চৰকাৰৰ অংগসমূহ – ১ BA 1st Semester Political (Major)

চৰকাৰৰ অংগসমূহ – ১ – 1st Semester ৰাজনীতি বিজ্ঞান (Major) The Constituent Assembly And The Constitution | BA 1st Semester Political science major Chapter 2 question Answer |BA 1st sem political science (major question Answer dibrugarh university)

বিষয় ৰাজনীতি বিজ্ঞান
খণ্ডচৰকাৰৰ অংগসমূহ – ১
উপলব্ধগুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ
অংশ 2
অধ্যায়দ্বিতীয় অধ্যায়
শ্ৰেণী BA 1st Sem Major
পাঠ্যক্ৰম Dibrugarh University (CBCS)

চৰকাৰৰ অংগসমূহ – ১

প্ৰশ্ন ১. ভাৰতৰ প্ৰথম নাগৰিক কোন?
Who is the first citizen of India
উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰপতি।

প্ৰশ্ন 2. ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সুৰক্ষা জমাৰ পৰিমাণ কিমান?
What is the amount of security deposit for the election of the President of India?
Ans: পাঁচ লাখ।

প্ৰশ্ন ৩. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?
What is the term of office of the President of India?
Ans: পাঁচ বছৰ।

প্ৰশ্ন ৪. ভাৰতৰ ৰাষ্ট্ৰপতিৰ মাহিলী দৰমহা কিমান?
What is the monthly salary of the President of India?
Ans: পাঁচ লাখ।

প্ৰশ্ন ৫. ভাৰতত ৰাজ্যখনৰ ৰাজ্যপাল কোনে নিযুক্তি দিয়ে?
Who appoints the Governor of of the State in India?
Ans: ৰাষ্ট্ৰপতি

প্ৰশ্ন ৬. ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাজ্য পৰিষদ (ৰাজ্য সভা)লৈ কিমানজন সদস্যক মনোনীত কৰিব পাৰিব?
How many members can the President nominate to the Council of States (Rajya Sabha)?
Ans: ১২ জন।

প্ৰশ্ন ৭. ভাৰতৰ ৰাষ্ট্ৰপতিৰ আভ্যন্তৰীণ অশান্তিৰ বাবে কিমানবাৰ ৰাষ্ট্ৰীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে?
How many times has National Emergency been proclaimed due to Internal disturbance by the President of India?
Ans: 3 বাৰ

প্ৰশ্ন 9. কোনটো অনুচ্ছেদ অনুসৰি এখন ৰাজ্যত “ৰাষ্ট্ৰপতি শাসন” আৰোপ কৰিব পাৰি?
According to which article “President’s Rule” can be impose in a State?
Ans: Article 356 |

প্ৰশ্ন 10. ৰাজ্যসভাৰ প্ৰাক্তন কাৰ্যালয়ৰ অধ্যক্ষ কোন?
Who is Ex-officer Chairman of Rajya Sabha?
Ans: উপ ৰাষ্ট্ৰপতি।

প্ৰশ্ন 11. ভাৰতৰ ৰাষ্ট্ৰপতিয়ে লোকসভালৈ কিমানজন সদস্যমনোনীত কৰিব পাৰে?
How many Members can be Nominated by the President of India to the Lok Sabha?
Ans: দুজন।

প্ৰশ্ন ১২। কোনটো সদনত বিত্তীয় বিধেয়কখন উত্থাপন কৰিব পাৰি?
In which house the Financial Bill can be Introduced?
Ans: লোকসভা

প্ৰশ্ন ১৩। ৰাজ্যসভাৰ সদস্য হ’বলৈ নূন্যতম বয়স উল্লেখ কৰক?
Mention the Minimum Age to become a Member of Rajya Sabha?
Ans: ৩০ বছৰ।

প্ৰশ্ন ১৪। ৰাজ্য সভাৰ মুঠ সদস্যপদ উল্লেখ কৰা?
Mention the total Membership of Rajya Sabha?
Ans: ২৫০ জন।

প্ৰশ্ন ১৫। ৰাজ্যসভাত ভাৰতৰ ৰাষ্ট্ৰপতিয়ে কিমানজন সদস্যক মনোনীত কৰিব পাৰিব?
How many members can be nominated by the President of India in the Rajya Sabha?
Ans: ১২ জন।

প্ৰশ্ন ১৬। অসমৰ পৰা ৰাজ্যসভাৰ কিমানজন সদস্য নিৰ্বাচিত হয়?
How many members of Rajya Sabha are elected from Assam?
Ans: ৭ জন।

প্ৰশ্ন ১৭। ৰাজ্যসভাৰ সদস্য কোনে নিৰ্বাচন কৰিছিল?
Who elected the members of the Rajya Sabha?
Ans: ৰাজ্যিক বিধানমণ্ডলৰ সদস্য সকলে।

প্ৰশ্ন ১৮। ৰাজ্যসভাৰ কোৰাম কিমান?
What is the quorum of Rajya Sabha?
Ans: এক তৃতীয়াংশ।

প্ৰশ্ন 19. বৰ্তমানৰ লোকসভাত সদস্যৰ সংখ্যা কিমান।
What is the number of members in Present Lock Sabha.
Ans: 8

প্ৰশ্ন  20.ৰাজ্য সভাৰ সদস্যসকলৰ কাৰ্যকাল কিমান?
What is the tenure of the Members of the Rajya Sabha?
Ans: ছবছৰ।

প্ৰশ্ন 21. এটা বিত্তীয় বিধেয়ক লোকসভাৰ পৰা গৃহীত হোৱাৰ পিছত কিমান দিনৰ ভিতৰত ৰাজ্যসভাত অনুমোদন কৰিব লাগিব?
Within how many days a Finacial Bill has to be approved in the Rajya Sabha after it had been passed from Lock Sabha?
Ans: ১৪ দিন।

প্ৰশ্ন ২২.মন্ত্ৰী পৰিষদ সামূহিকভাৱে কাৰ ওচৰত দায়বদ্ধ?
To whom are the Council of Ministers collectively responsible?
Ans: সংসদৰ ওচৰত।

প্ৰশ্ন ২৩। অসমৰ পৰা লোকসভাত কিমানজন সদস্য নিৰ্বাচিত হয়?
How many members in Lok Sabha are Elected from Assam?
Ans: ১৪ জন।

প্ৰশ্ন ২৪। লোকসভাৰ অধ্যক্ষ কোনে নিৰ্বাচন কৰে?
Who elect the Speaker of the Lok-Sabha?
Ans: লোকসভাৰ নিৰ্বাচিত সদস্যসকলে।

প্ৰশ্ন ২৫। সংসদৰ যুটীয়া অধিবেশনৰ সভাপতিত্ব কোনে কৰে?
Who Preside over the Joint Session of Parliament?
Ans: লোকসভাৰ অধ্যক্ষই।

প্ৰশ্ন ২৬। লোকসভাত কাষ্টিং ভোট কোনে দিয়ে ?
Who give Casting Vote in the Lok Sabha ?
Ans: লোকসভাৰ অধ্যক্ষই।

প্ৰশ্ন 27. বিধেয়ক এখন বিত্তীয় বিধেয়ক হয় নে নহয় কোনে সিদ্ধান্ত লয়?
Who decide whether a bill is Financial Bill or not?
Ans: লোকসভাৰ অধ্যক্ষই।

BA 1st Semester Political (Major)

খ. চমুটোকা লিখা : (Write short notes 🙂

প্ৰশ্ন 1. ভাৰতৰ ৰাষ্ট্ৰপতি । (President of India.)
উত্তৰ: ভাৰতীয় সংবিধানৰ ৫২ নং অনুচ্ছেদত কোৱা হৈছে যে ভাৰতবৰ্ষ ৰাষ্ট্ৰপ্ৰধান হিচাপে এজন ৰাষ্ট্ৰপতি থাকিব। ৫৩ নং অনুচ্ছেদত আকৌ কোৱা হৈছে যে ৰাষ্ট্ৰৰ শাসন বিভাগীয় ক্ষমতা তেওঁৰ ওপৰত ন্যস্ত থাকিব। তেওঁ এই ক্ষমতা নিজে বা তেওঁৰ অধীনস্থ কৰ্মচাৰীৰ যোগেদি প্ৰয়োগ কৰিব। এইখিনিতে উল্লেখ কৰিব পাৰি যে ভাৰতত কেন্দ্রীয় কার্যপালিকাক দুভাগত বিভক্ত কৰিছে— নামমাত্ৰ মুৰব্বী আৰু প্ৰকৃত মুৰব্বী। ভাৰতৰ ৰাষ্ট্ৰপতিগৰাকী নামতহে মুৰব্বী। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰে কাৰ্যনিৰ্বাহক প্রকৃত মুৰব্বী নহয়। ভাৰতত কাৰ্যনিৰ্বাহকৰ প্ৰকৃত মুৰব্বী হৈছে প্ৰধানমন্ত্ৰীৰ নেতৃত্ব মন্ত্রীপৰিষদ। অনুচ্ছেদ ৭৪ (১) নংত কোৱা হৈছে ৰাষ্ট্ৰপতিক সহায় আৰু পৰামৰ্শ দিবৰ বাবে প্রধানমন্ত্ৰীৰ নেতৃত্বত এখন মন্ত্রীপৰিষদ থাকিব। ৪২ তম সংবিধান সংশোধনীৰ জৰিয়তে মন্ত্ৰী পৰিষদৰ পৰামৰ্শ মানি ল’বলৈ ৰাষ্ট্ৰপতিক বাধ্য কৰোৱা হৈছে

প্ৰশ্ন ২. ভাৰতৰ ৰাষ্ট্ৰপতি অপসাৰণৰ পদ্ধতি।
Procedure of removal of the President of India.
উত্তৰ: সংবিধান উলংঘা কৰাৰ অপৰাধত ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰিব পৰা ব্যৱস্থা সংবিধানে কৰিছে। সংবিধানৰ ৬১ নং অনুচ্ছেদত উল্লেখ আছে যে সংবিধান উলংঘা কৰাৰ অপৰাধৰ বাবে ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ | প্ৰস্তাৱ সংসদৰ যিকোনো এখন সদনতে উত্থাপন কৰিব পাৰে। ভাৰতীয় সংবিধানৰ ব্যৱস্থাৱলীৰ মতে, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ উত্থাপন কৰিবলৈ বিচৰা সদনৰ এক চতুর্থাংশ সদস্যই প্ৰস্তাৱটোত যদিহে অনুমোদন জনায় তেন্তে উক্ত প্ৰস্তাৱটো আনখন সদনলৈ পঠাব লাগে আৰু তেতিয়া এই সদনে প্ৰস্তাৱটো অনুসন্ধান কৰি চাব। এই সদনৰ অনুসন্ধানৰ সময়ত ৰাষ্ট্ৰপতিয়ে নিজে বা তেওঁৰ অধিবক্তাৰ যোগেদি অনুসন্ধান সমিতিৰ আগত উপস্থিত হ’ব পাৰে (অঃ ৬১ (৪)। অনুসন্ধান কাৰ্য শেষ হোৱাৰ পিছত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অনা অভিযোগসমূহ যদি সত্য বুলি প্রমাণিত হয় আৰু উক্ত মৰ্মে যদি এই সদনে মুঠ সদস্য্যৰ দুই-তৃতীয়াংশৰ সংখ্যা গৰিষ্ঠতাৰে এটা প্ৰস্তাৱ গৃহীত কৰে তেন্তে ৰাষ্ট্ৰপতিগৰাকী পদৰ পৰা অপসাৰিত হ’ব লগা হয়। যিটো তাৰিখত প্ৰস্তাৱটো গৃহীত হয় সেই তাৰিখৰ পৰাই ৰাষ্ট্ৰপতিগৰাকী অপসাৰিত হোৱা বুলি ধৰা হয় ৷

প্ৰশ্ন 3. ভাৰতৰ ৰাষ্ট্ৰপতিৰ আইনী ক্ষমতা।
Legislative powers of the President of India.
উত্তৰ: ভাৰতৰ সংবিধানে ৰাষ্ট্ৰপতিক বহুতো ক্ষমতা দিছে। সাংবিধানিক মূৰব্বী হিচাপে ৰাষ্ট্ৰপতিয়ে প্ৰয়োগ কৰা ক্ষমতা আৰু কাৰ্যসমূহ তলত আলোচনা কৰা হ’ল।
১. আইন প্রণয়নৰ ক্ষমতা : ৰাষ্ট্ৰপতিক ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ বুলিব পাৰি। সেইবাবে ৰাষ্ট্ৰপতি সংসদৰ কাৰ্যকলাপৰ লগত বিশেষভাৱে জড়িত। ৰাষ্ট্ৰপতিৰ আইন প্রণয়নৰ ক্ষমতাসমূহ আলোচনা কৰা হ’ল
(ক) সংসদলৈ সদস্য মনোনীত কৰিব পাৰে। তেওঁ ২ জন সদস্য লোক সভালৈ মনোনীত কৰে।
(খ) সংসদ অধিৱেশন আহ্বান কৰা আৰু স্থগিত ৰখাৰ ক্ষমতা : প্রত্যেক বছৰৰ আৰম্ভণিতে আৰু নিৰ্বাচনৰ পিছত প্ৰথম সংসদ অধিৱেশন আহ্বান কৰে। সেইদৰে তেওঁ সংসদ অধিৱেশন স্থগিত ৰাখিব পাৰে। তেওঁ সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে।
(গ) লোকসভা ভংগৰ ক্ষমতা : প্রধানমন্ত্ৰীৰ পৰামৰ্শ মতে ৰাষ্ট্ৰপতিয়ে লোক সভা ভংগ কৰে। কেতিয়াবা লোকসভাত প্রধানমন্ত্রীয়ে সংখ্যাগৰিষ্ঠ সদস্যৰ  হেৰুৱালে ৰাষ্ট্ৰপতিয়ে নিজ ইচ্ছামতে লোকসভা ভংগৰ আদেশ দিব পাৰে।

(ঘ) সংসদত ভাষণ দান ক্ষমতা : সংবিধানৰ ৮৬ নং অনুচ্ছেদ মতে সাধাৰণ নিৰ্বাচনৰ পিছত আৰু প্ৰত্যেক বছৰৰ আৰম্ভণিত ৰাষ্ট্ৰপতিয়ে উভয় সদনৰ যুটীয়া অধিৱেশনত ভাষণ দিব পাৰে। সংসদত ভাষণ দিয়াৰ উপৰিও সংসদত উপস্থিত নাথাকিও তেওঁ সংসদলৈ বাণী পঠাব পাৰে।

(ঙ) বিধেয়কত স্বাক্ষৰ : সংসদত গৃহীত হোৱা বিল ৰাষ্ট্ৰপতিৰ স্বাক্ষৰ নহ’লে আইনত পৰিণত হ’ব নোৱাৰে। বিত্তীয় বিলৰ বাহিৰে অন্যান্য বিলত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ নকৰি পুনৰ বিবেচনাৰ বাবে ঘূৰাই পঠাব পাবে। অৱশ্যে সংসদে দ্বিতীয় বাৰ ৰাষ্ট্ৰপতিলৈ পঠিওৱা বিলত ৰাষ্ট্ৰপতিয়ে স্বাক্ষৰ দিবলৈ বাধ্য।

(চ) বিধেয়কত আগতীয়া অনুমতি : বিত্ত বিধেয়ক, কোনো নতুন ৰাজ্য গঠন বিষয়ত, সঞ্চিত নিধিৰ পৰা খৰচ কৰিব লগীয়া বিষয়ৰ বিল উত্থাপন কৰাৰ আগতে ৰাষ্ট্ৰপতিৰ অনুমোদন ল’ব লাগে।
(ছ) অধ্যাদেশ জাৰি কৰাৰ ক্ষমতা : সংসদ অধিৱেশন নবহাৰ কালছোৱাত ৰাষ্ট্ৰপতিয়ে প্ৰয়োজনবোধ কৰিলে অধ্যাদেশ জাৰি কৰিব পাৰে। অৱশ্যে সংসদৰ অধিৱেশন পুনৰ বহিলে অধ্যাদেশ সংসদত উত্থাপন কৰিব লাগে। সংসদে নাকচ নকৰিলে ৬ সপ্তাহৰ পিছত অধ্যাদেশখন নিজে নিজে বাতিল হৈ যায়।

