কুশল কোঁৱৰ Class 11 (নাটক) একাদশ শ্ৰেণী অসমীয়া

কুশল কোঁৱৰ
বিষয় অসমীয়া
পাঠৰ নামকুশল কোঁৱৰ (নাটক)
লেখক
উত্তম বৰুৱা
শ্ৰেণী একাদশ শ্ৰেণী
গােট- ৪নাটক
পাঠৰ নংঅধ্যায় 17
পাঠ্যক্ৰম (Syllabus)অসম মাধ্যমিক শিক্ষা পৰিষদৰ (AHSEC)

কুশল কোঁৱৰ Class 11 

প্রশ্ন-উত্তৰ 

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া :

(ক) কুশল কোঁৱৰ’ কোন শ্রেণীৰ নাটক?
উত্তৰ : বুৰঞ্জীমূলক নাটক।

(খ) কুশল কোঁৱৰ নামৰ নাটকখনৰ নাট্যকাৰজন কোন?
উত্তৰ : উত্তম বৰুৱা।

(গ) কুশল কোঁৱৰ কোন আছিল?
উত্তরঃ ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ এজন শহীদ আছিল।

(ঘ) কুশল কোঁৱৰৰ পিতৃৰ নাম কি আছিল?
উত্তৰ : সােণাৰাম কোঁৱৰ।

(ঙ) কুশল কোঁৱৰৰ মাতৃৰ নাম কি আছিল?
উত্তৰঃ কণপাহি।

(চ) সপ্তম শ্ৰেণীত পঢ়ি থাকোতে উত্তম বৰুৱাই ৰচনা কৰা পুথিখনৰ নাম কি?
উত্তৰ: “মহাপুৰুষৰ নামঘৰ।

(ছ) উত্তম বৰুৱাৰ প্রথম প্রকাশিত নাটকখনৰ নাম কি?
উত্তৰ: ‘বৰ মানুহৰ দোলা’ (১৯৬০)।

(জ) গােমধৰ কোঁৱৰ কোন আছিল ?
উত্তৰ: গােমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰি শ্বহীদ হােৱা প্ৰথমজন অসমীয়া সম্বন্ধত তেওঁ আছিল কুশল কোৱাৰৰ আজোককা।

(ঝ) কুশল কোঁৱৰে পত্নী প্ৰভাৱতীৰ চিলাই মেচিনটো কিয় বিক্ৰী কৰিছিল?
উত্তৰ : কংগ্ৰেছৰ ঋণ পৰিশােধ কৰিবলৈ।

(ঞ) বৈকুণ্ঠ বিহৰী সিং কোন আছিল?
উত্তৰ : এজন স্বাধীনতা বিপ্লৱী। তেওঁ বিহাৰৰ লােক আছিল।

(ট) কুশল কোঁৱৰে কেতিয়াৰ পৰা মাছ মাংস খাবলৈ এৰি দিছিল?
উত্তৰ : মহাত্মা গান্ধীক লগ পােৱাৰ পৰা।

(ঠ) কুশল কোঁৱৰে কাক গুৰু মানিছিল ?
উত্তৰ : মহাত্মা গান্ধীক।

(ড) কুশল কোঁৱৰ’ নাটকত উল্লেখ থকা চৰকাৰী উকিলজনৰ নাম কি আছিল ?
উত্তৰঃ দেৱেশ্বৰ শৰ্মা।

(ঢ) বালিজান চাহ বাগিছাৰ মালিক কোন আছিল?
উত্তৰ: বিশ্বেশ্বৰ শৰ্মা।

(ণ) ভাৰতবর্ষ ব্রিটিছে তৰােৱালৰ আগেৰে জয় কৰিছিল আৰু তৰােৱালৰ আগেৰেইভাৰত শাসন কৰিব কথাষাৰ কোনে কৈছিল।
উত্তৰ: মি. মর্লিয়ে কৈছিল।

