মুক্তি মঙ্গল ভটিমা Class 10 দশম শ্ৰেণী প্ৰশ্নৰ উত্তৰ

মুক্তি মঙ্গল ভটিমা Class 10

মুক্তি মঙ্গল ভটিমা
বিষয় (Subject) অসমীয়া (Assamese)
কিতাপখনৰ নাম অসমীয়া সাহিত্য চয়নিকা
পাঠৰ নাম মুক্তি মঙ্গল ভটিমা
শ্ৰেণী (Class) দশম (X)
অধ্যায় (Chapter) অধ্যায় ১২
পাঠ্যক্ৰম (Syllabus) ছেবা (SEBA)

মুক্তি মঙ্গল ভটিমা Class 10

অর্থ লিখা :
উতপাতক→নিমূলকাৰী | তৰণে→পাৰ হ’বলৈ। উতপাড়ে→উঘালে | দেৱ→দেৱতা। পূৰিয়ে→পূর্ণ কৰি। শপচ→ব্যাধ, চাণ্ডাল, চিকাৰী। কয়লি→কৰিলে। লেল→ললে। হােৱে →হয়। লােই→লােক। পাতক→পাপ উচৰি→উচ্চাৰণ কৰি। মােড়ল→মােহাৰিলে।

প্রঃ ১। চমুকৈ উত্তৰ দিয়াঃ

(ক) শ্ৰীৰাম ৰাইৰ প্রকৃত নাম কি? 
উঃ শ্ৰীৰাম ৰাইৰ প্রকৃত নাম জগতানন্দ।

(খ) দৈৱকী উদৰে উদয় যােহি দেৱা’ ইয়াত ‘যােহি দেৱা বুলি কাক কৈছে?
উ : ইয়াত যযাহি দেৱা বুলি শ্রীকৃষ্ণক কৈছে।

(গ) কিংসক ধ্বংসল প্রাণ- কংসৰ প্রাণ কোনে ধ্বংস কৰিলে?
উ : কংসৰ প্ৰাণ শ্রীকৃষ্ণই ধ্বংস কৰিলে।

(ঘ) শঙ্খচূড়ক কোনে বধ কৰিছিল ?
উঃ শঙ্খচূড়ক শ্রীকৃষ্ণই বধ কৰিছিল।

(ঙ) দেৱতাৰ ভিতৰত কাক শ্রেষ্ঠ বুলিছে?
উঃ দেৱতাৰ ভিতৰত শ্ৰীকৃষ্ণক শ্রেষ্ঠ বুলিছে।

(চ) ভটিমাটি কোনখন নাটৰ অন্তৰ্গত?
উঃ মুক্তিমঙ্গল ভটিমাটি কালিয়দমন নাটৰ অন্তৰ্গত।

(ছ) মুক্তি মঙ্গল ভটিমা কি? মুক্তিমঙ্গল ভটিমা কোনে পাঠ কৰে?
উ : মুক্তি মঙ্গল ভটিমা হৈছে অঙ্কীয়া নাটৰ এটা বিশেষ অংগ। মুক্তি মংগল ভটিমা নাটকৰ প্ৰধান চৰিত্ৰ সূত্ৰধাৰে পাঠ কৰে।

প্রঃ ২। ভটিমাটিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰ পাঁচজনৰ নাম লিখা।
উঃ কৃষ্ণই বধ কৰা অসুৰ পাঁচজনৰ নাম হল-
(১) অঘ বা অঘাসুৰ (২) বক (3) ধেনুক (৪) কেশী (৫) শঙ্খচূড়।

প্রঃ ৩। ভটিমা কাক বােলে? ই কেইপ্রকাৰৰ ?
উ : ভটিমা এক শ্ৰেণীৰ প্রশস্তি বা স্তুতিমূলক গীত। ভটিমা চাৰি প্ৰকাৰৰ। (ক) দেৱ ভটিমা (খ) ৰাজ ভটিমা (গ) অগৰু ভটিমা (ঘ) নাট ভটিমা।