BA 1st Semester political Science Major Assamese Medium

প্ৰশ্ন ৪. ভাৰতৰ ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতা।
Emergency power of the President of India.
উত্তৰ:  সংবিধানৰ অষ্টাদশ অংশৰ ৩৫২ নং ৰ পৰা ৩৬০ নং অনুচ্ছেদত ৰাষ্ট্ৰপতিৰ জৰুৰীকালীন ক্ষমতাবোৰ লিপিবদ্ধ কৰা হৈছে। ৰাষ্ট্ৰপতিয়ে তিনি প্ৰকাৰৰ জৰুৰী ক্ষমতা প্রয়োগ কৰিব পাৰে–
(ক) জাতীয় জৰুৰীকালীন অৱস্থা (National Emergency) : ভাৰতৰ সংবিধানৰ ৩৫২ নং অনুচ্ছেদ অনুযায়ী ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। আভ্যন্তৰীণ বিশৃংখলতাৰ উদ্ভৱ হ’লে বা বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণৰ ফলত দেশৰ নিৰাপত্তা বিপদাপন্ন হ’লে, ৰাষ্ট্ৰপতিয়ে এনে জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। দেশৰ আভ্যন্তৰীণ বিশৃংখলতা আৰু বিদেশী ৰাষ্ট্ৰৰ আক্ৰমণ নঘটাকৈও ৰাষ্ট্ৰপতিয়ে জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে, যদি তেনে ঘটনা ঘটাৰ সম্ভাৱনাই দেখা দিয়ে। এনে জৰুৰী অৱস্থা ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী – পৰিষদৰ লিখিত অনুৰোধক্ৰমেহে ঘোষণা কৰে।

(খ) ৰাজ্যত সাংবিধানিক অচলাৱস্থাৰ বাবে জৰুৰীকালীন অৱস্থা (Emergency Owing of Failure of Constitutional Ma-chinery in States) :
সংবিধানৰ ৩৫৬ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে ৰাজ্যত জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। ৰাষ্ট্ৰপতিয়ে কোনো ৰাজ্যত সাংবিধানিক অচলাৱস্থা হোৱা বুলি ৰাজ্যপালৰ পৰা প্ৰতিবেদন পালে বা আন কোনো প্ৰকাৰে তেওঁ বিবেচনা কৰিলে সেই ৰাজ্যত ৰাজ্যিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। এনে জৰুৰীকালীন অৱস্থা ঘোষণা কৰি ৰাষ্ট্ৰপতিয়ে সেই ৰাজ্যৰ শাসন ক্ষমতা সম্পূৰ্ণৰূপে বা আংশিকভাৱে নিজৰ অধীনত ল’ব পাৰে। ইয়াক ‘ৰাষ্ট্ৰপতীয় শাসন’ বুলিও কোৱা হয়।

(গ) বিত্তীয় জৰুৰীকালীন অৱস্থা (Financial Emergency) : সংবিধানৰ ৩৬০ নং অনুচ্ছেদ অনুসৰি ৰাষ্ট্ৰপতিয়ে আর্থিক জৰুৰী অৱস্থা ঘোষণা কৰিব পাৰে। এই অনুচ্ছেদত কোৱা হৈছে যে ৰাষ্ট্ৰপতিয়ে যদি ভাৰতৰ বা ইয়াৰ যিকোনো এটা অংশত বিত্তীয় স্থিৰতা বা ঋণৰ অৱস্থা অতি সংকটাপন্ন বুলি নিশ্চিত হয় তেন্তে তেওঁ এই অনুচ্ছেদৰ সহায়ত বিত্তীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰিব পাৰে। এই ঘোষণা জাৰি কৰিলে ৰাষ্ট্ৰপতিয়ে অর্থনৈতিক পুনৰুদ্ধাৰৰ বাবে আৱশ্যকীয় বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিব পাৰে।

BA 1st Semester Political Major Assamese

প্ৰশ্ন ৫. মন্ত্ৰী পৰিষদ আৰু কেবি-নেটৰ মাজত পাৰ্থক্য
Distinction between Council of Ministers and Cabi-net
উত্তৰ:  মন্ত্রীসভা আৰু মন্ত্ৰী পৰিষদৰ মাজৰ পাৰ্থক্যবোৰ তলত আলোচনা কৰা হ’ল—
(১) মন্ত্রীসভা হ’ল মন্ত্রী-পৰিষদৰ এটা অংশ। মন্ত্রী-পৰিষদৰ আকাৰ বৃহৎ আনহাতে মন্ত্রীসভাৰ আকাৰ মন্ত্ৰী পৰিষদতকৈ সৰু কিন্তু বেছি শক্তিশালী।
(২) মন্ত্রীসভাত ১৫ ৰ পৰা ২০ জন মন্ত্রী থাকে কিন্তু মন্ত্ৰী – পৰিষদত ৫০ ৰ পৰা ৮০ জন মন্ত্রী থাকে।
(৩) সকলোধৰণৰ মন্ত্ৰীয়েই মন্ত্রী-পৰিষদৰ সদস্য আনহাতে কেৱল পূর্ণ পৰ্যায়ৰ মন্ত্ৰীসকল মন্ত্ৰীসভাৰ সদস্য।
(৪) মন্ত্রীসভাৰ বৈঠকত অকল পূৰ্ণ পৰ্যায়ৰ মন্ত্ৰীসকলে অংশ গ্ৰহণ কৰিব পাৰে, আন শ্ৰেণীৰ মন্ত্ৰীসকলক বিশেষভাৱে আমন্ত্ৰণ নকৰিলে বৈঠকত উপস্থিত নাথাকে; কিন্তু মন্ত্রী-পৰিষদৰ বৈছকত সকলো শ্ৰেণীৰ মন্ত্ৰী উপস্থিত থাকিব পাৰে।
(৫) মন্ত্রীসভাৰ প্ৰত্যেকজন সদস্য মন্ত্রী-পৰিষদৰো সদস্য কিন্তু মন্ত্ৰী-পৰিষদৰ সকলো সদস্য মন্ত্রীসভাৰ সদস্য নহয়।
(৬) মন্ত্রীসভাৰ বৈঠক সঘনে (সপ্তাহৰ অন্ততঃ এবাৰ) অনুষ্ঠিত হয়; আনহাতে মন্ত্রী-পৰিষদৰ বৈঠক সঘনে অনুষ্ঠিত নহয়।
(৭) চৰকাৰৰ নীতি নিৰ্ধাৰণ কৰা মন্ত্রীসভাৰ মুখ্য কাৰ্য; কিন্তু মন্ত্রী-পৰিষদে চৰকাৰৰ নীতি নিৰ্ধাৰণ নকৰে।
(৮) মন্ত্ৰীসভা সংবিধানৰ দ্বাৰা স্বীকৃত নহয়; সংবিধানত মন্ত্ৰীসভাৰ বিষয়ে উল্লেখ নাই, কিন্তু মন্ত্রী-পৰিষদ সংবিধান স্বীকৃত।

প্ৰশ্ন ৬. প্ৰধানমন্ত্ৰীৰ নবীকৰণৰ পদ্ধতি।
Renewal procedure of the prime: ister.
উত্তৰ:  ৰাষ্ট্ৰপতিৰ অনুগ্রহ লাভ কৰি থকালৈকে প্রধানমন্ত্ৰী গৰাকী পদত অধিষ্ঠিত হৈ থাকিব পাৰে বুলি কোৱা হৈছে যদিও প্ৰকৃততে ইয়াৰ অৰ্থ হ’ল লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থন লাভ কৰি থকালৈকে প্রধানমন্ত্ৰী গৰাকী পদত অধিষ্ঠিত হৈ থাকিব পাৰে আৰু সমর্থন হেৰুৱালে তেওঁ পদত্যাগ কৰিবলৈ বাধ্য হয়। যেতিয়া প্রধানমন্ত্ৰীৰ বিৰুদ্ধে লোকসভাত উত্থাপন কৰা অনাস্থা প্রস্তাব গৃহীত হয় বা প্রধানমন্ত্রীয়ে বিচৰা আস্থাসূচক ভোটৰ প্ৰস্তাৱটো লোকসভাই নাকচ কৰে বা বাজেট আৰু ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্রভাৱটো লোকসভাই অগ্রাহ্য কৰে তেতিয়াই প্রধানমন্ত্ৰীয়ে সংখ্যাগৰিষ্ঠৰ সমৰ্থন হেৰুওৱা বুলি ধৰা হয়।

আকৌ দলৰ কিছু সদস্যই পদত্যাগ কৰাৰ ফলত বা দলটো বিভক্ত হোৱাৰ ফলত প্ৰধানমন্ত্ৰীয়ে লোকসভাত সংখ্যাগৰিষ্ঠতা হেৰুওৱা বুলি অনুমান হয় তেন্তে ৰাষ্ট্ৰপতিয়ে তেওঁক সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নির্দেশ দিব পাৰে। সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ অস্বীকাৰ কৰিলে বা ব্যর্থ হলে ৰাষ্ট্ৰপতিয়ে তেওঁক বৰ্খাস্ত কৰিব পাৰে। সেইদৰে নিযুক্তি দিয়াৰ সময়তো (চৰণ সিঙক দিয়াৰ দৰে) ৰাষ্ট্ৰপতিয়ে এক নিৰ্দিষ্ট সময়ৰ ভিতৰত সংখ্যাগৰিষ্ঠতা প্ৰমাণ কৰিবলৈ নিৰ্দেশ দিব পাৰে আৰু ব্যর্থ হলে বা অস্বীকাৰ কৰিলে ৰাষ্ট্ৰপতিয়ে তেওঁক বৰ্খাস্ত কৰিব পাৰে৷

প্ৰশ্ন ৭. আন্তঃৰাষ্ট্ৰীয় বিষয়ত প্ৰধানমন্ত্ৰীৰ ভূমিকা।
Role of the prime minister in International Affairs.
উত্তৰ: প্রধানমন্ত্রীয়ে বৈদেশিক দপ্তৰটো নিজৰ হাতত নাৰাখিলেও তেওঁৰ যোগেদিয়েও ভাৰতৰ ভাৱমূৰ্ত্তি পৃথিৱীৰ বিভিন্ন দেশত প্রতিফলিত হয়। কমন্‌ৱেলথ প্ৰধানমন্ত্ৰীৰ সভাকে ধৰি বিভিন্ন আন্তজার্তিক সন্মিলনবিলাকত প্রধানমন্ত্রীয়ে যোগদান কৰে, অন্যান্য দেশৰ চৰকাৰৰ মুৰব্বীৰ লগত শান্তি | আৰু নিৰাপত্তা সম্বন্ধীয় বিষয়সমূহ আলোচনা কৰে, বিভিন্ন দেশ ভ্ৰমণ কৰি উভয় দেশৰ স্বাৰ্থ জড়িত বিষয়সমূহৰ ওপৰত আলোচনা চলায়, বিভিন্ন দেশৰ চৰকাৰৰ মূৰব্বী আৰু কুটনীতিসকলক সাক্ষাৎ কৰে, বিভিন্ন সময়ত বিভিন্ন দেশলৈ শুভেচ্ছাবাণী প্ৰেৰণ কৰে, বিশ্ব ৰাজনীতিত দেখা দিয়া বিভিন্ন সমস্যাসমূহৰ ওপৰত নিজৰ মনোভাৱ প্ৰকাশ কৰে, বন্ধুভাৱাপন্ন দেশসমূহৰ লগত গোপন আলোচনা চলাবৰ বাবে বিশেষ কটকী প্ৰেৰণ কৰে ইত্যাদি। উল্লেখ কৰিব পাৰি যে বৰ্তমানলৈকে এই পদত অধিষ্ঠিত হোৱা ভাতৰ আটাইগৰাকী ব্যক্তিয়েই এই ক্ষেত্ৰত উল্লেখযোগ্য ভূমিকা পালন কৰিবলৈ সক্ষম হৈছে।

লগতে পঢ়ক:   সংবিধান সভা আৰু সংবিধান – 1st Sem ৰাজনীতি বিজ্ঞান (Major)

ওপৰৰ আলোচনাৰ পৰা এই কথা স্পষ্টভাৱে ক’ব পৰা যায় যে সংসদীয় চৰকাৰত প্ৰধানমন্ত্ৰীৰ পদটো অতি ক্ষমতাশালী আৰু ভাৰতৰ ক্ষেত্ৰত এই কথা একেবাৰে প্ৰযোজ্য। কাৰণ, ভাৰতবৰ্ষত প্রধানমন্ত্ৰীজনে দেশৰ বাহিৰে ভিতৰে সকলোতে ভূমিকা পালন কৰাৰ ক্ষমতা লাভ কৰিছে। এনে এটা বিষয় নাই য’ত প্রধানমন্ত্ৰীয়ে হস্তক্ষেপ কৰিব নোৱাৰে। এক কথাত ক’বলৈ হ’লে, ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতিতকৈ কোনো গুণে কম ক্ষমতা লাভ কৰা নাই। ভাৰতৰ প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ প্ৰতি লক্ষ্য ৰাখি বহুতেই ক’বলৈ বাধ্য হৈছে যে ভাৰতত সংসদীয় প্রধান বা কেবিনেট চৰকাৰৰ প্ৰচলন হোৱা নাই বৰং প্রধানমন্ত্রী প্রধান চৰকাৰহে প্ৰৱৰ্তন হৈছে। কিন্তু ইমানবিলাক ক্ষমতাৰ অধিকাৰী হৈও কেতিয়াবা ভাৰতৰ প্ৰধানমন্ত্ৰীক অসন্তুষ্ট হোাৱহে দেখা যায়৷ উদাহৰণস্বৰূপে, ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত ১৯৭৪ চনৰ ১ জানুৱাৰীত তেওঁ অতি আবেগেৰে উল্লেখ কৰিছিল যে তেওঁৰ কোনো ক্ষমতা নাই।

ইয়াৰ অৰ্থ হ’ল এয়ে যে ভাৰতৰ প্ৰধানমন্ত্ৰীয়ে যিমান দক্ষতা অর্জন কৰিছে তাতোতকৈ আৰু বেছি ক্ষমতা প্ৰদান কৰাৰ প্ৰয়োজন। নক’লেও হ’ব যে ইন্দিৰা গান্ধীৰ প্ৰধানমন্ত্ৰীত্বৰ কালছোৱাত চৰকাৰ আৰু দল উভয়তে তেওঁ যিটো কৈছিল সেইটোকে সকলোৱে মানি ল’বলৈ বাধ্য হৈছিল। ফলত, বহুতেই তেওঁক ‘একনায়ক’ বুলিও আখ্যা দিছিল। এখন গণতান্ত্রিক দেশত য’ত সার্বভৌম ক্ষমতা জনসাধাৰণৰ ওপৰত ন্যস্ত কৰা হৈছে আৰু য’ত জনসাধাৰণে তেওঁলোকৰ প্ৰতিনিধিৰ যোগেদি আইন প্রণয়নৰ ক্ষমতা লাভ কৰিছে সেই সকলো ক্ষমতা ভাৰতৰ প্ৰধানমন্ত্ৰীজনেহে কাৰ্যকৰী কৰা যেন লাগে। গতিকে প্রধানমন্ত্রীকে দেশৰ সৰ্বেসৰ্বা বুলি ক’ব পৰা যায়।

চৰকাৰৰ অংগসমূহ BA 1st Semester Political Major

ৰচনাধর্মী প্ৰশ্ন : Essay Type Question :

