Home » একাদশ শ্ৰেণী অসমীয়া » গৌৰৱ Class 11 অসমীয়া একাদশ শ্ৰেণী

গৌৰৱ Class 11 অসমীয়া একাদশ শ্ৰেণী

গৌৰৱ
বিষয় অসমীয়া
পাঠৰ নামগৌৰৱ
লেখক
কালিৰাম মেধি
শ্ৰেণী একাদশ শ্ৰেণী
পাঠৰ নংঅধ্যায় 3
পাঠ্যক্ৰম (Syllabus)অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

গৌৰৱ Class 11

অতি চমু প্রশ্ন

১।  কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পর্কীয় গ্রন্থখনৰ নাম লিখা।
উত্তৰ: অসমীয়া ব্যাকৰণ আৰু ভাষাতত্ত্ব হ’ল কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পর্কীয় গ্রন্থ।

২। ডিভাইন কমেডি কাৰ ৰচনা ?
উত্তৰ: ডিভাইন কমেডি’ ইটালীৰ মহাকবি ডান্টেৰ ৰচনা।

Winter Sale

৩৷ নেপােলিয়ন বােনাপার্ট কোন দেশৰ বীৰ আছিল?
উত্তৰঃ নেপােলিয়ন বােনাপার্ট ফৰাচী দেশৰ বীৰ আছিল।

৪। মৈথিলী আৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ টনটনি কৰে?
উত্তৰ: মৈথিলী আৰু বঙালীয়ে পণ্ডিত বিদ্যাপতিক লৈ টনাটনি কৰে।

৫৷ জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?
উত্তৰ : জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ান বিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে।

একাদশ শ্ৰেণী গৌৰৱ চমু প্রশ্ন

১। সৌভাগ্যৰ পৰা গৌৰৱ কেনেকৈ ওপজে?
উত্তৰঃ সমাজৰ এক শ্ৰেণীৰ লােকে ধনী ব্যক্তি বা উচ্চ বংশৰ লােকক যথেষ্ট মান-সম্মান কৰে। সৌভাগ্যৰ বাবে মানুহে সমাজত উচ্চবংশ, ধন সম্পত্তি আৰু মৰ্যদা লাভ কৰে। ফলত কিছুমান লােকে সৌভাগ্যক লৈয়ে গৌৰৱ কৰে।

২। ৰূপৰ বলত পােৱা মান ভক্তি স্থায়ী হয়নে? বুজাই লিখা।

উত্তৰঃ ৰূপৰ বলত পােৱা মান সম্মান স্থায়ী নহয় যদিও শাৰীৰিক ৰূপাে গৌৰৱৰ এক কাৰণ হ’ব পাৰে। ৰূপৰ বাবেই ৰামৰাৱণৰ যুদ্ধ আৰু গ্রীক ঐজানৰ যুদ্ধৰ হৈছিল। হিৰােৰ লাৱণ্য শক্তিৰ বলত লিয়েণ্ডাৰে হেলিস্পট সাগৰ সাঁতুৰি পাৰ হৈছিল। সেই ভাৱে ৰূপৰ বলত বহুতে মান আৰু ভক্তি পায়। কিন্তু এই মান আৰু ভক্তি স্থায়ী নহয়।

৩। বিশ্বামিত্ৰৰ দুখৰকাৰণ কি আছিল?
উত্তৰ: বিশ্বামিত্র দুখৰ কাৰণ আছিল তেওঁ দৰিদ্র আছিল।

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?
উত্তৰঃ বৌদ্ধ ধর্ম প্রচাৰক গৌতম বুদ্ধৰ দেউতাক আছিল বাবেই শুদ্ধোধনৰ নাম মানুহেজানে।

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?
উত্তৰ : দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব নােৱাৰে। উদাহৰণ স্বৰূপে নেপােলিয়ন বােনাপার্ট, জুলিয়াচ চীজাৰ, আলেকজেণ্ডাৰৰ সাম্রাজ্য, দ্বিগীজয়ী আকবৰৰ সাম্রাজ্য কালৰ সোঁতত বিলীন হৈ গৈছে।