(ত) কোনে কেতিয়া কেনেকৈ জালিৱানৱালাবাগ হত্যাকাণ্ডৰ প্রতিশােধ লৈছিল?
উত্তৰ : উধম সিং নামৰ এজন কুৰি বছৰীয়া বিদ্রোহীয়ে পঞ্জাৱৰ পৰা লণ্ডনলৈ গৈ ১৯৪০ চনত জেনেৰেল ডায়াৰক হত্যা কৰি প্রতিশােধ লৈছিল।

(থ) পুলিন বৰুৱা কোন জিলাৰ লােক আছিল ?
উত্তৰ :গােৱালপাৰা জিলাৰ ।

(দ) কুশল কোঁৱৰক কোনে বিশ্বাসঘাতকতা কৰিছিল ?
উত্তৰ : পুলিন বৰুৱাই।

(ধ) সৰু পথাৰৰ ৰেল দুর্ঘটনা কোন চনৰ কিমান তাৰিখে হৈছিল ?
উত্তৰ: ১৯৪২ চনৰ ৯ অক্টোবৰত।

(ন) বিপ্লৱীসকলে কোন ঠাইত ৰেল বগৰাইছিল?
উত্তৰ: সৰুপথাৰ ৰেল ষ্টেচনৰ ওচৰত থকা চাংপুলত।

(প) শিৱসাগৰ জিলাৰ ডেপুটি কমিচনাৰজনৰ নাম কি আছিল ?
উত্তৰ: মি. কেম্বল এনদ্ৰু হামফ্রে।

(ফ) কুশল কোঁৱৰৰ উকিলজনৰ নাম কি আছিল?
উত্তৰ ঃ তাৰা প্ৰসাদ বৰুৱা।

(ব) কুশল কোঁৱৰক কেতিয়া ফাঁচী দিয়া হৈছিল ?
উত্তৰ: ১৯৪২ চনৰ ১৩ জুন তাৰিখে।

২। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া :

(ক) ঐতিহাসিক নাটক কাক বােলে? এই বিধ নাটকৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰ : ইতিহাসৰ ঘটনা বা চৰিত্ৰক অৱলম্বন কৰি ৰচনা কৰা নাটকক ঐতিহাসিক নাটক’ বােলে। ঐতিহাসিক নাটকৰ দুটা বৈশিষ্ট্য হল –
(খ) ঐতিহাসিক নাটকৰ কাহিনীৰ লগতে মূল নায়কজন ইতিহাসৰ পৰা লােৱা হয়।
(গ) এনে নাটকত যুগসাপেক্ষে পৰিবেশ সৃষ্টি কৰা হয়।

লগতে পঢ়ক:   এভাৰেষ্টৰ সপােন আৰু বিভীষিকা Class 11 প্রশ্ন-উত্তৰ Lesson 8

(ঘ) কুশল কোঁৱৰৰ মাতৃ আৰু পত্নীৰ নাম লিখা।
উত্তৰ: কুশল কোঁৱৰৰ মাতৃৰ নাম কণপাহি আৰু পত্নীৰ নাম আছিল প্ৰভাৱতী।

(ঙ) সৰু পথাৰ ৰেল দুর্ঘটনা আপােনালােকৰ কংগ্রেছ ভুলন্টিয়াৰে কৰিছে। আপােনাৰ নামত ৱাৰেন্ট আছে।’ ——-কোনে কাক এইষাৰ কথা কৈছিল।
উত্তৰ: উক্ত কথাষাৰ ডাৰােগাই কুশল কোঁৱৰক কৈছিল।

(চ) দেউতা আমি নিমাখিত প্রাণী। আমি ঠায়ে ঠায়ে। গীত পদ গাই সিকিটো-আদলিটো লৈ পেট প্ৰৱর্তাই আছে। য’তে ৰাইজে মাতেঃ তালৈকে আমি যাওঁ হক। আৰু গাওঁ। কথাষাৰ কোনে কাক কৈছিল?
উত্তৰ: কথাষাৰ কুশল কোঁৱৰ নাটকৰ ওজা নামৰ চৰিত্ৰ এটাই ডাৰােগাক কৈছিল।