প্ৰশ্ন ১. জাতিৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ ভূমিকা ব্যাখ্যা কৰা।
Explain the role of the Prime Minister as a Leader of the Nation.
Ans: প্ৰধানমন্ত্ৰীজনে তেওঁৰ দলটোক শক্তিশালী কৰা, একত্ৰিত কৰি ৰখা আৰু জনপ্ৰিয় কৰি তোলাৰ বাবে বিশেষ ভূমিকা পালন কৰিব লগা হয় প্রধানমন্ত্ৰীজনে কেনে ধৰণৰ ক্ষমতা প্রয়োগ কৰিব পাৰে সেইয়া বহু পৰিমাণে তেওঁৰ দলৰ সংসদৰ বাহিৰত আৰু ভিতৰত থকা শক্তিৰ ওপৰত আৰু তেওঁৰ
নিজৰ জনপ্ৰিয়তা আৰু ভাৱমূৰ্ত্তিৰ ওপৰত নিৰ্ভৰ কৰে। দলক শাসনত অধিষ্ঠিত কৰা আৰু বৰ্তাই ৰখাটোও প্রধানমন্ত্ৰীজনৰ দক্ষতাৰ ওপৰতে বহু পৰিমাণে নিৰ্ভৰ কৰে। প্রধানমন্ত্ৰী আৰু তেওঁৰ দলৰ মাজৰ সম্পৰ্কৰ বিষয়ে ক’বলৈ হ’লে কংগ্ৰেছ দলৰ ক্ষেত্ৰত এই সম্পৰ্ক বহু পৰিমাণে প্রধান শিক্ষক আৰু ছাত্ৰৰ মাজৰ সম্পৰ্কৰ লগত তুলনা কৰিব পাৰি। কাৰণ, পি ভি টেনডন আৰু কামৰাজ কংগ্ৰেছ দলৰ সভাপতি হৈ থকা সময়ছোৱাৰ বাহিৰে প্ৰধানমন্ত্ৰীৰ কাম কাজত হস্তক্ষেপ কৰিবলৈ কোনো এজন নেতাকে আগবাঢ়ি অহা দেখা নাযায়।

১৯৬৭ চনত দ্বিতীয়বাৰ প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁৱেই দলৰ সৰ্বেসৰ্বা হৈ পৰিল। আনকি মন্ত্রীপৰিষদ গঠন কৰা, ৰাষ্ট্রপতি পদৰ প্ৰাৰ্থী বাচনি কৰা আদি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ ক্ষেত্ৰতো দলৰ সভাপতিজনৰ পৰামৰ্শ অৱজ্ঞা কৰা হ’ল। উদাহৰণস্বৰূপে, ৰাষ্ট্ৰপতি পদৰ বাবে তেওঁ ড০ জাকিৰ হুছেইনক বাচনি কৰাৰ সময়ত কংগ্ৰেছ সভাপতি কামৰাজে ড০ ৰাধাকৃষ্ণণক দ্বিতীয় এটা কাৰ্যকালৰ বাবে বাচনি কৰাৰ পোষকতা কৰিছিল যদিও শ্রীমতী গান্ধীয়ে তেওঁৰ পৰামৰ্শ অৱজ্ঞা কৰিছিল। শেষত ১৯৬৮ চনত শ্ৰীমতী গান্ধীয়ে তেওঁৰ ঠাইত নিজলিংগপাক কংগ্ৰেছ সভাপতি হিচাপে পদত অধিষ্ঠিত কৰিছিল। ইয়াৰ উপৰিও ১৯৬৯ চনত ড০ জাকিৰ হুছেইনৰ মৃত্যুৰ পিছত কংগ্ৰেছ সংসদীয় বৰ্ডে ৰাষ্ট্ৰপতি পদৰ বাবে সঞ্জীৱ ৰেড্ডীক কংগ্ৰেছৰ টিকট দিয়াৰ বাবে সিদ্ধান্ত লৈছিল যদিও শ্রীমতী গান্ধীয়ে ভি ভি গিৰিৰ প্ৰাৰ্থীত্বক সমর্থন জনাই তেওঁ জয়ী হোৱাটো নিশ্চিত কৰিছিল আৰু ইয়াৰ ফলত কংগ্ৰেছ দলটো দুভাগত বিভক্ত হৈছিল ৷ ইয়াৰ পিছৰপৰা নিজৰ দলটোত তেওঁ অধিক শক্তিশালী হৈ পৰিছিল আৰু ডি কে বৰুৱাৰ নিচিনা ‘ইণ্ডিৰাই ভাৰত আৰু ভাৰতেই ইণ্ডিৰা’ বুলি কোৱা ধৰণৰ নেতাক নিজৰ কংগ্ৰেছ দলটোৰ সভাপতি কৰি লৈছিল। ১৯৮০ চনৰ পৰা অৱশ্যে তেওঁ নিজেই দলৰ সভাপতি আৰু প্ৰধানমন্ত্রী উভয়ে পদতে অধিষ্ঠিত হ’ল। সেইদৰে ১৯৮৪ চনৰ পৰা ১৯৮৯ চনলৈকে ৰাজীৱ গান্ধীও উভয় পদতে অধিষ্ঠিত হৈ আছিল আৰু একেদৰে নৰসিংহ ৰাৱেও দুয়োটা পদকে অলংকৃত কৰিছিল।

ওপৰৰ আলোচনাৰ পৰা এইটো স্পষ্টভাৱে প্ৰকাশ পাইছে যে কংগ্ৰেছ দলটো প্ৰধানমন্ত্ৰীজনৰ সম্পূৰ্ণ অধীনত আৰু সেয়ে প্রধানমন্ত্ৰীজনৰ কাৰ্যকলাপত হস্তক্ষেপ কৰিবলৈ কোনো নেতাই সাহস নকৰে। কিন্তু অন্যহাতেদি জনতাদলৰ চমু শাসন কালৰ অভিজ্ঞতাৰ পৰা দেখা যায় যে প্রধানমন্ত্ৰীৰ ওপৰত দলৰ শাসন আছিল। উদাহৰণস্বৰূপে প্রধানমন্ত্রী দেশাইয়ে চৰঙ সিঙক মন্ত্রীসভাৰ পৰা বৰ্খাস্ত কৰিছিল যদিও দলৰ হেঁচাত তেওঁ পুনৰ ল’বলৈ বাধ্য হৈছিল।

BA 1st Semester Political Major Assamese

প্ৰশ্ন ২. সংসদৰ নেতা হিচাপে প্ৰধানমন্ত্ৰীৰ ভূমিকা সম্পৰ্কে এটা টোকা লিখা।
Write a note on the Role of the Prime Minister as a Leader of the Parliament.
Ans: সংসদত যিটো দলেই নিৰ্বাচনত সংখ্যাগৰিষ্ঠতা লাভ কৰে সেই দলৰ নেতাজনকে ৰাষ্ট্ৰপতিয়ে প্রধানমন্ত্রী হিচাবে নিযুক্তি দিয়ে। এই অর্থত প্ৰধানমন্ত্ৰীজন সংসদৰো নেতা হৈ পৰে। সংসদৰ নেতা হিচাবে প্রধানমন্ত্রীয়ে সংসদৰ প্ৰায় সকলো কামতে নেতৃত্ব দিয়াৰ দায়িত্ব বহন কৰে। দেশৰ আভ্যন্তৰীণ বা বৈদেশিক সকলো নীতি আৰু সিদ্ধান্তৰ কথা প্রধানমন্ত্রীয়ে ঘোষণা কৰে ৷ সেয়ে জাতীয় বা আন্তঃৰাষ্ট্ৰীয় সমস্যাবিলাকৰ ক্ষেত্ৰত সকলোৱে প্রধানমন্ত্ৰীৰ পৰা জানিবলৈ আৰু তেওঁৰ উপদেশ বা প্ৰেৰণালৈ বাট চাই ৰৈ থাকে ৷ এইবিলাক বিষয়ত চৰকাৰৰ সিদ্ধান্তৰ কথা প্ৰধানমন্ত্ৰীজনেই দাঙি ধৰে।

কেতিয়াবা চৰকাৰৰ কোনো কামত বা কোনো এজন নিৰ্দিষ্ট মন্ত্ৰীৰ কাম কাজত অসন্তুষ্ট হ’লে সংসদত বিৰোধী দলে বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন কৰি বা চৰকাৰৰ বিৰুদ্ধে অভিযোগ আনি বিমোৰত পেলোৱা দেখা যায়। চৰকাৰৰ বিৰুদ্ধে বা কোনো এজন মন্ত্ৰীৰ বিৰুদ্ধে এনে অভিযোগ উত্থাপন হ’লে প্রধানমন্ত্ৰীয়ে হস্তক্ষেপ কৰি উদ্ধাৰ কৰিব পাৰে। সেইদৰে কিছুমান আভ্যন্তৰীণ বিষয়ৰ ওপৰত মতানৈক্য দূৰ কৰিবৰ বাবে প্ৰধানমন্ত্ৰীয়ে বিৰোধী দলসমূহৰ নেতাসকলৰ লগত আগতীয়াকৈ আলোচনা আৰম্ভ কৰে৷ মুঠতে, প্রধানমন্ত্ৰীজনক সংসদৰ গুৰিয়াল বুলি ক’ব পৰা যায়। অৱশ্যে, প্রধানমন্ত্রীজনে সংসদত কোনোধৰণৰ ভূমিকা ল’ব সেয়া নিৰ্ভৰ কৰে বিশেষকৈ সংসদত দলটোৰ শক্তিৰ ওপৰত। কাৰণ, সংবিধানৰ বিধি অনুসৰি মন্ত্ৰীপৰিষদখন সমূহীয়াভাৱে সংসদৰ ওপৰত দায়বদ্ধ হোৱাৰ বাবে দলটোৰ প্ৰয়োজনীয় সংখ্যাগৰিষ্ঠতা নাথাকিলে প্রধানমন্ত্রীজনে গুৰুত্বপূর্ণ ভূমিকা পালন কৰাটো। সম্ভৱ নহয়। অর্থাৎ, সংসদে প্রধানমন্ত্রীজনৰ কাম-কাজ সীমিত কৰি ৰাখিব। কিন্তু অনাহাতেদি যদি দলটোৰ অৱশ্যকীয় সংখ্যাগৰিষ্ঠতা থাকে তেন্তে সংসদে প্রধানমন্ত্রীজনক বান্ধি ৰাখিব নোৱাৰে। অৱশ্যে এনে হলেও পণ্ডিত নেহৰুরে সংসদৰ প্ৰতি যথেষ্ট সম্মান প্রদর্শন কৰিছিল। সংসদ অধিৱেশন কালত তেওঁ যথেষ্ট সময় সংসদত অতিবাহত কৰিছিল আৰু বিৰোধী দলৰ সদস্যসকলৰ মতামতবিলাক গুৰুত্ব সহকাৰে শুনিছিল আৰু ভাল পৰামৰ্শখিনি গ্ৰহণ কৰিছিল। উদাহৰণস্বৰূপে – বিৰোধী দলৰ সদস্যসকলৰ দাবীৰ প্ৰতি সঁহাৰি জনাই দি আই. আৰ. ত আটক কৰা লোকসকলৰ সম্পত্তি বাজেয়াপ্ত কৰিবৰ বাবে উত্থাপন কৰিব বিচৰা বিধেয়কখন পৰিহাৰ কৰিছিল। ঠিক সেইদৰে একেটা কাৰণতে ১৮তম সংশোধনী বিধেয়কখনো পৰিহাৰ কৰিছিল। আকৌ ১৯৬০ চনৰ চীনৰ সৈতে থকা সীমা বিবাদৰ ওপৰত শ্বেতপত্ৰ প্ৰকাশ কৰিছিল।

কিন্তু, অন্যহাতেদি শ্রীমতী ইন্দিৰা গান্ধীয়ে সংসদৰ প্ৰতি ভাৱধাৰা বেলেগ ধৰণৰ আছিল। ১৯৬৯ চনত কংগ্ৰেছ দল দুভাগত বিভক্ত হোৱাৰ বাবে সংসদত শ্রীমতী ইন্দিৰা গান্ধীৰ দল সংখ্যালঘু হৈ পৰা সময়ত সংসদৰ প্ৰতি তেওঁৰ ভাৱধাৰা কিছু নমনীয় আছিল যদিও ১৯৭১ চনত দুই-তৃতীয়াংশৰ সংখ্যাগৰিষ্ঠতাৰে পুনৰ ক্ষমতালৈ অহাত তেওঁৰ ভাৱধাৰা সম্পূর্ণ সলনি হোৱা দেখা গৈছিল। কাৰণ, বিৰোধী দলৰ সদস্যসকলৰ দাবীৰ প্ৰতি ভ্রুক্ষেপ নকৰি আভ্যন্তৰীণ সুৰক্ষা আইনকে ধৰি কেইবাখনো এনে ধৰণৰ আইন প্রণয়ন কৰিছিল। এইবিলাকৰ উপৰিও ৩৯তম আৰু ৪২তম সংশোধনী কেইটা বিৰোধী দলৰ সদস্যসকলৰ দাবীৰ বিপৰীতে ঘটোৱা হৈছিল। ১৯৮০ চনত পুনৰ ক্ষমতালৈ ঘূৰি অহাৰ পিছতো (১৯৭৭-১৯৭৯ জনতা দলে ক্ষমতা দখল কৰিছিল) সংসদৰ প্ৰতি তেওঁৰ মনোভাৱ সলনি হোৱা নাছিল। উল্লেখযোগ্য যে তেওঁ ভালেমান বিষয়ৰ ওপৰত ৰাষ্ট্ৰপতিৰ যোগেদি অধ্যাদেশ জাৰি কৰাই লৈছিল। উদাহৰণস্বৰূপে – (সংসদ অধিৱেশন স্থগিত থকাৰ সময়ত) পিছত সংসদত অনুমোদন কৰা হৈছিল । উদাহৰণস্বৰূপে ১৯৭৫ চনত ২৯ খন, ১৯৮০ চনত ১৯ খন অধ্যাদেশ জাৰি কৰাইছিল। ১৯৭৫ চনত ২৯ খন, ১৯৮০ চনত ১৯ খন আকৌ সংসদৰ অধিৱেশন কালত সংসদত তেওঁ খুউব কমেহে উপস্থিত আছিল।

১৯৮১ চনত সংসদ অধিবেশন আৰম্ভ হোৱাৰ আগে আগে তেওঁ ৯ দিনৰ বাবে বিদেশ ভ্ৰমণলৈ গেছিল আৰু তেওঁৰ অনুপস্থিতিতে সংসদ অধিবেশন আৰম্ভ হৈছিল। গতিকে ক’ব পৰা যায় যে শ্রীমতী গান্ধীয়ে সংসদক অৱজ্ঞা কৰি চলিবলৈ যত্ন কৰিছিল।

BA 1st Semester Political Major Assamese

প্ৰশ্ন ৩. ভাৰতত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ মাজৰ সম্পৰ্ক।
Relationship between the president and Prime Minister in India.
Ans: অনুচ্ছেদ নং ৭৪ অনুসৰি প্ৰধানমন্ত্ৰী হৈছে মন্ত্রীপৰিষদৰ মূৰব্বী আৰু মূৰব্বী হিচাবে তেওঁ মন্ত্ৰীপৰিষদখন গঠন কৰে আৰু বিভিন্ন মন্ত্ৰীসকলৰ মাজত দপ্তৰসমূহ বিতৰণ কৰে। সেইদৰে সংবিধানৰ ৭৮ নং অনুচ্ছেদে প্রধানমন্ত্ৰীৰ দায়িত্ব আৰু কৰ্তব্য সম্পর্কে ব্যাখ্যা দাঙি ধৰিছে। এই কৰ্তব্যসমূহৰ ভিতৰত প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি আৰু চৰকাৰৰ লগত সম্বন্ধ স্থাপন কৰাৰ বিষয়েও উল্লেখ আছে। ৭৮ নং অনুচ্ছেদত ব্যাখ্যা কৰা কৰ্তব্যসমূহৰ ভিতৰত আছে—
১। মন্ত্রীপৰিষদে গ্ৰহণ কৰা সকলো সিদ্ধান্ত ৰাষ্ট্ৰপতিক জনোৱা;
২। ৰাষ্ট্ৰপতিয়ে বিচাৰিলে কেন্দ্ৰৰ প্ৰশাসন সম্পৰ্কীয় বিষয়কে ধৰি অন্যান্য বিষয়ৰ ওপৰত খবৰ আৰু তথ্য যোগান ধৰা আৰু
৩। কোনো মন্ত্ৰীয়ে ব্যক্তিগতভাৱে গ্ৰহণ কৰা সিদ্ধান্ত যদি মন্ত্রীপৰিষদৰ দ্বাৰা গ্ৰহণ কৰা হোৱা নাই তেন্তে ৰাষ্ট্ৰপতিয়ে আৱশ্যক অনুভৱ কৰিলে মন্ত্ৰীপৰিষদৰ দ্বাৰা সেই সিদ্ধান্ত গ্ৰহণ কৰাই ল’বলৈ মন্ত্ৰীজনক বাধ্য কৰোৱা আদি।