প্রঃ ৪। অংকীয়া নাটত কিমানটা ভটিমা থাকে?
উ : অংকীয়া নাটত তিনিটা নাটকীয় ভটিমা থাকে। আৰম্ভণিতে নান্দীৰ দৰে মংগলাচৰণমূলক ভটিমা থাকে। এই প্ৰকাৰৰ ভটিমাই নাটকত প্ৰভাৱনাৰ কাম কৰে। দ্বিতীয়তে নাটৰ নায়ক-নায়িকাৰ ৰূপ গুণ প্রকাশক ভটিমা থাকে। তৃতীয়তে নাটৰ শেষত মুক্তি মংগল ভটিমা পৰিৱেশন কৰা হয়।

প্র : ৫। সােহি জগত গুৰু তেৰি সততে কৰু মুকুতি মংগল বিধান- জগত গুৰু বুলি কাক কৈছে? জগত গুৰু জনাৰ গুণানুকীর্তন ভটিমাটিত কেনেদৰে কৰা হৈছে তােমাৰ কথাৰে লিখা।
উ : জগত গুৰু বুলি শ্রীকৃষ্ণক কোৱা হৈছে। দৈৱকীৰ গৰ্ভত জন্ম হােৱা শ্ৰীকৃষ্ণক তেওঁৰ লগত নাৰাখি যশােদাৰ ওচৰলৈ পঠিয়াই দিয়াত তাতে শ্রীকৃষ্ণ ডাঙৰ-দীঘল হৈছিল। যশােদাক সকলােৱে জন্ম দিয়া মাক বুলিয়ে ভাৱে। শ্রীকৃষ্ণই বৃন্দাবনত গােপ বালক সকলৰ লগত গৰু চৰাই ছিল, খেল ধেমালি
কৰিছিল। বৃন্দাবনখন নিৰাপদে থকাৰ বাবে শ্রীকৃষ্ণই অসুৰ বিলাকক বধ কৰিছিল। যেনে অঘ, বক, ধেনুক আদি আনকি নিজৰ মােমায়েক কংস বজাকো শ্রীকৃষ্ণই বধ কৰাত শান্তি বিৰাজ কৰিছিল। শ্রীকৃষ্ণ থকাৰ বাবে বৃন্দাবনত সকলােৱে নিৰাপদে, আনন্দমনে ফু ৰিব পাৰিছিল। কিয়নাে কৃষ্ণই দুষ্টক দমন আৰু শান্ত পালন কৰিছিল। এইজনা জগতৰ গুৰু, যিজনৰ কৃপাতে এই বিশ্বব্রহ্মাণ্ড খন চলি আছে। তে ওঁৰ চৰণত শৰণ লােৱাসকলে মুক্তি লাভ কৰিব পাৰে। শ্রীকৃষ্ণই যমুনা নদীত ব্রজধামৰ জীয়াৰী বােৱাৰীসকলৰ লগ লাগি আনন্দেৰে খেলিছিল, সেই মূহুৰ্তত যদি শত্রুৱৈ বিঘিনি ঘটায় তেনে অসুৰক শংখছু নিচিনা বধ কৰি মংগল সাধন কৰে। ব্রজধামৰ যিমানবােৰ অপায় অমঙ্গল আছে সেই সকলােবােৰ শ্ৰীকৃষ্ণই নােহাৱা কৰিলে। সেয়েহে শ্ৰীকৃষ্ণৰ মাহাত্মৰ কথা জানি ব্রজবাসীয়ে শ্রীকৃষ্ণক স্মৰণ কৰিছিল। গীতটোত সেইজনা জগত গুৰুৰূপে শ্রীকৃষ্ণক গুণানুকীৰ্তন কৰি ভক্তৰ মঙ্গল কামনা কৰা হৈছে।

