নিৰ্দেশনা BA 1st Semester – প্ৰথম অধ্যায় Elective Education D.U

নিৰ্দেশনা BA 1st Semester Generic Elective (Education) | নিৰ্দেশনা আৰু পৰামৰ্শদান  1st sem generic elective – Education – Guidance and | শিক্ষা BA 1ST SEM| counselling | নিৰ্দেশনা প্ৰথম অধ্যায়

শ্ৰেণী BA 1st Semester
অধ্যায়প্ৰথম অধ্যায়
পাঠ নিৰ্দেশনা (Guidance)
কিতাপখনৰ নামGuidance and counselling
বিষয়ৰ ধৰণ (Subject Type)Generic Elective – Education
সমাধানপাঠভিত্তিক প্ৰশ্ন উত্তৰ
বিষয় শিক্ষা (Education)
বিশ্ববিদ্যালয়ডিব্ৰুগড় বিশ্ববিদ্যালয়
খণ্ড (Unit)Unit – I
মাধ্যমঅসমীয়া
পাঠ্যক্ৰমDibrugarh University (CBCS)

নিৰ্দেশনা BA 1st Semester

১। নির্দেশনা কি?
(What is Guidance?)
উত্তৰঃ নিৰ্দেশনা হৈছে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক সমস্যা সমাধান আৰু সমাযোজন তথা পছন্দত সহায় কৰা কাৰ্য। ই এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিয়ে নিজৰ জীৱন গঢ়াত সহায় লাভ কৰে আৰু পৰিৱেশত নিজৰ অৱস্থাৰ উন্নতি সাধন তথা এই অস্থায়ী পার্থিব জীৱন উপভোগ কৰাত সহায় কৰে।

২। নিৰ্দেশনাৰ এটা উপযুক্ত সংজ্ঞা দিয়া।
(Give a suitable definition of Guidance.)
উত্তৰ: Proctorৰ মতে, “Guidance is a service designed to help one individual or group of individuals of making necessary adjustment to the environment.”

অর্থাৎ নির্দেশনা হ’ল এক প্ৰকাৰ সেৱামূলক কার্য য’ত এজন ব্যক্তি বা এদল ব্যক্তিক পৰিৱেশৰ সৈতে প্রয়োজনীয় সমাযোজন কৰাত সহায় কৰে।

৩। শৈক্ষিক নির্দেশনা কি?
(What is Educational Guidance?)
উত্তৰঃ সহজ অৰ্থত ক’ব পাৰি যে শিক্ষাৰ্থীসকলক নিজকে বুজি উঠাত সহায় কৰিবলৈ আৰু সেই অনুক্রমে নিজকে প্ৰস্তুত কৰি তুলিবলৈ শিক্ষকৰ ফালৰ পৰা যি সহায় আৰু তৎপৰতাৰ প্রয়োজন তাকে শৈক্ষিক নিৰ্দেশনা বুলিব পাৰি।

৪। শৈক্ষিক নিৰ্দেশনাৰ এটা উপযুক্ত সংজ্ঞা দিয়া
(Give a suitable definition of Educational Guidance.)
উত্তৰ : Brewer নামৰ চিন্তাবিদ গৰাকীৰ মতে- “Educational Guidance may be defined as a conscious effort to assist in the intellectual growth of an individual.” অর্থাৎ এগৰাকী ব্যক্তিৰ বৌদ্ধিক বিকাশত সচেতনভাৱে সহায় কৰাটোকে শৈক্ষিক নিৰ্দেশনাৰ সংজ্ঞা হিচাপে উল্লেখ কৰিব পাৰি।

৫। শৈক্ষিক নিৰ্দেশনাৰ এটা প্রধান কাম উল্লেখ কৰা।
(Mention a major function of Educational Guidance.)
উত্তৰঃ শৈক্ষিক নিৰ্দেশনাৰ এটা প্ৰধান কাম হ’ল-শিক্ষার্থীসকলক বিদ্যালয়পূর্বক অৱস্থা আৰু তেওঁলোকৰ এটা সু-আৰম্ভণিত সহায় কৰা ।

৬। বৃত্তীয় নির্দেশনা বুলিলে কি বুজা?
(What do you mean by Vocational Guidance?)
উত্তৰঃ যি নির্দেশনা প্রক্রিয়াই শিক্ষার্থীসকলক এটা উন্নত জীৱন-যাপন আৰু তেওঁলোকৰ বৃত্তীয় সমস্যাসমূহ সমাধান কৰাত সহায় কৰে, তাকেই বৃত্তীয় নির্দেশনা বোলে।

৭। বৃত্তীয় নিৰ্দেশনাৰ এটা উপযুক্ত সংজ্ঞা দিয়া।
(Give a suitable definition of Vocational Guidance.)
উত্তৰ : শিক্ষাবিদ Crow and Crow ৰ মতে- “Vocational Guidance usually is interpreted as the assistance given to learners to choose, prepare for and progress in an occupation.” অর্থাৎ বৃত্তীয় নির্দেশনাক সাধাৰণতে এইদৰে বিশ্লেষণ কৰা হয় যে শিক্ষার্থীসকলক এটা বৃত্তি নির্বাচন কৰা, তাৰ বাবে প্ৰস্তুত কৰা আৰু তাৰ উন্নতি সাধনত সহায় কৰা

৮। বৃত্তীয় নিৰ্দেশনাৰ এটা প্রধান উদ্দেশ্য উল্লেখ কৰা।
(Mention a major purpose of Vocational Guidance.)

উত্তৰ : বৃত্তীয় নির্দেশনাৰ প্রধান উদ্দেশ্য হ’ল শিক্ষার্থীসকলৰ ব্যৱসায়িক আৱশ্যকতাৰ প্ৰতি একা সিহঁতৰ শক্তি, ক্ষমতা আৰু আগ্ৰহৰ আৱিস্কাৰ কৰাত সহায় কৰা।

৯। ব্যক্তিগত নির্দেশনা বুলিলে কি বুজা?
(What do you mean by Personal Guidance?)
উত্তৰ : ব্যক্তিগত নির্দেশনা হ’ল শিক্ষার্থীসকলৰ চাৰিওফালে থকা ব্যক্তি আৰু বস্তু তথা সামাজিক অনুষ্ঠানসমূহৰ সৈতে সুস্থভাবে সমাযোজনত সহায় কৰা কাৰ্য। শিক্ষার্থীসকলৰ মনো-দৈহিক জটিলতা, সংঘাত, দৈনন্দিন জীৱনৰ সমস্যাসমূহ, আচৰণ আৰু সমাযোজনৰ সমস্যাসমূহ সুস্থভাৱে বুজি উঠি তাৰ জ্ঞান আহৰণ, মনোভংগী, কৌশল আৰু নিজকে প্রস্তুত কৰি তোলাৰ বাবে সহায় কৰা কাৰ্যকে ব্যক্তিগত নির্দেশনা বুলি সংজ্ঞা দিব পাৰি।

১০। সামাজিক নির্দেশনা কি?
(What is Social Guidance?)
উত্তৰ : সামাজিক পৰিস্থিতিত অইন ব্যক্তিৰ সৈতে বা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সু-সম্পর্ক বজাই ৰখাৰ উপযুক্ত জ্ঞান আহৰণ, মনোভংগী গঠন, বিভিন্ন কৌশল অবলম্বন সম্পর্কে। শিক্ষার্থীসকলক সহায় কৰা প্ৰক্ৰিয়াকে সামাজিক নির্দেশনা বুলি কোৱা হয়।

১১। স্বাস্থ্য সম্বন্ধীয় নির্দেশনা কি?
(What is Health Guidance?)
উত্তৰ: শিক্ষার্থীসকলক দেহৰ বিভিন্ন অংশৰ শক্তি আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিবৰ বাবে কেনেবোৰ শৰীৰ চৰ্চা কৰিব লাগে, খাদ্যৰ কেনে যত্ন ল’ব লাগে, কেনেবোৰ দৈহিক অভ্যাস গঠন কৰিব লাগে, এই সম্পর্কে সহায় কৰাটোকে সহজ অর্থত স্বাস্থ্য সম্বন্ধীয় নির্দেশনা বোলা হয়।

নিৰ্দেশনা BA 1st Semester

চমু প্রশ্নোত্তৰ

১। মনোবিদ স্কীনাৰে নিৰ্দেশনাৰ সংজ্ঞা কেনেকৈ আগবঢ়াইছিল?
(How did Skinner define Guidance?)
উত্তৰ : মনোবিদ স্কীনাৰৰ মতে, “নিৰ্দেশনা এটা প্রক্রিয়া যিয়ে ডেকা মানুহখিনিক পৰিস্থিতি আৰু অইনৰ সৈতে সমাযোজন কৰিবলৈ শিকায়।” “Guidance is a process of helping young persons learn to adjust to self to others and to circumstances.”

২। নিৰ্দেশনাৰ দুটা প্রধান প্ৰকাৰৰ নাম উল্লেখ কৰা।
(Mention two major types of Guidance.)
উত্তৰঃ নিৰ্দেশনাৰ দুটা প্রধান প্ৰকাৰ হ’ল—
(ক) শৈক্ষিক নির্দেশনা
(খ) বৃত্তীয় নির্দেশনা

৩। নিৰ্দেশনাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা ।
(Mention two characteristics of Guidance.)
উত্তৰঃ নিৰ্দেশনাৰ দুটা প্রধান বৈশিষ্ট্য তলত অতি চমুকৈ উল্লেখ কৰা হ’ল-
(ক) নির্দেশনা হৈছে এক সু-সংগঠিত আৰু সু-পৰিকল্পিত কাৰ্য, ই কোনো প্ৰাসংগিক বিধৰ পৰামৰ্শদান কাৰ্য নহয়।
(খ) নির্দেশনা কার্যই ব্যক্তিক নিজৰ অন্তর্নিহিত শক্তি ক্ষমতা অনুভৱ কৰি উঠাত সহায় কৰে।

৪। নিৰ্দেশনাৰ দুটা নীতি উল্লেখ কৰা।
(Mention two principles of Guidance.)
উত্তৰঃ নিৰ্দেশনাৰ দুটা প্রধান নীতি তলত অতি চমুকৈ উল্লেখ কৰা হ’ল-
(ক) নিৰ্দেশনাই শিক্ষাৰ্থীৰ সম্পূৰ্ণ জীৱন সম্বন্ধে অধ্যয়ন কৰে, কেৱল মাত্ৰ বৌদ্ধিক জীৱন নহয়।
(খ) নিৰ্দেশনাই কেৱল বিশেষ নাইবা সমস্যাজনিত শিক্ষাৰ্থীৰ বিষয়ে আলোচনা নকৰে, ই সকলো ছাত্ৰৰ বিষয়ে আলোচনা কৰে।

৫। নিৰ্দেশনাৰ প্রধান লক্ষ্য উল্লেখ কৰা।
(Mention two major aims of Guidance.)
উত্তৰঃ ব্যক্তিৰ জন্মগত প্ৰতিভাসমূহৰ বিকাশ সাধন কৰি ভৱিষ্যত জীৱনৰ বাবে উপযুক্ত কৰি তোলা কাৰ্যই হ’ল নিৰ্দেশনা। ইয়াৰ প্ৰধান দুটা লক্ষ্য তলত উল্লেখ কৰা হ’ল-
(ক) ব্যক্তিৰ ব্যক্তিগত বৈশিষ্ট্যসমূহৰ মূল্য নিৰূপণ কৰি অৰ্থ ব্যাখ্যা কৰা ৷
(খ) বিদ্যালয়ত শিক্ষকৰ ওচৰত আৰু আন সমনীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগত সমাযোজন কৰা।

৬. নিৰ্দেশনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
(Mention two objectives of Guidance.)
উত্তৰঃ নিৰ্দেশনাৰ দুটা উদ্দেশ্য তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—
(ক) প্ৰত্যেকগৰাকী ছাত্ৰৰ অনুকূল বিকাশত সহায় কৰা ।
(খ) প্ৰত্যেকগৰাকী ছাত্ৰক তেওঁৰ ক্ষমতা, প্রতিভা আৰু সংলক্ষণসমূহ বুজি উঠাত সহায় কৰাটো নিৰ্দেশনাৰ আন এটা প্রধান উদ্দেশ্য।

৭। নিৰ্দেশনাৰ যিকোনো এটা প্রকৃতি উল্লেখ কৰা।
(Mention any one nature of Guidance?)

উত্তৰঃ এহাতে ব্যক্তিৰ প্ৰয়োজন, সামৰ্থ আৰু প্ৰাচুৰ্য; আনহাতে পৰিৱেশত ব্যক্তিয়ে কেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ জন্মৰ পৰা মৃত্যুলৈকে চলি যাব পাৰিব এই সকলোবিলাক কথা নিৰ্দেশনাৰ বা নিৰ্দেশনাদান কাৰ্যৰ প্ৰকৃতিৰ ভিতৰুৱা।

৮। নিৰ্দেশনাৰ যিকোনো এটা বৈশিষ্ট্য উল্লেখ কৰা ।
(Mention any one characteristics of Guidance?)
উত্তৰঃ নিৰ্দেশনাদানৰ এটা প্ৰধান বৈশিষ্ট্য হল—
(ক) নিৰ্দেশনা হৈছে এক সুসংগঠিত আৰু সুপৰিকল্পিত কার্য; ই কোনো প্ৰাসংগিকবিধৰ পৰামৰ্শদান কাৰ্য নহয়।

৯। নিৰ্দেশনাৰ যিকোনো এটা নীতি উল্লেখ কৰা ।
(Mention any one principle of Guidance?)
উত্তৰঃ নিৰ্দেশনাৰ এটা নীতি তলত উল্লেখ কৰা হ’ল—
(ক) নিৰ্দেশনাই শিক্ষাৰ্থীৰ সম্পূৰ্ণ জীৱন সম্বন্ধে অধ্যয়ন কৰে, কেৱল মাত্ৰ বৌদ্ধিক জীৱন নহয়।

১০। নির্দেশনাৰ যিকোনো এটা লক্ষ্য উল্লেখ কৰা।
(Mention any one aim of Guidance?)
উত্তৰঃ নিৰ্দেশনাৰ এটা লক্ষ্য হ’ল—
(ক) ব্যক্তিৰ ব্যক্তিগত বৈশিষ্ট্যসমূহৰ মূল্য নিৰূপণ কৰি অৰ্থ ব্যাখ্যা কৰা৷

১১। নিৰ্দেশনাৰ যিকোনো এটা গুৰুত্ব উল্লেখ কৰা।
(Mention any one importance of Guidance?)
উত্তৰঃ নিৰ্দেশনাৰ যিকোনো এটা গুৰুত্ব হ’ল—
(ক) ব্যক্তিৰ অৱসৰ সময়খিনি কিদৰে সাৰ্থকভাৱে গঠনাত্মক ক্ৰিয়াৰ যোগেদি কটাব পাৰি তাৰ প্ৰয়োজনীয় শিক্ষা নিৰ্দেশনাৰ আৱশ্যকতা বর্তমান বিশেষভাৱে অনুভৱ কৰা হৈছে।

১২। নির্দেশনাৰ যিকোনো এটা বিশেষ প্রয়োজনীয়তা উল্লেখ কৰা ।
(Mention any one special need of Guidance?)
উত্তৰঃ নিৰ্দেশনাৰ এটা বিশেষ প্রয়োজনীয়তা হ’ল—
(ক) সুস্থ জীৱন দৰ্শন গঢ় দি তোলাত নির্দেশনাই বিশেষভাৱে সহায় আগবঢ়ায়।

১৩। নিৰ্দেশনাৰ যিকোনো দুটা বিশেষ প্রয়োজনীয়তা উল্লেখ কৰা।
(Mention any two specific needs of Guidance?)
উত্তৰঃ নিৰ্দেশনাৰ যিকোনো দুটা বিশেষ প্রয়োজনীয়তা তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) সুস্থ জীৱন দৰ্শন গঢ় দি তোলাত নিৰ্দেশনাই বিশেষভাৱে সহায় আগবঢ়ায়।
(খ) ব্যক্তিগত বৈষম্য উপলব্ধি কৰাত নির্দেশনাই উপযুক্তভাৱে সহায় কৰে।

১৪। শিশু নিৰ্দেশনাৰ দুটা মূল লক্ষ্য উল্লেখ কৰা ।
(Mention two main aims of Child Guidance?)
উত্তৰঃ শিশু নিৰ্দেশনাৰ দুটা মূল লক্ষ্য হ’ল-
(ক) শিশুসকলৰ ব্যক্তিত্ব বিজ্ঞানসম্মত প্ৰক্ৰিয়াৰে গঢ়ি তোলাত সহায় কৰা।
(খ) শিক্ষা নিৰ্দেশনাৰ সহায়ত তেওঁলোকৰ শিক্ষা সম্পৰ্কীয় সকলো ধৰণৰ সমস্যা সমাধানৰ পথ প্ৰদৰ্শন কৰা।