সাধাৰণতে, ৰাষ্ট্ৰপতি গৰাকীয়ে সাংবিধানিক মূৰব্বী হিচাবে প্রধানমন্ত্ৰীৰ উপদেশ মতে কাম কৰিলেও কেতিয়াবা কিঠুমান বিষয়ত প্রধানমন্ত্রী আৰু ৰাষ্ট্ৰপতিৰ মাজত মত পার্থক্য নঘটাকৈ নাথাকে৷ এনে মত পার্থক্য আনকি ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু প্ৰধানমন্ত্রী নেহৰুৰ মাজতো ঘটিছিল। পাছত ড০ ৰাধাকৃষ্ণণ, নেহৰু আৰু ইন্দিৰা গান্ধী, ভি. ভি. গিৰি আৰু ইন্দিৰা গান্ধী, জেইল সিং আৰু ৰাজীৱ গান্ধীৰ মাজতো ঘটিছিল। অৱশ্যে এনে ধৰণৰ মনোমালিন্য এৰাই চলাৰ বাবে বহু সময়ত ৰাষ্ট্ৰপতিৰ মনোভাৱ জানিবৰ বাবে প্রধানমন্ত্ৰীয়ে তেওঁৰ লগত আগতীয়াকৈ আলোচনা অনুষ্ঠিত কৰে৷ এইবিলাকৰ উপৰিও চৰকাৰে যেতিয়া ৰাজনৈতিক বা সাংবিধানিক সংকটৰ মুখামুখী হ’বলগীয়া পৰিস্থিতিৰ উদ্ভৱ হয় তেতিয়া ৰাষ্ট্ৰপতিৰ লগত প্ৰধানমন্ত্ৰীয়ে সঘনে
আলোচনাত বহে যাতে দুয়োজনে দুয়োজনৰ মনোভাৱ জানিব পাৰে।

এইখিনিতে উল্লেখ কৰিব পাৰি যে এতিয়ালৈকে ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হোৱা ব্যক্তিসকলৰ ভিতৰত ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সঞ্জীৱ ৰেড্ডীৰ বাহিৰে সকলোৱেই প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতি। ড০ ৰাজেন্দ্ৰ প্ৰসাদ প্রথমে সংবিধান সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হৈছিল আৰু তাৰ পিছত ১৯৫০, ১৯৫২
আৰু পুনৰ ১৯৫৭ চনত পণ্ডিত নেহৰুৰ ইচ্ছাৰ বিৰুদ্ধে ৰাষ্ট্ৰপতি নির্বাচিত হৈছিল। অৱশ্যে তেওঁক সহায় কৰিছিল মৌলানা আজাদে। সেইদৰে সঞ্জীৱ ৰেড্ডীও প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতি নাছিল; কাৰণ, ১৯৭৭ চনত তেওঁ সৰ্বসন্মতভাৱে নির্বাচিত হৈছিল ৷ এওঁলোক দুজনৰ বাদে বাকীসকলক প্রধানমন্ত্ৰীৰ ৰাষ্ট্ৰপতি বুলি ক’ব পৰা যায়; কাবণ, তেওঁলোক আটাইয়েই প্ৰধানমন্ত্ৰীৰ মনোনীত প্রার্থী। আছিল আৰু সেয়ে এওঁলোক দুজনৰ বাদে বাকীসকলে প্রধানমন্ত্রীয়ে বিচৰাধৰণেই কাম-কাজ চলাইছিল। ড০ ৰাজেন্দ্ৰ প্ৰসাদ আৰু সঞ্জীৱ ৰেড্ডীহে ইয়াৰ ব্যতিক্ৰম আছিল। এওঁলোক বহুত সময়ত নিজৰ ক্ষমতা আৰু কতৃত্বৰ প্ৰতি সচেতন হৈ প্ৰধানমন্ত্ৰীয়ে আশা নকৰা ধৰণৰ বিবৃতি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল। উদাহৰণস্বৰূপে – ড০ ৰাজেন্দ্র প্রসাদে ১৯৬০ চনত দিল্লীত আইন প্রতিষ্ঠান এটাৰ আধাৰশিৰা স্থাপন কৰি ৰাষ্ট্ৰপতিৰ ক্ষমতা আৰু কৰ্তৃত্বৰ ওপৰত প্ৰশ্নৰ অৱতাৰণা কৰি বিতৰ্কৰ সূচনা কৰিছিল। তেওঁ আনকি ইংলেণ্ডৰ ৰাণীৰ সৈতে ভাৰতৰ ৰাষ্ট্ৰপতিৰ পদমর্যাদা একেধৰণৰ বুলি কৰা ধাৰণাটো মালি’বলৈ অস্বীকাৰ কৰিছিল। ইয়াৰ উপৰিও ড০ ৰাজেন্দ্ৰ প্ৰসাদে প্রধানমন্ত্ৰীৰ উপদেশ উপেক্ষা কৰি সৰদাৰ পেটেলৰ অন্ত্যোষ্টিক্রিয়াতে উপস্থিত থকাকে ধৰি ভালেমান কাম কৰাৰ উদাহৰণ আছে। সেইদৰে ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদে তেওঁক অৱজ্ঞা কৰি কিছুমান উচ্চপদস্থ বিষয়াক নিযুক্তি দিয়াকে ধৰি প্ৰধানমন্ত্ৰীৰ কিছুমান কামৰ প্রতিবাদ জনাই প্রধানমন্ত্রীলৈ চিঠিও লিখিছিল। ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্র প্রসাদে আনকি সেই সময়ৰ সেনাধ্যক্ষ জেনেৰেল থিমায়াই (General Thimmayya) পদত্যাগ কৰা কথাটো তেওঁৰ পৰা লুকুৱাই ৰখাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী কৃষ্ণ মেননকো ৰিষ্কাৰ কৰিছিল | আৰু এই সম্পৰ্কে প্ৰধানমন্ত্রী নেহৰুলৈ তেওঁ চিঠি লিখিও বিষয়টো অৱগত কৰিছিল। এইবিলাকৰ পৰা ক’ব পৰা যায় যে ৰাষ্ট্ৰপতি ড০ ৰাজেন্দ্ৰ প্ৰসাদে

প্রধানমন্ত্ৰী নেহৰুৰ পৰামৰ্শমতে কিছুমান কাম কৰিবলৈ অমান্তি হৈছিল আৰু তেওঁ (প্রধানমন্ত্রীয়ে) ভাল নোপোৱা ধৰণৰ কাম কৰি যাবলৈও দ্বিধাবোধ কৰা নাছিল। একে ধৰণে ৰাষ্ট্ৰপতি সঞ্জীৱ ৰেড্ডীয়েও তেওঁৰ কতৃত্ব আৰোপ কৰাৰ চেষ্টা কৰিছিল। উদাহৰণস্বৰূপে প্ৰধানমন্ত্রী মোৰাৰজী দেশাইৰ পিছত তেওঁ প্রধানমন্ত্ৰীক ৰাষ্ট্ৰক সম্বোধি কোনোধৰণৰ বিবৃতি ঘোষণা নকৰিবলৈ, কোনো ধৰণৰ নীতি সম্বন্ধীয় সিদ্ধান্ত গ্ৰহণ নকৰিবলৈ, সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক নিযুক্তি নিদিবলৈ আৰু অনগ্ৰসৰ শ্ৰেণীৰ বাবে চাকৰি সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ নকৰিবলৈ পৰামৰ্শ দিছিল। কিন্তু ১৯৮০ চনত শ্ৰীমতী ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হোৱাৰ পিছত তেওঁ প্ৰধানমন্ত্ৰীৰ হেঁচাত পৰি কিছু কাম কৰিবলগীয়া হৈছিল। এইক্ষেত্ৰত তেওঁৰ ৯ খন ৰাজ্যৰ অ-কংগ্ৰেছী চৰকাৰ ভংগ আৰু তামিলনাডু আৰু ৰাজস্থানৰ ৰাজ্যপাল ক্ৰমে প্ৰভুদাস পাটোৱাৰী আৰু ৰঘুকুল তিলকক বৰ্খাস্ত কৰাৰ কথা উল্লেখ কৰিব পাৰি ৷ অৱশ্যে পিছলৈ তেওঁ কিছুমান বিষয়ত এনেধৰণৰ কিছুমান বিবৃতি প্ৰকাশ কৰিছিল যিবিলাকে চৰকাৰক অতীষ্ঠ কৰি তুলিছিল।

উদাহৰণস্বৰূপে – ৰাজ্যবিলাকলৈ অধিক ক্ষমতা হস্তান্তৰ কৰা, উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলক বদলি কৰা বিষয়টো মুখ্য ন্যায়াধীশে তেওঁৰ লগত আলোচনা নকৰা বিলতো সর্বোচ্চ ন্যায়ালয়ক জনাবলৈ চলিচিটৰ জেনেৰেলক নিৰ্দেশ দিয়া আদি।এইবিলাকৰ উপৰিও ৰাষ্ট্ৰপতিয়ে দেশৰ আইন-শৃংখলা পৰিস্থিতিৰ অৱনিত ঘটা, অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি, নিবনুৱা সমস্যা, দুনীৰ্তি আৰু মুখ্যমন্ত্ৰীসকলক মনোনীত কৰা আদি বিষয়ত চৰকাৰক তীব্ৰভাৱে সমালোচনা কৰিছিল।

ওপৰৰ আলোচনাৰ পৰা ক’ব পৰা যায় যে ৰাষ্ট্ৰপতি সঞ্জীৱ ৰেড্ডী আৰু প্ৰধানমন্ত্ৰী শ্ৰীমতী ইন্দিৰা গান্ধীৰ মাজৰ সম্পৰ্ক সৌহাদ্যপূর্ণ নাছিল আৰু এইকাৰণতে প্রধানমন্ত্রীয়ে সপ্তাহত অন্ততঃ এবাৰকৈ ৰাষ্ট্ৰপতিক দেখা কৰাৰ যি প্ৰথা পণ্ডিত নেহৰু আৰু প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাইয়ে অব্যাহত ৰাখিছিল শ্ৰীমতী গান্ধীয়ে সেই প্ৰথাৰ বিলুপ্তি ঘটাইছিল। অর্থাৎ, সংবিধানৰ ৭৮ নং আনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিক বিভিন্ন বিষয়ৰ ওপৰত অৱগত কৰাৰ যি ব্যৱস্থা আছে সেই ব্যৱস্থা তেওঁ উলংঘা কৰিছিল। আনকি ড০ ৰাধাকৃষ্ণণৰ বেলিকাও তেওঁ একে ব্যৱহাৰকে অব্যাহত ৰাখিছিল।

চৰকাৰৰ অংগসমূহ Political Science Major Dibrugarh University

প্ৰশ্ন 4. লোকসভাৰ গঠন ক্ষমতা আৰু কাৰ্যৰ বিষয়ে আলোচনা কৰা।
Discuss about the composition Powers and Functions of Lok Sabha.
Ans: লোকসভাৰ ক্ষমতা আৰু কাৰ্যাৱলী— সংবিধান অনুসৰি লোকসভাই নিজাববীয়াকৈ প্ৰয়োগ কৰিব পৰ ক্ষমতা অতি সীমিত । লোকসভাক যিবিলাক ক্ষমতা দিয়া হৈছে সেইবিলাকৰ ৩ টা ভাগত ভাগ কৰিব পৰা যায়—
১) কিছুমান ক্ষমতা ৰাজ্যসভাৰ সৈতে যুটীয়াভাৱে প্রয়োগ কৰে;
২) কিছুমান ক্ষমতা নিজে স্বতন্ত্রভাৱে প্ৰয়োগ কৰে;
৩) কিছুমান ক্ষমতা ৰাজ্যসভাৰ সৈতে একমতত উপনীত হৈ কৰিব পাৰে।

লোকসভাই কেন্দ্রীয় তালিকাত অন্তর্ভুক্ত ৯৮ টা বিষয় (অঃ ২৪৬ (১)), উমৈহতীয়া তালিকাৰ ৫২ টা বিষয় (অঃ ২৪৬ (২)) আৰু তিনিওখন তালিকাত অন্তৰ্ভুক্ত নকৰা অৰ্থাৎ অৱশিষ্ট বিষয় ২৪৮ (১) সমূহৰ ওপৰত ৰাজ্যসভাৰ লগত যুটীয়াভাৱে আইন প্রণয়ন কৰে। ইয়ৰোপৰি, লোকসভাই ৰাজ্যিক তালিকাত অন্তৰ্ভুক্ত কৰা বিষয়সমূহৰ ওপৰতো আইন প্রণয়ন কৰিব পাৰে যদি—

লগতে পঢ়ক:   সংবিধান সভা আৰু সংবিধান – 1st Sem ৰাজনীতি বিজ্ঞান (Major)

(ক) ৰাজ্যসভাৰ দুই তৃতয়ীংশ উপস্থিত আৰু ভোটদানকাৰী সদস্যই জাতীর স্বাৰ্থৰ খাতিৰত ৰাজ্যিক তালিকাভুক্ত কোনো এটা বিষয়ৰ ওপৰত সংসদে আইন প্রণয়ন কৰাটো আৱশ্যক বুলি প্ৰস্তাৱ গ্ৰহণ কৰে । (অঃ ২৪৯),

(খ) দুখন বা তাতোধিক ৰাজ্যৰ বিধানসভাই তেওঁলোকৰ হৈ সংসদে ৰাজ্যিক তালিকাৰ কোনো বিষয়ত আইন প্রণয়ন কৰিবলৈ সংসদক কর্তৃত্ব প্রদান
কৰি প্ৰস্তাৱ গ্ৰহণ কৰে (অঃ ২৫২ (১)),

(গ) ৩৫২ নং অনুচ্ছেদৰ অধীনত দেশত জাতীয় জৰুৰীকালীন অৱস্থা ঘোষণা কৰে (অ: ২৫০ (১)),

(ঘ) ৩৫৬ নং অনুচ্ছেদৰ অধীনত ৰাজ্যত সাংবিধানিক সংকট ঘোষণা কৰে। আকৌ লোকসভাই আন্তর্জাতিক চুক্তি কাৰ্যকৰী কৰাৰ বাবে ৰাজ্যিক সূচীভুক্ত বিষয়সমূহকে ধৰি সকলো বিষয়তে আইন প্রণয়ন কৰিব পাৰে  এইবিলাকৰ উপৰিও লোকসভাই আৰু কিছুমান বিষয়ৰ ওপৰত আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত অংশগ্ৰহণ কৰিব পাৰে। সেইবিলাকৰ ভিতৰত আছে—

(ক) কোনো ৰাজ্যক ভাৰত যুক্তৰাষ্ট্ৰৰ লগত সামৰি লোৱা বা নতুন ৰাজ্য সৃষ্টি কৰা (অঃ ২ আৰু ২),
(খ) মৌলিক অধিকাৰ ভোগ কৰাৰ ক্ষেত্ৰত আৱশ্যকীয় বাধা আৰোপ কৰা বা অনুসূচীত জাতি, জনজাতি, সামাজিক আৰু শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ শ্ৰেণীৰ লোক, মহিলা আৰু শিক্ষাৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা (অঃ ১৫ (৪), ১৬ (৪), ১৯ (৪), ২২(৭), ৩১ (গ) ৩৩, ৩৪ আৰু ৩৫)
(গ) নির্দেশাত্মক নীতি কাৰ্যকৰীকৰণৰ বাবে;
(ঘ) ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি, ৰাজ্যপাল, ৰাজ্যসভাৰ, উপ-সভাপতি, লোকসভাৰ, অধ্যক্ষ, উপাধ্যক্ষ, সদস্য, উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ, কেন্দ্রীয় লোকসেৱা আয়োগৰ সভাপতি আৰু সদস্য, এটির্নি জেনেৰেল, মুখ্য নির্বাচনী আয়ুক্ত আৰু কেন্দ্ৰীয় মন্ত্ৰীসকলৰ দৰ্মহা আৰু বানচ নিৰ্ধাৰণ কৰা (অঃ ৫৯)