লগতে পঢ়ক:   প্ৰশস্তি Class 10 Assamese Chapter 3 Question Answer

মুক্তি মঙ্গল ভটিমা Class 10

প্রঃ ৬। ব্যাখ্যা কৰা

দৈৱকী উদৰে উদয় যােহি দেৱা
কয়লি ভকতক ত্রাণ।
অঘবক ধেনুক কেশী সবংশক
কংসক ধ্বংসল প্রাণ৷
নাইবা
অঘাসুৰ কোন? তেওঁ কি ৰূপ ধাৰণ কৰি কৃষ্ণক মাৰিবলৈ আহিছিল? তেওঁক কোনে, কেনেকৈ হত্যা কৰিলে?
উ : উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অর্ন্তগত কালিয়দমন’ নাটৰ অন্তৰ্গত মুক্তিমঙ্গল ভটিমাৰ পৰা অনা হৈছে। কথাফাকিৰ দ্বাৰা জগতগুৰু শ্ৰীকৃষ্ণই অপৰিসীম ঐশ্বৰিক লীলাৰ দ্বাৰা অসুৰবােৰক বধ কৰাৰ কথা প্রকাশ পাইছে।
দৈৱকীৰ গৰ্ভত মানৱ ৰূপত জন্ম হােৱা শ্ৰীকৃষ্ণই হৈছে সমস্ত জগতৰ তাণকর্তা।  জগতৰ অপায়-অমঙ্গল তেৱেই নাশ কৰিছে। ঐশ্বৰিক শক্তিৰ দ্বাৰা জগতক শ্রীকৃষ্ণই অশুভ শক্তিবােক সম্পূর্ণরূপে দমন কৰিছে। সেই সময়ত অসুৰবােৰে বৃন্দাবন ধ্বংসৰ চেষ্টা কৰে যদিও কৃষ্ণৰ ঐশ্বৰিক
শক্তিৰ ফলত সফল হ’ব নাৱাৰিলে। অঘাসুৰে অজগৰৰ ৰূপ লৈ কৃষক বধ কৰিবলৈ লওঁতে কৃষ্ণই অঘাসুৰৰ পেটত সােমাই অঘাসুৰক বধ কৰে। বক নামৰ অসুৰটোৱে এটা ডাঙৰ বগলীৰ ৰূপ লােৱাত কৃষ্ণই বকাসুৰকো আনায়াসে বধ কৰিছিল। ইয়াৰ উপৰি কংসই ধেনুক, কেশী আদি অসুৰক শ্রীকৃষ্ণক বধ কৰিবলৈ পঠিয়াইছিল যদিও নিজৰ ঐশ্বৰিক শক্তিৰে সকলােকে অনায়াসে বধ কৰিছিল।

শুন সৱ লােই বচনক মােই
সৰ তেজি ভজ হৰি পাৱ।
ওহি ভৱ দুর্গম সাগৰ তৰণে।
কৃষ্ণ পাদ পল্লৱ নাৱ।।

উঃ উক্ত কথাফাকি আমাৰ পাঠ্যপুথি সাহিত্য সুবাসৰ অর্ন্তগত শ্ৰীমন্ত শংকৰদেৱৰ “মুক্তি মঙ্গল ভটিমা”ৰ পৰা তুলি অনা হৈছে। সকলাে লােকে সংসাৰৰ মায়া মােহ ত্যাগ কৰি একমাত্র শ্রীকৃষ্ণক প্রার্থনা কৰিহে যে মুক্তি লাভ কৰিব পাৰে ইয়াত তাকে বুজাইছে। শ্রীকৃষ্ণই ভকতসকলৰ গুৰু। ভক্তই ভগৱান। ভগৱান অবিহনে ভকত সকল অসাৰ। শ্রীকৃ ষই ভকতসকলক অমৃত পান কৰি প্রাণ দিয়াই ছিল। ভকতসকলে কালিন্দি হ্রদৰ পানী খাই অজ্ঞান হৈ পৰিছিল, একমাত্র শ্রীকৃষ্ণই তেওঁলােকক জীৱন দান দিছিল। শ্ৰীকৃষ্ণৰ মহিমা অপাৰ যাক কৈ শেষ কৰিব নােৱাৰি। এই সংসাৰৰ পৰা মুক্তি পাবলৈ হ’লে একমাত্র তেওঁৱেই সাৰথি তেওঁৰ নাম লৈয়ে এই সংসাৰৰ পৰা মুক্তি লাভ কৰিব লাগিব।

