ধনবৰ আৰু ৰতনী কবিতা Class 11 Assamese Lesson 12

ধনবৰ আৰু ৰতনী
বিষয়  অসমীয়া
পাঠৰ নাম ধনবৰ আৰু ৰতনী
লেখক
লক্ষ্মীনাথ বেজবৰুৱা
শ্ৰেণী  একাদশ শ্ৰেণী
গােট- ৩  পদ্যাংশ
পাঠৰ নং অধ্যায় 10
পাঠ্যক্ৰম (Syllabus) অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

ধনবৰ আৰু ৰতনী কবিতা

অতি চমু প্রশ্ন

১। লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰ : ‘কদমকলি’আৰু পদুমকলি।

২। লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম কি?
উত্তৰ : “মােৰ জীৱন সোঁৱৰণ”।

৩। অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয় ?
উত্তৰ: লক্ষ্মীনাথ বেজবৰুৱাক অসমীয়া চুটিগল্প জনক বুলি কোৱা হয়।

৪। লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্প পুথি এখনৰ নাম লিখা।
উত্তৰ : লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা এখন চুটিগল্পৰ পুথিৰ নাম “সাধু কথাৰ কুঁকি”।

৫।‘বাহী’ আলােচনীখন কোনে সম্পাদনা কৰিছিল ?
উত্তৰ : ‘বাহী’ আলােচনীখন লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদনা কৰিছিল।

ধনবৰ আৰু ৰতনী কবিতা চমু প্রশ্ন

১। মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উত্তৰঃ মালিতাবুলিলে আখ্যানমূলক গীতি কবিতাক বুজায়। ইয়াক ইংৰাজীত Ballad বুলি কোৱা হয়।

২। ধনবৰ আৰু ৰতনী কোন?
উত্তৰঃ ধনবৰ দিখৌমুখৰ এজন ডেকা আৰু ৰতনী হ’ল ধনশিৰিমুখৰ এজীন ঘােড়শী গাভৰু। দুয়াে আছিল প্রেমিক-প্রেমিকা।

৩। “বােপই মােৰ লুইত ঐ! সামৰি লােৱা মােক!” – বুলি কোনে কিয় কৈছে?
উত্তৰ: “বেগাই মােৰ লুইত ঐহ্ল সামৰি লােৱা মোকহ্ল” বুলি ধনবৰে ৰতনীৰ বিৰহত বিলাপ কৰি কৈছে।

৪।“ৰতনীক তুলিলে মাকে বাপেকে ধনাইৰ কাল শতৰু কৰি” :ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
উত্তৰ : ৰতনী আৰু ধনবৰ দুয়ােৰে মাজত প্রেম হৈছিল যদিও সিহঁতক মিলন হ’বলৈ নিদি মাক-বাপেকে ৰতনীক লগত লৈ অহা বাটেৰে গুচি যায়। আনহাতে ধনবৰে ৰতনীৰ বিৰহত বৰ লুইতত জাপ দি আত্মহত্যা কৰে। সেয়ে ৰতনীক ধনবৰৰ কাল শতৰু’ বুলি কৈছে।

৫। “পাৰতে কান্দিছে ধনবৰ দুখীয়া’: ধনবৰে কিয় কান্দিছে?
উত্তৰ : ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ হৈছিল যদিও ৰতনীৰ মাক-দেউতাকে সিহঁতৰ প্ৰেমক গুৰুত্ব নিদি ৰতনীক লগত লৈ অহা বাটেৰে গুচি যায়। ফলত ধনবৰে ৰতনীৰ বিৰহত লুইতৰ পাৰত বহি কান্দিছে।

