মুক্তি মঙ্গল ভটিমা Class 10
মুক্তি মংগল ভটিমা কবিতাৰ মূল ভাব লিখা
মূলভাব : শ্ৰীকৃষ্ণৰ মহিমা বর্ণন আৰু তেওঁৰ চৰণত শৰণ লৈ মুক্তি মংগলৰ বিধানেই কবিতাটোৰ মূলভাব। ভক্তপ্রাণ কবি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্রীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈ বিভিন্ন দুষ্ট-দান, অসুৰক নিধন কৰি ভকতসকলক উদ্ধাৰ কৰালৈকে কৃষ্ণৰ শিশুলীলাৰ বর্ণনা কৰি ভগৱান শ্রীকৃষ্ণৰ সর্বশ্রেষ্ঠতা প্রতিপন্ন কৰাৰ মাজেদি ভক্তপ্ৰাণ ৰাইজক প্রকৃত ভক্তিতত্বৰ জ্ঞান দিছে। ভগৱান পৰমেশ্বৰ নিগুণ-নিৰাকাৰ। কিন্তু জগতত পাপ আৰু পাপীৰ মাত্রা অত্যধিক বৃদ্ধি হ’লে সেই পাপ আৰু পাপীৰ নিবাৰণৰ বাবে তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰি নিজৰলীলা দেখুৱাই দুষ্টক দমন আৰু শাক পালন কৰে। কৃষ্ণ উগৱান পৰমেশ্বৰৰে এনে এক সাকাৰ ৰূপ।
ভক্তপ্রাণ কবিয়ে কৃষৰ শিশুলীলাৰ বৰ্ণনা দি কৈছে যে কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লভি অঘাসুৰ, বকাসুৰ, কেশী, অৰিষ্ট, শংখচুড় আদি অসুৰক বধ কৰিছিল। মােমায়েক দুষ্ট কংসক বধ কৰি ভকতসকলক উদ্ধাৰ কৰিছিল। তেৱেঁই বিষধৰ কালি নাগক দমন কৰি ৰমণ দ্বীপলৈ নির্বাসন দিছিল, যেতিয়া কালিনাগৰ বিষে বিষাক্ত কৰি তােলা যমুনা হৃদৰ জল পান কৰি গােপশিশু আৰু গৰু-গাইসমূহ মৃত্যু মুখত পৰিছিল। এইদৰে কৃষ্ণই দুষ্টক দমন কৰি শাস্তক পালন কৰে, সেয়ে কবিয়ে এইজনা জগতগুৰু প্ৰভু ভগৱস্ত শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমর্পণ কৰি সমূহ ৰাইজৰ মুক্তি-মংগল কামনাৰ অৰ্থে প্রার্থনা কৰিছে। যিজনা কৃষই বৃন্দাবনত মহাসুখে বিহাৰ কৰিছিল, যমুনাৰ জলত ৰাতি গােপীসকলৰ লগত জলকেলি কৰিছিল; সেইজনা কৃষ্ণ ভগৱস্তকে কবিয়ে ‘দেৱৰ দেৱ’ বুলি কৈছে।তেঁৱেই পাপক গুৰিৰে পৰা সমুলঞ্চে উভালি পাপীসকলক সকলাে পাপৰ পৰা মুক্ত কৰে। ভক্তসকলৰ জীৱনৰ সকলাে দুখ-দুর্দশা বিমােচন কৰি, তেওঁলােকৰ মুক্তি-মংগলৰ বিধান কৰে। তেওঁৰ নাম শুনিলে নীচ-অধম, ব্যাস চন্দালৰ পৰা ঋষি-মুনিলৈ সকলে একাকাৰ হৈ পৰে। তেওঁ এই বিশ্ব ব্রহ্মাণ্ডৰ সকলােৰে ঊর্ধ্বত, তেওঁৰ বিনে আন একো নাই। তেৱেই পুণ্যক সঞ্চিত কৰি কলিকালৰ পাপসমুহ ধ্বংস কৰে, সেয়ে কবিয়ে সকলাে ত্যাগ কৰি ভক্তিভাৱেৰে প্ৰভু ভগৱন্ত শ্রীকৃৰ চৰণত আত্মসমর্পণ কৰি সকলােকে মুক্তি মংগল বিধানৰ অর্থে প্রার্থনা কৰিবলৈ উপদেশ দিছে।
লগতে পঢ়ক: বৰগীত
মুক্তি মঙ্গল ভটিমা Class 10
পাঠভিত্তিক প্রশ্নোত্তৰ
চমুকৈ উত্তৰ দিয়া
(ক) দৈৱকী উদৰে উদয় যােহি দেৱা – ইয়াত ‘যােহি দেৱা বুলি কাক কৈছে?
উঃ। ইয়াত ‘যােহি দেৱা বুলি দৈৱকীনন্দন শ্রীকৃষ্ণৰ কথা কোৱা হৈছে।
(খ) কংসক ধ্বংসল প্রাণ – কংসৰ প্রাণ কোনে ধ্বংস কৰিলে ?