মুক্তি মংগল ভটিমা কবিতাৰ মূল ভাব লিখা

মূলভাব : শ্ৰীকৃষ্ণৰ মহিমা বর্ণন আৰু তেওঁৰ চৰণত শৰণ লৈ মুক্তি মংগলৰ বিধানেই কবিতাটোৰ মূলভাব। ভক্তপ্রাণ কবি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্রীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লৈ বিভিন্ন দুষ্ট-দান, অসুৰক নিধন কৰি ভকতসকলক উদ্ধাৰ কৰালৈকে কৃষ্ণৰ শিশুলীলাৰ বর্ণনা কৰি ভগৱান শ্রীকৃষ্ণৰ সর্বশ্রেষ্ঠতা প্রতিপন্ন কৰাৰ মাজেদি ভক্তপ্ৰাণ ৰাইজক প্রকৃত ভক্তিতত্বৰ জ্ঞান দিছে। ভগৱান পৰমেশ্বৰ নিগুণ-নিৰাকাৰ। কিন্তু জগতত পাপ আৰু পাপীৰ মাত্রা অত্যধিক বৃদ্ধি হ’লে সেই পাপ আৰু পাপীৰ নিবাৰণৰ বাবে তেওঁ সগুণ সাকাৰ ৰূপ ধাৰণ কৰি নিজৰলীলা দেখুৱাই দুষ্টক দমন আৰু শাক পালন কৰে। কৃষ্ণ উগৱান পৰমেশ্বৰৰে এনে এক সাকাৰ ৰূপ।

ভক্তপ্রাণ কবিয়ে কৃষৰ শিশুলীলাৰ বৰ্ণনা দি কৈছে যে কৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লভি অঘাসুৰ, বকাসুৰ, কেশী, অৰিষ্ট, শংখচুড় আদি অসুৰক বধ কৰিছিল। মােমায়েক দুষ্ট কংসক বধ কৰি ভকতসকলক উদ্ধাৰ কৰিছিল। তেৱেঁই বিষধৰ কালি নাগক দমন কৰি ৰমণ দ্বীপলৈ নির্বাসন দিছিল, যেতিয়া কালিনাগৰ বিষে বিষাক্ত কৰি তােলা যমুনা হৃদৰ জল পান কৰি গােপশিশু আৰু গৰু-গাইসমূহ মৃত্যু মুখত পৰিছিল। এইদৰে কৃষ্ণই দুষ্টক দমন কৰি শাস্তক পালন কৰে, সেয়ে কবিয়ে এইজনা জগতগুৰু প্ৰভু ভগৱস্ত শ্ৰীকৃষ্ণৰ চৰণত নিজকে সমর্পণ কৰি সমূহ ৰাইজৰ মুক্তি-মংগল কামনাৰ অৰ্থে প্রার্থনা কৰিছে। যিজনা কৃষই বৃন্দাবনত মহাসুখে বিহাৰ কৰিছিল, যমুনাৰ জলত ৰাতি গােপীসকলৰ লগত জলকেলি কৰিছিল; সেইজনা কৃষ্ণ ভগৱস্তকে কবিয়ে ‘দেৱৰ দেৱ’ বুলি কৈছে।তেঁৱেই পাপক গুৰিৰে পৰা সমুলঞ্চে উভালি পাপীসকলক সকলাে পাপৰ পৰা মুক্ত কৰে। ভক্তসকলৰ জীৱনৰ সকলাে দুখ-দুর্দশা বিমােচন কৰি, তেওঁলােকৰ মুক্তি-মংগলৰ বিধান কৰে। তেওঁৰ নাম শুনিলে নীচ-অধম, ব্যাস চন্দালৰ পৰা ঋষি-মুনিলৈ সকলে একাকাৰ হৈ পৰে। তেওঁ এই বিশ্ব ব্রহ্মাণ্ডৰ সকলােৰে ঊর্ধ্বত, তেওঁৰ বিনে আন একো নাই। তেৱেই পুণ্যক সঞ্চিত কৰি কলিকালৰ পাপসমুহ ধ্বংস কৰে, সেয়ে কবিয়ে সকলাে ত্যাগ কৰি ভক্তিভাৱেৰে প্ৰভু ভগৱন্ত শ্রীকৃৰ চৰণত আত্মসমর্পণ কৰি সকলােকে মুক্তি মংগল বিধানৰ অর্থে প্রার্থনা কৰিবলৈ উপদেশ দিছে।

