে।

(খ) ধর্মনিৰপেক্ষ শিক্ষা : প্ৰমূল্যবােধৰ বীজ অংকুৰ কৰিবলৈ ছাত্র-ছাত্রীসকলক ধর্মনিৰপেক্ষতাৰ আদর্শ শিকাব লাগে। তাৰ বাবে কোনাে বিশেষ ধৰ্মৰ পৰিৱর্তে সকলাে ধৰ্মৰ সাৰ কথা বা বাণীবােৰ পাঠ্যপুথিত সন্নিবিষ্ট কৰিব লাগে।

(গ) মানবীয় গুণৰ শিক্ষা : ছাত্র-ছাত্রীসকলৰ মাজত প্রমূল্যবােধৰ শিক্ষাদান ফলপ্রসূ হ’বলৈ বিভিন্ন মানৱীয় গুণ যেনে – দয়া, মৰম, শ্রদ্ধা, সহনশীলতা আদিৰ পাঠ,শিকাব লাগে। তাৰ বাবে মহৎ লােকৰ জীৱনী পাঠ্যপুথিত অন্তর্ভুক্ত কৰা উচিত।

(ঘ) সহপাঠ্যক্রম : সহপাঠ্যক্ৰমৰ যােগেদিও প্রমূল্যবােধৰ শিক্ষা প্রদান কৰিব পাৰি। ছাত্র-ছাত্রীসকলৰ মাজত খেলা-ধূলা, সাংস্কৃতিক প্রতিযােগিতা আদিৰ যােগেদি সহযােগিতা, দলীয় স্পৃহা আদি গুণৰ বিকাশ কৰিব পাৰি।

(ঙ) সমাজসেৱাৰ অনুষ্ঠান : বিদ্যালয়ৰ চৌহদ,নলা- নর্দমা পৰিষ্কাৰ কৰা, গছ-গছনি ৰােৱা, উৎসৱ অনুষ্ঠান পৰিচালনা কৰা, নিৰক্ষৰ লােকক স্বাক্ষৰ কৰা আদি কামৰ প্রতি উৎসাহিত কৰিও ছাত্র-ছাত্রীসকলক প্রমূল্যবােধৰ শিক্ষা দান কৰিব পাৰি।

১। অতি প্রখৰ বুদ্ধিসম্পন্ন ছাত্র-ছাত্রীৰ বুদ্ধাংক কিমান?

উত্তৰ: ১২০-১৪০।

২। শ্রেণী কক্ষতে এখন দেশৰ ভৱিষ্যত গঢ়ি তােলা হয়’ –কথাষাৰ কোনে কৈছিল ?

উত্তৰ: টি মেন্টে কৈছিল।

৩। প্রতিভাশালী ছাত্র-ছাত্রীৰ বুদ্ধাংকৰ পৰিসৰ কিমান?

উত্তৰ: ১৪০ উর্ধ্বত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top