উঃ কংসৰ প্ৰাণ শ্রীকৃষ্ণই ধ্বংস কৰিলে।
(গ) শঙ্খচুড়ক কোনে বধ কৰিছিল?
উঃ শঙ্খচুড়ক শ্রীকৃষ্ণই বধ কৰিছিল।
(ঘ) শ্ৰীৰাম ৰাইৰ প্রকৃত নাম কি?
উঃ শ্ৰীৰাম ৰাইৰ প্রকৃত নাম জগতানন্দ।
(ঙ) দেৱতাৰ ভিতৰত কাক শ্রেষ্ঠ বুলিছে?
উঃ দেৱতাৰ ভিতৰত মাধৱক অর্থাৎ শ্রীকৃষ্ণক শ্রেষ্ঠ বুলি কৈছে।
(চ) ভটিমাটি কোনখন নাটৰ অন্তৰ্গত?
উঃ ভটিমাটি শ্ৰীমন্ত শংকৰদেৱৰ কালিয় দমন’ নাটৰ অন্তৰ্গত।
(ছ) মুক্তিমঙ্গল ভটিমা কোনে পাঠ কৰে?
উঃ সংস্কৃত নাটকত নাটকৰ প্ৰধান চৰিত্ৰই মুক্তি মংগল ভটিমা পাঠ কৰে। আনহাতে, অংকীয়া নাটত সূত্ৰধাৰ আৰু সহযােগীসকলে মুক্তিমংগল ভটিমা পাঠ কৰে
(জ) ভটিমাটিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰকেইটাৰ নাম লিখ।
উঃ ভটিমাটিত উল্লেখ কৰা অনুসৰি কৃষ্ণই বধ কৰা অসুৰকেইটাৰ নাম হ’ল অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, কেশী, অৰিষ্টক, শঙ্খচূড় আদি।
সােহি জগত গুৰু তেৰি সততে কৰু
মুকুতি মংগল বিধান—
জগত গুৰু বুলি কাক কৈছে? জগতগুৰু জনাৰ গুণানুকীৰ্তন ভটিমাটিত কেনেদৰে কৰা হৈছে তােমাৰ কথাৰে লিখা।
উঃ ভটিমাটিত জগত গুৰু বুলি দৈৱকী-নন্দন শ্রীকৃষক কোৱা হৈছে। ভটিমাটিত কবিয়ে জগত গুৰুজনাৰ ঐশ্বৰিক মাহাত্ম্য তথা শক্তিৰ গুণানুকীর্তন কৰি কেনেদৰে শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰি অতি বলৱান অসুৰ অঘ, বক, ধেনুক, কেশী আদিক সবংশে ধ্বংস কৰিছে তাৰ বৰ্ণনা কৰিছে। শ্রীকৃষ্ণই মােমায়েক কংসক নিধনৰ দ্বাৰা প্ৰজাসকলক অত্যাচাৰৰ পৰা মুক্ত কৰি মথুৰাত শান্তি স্থাপন কৰিছে। অৰিষ্টক আৰু মল্লযােদ্ধা মুষ্টিক মােহাৰি বীৰত্ব প্রদর্শন
কৰিছে। পাপ আৰু পাপীক সমূলঞ্চে গুৰিৰ পৰা উঘালি পেলাইছে। সেয়ে তেওঁৰ নাম শুনিলে নীচ, চণ্ডাল, ব্যাধ, ঋষি মুনি সকলে একে সমান হৈ পৰে বুলি কবিয়ে শ্ৰীকৃষ্ণৰ গুণগান কৰি নিজৰ কৃষ্ণচুক্তি ব্যক্ত কৰিছে। শেষত সকলােকে লােভ, মােহ, হিংসা ত্যাগ কৰি শ্ৰীকৃষ্ণৰ পদযুগলত শৰণ ল’বলৈ কৈছে।
ব্যাখ্যা কৰা মুক্তি মঙ্গল ভটিমা
(ক) দৈৱকী উদৰে উদয় যােহি দেৱা
কয়লি ভকতক ত্রাণ।
অঘৰক ধেনুক কেশী সবংশ
কংসক ধবংসল ত্রাণ।।
সংগতি ঃ উদ্ধৃত পদফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুবাস’ৰ অন্তর্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘মুক্তি মংগল’ ভটিমাটোৰ পৰা লােৱা
হৈছে।
প্রসংগঃ উক্ত পদফাকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্রীকৃষ্ণই কেনেদৰে দৈৱকীৰ গৰ্ভত জন্মি অঘাসুৰ, বকাসুৰ, ধেনুক, কেশী আৰু কংসক বধ কৰি ভকতক উদ্ধাৰ কৰিছে তাকেই প্রকাশ কৰিছে।