১৫। শৈক্ষিক নির্দেশনাৰ দুটা মূল উদ্দেশ্য উল্লেখ কৰা।
(Mention two main objectives of Educational Guidance?)
উত্তৰঃ শৈক্ষিক নিৰ্দেশনাৰ দুটা মূল উদ্দেশ্য হ’ল-
(ক) এজন ব্যক্তিৰ জীৱনজোৰা শৈক্ষিক অভিজ্ঞতাৰ ক্ষেত্ৰখনত বহুতো শৈক্ষিক পছন্দৰ নিৰ্বাচনৰ সুযোগ দান কৰা
(খ)  এজন শিশুৱে যেনেকুৱা ধৰণৰ শৈক্ষিক স্তৰত থাকে তেনেকুৱা ধৰণৰ লগত সম্পৰ্কীয় বিষয় অধ্যয়নৰ অভ্যাসৰ দ্বাৰা দক্ষতা বৃদ্ধি কৰা।

BA 1st Semester Education Chapter 1 Assamese Medium

১৬। শৈক্ষিক নির্দেশনাৰ দুটা মূল নীতি উল্লেখ কৰা ।
(Mention two main principles of Educational Guidance?)
উত্তৰ : শৈক্ষিক নির্দেশনাৰ দুটা মূল নীতি তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) শৈক্ষিক নির্দেশনা সকলো শিক্ষার্থীকে প্ৰদান কৰা হয় ।
(খ) বিদ্যালয়ত শৈক্ষিক নিৰ্দেশনাৰ যিকোনো আঁচনিৰে নিৰ্দেশনামূলক উপাদানৰ ভিত্তি শিক্ষাৰ্থীৰ আগ্ৰহ, উদ্দেশ্য আৰু প্ৰয়োজন হোৱা উচিত।

১৭। শৈক্ষিক নির্দেশনাৰ দুটা কাৰ্য লিখা।
(Write two functions of Educational Guidance?)
উত্তৰ : শৈক্ষিক নিৰ্দেশনাৰ দুটা কাৰ্য তলত সংক্ষেপে উল্লেখ কৰা হ’ল
(ক) শিক্ষার্থীসকলক বিদ্যালয়পূর্বক অৱস্থা আৰু তেওঁলোকৰ এটা সু-আৰম্ভণিত সহায় কৰা।
(খ) শিক্ষার্থীক ফলপ্রসু শিকনত সহায় কৰা

১৮। বৃত্তিমূলক নির্দেশনাৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
(Mention two purpose of Vocational Guidance?)
উত্তৰঃ বৃত্তিমূলক নির্দেশনাৰ দুটা উদ্দেশ্য হ’ল-
(ক) বৃত্তিমূলক নিৰ্দেশনাৰ মূল উদ্দেশ্য হ’ল শিক্ষার্থীসকলৰ ব্যৱসায়িক আৱশ্যকতাৰ প্ৰতি থকা সিহঁতৰ শক্তি, ক্ষমতা আৰু আগ্ৰহৰ আৱিষ্কাৰ কৰাত সহায় কৰা।
(খ) এইবিধ নিৰ্দেশনাৰ উদ্দেশ্য হ’ল বৃত্তীয় প্রশিক্ষণৰ ওপৰত পর্যাপ্ত পৰিমাণৰ তথ্যৰ যোগান ধৰা।

১৯। বৃত্তিমূলক নির্দেশনাৰ দুটা কাৰ্য লিখা।
(Write two functions of Vocational Guidance?)
উত্তৰ : বৃত্তিমূলক নির্দেশনাৰ দুটা কাৰ্য তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) বৃত্তিমূলক নির্দেশনাই চাকৰি সম্পৰ্কত আগ্রহ সৃষ্টি কৰা কাৰ্য সম্পাদন কৰে।
(খ) ই ফলপ্রসূ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা অর্জনত সহায় আগবঢ়ায়।

নিৰ্দেশনা BA 1st Semester

ৰচনাধৰ্মী প্রশ্নোত্তৰ

১। নিৰ্দেশনাৰ বৈশিষ্ট্যবোৰ কি কি?
(What are the characteristics of Guidance.)
উত্তৰ : ব্যক্তিৰ জন্মগত প্ৰতিভাসমূহৰ উপযুক্ত বিকাশ সাধন কৰি ভৱিষ্যত জীৱনৰ বাবে উপযুক্ত কৰি তোলা কাৰ্যই হৈছে নির্দেশনা।

ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) নিৰ্দেশনা হৈছে এক সু-সংগঠিত আৰু সু-পৰিকল্পিত কাৰ্য, ই কোনো প্ৰাসংগিক বিধৰ পৰামৰ্শদান কাৰ্য নহয় ।
(খ) নির্দেশনা কার্যই ব্যক্তিক নিজ অস্তিত্ব আৰু ক্ষমতা অনুভৱ কৰি উঠাত সহায় কৰে।
(গ)নির্দেশনা হৈছে ব্যক্তিক নিজ পৰিৱেশত সুস্থ সমাযোজন কৰাত সহায় কৰা কাৰ্য বিশেষ।
(ঘ) নির্দেশনা এক ধাৰাবাহিক, গতিশীল আৰু ব্যক্তিৰ উদ্দেশ্য প্রণোদিত কাৰ্য ব্যৱস্থা ৷
(ঙ) নির্দেশনাক ব্যক্তিৰ আত্ম-উপলব্ধি আৰু মানসিক নিৰাপত্তা অনুভৱত সহায় কৰা কাৰ্য বুলিব পাৰি।
(চ) নিৰ্দেশনাক ব্যক্তিৰ অন্তৰ্নিহিত সম্ভাৱনীয়তাসমূহৰ পূৰ্ণ উপযোগকৰণ কাৰ্য বুলিব পাৰি

২। নিৰ্দেশনাৰ প্ৰধান নীতিসমূহ কি কি?
(What are the major principles of Guidance.)
উত্তৰঃ নিৰ্দেশনাৰ প্ৰধান নীতিসমূহ হ’ল—
(ক) নির্দেশনাই শিক্ষাৰ্থীৰ সম্পূৰ্ণ জীৱন সম্বন্ধে অধ্যয়ন কৰে, কেৱল মাত্ৰ বৌদ্ধিক জীৱন নহয়।
(খ) নির্দেশনাই কেৱল বিশেষ নাইবা সমস্যাজনিত শিক্ষার্থীৰ বিষয়ে আলোচনা নকৰে, ই সকলো ছাত্ৰৰ বিষয়ে অধ্যয়ন কৰে।
(গ) নির্দেশনাই প্রাথমিকভাৱে আৰোগ্যতকৈ প্ৰতিৰোধৰ ওপৰতহে গুৰুত্ব দিয়ে।
(ঘ) নির্দেশনা সকলোৰে বাবে কিন্তু ই বাধ্যতামূলক নহয়।
(ঙ) নির্দেশনা ব্যক্তি বৈষম্য ভিত্তিক।

৩। নিৰ্দেশনাৰ উদ্দেশ্যসমূহ কি কি?
(What are the objectives of Guidance.)
উত্তৰঃ নিৰ্দেশনাৰ উদ্দেশ্যসমূহ তলত অতি চমুকৈ উল্লেখ কৰা হ’ল—
(ক) ব্যক্তিৰ জন্মগত অন্তর্নিহিত সম্ভাৱনীয়তাসমূহৰ অনুকূল বিকাশ সাধন কৰা।
(খ) ব্যক্তিৰ ব্যক্তিগত বৈশিষ্ট্যসমূহৰ মূল্য নিৰূপণ কৰি অৰ্থ ব্যাখ্যা কৰা ।
(গ) বিদ্যালয়ত শিক্ষকৰ ওচৰত আৰু আন সমনীয়া ছাত্ৰ-ছাত্ৰীসকলৰ লগত সমাযোজন কৰা।
(ঘ) নতুন পৰিৱৰ্তিত পৰিস্থিতিৰ সৈতে খাপ খুৱাবলৈ শৈক্ষিক, বৃত্তিমূলক, ব্যক্তিগত সুবিধা আৰু প্ৰয়োজনসমূহৰ সৃষ্টি কৰা।
(ঙ) ব্যক্তিৰ ব্যক্তিগত গুণসমূহৰ বিকাশ সাধন কৰা ।

৪। শৈক্ষিক নির্দেশনা বুলিলে কি বুজা?
(What do you mean by Educational Guidance.)
উত্তৰঃ আধুনিক শিক্ষাৰ প্ৰধান দায়িত্ব হৈছে শিক্ষাৰ্থীৰ অন্তর্নিহিত শক্তি, ক্ষমতাসমূহ চিনাক্ত কৰি সেই অনুযায়ী তাৰ বিকাশত সহায় কৰা। শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাৰ ভিতৰত যি ব্যাপক পৰিসৰৰ পাঠ্যসূচী আৰু কাৰ্যসূচী তাত অংশগ্ৰহণৰ বাবে আৰু ভিন্ন পৰিস্থিতিত নিজকে সুস্থভাৱে সমাযোজন কৰিবলৈ শিক্ষাৰ্থীসকলক প্ৰয়োqজনীয় দিহা-পৰামৰ্শ প্ৰদান কৰা প্ৰক্ৰিয়াকে শৈক্ষিক নির্দেশনা বোলা হয়। শৈক্ষিক নির্দেশনাৰ বিশেষ প্রবক্তা হ’ল Brewer । ৰুথ ষ্ট্ৰঙ
(Ruth Strong) ৰ মতে শৈক্ষিক নির্দেশনা হৈছে ব্যক্তিক উপযুক্ত আঁচনি নিৰ্ধাৰণ আৰু তাৰ উন্নতি সাধনত সহায় কৰা কাৰ্য। এইটো এটা ধনাত্মক বিকাশশীল আঁচনি। ইয়াত অন্তর্ভুক্ত মূল দিশসমূহ হ’ল—
(ক) ব্যক্তিৰ মানসিক শক্তিসমূহ আৰু আগ্ৰহৰ জ্ঞান
(খ) শৈক্ষিক সা-সুবিধাৰ ব্যাপক পৰিসৰ সম্পৰ্কে সচেতনতা আৰু
(গ) উক্ত দুয়োবিধ জ্ঞানৰ ভিত্তিত ব্যক্তিক সুবিবেচনাপূৰ্ণ আঁচনি নিৰ্ধাৰণ আৰু পৰামৰ্শ দানত সহায় কৰা। মুঠতে, শিক্ষার্থীসকলক নিজকে জানি উঠাত সহায় কৰিবলৈ আৰু সেই অনুক্ৰমে নিজকে প্ৰস্তুত কৰি তুলিবলৈ শিক্ষকসকলে যি সহায় তথা সু-পৰামৰ্শ আগবঢ়ায় তাকে শৈক্ষিক নির্দেশনা বোলা হয়।

শিক্ষাৰ্থীসকলৰ স্কুলীয়া জীৱন আৰু বিদ্যালয়ৰ পাঠ্যক্ৰমৰ পাঠ্যসুচীবোৰৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা তথা সিহঁতৰ প্ৰয়োজনবোৰৰ মাজত সমাযোজন স্থাপন কৰা প্ৰক্ৰিয়াকে শৈক্ষিক নির্দেশনা বুলি কোৱা হয়। এনে নির্দেশনা শিক্ষাৰ প্ৰাক-প্রাথমিক স্তৰৰ পৰা আৰম্ভ কৰি উচ্চ শিক্ষাৰ স্তৰলৈ প্ৰত্যেকটো পর্যায়তে প্রয়োজন হয়। শৈক্ষিক নির্দেশনাই শিক্ষার্থীসকলক তলত উল্লেখ কৰা দিশসমূহৰ ক্ষেত্ৰত সহায় আগবঢ়োৱা উচিত।
(ক) শিক্ষার্থীসকলৰ জীৱনব্যাপী শিকনৰ প্ৰত্যেকটো স্তৰতে যথেষ্ট পৰিমাণৰ শৈক্ষিক মতামত প্ৰদান কৰা।
(খ) শিক্ষাৰ্থীসকলৰ শৈক্ষিক পৰ্যায় অনুসৰি উপযুক্ত অধ্যয়ন কৌশল গ্রহণ কৰা আৰু অধ্যয়ন অভ্যাসৰ উন্নতি সাধন কৰা।
(গ)ভাষাৰ ব্যৱহাৰত দক্ষ কৰি তোলা।
(ঘ)এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ ফলপ্রসুভাৱে হস্তান্তৰ কৰা।
(ঙ)কৌশলপূৰ্ণ আৰু কৃতকাৰ্যতাৰে সময় পৰিচালনা কৰা।
(চ)বৃত্তীয় প্ৰয়োজনৰ ব্যাপক পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি পাঠ্যসূচী

লগতে পঢ়ক:   নিৰ্দেশনাৰ সঁজুলি আৰু কৌশল BA 1st Semester – তৃতীয় অধ্যায় শিক্ষা

Ba 1st sem Education question answer

৫। বৃত্তীয় নির্দেশনাৰ বিষয়ে চমুকৈ লিখা।
(Write briefly about Vocational Guidance.)
উত্তৰঃ সাধাৰণতে যি নির্দেশনা কার্যই শিক্ষার্থীসকলক এটা প্রগতিশীল, শৃংখলাবদ্ধ উন্নত জীৱন-যাপন আৰু তেওঁলোকৰ বৃত্তীয় সমস্যাসমূহ সমাধান কৰাত সহায় কৰে, তেনে নির্দেশনাকে বৃত্তীয় নির্দেশনা বোলা হয়। আমেৰিকাৰ ৰাষ্ট্ৰীয় বৃত্তীয় নির্দেশনা সংস্থাই কৈছে যে- বৃত্তীয় নির্দেশনা হ’ল ব্যক্তিক এটা বৃত্তি নির্বাচন কৰা, তাৰ বাবে প্ৰস্তুত কৰা, বৃত্তিটোত নিয়োজিত হোৱা আৰু তাৰ উন্নতি সাধনত সহায় কৰা প্ৰক্ৰিয়া। ই প্ৰত্যেকগৰাকী ছাত্ৰ-ছাত্ৰীকে কৰ্মৰ প্ৰকৃতি, তাত কৃতকাৰ্যতাৰ বাবে প্ৰয়োজনীয় লক্ষণসমূহ, সাহসেৰে কৰা আৰু কৰ্ম সন্তুষ্টি লাভ কৰা, বৃত্তীয় সা-সুবিধাৰ সম্পর্কিত যথাৰ্থ তথ্য সংগ্রহ, বিভিন্ন প্ৰকাৰৰ প্ৰয়োজনীয় প্রশিক্ষণ, এই ক্ষেত্ৰত অগ্ৰসৰ হোৱাৰ বিস্তৃত আৰু সম্পূৰ্ণ জ্ঞান প্ৰদানত সহায় কৰে।

বৃত্তীয় নির্দেশনাই ব্যক্তিক শ্ৰমৰ মৰ্যাদা আৰু কৰ্মৰ প্ৰমূল্য সম্বন্ধে জ্ঞান প্রদান কৰে। ই বৃহত্তৰ কৰ্মৰ পৃথিৱীখন আৰু মানুহক প্রাথমিক প্রয়োজনসমূহৰ আৱশ্যকতা সম্বন্ধে জ্ঞাত কৰি কৰ্ম নিযুক্তিত সহায় কৰে। আৰম্ভণিতে এইটো ভবা হৈছিল যে বৃত্তীয় নির্দেশনা মাধ্যমিক শ্ৰেণীৰ শিক্ষার্থীসকলকহে দিয়া উচিত। কিন্তু, বর্তমান এইটো বিশ্বাস কৰা হয় যে বৃত্তীয় নির্দেশনা প্রাথমিক স্তৰৰ পৰা আৰম্ভ কৰা উচিত।

নিৰ্দেশনা BA 1st Semester

৬।  ব্যক্তিগত নির্দেশনা সম্বন্ধে চমুকৈ লিখা।
(Write briefly about Personal Guidance.)
উত্তৰ: ব্যক্তিগত নির্দেশনাই ছাত্র-ছাত্রীক তেওঁলোকৰ চৌপাশে থকা সমাজখনত সমাযোজন লাভ কৰিবলৈ সহায় কৰে। এই নির্দেশনাই ব্যক্তিক ব্যক্তিগত জীৱনত সৃষ্টি হোৱা বিভিন্ন সমস্যা সম্পর্কে সজাগ কৰাৰ উপৰিও সমাধানৰ ক্ষেত্ৰতো সহায় কৰে। ব্যক্তিগত নির্দেশনা হৈছে এনে এক প্ৰকাৰৰ নিৰ্দেশনা যিয়ে ছাত্ৰ-ছাত্ৰীসকলৰ মনোবৈজ্ঞানিক সমস্যা, সংঘাত, দৈনন্দিন জীৱনৰ সমস্যা, আচৰণ আৰু সমাযোজনৰ সমস্যা আদিৰ সমাধানৰ ক্ষেত্ৰত সহায়
আগবঢ়ায়।