ধনবৰ আৰু ৰতনী কবিতা দীঘল প্রশ্ন

১।“ধনবৰ আৰু ৰতনী” কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বর্ণনা কৰা।
উত্তৰ : ৰতনী নামৰ এজনী ষােড়শী গাভৰুয়ে এবাৰ মাক-দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰলৈ আহে। ইয়াতে ডেকা ধনবৰ আৰু যুৱতী ৰতনীয়ে পৰস্পৰে পৰস্পৰক ভাল পাবলৈ লয়। কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি মাক-দেউতাকৰ সৈতে অহা বাটেৰে গুচি যায়। ৰতনী গুচি যােৱাত ৰতনীৰ বিৰহত ধনবৰ শােকাকুল হৈ পৰে। তেওঁ ৰতনীৰ স্মৃতি বুকুত সাৱটি বিলাপ কৰি থাকিল। তেওঁৰ মনৰ অৱস্থা ৰতনীয়ে বুজিলেও তাইৰ মাক-বাপেকে নুবুজিলে। ধনবৰে দেখিলে যে জাক পাতি বগলীবােৰে পাখিত পাখি লগাই উৰি ফুৰিছে। কিন্তু ধনবৰে ৰতনী অবিহনে উৰিব নােৱাৰে। পূৱৰ বতাহজাকে ধান গছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনবৰক শােকহে দি গ’ল। লুইতৰ বুকুত শিহুয়ে টুপাই বুৰ মাৰিলেও কিছুসময় পিছত আকৌ ওলাই দেখা দিয়ে।কিন্তু ৰতনী পুনৰাই উভতি নাহিল।\

লগতে পঢ়ক:   কুশল কোঁৱৰ Class 11 (নাটক) একাদশ শ্ৰেণী অসমীয়া

এইদৰে দুখ-শােকত ধনবৰৰ বুকু ভাগি পৰে। ৰতনী যেন ধনবৰৰ কালশতৰু হৈ পৰিল। ৰতনীৰ অনুপস্থিতিত ধনবৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহি অভিমান কৰি ৰতনীক পুনৰায় ঘূৰি আহিবলৈ বাধা দিলে। কাৰণ ধনবৰ ভিকহুৰো ভিকহু। অৱশেষত শােকত ম্রিয়মান হৈ ধনবৰে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ গ’ল।

২। “ধনবৰ আৰু ৰতনী” কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
উত্তৰ : ধনবৰ দিখৌমুখৰ এজন ডেকা আৰু ৰতনী হ’ল ধনশিৰিমুখৰ এজীন ষােড়শী গাভৰু। দুয়াে প্রেমিক-প্রেমিকা। কবিতাটিত ৰতনীয়ে ধনবৰক এৰি গুচি যােৱাত ধনবৰে বিচ্ছেদ বেদনাত শােকাকুল হৈ তলত দিয়া ধৰণে বিলাপ কৰিছে। ৰতনী নামৰ এজনী ষােড়শী গাভৰুয়ে এবাৰ মাক- দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰলৈ আহে। ইয়াতে ডেকা ধনবৰ আৰু যুৱতী ৰতনীয়ে পৰস্পৰে পৰস্পৰক ভাল পাবলৈ লয়। কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধন হৃদয় শূন্য কৰি মাক-দেউতাকৰ সৈতে অহা বাটেৰে গুচি যায়। ৰতনী গুচি যােৱাত ৰতনীৰ বিৰহত ধনবৰ শােকাকুল হৈ পৰে। তেওঁ ৰতনীৰ স্মৃতি বুকুত সাৱটি বিলাপ কৰি থাকিল। তেওঁৰ মনৰ অৱস্থা ৰতনীয়ে বুজিলেও তাইৰ মাক-বাপেকে নুবুজিলে। ধনবৰে দেখিলে যে জাক পাতি বগলীবােৰে পাখিত পাখি লগাই উৰি ফুৰিছে। কিন্তু ধনবৰে ৰতনী অবিহনে উৰিব নােৱাৰে। পূৱৰ বতাহজাকে ধান গছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনক শােকহে দি গ’ল। লুইতৰ বুকুত শিহুয়ে টুপাইবুৰ মাৰিলেও কিছুসময় পিছত আকৌ ওলাই দেখা দিয়ে। কিন্তু ৰতনী পুনৰাই উভতি নাহিল। এইদৰে দুখ-শােকত ধনবৰৰ বুকু ভাগি পৰে। ৰতনী যেন ধনবৰৰ কালশত হৈ পৰিল। ৰতনীৰ অনুপস্থিতিত ধনবৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহি অভিমান কৰি ৰতনীক পুনৰায় ঘূৰি আহিবলৈ বাধা দিলে। কাৰণ ধনবৰ ভিকহুৰৰ ভিকৎ। অৱশেষত শােকত স্রিয়মান হৈ ধনবৰে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ গ’ল। এইদৰে কবিতাটিৰ মাজেৰে ধনবৰৰ শােক আৰু বিলাপ অতি সকরুণ সুৰত প্রতিধ্বনিত হৈছে।