(ছ) ‘সেয়ে মই কৈছোঁ, গোম সাপৰ বংশ তেজে তেজক খেদে। বজা কলৰ গুৰিয়েদি ক’ত মালভােগ কল ওলাব ছাৰ।’ কথাষাৰ কোনে কাক কৈছিল?
উত্তৰ: কুশল কোঁৱৰৰ পৰিচয় দিয়া প্রসংগত কথাষাৰ গাওঁবুঢ়াই ডাৰােগাক কৈছিল।

(জ) ‘আমাৰ উপৰি পুৰুষে দেশৰ স্বাধীনতাৰ বাবে যুঁজি গৈছে— যুগমীয়া নাম ৰাখি গৈছে। যিজনক স্বাধীনতা যুঁজৰ বাটকটীয়া বুলি আজিও মানুহে শিৰ দোঁৱায়।’ ইয়াত কোনে কাৰ বিষয়ে কৈছে?
উত্তৰ : ইয়াত কুশল কোঁৱৰে তেওঁৰ পূৰ্বপুৰু গােমধৰ কোঁৱৰৰ বিষয়ে কৈছে – যিজনে ১৮২৮ চনত ইংৰাজ শাসনৰ বিৰুদ্ধে বিপ্লৱ কৰি শ্বহীদ হৈছিল।

(ঝ) গীতাই মােৰ সান্ত্বনা প্রভাই মােৰ আশ্রয় : গান্ধীয়ে মােৰ আদর্শ।’ কথাষাৰ কোনে কি প্ৰসংগত কৈছিল ?
উত্তৰ: কুশল কোঁৱৰে চাহ বাগিছাৰ কেৰানী চাকৰি বাদ দি মহাত্মা গান্ধীৰ গুৰু মানি স্বাধীনতা আন্দোলন যােগ দিয়াত তেওঁৰ পত্নী প্ৰভাৱতীয়ে পৰিয়ালৰ বিষয়ে ভাৱিবলৈ কোৱাত কুশল কোঁৱৰে উক্ত কথাষাৰ কৈছিল।

(ঞ)‘পাৰিম বংশৰ দেউ মােৰ স্বামী দেৱতাতকৈ মেচিন ডাঙৰ নহয়। মােৰ দেশতকৈ স্বামীও ডাঙৰ নহয়। দেশেই মােৰ ঘৰ। কথাষাৰ কোনে কাক কৈছিল?
উত্তৰ: কোশল কোঁৱৰে কংগ্ৰেছৰ ঋণ পৰিশােধ কৰিবলৈ পত্নীৰ চিলাই মেচিনটো বিক্ৰী কৰিব খােজাত প্রভাৱতীয়ে উক্ত কথাষাৰ কৈছিল।

(ট) ‘বনৰ চৰাই সজাত সুমুৱাই ৰাখি বিনন্দীয়া বস্তু খাবলৈ দিলেও উৰি যাবলৈ অহৰহ চেষ্টা কৰে। মােৰাে মনটো চাকৰিত নবহে-ঘৰতাে নবহে।’—কথাষাৰ কোনে কি প্ৰসংগত কৈছিল?
উত্তৰ: কুশল কোঁৱৰে চাহ বাগিছাৰ কেৰাণীৰ চাকৰিটো এৰি ঘৰলৈ ঘূৰি অহাৰ পিছত তেওঁৰ পত্নী প্রভাৱতীয়ে ইয়াৰ কাৰণ সুধাত কুশল কোৱৰে তেনেদৰে কৈছিল।

(ঠ) বৃটিছৰ তলত চাকৰি কৰি নিজৰ ব্যক্তিত্ব বিসর্জন দিলি। ভাৰতৰ নাৰীৰ সতীত্ব লৈ বৰধেমালি পাতিলি। সমাজৰ নেওচা খােৱাহঁতৰ বাবেই মিলিটাৰীয়ে আসৈ পালে–গাওঁ গচকিলে —বৰঘৰ সােমালে।’ —কথাষাৰ কোনে কাক কৈছিল?
উত্তৰ: কুশল কোঁৱৰ নাটকৰ গাভৰু নামৰ এটি চৰিত্ৰই উক্ত কথাষাৰ গাওঁবুঢ়াক উদ্দেশ্যি কৈছিল।