(ঙ) লোকসভাৰ আসন পুনৰ নিৰ্ধাৰণ (অঃ ৮২, ১৭১), ৰাজ্যিক বিধান সভাৰ আসন পুনৰ নিৰ্ধাৰণ (অঃ ১৭০ (৩)), বিধান পৰিষদ গঠন কৰা ভঙ্গ কৰা (অঃ ১৭০ (৩), ১৭১ (২)), কেন্দ্ৰীয় শাসিত অঞ্চলৰ বিধান সভা গঠন কৰা (অঃ ২৩৯ (ক), অসমৰ ভিতৰত জনজাতীয় স্বায়ত্ব শাসিত ৰাজ্য সৃষ্টি কৰা (অঃ ২৪৪ (ক) জৰুৰীকালীন অৱস্থাৰ সময়ত লোকসভা আৰু ৰাজ্যিক বিধানসভাৰ কাৰ্যাকাল বৃদ্ধি (অ: ৮৩ আৰু ১৭২) ইত্যাদি;

(চ) অধ্যাদেশত অনুমোদন জনোৱা বা নজনোৱা (অঃ ১২৩ (২));
(ছ) উচ্চতম ন্যায়ালৰ গঠন (অঃ ১২৪ (১)), উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ ক্ষমতা বৃদ্ধি (অঃ ১৩৪ (২), ২৩০ (১)), দুখন বা ততোধিক ৰাজ্যিক বাবে উমৈহতীয়া উচ্চ ন্যায়ালয় গঠন (অঃ ২৩১ (১)) ইত্যাদি।
(জ) নৈৰ পানী বিতৰণৰ ক্ষেত্ৰত উদ্ভৱ হোৱা বিবাদ নিষ্পত্তিকৰা (অঃ ২৬২ (১));

(ঝ) বিত্তীয় আয়োগৰ সদস্যসকলৰ অৰ্হতা আৰু ক্ষমতা নিৰ্ধাৰণ কৰা (অ: ২৮০ (২) ২৮০ (8));
(ঞ) নতুন সৰ্বভাৰতীয় সেৱা গঠন (অঃ ৩১২);
(ট) দুখন বা তাতোধিক ৰাজ্যৰ বাবে যুটীয়া লোক সেৱা আয়োগ গঠন (অঃ ৩১৫ (২)) আৰু কেন্দ্ৰীয় লোক সেৱা আয়োগৰ ক্ষমতা বৃদ্ধি (অঃ ৩২১),
(ঠ) ভোটাৰ তালিকা আৰু সমষ্টি পুনৰ নিৰ্ধাৰণকে ধৰি সংসদ আৰু ৰাজ্যিক বিধান সভাৰ নিৰ্বাচন সম্পৰ্কীয় বিষয় (অঃ ৩২৭);
(ড) অনুসূচীত জনজাতিৰ তালিকা প্রস্তুত (অঃ ৩৪২ (২));
(ঢ) উচ্চতম, উচ্চ ন্যায়ালয় আৰু সংসদৰ আইন আৰু বিধেয়কৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিবলগীয়া ভাষা নিৰ্ধাৰণ (অ : ৩৪৮); আৰু
(ণ) বিত্তীয় ব্যৱসায়ৰ ক্ষেত্ৰত নীতি নিৰ্ধাৰণ (অঃ ১১৯)।

ওপৰত উল্লেখ কৰা সকলোবিলাক বিষয়ৰ ওপৰত লোকসভআ আৰু ৰাজ্যসভাই যুটীয়াভাৱে আইন প্রণয়ন কৰে আৰু এনে যিকোনো বিষয়ৰ বিধেয়ক যিকোনো এটা সদনতে উত্থাপন কৰিব পাৰে। ইয়াৰে কোনো এটা বিষয়ৰ ওপৰত দুয়োখন সদনৰ মাজত মত পার্থক্য হ’লে ৰাষ্ট্ৰপতিয়ে যুটীয়া
বৈঠক আহ্বান কৰিব পাৰে। এই যুটীয়া বৈঠকত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে আৰু যুটীয়া বৈঠকৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সন্মতি সাপেক্ষে সিদ্ধান্ত গ্ৰহণ কৰা হয় (অঃ ১০৮ (৩))। এতিয়ালৈকে দুবাৰ এনেধৰণৰ যুটীয়া বৈঠক অনুষ্ঠিত হৈছে। প্রথম ১৯৬১ চনত যৌতুক প্রথা নিবাৰণ বিধেয়ক, দ্বিতীয়খন ১৯৭৮ চনত বেংকিং সেৱা আয়োগ বাতিলকৰণ সম্পৰ্কীয় বিধেয়কৰ (১৯৭৭ চন) ওপৰত যুটীয়া বৈঠক অনুষ্ঠিত হৈছিল।

(২) কিছুমান ক্ষমতা লোকসভাই নিজে প্রয়োগ কৰিব পাৰে। এইবিলাকত হয় ৰাজ্যসভাৰ একো কৰিবলগীয়া নাথাকে বা কিবা কৰিবলগীয়া থাকিলেও বিশেষ কোনো গুৰুত্বপূৰ্ণ নহয়। এইবিলাক লোকসভাই নাকচ কৰিব পাৰে।
এইবিলাকৰ ভিতৰত আছে—

(ক) অধ্যক্ষ আৰু উপাধ্যক্ষৰ নিৰ্বাচন আৰু অপসাৰণঃ লোকসভাৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পিছত বা কোনো কাৰণত অধ্যক্ষ বা উপাধ্যক্ষৰ পদ খালী হ’লে লোকসভাই তেওঁলোকৰ নিজৰ সদস্যসকলৰ পৰা অধ্যক্ষ আৰু উপাধ্যক্ষক নির্বাচিত কৰি ল’ব পাৰে (অঃ ৯৩) । সেইদৰে ১৪ দিনৰ পূৰ্বে জাননী জাৰী কৰি লোকসভাৰ সংখ্যাগৰিষ্ঠ সদস্যৰ সমৰ্থনেৰে প্ৰস্তাৱ গ্ৰহণ কৰি অধ্যক্ষ আৰু উপাধ্যক্ষক বৰ্খাস্ত কৰিব পাৰে। উল্লেখযোগ্য যে বৰ্ত্তমানলৈকে যদিও কোনো এজন লোকসভাৰ অধ্যক্ষ অপসাৰিত হোৱা নাই তথাপি কেইবাজনো অধ্যক্ষ, বিৰুদ্ধে এনে ধৰণৰ প্ৰস্তাৱ উত্থাপন কৰা হৈছিল।

এইসকলৰ ভিতৰত আছিল ভাৰতৰ প্ৰথমজন লোকসভাৰ অধ্যক্ষ জি.ভি. মাভেলাঙ্কৰ। এওঁৰ বিৰুদ্ধে ১৯৫৪ চনৰ ১৯ ডিচেম্বৰত প্ৰস্তাৱ উত্থাপিত হৈছিল, ১৯৬৬ চনত সদা হুকুম সিংৰ বিৰুদ্ধে, ১৯৭০ চনত গুৰদয়াল সিং আৰু ১৯৮৫ চনত বলৰাম ঝাখৰৰ বিৰুদ্ধে।

(খ) মন্ত্রীপৰিষদৰ ওপৰত নিয়ন্ত্রণ : মন্ত্ৰী পৰিষদখন সমূহীয়াভাৱে লোকসভাৰ ওপৰত দায়বদ্ধ হোৱাৰ ব্যৱস্থা থকাৰ বাবে লোকসভাই মন্তৰী পৰিষদক নিয়ন্ত্ৰণ ৰাখিব পাৰে। অৰ্থাৎ মন্ত্ৰীপৰিষদৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি মন্ত্ৰীপৰিষদক বৰ্খাস্ত কৰিব পাৰে। এইখিনিতে উল্লেখ কৰিব পৰা যায় যে এতিয়ালৈকে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰি বা আস্থাসূচক ভোট নাকচ কৰি যদিও কোনো এখন মন্ত্রীসভাক বৰ্খাস্ত কৰা হোৱা নাই তথাপিও ১৯৭৯ চনত ওৱাই, বি চবনে উত্থাপন কৰা অনাস্থাসূচক ভোটত পৰাজিত হোৱাৰ ভয়ত মোৰাৰজী দেসাই মন্ত্ৰীসভাই আৰু তাৰ পিছত চৰণ সিঙৰ মন্ত্ৰীসভাই পদত্যাগ কৰিছিল। ইয়াৰ উপৰিও মন্ত্রীসভাই সংসদত বাজেট আৰু ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ গ্ৰহণ কৰাব নোৱাৰিলে মন্ত্রীসভাই পদত্যাগ কৰিব লাগে। অৱশ্যে ৰাজ্যসভাই অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলে বা আস্থাসূচকৰ ভোট বা বাজেট তথা ৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ নাকচ কৰিলেও মন্ত্রীপৰিষদে পদত্যাগ কৰিবলৈ বাধ্য নহয়। উদাহৰণস্বৰূপে, ১৯৭৭ চনত ৰাজ্যসভাই এখন বিত্তীয় বিধেয়ক আৰু ১৯৭৮ চনতৰাষ্ট্ৰপতিৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱটো নাকচ কৰিছিল যদিও চৰকাৰে পদত্যাগ কৰা নাছিল ৷

(গ) বিত্তৰ ওপৰত লোকসভাৰ নিয়ন্ত্ৰণঃ বিত্তৰ ক্ষেত্ৰত লোকসভাৰ সম্পূৰ্ণ নিয়ন্ত্রণ আছে। কাৰণ সকলোবিলাক বিত্তীয় বিধেয়ক লোকসভাত উত্থাপন কৰাৰ ব্যৱস্থা আছে আৰু ৰাজ্যসভাই কেৱল ১৪ দিনৰ বাবে বিধেয়ক ৰাখিব পাৰে (অঃ ১০৯, ১০৯ (৫)। ১৪ দিনৰ ভিতৰত ৰাজ্যসভাই ঘূৰাই নপঠালে লোকসভাই গ্ৰহণ কৰা ধৰেণেৰে বিধেয়কখন গৃহীত হোৱা বুলি ধৰি ল’ব পৰাৰ ব্যৱস্থা আছে (অঃ ১০৯ (৫))। আকৌ ৰাজ্যসভাই যদি এই বিধেয়কেত কিবা পৰিৱৰ্তনো কৰে সেইয়া লোকসভাই গ্ৰহণ কৰিব পাৰে বা নাকচ | কৰিব পাৰে (অঃ ১০৯ (৪))। গতিকে দেখা গ’ল যে বিত্তীয় বিধেয়কৰ ওপৰত লোকসভাৰ সম্পূর্ণ নিয়ন্ত্রণ আছে।

(ঘ) সদনৰ আসন খালী হোৱা ঘোষণা : যদি সদনৰ কোনো এজন সদস্যই অনুমতি গ্ৰহণ নকৰাকৈ সদনৰ বৈঠকত ৬০ দিনৰ বাবে অনুপস্থিত থাকে তেন্তে তেওঁৰ আসনখন খালী হোৱা বুলি ঘোষণা কৰিব পাৰে।

(ঙ) জৰুৰী অৱস্থা ঘোষণা বাতিল : লোকসভাৰ ৩৫২ নং অনুচ্ছেদৰ অধীনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাৰ ঘোষণা বাতিল কৰিব পৰাৰ ক্ষমতাও লোকসভাৰ আছে। এই ক্ষেত্ৰত লোক সভাৰ দহ ভাগৰ এক অংশ সদস্যই লিখিতভাৱে অধিৱেশন চলি থকা সময়ত অধ্যক্ষক আৰু অধিৱেশন স্থগিত থকাৰ সময়ত ৰাষ্ট্ৰপতিক জনাব লাগে আৰু ১৪ দিনৰ ভিতৰত অধ্যক্ষ বা ৰাষ্ট্ৰপতিয়ে এনে জাননী পালে বিশেষ আহ্বান কৰিব লাগে। এই বিশেষ অধিৱেশনে যদি জৰুৰী ঘোষণা উঠাই লোৱাৰ বাবে প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে ৰাষ্ট্ৰপতিয়ে জৰুৰী ঘোষণা উঠাই ল’ব লাগে ।

চৰকাৰৰ অংগসমূহ Political Science

প্ৰশ্ন 5. ৰাজ্যসভাৰ গঠন ক্ষমতা আৰু কাৰ্যৰ বিষয়ে ব্যাখ্যা কৰক।
Explain about the composition Powers and Functions of Rajya Sabha.
Ans: ৰাজ্যসভাক যদিও দ্বিতীয় সদন বুলি কোৱা হয় তথাপি ইয়াৰ কোনো ধৰণৰ ক্ষমতা নাই বুলি ক’ব নোৱাৰি। কাৰ্যনিৰ্বাহক আৰু বিত্তীয় ক্ষেত্ৰৰ বাহিৰে বাকীবিলাকত লোকসভাৰ সৈতে সমান ক্ষমতা থকাৰ উপৰিও লোকসভাৰ নথকা কিছুমান ক্ষমতাও ইয়াৰ আছে। যিবিলাক ক্ষমতা
আছে সেইবিলাক হ’ল এনে ধৰণৰ—

(ক) আইন প্রণয়ন ক্ষমতা (Legislative Powers):
সাধাৰণ বিধেয়ক (Ordinary Bill) : সাধাৰণ বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ক্ষমতা লোকসভাৰ সৈতে সমান ধৰণৰ কাৰণ বিত্তীয় বিধেয়কৰ বাহিৰে আন সকলো ধৰণৰ বিধেয়কৰ বাহিৰে আন সকলো ধৰণৰ বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব পৰা যায়। (অঃ ১০৯ (১) আৰু ১১৭ (১)। পঞ্চদশ দশকত সৰহভাগ বিধেয়ক ৰাজ্যসভাতহে উত্থাপন কৰা হৈছিল। উদাহৰণস্বৰূপে- ১৯৫২-৫৬ সময়ছোৱাত ১১০ খন বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰা হৈছিল। অৱশ্যে পিছলৈ ৰাজ্যসভাত উত্থাপন কৰা বিধেয়কৰ সংখ্যা ক্রমে হ্রাস পাবলৈ ধৰিলে। কিন্তু এই ক্ষেত্ৰত ক’ব পৰা যায় যে এইটো ভাল ব্যৱস্থা হোৱা নাই। কাৰণ ৰাজ্যসভাত উত্থাপন কৰা বিধেয়কৰ সংখ্যা কমি অহাত লোকসভাৰ কাম-কাজ এফালেদি অধিক বৃদ্ধি পাইছে আৰু অন্যহাতেদি ৰাজ্যসভাত থকা বয়োজ্যেষ্ঠ আৰু অভিজ্ঞ সদস্যসকলৰ অভিজ্ঞতা সঠিকভাৱে ব্যৱহাৰ কৰা হোৱা নাই।