৩। ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ কিদৰে প্ৰকাশ ঘটিছে বর্ণনা কৰা।
উত্তৰঃ ৰতনী নামৰ এজনী যােড়শী গাভৰুয়ে এবাৰ মাক-দেউতাকৰ সৈতে ধনশিৰিমুখৰ ঘৰৰ পৰা দিখৌমুখলৈ উজাই আহি ধনবৰহঁতৰ ঘৰলৈ আহে। ইয়াতে ডেকা ধনবৰ আৰু যুৱতী ৰতনীয়ে পৰস্পৰে পৰস্পৰক ভাল পাবলৈ লয়। কিন্তু এদিন বুকুৰ মাধুৰী হৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূন্য কৰি মাক-দেউতাকৰ সৈতে অহা বাটেৰে গুচি যায়। ৰতনী গুচি যােৱাত ৰতনীৰ বিৰহত ধনবৰ শােকাকুল হৈ পৰে। তেওঁ ৰতনীৰ স্মৃতি বুকুত সাৱটি বিলাপ কৰি থাকিল। তেওঁৰ মনৰ অৱস্থা ৰতনীয়ে বুজিলেও তাইৰ মাক-বাপেকে নুবুজিলে। ধনবৰে দেখিলে যে জাক পাতি বগলীবােৰে পাখিত পাখি লগাই উৰি ফুৰিছে। কিন্তু ধনবৰে ৰতনী অবিহনে উৰিব নােৱাৰে। পূৱৰ বতাহজাকে ধান গছত ঠোক দি যায়, কিন্তু ৰতনীয়ে ধনবৰক শােকহে দি গ’ল। লুইতৰ বুকুত শিহয়ে টুপাই বুৰ মাৰিলেও কিছুসময় পিছত আকৌ ওলাই দেখা দিয়ে। কিন্তু ৰতনী পুনৰাই উভতি নাহিল। এইদৰে দুখ-শােকত ধনবৰৰ বুকু ভাগি পৰে। ৰতনী যেন ধনবৰৰ কালশত হৈ পৰিল। ৰতনীৰ অনুপস্থিতিত ধনবৰ ব্ৰহ্মপুত্ৰৰ পাৰত বহি অভিমান কৰি ৰতনীক পুনৰায় ঘূৰি আহিবলৈ বাধা দিলে। কাৰণ ধনবৰ ভিকহুৰো ভিকহু। অৱশেষত শােকত ম্রিয়মান হৈ ধনবৰে ব্ৰহ্মপুত্ৰৰ বুকুত আত্মজাহ গ’ল।

লগতে পঢ়ক:   ৰাজপথ Class 11 Assamese Lesson 15

৪। প্রসংগ সঙ্গতি দর্শাই ব্যাখ্যা কৰা:
(ক) গঙতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দুৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰ পৰা।
উত্তৰ : উদ্ধৃত কবিতাফাঁকি ‘সাহিত্য সৌৰভ’ৰ অন্তর্গত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে।
উক্ত কবিতাফাঁকিৰ মাজেৰে ৰতনীয়ে ধনবৰক এৰি গুচি যােৱাত ধনবৰৰ মনৰ শােক প্রকাশ পাইছে। প্ৰেমত বলিয়া হৈ ধনবৰে শােক কৰি কৈছে যে আকাশৰ ওপৰেদি পাখি মেলি উৰি যােৱা গঙা চিলনীবােৰ কিছুসময়ৰ বাবে দেখা দি অদৃশ্য হয়। আকৌ বালিৰ মাজত থকা পােক-পৰুৱাবােৰেও অলপ সময়ৰ বাবে দেখা দি পুনৰ তল যায়। সেইদৰে সুন্দৰী নাওৰ টিঙত উঠি অহা ৰতনীয়েও অলপ দিনৰ বাবে ধনবৰৰ ওচৰলৈ আহি হৃদয়ত প্রেমৰ জোঁৱাৰ তুলি পুনৰ চিৰদিনৰ বাবে গুচি যায়। এনেদৰে কবিতাফাঁকিৰ মাজেদি ধনবৰৰ প্রেম বিৰহৰ বিলাপ প্রকাশ পাইছে।