ব্যক্তিগত সমস্যাসমূহ সমাধান কৰিবলৈ যাওঁতে ব্যক্তিক গভীৰভাৱে ভিতৰৰ পৰা বুজি উঠা প্রয়োজন। ব্যক্তিগত নিৰ্দেশনাৰ অভাৱত ব্যক্তিগত সমস্যাসমূহৰ দ্বাৰা পৰিৱেশত ব্যক্তিসকলৰ অপসমাযোজনৰ সমস্যা বাঢ়িবহে পাবে। ব্যক্তিগত নির্দেশনাই ব্যক্তিগত অপসমাযোজন নোহোৱা কৰি শ্রেণীকক্ষৰ বিশৃংখলতা, বিদ্যালয়-মহাবিদ্যালয়ৰ অনুশাসনহীনতা আদি সমস্যাবোৰৰ সমাধান কৰিব পাৰে। ব্যক্তিগত নির্দেশনাই ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান অর্জন কৰি, মনোভার গঠন কবি কৌশল, দক্ষতা অর্জনৰ দ্বাৰা নিজকে বুজিবলৈ আৰু নিজৰ কামৰ প্ৰতি পঞ্চমুখ হ’বলৈ সহায় কৰে।

৭। সামাজিক নির্দেশনা সম্বন্ধে চমুকৈ লিখা।
(Write briefly about Social Guidance.).
উত্তৰঃ-সামাজিক নির্দেশনাই ছাত্ৰ-ছাত্ৰীসকলক সামাজিকভাৱে সকলোৰে সৈতে মিলিজুলি বসবাস কৰিবলৈ কৌশল আয়ত্ব কৰাত সহায় কৰে। ছাত্র-ছাত্রীসকলে ভিন ভিন ভাষা, ধর্ম, জাতি ইত্যাদিৰ দ্বাৰা গঠিত নিজৰ অতীতৰ বিভিন্ন জীৱনশৈলী স্বত্বেও বিদ্যালয়-মহাবিদ্যালয় আজিত সকলোৰে সৈতে সমানে সমাযোজন কৰি সামাজিকভাৱে বসবাস কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হয় । এনেধৰণৰ পৰিৱেশ সৃষ্টিত সামাজিক নিৰ্দেশনাৰ ভূমিকা অপৰিসীম। সামাজিক নির্দেশনাই ছাত্ৰ-ছাত্ৰীসকলক আনৰ সৈতে কেনেকুৱা ব্যৱহাৰ কৰিব লাগে, সামাজিক দায়বদ্ধতা অর্জন, জিৰণি সময় কেনেকৈ নিয়াৰিকৈ কটাব পাৰি, বন্ধু-বান্ধৱ আদিৰ সৈতে কেনেদৰে আচাৰ-আচৰণ প্ৰদৰ্শন কৰি লাগে আদি দিশত পৰামৰ্শ দান কৰে।

মুঠতে সমাজৰ বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠান, উৎসৱ-পাৰ্বন, সভা-সমিতিত সুস্থ সম্পর্ক বজাই বৰ্খাৰ জ্ঞান আহৰণ কৰাত, মনোভাৱ গঠন কৰাত আৰু ভিন্ন কলা-কৌশল আয়ত্বকৰণ সম্পর্কে শিক্ষার্থীসকলক সহায়-সহযোগিতা আগবঢ়োৱা প্ৰক্ৰিয়াকে সামাজিক নির্দেশনা বোলা হয়। সমাজত নাৰী-পুৰুষৰ সমানে মৰ্যাদাপূর্ণ জীৱন-যাপনৰ বিভিন্ন মনোভাৱ, দৃষ্টিভংগী আদি এই নির্দেশনা কার্যই গঢ়ি তোলে। বিভিন্ন সময়ত বিভিন্ন দিশৰ কথা-বতৰা আদি আলোচনা কৰা,
আনৰ কাৰ্য-কলাপৰ প্ৰতি সহনশীল দৃষ্টিভংগী গ্ৰহণ কৰা ইত্যাদি বিভিন্ন সামাজিক গুণসমূহৰ বিকাশ সাধন কৰা কাৰ্য সামাজিক নিৰ্দেশনাৰ দ্বাৰা সমাধান কৰা হয়।

৮। শিক্ষাত নিৰ্দেশনাৰ প্ৰয়োজন আৰু গুৰুত্ব আলোচনা কৰা।
(Discuss the need and importance of Guidance in Education.)
উত্তৰঃ নিৰ্দেশনাক ব্যক্তিৰ পৰিৱেশৰ লগত সমাযোজন কৰিবলৈ সুবিধা কৰি দিয়া প্ৰক্ৰিয়া বুলিব পাৰি। এই প্ৰক্ৰিয়াটোৱে ব্যক্তিৰ সমস্যা সমাধান কৰে আৰু প্রয়োজনো পুৰণ কৰে। শিশুৰ দেহ-মানসিক সমস্যাসমূহ উপলব্ধি কৰি অকল সেইবোৰৰ সমাধানৰ উপায় উদ্ভাৱনত যে নির্দেশনাৰ গুৰুত্ব পৰিলক্ষিত হয় তেনে নহয়। নিৰ্দেশনাৰ মূল লক্ষ্য আৰু গুৰুত্ব হৈছে শিশুসকলক সর্বাত্মক ব্যক্তিত্ব বিকাশৰ উপযুক্ত উপায় আৰু পথ দেখুৱাই দিয়া। তলত শিক্ষাক্ষেত্ৰত নিৰ্দেশনাৰ প্ৰয়োজন আৰু গুৰুত্ব সম্বন্ধে চমুকৈ আলোচনা কৰা হ’ল—

(ক) শৈক্ষিক বিকাশৰ প্ৰয়োজন (Need of academic development): মনোবৈজ্ঞানিকভাৱে শিক্ষার্থীয়ে প্ৰতিটো পাঠ্যবিষয় অধ্যয়নৰ বাবে একোটা বিশিষ্ট শৈক্ষিক ক্ষমতাৰ প্ৰয়োজন। বিষয়সাপেক্ষে ছাত্ৰৰ এনে ক্ষমতা আশানুরূপভাৱে থকা নথকাৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষকে ছাত্ৰক তাৰ অধ্যয়নৰ নিৰ্দেশনা দিব লাগে। কেতিয়াবা কোনো কোনো ছাত্ৰই শিক্ষাৰ একো একোটা বিশেষ দিশত ব্যক্তিগতভাৱে দুৰ্বলতা আৰু অক্ষমতা অনুভৱ কৰে। এনে ক্ষেত্ৰত শিক্ষকে উপযুক্ত নির্দেশনা প্রদান কৰাতো অতি জৰুৰী বিবেচিত হয়।

(খ) বৃত্তীয় নিৰ্বাচনৰ প্ৰয়োজন (Need of vocational selection) : আধুনিক শিক্ষাৰ এক প্রধান লক্ষ্য হৈছে ছাত্রক অর্থনৈতিকভাৱে উৎপাদনশীল আৰু স্বাৱলম্বী কবি তোলা শিক্ষাৰ্থীৰ মাজত থকা ব্যক্তিগত পার্থক্য বিবেচনা কৰি, তেওঁলোকৰ দক্ষতা অনুসৰি বৃত্তিমূলক শিক্ষা প্ৰদান কৰি ভৱিষ্যত জীৱনৰ বাবে প্ৰস্তুত কৰি তোলাটো সময়ৰ এক প্ৰত্যাহ্বান বুলি ক’ব পাৰি। শিক্ষাৰ্থীসকলৰ জীৱন যাত্ৰা সুন্দৰ কৰি তুলিবলৈ সেয়েহে বৃত্তীয় নির্বাচনৰ বাবে নিৰ্দেশনাৰ প্রয়োজন বাৰুকৈয়ে উপলব্ধি কৰা হয় ।

(গ) অৱসৰ সময়ৰ শিক্ষাৰ প্ৰয়োজন (Need of education for leisure) : অৱসৰ সময় কটাবৰ বাবে দিয়া শিক্ষাই ছাত্ৰৰ সূক্ষ্ম কলাত্মক আৰু সৃজনাত্মক অনুভূতি আৰু প্ৰবৃত্তিসমূহ বিকশাই তুলি সুস্থ ব্যক্তিত্ব গঢ় দি তুলিব পাৰে। ব্যক্তিৰ মানৱীয় অনুভূতিসমূহো ইয়াৰ যোগেদি সাৰ্থকভাৱে বিকশাই তুলিব পাৰি। অৱসৰ সময়খিনি কিদৰে সাৰ্থকভাৱে গঠনাত্মক ক্ৰিয়াৰ যোগেদি কটাব পাৰি তাৰ প্ৰয়োজনীয় শিক্ষা নিৰ্দেশনাৰ আৱশ্যকতা বর্তমান বিশেষভাৱে অনুভৱ কৰা হৈছে।

(ঘ) সামাজিক সমযোজনৰ প্ৰয়োজন (Need of social adjustment) : শিক্ষাই শিক্ষাৰ্থীসকলৰ সামাজিক গুণসমূহ বিকশাই তোলাটো অতি প্রয়োজন। বৃহত্তৰ সমাজ জীৱনৰ বিভিন্ন সাংস্কৃতিক, ধর্মীয় আৰু অৰ্থনৈতিক পৰিস্থিতিৰ লগত খাপ খুৱাই ল’ব পৰাকৈ শিক্ষার্থীসকলক শিক্ষা নিৰ্দেশনাৰ প্রয়োজন। বিভিন্ন সামাজিক পৰিস্থিতিত নেতৃত্ব প্ৰদানৰ বাবে কেনে ভূমিকা গ্রহণ কৰিব লাগে, বন্ধুত্ব, ভ্রাতৃত্ব, সমতা-সামাজিক ন্যায় আদি গণতান্ত্রিক আদর্শসমূহ কিদৰে পালন কৰিব লাগে আৰু নিজ দায়িত্ব তথা অধিকাৰ কিদৰে সাব্যস্ত কৰিব লাগে এইসমূহ প্রণালীবদ্ধ শিক্ষা নিৰ্দেশনাৰ প্ৰয়োজন।

ঙ) ব্যক্তিগত প্রয়োজন (Individual need) : প্রত্যেকগৰাকী শিক্ষার্থীৰে ঘৰ, শিক্ষা আৰু সামাজিক পৰিৱেশত কেতবোৰ নিজ নিজ সমস্যা আৰু প্রতিকূল পরিস্থিতি থাকে যি অ্যাান শিক্ষার্থীতকৈ পৃথক হয়। এনেবোৰ সমস্যা ব্যক্তিগতভাৱে শাৰীৰিক দুর্বলতা, মানসিক অক্ষমতা, অসুস্থ ঘৰুৱা পৰিৱেশ পৰিয়ালৰ লোকৰ লগত বুজাপৰাৰ অভাৱ, খেলা-ধূলাব ক্ষেত্ৰত বন্ধুৰ অভাৱ আৰু নিসংগতা, অত্যাধিক অন্তর্মুখিতা স্বভাৱ আদিৰ সৃষ্টি হ’ব পাৰে। বৌদ্ধিক নিম্নমান বিশিষ্টতাৰ বাবে কোনো কোনো ছাত্ৰই শ্ৰেণীৰ শিক্ষা অগ্রগতিত নিজকে খাপ খুৱাব নোৱাৰি শংকা, উৎকণ্ঠা আৰু হীনমন্যতা অনুভৱ কৰে। এই সকলোবোৰ ব্যক্তিগত সমস্যা সমাধানত সহায় কৰিবৰ বাবে শিক্ষকৰ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা বর্তমান অধিকভাৱে অনুভৱ কৰি উঠা হৈছে৷

(চ) নৈতিক মূল্যবোধৰ প্ৰয়োজন (Need of moral values) : শিক্ষাৰ্থীৰ নৈতিক জীৱনৰ সুস্ততা ৰক্ষাৰ বাবেও নিৰ্দেশনাৰ প্ৰয়োজন । তেওঁলোকৰ মনত স্বাভাৱিকতেই ন্যায়- অন্যায়, ←-অনুচিত আৰু পাপ-পূণ্যৰ নৈতিক অনুভূতি জাগি উঠে। ইয়াৰ উপৰি সমাজত সংঘটিত হোৱা বিভিন্ন অনৈতিক আৰু অনুচিত ক্রিয়া-কলাপ কিশোৰ-কিশোৰীসকলৰ মনত তেওঁলোকৰ নৈতিক চেতনাত আঘাত কৰি বিভ্রান্তিৰ সৃষ্টি কৰিব পাৰে। তেমে অৱস্থাত শিক্ষকৰ অভিজ্ঞতাপুষ্ট নির্দেশনাৰ প্ৰয়োজন।

(ছ) দৈহিক স্বাস্থ্য ৰক্ষাৰ প্ৰয়োজন (Need of keeping good physical health): শিক্ষাৰ্থীৰ দৈহিক স্বাস্থ্য ৰক্ষাৰ প্ৰতি শিক্ষকৰ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সহজে অনুভৱ কৰি উঠিব পাৰি। শিক্ষার্থীসকলে দেহৰ বিভিন্ন অংশৰ শক্তি আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিবৰ বাবে কেনেবোৰ শৰীৰ চৰ্চা কৰিব লাগে, খাদ্যৰ কেনে যত্ন ল’ব লাগে, কেনেবোৰ দৈহিক অভ্যাস গঠন কৰিব লাগে এই সকলো কথা স্বাস্থ্য সম্বন্ধীয় নির্দেশনাব অন্তর্ভুক্ত কৰিব লাগে।

৯। নিৰ্দেশনাৰ পৰিসৰৰ বিষয়ে আলোচনা কৰা ।
(Discuss the scope of Guidance.)
উত্তৰঃ নির্দেশনা কাৰ্যৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ’ল শিশু, ডেকা নাইবা প্রাপ্তবয়স্ক সকলোকে তেওঁৰ নিজস্ব প্রয়োজনীয়তা আৰু তেওঁৰ পৰিৱেশক নিজে নিজে বুজি উঠাত সহায় কৰে। এই কাৰ্যৰ প্ৰয়োজনীয়তা বৰ্তমান সকলো শ্ৰেণীৰ লোকে অনুভৱ কৰি উঠা দেখা যায়। সেইবাবে ইয়াৰ পৰিসৰো যথেষ্ট ব্যাপক হৈ পৰিছে। নিৰ্দেশনা কাৰ্যই ছাত্ৰ-ছাত্ৰীসকলক তেওঁলোকৰ আগ্ৰহ, দক্ষতা আৰু সামাজিক প্রয়োজনসমূহবুজি উঠাত আৰু বৰ্তমান পৰিস্থিতিত সমাযোজন তথা ভৱিষ্যতৰ বাবে পৰিকল্পনা কৰাত সহায় কৰে।

নিৰ্দেশনা কাৰ্যৰ পৰিসৰৰ অন্তৰ্গত মূল দিশসমূহ হ’ল শৈক্ষিক নির্দেশনা, বৃত্তীয় নির্দেশনা, ব্যক্তিগত নির্দেশনা, সামাজিক নির্দেশনা, স্বাস্থ্য সম্বন্ধীয় নির্দেশনা ইত্যাদি। ব্যক্তি জীৱনৰ প্রত্যেকটো স্তৰতে দেখা দিয়া বিভিন্ন সমস্যা সম্বন্ধে নির্দেশনা কার্যই বিশেষভাৱে বুজি উঠাত সহায় কৰে। ব্যক্তিৰ সম্পূর্ণ ব্যক্তিত্ব বিকাশ প্ৰক্ৰিয়াৰ বিভিন্ন ক্ষেত্ৰত উদ্ভৱ হ’ব পৰা বিশেষ বিশেষ সমস্যাৰ সমাধানৰ বাবে উপযুক্ত নির্দেশনা প্ৰদান কৰাৰ বাবে W.M.Proctor – এ বিশেষ ধৰণৰ ছয় প্ৰকাৰৰ নিৰ্দেশনাৰ কথা উল্লেখ কৰিছে। সেই ছাবিধ হ’ল-শিক্ষা সম্পৰ্কীয় নির্দেশনা, বৃত্তিমুখী নির্দেশনা, সামাজিক আৰু সাধাৰণ জীৱন প্ৰক্ৰিয়াৰ ভিন্ন কাৰ্যত প্ৰয়োজন হোৱা নির্দেশনা, অৱসৰ সময়ৰ উপযুক্ত ব্যৱহাৰৰ বাবে প্রয়োজন হোৱা নির্দেশনা, চৰিত্ৰ গঠন কার্যত প্রয়োজন হোৱা নির্দেশনা। এই আটাইবোৰ ক্ষেত্ৰতে উপযুক্ত নির্দেশনা প্রদান কৰাটো নিৰ্দেশনাৰ পৰিসৰৰ অন্তৰ্গত।