যুটীয়া বৈঠক (Joint Sessions) : উল্লেখ কৰিব পাৰি যে উভয় সদনে গ্ৰহণ নকৰালৈকে কোনো এখন সাধাৰণ বিধেয়ক আইনত পৰিণত হ’ব নোৱাৰে (অঃ ১০৭ (২))। যদি উভয় সদনৰ মাজত মত পার্থক্য হয় তেন্তে ইয়াক আঁতৰ কৰিবলৈ হ’লে যুটীয়া বৈঠকৰ ব্যৱস্থা কৰিব লাগে (অঃ ১০৮)। এনে যুটীয়া বৈঠকত লোকসভাৰ অধ্যক্ষই সভাপতিত্ব কৰে আৰু উভয় সদনৰ উপস্থিত আৰু ভোটদানকাৰী সদস্যৰ সংখ্যা গৰিষ্ঠৰ ভিত্তিত সিদ্ধান্ত গ্ৰহণ কৰা হয়। যুটীয়া অধিৱেশনত ৰাজ্যসভাৰ ইচ্ছা কেতিয়াবা বাহাল থকা দেখা যায়। উদাহৰণস্বৰূপে, ১৯৬১ চনত যৌতুক নিবাৰণী বিধেয়ক (Dowry Prohibition Bill)-ৰ ক্ষেত্ৰত অচলাৱস্থা দূৰীকৰণৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতিয়ে আহ্বান কৰা যুটীয়া অধিৱেশনত ৰাজ্যসভাৰ ইচ্ছা বাহাল আছিল।

(খ) বিত্তীয় ক্ষমতা (Financial Powers): ৰাজ্য সভাৰ কোনো ধৰণৰ বিত্তীয় ক্ষমতা নাই। ভাৰতৰ সংবিধানে এই ক্ষেত্ৰত এই বুলি উল্লেখ কৰিছে যে কোনো ধৰণৰ বিত্তীয় বিধেয়ক ৰাজ্যসভাত উত্থাপন কৰিব নোৱাৰি আৰু লোকসভাই গ্ৰহণ কৰি বিত্তীয় বিল এখন ৰাজ্যসভালৈ প্ৰেৰণ কৰিলে ৰাজ্যসভাই নাকচ কৰিলে বা ১৪ দিনতকৈ অধিককাল পেলাই থলে সেইখন বিধেয়ক উভয় সদনে গ্রহণ কৰা বুলি ধৰা হ’ব (অঃ ১০৯(৩)) আকৌ, ৰাজ্যসভাই ১৪ দিনৰ ভিতৰত কিছুমান সংশোধনৰ আহ্বান জনাই লোকসভালৈ পঠালেও এই পৰামৰ্শ গ্রহণ | কৰা নকৰাটো লোকসভাৰ ওপৰত নিৰ্ভৰ কৰে। বিত্তীয় বিধেয়কৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ভূমিকা হ’ল উপদেশমূলক স্বভাৱৰ। বিত্তীয় বিধেয়ক এখন গৃহীত কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাই মাত্র ১৪ দিন পলম কৰাৰ বাহিৰে আন কোনো ক্ষমতা প্রয়োগ কৰিব নোৱাৰে। ৰাজ্যসভাত বিত্তীয় বিধেয়ক নাকচ হোৱাৰ উদাহৰণ আছে। ১৯৭৭ আৰু ১৯৭৮ চনত ৰাজ্যসভাই দুখন বিত্তীয় বিধেয়ক নাকচ কৰিছিল। কিন্তু পিছত লোকসভাই এই আপত্তি প্রত্যাখ্যান কৰিছিল আৰু বিধেয়ক কেইখন উভয় সদনতে গ্ৰহণ কৰা বুলি ধৰা হৈছিল।

(গ) কাৰ্যনিৰ্বাহকৰ ওপৰত নিয়ন্ত্রণ (Control over the Executive): ভাৰতীয় সংবিধানৰ ৭৫ (৩) নং অনুচ্ছেদ অনুসৰি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদ লোকসভাৰ ওচৰত যুটীয়াভাৱে দায়বদ্ধ বুলি স্পষ্টভাৱে উল্লেখ কৰিছে। গতিকে ক’ব পৰা যায় যে ৰাজ্যসভাৰ চৰকাৰৰ ওপৰত কোনো ধৰণৰ নিয়ন্ত্ৰণ নাই । আনকি ৰাজ্যসভাই চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিলেও চৰকাৰ কোনো ধৰণে ক্ষতিগ্রস্ত নহয়। অৱশ্যে চৰকাৰৰ বিৰুদ্ধে কিছুমান প্ৰস্তাৱ গ্ৰহণ কৰি ৰাজ্যসভাইচৰকাৰখনক শ’লঠেকত পেলাব পাৰে। উদাহৰণস্বৰূপে—জনতা চৰকাৰৰ দিনত প্ৰধানমন্ত্রী মোৰাৰজী দেশাইৰ পুত্ৰ কান্তি দেশাইৰ বিৰুদ্ধে বিচাৰ অনুষ্ঠিত কৰিব লাগে বুলি ৰাজ্যসভাই এক প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

(ঘ) জৰুৰী অৱস্থাৰ ঘোষণাত অনুমোদন (Approval of Emergency Proclamation) : সংবিধানৰ ৩৫২, ৩৫৬ আৰু ৩৬০ নং অনুচ্ছেদৰ আধাৰত ঘোষণা কৰা জৰুৰী অৱস্থাত অনুমোদন জনোৱাৰ ক্ষেত্ৰত ৰাজ্যসভআৰ ক্ষমতা লোকসভাৰ সৈতে সমান। জৰুৰী অৱস্থা ঘোষণাত লোকসভা আৰু ৰাজ্যসভাই পৃথকে অনুমোদন জনাব লাগে আৰু দুয়োখন সদনে অনুমোদন নজনালে এই ঘোষণা নির্দিষ্ট সময়তকৈ বেছি দিন চলিব নোৱাৰে। কাৰণ ৩৫২ নং অনুচ্ছেদৰ অধীনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাত ১ মাহৰ ভিতৰত অনুমোদন জনাব লাগে আৰু ৩৫৬ আৰু ৩৬০ নং অনুচ্ছেদৰ অধীনত ঘোষণা কৰা জৰুৰীকালীন অৱস্থাত ২ মাহৰ ভিতৰত অনুমোদমন জনাব লাগে। যদি কিবা কাৰণত লোকসভা ভংগ হয় তেন্তে ইয়াত ৰাজ্যসভাই অনুমোদন জনাব লাগিব। উদাহৰণস্বৰূপে – ১৯৭৭ চনত লোকসভা ভংগ হৈ থকাৰ বাবে তামিলনাড়ু আৰু নাগালেণ্ডত ৰাষ্ট্ৰপতি শাসনৰ ম্যাদ বৃদ্ধিৰ বাবে ৰাজ্যসভাৰ এখন বিশেষ অধিৱেশন আহ্বান কৰা হৈছিল।

(ঙ) নির্বাচনী ক্ষমতা (Electral Powers): ৰাজ্যসভাৰ নিৰ্বাচনী ক্ষমতাও লোকসভাৰ সৈতে সমান। কাৰণ ৰাজ্যসভআৰ নিৰ্বাচিত সদস্যসকলে লোকসভাৰ সদস্যসকলৰ লগতে ৰাষ্ট্ৰপতিৰ নিৰ্বাচনত অংশ গ্ৰহণ কৰে (অঃ ৫৪ (ক)। আনকি উপ-ৰাষ্ট্ৰপতিৰ নিৰ্বাচনৰ বাবে গঠন কৰা নিৰ্বাচনক মণ্ডলীত সংসদৰ উভয় সদনৰ সদস্যসকলক অন্তৰ্ভুক্ত কৰা হৈছে (অঃ ৬৬ (১)) । ৰাজ্যসভাৰ সদস্যসকলে নিজৰ উপসভাপতিজনকো নিৰ্বাচিত কৰে (অঃ ৮৯ (১) ) । গতিকে দেখা যায় যে সংখ্যাৰ ফালৰ পৰা লোকসভাৰ সদস্যতকৈ কম হোৱাৰ বাহিৰে ৰাষ্ট্ৰপতি আৰু উপৰাষ্ট্ৰপতিৰ নিৰ্বাচনত ৰাজ্যসভাই উল্লেখযোগ্য ভূমিকা পালন কৰে।

(চ) কর্মচ্যুতি ক্ষমতা (Removal Powers): ৰাজ্যসভাই ইয়াৰ পদেন সভাপতি তথা উপৰাষ্ট্ৰপতিক পদচ্যুত কৰাৰ ক্ষেত্ৰতো প্রথমে ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কাৰণ এই সংক্রান্তত সংখ্যাগৰিষ্ঠ ভোটেৰে ৰাজ্যসভাই প্রথমে প্ৰস্তাৱ গ্ৰহণ কৰিবই লাগিব (অঃ ৬৭ (খ) আৰু তাৰ পিছতহে প্রস্তাৱটো লোকসভালৈ যাব। লোকসভাই প্রভাৱটোত সমর্থন জনালে উপৰাষ্ট্ৰপতিজন পদচ্যুত হ’ব। সেইদৰে উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ (অঃ ১২৪ (৪)), উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ (অঃ ২১৭ (১)) (খ), নিয়ন্ত্রক আৰু মহালেখা পৰীক্ষক (অঃ ১৪৮ (১)) ক পদচ্যুত কৰাৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ক্ষমতা লোকসভাৰ সৈতে একেধৰণৰ। অৱশ্যে ৰাজ্যসভাৰ উপসভাপতিজনক সংখ্যাগৰিষ্ঠ ভোটৰ জৰিয়তে এক প্রস্তাৱ গ্ৰহণ কৰি ৰাজ্যসভাই অকলেই পদচ্যুত কৰিব পাৰে।

(ছ) ৰাষ্ট্ৰপতিৰ অপসাৰণ (Removal of the President): ৰাষ্ট্ৰপতিক অপসাৰণ কৰাৰ ক্ষেত্ৰতো ৰাজ্যসভাই বিশেষ ভূমিকা পালন কৰে। কাৰণ, ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে মহাভিযোগ প্ৰস্তাৱ সংসদৰ যিকোনো এখন সদনতে উত্থাপন কৰাৰ ব্যৱস্থা আছে। এইখিনিতে উল্লেখ কৰিব পাৰি যে আমেৰিকা যুক্তৰাষ্ট্ৰত ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে এনে প্রস্তাৱ কেৱল প্রতিনিধি সভাতহে উত্থাপন কৰাৰ ব্যৱস্থা আছে। দ্বিতীয়তে, সংসদৰ উভয় সদনতে এই প্রস্তাব মুঠ সদস্যৰ তিনি ভাগৰ দুই অংশৰ দ্বাৰা পৃথকে গৃহীত হোৱাৰ ব্যৱস্থা কৰা হৈছে। গতিকে ক’ব পৰা যায় যে ৰাজ্যসভাৰ সন্মতি অবিহনে ৰাষ্ট্ৰপতিক অপসাৰিত কৰাটো সম্ভৱ নহয়। এই ক্ষেত্ৰত উভয় সদনৰ মতপার্থক্য হ’লেও যুটীয়া বৈঠক আহ্বান কৰাৰ ব্যৱস্থা নাই। অৱশ্যে এতিয়ালৈকে কোনো এজন ৰাষ্ট্ৰপতিৰ বিরুদ্ধে এনে প্রস্তাব উত্থাপন হোৱা নাই।

(জ) সাংবিধানিক সংশোধন (Consititutional Amendments) : সংবিধান সংশোধনীৰ বেলিকাও ৰাজ্যসভাৰ ক্ষমতা লোকসভাৰ সৈতে প্রায় একেধৰণৰ। অৱশ্যে বেছিভাগ সংশোধনীয়েই লোকসভাত উত্থাপন কৰা হৈছে। কেৱল ৪১ তম আৰু ৬৩ তম সংবিধান সংশোধনী কেইটাহে ৰাজ্যসভাত উত্থাপন কৰা হৈছিল। উল্লেখযোগ্য যে সংসদৰ উভয় সদনত মুঠ সদস্যৰ গৰিষ্ঠসংখ্যক আৰু উপস্থিতি তথা ভোটদানকাৰী সদস্যৰ তিনি ভাগৰ দুই অংশৰ দ্বাৰা গৃহীত নহ’লে| সংবিধান সংশোধন কৰিব নোৱাৰে। আকৌ, উভয়সদনৰ মাজত মত পার্থক্য হ’লে যুটীয়া বৈঠক আহ্বান কৰাৰো ব্যৱস্থা নাই। গতিকে ক’ব পৰা যায় যে সংবিধান সংশোধনীৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ভূমিকা নিৰ্ণায়ত্মক। উল্লেখ কৰিব পাৰি যে ২৪ তম সংবিধান সংশোদনী বিধেয়ক, ৪৫ তম সংশোধনী বিধেয়কৰ ৪৯ টা দফাৰ ভিতৰত ৫ টা দফা ৰাজ্যসভাই নাকচ কৰিছিল আৰু এই ক্ষেত্ৰত ৰাজ্যসভাৰ পৰামৰ্শ মানি লোৱাৰ বাহিৰে লোকসভাৰ কোনো বিকল্প নাছিল। গতিকে দেখা গৈছে যে সংবিধান সংশোধনীৰ ক্ষেত্ৰত ৰাজ্যসভাৰ ক্ষমতা লোকসভাতকৈ কম নহয়।

লগতে পঢ়ক:   সংবিধান সভা আৰু সংবিধান – 1st Sem ৰাজনীতি বিজ্ঞান (Major)

(ঝ) ৰাজ্যিক তালিকাভুক্ত বিষয়ৰ ওপৰত সংসদক আইন প্রণয়ন কৰাৰ কতৃত্বঃ (Authorising Parliament to Legislate on State list matters) : ওপৰত উল্লেখ কৰা ক্ষমতাবিলাকৰ বাহিৰেও ৰাজ্যসভাৰ কিছুমান নিজাববীয়া ক্ষমতা আছে। উদাহৰণস্বৰূপে—ৰাজ্যসভাইউপস্থিত আৰু ভোটদানকাৰী সদস্যৰ দুই তৃতীয়াংশৰ দ্বাৰা গৃহীত এক প্ৰস্তাৱযোগে জাতীয় স্বাৰ্থত ৰাজ্যিক তালিকাভুক্ত কোনো বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিবলৈ সংসদক কতৃত্ব প্রদান কৰিব পাৰে। অৰ্থাৎ ৰাজ্যসভাই উপৰোক্ত পদ্ধতিৰ জৰিয়তে গ্ৰহণ কৰা এক প্ৰস্তাৱৰ দ্বাৰা ৰাজ্যিক তালিকাৰ কোনো এক বিষয় উমৈহতীয়া তালিকালৈ হস্তান্তৰ কৰিব পাৰে। এনেদৰে হস্তান্তৰ কৰা বিষয়ৰ ম্যান সাধাৰণতে এবছৰ যদিও পুনৰ প্ৰস্তাৱ গ্ৰহণ কৰি ইয়াৰ ম্যাদ যিকোনো সময়লৈকে বৃদ্ধি কৰিব পাৰে (অঃ ২৪৯)। ১৯৫২ আৰু ১৯৮৬ চনত ৰাজ্যসভাই এনেধৰণৰ দুটা প্ৰস্তাৱ গ্ৰহণ কৰিছিল।

(ঞ) সৰ্বভাৰতীয় সেৱা গঠন (Creation of All India Services) : জাতীয় স্বাৰ্থৰ খাতিৰত ৰাজ্যসভাই সংসদক নতুন সৰ্বভাৰতীয় সেৱা গঠন কৰিবৰ বাবে উপস্থিত আৰু ভোটদানকাৰী সদস্যৰ দুই তৃতীয়াংশৰ সমর্থনেৰে এক প্ৰস্তাৱ গ্ৰহণ কৰি আহ্বান জনাব পাৰে (অ : ৩১২ (২))। এই অনুচ্ছেদৰ অধীনত ৰাজ্যসভাই ১৯৬১ চনত অভিযান্ত্রিক, বন, চিকিৎসা আৰু স্বাস্থ্য সেৱা গঠন কৰিছিল।