লগতে পঢ়ক:   ৰামসিংহৰ অসম আক্রমণ দশম শ্ৰেণী অসমীয়া প্ৰশ্নৰ উত্তৰ

লগতে পঢ়ক: বৰগীত

মুক্তি মঙ্গল ভটিমা Class 10

পাঠভিত্তিক প্রশ্নোত্তৰ

চমুকৈ উত্তৰ দিয়া 

(ক) দৈৱকী উদৰে উদয় যােহি দেৱা – ইয়াত ‘যােহি দেৱা বুলি কাক কৈছে?
উঃ। ইয়াত ‘যােহি দেৱা বুলি দৈৱকীনন্দন শ্রীকৃষ্ণৰ কথা কোৱা হৈছে।
(খ) কংসক ধ্বংসল প্রাণ – কংসৰ প্রাণ কোনে ধ্বংস কৰিলে ?
উঃ কংসৰ প্ৰাণ শ্রীকৃষ্ণই ধ্বংস কৰিলে।
(গ) শঙ্খচুড়ক কোনে বধ কৰিছিল?
উঃ শঙ্খচুড়ক শ্রীকৃষ্ণই বধ কৰিছিল।
(ঘ) শ্ৰীৰাম ৰাইৰ প্রকৃত নাম কি?
উঃ শ্ৰীৰাম ৰাইৰ প্রকৃত নাম জগতানন্দ।
(ঙ) দেৱতাৰ ভিতৰত কাক শ্রেষ্ঠ বুলিছে?
উঃ দেৱতাৰ ভিতৰত মাধৱক অর্থাৎ শ্রীকৃষ্ণক শ্রেষ্ঠ বুলি কৈছে।

(চ) ভটিমাটি কোনখন নাটৰ অন্তৰ্গত?
উঃ ভটিমাটি শ্ৰীমন্ত শংকৰদেৱৰ কালিয় দমন’ নাটৰ অন্তৰ্গত।
(ছ) মুক্তিমঙ্গল ভটিমা কোনে পাঠ কৰে?
উঃ সংস্কৃত নাটকত নাটকৰ প্ৰধান চৰিত্ৰই মুক্তি মংগল ভটিমা পাঠ কৰে। আনহাতে, অংকীয়া নাটত সূত্ৰধাৰ আৰু সহযােগীসকলে মুক্তিমংগল ভটিমা পাঠ কৰে
(জ) ভটিমাটিত উল্লেখ থকা অনুসৰি কৃষ্ণই বধ কৰা অসুৰকেইটাৰ নাম লিখ।
উঃ  ভটিমাটিত উল্লেখ কৰা অনুসৰি কৃষ্ণই বধ কৰা অসুৰকেইটাৰ নাম হ’ল অঘাসুৰ, বকাসুৰ, ধেনুকাসুৰ, কেশী, অৰিষ্টক, শঙ্খচূড় আদি।