চমুকৈ ক’বলৈ হ’লে ব্যক্তি জীৱনৰ সকলো স্তৰতে নিজৰ আগ্রহ, অভিকচি আদি বুজি উঠি নিজ পৰিৱেশত উপযুক্তভাৱে সমাযোজন কৰিবলৈ প্ৰয়োজন হোৱা সৎ উপদেশ প্রদান কৰাটো নিৰ্দেশনাৰ পৰিসৰৰ অন্তৰ্গত। এক সুসংগঠিত আৰু সুপৰিকল্পিত কাৰ্য হিচাপে নির্দেশনা প্রক্রিয়াই ব্যক্তিক নিজ সুপ্ত প্রতিভা, দক্ষতা আৰু ক্ষমতাসমূহ বুজি উঠাত সহায় কৰে। ব্যক্তিয়ে পৰিৱৰ্তিত পৰিস্থিতিত কিদৰে সুস্থভাৱে সহায় কৰিব পাৰে, এই বিষয়ে গভীৰভাৱে অধ্যয়ন কৰে।

Ba 1st sem Education Chapter 1 question answer

১০। নির্দেশনা দানত শিক্ষকৰ প্ৰধান কাৰ্যবোৰ আলোচনা কৰা
(Discuss the major functions of teacher in Guidance.)
উত্তৰঃ শিক্ষার্থীক বিভিন্ন প্ৰকাৰৰ নিৰ্দেশনা দান কার্যত শিক্ষকে মুখ্য ভূমিকা পালন কৰে। তলত শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষার্থীক নির্দেশনা প্রদান কৰিবলৈ যাওঁতে সম্পাদন কৰা প্ৰধান কাৰ্যসমূহ চমুকৈ আলোচনা কৰা হ’ল—
(ক) বন্ধুত্বপূর্ণ মনোভাৱ গঢ়ি তোলা (Makes friendly behaviour) : প্রত্যেক গৰাকী শিক্ষার্থীকে বন্ধুত্বসুলভ আচৰণ প্ৰদৰ্শন কৰি তেওঁলোকৰ বিভিন্ন সমস্যা, বিভিন্ন কাম কৰাৰ ইচ্ছা, পৰিয়াল, সমাজৰ অন্যান্য ব্যক্তিৰ সৈতে সম্পর্ক তথা অর্থনৈতিক অৱস্থা, পৰিয়ালৰ ইজনৰ লগত সিজনৰ সম্পৰ্ক আদি জানি উঠা প্রয়োজনীয় কথা। এইক্ষেত্ৰত নিৰ্দেশনা দাতাজনৰ নির্দেশনা গ্রহণ কৰোঁতাসকলৰ লগত গঢ় লোৱা ওচৰ সম্পৰ্কইহে সহায় কৰিব।

(খ) প্রস্তুতিৰ শিক্ষা দিয়া কার্য (Preparatory Education) : যিকোনো কার্য সম্পাদন কৰাৰ আগতে দেহ-মানসিকভাৱে সাজু কৰি লোৱাটোকে প্রস্তুতি বুলি কোৱা হয়। প্রস্তুতি নথকাৰ ফলত চাপ আহিব পাৰে। প্রস্তুতিব, অনুশীলনৰ আৰু কঠোৰ শ্ৰমৰ কোনো বিকল্প নাই। কেৱল ইচ্ছা আৰু আকাংক্ষা থাকিলেই নহয়, প্রস্তুতিয়েহে মনত প্ৰতিযোগিতাৰ মনোভার আনিব পাৰে। এনেদৰে শিক্ষক-শিক্ষয়িত্ৰীয়ে যিকোনো কাৰ্যৰ সমাধানৰ বাবে শিক্ষার্থীসকলক বিভিন্ন প্ৰকাৰে প্ৰস্তুত হোৱাৰ নিৰ্দেশনা দিয়া অতি প্রয়োজনীয় কার্য।

(গ) আত্মবিশ্বাসৰ সৃষ্টি (Creation of Self-Assertion) : শিক্ষক-শিক্ষয়িত্ৰীয়ে শিক্ষাৰ্থীৰ মনত আত্মবিশ্বাস সৃষ্টি কৰিব লাগে। আত্মবিশ্বাস আৰু সাহস নোহোৱাৰ বাবে তেওঁলোকে কোনো কার্যত ভাল ধৰণে আগুৱাই যাব নোৱাৰে। সেয়েহে, শিক্ষকে বিভিন্ন কার্য সম্পাদন কৰিবলৈ দি শিক্ষার্থীসকলৰ মনত আত্মবিশ্বাসৰ ভাব জগাই তুলিব লাগে। আত্মবিশ্বাসে কামৰ প্ৰতি আস্থা আনে। আনহাতে, কর্মহীন আস্থা এটা ভ্রান্ত ধাৰণা মাথোন। এনেধৰণৰ কথাবিলাক নির্দেশকে শিক্ষাৰ্থীসকলক ভালদৰে বুজাই দিয়াৰ অতি প্রয়োজন।

(ঘ) উদ্দেশ্যৰ স্থিৰতা সৃষ্টি (Creation of fixed aim) : মহৎ লোকৰ থাকে উদ্দেশ্য, সাধাৰণ ব্যক্তিৰ থাকে ইচ্ছা। সেয়েহে শিক্ষক-শিক্ষয়িত্ৰীয়ে এনেবিলাক মহৎ লোকৰ জীৱন- কাহিনী পঢ়িবৰ বাবে শিক্ষার্থীক উদগনি দিব লাগে। সাফল্যৰ অদম্য স্পৃহা হৈছে এজন ব্যক্তিৰ গুৰুতৰ বিকলাংগতাকো পৰাভূত কৰিবলৈ সক্ষম হোৱা কাৰ্য। যদি কোনো লোকৰ কিবা এটা সাধন কৰাৰ হাবিয়াস থাকে, কোনটো পথেদি আগবাঢ়িলে সেই লক্ষ্যত উপনীত হ’ব পৰা যায় সেইকথা জানে অথবা লাগি থকাৰ একাগ্রতা থাকে, অথবা কঠোৰ শ্ৰম কৰাৰ বাবে প্ৰয়োজনীয় অনুশাসন থাকে, তেতিয়া ব্যক্তিজনক সফলতাই লগ লয়। গতিকে শিক্ষাৰ্থীৰ মনত এইবিলাক আচৰণ গঢ়ি তোলাৰ কাৰ্য কৰিব পাৰে এজন শিক্ষকে।

(ঙ) নির্দেশনা কার্যত গোপনীয়তা ৰক্ষা (Keep secrecy in Guidance) : নির্দেশনা কার্যত শিক্ষক-শিক্ষয়িত্ৰীয়ে নির্দেশনা গ্রহণ কৰোঁতাৰ ব্যক্তিগত কথাসমূহৰ গোপনীয়তা ৰক্ষা কৰা অতি প্রয়োজনীয় কথা। কাৰণ কেতিয়াবা কেতিয়াবা ব্যক্তিগত কথাবিলাকে আনক ইতিকিং কৰাৰ সুযোগ দিব পাৰে।

উক্ত দিশসমূহৰ উপৰিও নির্দেশকে প্রয়োজন সাপেক্ষে নিজাববীয়াকৈ কিছুমান কাৰ্য কৰা উচিত। কাৰণ সমস্যা অনুসৰি সমাধানৰ পথও বেলেগ বেলেগ হোৱা দেখা যায় ।

নিৰ্দেশনা BA 1st Semester Education

১১। শৈক্ষিক নির্দেশনাৰ প্ৰধান উদ্দেশ্যবোৰ আলোচনা কৰা ।
(Discuss the main objectives of Educational Guidance.)
উত্তৰঃ শৈক্ষিক নির্দেশনাৰ প্ৰধান উদ্দেশ্যসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) এজন ব্যক্তিৰ জীৱনজোৰা শৈক্ষিক অভিজ্ঞতাৰ ক্ষেত্ৰখনত বহুতো শৈক্ষিক পছন্দৰ নিৰ্বাচনৰ সুযোগ দান কৰা।
(খ) শৈক্ষিক নিৰ্দেশনাৰ এটা প্রধান উদ্দেশ্য হ’ল শিক্ষাৰ্থীৰ ভৱিষ্যত স্কুলীয়া জীৱনৰ আবশ্যকতা আৰু সম্ভাৱনীয়তা সম্বন্ধে তথ্য সংগ্ৰহত সহায় কৰা।
(গ) শিক্ষার্থীয়ে যিখন বিদ্যালয়ত শিক্ষাগ্ৰহণ কৰিব তেনে বিদ্যালয়ৰ লক্ষ্য আৰু কার্য সম্বন্ধে জ্ঞান লাভ কৰাত সহায় কৰাটো শৈক্ষিক নিৰ্দেশনাৰ আন এটা প্রধান উদ্দেশ্য।
(ঘ) শিক্ষাৰ্থীৰ পছন্দ আৰু ৰুচিবোধসন্মত বিদ্যালয়ত প্ৰৱেশৰ বাবে প্ৰয়োজনীয় অর্হতা সম্বন্ধে জ্ঞান লাভত সহায় কৰা।
(ঙ) কৌশলগতভাৱে আৰু ফলপ্ৰসূভাৱে সময়ৰ সদ্ব্যৱহাৰ কৰাৰ সুবিধা দান কৰা।
(চ) ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত উপযুক্ত যোগ্যতা অর্জন কৰাত সুযোগ দিয়া ।
(জ)বহলভিত্তিক বৃত্তীয় সুবিধা থকা বিষয় অধ্যয়নৰ সুবিধা গ্ৰহণ কৰাৰ সুবিধা দিয়া। শিক্ষার্থীসকলক পাঠ্যক্রম, বিদ্যালয় আৰু সমাজ জীৱনৰ সৈতে সম্পৰ্ক থকা বিষয়ৰ সৈতে নিজে সমাযোজন কৰিবলৈ সহায় কৰা।

(ঝ) শিক্ষানুষ্ঠানৰ অৰ্হতা সমাপ্তিৰ পিছত থকা ভিন্ন সা-সুবিধাৰ বিষয়ে জনাত শিক্ষার্থীক সহায় কৰা।
(ঞ) শিক্ষার্থীসকলক তেওঁলোকৰ নিজস্ব শাৰীৰিক, মানসিক আৰু আৱেগিক প্রতিবন্ধকতাসমূহ বাহিৰ কৰি উলিয়াই আৰু তাৰ পিছত সেইবোৰৰ ব্যৱহাৰ কৰাত সহায় কৰা।

১২। শৈক্ষিক নির্দেশনাৰ প্ৰধান নীতিসমূহ আলোচনা কৰা ।
(Discuss the main principles of Educational Guidance.)
উত্তৰঃ শৈক্ষিক নির্দেশনাৰ প্ৰধান নীতিসমূহ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল-
(ক) শৈক্ষিক নির্দেশনা সকলো শিক্ষার্থীকে প্ৰদান কৰা হয়।
(খ) বিদ্যালয়ত শৈক্ষিক নিৰ্দেশনাৰ যিকোনো আঁচনিৰে নিৰ্দেশনামূলক উপাদানৰ ভিত্তিত শিক্ষাৰ্থীৰ আগ্ৰহ, উদ্দেশ্য আৰু প্ৰয়োজন হোৱা উচিত।
(গ) শৈক্ষিক নির্দেশনা সেৱাত ব্যক্তিক সামগ্রিকভাৱে আচৰণ কৰা উচিত।
(ঘ) শৈক্ষিক নির্দেশনাত শিক্ষাৰ্থীৰ সম্পূৰ্ণ পৰিৱেশ বিবেচনাধীন হোৱা উচিত।
(ঙ) শৈক্ষিক নির্দেশনাই স্কুলীয়া ছাত্ৰৰ বিশেষ প্রয়োজনবোৰ আৰু সমস্যাবোৰৰ সমাধানত সহায় কৰা উচিত।
(চ) সমস্যাবোৰে জটিল ৰূপ ধাৰণ কৰাৰ আগতে আলোচনা কৰা উচিত।
(ছ) ব্যৱসায় সম্বন্ধীয় আৰু শৈক্ষিক অৰ্হতাৰ সা-সুবিধাৰ বিষয়ে উপযুক্ত তথ্য প্ৰদান কৰিব লাগিব।
(জ) নির্দেশনা সেৱা যিমান পাৰি সিমান সহজ হোৱা উচিত।
(ঝ) শৈক্ষিক নির্দেশনা সেৱা শিক্ষাৰ সকলোবোৰ মাধ্যমৰ সৈতে সম্পর্কযুক্ত আৰু নেতৃত্ব বহনকাৰী হোৱা উচিত।
(ঞ) শৈক্ষিক নির্দেশনা সেৱা শিক্ষাৰ্থীৰ আত্মজ্ঞান আৰু আত্মনিৰ্দেশৰ উন্নতি সাধনকাৰী বিধৰ হোৱা উচিত

১৩। শৈক্ষিক নিৰ্দেশনাৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা ।
(Discuss the major functions of Educational Guidance.)
উত্তৰঃ মানৱ জীৱনৰ শৈশব কালৰ বিকাশৰ পৰা বৃদ্ধাৱস্থালৈ প্ৰত্যেকটো স্তৰতে নিৰ্দেশনা কাৰ্যৰ প্ৰয়োগ কৰা হ’ল। তলত শৈক্ষিক নিৰ্দেশনাৰ প্ৰধান কাৰ্যসমূহ অতি সংক্ষেপে আলোচনা কৰা হ’ল—
(ক) শিক্ষার্থীসকলক বিদ্যালয়পূর্বক অৱস্থা আৰু তেওঁলোকৰ এটা সু-আৰম্ভণিত সহায় কৰাঃ শিশুসকলে ঘৰুৱা জীৱনৰ পৰৱৰ্তী পৰ্য্যায়ত বিদ্যালয়ৰ বৃহত্তৰ পৰিৱেশত প্ৰৱেশ কৰে আৰু তাৰ পৰিৱেশৰ সৈতে সমাযোজনত ভয়ানক সমস্যাৰ সন্মুখীন হয়। এনে ক্ষেত্ৰত শৈক্ষিক নির্দেশনাই শিক্ষার্থীসকলক বিশেষভাবে সহায় কৰে।

লগতে পঢ়ক:   পৰামৰ্শদান BA 1st Semester – দ্বিতীয় অধ্যায় (Education)

(খ) শিক্ষার্থীক ফলপ্রসূ শিকনত সহায় কৰাঃ নির্দেশনা প্রক্রিয়াৰ জৰিয়তে শিক্ষার্থীৰ মাজত থকা ব্যক্তিগত বৈষম্য নির্ণয়ৰ যত্ন কৰে আৰু শিকন জটিলতাসমূহ যেনে- পঢ়া, লিখা আৰু ব্যাখ্যাকৰণ আদি উলিয়াই তাৰ প্ৰতিকাৰমূলক আঁচনি প্ৰদান কৰে।

(গ) পিছপৰা শিশুৰ বাবে বিশেষ ধৰণৰ শিক্ষাদান পদ্ধতিৰ ব্যৱস্থা কৰাঃ শৈক্ষিক নিৰ্দেশনাই বিশেষ ধৰণৰ শিশুৰ বাবে বিশেষ ধৰণৰ নিৰ্দেশনা দানৰ পৰিকল্পনা কৰে আৰু সেই অনুক্রমে শিক্ষাদানৰ ব্যৱস্থা কৰে।

(ঘ) প্রতিভাশালী শিশুৰ বাবে বিশেষ ধৰণৰ শিক্ষাৰ ব্যৱস্থা কৰাঃ প্রতিভাশালী শিশুসকল সাধাৰণতে বৌদ্ধিক দিশত বহুখিনি আগবঢ়া হয়। সেয়েহে, স্কুলৰ পাঠ্যক্ৰম অধ্যয়ন কৰি কেৱল পৰীক্ষা পাছ কৰা বিষয়টোতে তেওঁলোকে স্থিৰ হৈ থাকিব নোখোজে। তেওঁলোকক পাঠ্যক্ৰমৰ উপৰিও বিশেষ ধৰণৰ উন্নত জ্ঞান, অভিজ্ঞতা লাভ কৰাৰ ক্ষেত্ৰত নির্দেশকসকলে সহায় কৰিব লাগিব।