প্ৰশ্ন ৬. ভাৰতত প্ৰধানমন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্য্যৰ গঠনৰ বিষয়ে ব্যাখ্যা কৰা।
Explain about the composition Powers and Functions of Prime Minister in India.
Ans: সংসদীয় চৰকাৰত প্ৰধানমন্ত্ৰীৰ হাতত চৰকাৰৰ প্ৰকৃত ক্ষমতা ন্যস্ত থাকে। ৰাষ্ট্ৰপতি দেশৰ সংবিধানিক মূৰব্বীহে। ৭৫ অনুচ্ছেদৰ মতে ৰাষ্ট্ৰপতিয়ে প্রধান মন্ত্ৰীক নিযুক্তি দিয়ে আৰু অন্যান্য মন্ত্ৰীসকলক প্রধামন্ত্ৰীৰ পৰামৰ্শ অনুসৰি ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে।

প্রধামন্ত্ৰীৰ ক্ষমতা আৰু কাৰ্যাৱলী আৰু পদমর্যদা
১. প্রধানমন্ত্রী দেশৰ কাৰ্যপালিকাৰ প্ৰকৃত মূৰব্বী। ৰাষ্ট্ৰপতি সাংবিধানিক মূৰব্বীহে। দেশৰ প্ৰশাসন কাৰ্য প্ৰধানমন্ত্ৰী আৰু মন্ত্রীপৰিষদৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে পৰিচালনা কৰে। প্ৰশাসন কার্য চলাবৰ বাবে প্ৰয়োজন হোৱা দেশৰ সকলোবোৰ উচ্চস্তব পদবীসমূহ প্রধানমন্ত্ৰীৰ পৰামৰ্শমতে ৰাষ্ট্ৰপতিয়ে নিযুক্তি দিয়ে। দেশৰ প্ৰশাসন কাৰ্যৰ সকলো দিশতে প্রধানমন্ত্ৰীৰ নিয়ন্ত্ৰণ বিৰাজমান। ভাৰতৰ প্ৰধামন্ত্রীজনে বৃটিছ প্রধামন্ত্ৰীজনৰ সমান ক্ষমতা উপভোগ করে।

২. প্রধানমন্ত্ৰীয়ে মন্ত্রীপৰিষদ গঠন কৰে আৰু ইয়াৰ আকৃতি স্থিৰ কৰে। প্রধানমন্ত্রীয়ে যোগ্যতা, জ্যেষ্ঠতা আৰু দলীয় আনুগত্যৰ ভিত্তিত মন্ত্রীসভাব সদস্যসকলক নিযুক্তি দিয়ে। অৱশ্যে মন্ত্রীসভাত প্রধানমন্ত্রীয়ে স্থান দিওঁতে বিভিন্ন বাধ্যবাধকতা থাকে। নেহৰুৰ মন্ত্ৰীসভাৰ সদস্যসকলক স্থান দিওঁতে তেওঁ চৰ্দাৰ পেটেলব লগত আলোচনা কৰিছিল। ভাৰতৰ বিভিন্ন অঞ্চল আৰু পিছপৰা সম্প্ৰদায়ৰ জন- প্রতিনিধিক মন্ত্রীসভাত স্থান দিয়ে। প্রধানমন্ত্রীয়ে ইচ্ছা কৰিলে সংসদৰ সদস্য নোহোৱাকৈ কোনো লোকক মন্ত্রীসভাত অন্তর্ভুক্ত কৰিব পাৰে৷ তিনি প্ৰকাৰৰ মন্ত্ৰীৰ সংখ্যা কিমান হ’ব সেই সিদ্ধান্ত প্রধানমন্ত্রীয়ে নিজে কৰে। মন্ত্ৰীসকল বিভিন্ন প্ৰশাসনীয় দপ্তৰৰ পৰিচালনাৰ দায়িত্বত থাকে প্রধানমন্ত্ৰীৰ সন্তুষ্টিৰ ওপৰত মন্ত্ৰীসকলৰ কাৰ্যকাল নিৰ্ভৰ কৰে।

৩. শাসন কার্য সুচাৰুৰূপে পৰিচালনা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰীসকলৰ ভিতৰত বিভিন্ন দপ্তৰ বিতৰণ কৰিব পাৰে, দপ্তৰ সাল-সলনি কৰিব পাৰে, নতুনকৈ কোনো মন্ত্ৰীক নিযুক্তি দিব পাৰে বা পুৰণি মন্ত্ৰীক বাদ দিব পাৰে ৷ দপ্তৰ বিতৰণৰ দায়িত্ব প্রধানমন্ত্রীর স্বেচ্ছাধীন। ইয়াৰ বিৰুদ্ধে কোনেও প্রশ্ন উত্থাপন কৰিব নোৱাৰিব। মন্ত্রীসভাৰ লগত কোনো মন্ত্ৰীৰ মনোমালিন্য হ’লে প্রধানমন্ত্ৰীয়ে সেই মন্ত্ৰীজনক অপসাৰণ কৰিব পাৰে। মন্ত্ৰীসকল যিহেতু লোকসভাৰ ওচৰত সামূহিক ভাৱে দায়বদ্ধ সেইবাবে তেওঁলোক প্রধানমন্ত্ৰীৰ ওচৰতো দায়বদ্ধ। মন্ত্রীসভাৰ কাৰ্যকাল প্রধানমন্ত্ৰীৰ সন্তুষ্টিৰ ওপৰত নিৰ্ভৰ কৰে।

৪. প্রধানমন্ত্রী কেবিনেটৰ সভাপতি। কেবিনেটৰ সভাত প্রধানমন্ত্রীয়ে সভাপতিত্ব কৰে। সভাপতিৰূপে তেওঁ কেবিনেট সদস্যসকলৰ পৰা বিশেষ আনুগত্য আদায় কৰিব পাৰে। বৃটিছ প্রধানমন্ত্রীক Moon among the stars বুলি কোৱাৰ দৰে ভাৰতৰ প্ৰধানমন্ত্রী আন কেবিনেট মন্ত্ৰীৰ তুলনাত উজ্জ্বল। সংখ্যাগৰিষ্ঠ সদস্যৰ মতৰ ভিত্তিত কেবিনেট সভাত দেশৰ প্ৰশাসনৰ বৈদেশিক নীতিৰ বিষয়ক নীতি সমূহ গ্ৰহণ কৰা হয়। নীতি নিৰ্ধাৰণৰ বিষয়ত প্রধানমন্ত্ৰীৰ মূখ্য ভূমিকা থাকে। বিভিন্ন দপ্তৰৰ মাজত মতবিৰোধ হ’লে বা দুজন মন্ত্ৰীৰ মাজত মতবিৰোধ হ’লে প্রধানমন্ত্ৰীয়ে মধ্যস্থতাকাৰীৰূপে বিবাদ মীমাংসা কৰিব লাগে। প্রধানমন্ত্ৰীয়ে কেবিনেট সভাৰ কাৰ্যসূচী তৈয়াৰ কৰে। কেবিনেটত আলোচ্য বিষয়সমূহ প্রধানমন্ত্রীয়ে গ্ৰহণ নকৰিবও পাৰে। সংখ্যাগৰিষ্ঠ দলৰ প্রধানমন্ত্রীয়ে সিদ্ধান্ত গ্রহণত অন্যান্য মন্ত্রীসকলৰ সমৰ্থন আদায় কৰিব পাৰে। কিন্তু সংযুক্ত চৰকাৰত প্ৰধানমন্ত্ৰীয়ে কিছু বাধ্যবাধকতা মানি চলিব লগা হয়। এনে মন্ত্রীসভাত প্ৰধানমন্ত্ৰীৰ ক্ষমতা যথেষ্ট সীমিত হয়।

৫. প্রধানমন্ত্ৰী ৰাষ্ট্ৰপতি আৰু মন্ত্ৰীসভাৰ মাজত যোগসূত্র। ৭৮ নং অনুচ্ছেদ অনুসৰি প্ৰধানমন্ত্ৰীয়ে মন্ত্রীপৰিষদত গ্ৰহণ কৰা সকলো সিদ্ধান্ত ৰাষ্ট্ৰপতিক জনাব লাগে। ৰাষ্ট্ৰপতিয়ে বিচাৰিলে কেন্দ্ৰৰ প্ৰশাসন সম্পৰ্কীয় তথ্য প্রধানমন্ত্রীয়ে জনাব লাগে। ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী নির্বাচন কৰোঁতে প্রধানমন্ত্ৰীয়ে বিশেষ প্ৰভাৱ বিস্তাৰ কৰে। সেইবাধে বহু ক্ষেত্ৰত দেখা যায় যে ৰাষ্ট্ৰপতিজনে প্রধানমন্ত্ৰীৰ পৰামৰ্শমতেহে কাম কৰে। কিন্তু বাষ্ট্ৰপতি ড° ৰাজেন্দ্ৰ প্ৰসাদ আৰু সঞ্জীৱ ৰেড্ডীয়ে প্ৰধানমন্ত্ৰীৰ অনুগত হোৱা নাছিল। প্রধানমন্ত্ৰীয়ে কার্য পৰিচানাত বাধাৰ সন্মুখীন হৈছিল৷ প্ৰধানমন্ত্ৰীয় ইন্দিৰা গান্ধীয়ে ৰাষ্ট্ৰপতিক প্রধানমন্ত্ৰীৰ মানুহ হিচাপে ব্যৱহাৰ কৰিছিল। জৰুৰীকালীন অৱস্থা ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতিক বাধ্য কৰিছিল।

৬. প্রধানমন্ত্রী দলৰ নেতা। সংখ্যাগৰিষ্ঠতা হৈ থকাৰ সময়ত কংগ্ৰেছ দলৰ প্রধানমন্ত্রীসকলে প্রায় বাধাহীনভাৱে সিদ্ধান্ত গ্ৰহণ কৰিছিল। নেহৰু, ইন্দিৰা গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা কালত প্রধানমন্ত্ৰীয়ে দলৰ ভিতৰত ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল আৰু দলীয় আনুগত্য লাভ কৰিছিল। কিন্তু সংযুক্ত চৰকাৰ গঠন কৰি মোৰাৰজী দেশাই আৰু প্রধানমন্ত্রী বাজপেয়ীয়ে মিক্ষদলবোৰৰ হেঁচাৰ সন্মুখীন হৈ কাৰ্য সম্পাদন কৰিব লগা হৈছে।

৭. বৈদেশিক ক্ষমতা – প্রধানমন্ত্রীয়ে বৈদেশিক মন্ত্ৰীত্বৰ দায়িত্বত নাথাকিলেও বৈদেশিক সম্পৰ্ক ৰক্ষাত তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব পাৰে। SAARC, NAM, কম ৱেলথ কনফাৰেন্স আদি কৰি অন্যান্য আন্তঃৰাষ্ট্ৰীয় সন্মিলন বিলাকত প্রধানমন্ত্রীয়ে অন্যান্য দেশৰ প্ৰতিনিধিৰ লগত আলাপ-আলোচনাৰ যোগেদি বিশ্ব ৰাজনীতিৰ সমস্যাসমূহ সমাধানৰ বাবে বিশেষ ভূমিকা পালন কৰিব পাৰে। এনেদৰে ভাৰতৰ প্ৰধানমন্ত্ৰীসকলে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

৮. সংসদৰ লগত প্রধানমন্ত্ৰীৰ সম্পৰ্ক – প্রধানমন্ত্ৰীজন সংসদৰ সংখ্যাগৰিষ্ঠ দলব নেতা। এই অর্থত প্রধানমন্ত্ৰীজন সংসদৰো নেতা। সংসদৰ নেতা হিচাপে প্রধানমন্ত্রীয়ে মন্ত্রীসভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ সংসদত ঘোষণা কৰে। প্ৰধানমন্ত্ৰীয়ে সংসদত বিভিন্ন প্ৰশ্নৰ উত্তৰ দিব লগীয়া হয়। জাতীয় বা আন্তর্জাতিক সমস্যাবিলাকৰ বিষয়ে সংসদে প্রধানমন্ত্ৰীৰপৰা জানিবলৈ বিচাৰে। মন্ত্রীসভাই দেশৰ আভ্যন্তৰীণ আৰু বাহ্যিক নীতি গ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে | এই নীতিসমূহৰ কাৰ্যকাৰিতা ব্যাখ্যা কৰিব লগা হয়। সংসদত বিৰোধী দলে কেতিয়াবা কোনো মন্ত্ৰীক বিভিন্ন প্ৰশ্নৰে বিমোৰত পেলায়। প্রধানমন্ত্ৰীয়ে তেতিয়া হস্তক্ষেপ কৰি সন্তোষজনক ব্যাখ্যা দিব পাৰে। কিছুমান বিষয়ত শাসক আৰু বিৰোধী দলৰ মাজত মতানৈক্য হ’লে প্রধানমন্ত্ৰীয়ে বিৰোধী দলৰ নেতাসকলৰ লগত আলোচনা কৰি সমস্যা সমাধানৰ ব্যৱস্থা কৰিব পাৰে। সংসদৰ সদস্যসকলৰ প্ৰধানমন্ত্ৰীৰ ওপৰত আস্থা থাকিলে প্রধানমন্ত্ৰীজনে দেশৰ আইন প্ৰণয়ন আৰু প্ৰশাসনত গুৰুত্বপূৰ্ণ ভূমিকা ল’ব পাৰে। মুঠতে প্রধানমন্ত্ৰীজনক সংসদৰ গুৰিয়াল বুলি ক’ব পাৰি।

অৱশ্যে সংসদত প্রধানমন্ত্ৰীয়ে কেনে ধৰণৰ ভূমিকা ল’ব সেইটো নিৰ্ভৰ কৰে সংসদত দলটোৰ শক্তিৰ ওপৰত। নিজ দলৰ শক্তি থাকিলে প্রধানমন্ত্রীজনে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। প্ৰধানমন্ত্রী নেহৰুৱে সংসদৰ সদস্যসকলৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিছিল আৰু বিৰোধী দলৰ মতামতক গুৰুত্ব দিছিল। কিন্তু ইন্দিৰা গান্ধীয়ে ১৯৭১ চনৰ পিছত বিৰোধী দলৰ দাবীক আওকান কৰি MISA আইন প্ৰৱৰ্তন কৰিছিল। প্রধানমন্ত্ৰীৰ পদমর্যাদা আৰু ক্ষমতা বহু পৰিমানে প্রধামন্ত্ৰীজনৰ দক্ষতা, জনপ্রিয়তা আৰু ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰে। তথাপিও সংসদীয় চৰকাৰত প্ৰধানমন্ত্ৰীৰ পদটো অতি ক্ষমতাশালী। ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰীজনে দেশৰ ভিতৰে বাহিৰে সকলোতে সমান ভূমিকা পালন কৰাৰ ক্ষমতা লাভ কৰে। এনে এটা বিষয় নাই য’ত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপৰ প্ৰয়োজন নাই। সংসদত সংখ্যাগৰিষ্ঠতা থাকিলে ভাৰতৰ প্ৰধানমন্ত্ৰীজনে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ দৰেই ক্ষমতা প্রয়োগ কৰিব পাৰে। কিন্তু সন্মিলিত চৰকাৰত প্ৰধানমন্ত্ৰীজনে মন্ত্রীসভাৰ গঠনৰ পৰা আৰম্ভ কৰি, দপ্তৰ বিতৰণত, আভ্যন্তৰীণ নীতি নিৰ্ধাৰণ সকলোতে মিত্ৰ দলৰ হেঁচাৰ সন্মুখীন হ’ব লাগে। এই ক্ষেত্ৰত প্রধানমন্ত্রীজনে কম ক্ষমতা উপভোগ কৰে। জেনিঙচৰ মতে প্রধানমন্ত্ৰীৰ পদটোৰ প্ৰকৃতি পদত থকা ব্যক্তিজনৰ ইচ্ছা আৰু আন মন্ত্ৰীসকলৰ অনুমতিৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰধানমন্ত্ৰীৰ কৰ্তৃত্ব নিৰ্ভৰ কৰে তেওঁৰ ব্যক্তিত্ব, তেওঁৰ সন্মান আৰু দলটোৰ পৰা পোৱা সমৰ্থনৰ ওপৰত। প্রধানমন্ত্ৰীৰূপে পণ্ডিত নেহৰুৱে যি বিশাল কৰ্তৃত্বৰ গৰাকী হ’ব পাৰিছিল সি বহু পৰিমাণে তেওঁৰ ব্যক্তিত্বৰ ওপৰত নিৰ্ভৰ কৰিছিল।