(খ) ফুটুকাৰ তলতে যখিনী ছােৱালী
টুকটুকচাপৰি বায়,
ধনাইৰ ছাঁতে ৰতনী নাই ঐ,
কোনে তাৰ মুখলৈ চায়।
উত্তৰ : উদ্ধৃত কবিতাফাঁকি সাহিত্য সৌৰভ’ৰ অন্তর্গত লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা ‘ধনবৰ আৰু ৰতনী’ নামৰ গীতি কবিতাটিৰ পৰা তুলি দিয়া হৈছে। কবিতাফাঁকিৰ মাজেদি ৰতনীয়ে ধনবৰক এৰি গুছি যােৱাত বিচ্ছেদ বেদনাত শােকাকুল হোৱা ধনবৰৰ বিলাপ প্রকাশ পাইছে। ৰতনীয়ে ধনশিৰিৰ মুখেৰে উজাই আহি দিখৌমুখৰ ধনবৰহঁতৰ ঘৰত কিছুদিন থকাত ধনবৰ আৰু ৰতনীৰ মাজত প্রেম হয়। কিন্তু কিছুদিন পিছত মা-দেউতাৰ লগত ধনবৰক এৰি ৰতনী গুচি যােৱাত ধনবৰ শােকত ম্রিয়মান হয়। তেওঁ ব্রহ্মপুত্র নদীৰ পাৰত বহি আপােন মনেৰে শােক কৰি থাকে। ফুটুকানি হাবিত যেন ভূত-প্রেত ৰূপী যখিনী ছোৱালীয়ে টুক-টুক হাত-চাপৰি বাই ফুৰা দেখিছে, কিন্তু ৰতনী নথকা বাবে তালৈ কাৰাে দৃষ্টি পৰা নাই।

Class 11 Assamese Lesson 12 question Answer

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়াঃ

(ক) ধনবৰ আৰু ৰতনীৰ প্ৰেমৰ অন্তৰায় কোন আছিল ?
উত্তৰ : ৰতনীৰ মাক-দেউতাক।

লগতে পঢ়ক:   বনকুঁৱৰী Class 11 Assamese Lesson 13 একাদশ শ্ৰেণী

(খ) পাৰত বহি কোনেকান্দি আছিল?
উত্তৰ : ধনবৰে।

(গ)কবিয়ে কাক ধনাইৰ ‘কাল শতৰু’ বুলি কৈছে?
উত্তৰ : ৰতনীক।

(ঘ) ধনবৰ আৰু ৰতনী’ কোন শ্রেণীৰ কবিতা?
উত্তৰ : ‘ধনবৰ আৰু ৰতনী’ কাল্পনিক মালিতা (আখ্যানমূলক গীতি কবিতা) শ্ৰেণীৰ কবিতা।

ঙ) লক্ষ্মীনাথ বেজবৰুৱাই কোনখন অসম সাহিত্য সভা অধিবেশনৰ সভাপতি হৈছিল?
উত্তৰ : অসম সাহিত্য সভাৰ ১৯২৪ চনৰ গুৱাহাটীঅধিবেশনৰ সভাপতি হৈছিল।

(চ) ৰতনীৰ ঘৰ ক’ত আছিল ?
উত্তৰ : ধনশিৰিৰ পাৰত।

(ছ) লক্ষ্মীনাথ বেজবৰুৱাৰ একমাত্র উপন্যাসখনৰ নাম কি?
উত্তৰ : পদুমকুঁৱৰী।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top