(ঙ) প্ৰতিভাৰ দিশ নিৰ্ণয় কৰাঃ প্রতিভাসম্পন্নসকলৰ বিশেষ বিশেষ প্রতিভাৰ দিশবোৰ বৌদ্ধিক অভীক্ষা, প্ৰৱণতাৰ অভীক্ষা, অৰ্হতাৰ পৰীক্ষা, অনুৰাগৰ অভীক্ষা আদি বিভিন্ন মানসিক অভীক্ষাৰ প্ৰয়োগ কৰি নিৰ্দেশকসকলে নির্ণয় কৰি ল’ব লাগে। “বিদ্যালয় নির্দেশনা নিদান” প্রতিষ্ঠা কৰি বিদ্যালয়ৰ বেলেগ বেলেগ শ্ৰেণীত থকা প্রতিভাসম্পন্নসকলক বিশেষভাৱে সহায় কৰাৰ ব্যৱস্থা কৰিব লাগে।

(চ) বৃত্তীয় সাহার্য প্রদান কৰাঃ আর্থিকভাৱে দুর্বল প্রতিভাসম্পন্ন ছাত্র-ছাত্ৰীসকলক বাচি উলিয়াব লাগে আৰু বৃত্তীয় সাহাৰ্য্য প্রদান কৰিব লাগে। এইক্ষেত্ৰত বহুসময়ত সাধাৰণ স্কুলৰ শিক্ষকৰ ছাত্ৰ-ছাত্ৰীসকলক বাচি উলিয়াই উপযুক্ত নির্দেশনা দিয়া সম্ভৱ নহয়৷ সেয়েহে, বিশেষকৈ কৰা প্ৰয়োজনীয় বিষয়।

(ছ) শিক্ষাৰ্থীৰ আগ্ৰহ আৰু ৰুচিক প্রাধান্য দিয়াঃ শিক্ষাৰ্থীৰ আগ্রহ, ৰুচিবোধ, স্মৃতিশক্তি, বুদ্ধিবৃত্তি, মনোযোগ, চিন্তা কৰাৰ ক্ষমতা আদি পৰিয়ালৰ বংশগত আৰু পৰিৱেশীয় প্ৰভাৱ এই দুটা দিশে প্ৰভাৱান্বিত কৰে। সেইবাবে এনেধৰণৰ তথ্য-পাতিবিলাক পৰিকল্পিতভাৱে লিপিবদ্ধ কৰি সংৰক্ষণ কৰি ৰাখিব লাগে।

(জ) অধ্যয়নৰ পদ্ধতিসমূহৰ উন্নতি সাধন কৰাঃ অধ্যয়নৰ পদ্ধতিৰ উন্নতি সাধন কৰাতো শৈক্ষিক নিৰ্দেশনাৰ এটি অতি প্রয়োজনীয় কার্যব্যৱস্থা।
(ঝা) শিক্ষার্থীৰ বাঞ্চনীয় মনোভঙ্গীৰ উন্নতিত সহায় কৰাঃ বাঞ্চনীয় মনোভঙ্গী হ’ল শিশুৰ প্ৰকৃত ব্যক্তিত্ব বিকাশৰ মূল বিন্দু। শিশুসকলৰ সুখী আৰু সুসংহত জীৱনৰ বাবে তেওঁলোকৰ নিজৰ, শিক্ষকসকলৰ, সহপাঠীৰ, বিদ্যালয়ৰ আৰু সম্প্ৰদায়ৰ প্ৰতি সুস্থ আৰু ধনাত্মক মনোভাৱৰ অতি আৱশ্যক।

(ঞ) শিশুৰ আশু ভবিষ্যত পৰিকল্পনাত সহায় কৰাঃ শিশুসকলে পৰিকল্পনাৰ প্ৰয়োজনীয়তা সম্বন্ধে সম্পূৰ্ণৰূপে অজ্ঞ অৱস্থাত থাকে। সেইবাবে সিহঁতৰ জীৱনৰ প্ৰাৰম্ভিক অৱস্থাতে দৈনন্দিন কাৰ্যসূচীৰ সৈতে এটা সুস্থ পৰিকল্পনাৰ প্ৰক্ৰিয়াৰ সৈতে পৰিচয় কৰি দিব লাগে।

(ট) অভিভাৱকসকলক বিদ্যালয়ৰ সৈতে সহযোগিতা কৰাত সহায় কৰাঃ বিদ্যালয়ত শিক্ষার্থীসকলৰ কাৰ্যাৱলী আৰু সিহঁতৰ বিকাশ সম্বন্ধে জ্ঞান লাভ কৰাৰ বাবে অভিভাৱকসকলে শিক্ষকসকলৰ সৈতে এটা গভীৰ সম্পৰ্ক বজাই ৰাখিব লাগে। বিদ্যালয় আৰু ঘৰত শিশুসকলৰ সৰ্বাংগীণ বিকাশৰ বিষয়ে বুজি উঠাৰ বাবে শিক্ষক-অভিভাৱকৰ সমিতি, বিদ্যালয়ৰ কাৰ্যসূচী পৰ্যবেক্ষণৰ বাবে বিদ্যালয় পৰিদৰ্শন আৰু শিক্ষক অভিভাৱক শিশু সন্মিলন অতি গুৰুত্বপূৰ্ণ।

নিৰ্দেশনা BA 1st Semester Education

১৪ ৷ বৃত্তীয় নির্দেশনাৰ উদ্দেশ্যসমূহ কি কি?
(What are the objectives of Vocational Guidance?)
উত্তৰঃ বৃত্তীয় নির্দেশনাৰ প্ৰধান উদ্দেশ্যসমূহ তলত অতি সংক্ষেপে উল্লেখ কৰা হ’ল—
(ক) বৃত্তীয় নির্দেশনাৰ প্ৰধান উদ্দেশ্য হ’ল শিক্ষাৰ্থীসকলৰ বৃত্তীয় প্রয়োজনীয়তাৰ প্ৰতি থকা সিহঁতৰ শক্তি, ক্ষমতা আৰু আগ্ৰহৰ আৱিস্কাৰ কৰাত সহায় কৰা ৷
(খ) বৃত্তীয় নির্দেশনাৰ আন এটা উদ্দেশ্য হ’ল বৃত্তীয় প্ৰশিক্ষণৰ ওপৰত পৰ্যাপ্ত পৰিমাণৰ তথ্যৰ যোগান ধৰা।
(গ) শিক্ষার্থীসকলক উপযুক্ত বৃত্তি নিৰ্বাচনত সহায় কৰাটো হ’ল এইবিধ নিৰ্দেশনাৰ আন এটা উল্লেখযোগ্য উদ্দেশ্য।
(ঘ) বৃত্তীয় নির্দেশনাই শিক্ষার্থীসকলক নির্বাচিত বৃত্তীয় সমাযোজন কৰাৰ ক্ষেত্ৰত সহায় কৰা
(ঙ) শিক্ষার্থীসকলক আৱেগিক ভাৰসাম্য ৰক্ষা কৰাৰ ক্ষেত্ৰত সহায় কৰাটো হ’ল বৃত্তীয় নিৰ্দেশনাৰ আন এটা প্রধান উদ্দেশ্য।
(চ) বৃত্তীয় নির্দেশনাৰ আন এটি প্রধান উদ্দেশ্য হ’ল শিক্ষার্থীসকলক ভৱিষ্যত জীৱনত সুস্থভাৱে সমাযোজন কৰাত সহায় কৰা।
(ছ) বৃত্তীয় নির্দেশনাই ব্যক্তি আৰু সমাজলৈ সেৱা আগবঢ়োৱাৰ ব্যৱস্থা কৰে।
(জ)বৃত্তীয় নির্দেশনাই প্রকৃত নিৰ্বাচনৰ দ্বাৰা এটা নিৰ্দিষ্ট বৃত্তি নিৰ্বাচন কৰি লৈ প্ৰকৃত উন্নতিৰ দিগন্ত মেলি দিয়াত সহায় কৰে।
(ঝ) এইবিধ নির্দেশনাই অপসমাযোজন আৰু অসন্তুষ্টিৰ প্ৰতি বাধা দান কৰাত সহায় কৰে।
(ঞ) বৃত্তীয় নির্দেশনাই মানৱ সম্পদৰ উপযুক্ত ব্যৱহাৰৰ নিশ্চচাতা আনি দিয়ে।

১৫। বৃত্তীয় নির্দেশনাৰ প্ৰধান কাৰ্যসমূহ আলোচনা কৰা।
(Discuss the major functions of Vocational Guidance.)
উত্তৰঃ বৃত্তীয় নির্দেশনাৰ জৰিয়তে এটা উপযুক্ত বৃত্তি নিজৰ ইচ্ছা, মনোযোগ, আগ্রহ আদিব মাধ্যমত গ্ৰহণ কৰিবলৈ সুবিধা পায়। তলত বৃত্তীয় নির্দেশনাৰ প্ৰধান কাৰ্যসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা হ’ল-
(ক) বৃত্তীয় নির্দেশনাৰ এটা প্ৰধান কাৰ্য হ’ল শিক্ষার্থীৰ ভৱিষ্যত জীৱন সুস্থভাৱে সমাযোজন কৰাৰ ক্ষেত্ৰত সহায় কৰা।
(খ) ইশিক্ষার্থীসকলক জীৱিকা সম্পৰ্কত আগ্রহ সৃষ্টি কৰা কাৰ্য সম্পাদন কৰে।
(গ) এইবিধ নির্দেশনাই ফলপ্ৰসূ সিদ্ধান্ত গ্ৰহণৰ দক্ষতা অর্জনত সহায় আগবঢ়ায়।
(ঘ) বৃত্তীয় নির্দেশনাই বিকাশৰ যিকোনো স্তৰতে প্ৰয়োজন অনুসৰি উদগনি দিব পাৰে।
(ঙ) এইবিধ নির্দেশনাই শিক্ষার্থীক ভৱিষ্যতে কোনো এটা দিশ নির্বাচন কৰাৰ ক্ষেত্ৰত ভুল পথেৰে পৰিচালিত হৈ বিপদত পৰিব পৰাৰ সম্ভাৱনীয়তা নোহোৱা কৰে।
(চ) শিক্ষার্থীসকলক যিকোনো এটা বৃত্তিৰ বাবে প্ৰয়োজনীয় অর্হতা, বয়স, লিংগ, প্রস্তুতি আদি সম্বন্ধে লগা সাধাৰণ আৰু বিশেষ দক্ষতা, কৌশল ইত্যাদি নিৰ্বাচনত বৃত্তীয় নির্দেশনাই সহায় কৰাটো হ’ল এটা প্রধান কাম।
(ছ) বৃত্তীয় নির্দেশনাই শিক্ষার্থীসকলক বিদ্যালয়ৰ ভিতৰ আৰু বাহিৰৰ অভিজ্ঞতাক নিজস্ব দক্ষতাৰে আৱিস্কাৰ কৰি ব্যাপক আগ্ৰহৰ বিকাশ সাধনত সহায় কৰিব লাগিব।
(জ) শিক্ষার্থীসকলক শ্ৰমৰ মৰ্যাদা বুজাত সহায় কৰাটো হ’ল বৃত্তীয় নির্দেশনাৰ আন এটা মুখ্য কাৰ্য।
(ঝ) বৃত্তীয় নির্দেশনাৰ আন এটা প্ৰধান কাম হ’ল শিক্ষার্থীসকলক যিকোনো এটা বৃত্তি সম্বন্ধে চূড়ান্ত সিদ্ধান্ত গ্রহণ কৰাৰ আগতে ব্যৱসায়িক তথ্যৰ বিশ্লেষণ কৌশল আহৰণত সহায়
(ঞ) বৃত্তীয় নির্দেশনাৰ আন এটা প্ৰধান কাম হ’ল নির্বাচিত বৃত্তিত সুস্থভাবে সমাযোজন কৰাৰ কৌশল প্ৰদান কৰা।
(ট) শিক্ষার্থীসকলক আৱেগিক ভারসাম্য ৰক্ষা কৰা আৰু মানসিকভাবে নির্বাচিত বৃত্তিত মনোনিৱেশ কৰাৰ বাবে প্ৰস্তুত কৰি তোলাটো হ’ল বৃত্তীয় নির্দেশনাৰ আন এক প্রধান কার্য।
(ঠ) এইবিধ নির্দেশনাৰ আন এটা প্রধান কাম হ’ল নির্বাচিত বৃত্তিত সুস্থভাৱে সমাযোজন কৰাৰ কৌশল প্ৰদান কৰা।

১৬। শৈক্ষিক নিৰ্দেশনা আৰু বৃত্তীয় নির্দেশনাৰ মাজৰ সম্পৰ্ক আলোচনা কৰা।
(Discuss the relationship between Educational Guidance and Vocational Guidance.)
উত্তৰ : আধুনিক শিক্ষা ব্যৱস্থাত মনোবিজ্ঞানৰ নীতি-নিয়ম আৰু পদ্ধতিসমূহৰ প্রয়োগ বাঢ়ি অহাৰ লগে লগে ব্যক্তি পার্থক্য অধ্যয়নৰ আৱশ্যকতা বৃদ্ধিৰ সমান্তৰাল গতিত শৈক্ষিক নির্দেশনা আৰু বৃত্তীয় নির্দেশনাৰ গুৰুত্ব অধিক হোৱা দেখা গৈছে। শিক্ষা প্রক্রিয়াত প্রত্যেকগৰাকী শিক্ষার্থীর নিজস্ব দেহ-মানসিক ক্ষমতা অনুসৰি তেওঁলোকে অনুভৱ কৰা দেহ-মানসিক আৰু শৈক্ষিক সমস্যাসমূহৰ নিৰাময়ৰ উপায় উদ্ভাৱন কৰা আৰু ভৱিষ্যত জীৱনৰ বাবে প্রয়োজন হোৱা উপযুক্ত বৃত্তি নিৰ্বাচনত সহায় কৰাৰ বাবে শৈক্ষিক আৰু বৃত্তীয় নিৰ্দেশনা প্ৰদানৰ প্রয়োজনীয়তা অধিক। সেইবাবে এই দুয়োবিধ নিৰ্দেশনাৰ মাজত এক গভীৰ সম্পৰ্ক আছে বুলি ক’ব পাৰি।

আধুনিক শিক্ষাৰ প্ৰধান দায়িত্ব হৈছে শিক্ষার্থীর অন্তর্নিহিত প্রতিভা আৰু ক্ষমতাৰ চিনাক্তকৰণ কৰা আৰু সেই অনুক্রমে তাৰ বিকাশত সহায় কৰা, যাতে শিক্ষার্থীয়ে ভৱিষ্যত জীৱনত সুস্থভাৱে সমাযোজন কৰিব পাৰে। সেইবাবে শিক্ষকৰ সমগ্ৰ শিক্ষাৰ দায়িত্ব এক নির্দেশনা কাৰ্যৰ বাহিৰে আন একো নহয়। শিক্ষানুষ্ঠানত দিয়া শিক্ষাৰ শ্ৰেণীৰ ভিতৰত যি ব্যাপক পৰিসৰৰ পাঠ্যসূচী আৰু কাৰ্যসূচী তাত অংশ গ্রহণৰ বাবে শিক্ষার্থীসকলক ভিন ভিন ভাৱে দিহা-পৰামৰ্শ দিব লাগে। পাঠ্যক্ৰমৰ কোনবোৰ বিষয় তেওঁলোকৰ বাবে ব্যক্তিগতভাৱে উপযোগী পাঠ গ্রহণ আৰু আয়ত্বকৰণৰ বাবে কেনে শিক্ষণ পদ্ধতি বা প্রক্রিয়া গ্রহণ কৰিব লাগে, কেনে শিক্ষণ সঁজুলি তাৰ বাবে প্ৰয়োগ কৰিব লাগে, সহ-পাঠ্যক্ৰমৰ কাৰ্যসূচীৰ কেনেবোৰ দিশত কিদৰে অংশগ্রহণ কৰি অৱসৰ সময় সার্থকভাৱে কটাব লাগে, ব্যক্তিত্বৰ কেনেবোৰ প্ৰয়োজনীয় গুণ গঢ় দি তুলি সমাজত নিজকে সুস্থ সমাযোজন কৰিব লাগে, দেশ আৰু সমাজৰ প্ৰতি কেনেদৰে আনুগত্য আৰু অনুশাসনৰ ভাৱ প্ৰকাশ কৰিব লাগে, নিজ যোগ্যতা আৰু সম্ভাৱনীয়তাৰ ভিত্তিত ভৱিষ্যতৰ বাবে কেনে বৃত্তি বা ব্যৱসায়ৰ প্ৰশিক্ষণ ল’ব লাগে এই সকলোবোৰ কথা শৈক্ষিক নিৰ্দেশনাৰ অন্তৰ্গত।