চৰকাৰৰ অংগসমূহ Political Science

প্ৰশ্ন ৭. ভাৰতীয় সংসদৰ গঠন সম্পৰ্কে এটা টোকা লিখা।
Write a note on the Composition of the Indian Parliament.
Ans: ভাৰতৰ সংসদ দ্বি-সদনীয়। উচ্চ সদন (ৰাজ্য সভা) আৰু নিম্ন সদন (লোকসভা) লৈ ভাৰতৰ সংসদ গঠিত।

ৰাজ্যসভাৰ গঠন : ভাৰতবৰ্ষৰ সংসদৰ উচ্চসদন ৰাজ্যসভা ২৫০ জন সদস্যক লৈ গঠিত। ইয়াৰ ভিতৰত ২৩৮ জন সদস্য পৰোক্ষ ভোটৰ দ্বাৰা ৰাজ্যসমূহৰ বিধান সভাই ৬ বছৰৰ বাবে নিৰ্বাচন কৰে। অৱশিষ্ট ১২ জন সদস্যক ৰাষ্ট্ৰপতিয়ে সাহিত্য, বিজ্ঞান, কলা, সমাজ সেৱা আদিত বিশিষ্ট অৱদান যোগোৱা লোকৰ মাজৰ পৰা মনোনীত কৰে। কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা সংসদে নিৰ্ধাৰণ কৰি দিয়া। নীতি অনুসাৰে ৰাজ্যসভালৈ প্রতিনিধি নির্বাচন কৰা হয়। আমেৰিকাৰ নিচিনাকৈ ভাৰতৰ ৰাজ্যবিলাকে উচ্চ সদনলৈ সমান প্রতিনিধিত্ব নির্বাচিত নকৰে। অসমৰ পৰা ৭ জন সদস্য ৰাজ্য সভালৈ নির্বাচিত হয়। বৃহৎ ৰাজ্য সমূহে অধিক সংখ্যক প্রতিনিধি নির্বাচিত কৰে।

কার্যকাল : ৰাজ্যসভা এখন স্থায়ী সদন। সদস্য সকলৰ কাৰ্যকাল ৬ বছৰ যদিও প্রতি ২ বছৰৰ মূৰে মূৰে তিনিভাগৰ এভাগ সদস্যই অৱসৰ লয় আৰু নতুন তিনি ভাগৰ এভাগ সদস্য নির্বাচিত হয়।

পৰিচালনা: ৰাজ্যসভা পৰিচালনাৰ বাবে এজন সভাপতি আৰু এজন উপসভাপতি নির্বাচন কৰা হয়। সাধাৰণতে ভাৰতৰ উপৰাষ্ট্ৰপতি ৰাজ্যসভাৰ
পদেন সভাপতি।

লোকসভাৰ গঠন : ভাৰতবৰ্ষৰ নিম্নসদন লোকসভা বর্তমান ৫৪৫ জন সদস্যক লৈ গঠিত। ৮১ অনুচ্ছেদ অনুসৰি লোকসভাৰ সদস্য ৫০০ জনতকৈ অধিক হ’ব নোৱাৰে। অৱশ্যে সংবিধান সংশোধনৰ দ্বাৰা সদস্যৰ সৰ্বোচ্চ সংখ্যা বৃদ্ধি কৰি অহা হৈছে। সংবিধানৰ ৪২ তম সংশোধনী আইন অনুসৰি ৫২৫ জন সদস্যৰ ৰাজ্যবিলাকৰ জনসাধাৰণৰ দ্বাৰা আৰু ২০ জন সদস্যক কেন্দ্রীয় শাসিত অঞ্চলৰ জনাসধাৰণে নির্বাচিত কৰিব। লোকসভাত Anglo-Indian লোকসকলৰ প্ৰতিনিধি নাথাকিলে ৰাষ্ট্ৰপতিয়ে এওঁলোকৰ দুজন সদস্য লোকসভালৈ মনোনীত কৰিব পাৰিব। সার্বজনীন প্রাপ্তবয়স্ক ভোটাধিকাৰৰ ভিত্তিত ১৮ বছৰ বয়সপ্রাপ্ত সকলো ভাৰতীয় নাগৰিকে লোকসভা নিৰ্বাচনত অংশ গ্ৰহণ কৰিব পাৰে।

কার্যকাল : লোকসভা পৰিচালনাৰ বাবে ইয়াৰ সদস্যসকলে তেওঁলোকৰ মাজৰ পৰা এজন অধ্যক্ষ আৰু আৰু এজন উপাধ্যক্ষ নিৰ্বাচিত কৰে। অধ্যক্ষৰ অনুপস্থিতিত উপাধ্যক্ষই সদনৰ কাম-কাজ পৰিচালনা কৰে।

ক্ষমতা : ভাৰতৰ সংবিধানে ভাৰতৰ সংসদক পর্যাপ্ত ক্ষমতা অৰ্পণ কৰিছে। Union List-তথকা ৯৭ টা বিষয়ৰ ওপৰত ভাৰতৰ সংসদে আইন প্রণয়ন কৰিব পাৰে। ২০ টাতকৈও অধিক অনুচ্ছেদত সংসদৰ ক্ষমতাৰ বিষয়ে সংবিধানে আলোচনা কৰিছে। সংসদৰ ক্ষমতাসমূহ তলত আলোচনা কৰা হ’ল –

বিধায়িনী ক্ষমতা

১. সংসদে আইন প্রণয়ন কৰি কোনো নতুন ৰাজ্য সৃষ্টি কৰিব পাৰে বা ভাৰত ইউনিয়নত অন্তর্ভুক্ত কৰিব পাৰে। সংসদে দুখন বা ততোধিক ৰাজ্য লগলগাই নতুন ৰাজ্য গঠন সীমা সাল-সলনি কৰিব পাৰে আৰু ৰাজ্যৰ নাম সলনি কৰিব পাৰে।

২. সংসদে উমৈহতীয়া সূচীত থকা ৪৭ টা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে। অৱশ্যে ৰাজ্যিক চৰকাৰেও এই বিষয়ত আইন প্রণয়ন কৰিব পাৰে। কিন্তু দুয়ো প্ৰকাৰৰ চৰকাৰে একেটা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিলে কেন্দ্ৰীয় চৰকাৰৰ আইনহে কাৰ্যকৰী হ’ব।

৩. সংসদে ৰাজ্যিক সূচীত থকা ৬৬ টা বিষয়ৰ ওপৰতো আইন প্রণয়ন কৰিব পাৰে। যদি ৰাজ্যসভাৰ দুই-তৃতীয়াংশ সদস্যই দেশৰ বৃহত্তৰ স্বাৰ্থত ৰাজ্যিক সূচীৰ বিষয়ত সংসদে আইন প্রণয়ন কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে তেতিয়া সংসদে ৰাজ্যিক সূচী বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব পাৰে।

৪. যদি দুখন বা ততোধিক ৰাজ্যৰ বিধান সভাই ৰাজ্যিক সূচীত থকা বিষয়ৰ ওপৰত আইন প্রণয়ন কৰিব লাগে বুলি প্ৰস্তাৱ গ্ৰহণ কৰে তেন্তে সংসদে ৰাজ্যিক বিষয়ত আইন প্রণয়ন কৰিব পাবে।

৫. জৰুৰী অৱস্থাৰ ঘোষনাৰ সময়ত সংসদে সমগ্ৰ ভাৰত বা কোনো অংশত ৰাজ্যিক সূচীত থকা বিষয়ত আইন প্রণয়ন কৰিব পাৰে।

৬. যদি কোনো প্রদেশত সাংবিধানিক অচলাৱস্থাৰ বাবে ৰাষ্ট্ৰপতি শাসন প্ৰৱৰ্তন কৰা হয় তেতিয়া সংসদে সেই ৰাজ্যিক বিধান সভা নিষ্ক্রিয় কবি ৰাখিব পাৰে। সংসদে বাজ্যিক বিষয়ত আইন প্রণয়ন কৰিব পাৰে।

৭. সংসদে কোনো ৰাজ্যৰ বিধান পৰিষদ গঠন কৰিব পাবে বা উঠাই দিব পাৰে।
৮. আন্তঃৰাষ্ট্ৰীয় চুক্তি, সন্ধি আদি কার্যকৰী কৰিবৰ বাবে সংসদে দেশৰ সকলো ৰাজ্যৰ বাবে বা কোনো অংশৰ বাবে আইন প্রণয়ন কৰিব পাৰে।

৯. ভাৰতবৰ্ষত অৱশিষ্ট ক্ষমতা সংসদৰ হাতত ন্যস্ত কৰা হৈছিল । সূচী বা উমৈহতীয়া সূচীত নথকা বিষয়বিলাকৰ ওপৰত সংসদে আইন প্রণয়ন কৰিব পাৰে।

বিত্তীয় ক্ষমতা
১০. সংসদে প্রণয়ন কৰা বিধিৰ বাহিৰে সংসদৰ অনুমতিৰ অবিহনে কোনো কৰ বহুৱাব নোৱাৰে, কোনো উৎসৰ পৰা ঋণ ল’ব নোৱাৰে বা ধন খৰছ কৰিব নোৱাৰে। সংসদে দেশৰ বিত্তীয় ব্যৱস্থা নিয়ন্ত্ৰণ কৰে। সংসদত বিল পাছ হ’লেহে আইনত পৰিণত হ’ব পাৰে। কাৰ্যপালিকা আৰু প্ৰশাসনৰ ওপৰত নিয়ন্ত্রণ

১১. মন্ত্রীসভাৰ সদস্যসকলে সংসদ বিশেষকৈ লোকসভাৰ ওচৰত জগৰীয়া। সংসদৰ সদস্যসকলৰ সন্তুষ্টিৰ ওপৰতহে মন্ত্ৰী সভাৰ কাৰ্যকাল নিৰ্ভৰ কৰে। সংসদ সদস্যসকলে প্রশ্ন, পৰিপূৰক প্রশ্ন উত্থাপন কৰি প্ৰশাসনৰ বিষয়ে জানিব পাৰে। অনাস্থা প্ৰস্তাৱৰ দ্বাৰা সংসদে মন্ত্রীসভা ভংগ কৰিব পাৰে।
নীতি নিৰ্ধাৰণৰ ক্ষমতা

১২. সংসদে নাগৰিকত্ব প্রদান আৰু বিলুপ্তি ঘটাবৰ বাবে আৱশ্যকীয় নীতি গ্ৰহণ কৰিব পাৰে।
১৩. চৰকাৰী চাকৰি আদিৰ ক্ষেত্ৰত আৱশ্যকীয় অৰ্হতা আৰুনীতিনিৰ্ধাৰণ কৰিব পাৰে।
১৪. মন্ত্ৰীসকলৰ দৰ্মহা আৰু বানচ আদি সংসদে নিৰ্ধাৰণ কৰি দিয়ে।
১৫. সংসদে ইয়াৰ কাৰ্য পৰিচালনাৰ বাবে বিধি প্ৰস্তুত কৰিব পাৰে। সদস্যসকলৰ ক্ষমতা আৰু অধিকাৰৰ ব্যাখ্যা কৰিব পাৰে।
১৬. ৰাজ্যসভালৈ কেন্দ্ৰীয় শাসিত অঞ্চলৰ পৰা প্ৰতিনিধি প্ৰেৰণৰ পদ্ধতি স্থিৰ কৰে। সমষ্টিৰ সীমা নিৰ্ধাৰণৰ ক্ষমতা আছে। সংবিধান সংশোধনৰ ক্ষমতা
১৬. সংবিধান অনুসৰি ভাৰতৰ সংসদে সংবিধান সংশোধন কৰিব পাৰে। অনুচ্ছেদ ৩৬৮ অনুসৰি ৩ টা পদ্ধতিৰ যোগেদি সংসদে সংবিধান সংশোধনৰ ব্যৱস্থা কৰিব পাৰে।

নির্বাচনী ক্ষমতা
১৭. ভাৰতৰ ৰাষ্ট্ৰপতি আৰু উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ক্ষেত্ৰত সংসদৰ ক্ষমতা আছে। সংসদে মহা-অভিযোগ প্ৰস্তাৱ গ্ৰহণ কৰি ৰাষ্ট্ৰপতিক পদৰ পৰা অপসাৰণ কৰিব পাৰে । উপৰাষ্ট্ৰপতি অপসাৰণৰ বাবে ৰাজ্য সভাত দুই- তৃতীয়াংশ সদস্যৰ সমৰ্থন লাগিব। ন্যায়িক ক্ষমতা
১৮. সংসদে কোনো এটা কেন্দ্রীয় শাসিত অঞ্চলৰ বাবে এখন উচ্চ ন্যায়ালয় স্থাপন কৰাৰ ব্যৱস্থা কৰিব পাৰে। বা তেনে অঞ্চলৰ বাবে কোনো এখন আদালতক উচ্চ ন্যায়ালয় বুলি ঘোষণা কৰিব পাৰে।
১৯. সংসদে কোনো এখন উচ্চ ন্যায়ালয়ৰ পৰিধি কেন্দ্ৰীয় শাসিত অঞ্চললৈ বিস্তৃত কৰিব পাৰে বা হ্ৰাস কৰিব পাৰে।
২০. সংসদে সংবিধানৰ বিৰোধী নোহোৱা ওপৰিঞ্চি ক্ষমতা উচ্চতম ন্যয়ালয়ক অৰ্পণ কৰিব পাৰে।

অন্যান্য ক্ষমতা
এই ক্ষমতাসমূহৰ উপৰিও সংসদৰ আৰু কিছুমান ক্ষমতা আছে। সেইবোৰ হ’ল – সংসদে দুখন বা ততোধিক ৰাজ্যৰ বাবে লোকসেৱা আয়োগ গঠন আৰু কেন্দ্ৰীয় লোক সেৱা আয়োগৰ ক্ষমতা বৃদ্ধি কৰিব পাৰে। সংসদে অনুসূচীত জনজাতিৰ তালিকা প্রস্তুত কৰিব পাৰে। বিত্তীয় আয়োগৰ সদস্যৰ অৰ্হতা আৰু ক্ষমতা নিৰ্ধাৰণ কৰিব পাৰে। ৰাষ্ট্ৰপতিৰ অধ্যাদেশত অনুমোদন জনোৱা বা নজনোৱাৰ ক্ষমতা সংসদৰ আছে।

ইয়াৰ উপৰিও লোকসভাই কিছুমান ক্ষমতা অকলে প্ৰয়োগ কৰিব পাৰে৷ সেইবিলাকৰ ভিতৰত লোকসভাই অধ্যক্ষ আৰু উপাধ্যক্ষ নির্বাচন কৰিব পাৰে, মন্ত্ৰী পৰিষদৰ ওপৰত নিয়ন্ত্ৰণ কৰিব পাবে, বিত্তীয় নিয়ন্ত্রণ কবিব পাৰে আৰু জৰুৰী অৱস্থা ঘোষণা বাতিল কৰিব পাৰে।

প্ৰশ্ন ১. ভাৰতৰ প্ৰথম নাগৰিক কোন?

উত্তৰ: ভাৰতৰ ৰাষ্ট্ৰপতি।

প্ৰশ্ন 2. ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে সুৰক্ষা জমাৰ পৰিমাণ কিমান?

Ans: পাঁচ লাখ।

প্ৰশ্ন ৩. ভাৰতৰ ৰাষ্ট্ৰপতিৰ কাৰ্যকাল কিমান?

Ans: পাঁচ বছৰ।

প্ৰশ্ন ৪. ভাৰতৰ ৰাষ্ট্ৰপতিৰ মাহিলী দৰমহা কিমান?

Ans: পাঁচ লাখ।

প্ৰশ্ন ৫. ভাৰতত ৰাজ্যখনৰ ৰাজ্যপাল কোনে নিযুক্তি দিয়ে?

Ans: ৰাষ্ট্ৰপতি

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top