ব্যাখ্যা ঃ ভগৱান শ্রীকৃষ্ণই পৃথিবীবাসীক পাপ আৰু পাপীসকলৰ কবলৰ। পৰা মুক্ত কৰিবলৈ নৰৰূপে দৈৱকীৰ গৰ্ভত জন্ম লৈছিল। মথুৰাত দুষ্ট কংসৰ দমন উৎপীড়ন বৃদ্ধি হােৱত দৈৱকী গৰ্ভত ভগৱান বিষ্ণুৰ জন্ম হ’ব। বুলি দৈৱবাণী হােৱাৰ পাছত কংসই বাসুদেৱ আৰু দৈৱকীক বন্দী কৰি ৰাখে যদিও শ্ৰীকৃষ্ণৰ জন্ম হয় আৰু গকুলৰ নন্দ-যশােদাৰ গৃহত শ্রীকৃষ্ণ ডাঙৰ-দীঘল হয়। এই কথা জানিব পাৰি কংসই কৃষক বধিবলৈ অঘাসুদ, বকাসুৰ, ধেনুক কেশী আদি দৈত্যক পঠায়। কিন্তু শিশু শ্রীকৃষ্ণই আটাইকে বধ কৰাৰ পাছত অত্যাচাৰী মােমায়েক কংসকো বধ কৰি কাৰাগাৰৰ পৰা তেওঁৰ পিতৃ-মাতৃক মুক্ত কৰে আৰু দৈত্য-দানৱৰ অত্যাচাৰৰ পৰা সাধু- সন্ত-ভকতক উদ্ধাৰ কৰি মথুৰাত শান্তি স্থাপন কৰে।
শুন সব লােই বচনক মই
সব তেজি ভজ হৰি পাৱ।।
ওহি ভৱ দুর্গম সাগৰ তৰণে
কৃষ্ণ পাদ পনৰ নাৱ।।
সংগতিঃ উদ্ধৃত পদ ফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তর্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘মুক্তি মংগল’ ভটিমাটোৰ
পৰা লােৱা হৈছে।
প্রসংগ ঃ উক্ত পদফাকিৰ জৰিয়তে কবিয়ে সকলাে ত্যাগ কৰি হৰিৰ নাম ল’লে যে সকল বাধা-বিঘিনি দূৰ হয় তাকেই প্রকাশ কৰিছে।
ব্যাখ্যা ঃ ভগৱান সকলােৰে পৰম বন্ধু। তেওঁ সকলােকে ৰক্ষা কৰে। ভক্তিভাৱেৰে তেওঁৰ নাম ল’লে সকলাে অপায়-অমংগল, বাধা-বিঘিনি দুৰ হয়। সেয়ে সংসাৰৰ লােভ, মােহ, হিংসা, ক্রোধ আদি ত্যাগ কৰি আমি হৰিৰ পদযুগলত শৰণাপন্ন হ’ব লাগে। এনে কৰিলে দুর্গম ঠাই, সাগৰৰ দৰে বিশাল জলৰাশিও পাৰ হ’ব পৰা যায় বুলি কবিয়ে কৈছে।
(গ) দেৱক উপৰি ৰাজা মাধৱ।
ধৰমৰ উপৰি নাম।
কৌটি কল্পক পাক নাশক
ডাকি বােলহ ৰাম ৰাম!!
উঃ
সংগতি: উদ্ধত পদফাকি আমাৰ অসমীয়া পুথি সাহিত্য সুবাস অন্তর্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত মুক্তি মংগল’ ভটিমাৰ পৰা
লােৱা হৈছে।
প্রসংগঃ উক্ত পদফাকিৰ জৰিয়তে কবিয়ে কোটি কোটি পাগ খণ্ডন কৰিবলৈ বামৰ নাম লবলৈ কৈছে।
ব্যাখ্যা : হিন্দু ধর্ম অনুসৰি বিশ্বাস কৰা তেত্রিশ কোটি দেৱতাৰ ভিতৰত কবিয়ে মাধৱ অর্থাৎ শ্রীকৃষ্ণক সর্বশ্রেষ্ঠ বুলি অভিহিত কৰিছে। তেওঁৰ নাম ল’লেই যথেষ্ট। তেওঁৰ নাম সকলাে ধৰ্মৰ ওপৰত। ৰাম ৰাম বুলি তেওঁৰ নাম সুঁৱৰিলে কোটি কোটি পাপ খণ্ডন হয়, দুশ-দুর্দশা আঁতৰ হয়। সেয়ে কবিয়ে জগতৰ পাপৰ পৰা মুক্ত হ’বলৈ ভক্তিভাৱেৰাম নাম ল’বলৈ আহ্বান জনাইছে।
১। তলত দিয়া শব্দবােৰৰ একোটিকৈ সমার্থক শব্দ লিখা ?
ত্রাণ, শাৰদ, চন্দ্র, মুকুতি, কামিনী, প্রাণ,
শব্দ।
সমার্থক শব্দ
(ক) ত্রাণ – উদ্ধাৰ।
(খ) শাৰদ – শাৰদীয়
(গ) চন্দ্র – জোন।
(ঘ) মুকুতি – মুক্তি/মােক্ষ।
(ঙ) কামিনী – ৰমণী।
(চ) প্রাণ। – জীউ
(ক) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কীর্তন ঘােষা’।