শিক্ষা প্ৰধানকৈ আমাৰ বৃত্তীয় জীৱনৰ বাবেই প্রয়োজন হয়। আধুনিক শিক্ষাৰ এক প্ৰধান উদ্দেশ্য হৈছে শিক্ষার্থীক অর্থনৈতিকভাৱে উৎপাদনশীল আৰু স্বাৱলম্বী কৰি তোলা। সেইবুলি সকলো শিক্ষার্থীকেই সকলোবোৰ বৃত্তিমূলক আৰু উৎপাদনমূলক ক্রিয়াৰেই সমানে উপযোগী বুলি বিবেচনা কৰিব নোৱাৰি। এইক্ষেত্ৰত ব্যক্তিগত বৈষম্যৰ প্ৰশ্ন গভীৰভাৱে জড়িত। বিভিন্ন বৃত্তিৰ বিশেষত্ব অনুসৰি তাক আয়ত্ব কৰাৰ বাবে কেনেবোৰ বিশিষ্ট যোগ্যতাৰ প্ৰয়োজন, তেনেবোৰ যোগ্যতা তথা সম্ভাৱনীয়তা কেনেবোৰ ছাত্ৰৰ ব্যক্তিত্বত অন্তর্নিহিত হৈ আছে আৰু সেই যোগ্যতাৰ আশানুরূপ বিকাশত কিদৰে সহায়-সহানুভূতি আৰু শৈক্ষিক প্রনোদন যোগাব পাৰি এইসমূহ যথেষ্ট গুরুত্বপূর্ণ কাম। এই কামসমূহত শৈক্ষিক নির্দেশনাই শিক্ষার্থীসকলক বিশেষভাৱে সহায় কৰে। ইয়াৰ উপৰি বৰ্তমান বৃত্তীয় জগতত আমি ভাবিব নোৱাৰা ধৰণে বৃত্তিসমূহৰ পৰিবৰ্তন সাধন হৈছে। বিজ্ঞান আৰু কাৰিকৰী বিজ্ঞানৰ প্রয়োগে ব্যক্তিক দ্রুত আধুনিকীকৰণৰ পথলৈ লৈ যোৱাৰ লগে লগে জীৱন আৰু জীৱিকাৰ চাহিদা অধিক বৃদ্ধি পাই উঠিছে। কাৰিকৰী বিজ্ঞান ভিত্তিক নতুন নতুন বৃত্তীয় সম্ভাবনীয়তাই বর্তমান দেখা দিছে। এই দিশৰ প্ৰতি শিক্ষাৰ্থীৰ দৃষ্টি আকর্ষণ কৰি তোলাটো আৰু তাৰ বাবে প্রয়োজনীয় নির্দেশনা দিয়াটো সময়ৰ এক প্ৰত্যাহ্বান স্বৰূপ বুলি গণ্য কৰিব পাৰি। বৃত্তীয় নির্দেশনাই ব্যক্তিৰ ভৱিষ্যত জীৱনৰ বাবে উপযুক্ত বৃত্তি নির্বাচন কৰি তাৰ সৈতে সুস্থ সমাযোজন গঢ়ি তোলাত সহায় কৰে। সেয়েহে উক্ত দুয়োবিধ নিৰ্দেশনাৰ মাজতে এক স্পষ্ট সম্পৰ্ক থকা বুলি ক’ব পাৰি।

১৭। বৃত্তীয় নির্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে আলোচনা কৰা।
(Discuss the need of Vocational Guidance.)
উত্তৰঃ বৃত্তি এটাত নিজকে নিয়োজিত কৰাৰ ক্ষেত্ৰত বিভিন্ন দিশৰ পৰা সমস্যাৰ মুখামুখী হোৱা দেখা যায়। মানৱ ব্যক্তিত্বৰ জটিলতা, আধুনিক উদ্যোগীক জটিলতা, শিক্ষা বিষয়সমূহৰ জটিলতা আৰু বিভিন্ন বৃত্তিত প্রৱেশ জটিলতাই আধুনিক শিক্ষা ব্যৱস্থাক অধিক জটিল কৰি তুলিছে যাৰ বাবে প্ৰত্যেকজন ব্যক্তিৰ বাবে বৃত্তিৰ প্রকৃতি, বৃত্তি নির্বাচন আদিৰ ক্ষেত্ৰত একো একোজন বিশেষজ্ঞৰ পৰামৰ্শ অতি প্ৰয়োজন হৈ পৰে। তলত বৃত্তীয় নিৰ্দেশনাৰ প্ৰয়োজনীয়তাৰ বিষয়ে মূল দিশসমূহ অতি সংক্ষেপে আলোচনা কৰা-

(ক) ব্যক্তি বৈষম্য (Individuals differences) : মনোবিজ্ঞানী আৰু বিজ্ঞানীসকলে সহমতত উপনীত হৈছে যে প্রত্যেক ব্যক্তিৰ মাজত শাৰীৰিক, মানসিক, আৱেগিক আদি দিশত পার্থক্য আছে। সেইবাবে কোৱা হয় যে সমগ্র বিশ্বতে একে ব্যক্তি পোৱা নাযায়। ব্যক্তিৰ মাজত বিৰাজ কৰা বৈসাদৃশ্যৰ দিশৰ পৰা এইটো কোৱা হয় যে প্রত্যেক মানুহে প্রত্যেক কৰ্মৰ বাবে আগ্রহীও নহয় আৰু উপযোগীও নহয়। সেইবাবে ব্যক্তি পার্থক্য অনুসৰি বৃত্তীয় নিৰ্দেশনাৰ প্রয়োজনীয়তা নুই কৰিব নোৱাৰি।

(খ) বৃত্তিৰ প্ৰকাৰ (Variety of vocations) : বর্তমান সময়ত, বিভিন্ন বৃত্তিৰ পৰিপ্ৰেক্ষিতত বৃত্তীয় নির্দেশনাৰ প্ৰয়োজন আহি পৰিছে। ভিন্নমুখী বৃত্তিৰ বাবে ছাত্ৰ-ছাত্ৰীৰ মাজত বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত জটিলতাই দেখা দিছে। কেৱল মাত্র বৃত্তীয় নির্দেশনাইহে ছাত্র- ছাত্ৰীক বৃত্তীয় প্ৰত্যাহ্বানৰ মুখামুখী হ’বলৈ সক্ষম কৰি তোলে।

(গ) বৃত্তীয় অগ্রগতি (Vocational progress) : যিকোনো এটা বৃত্তিত নিজকে নিয়োজিত কৰাটো বৰ ডাঙৰ কথা নহয়। কিন্তু এটা বৃত্তিত প্ৰৱেশ কৰি কিমানখিনি উন্নতি সাধন কৰিব পাৰিছে তাক জনাটো অধিক গুৰত্বপূর্ণ কথা। এজন ব্যক্তিয়ে এটা বৃত্তিত প্ৰৱেশ কৰাৰ পিছত তাৰ অগ্ৰগতি বা ফলাফল নিৰ্ভৰ কৰে তাৰ দক্ষতা আৰু সক্ষমতাৰ ওপৰত। ব্যক্তিয়ে বৃত্তীয় নির্দেশনাৰ জৰিয়তে প্রয়োজনীয় প্রশিক্ষণ আৰু প্ৰশিক্ষণ কেন্দ্র সম্বন্ধে তথ্য সংগ্ৰহ কৰিব পাৰে।

(ঘ) ছাত্ৰ-ছাত্ৰীৰ চিৰস্থায়ী ভৱিষ্যত (Stable future of students) : যিকোনো এজন ছাত্রই বিদ্যালয় শিক্ষা শেষ কৰাৰ পিছত কি বৃত্তিত নিজকে নিয়োজিত কৰিব, সেইটো অতি গুৰুত্বপূৰ্ণ কথা। এনে অৱস্থাত, ছাত্ৰ-ছাত্ৰীৰ বৃত্তি সম্বন্ধে কোনো ধৰণৰ জ্ঞান নাথাকে। ছাত্ৰ- ছাত্ৰী আৰু অভিভাৱক বহু সময়ত মতিচ্ছন্ন হৈ পৰে। সেইবাবে ছাত্ৰ-ছাত্ৰীৰ সুনিশ্চিত ভৱিষ্যতৰ বাবে বৃত্তীয় নির্দেশনাৰ অতি প্ৰয়োজন হৈ পৰে।

(ঙ)অর্থনৈতিক দৃষ্টিভঙ্গীৰ প্ৰয়োজন (Need from economic point of view): অর্থনৈতিক দৃষ্টিভঙ্গীৰ পৰাও বৃত্তীয় নির্দেশনা অতি আৱশ্যক। যেতিয়া উৎপাদন নিম্নগামী হ’ব তেতিয়া অর্থনৈতিক সমস্যাই গা কৰি উঠে। সেইবাবে অর্থনৈতিক লোকচানৰ বাবে হাত সাৰিবলৈ অৰ্থনৈতিক নিয়ন্ত্ৰণৰ প্ৰয়োজন হয়। এইটো জটিল, কিন্তু অসম্ভৱ নহয়। ইয়াৰ পৰা হাত সাৰিবলৈ বৃত্তীয় নিৰ্দেশনাৰ প্ৰয়োজন হয় ।

(চ) পৰিৱৰ্তিত পৰিস্থিতিৰ বাবে প্ৰয়োজন (Need due to changing conditions): বর্তমান সময়ত, কিছুমান বৃত্তিয়ে অধিক লাভৱান হৈ উঠে আৰু আন কিছুমান বৃত্তি পৰিৱৰ্তিত পৰিস্থিতিত লোকচানৰ মুখামুখী হোৱা দেখা যায়। ইয়াৰ মূল কাৰণ হ’ল- বৈজ্ঞানিক অগ্রগতি আৰু উদ্যোগিকীকৰণ ব্যৱস্থাৰ দ্ৰুত পৰিৱৰ্তন। এই পৰিৱৰ্তিত পৰিস্থিতিত এটা উপযুক্ত বৃত্তি নির্বাচন কৰি তাৰ সৈতে আৰম্ভণিৰ পৰা সমাযোজন কৰিবলৈ বৃত্তীয় নিৰ্দেশনাৰ প্ৰয়োজন হয়।

(ছ) সামাজিক আৰু ব্যক্তিগত দৃষ্টিভঙ্গীৰ প্ৰয়োজনঃ (Need from social and personal point of view) : সামাজিক আৰু ব্যক্তিগত দৃষ্টিভঙ্গীত বৃত্তীয় নিৰ্দেশনাৰ প্রয়োজনীয়তা আহি পৰে। ব্যক্তিৰ সুখ, সন্তুষ্টি আৰু ব্যক্তিত্ব বিকাশ নিৰ্ভৰ কৰে বৃত্তিৰ ওপৰত। যিকোনো অসন্তুষ্টি তেওঁৰ সমাজৰ বাবেও সমস্যাৰ সৃষ্টি কৰে। এনে ক্ষেত্ৰত ব্যক্তিজনে সমাজত কোনো ধৰণৰ বৰঙণি আগবঢ়াব নোৱাৰে। সেইবাবে সামাজিক আৰু ব্যক্তিগত দিশৰ পৰা বৃত্তি নিৰ্বাচনৰ বাবে বৃত্তীয় নিৰ্দেশনাৰ প্ৰয়োজন আহি পৰে।

(জ) ব্যক্তিৰ অন্তর্নিহিত শক্তিৰ উপযুক্ত প্রয়োগৰ বাবে (For proper utilization of human potentialities) : এগৰাকী ব্যক্তিৰ অন্তর্নিহিত সুপ্ত শক্তি ক্ষমতাসমূহ জনাটো অতি প্রয়োজনীয় কথা। কিন্তু এইটো জনাটোরে যথেষ্ট নহয়। এই শক্তি ক্ষমতাসমুহ জানি উপযুক্তভাৱে সেইবোৰ প্ৰয়োগ কৰাৰ বাবে বৃত্তীয় নির্দেশনাৰ প্রয়োজন হয়।

(ঝ) পৰিয়াল আৰু বৃত্তীয় জীৱনৰ সৈতে সহসম্বন্ধ জ্ঞাপন (Establishing co-ordination between family and vocational life) : এগৰাকী ব্যক্তিৰ জীৱিকা আৰু পৰিয়ালৰ মাজত গভীর সম্পর্ক থাকে। ব্যক্তিৰ সফল জীৱিকাই তেওঁৰ পৰিয়ালৰ ওপৰত বিশেষ প্ৰভাৱ বিস্তাৰ কৰা দেখা যায়। সেইবাবে, ব্যক্তিৰ জীৱিকা আৰু পৰিয়ালৰ মাজত এক সহসম্বন্ধ অতি আৱশ্যক। এইক্ষেত্ৰত, বৃত্তীয় নির্দেশনাই এজন ব্যক্তিক উপযুক্ত বৃত্তি নিৰ্বাচনত সহায় কৰিব পাৰে।

(ঞ) অনুপযুক্ত জীৱিকাৰ বাবে (For unsuitable occupations) : যেতিয়া এগৰাকী ব্যক্তিয়ে এটা বৃত্তিত পূর্ব পৰিকল্পনা অবিহনে প্ৰৱেশ কৰে আৰু তাৰ পিছত তেওঁ যেতিয়া অনুভৱ কৰে যে বৃত্তিটোৰ বাবে তেওঁ উপযোগী নহয় নাইবা বৃত্তিটো তেওঁৰ বাবে উপযুক্ত নহয়। এইটোৱে তেওঁক আগ্রহহীন কৰি তোলে। তুলনামূলকভাৱে উপযুক্ত বৃত্তি নির্বাচনে ব্যক্তিজনক সন্তুষ্টি দিব পাৰে। বৃত্তিৰ উপযুক্ত নির্বাচন কেৱল মাত্র বৃত্তীয় নির্দেশনাইহে দিব পাৰে।

শিক্ষা BA 1st Semester Dibrugarh University

১৮। নিৰ্দেশনা দানৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকাৰ বিষয়ে আলোচনা কৰা।
(Discuss the role of teacher in Guidance.)
উত্তৰঃ শিক্ষাদান আৰু আহৰণৰ ক্ষেত্ৰত শিক্ষকে বিশেষ ভূমিকা পালন কৰা পৰিলক্ষিত হয়। শ্ৰেণীকোঠাত শিক্ষক এজনে কেৱল শিক্ষার্থীক পাঠদান কৰা কাৰ্যতে দায়িত্ব শেষ নহয়। শিক্ষকজনে বৰং বিভিন্ন ক্ষেত্ৰসমূহত শিক্ষার্থীক নিৰ্দেশনা দান কৰি আগুৱাই লৈ যোৱাৰ দায়িত্ব পালন কৰে। নিৰ্দেশনা কাৰ্যসূচীত শিক্ষকৰ ভূমিকা সম্বন্ধে চমুকৈ তলত উল্লেখ কৰা হ’ল–

(ক) প্রাথমিক বিদ্যালয়ত প্রথম নামভৰ্ত্তিকৰি স্কুললৈ আহোতে ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা সমাযোজন সমস্যা বুজি উঠাত তেওঁলোকক সহায় কৰাটো শিক্ষকৰ প্ৰধান দায়িত্ব। ছাত্র-ছাত্রীসকলে যাতে বিদ্যালয় আধাতে এৰিব লগা নহয় তাৰবাবে শিক্ষকে উপযুক্ত নির্দেশনা প্ৰদান কৰিব লাগে।

(খ) শ্ৰেণীকোঠাত উপস্থিত থকা শিক্ষাৰ্থীসকলৰ মাজত ব্যক্তিগত পার্থক্য থকা পৰিলক্ষিত হয়। সেইবাবে শিক্ষাৰ্থীসকলৰ মাজত পঠন, লিখন আৰু বোধগম্যতাৰ ক্ষেত্ৰত অনেক সমস্যাই গা কৰি উঠে। এই সমস্যাসমূহ বুজি উঠিবলৈ ছাত্ৰ-ছাত্ৰীসকলক সহায় কৰাটো আৰু উপযুক্ত নিৰ্দেশনা প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষকে মুখ্য ভূমিকা গ্ৰহণ কৰে।

লগতে পঢ়ক:   শৈক্ষিক আৰু বৃত্তিমূলক নিৰ্দেশনা – BA 1st Semester | Education and Vocational Guidance | Chapter 4

(গ) সুস্থ ব্যক্তিত্বৰ বিকাশ সাধনৰ বাবে মূল কেন্দ্রবিন্দু হ’ল প্ৰয়োজনীয় মনোভাৱ ছাত্র-ছাত্ৰীৰ মাজত গঢ়ি তোলা। শিক্ষাৰ্থীৰ মনত উপযুক্ত মনোভঙ্গী গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ নির্দেশনাই বিশেষ ভূমিকা পালন কৰে।

(ঘ) শিক্ষাৰ্থীসকলৰ ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় বৃত্তিনির্বাচন কৰি সুস্থ-সবল জীৱন- যাপনৰ বাবে বৃত্তীয় নিৰ্দেশনাৰ অতি প্ৰয়োজন। শিক্ষাৰ্থীৰ ব্যক্তিগত পার্থক্য অনুসৰি ভৱিষ্যত জীৱনৰ বাবে প্রয়োজনীয় বৃত্তীয় নির্দেশনা প্রদানত শিক্ষকে মুখ্য ভূমিকা গ্ৰহণ কৰে।