(ড)…….মােৰ সাধনা পূর্ণ হৈছে। মই মহাপুৰুষ মহাত্মাৰ চৰণ ছুই, দেশৰ বাবে জীৱন বিসর্জন দিয়াৰ যি পৱিত্ৰ কামনা কৰিছিলোঁ -ভগৱানে তাক পূর্ণ কৰিছে। ……যােৱাগৈ সুখদুখ সকলাে ভগৱানৰ দান বুলি গ্রহণ কৰিবা।” – কথাষাৰ কোনে কাক কৈছিল।
উত্তৰ: সৰু পথাৰ ৰেল ষ্টেচনত ৰেল বগৰােৱা কার্যত অভিযুক্ত হৈ কাৰাগাৰত বন্ধী হৈ থকা কুশল কোঁৱৰক দেখা কৰিবলৈ যােৱা পত্নী প্ৰভাৱতীক উদ্দেশ্যি কুশল কোঁৱৰে উক্ত কথাষাৰ কৈছিল।

(ঢ) ৰেল লাইন বগৰাবলৈ বৈকুন্ঠ সিঙৰ তালিকা মতে কি কি বস্তু যােগাৰ কৰিছিল ?
উত্তৰঃ ৰেল লাইন বগৰাবলৈ বৈকুণ্ঠ সিঙে তৈয়াৰ কৰা তালিকা মতে যােগাৰ কৰা বস্তুবােৰ হ’ল – চাবুল, এপাট, হাতুৰী চাৰিটা, জেংকোৰ দুইখন, ৰেন্স চাৰিখন, তাঁৰ কটা কেচি দুইখন, নাৰিকলৰ জৰী দুই মুঠি,কেৰাচিন তেলৰ টিন দুইটা আদি।

লগতে পঢ়ক:   বিয়াৰ প্রেজেন্ট Class 11 চুটিগল্প {প্রশ্ন-উত্তৰ} – চৈয়দ আব্দুল মালিক

(ণ) স্বাধীনতা পােৱাৰ বাবে আমি আটায়ে ত্যাগ স্বীকাৰ কৰিছোঁহংক। স্বাধীনতা পােৱাৰ পাছতো যেন আমি ত্যাগী হৈ থাকিব পাৰোঁ। – ভােগী হ’বলৈ যেন হারিয়াস নকৰোঁ। এয়ে মােৰ বাণী—-এয়ে মিনতি।’—কথাষাৰ কোনে কি প্রসংগত কৈছিল?
উত্তৰ : ফাঁচীৰ হুকুম প্রাপ্ত কুশল কোঁৱৰক কাৰাগাৰত বন্ধী হৈ থকা অৱস্থাত তেওঁক চাবৰ কাৰণে যােৱা পত্নী প্রভাৱতীয়ে বিদায় পৰত কিবা এষাৰ বাণী দি যাবলৈ অনুৰােধ কৰাত কুশল কোঁৱৰে উক্ত কথাষাৰ প্রভাৱতীক কৈছিল।

(ত) কি হ’ল গান্ধীৰ বৰপুত্র। তাক দেশে খুৱাব। তােক মােকতাে দেশে নুখুৱায়।’—কথাষাৰ কোনে কাৰ আগত কৈছিল ?
উত্তৰ: কুশল কোঁৱৰৰ পিতৃ সােণাৰাম কোঁৱৰে নিজ পুত্ৰৰ বিষয়ে পত্নী কণপাহিৰ আগত উক্ত কথাষাৰ কৈছিল।