গৌৰৱ Class 11 দীঘল প্রশ্ন

১। “ধনেই ধৰ্মৰ মূল, ধন নহ’লে যায় জাতিকূল।” কথাষাৰ বুজাইলিখা।
উত্তৰ: ধনক লৈ কিছুসংখ্যক মানুহে গৌৰৱ কৰে আৰু ধন সম্পদ নােহােৱা মানুহে ইয়াক লৈ দুখ কৰে। উদাহৰণ স্বৰূপে বিশ্বমিত্ৰৰ অনেক দুখৰু কাৰণ আছিল তেওঁ দুখীয়া ঘৰত জন্ম হৈছিল। কিন্তু দুখীয়া হােৱা বাবে তেওঁৰ জ্ঞান আৰু সাধনাৰ বলত তেওঁ মানুহৰ ভক্তি মান-সম্মান আদায় কৰিব পাৰিছিল। সেয়ে ধনৰ দ্বাৰা মানুহে সমাজত মাম-মর্যদা পায় যদিও সেই মান মর্যদা ক্ষন্তেকীয়া হয়।

২। গৌৰৱ প্ৰৱন্ধটোত প্রকৃত গৌৰৱৰকাৰণ কি বুলি কোৱা হৈছে?
উত্তৰঃ গৌৰৱ প্ৰৱন্ধটিত গৌৰৱৰ প্ৰকৃত কাৰণটো মন’ বুলি লিখকে কৈছে। কাৰণ লিখকৰ মতে মনৰ পৰা যি গৌৰৱৰ উৎপত্তিহয় সেয়াইআচল গৌৰৱ। এই গৌৰৱ, জ্ঞান, আত্ম সংযম আৰু আত্মদানৰ পৰা হয়। উদাহৰণ স্বৰূপে সাবিত্রী-সীতাৰ পতি প্রেম, চক্রেটিছৰ জ্ঞান, হৰিশ্চন্দ্ৰৰ ন্যায়, প্রাদৰ আত্ম সংযম, কবীৰ, কালিদাস, আদি ব্যক্তিসকলৰ পাণ্ডিত্য প্রতিভা এই শ্ৰেণীৰ গৌৰৱৰ বস্তু। মনৰ পৰা সৃষ্টি হােৱা গৌৰৱ স্বর্গীয় আৰু স্থায়ী। ধন আৰু বলেৰে দেশ জয় কৰিব পাৰি কিন্তু সি খন্তেকীয়া হয়। কিন্তু মনৰ দ্বাৰা যি জয় কৰা হয় সি চিৰস্থায়ী হয়।

৩। প্রসংগ সঙ্গতি দর্শাই ব্যাখ্যা কৰাঃ বিজেতাই মানুহহে পৰাস্ত কৰে, মানুহৰ মনক পৰাস্ত কৰিব নােৱাৰে।”
উত্তৰ: উক্ত কথাষাৰ সাহিত্য সৌৰভৰ অন্তৰ্গত কালিৰাম মেধিৰ দ্বাৰা ৰচিত গৌৰৱ’ নামৰ প্ৰৱন্ধৰ পৰা উদ্ধৃত কৰা হৈছে।

উদ্ধৃত কথাফাকিৰ দ্বাৰা লিখকে শাৰীৰিক বল বা শক্তিৰ পৰা উপজা গৌৰৱ য়ে খন্তেকীয়া হয় তাকে বুজাব বিচাৰিছে। দেশ জয় কৰা বীৰসকলক মানুহে গৌৰৱৰ পাত্ৰ বুলি ভাবে। কিন্তু বিজেতাই প্রথম দিন দেশ জয় কৰে, দ্বিতীয় দিন ৰাখে আৰু তৃতীয় দিন বিজিত দেশ তেওঁৰ হাতৰ পৰা যায়। জুলিয়াচ চীজাৰ, আলেকজেণ্ডাৰ, নেপােলিয়ন, আকবৰ আদি বীৰসকলে দেশ জয় কৰিছিল। কিন্তু সিহঁতে মানুহৰ মন জয় কৰিব পৰা নাছিল। ফলত কালৰ সোঁতত সিহঁতৰ সাম্রাজ্য ধ্বংশ হয়। আনহাতে ভার্জিল, শেক্সপীয়েৰ, মার্টিন লুথাৰ, কবীৰ, নানক আদি ব্যক্তিসকলে সিহঁতৰ প্রতিভাৰ জৰিয়তে মানুহৰ মন জয় কৰিছিল। সিহঁতৰ সাম্রাজ্য আজিলৈ অক্ষুন্ন আছে।