(ঙ) শিক্ষার্থীসকলৰ সৰ্বাঙ্গীণ বিকাশৰ ক্ষেত্ৰত শিক্ষক-অভিভাবক, শিক্ষার্থী এই তিনিটা উপাদানৰ সমন্বয়ে বিশেষ অৰিহণা যোগায়। ইয়াৰ বাবে স্কুলীয়া পৰিৱেশত শিক্ষক-অভিভাৱক শিক্ষাৰ্থীৰ সন্মিলনীত প্ৰয়োজনীয় সামাজিক নির্দেশনা প্রদানত শিক্ষকে মুখ্য ভূমিকা গ্রহণ কৰে। শিক্ষাৰ্থীৰ মনত দেশৰ গ্ৰহণযোগ্য নীতি-নিয়মসমূহৰ প্রতি আস্থা, নিষ্ঠা, আনুগত্য আৰু অনুশাসনৰ ভাব জগাই তুলিবৰ বাবেও শিক্ষা ক্ষেত্ৰত শিক্ষকৰ নিৰ্দেশনাৰ প্ৰয়োজন হয়।

(চ)সুস্থ দেহতহে সুস্থ মন গঢ়ি উঠিব পাৰে। এই কথাৰ উপলব্ধিৰে শিক্ষাৰ্থীৰ দৈহিক স্বাস্থ্য ৰক্ষাৰ প্ৰতি শিক্ষকৰ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। শিক্ষাৰ্থীৰ দেহৰ বিভিন্ন অংশৰ শক্তি আৰু কৰ্মদক্ষতা বৃদ্ধি কৰিবৰ বাবে কেনেবোৰ শৰীৰ চৰ্চা কৰিব লাগে, খাদ্যৰ কেনে যত্ন ল’ব লাগে, কেনেবোৰ দৈহিক অভ্যাস গঠন কৰিব লাগে, এই সকলো কথাত শিক্ষকৰ নিৰ্দেশনাই মুখ্য ভূমিকা গ্ৰহণ কৰে।

(ছ) শিক্ষাৰ্থীৰ নৈতিক জীৱনৰ সুস্থতা ৰক্ষাৰ বাবেও শিক্ষকৰ নিৰ্দেশনাই গুরুত্বপূর্ণ ভূমিকা পালন কৰে। শিক্ষক-অভিভাৱকসকলে উপযুক্ত নির্দেশনাৰ দ্বাৰা তেওঁলোকৰ মনত সুস্থ আদৰ্শ আৰু নৈতিক মূল্যবোধ গঢ় দি তোলাত সহায় কৰিব লাগে।

১৯। শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজনীয়তাসমূহ আলোচনা কৰা।
(Discuss the needs of Educational Guidance.)
উত্তৰঃ বৰ্তমান সময়ত শিক্ষানুষ্ঠানসমূহৰ সকলোবিলাকৰে পাঠ্যক্রম যথেষ্ট পৰিমাণে বৃদ্ধি হৈছে। বৃত্তিমুখী পাঠ্যক্রম শিক্ষাক্ষেত্ৰৰ বিভিন্ন স্থানত উদ্ভৱ হোৱা দেখা গৈছে। প্রতিযোগিতামূলক পৰীক্ষাসমূহৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক বিভিন্ন ক্ষেত্রলৈ নিৰ্বাচন কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হৈছে। সেয়েহে নির্দেশনা দান কার্যৰ দ্বাৰা বিভিন্ন পরামর্শ আদি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও আহি পৰিছে। এইক্ষেত্ৰত নিম্নলিখিত ধৰণৰ শৈক্ষিক নির্দেশনা আগবঢ়াব পৰা যায়-

(ক) প্রাথমিক নামভর্তি নির্দেশনা: নির্দেশনাদান কাৰ্যই ছাত্ৰ-ছাত্ৰীৰ জন্মগত গুণ, সামর্থ্য, আগ্রহ, মনোযোগ আদিৰ ওপৰত নিৰ্ভৰ কৰি ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষা গ্রহণ, উপযুক্ত পাঠ্যক্রন নির্বাচন আদি কার্যত সহায় কৰাটো প্রয়োজনীয় দিশ। এই নির্বাচিত পাঠ্যক্রমসমূহৰ দ্বাৰা ছাত্ৰ- ছাত্রীৰ বৌদ্ধিক, আবেগিক আৰু শাৰীৰিক বিকাশ সম্ভৱ হৈ উঠে।

(খ) উত্তৰ নামভৰ্ত্তিৰ বাবে নির্দেশনা : কোনো শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ পিছত ছাত্র- ছাত্রীসকলে পাঠ্যক্রম কেনেদৰে সফল কৰিব পাৰে সেইটো নিৰ্ভৰ কৰে উপযুক্ত শৈক্ষিক পৰিকল্পনাৰ ওপৰত। তেওঁলোকৰ মনত ভাল পঢ়াৰ অভ্যাস গঢ়ি তোলা, পৰীক্ষাৰ বাবে প্রস্তুত কৰি তোলা, পৰীক্ষাৰ সময়ত যাতে মনোবল হোৱাই নেপেলায় তাৰ বাবে পৰামৰ্শদান কৰা কাৰ্য অতি প্রয়োজনীয়। পঢ়া সময়খিনিত ছাত্র-ছাত্রীসকলে যদি কোনো বিষয়ৰ পঢ়াৰ ক্ষেত্ৰত কঠিনতা অনুভৱ কৰে, তেতিয়া বিষয়টো সহজকৈ বুজোৱাৰ সম্ভাৱনাৰ অৱতাৰণা কৰা কাৰ্য আদি শৈক্ষিক নির্দেশনাই পূৰ্ণ কৰা প্ৰয়োজনীয়। পিছপৰা অঞ্চলৰ পৰা অহা ল’ৰা-ছোৱালীক পঢ়াৰ বাবে সুবিধাজনক পৰিৱেশ এটা সৃষ্টি কৰি দিয়া শৈক্ষিক নিৰ্দেশনাৰ ভিতৰুৱা বিষয়। “প্ৰথম পুৰুষৰ পঢ়াৰ বাবে উপযুক্ত পৰিবেশ সৃষ্টি কৰি দিয়া শৈক্ষিক নিৰ্দেশনাদান কাৰ্যৰ ভিতৰুৱা দিশ।

(গ) বৃত্তি সম্পৰ্কীয় দিশৰ প্ৰয়োজনীয়তা : শৈক্ষিক নিৰ্দেশনাৰ অতি দৰকাৰী দিশটো হৈছে– বৃত্তি সম্পৰ্কীয় পৰামর্শদান কার্য। কোনো ব্যক্তিয়ে কোনো এটা দিশৰ বৃত্তিৰ বাবে উপযুক্ত হৈ নাহে। তেওঁলোকক শিক্ষা, নির্দেশনা, পৰামর্শদান, উপযুক্ত পৰিবেশ আদিব সুবিধাদান কবি কোনো জীৱিকালৈ প্ৰস্তুত কৰি তুলিব লাগে। পৃথিৱীখন দ্রুতগতিত পৰিৱৰ্তিত হৈ আছে। এই পৰিৱৰ্তনবিলাকৰ লগত খাপ খুৱাই নিজক প্রস্তুত কৰি তুলিবৰ বাবে শৈক্ষিক 1 দর্শনাই প্রত্যেকজন ছাত্র-ছাত্রীকে উপযুক্ত নির্দেশনা, পৰামৰ্শ দি প্ৰস্তুত কৰি তোলা প্রয়োজনীয় কথা। পৰিৱেশৰ সুস্থতা, স্বাস্থ্যৰ উন্নতি তথা বেমাৰ-আজাৰৰ পৰা ৰক্ষা পৰি থাকিবলৈ তলত উল্লেখ কৰা ধৰণৰ শৈক্ষিক নিৰ্দেশনাৰ প্ৰয়োজন হয়। যেনে-

(ক) নির্দেশকসকলে বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিৰ পৰিৱেশ সুস্থ ৰাখি শিক্ষাৰ্থীৰ খাদ্যাভ্যাস, ছাত্রবাস ছাত্রীনিবাস, কলেজ কেণ্টিন আদিত স্বাস্থ্যসম্মত খাদ্যৰ পৰিৱেশন কৰা কাৰ্য আদিৰ বিষয়ে সজাগ হৈ মাজে মাজে পৰীক্ষা কৰিব লাগে।

(খ) টাইফয়েড, কলেৰা, বসন্ত আদি সংক্রামক বেমাৰৰ প্ৰতিষেধকৰ ব্যৱস্থা, চাফ-চিকুণতা আদিব বিষয়ে শিক্ষার্থীসকলক সজাগ কৰাটো প্রয়োজনীয় উদ্দেশ্য।

গ) স্বাস্থ্য সম্পর্কীয় শিক্ষা আনুষ্ঠানিক নাইবা অনানুষ্ঠানিক শিক্ষাৰ মাজেৰে দিবলৈ যত্ন কৰা উচিত। এনেদৰে শৈক্ষিক নিৰ্দেশনাৰ দ্বাৰা শিক্ষাক্ষেত্ৰত নানা সুবিধাজনক পৰিৱেশ সৃষ্টি কৰি শিক্ষাকার্য শিক্ষাৰ্থীসকলৰ বাবে বেছি ফলদায়ক, মনোগ্রাহী আৰু উৎসাহজনক হিচাপে গঢ়ি তোলা কাৰ্যই হ’ল শিক্ষা নিৰ্দেশনাৰ প্ৰধান উদ্দেশ্য। তাৰোপৰি সমাজৰ বাবে উপযুক্ত, মানৱ সম্পদ সৃষ্টি কৰাও শিক্ষা নিৰ্দেশনাৰ প্ৰয়োজনীয় লক্ষ্য হোৱা উচিত।

BA 1st Sem Education Dibrugarh University

২০। প্রাথমিক স্তৰত নিৰ্দেশনাৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।
(Discuss the importance of Guidance in primary stage.)
উত্তৰ : প্ৰাথমিক স্তৰব বিদ্যালয়ৰ শিশুসকলৰ নিজস্ব জন্মগত শক্তি সামর্থক উপযুক্তভাৱে উপলব্ধি কৰাত তেওঁলোকক বিশেষভাৱে সহায় কৰে। তাৰোপৰি তেওঁলোকৰ মানসিক শক্তি সামর্থক উপযুক্তভাৱে বিকাশপ্রাপ্ত কৰি লোৱাৰ উপযুক্ত গতিপথো নিৰ্বাচন কৰি লোৱাত সহায় কৰে। সামগ্রিক দৃষ্টিত প্রাথমিক বিদ্যালয়ত নিৰ্দেশনাৰ বিশেষ গুৰুত্ব তলত দিয়া ধৰণে উল্লেখ কৰিব পাৰি—
(ক) প্ৰাথমিক বিদ্যালয়ৰ নিৰ্দেশনাই মানসিকভাৱে বাধাগ্রস্ত শিশুসকলৰ সমস্যা সমূহ উপলব্ধি কৰি তাৰ সমাধানৰ উপায় উদ্ভাৱন কৰাত সহায় কৰে।
(খ) আৱেগিকভাৱে বাধাগ্রস্ত শিশুসকলক চিনাক্ত কৰাত এনে নিৰ্দেশনাই সহায় কৰে।
(গ) প্ৰাথমিক স্তৰত বিদ্যালয়ৰ নিৰ্দেশনাইশিক্ষাৰ্থীৰ গঠন কাৰ্যত বাধাগ্ৰস্ততাৰ সমস্যা উপলব্ধি কৰাত সহায় কৰে।
(ঘ) এই স্তৰৰ নিৰ্দেশনাই বাধাগ্রস্ত শিশুসকলৰ সমস্যা উপলব্ধি কৰাত সহায় কৰে।
(ঙ) অপ-সমাযোজনৰ বিশেষ কাৰণসমূহ উদ্ঘাটন কৰি উলিওৱাত এই স্তৰৰ নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে।
(চ)প্রাথমিক স্তৰৰ নিৰ্দেশনাই গৃহ পৰিৱেশ তথা স্কুলীয়া পৰিৱেশত শিশুসকলৰ আচৰণজনিত সমস্যাসমূহ উপলব্ধি কৰাত সহায় কৰে।
(ছ) শিকণ কার্যত অক্ষম শিশুসকলক এই স্তৰৰ নির্দেশনাই বিশেষভাৱে সহায় কৰে।

নিৰ্দেশনা BA 1st Semester Education

২১। মাধ্যমিক বিদ্যালয়ত নিৰ্দেশনাৰ প্ৰয়োজনীয়তা আলোচনা কৰা।
(Discuss the needs of Guidance in secondary school.)
উত্তৰ : মাধ্যমিক শিক্ষাত জটিলতা বৃদ্ধি হৈ উঠাৰ লগে লগে নির্দেশনাৰ প্ৰয়োজনীয়তাও অধিকভাৱে অনুভৱ কৰি উঠা হৈছে। পুৰণি কালত শিক্ষাদান কাৰ্য আৰু তাৰ ক্ৰিয়া পৰিসৰো আছিল সীমিতবিধৰ। বৰ্তমান এই অৱস্থাৰ পৰিৱৰ্তন হৈছে। মৌখিক আৰু পুথিগত জ্ঞানদান আৰু তাৰ যুক্তিহীনভাৱে অন্ধ অনুকৰণৰ পৰিৱৰ্তে শিক্ষার্থীক তাৰ আত্ম-শিক্ষা প্ৰচেষ্টাৰ বাবে প্রয়োজনীয় নির্দেশনা দিয়াটোহে বর্তমান শিক্ষকৰ কৰ্তব্য স্বৰূপে বিবেচনা কৰা হয়। তলত মাধ্যমিক বিদ্যালযত নিৰ্দেশনাৰ প্ৰয়োজনীয়তা সম্বন্ধে চমুকৈ আলোচনা কৰা হ’ল—

(ক) মাধ্যমিক বিদ্যালয়ৰ নিৰ্দেশনাই শিক্ষাৰ্থীৰ সুস্থ জীৱন দৰ্শন গঢ় দি তোলাত বিশেষভাৱে সহায় আগবঢ়ায়।
(খ) এই স্তৰৰ নিৰ্দেশনাই শিক্ষাৰ্থীৰ মাজত থকা ব্যক্তিগত বৈষম্য উপলব্ধি কৰাত উপযুক্তভাৱে সহায় কৰে।
(গ) শিক্ষাৰ্থীৰ মনত যৌন ৰহস্য উদ্ঘাটন আৰু যৌন সমস্যা সমাধানত মাধ্যমিক স্তৰৰ বিদ্যালয়ৰ নিৰ্দেশনাই বিশেষ ভূমিকা গ্ৰহণ কৰে।
(ঘ) শাৰীৰিক আৰু মানসিক স্বাস্থ্যৰ উপযুক্ত যত্ন লোৱাৰ বাবে মাধ্যমিক বিদ্যালয়ৰ নির্দেশনাই বিশেষ পথ উদ্ঘাটন কৰি লোৱাত সহায় কৰে।
(ঙ) বিদ্যালয়ৰ বিশেষ প্রশিক্ষণ আঁচনিৰ কাৰ্যকৰী প্ৰয়োগৰ ক্ষেত্ৰত শিক্ষাৰ্থীসকলক এই স্তৰত নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে।
(চ) মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীক নিজস্ব সত্তাৰ গুৰুত্ব উপলব্ধিত নির্দেশনাই সহায় কৰে।
(ছ) শিক্ষাৰ্থীৰ আচৰণৰ বিভিন্ন সমস্যা সমাধানত গৃহ পৰিৱেশ আৰু বিদ্যালয়ৰ পৰিৱেশত সিহঁতক নির্দেশনাই বিশেষ সহায় কৰে।
(জ) আবেগিকভাৱে বাধাগ্রস্ত শিক্ষাৰ্থীসকলৰ আৱেগিক সমস্যা সমাধানত মাধ্যমিক বিদ্যালয়ৰ নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে।
(ঝ) মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ্থীক আত্ম-অনুশাসনৰ মূল্য উপলব্ধিত নিৰ্দেশনাইউপযুক্তভাৱে সহায় কৰে।
(ঞ) মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীক স্বাধীনতাৰ মূল্য উপলব্ধিত নির্দেশনাই বিশেষভাৱে সহায় কৰে।
(ট) মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীৰ মানসিক সংঘাত আৰু অপৰাধ প্ৰৱণতাৰ সমস্যা আঁতৰ কৰাত নিৰ্দেশনাই বিশেষভাৱে সহায় কৰে।