সােহি জগত গুৰু        তেৰি সততে কৰু
             মুকুতি মংগল বিধান—
জগত গুৰু বুলি কাক কৈছে? জগতগুৰু জনাৰ গুণানুকীৰ্তন ভটিমাটিত কেনেদৰে কৰা হৈছে তােমাৰ কথাৰে লিখা।
উঃ ভটিমাটিত জগত গুৰু বুলি দৈৱকী-নন্দন শ্রীকৃষক কোৱা হৈছে। ভটিমাটিত কবিয়ে জগত গুৰুজনাৰ ঐশ্বৰিক মাহাত্ম্য তথা শক্তিৰ গুণানুকীর্তন কৰি কেনেদৰে শ্ৰীকৃষ্ণই দৈৱকীৰ গৰ্ভত জন্ম লাভ কৰি অতি বলৱান অসুৰ অঘ, বক, ধেনুক, কেশী আদিক সবংশে ধ্বংস কৰিছে তাৰ বৰ্ণনা কৰিছে। শ্রীকৃষ্ণই মােমায়েক কংসক নিধনৰ দ্বাৰা প্ৰজাসকলক অত্যাচাৰৰ পৰা মুক্ত কৰি মথুৰাত শান্তি স্থাপন কৰিছে। অৰিষ্টক আৰু মল্লযােদ্ধা মুষ্টিক মােহাৰি বীৰত্ব প্রদর্শন
কৰিছে। পাপ আৰু পাপীক সমূলঞ্চে গুৰিৰ পৰা উঘালি পেলাইছে। সেয়ে তেওঁৰ নাম শুনিলে নীচ, চণ্ডাল, ব্যাধ, ঋষি মুনি সকলে একে সমান হৈ পৰে বুলি কবিয়ে শ্ৰীকৃষ্ণৰ গুণগান কৰি নিজৰ কৃষ্ণচুক্তি ব্যক্ত কৰিছে। শেষত সকলােকে লােভ, মােহ, হিংসা ত্যাগ কৰি শ্ৰীকৃষ্ণৰ পদযুগলত শৰণ ল’বলৈ কৈছে।

 ব্যাখ্যা কৰা মুক্তি মঙ্গল ভটিমা

(ক) দৈৱকী উদৰে        উদয় যােহি দেৱা
                  কয়লি ভকতক ত্রাণ।
অঘৰক ধেনুক                কেশী সবংশ
              কংসক ধবংসল ত্রাণ।।
সংগতি ঃ উদ্ধৃত পদফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুবাস’ৰ অন্তর্গত শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘মুক্তি মংগল’ ভটিমাটোৰ পৰা লােৱা
হৈছে।

লগতে পঢ়ক:   অৰণ্য যাত্ৰা দশম শ্ৰেণী (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) Class 10 অসমীয়া

প্রসংগঃ উক্ত পদফাকিৰ জৰিয়তে কবি শ্ৰীমন্ত শংকৰদেৱে ভগৱান শ্রীকৃষ্ণই কেনেদৰে দৈৱকীৰ গৰ্ভত জন্মি অঘাসুৰ, বকাসুৰ, ধেনুক, কেশী আৰু কংসক বধ কৰি ভকতক উদ্ধাৰ কৰিছে তাকেই প্রকাশ কৰিছে।

ব্যাখ্যা ঃ ভগৱান শ্রীকৃষ্ণই পৃথিবীবাসীক পাপ আৰু পাপীসকলৰ কবলৰ। পৰা মুক্ত কৰিবলৈ নৰৰূপে দৈৱকীৰ গৰ্ভত জন্ম লৈছিল। মথুৰাত দুষ্ট কংসৰ দমন উৎপীড়ন বৃদ্ধি হােৱত দৈৱকী গৰ্ভত ভগৱান বিষ্ণুৰ জন্ম হ’ব। বুলি দৈৱবাণী হােৱাৰ পাছত কংসই বাসুদেৱ আৰু দৈৱকীক বন্দী কৰি ৰাখে যদিও শ্ৰীকৃষ্ণৰ জন্ম হয় আৰু গকুলৰ নন্দ-যশােদাৰ গৃহত শ্রীকৃষ্ণ ডাঙৰ-দীঘল হয়। এই কথা জানিব পাৰি কংসই কৃষক বধিবলৈ অঘাসুদ, বকাসুৰ, ধেনুক কেশী আদি দৈত্যক পঠায়। কিন্তু শিশু শ্রীকৃষ্ণই আটাইকে বধ কৰাৰ পাছত অত্যাচাৰী মােমায়েক কংসকো বধ কৰি কাৰাগাৰৰ পৰা তেওঁৰ পিতৃ-মাতৃক মুক্ত কৰে আৰু দৈত্য-দানৱৰ অত্যাচাৰৰ পৰা সাধু- সন্ত-ভকতক উদ্ধাৰ কৰি মথুৰাত শান্তি স্থাপন কৰে।