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা।
উত্তৰঃউচ্চবংশত জন্ম গ্রহণ কৰিলে মানুহে সমাজত মান আৰু সন্মান পায়। আমাৰ উপৰি পুৰুষসকলে এই নিয়ম বান্ধি থৈ গৈছে যে নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও সিমালা আৰুঠগি আগতে পাব। আনহাতে কালিৰাম দাস বিদ্যাভূষণ হ’লেও সামান্য ঘৰৰ সন্তান বুলি সি মালা-ঠগি নাপায়। মহাভাৰতৰ কৰ্ণ অন্যান্য পাণ্ডৱৰ দৰেইআছিল যদিও জন্মৰ বাবে সি মানুহৰ পৰা বিদ্রুপ পাইছিল। কিন্তু জন্মগত ভাৱে লাভ কৰা এইমান আৰু সন্মান স্থায়ীনহয়। এই মান আৰু সন্মান আমাৰ পুর্বপুৰুষসকলে প্ৰৱৰ্তন কৰি থৈ যােৱা এক অপ-পৰম্পৰাহে।

৫। প্রসংগ সঙ্গতি দর্শাইব্যাখ্যা কৰাঃ

“ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে।”
উত্তৰঃ ব্যাখ্যেয় কথাষাৰ সাহিত্য সৌৰভ’অন্তর্গত কালিৰাম মেধিৰ দ্বাৰা ৰচিত ‘গৌৰৱ’ নামৰ প্ৰৱন্ধৰ পৰা তুলি দিয়া হৈছে।
উক্ত কথাষাৰৰ জৰিয়তে লিখকে ৰূপৰ আচৰিত শক্তিৰ বিষয়ে বুজাব বিচাৰিছে। ৰূপে চুম্বক শক্তিৰ দৰে এক আচৰিত কাম কৰে।ই জ্ঞানীক অজ্ঞানী কৰে, নির্বলীক বলী কৰে, যুদ্ধ বিগ্ৰহৰ সৃষ্টিকৰে। ৰামৰাৱণৰ যুদ্ধ, গ্রীক ঐজানৰ যুদ্ধৰ মূল কাৰণ আছিল ৰূপ। হিৰােৰ লাৱণ্য শক্তিৰ বলত লিয়োৰে হেলিস্পট সাগৰ সাঁতুৰি পাৰ হ’ব পাৰিছিল। সাপে যােগীৰ মন্ত্ৰত মুগ্ধ হােৱাৰ দৰে মানুহে ৰূপত মুগ্ধ হয়। ৰূপৰ বলত বহুতে মান আৰু ভক্তি পায়। শংকৰদেৱৰ ৰূপআৰু শান্ত মূর্তিয়ে তেওঁৰ প্রতিদ্বন্দ্বীৰ পৰাও ভক্তি আৰু শ্রদ্ধা আকর্ষণ কৰিছিল। সেইদৰে ৰূপৰ প্ৰভাৱত হজৰত মহম্মদক বধ কৰিবলৈ উদ্ধত হােৱা শত্ৰুৰ হাতৰ পৰা অহি। খহি পৰিছিল। সেয়ে কোৱা হয় যে ৰূপৰ এক আচৰিত চুম্বক শক্তি আছে।

গৌৰৱ Class 11 প্রশ্ন উত্তৰ 

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া
(ক) লিয়েণ্ডাৰে কাক পাবলৈ সাগৰ সাঁতুৰি পাৰ হৈছিল?
উত্তৰঃলিয়েণ্ডাৰে প্ৰেয়সী হিৰােক পাবলৈহেলিম্পট সাগৰ সাঁতুৰি পাৰ হৈছিল।

(খ) ভার্জিলে ৰচনা কৰা মহাকাব্যখনৰ নাম কি?
উত্তৰ: এনিড।

(গ) কাক লৈ বঙালী আৰুঅসমীয়াই টনাটনি কৰে?
উত্তৰঃ অনন্ত কন্দলি আৰু ডাকক লৈ বঙালী আৰু অসমীয়াই টনাটনি কৰে।

(ঘ) গৌৰৱনামৰ পাঠটিৰ লিখক কোন?
উত্তৰ: কালিৰাম মেধি।

(ঙ) কালিৰাম মেধিয়ে সম্পাদনা কৰা এখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ প্রাদ চৰিত।

(চ) গ্রীক ঐজান যুদ্ধৰ কাৰণ কি আছিল?
উত্তৰ : গ্রীক-ট্রজান যুদ্ধৰ কাৰণ আছিল, সুন্দৰী হেলেন।

 

Leave a Comment

Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

📱 Get AssamWeb App

Unlock free PDFs, mock tests, and certificates with our mobile app. Faster, smoother, and made for students 📚✨

🚀 Install from Play Store One-time reminder • No spam