(থ) ‘কোনে কয় – কোনে কয়—মূলা গাভৰুৰ মৃত্যু হৈছে – জয়মতীৰ মৃত্যু হৈছে ৰমণী গাভৰুৰ মৃত্যু হৈছে—-জননী জন্মভূমিশ্চ স্বর্গাদপী গৰীয়সী।’—কোনে কি প্ৰসংগত উক্ত কথাফাঁকি কৈছিল?
উত্তৰ: কংগ্ৰেছৰ ঋণ পৰিশােধ কৰাৰ বাবে কুশল কোঁৱৰে পত্নী প্রভাৱতীক চিলাই মেচিনটো বিক্ৰী কৰাৰ প্রস্তাৱ আগবঢ়োৱাত প্ৰভাৱতীয়ে নিঃসংকোচে মান্তি হােৱাত উক্ত কথাষাৰ কুশল কোঁৱৰে পত্নী প্ৰভাৱতীক উদ্দেশ্যি কৈছিল।

(দ) ফাঁচীৰ হুকুম প্রাপ্ত কুশল কোঁৱৰে কাৰাগাৰত দেখা কবিলৈ যােৱা পত্নী প্রভাৱতীক কি বুলি সান্ত্বনা দিছিল?
উত্তৰ: কুশল কোঁৱৰক দেখা কৰিবলৈ যােৱা পত্নী প্ৰভাৱতীক তলত দিয়া উক্তি কেইষাৰৰ দ্বাৰা সান্ত্বনা দিছিল
“এইয়া ঈশ্বৰৰ ইচ্ছ। আমি সকলােৱেই তেওঁৰ ইচ্ছামতে চলিছোঁহক। তেৱেঁ যি ভাল দেখে সেয়ে হব। ইয়াত দুখ কৰিব লগা একো নাই। তদুপৰি মােৰ সাধনা পূর্ণ হৈছে, মই মহাপুৰুষ মহাত্মাৰ চৰণ ছুই, দেশৰ বাবে জীৱন বিসর্জন দিয়াৰ যি পৱিত্র কামনা কৰিছিলোঁ ভগৱানে তাক পূর্ণ কৰিছে।”

ধ) ১৯০৭ চনত পার্লামেন্টত ভাৰতৰ ষ্টেট চেকৰেটাৰী মি. মর্লি চাহাবে কি কৈছিল?
উত্তৰ: ১৯০৭ চনত পার্লামেন্টত ভাৰতৰ ষ্টেট চেকৰেটাৰী মি. মর্লি চাহাবে কৈছিল, ‘ ভাৰতবর্য বৃটিছে তৰােৱালৰ আগেৰে জয় কৰিছিল আৰু তৰােৱালৰ আগেৰেই ভাৰত শাসন কৰিব। ভাৰতবাসীৰ যদি ক্ষমতা আছে তেন্তে তেওঁলােকে বজ্ৰ মুঠিৰে তৰােৱাল ধৰি ভাৰতবৰ্ষ স্বাধীন কৰক—-উদ্ধাৰ কৰক বিনা ৰক্তপাতে স্বাধীনতা দিয়া নহ’ব।

(ন) গাওঁবুঢ়াই কি কি প্রলােভন দি পুলিন বৰুৱাৰ মন পৰিৱৰ্তন কৰি কোশল কোঁৱৰক বিশ্বাসঘাতকতা কৰাত সহায় কৰিছিল?
উত্তৰঃ সৰু পথাৰ ৰেলষ্টেচনত ৰেল বগৰােৱা কার্যত জড়িত বিপ্লৱীসকলক ধৰাই দিলে পুলিনে মৌজাদাৰৰ পদবী পাব বুলি গাওঁবুঢ়াই প্রলােভন দিছিল। সেই অনুসাৰে পুলিনে বিশ্বাসঘাতকতা কৰি কুশল কোঁৱৰৰ বিৰুদ্ধে ৰাজ সাক্ষী হৈছিল।

কুশল কোঁৱৰ Class 11

১। তলত দিয়া প্রশ্নবােৰৰ চমু উত্তৰ দিয়া:

(ক) কুশল কোঁৱৰ কোন আছিল? নাটকখনৰ আধাৰত তেওঁৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উত্তৰঃ কুশল কোঁৱৰ আছিল অসমৰ এজন স্বাধীনতা বিপ্লৱী। নাট্যকাৰ উত্তম বৰুৱাই ৰচনা কৰা ‘কুশল কোঁৱৰ’ নামৰ নাটকখনৰ প্রধান চৰিত্ৰ হৈছে কুশল কোৱাৰ। নাটক্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত স্বদেশপ্রেমিক,গান্ধীবাদী আদর্শ বিপ্লৱী হিচাপে চিত্রিত কৰিছে। ল’ৰালি কালৰ পৰাই কুশল কোঁৱৰ অতি সাহসী আৰু স্পষ্টবাদী আছিল। চৈধ্য বছৰ বয়সতে তেওঁ ওজাপালি অনুষ্ঠান এটিত ওজাপালি দলক মাৰপিট কৰা দাৰােগা এজনৰ হাতৰ পৰা লাঠিডাল কাঢ়ি লৈ ভাঙি পেলাইছিল। আকৌ এবাৰ তেওঁ উইলচন নামৰ ইংৰাজ বিষয়া এজনক জোতাৰে মাৰিবলৈ উদ্ধত হৈছিল। ১৯২১ চনত হােৱা অসহযােগ আন্দোলনতাে তেওঁ গান্ধীজীক গুৰু মানি দেশসেৱাত আত্মনিয়ােগ কৰে। আইন অমান্য আন্দোলনৰ সময়ত দেউতাকে তেওঁক আন্দোলনত যােগ নিদি লিখা-পঢ়াত মনােযােগ দিবলৈ কোৱাত কুশল কোঁৱৰে কৈছিল: মই অসহযােগ আন্দোলনত যােগ দিম।কংগ্ৰেছত আমি ছাত্ৰসকলে নাম লিখিছোঁ। মােৰ মনত মহাত্মা এগৰাকী বিৰাট পুৰুষ। তেখেত মােৰ গুৰু। উক্ত কথাষাৰে প্রমাণ কৰে তেওঁ পৰিপূৰ্ণভাৱেই এজন গান্ধীবাদী বিপ্লবী আছিল।

১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত চাহ বাগিছাৰ কেৰানীৰ চাকৰি এৰি বিপ্লৱত জপিয়াই পৰিছিল। সেই সময়ত কিছুমান বিপ্লৱী গান্ধীজীৰ অহিংস আদৰ্শৰ পৰা স্খলিত হৈ আন্দোলনত হিংসাৰ আশ্রয় লােৱাত কুশল কোঁৱৰে বিৰােধিতা কৰিছিল। সৰু পথাৰত সংগটিত কৰা ৰেল দুর্ঘটনাত তেওঁ জড়িত নাছিল যদিও পুলিন বৰুৱা নামৰ এজন লােকৰ মিছা সাক্ষীত কুশল কোঁৱৰ দোষী সাব্যস্ত হয়। পিছত ১৯৪৩ চনত ইংৰাজে তেওঁক ফাঁচী দি হত্যা কৰে। কুশল কোঁৱৰে তেওঁৰ শেষ বাণী হিচাপে কোৱা কথাকেইৰ আছিল — দেশৰ কাৰণে, দেশৰ কোটি কোটি জনতাৰ মুক্তিৰ বাবে মই নিজৰ জীৱন দিয়েই পূজা কৰি
গলো। এইদৰে নাট্যকাৰে কুশল কোঁৱৰক এজন প্রকৃত দেশপ্রেমিক, স্পষ্টবাদী, সাহসী আৰু গান্ধীবাদী বিপ্লৱী নেতা হিচাপে নাটকখনত অংকিত হৈছে।

লগতে পঢ়ক:   কে’ম্ব্রিজৰ শিক্ষাব্যৱস্থা আৰু শিক্ষানুষ্ঠান Class 11 Assamese Lesson 6