Guidance and counselling Assamese Medium

২২। জীৱিকা বা অৰ্হতাক্ৰম আৰু বৃত্তি সম্পৰ্কীয় তথ্যৰ বিষয়ে চমুকৈ লিখা।
(Write briefly about Career and Occupational Information.)
উত্তৰ : জীৱিকা বা অৰ্হতাক্ৰম শব্দটোৰ বহল অর্থটো হৈছে কোনো এজন ব্যক্তিৰ জীৱিকা অৰ্জনৰ বৃত্তিটোৰ বাবে আৰম্ভ কৰা শিক্ষামূলক অনুশীলন। ব্যক্তিজনে ভৱিষ্যতৰ বাবে কোনো কামত মকৰল বা নিয়োজিত হ’বলৈ কোনো বিষয়ৰ শিক্ষা অভিজ্ঞতা লাভ কৰা কাৰ্য। জীৱিকাই জীয়াই থকাৰ উপায় বুলি কোৱা হয়। নির্দেশনা দান কার্যই ব্যক্তিক উপযুক্ত মানৱ সম্পদ হিচাপে জীয়াই থকাৰ উপায় গ্ৰহণৰ সুবিধা দান কৰে। বৃত্তিমূলক নির্দেশনাদান কাৰ্য হৈছে শিক্ষাৰ্থীসকলৰ জীৱিকা অৰ্জনৰ পথত আগবঢ়াই নিবলৈ সুবিধা কৰি দিয়া কাৰ্য। উপযুক্ত বৃত্তিমূলক নির্দেশনাদান কাৰ্যৰ দ্বাৰা ব্যক্তি উপযুক্ত মানৱ সম্পদত পৰিণত হয়। জীৱিকা সৃষ্টিৰ ক্ষেত্ৰত বৃত্তিমূলক তথ্য সামগ্ৰীসমূহে প্ৰায়বোৰ ব্যক্তিকে সহায় কৰে। সেয়েহে ক’ব পাৰি যে জীৱিকা আৰু বৃত্তীয় তথ্য যোগান ব্যৱস্থা ইটোৰ সৈতে সিটোৰ বিশেষ সম্পর্ক আছে।

জীৱিকা বা অৰ্হতাক্ৰম আৰু বৃত্তি সম্পৰ্কীয় তথ্যত সকলো ধৰণৰ তথ্য অন্তর্ভুক্ত হৈ থাকে, যিবোৰ তথ্য এজন ব্যক্তিৰ বাবে এটা উপযুক্ত বৃত্তি নিৰ্বাচনৰ ক্ষেত্ৰত উপযোগী আৰু আৱশ্যকীয়। এই তথ্যবোৰ হ’ল কৰ্মৰ প্ৰকৃতি, কাম কৰাৰ চৰ্তসমূহ, শৈক্ষিক অর্হতা, নিৰ্দিষ্ট কামৰ বাবে প্রয়োজনীয় অভিজ্ঞতা, স্বাস্থ্য আৰু আকস্মিক বিপর্যয়ৰ ক্ষতি পূৰণ আৰু জীৱিকাৰ লগত জড়িত অন্যান্য চর্তসমূহ। C.E. Shartle য়ে জীৱিকা আৰু বৃত্তি সম্পৰ্কীয় তথ্য সম্বন্ধে এইদৰে মন্তব্য দিছে, “The accurate and usable information about jobs and occupations.” অর্থাৎ জীৱিকা আৰু বৃত্তি সম্বন্ধে শুদ্ধ আৰু ব্যৱহাৰযোগ্য তথ্য।

জীৱিকা আৰু বৃত্তি সম্পৰ্কীয় তথ্যপাতিসমূহে শিক্ষার্থীসকলক ভবিষ্যতে শিক্ষাগ্রহণ কৰি কোনো এটা নিৰ্দিষ্ট কৰ্মত নিয়োজিত হ’বলৈ সুযোগ দিয়ে। ইয়াৰ উপৰিও শিক্ষানুষ্ঠান এখনক ভৱিষ্যতৰ প্রয়োজন অনুসৰি পাঠ্যক্ৰম আদি প্ৰস্তুত কৰি শিক্ষাৰ্থীসকলক জীৱিকা সম্পৰ্কত সহায় কৰাত অংশগ্ৰহণ কৰে। ই বৃত্তিগত তথ্য সংস্থাপনৰ সুযোগ সৃষ্টি কৰে, শিক্ষা আৰু প্ৰশিক্ষণৰ সুবিধা দান কৰে, কোনো অনুষ্ঠান-প্রতিষ্ঠানত শিক্ষা নবীচ হিচাপে কাম কৰাৰ সুযোগ দিয়ে। বর্তমান সময়ত তথ্যৰ নতুন সংযোজন অতি প্রয়োজনীয় বিষয়। কোনো কোনো নিয়োগ ক্ষেত্ৰত বিভিন্ন ধৰণৰ নতুন সুবিধা ওলোৱাৰ সুযোগ থাকে। কেতিয়াবা কোনো কোনো ক্ষেত্ৰত নতুন সুবিধাবিলাক নোহোৱা হৈ যোৱাৰ সম্ভাৱনাও থাকে। এইক্ষেত্ৰত নির্দেশকজন সম্পূৰ্ণৰূপে প্রশিক্ষণপ্রাপ্ত আৰু বৃত্তীয় তথা শৈক্ষিক দিশত পৈণত ব্যক্তি হোৱা উচিত। এই ব্যৱস্থাৰ দ্বাৰা শিক্ষার্থীসকলক পৰিৱৰ্তিত সমাজৰ চাহিদা পূৰণ কৰি নতুন নতুন সংস্থাপনৰ ক্ষেত্ৰত নিজস্ব সাহসেৰে আগবাঢ়ি গৈ নিজকে নিয়োজিত কৰিব পৰাৰ ক্ষেত্ৰত সক্ষম কৰি তুলিব পৰা যায়।

এই ব্যৱস্থাটো যথেষ্ট সমলযুক্ত হোৱাটো প্রয়োজন। জীৱিকা সম্পৰ্কীয় তথ্যৰ মূল লক্ষ্য হ’ল শিক্ষার্থীসকলক বৃহত্তৰ কৰ্মৰ পৃথিৱীত তেওঁৰ নিজস্ব ফলপ্রসূ ভূমিকা আৰু শৈক্ষিক অভিজ্ঞতা প্ৰদান কৰা। জীৱিকা সম্পৰ্কীয় তথ্যই শিক্ষার্থীসকলক বিদ্যালয় এৰাৰ আগতে শুদ্ধ বা যথার্থ আৰু ব্যৱহাৰযোগ্য তথ্য প্রদান কৰে। ইয়ে পৰিৱৰ্তনশীল সমাজত শিক্ষার্থীসকলক ভাল মনোভঙ্গীৰ বিকাশ সাধন আৰু বৃত্তীয়বোধৰ পৰিপক্কতা লাভত বিশেষভাৱে সহায় কৰে।

Guidance and counselling unit – I

২৩। নিৰ্দেশনাদানৰ ক্ষেত্ৰত শিক্ষকৰ ভূমিকাসমূহ আলোচনা কৰা ।
(Discuss the role of teacher’s in Guidance.)
উত্তৰ : শিক্ষকসকল হ’ল শিক্ষাৰ্থীৰ বন্ধু । সেইবাবে তেওঁলোকে বিদ্যালয়ত শিক্ষাৰ্থীসকলৰ বিভিন্ন সমস্যা যেনে— অনুশাসনহীনতাৰ সমস্যা, স্কুলীয়া পৰিৱেশৰ সৈতে সমাযোজন সমস্যা পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত পাঠ্যসূচী বুজাত অসুবিধা, আর্থ-সামাজিক সমস্যা আদিব সৈতে মুখামুখি হ’বলগীয়া হয়। মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক শ্ৰেণীত নামভৰ্ত্তি কৰিবলগীয়া শিক্ষাৰ্থীৰ বিষয় নিৰ্বাচনৰ ক্ষেত্ৰত দেখা দিয়া সমস্যাসমূহ তেওঁলোকে বুজি উঠিবলৈ সহায় কৰাটো শিক্ষকৰ গুৰুত্বপূৰ্ণ দায়িত্ব।

নিৰ্দেশনা কাৰ্যসূচীত শিক্ষকৰ ভূমিকাসমূহ তলত সংক্ষেপে উল্লেখ কৰা হ’ল-

(ক)প্রাথমিক বিদ্যালয়ত প্রথম নামভৰ্ত্তি কৰি স্কুললৈ আহোতে শিক্ষার্থীয়ে সন্মুখীন হোৱা সমাযোজন সমস্যা বুজি উঠাত তেওঁলোকক সহায় কৰাটো শিক্ষকৰ প্ৰধান দায়িত্ব। শিক্ষার্থীসকলে যাতে বিদ্যালয় আধাতে এৰিব লগা নহয় তাৰ বাবে শিক্ষকে উপযুক্ত নির্দেশনা প্ৰদান কৰিব লাগে।

(খ) শ্রেণীকোঠাত উপস্থিত থকা শিক্ষার্থীসকলৰ মাজত ব্যক্তিগত পার্থক্য থকা পৰিলক্ষিত হয়। সেইবাবে শিক্ষার্থীসকলৰ মাজত পঠন, লিখন আৰু বোধগম্যতাৰ ক্ষেত্ৰত অনেক সমস্যাই গা কৰি উঠে। এই সমস্যাসমূহ বুজি উঠিবলৈ শিক্ষার্থীসকলক সহায় কৰাটো আৰু উপযুক্ত নির্দেশনা প্ৰদান কৰাৰ ক্ষেত্ৰত শিক্ষকে মুখ্য ভূমিকা গ্ৰহণ কৰে।

(গ) সুস্থ ব্যক্তিত্বৰ বিকাশ সাধনৰ বাবে মূল কেন্দ্রবিন্দু হ’ল প্রয়োজনীয় মনোভাৱ শিক্ষাৰ্থীৰ মাজত গঢ়ি তোলা। শিক্ষার্থীৰ মনত উপযুক্ত মনোভংগী গঢ়ি তোলাৰ ক্ষেত্ৰত শিক্ষকৰ নিৰ্দেশনাই বিশেষ ভূমিকা পালন কৰে।

(ঘ) শিক্ষার্থীসকলৰ ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় বৃত্তিনির্বাচন কৰি সুস্থ-সবল জীৱন- যাপনৰ বাবে বৃত্তীয় নির্দেশনাৰ অতি প্রয়োজন। শিক্ষাৰ্থীৰ ব্যক্তিগত পার্থক্য অনুসৰি ভৱিষ্যত জীৱনৰ বাবে প্ৰয়োজনীয় বৃত্তীয় নির্দেশনা প্রদানত শিক্ষকে মুখ্য ভূমিকা গ্রহণ কৰে।

(ঙ) শিক্ষার্থীসকলৰ সৰ্বাঙ্গীণ বিকাশৰ ক্ষেত্ৰত শিক্ষক-অভিভাৱক, শিক্ষার্থী—এই তিনিটা উপাদানৰ সমন্বয়ে বিশেষ অৰিহণা যোগায়। ইয়াৰ বাবে স্কুলীয়া পৰিৱেশত শিক্ষক-অভিভাৱক শিক্ষাৰ্থীৰ সন্মিলনীত প্ৰয়োজনীয় সামাজিক নির্দেশনা প্রদানত শিক্ষকে মুখ্য ভূমিকা গ্রহণ কৰে। শিক্ষাৰ্থীৰ মনত দেশৰ গ্রহণযোগ্য নীতি-নিয়মসমূহৰ প্রতি আস্থা, নিষ্ঠা, আনুগত্য আৰু অনুশাসনৰ ভাব জগাই তুলিবৰ বাবেও শিক্ষা ক্ষেত্ৰত শিক্ষকৰ নিৰ্দেশনাৰ প্ৰয়োজন হয়। ।

(চ)সুস্থ দেহতহে সুস্থ মন গঢ়ি উঠিব পাৰে। এই কথাৰ উপলব্ধিৰে শিক্ষাৰ্থীৰ দৈহিক স্বাস্থ্য ৰক্ষাৰ প্ৰতি শিক্ষকৰ নিৰ্দেশনাৰ প্ৰয়োজনীয়তা অনুভৱ কৰা হয়। শিক্ষাৰ্থীৰ দেহৰ বিভিন্ন অংশৰ শক্তি আক কর্মদক্ষতা বৃদ্ধি কৰিবৰ বাবে কেতবোৰ শৰীৰ চৰ্চা কৰিব লাগে, খাদ্যৰ কেনে যত্ন ল’ব লাগে, কেনেবোৰ দৈহিক অভ্যাস গঠন কৰিব লাগে, এই সকলো কথাত শিক্ষকৰ নিৰ্দেশনাই মুখ্য ভূমিকা গ্ৰহণ কৰে।

(ছ) শিক্ষাৰ্থীৰ নৈতিক জীৱনৰ সুস্থতা ৰক্ষাৰ বাবেও শিক্ষকৰ নিৰ্দেশনাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে ৷ শিক্ষক-অভিভাৱকসকলে উপযুক্ত নির্দেশনাৰ দ্বাৰা তেওঁলোকৰ মনত সুস্থ আদৰ্শ আৰু নৈতিক মূল্যবোধ গঢ় দি তোলাত সহায় কৰিব পাৰে।

প্ৰশ্নঃ নির্দেশনা কি?

উত্তৰঃ নিৰ্দেশনা হৈছে এজন ব্যক্তিয়ে আন এজন ব্যক্তিক সমস্যা সমাধান আৰু সমাযোজন তথা পছন্দত সহায় কৰা কাৰ্য। ই এনে এটা প্ৰক্ৰিয়া যাৰ দ্বাৰা ব্যক্তিয়ে নিজৰ জীৱন গঢ়াত সহায় লাভ কৰে আৰু পৰিৱেশত নিজৰ অৱস্থাৰ উন্নতি সাধন তথা এই অস্থায়ী পার্থিব জীৱন উপভোগ কৰাত সহায় কৰে।

প্ৰশ্নঃ নিৰ্দেশনাৰ এটা উপযুক্ত সংজ্ঞা দিয়া।

উত্তৰ: Proctorৰ মতে, নির্দেশনা হ’ল এক প্ৰকাৰ সেৱামূলক কার্য য’ত এজন ব্যক্তি বা এদল ব্যক্তিক পৰিৱেশৰ সৈতে প্রয়োজনীয় সমাযোজন কৰাত সহায় কৰে।

প্ৰশ্নঃ শৈক্ষিক নির্দেশনা কি?

উত্তৰঃ সহজ অৰ্থত ক’ব পাৰি যে শিক্ষাৰ্থীসকলক নিজকে বুজি উঠাত সহায় কৰিবলৈ আৰু সেই অনুক্রমে নিজকে প্ৰস্তুত কৰি তুলিবলৈ শিক্ষকৰ ফালৰ পৰা যি সহায় আৰু তৎপৰতাৰ প্রয়োজন তাকে শৈক্ষিক নিৰ্দেশনা বুলিব পাৰি।

প্ৰশ্নঃ বৃত্তীয় নির্দেশনা বুলিলে কি বুজা?

উত্তৰঃ যি নির্দেশনা প্রক্রিয়াই শিক্ষার্থীসকলক এটা উন্নত জীৱন-যাপন আৰু তেওঁলোকৰ বৃত্তীয় সমস্যাসমূহ সমাধান কৰাত সহায় কৰে, তাকেই বৃত্তীয় নির্দেশনা বোলে।

প্ৰশ্নঃ সামাজিক নির্দেশনা কি?

উত্তৰ : সামাজিক পৰিস্থিতিত অইন ব্যক্তিৰ সৈতে বা অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে সু-সম্পর্ক বজাই ৰখাৰ উপযুক্ত জ্ঞান আহৰণ, মনোভংগী গঠন, বিভিন্ন কৌশল অবলম্বন সম্পর্কে। শিক্ষার্থীসকলক সহায় কৰা প্ৰক্ৰিয়াকে সামাজিক নির্দেশনা বুলি কোৱা হয়।

প্ৰশ্নঃ স্বাস্থ্য সম্বন্ধীয় নির্দেশনা কি?

উত্তৰ: শিক্ষার্থীসকলক দেহৰ বিভিন্ন অংশৰ শক্তি আৰু কৰ্মক্ষমতা বৃদ্ধি কৰিবৰ বাবে কেনেবোৰ শৰীৰ চৰ্চা কৰিব লাগে, খাদ্যৰ কেনে যত্ন ল’ব লাগে, কেনেবোৰ দৈহিক অভ্যাস গঠন কৰিব লাগে, এই সম্পর্কে সহায় কৰাটোকে সহজ অর্থত স্বাস্থ্য সম্বন্ধীয় নির্দেশনা বোলা হয়।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top