শুন সব লােই      বচনক মই
সব তেজি ভজ হৰি পাৱ।।
ওহি ভৱ দুর্গম       সাগৰ তৰণে
      কৃষ্ণ পাদ পনৰ নাৱ।।
সংগতিঃ উদ্ধৃত পদ ফাকি আমাৰ অসমীয়া পাঠ্যপুথি সাহিত্য সুবাসৰ অন্তর্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘মুক্তি মংগল’ ভটিমাটোৰ
পৰা লােৱা হৈছে।
প্রসংগ ঃ উক্ত পদফাকিৰ জৰিয়তে কবিয়ে সকলাে ত্যাগ কৰি হৰিৰ নাম ল’লে যে সকল বাধা-বিঘিনি দূৰ হয় তাকেই প্রকাশ কৰিছে।
ব্যাখ্যা ঃ ভগৱান সকলােৰে পৰম বন্ধু। তেওঁ সকলােকে ৰক্ষা কৰে। ভক্তিভাৱেৰে তেওঁৰ নাম ল’লে সকলাে অপায়-অমংগল, বাধা-বিঘিনি দুৰ হয়। সেয়ে সংসাৰৰ লােভ, মােহ, হিংসা, ক্রোধ আদি ত্যাগ কৰি আমি হৰিৰ পদযুগলত শৰণাপন্ন হ’ব লাগে। এনে কৰিলে দুর্গম ঠাই, সাগৰৰ দৰে বিশাল জলৰাশিও পাৰ হ’ব পৰা যায় বুলি কবিয়ে কৈছে।

(গ) দেৱক উপৰি ৰাজা মাধৱ।
        ধৰমৰ উপৰি নাম।
কৌটি কল্পক পাক নাশক
      ডাকি বােলহ ৰাম ৰাম!!
উঃ

সংগতি:  উদ্ধত পদফাকি আমাৰ অসমীয়া পুথি সাহিত্য সুবাস অন্তর্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত মুক্তি মংগল’ ভটিমাৰ পৰা
লােৱা হৈছে।
প্রসংগঃ উক্ত পদফাকিৰ জৰিয়তে কবিয়ে কোটি কোটি পাগ খণ্ডন কৰিবলৈ বামৰ নাম লবলৈ কৈছে।

ব্যাখ্যা :  হিন্দু ধর্ম অনুসৰি বিশ্বাস কৰা তেত্রিশ কোটি দেৱতাৰ ভিতৰত কবিয়ে মাধৱ অর্থাৎ শ্রীকৃষ্ণক সর্বশ্রেষ্ঠ বুলি অভিহিত কৰিছে। তেওঁৰ নাম ল’লেই যথেষ্ট। তেওঁৰ নাম সকলাে ধৰ্মৰ ওপৰত। ৰাম ৰাম বুলি তেওঁৰ নাম সুঁৱৰিলে কোটি কোটি পাপ খণ্ডন হয়, দুশ-দুর্দশা আঁতৰ হয়। সেয়ে কবিয়ে জগতৰ পাপৰ পৰা মুক্ত হ’বলৈ ভক্তিভাৱেৰাম নাম ল’বলৈ আহ্বান জনাইছে।

১। তলত দিয়া শব্দবােৰৰ একোটিকৈ সমার্থক শব্দ লিখা ?
ত্রাণ, শাৰদ, চন্দ্র, মুকুতি, কামিনী, প্রাণ,
শব্দ।
সমার্থক শব্দ
(ক) ত্রাণ – উদ্ধাৰ।
(খ) শাৰদ – শাৰদীয়
(গ) চন্দ্র – জোন।
(ঘ) মুকুতি – মুক্তি/মােক্ষ।
(ঙ) কামিনী – ৰমণী।
(চ) প্রাণ। – জীউ

(ক) মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কি?
উঃ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সাহিত্যিক জীৱনৰ কীর্তিস্তম্ভ কীর্তন ঘােষা’।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top