(খ) কুশল কোঁৱৰক কিয় ফাঁচীৰহুকুম দিয়া হৈছিল? চমুকৈ লিখা।
উত্তৰ: কুশল কোঁৱৰ অসমৰ এজন স্বাধীনতা বিপ্লৱী আছিল। তেওঁ চৈধ্য বছৰ বয়সৰ পৰাই ইংৰাজ শাসনৰ বিৰুদ্ধে স্বাধীনতা আন্দোলন আৰু কংগ্ৰেছৰ সংগঠনৰ কামত নিজকে আত্ম নিয়ােগ কৰে৷ দেশৰ হকে তেওঁ নিজৰ লিখা- পঢ়া আৰু বালিজান চাহ বাগিছাৰ কেৰানীৰ চাকৰি পদৰ পৰাও ইস্তফা দিয়ে।
১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত কিছুমান কংগ্ৰেছ নেতা আৰু কৰ্মীয়ে গান্ধীজীৰ অহিংস নীতিৰ পৰা ফালৰি কাটি নেতাজী সুভাষ চন্দ্র বসুৰ আদৰ্শৰে উদ্বুদ্ধ হৈ সশস্ত্র পন্থা অৱলম্বন কৰে। সিহঁতে ১৯৪২ চনৰ ৯ অক্টোবৰ তাৰিখে সৰুপথাৰ ৰেল ষ্টেচনৰ চাংপুলত ৰেললাইন খুলি ইংৰাজসেনা কঢ়িয়াই অনা এটি ৰেল বগৰাই পেলায়।কুশল কোঁৱৰে এই সশস্ত্র দুষ্কাৰ্যৰ বিৰােধিতা কৰিছিল। কিন্তু গাওঁবুঢ়া, পুলিন আৰু তেওঁৰ কেইজনমান সতীর্থৰ ষড়যন্ত্রত ব্রিটিছে তেওঁক সৰুপথাৰ ৰেল দুর্ঘটনাৰ মূল অপৰাধী সজাই ১৯৪৩ চনৰ ৬ মার্চ তাৰিখে যােৰহাট জেলত কুশল কোঁৱৰক ফাঁচী দিয়ে।

(গ) ‘কুশল কোঁৱৰ ‘নাটকৰ পুলিন বৰুৱাৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উত্তৰঃ পুলিন বৰুৱা ‘কুশল কোঁৱৰ ‘নাটকখনৰ এক উল্লেখযােগ্য চৰিত্র। নাটকখনত তেওঁ এজন স্বার্থান্বেষী, দেশদ্রোহী, বিশ্বাসঘাতক আৰু ইংৰাজৰ বহতীয়া গােলাম হিচাপে অংকিত হৈছে। পুলিন বৰুৱা আচল ঘৰ আছিল গােৱালপাৰাত। তেওঁ সৰু পথাৰৰ এজনী ছােৱালী বিয়া কৰাই তাতে থাকিবলৈ লয়। তেওঁ স্বাধীনতা আন্দোলনৰ এজন কর্মী হিচাপে যােগদান কৰে আৰু চাংপুঙত ৰেল বগৰােৱা কার্যত জড়িত হয়। কিন্তু তেওঁ ভিতৰি ভিতৰি ইংৰাজৰ বহতীয়া হৈ কাম কৰিছিল। ৰেল লাইনৰ ফিৰপ্লেট খুলি থকা সময়ত তেওঁ হঠাৎ সতীর্থসকলক এৰি গৈছিল। আনকি ৰেল বগৰােৱাৰ পিছত তেওঁ বিদ্রোহীসকলৰ লগ এৰিছিল। গাওঁবুঢ়াই তেওঁৰ ভয়াতুৰ স্বভাৱৰ সুবিধা গ্রহণ কৰে আৰু চৰকাৰী চাকৰিৰ লােভ দেখুৱাই ইংৰাজৰ ফলীয়া হৈ কুশল কোঁৱৰৰ বিৰুদ্ধে সাক্ষী দিবলৈ প্ৰভাৱিত কৰে। গাওঁবুঢ়াৰ দিহা মতে পুলিনে আদালতত কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা সাক্ষী দিয়ে। ফলত ইংৰাজে কুশল কোঁৱৰক ফাঁচী দি হত্যা কৰে। এইদৰে নাটকটোত পুলিন বৰুৱা এজন বিশ্বাসঘাতক আৰু দেশদ্রোহী চৰিত্ৰ হিচাপে অংকিত হৈছে।

(ঘ) কুশল কোঁৱৰ নাটকৰ বৰমুখী গাওঁবুঢ়াৰ চৰিত্ৰটো বিশ্লেষণ কৰা।
উত্তৰ: কুশল কোঁৱৰ নাটকখনৰ এটি উল্লেখযােগ্য চৰিত্ৰ হৈছে বৰমুখী গাওঁবুঢ়া। তেওঁ বালিজান অঞ্চলৰ লােক আছিল। নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে তেওঁ দেশ আৰু স্বজাতিৰ বিৰুদ্ধে গৈ ইংৰাজৰ গােলাম হিচাপে কাম কৰিছিল। কুশল কোঁৱৰক চাংপুলত সংঘটিত হােৱা ৰেল দুর্ঘটনাৰ মূল নায়ক হিচাপে সজাই ফাঁচী কাঠত ওলমােৱা কার্যত গাওঁবুঢ়াজনৰ বিশেষ ভূমিকা আছে। তেওঁ পুলিন বৰুৱা নামৰ এজন লােকক চাকৰিৰ প্রলােভন দি কোশল কোঁৱৰৰ বিৰুদ্ধে সাক্ষী দিয়াইছিল।মুঠতে নাটকখনত গাওঁবুঢ়াজনক এজন স্বার্থান্বেষী, জাতিদ্রোহী,বিশ্বাসঘাতক চৰিত্ৰ হিচাপে অংকিত হৈছে।

(ঙ) কুশল কোঁৱৰ নাটকৰ মি. কেম্বল এদ্ৰুৰু হামফ্রে চৰিত্ৰটো বিশ্লেষণ কৰা।
উত্তৰ: মি. কেম্বল এদ্ৰুৰু হামফ্রে ভাৰত ত্যাগ আন্দোলনৰ সময়ছােৱাত শিৱসাগৰ জিলাৰ ডেপুটি কমিছনাৰ আছিল। আগতে তেওঁ কামৰূপ জিলাৰ ডেপুটি কমিছনাৰ আছিল আৰু সেই সময়ত এক ছাত্র আন্দোলন কঠোৰ হাতেৰে দমন কৰিছিল। তেওঁ ইংৰাজসকলৰ এক প্রতিনিধিস্বৰূপ চৰিত্ৰ । অসমত ইংৰাজ শাসন দৃঢ় কৰাৰ বাবে তেওঁ যথেষ্ট ভূমিকা গ্রহণ কৰিছিল। তেওঁ গাওঁবঢ়াৰ হতুৱাই পুলিন বৰুৱাক কুশল কোঁৱৰৰ বিৰুদ্ধে মিছা সাক্ষী দিয়াইছিল। ফলস্বৰূপে কুশল কোঁৱৰ মিছা অভিযােগত ফাঁচী কাঠত শহীদ হ’ব লগা হৈছিল।

কুশল কোঁৱৰ’ কোন শ্রেণীৰ নাটক?

উত্তৰ : বুৰঞ্জীমূলক নাটক।

কুশল কোঁৱৰ নামৰ নাটকখনৰ নাট্যকাৰজন কোন?

উত্তৰ : উত্তম বৰুৱা।

গােমধৰ কোঁৱৰ কোন আছিল ?

উত্তৰ: গােমধৰ কোঁৱৰ আছিল ইংৰাজৰ বিৰুদ্ধে বিদ্রোহ কৰি শ্বহীদ হােৱা প্ৰথমজন অসমীয়া সম্বন্ধত তেওঁ আছিল কুশল কোৱাৰৰ আজোককা।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top