ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Class 9 Social Science Itihash Part I Chapter 1 – নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ
| ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন | |
| শ্ৰেণী | নৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ |
| বিষয় | সামাজ বিজ্ঞানৰ ইতিহাস |
| অধ্যায়/ পাঠ | পাঠ 1 |
| পাঠ্যক্ৰম | ছেবা |
অনুশীলনৰ সমাধান
অতি চমু / চমু উত্তৰৰ প্ৰশ্ন
প্ৰশ্ন ১: ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্ৰথমে উপস্থিত হৈছিল?
উত্তৰ: ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্ৰথম পৰ্তুগীজ নাৱিকজন হ’ল ভাস্ক’-ডা-গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।
প্ৰশ্ন ২: জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰ: জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজনৰ নাম হ’ল ফ্ৰান্সিছ ড্ৰেক।
প্ৰশ্ন ৩: ভাৰত ভূমিত পোন প্ৰথমে কোন ইংৰাজ নাৱিকে অনুমতিপত্ৰ লৈ কেতিয়া প্ৰৱেশ কৰিছিল?
উত্তৰ: ভাৰত ভূমিত পোন প্ৰথমে জন মিলডেন হল নামৰ ইংৰাজ নাৱিক জনে অনুমতিপত্ৰ লৈ ১৫৯৯ খ্ৰীষ্টাব্দত প্ৰৱেশ কৰিছিল।
প্ৰশ্ন ৪: ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উত্তৰ: ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন কৰিছিল।
প্ৰশ্ন ৫: ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা?
উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য আছিল:
ক) বেহা-বেপাৰ কৰা।
খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।
প্ৰশ্ন ৬: ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?
উত্তৰ: ইংৰাজৰ প্ৰথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ মছলিপট্টনম ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।
প্ৰশ্ন ৭: ‘ফৰ্ট উইলিয়াম’ কি?
উত্তৰ: ইংলেণ্ডৰ ৰজা তৃতীয় উইলিয়ামৰ সন্মানাৰ্থে কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম ‘ফৰ্ট উইলিয়াম’ ৰখা হৈছিল।
প্ৰশ্ন ৮: পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি সময় উল্লেখ কৰি লিখা।
উত্তৰ: পৰাধীন ভাৰতৰ ব্ৰিটিছ শাসনৰ সময়ছোৱাক দুটা ভাগত ভাগ কৰিব পাৰি:
ক) প্ৰথমটো হৈছে মোগল সাম্ৰাজ্যৰ পতনৰ পৰা আৰম্ভ কৰি ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে।
খ) দ্বিতীয়টো হৈছে ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দত ভাৰতীয়ৰ হাতত ক্ষমতা হস্তান্তৰলৈকে।
প্ৰশ্ন ৯: ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্ৰণয়ন কৰিছিল?
উত্তৰ: ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ‘ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।
প্ৰশ্ন ১০: ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ‘ভাৰতীয় পৰিষদ আইন’ প্ৰণয়ন কৰিছিল। এই আইনখনৰ উদ্দেশ্য আছিল আধুনিক প্ৰশাসন ব্যৱস্থাটোৰ সৈতে শিক্ষিত ভাৰতীয়ক চিনাকি কৰি দিয়া।
চমু / দীঘল উত্তৰৰ প্ৰশ্ন
প্ৰশ্ন ১: ইংৰাজে ভাৰতৰ লগত বাণিজ্য চুক্তি কৰিবলৈ কৰা প্ৰচেষ্টা কেতিয়া সম্পূৰ্ণ হৈছিল, তাৰ পদক্ষেপসমূহ সংক্ষেপে লিখা।
উত্তৰ: ১৬০৮ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমচে ভাৰতৰ সৈতে বেহা-বেপাৰ কৰাৰ উদ্দেশ্যে কেপ্টেইন উইলিয়াম হকিন্স নামৰ এজন ব্ৰিটিছ সদাগৰৰ যোগেদি মোগল সম্ৰাট জাহাংগীৰলৈ এখন আবেদন পত্ৰ প্ৰেৰণ কৰিছিল। হকিন্সে তাপ্তী নদীৰ মোহনাৰে চুৰাট বন্দৰত উপস্থিত হৈছিল। কেপ্টেইন হকিন্সে প্ৰায় দুই বছৰকাল মোগল সাম্ৰাজ্যত থাকি সম্ৰাটৰ পৰা বেহা বেপাৰৰ কিছু সা – সুবিধা আদায়ৰ চেষ্টা কৰিছিল। কেপ্টেইন হকিন্সে আগবঢ়োৱা বাণিজ্য চুক্তিৰ আবেদন সম্ৰাট জাহাংগীৰে নামঞ্জুৰ কৰিছিল। ১৬১৫ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ ৰজা প্ৰথম জেমছে ছাৰ টমাচ ৰ’ নামৰ আন এজন ইংৰাজক পুনৰ জাহাংগীৰৰ ওচৰলৈ প্ৰেৰণ কৰিছিল। টমাচ ৰ’ৱে কোনোধৰণৰ বাণিজ্যিক চুক্তি কৰিব পৰা নাছিল যদিও সম্ৰাট জাহাংগীৰে ইংৰাজ সদাগৰসকলক চুৰাটত বাণিজ্যিক কুঠি স্থাপনৰ অনুমতি প্ৰদান কৰিছিল।
১৭১৫ খ্ৰীষ্টাব্দত জন ছাৰমানৰ নেতৃত্বত ইংৰাজ লোকৰ এটা সঁজাতী দলে মোগল সম্ৰাট ফাৰুখছিয়াৰক সাক্ষাৎ কৰি পুনৰ বাণিজ্যিক চুক্তিৰ প্ৰস্তাৱ আগবঢ়াইছিল। সেই সময়ত সম্ৰাট ফাৰুখছিয়াৰ কঠিন ৰোগত ভুগি আছিল। ৰোগাক্ৰান্ত সম্ৰাট ফাৰুখছিয়াৰক সঁজাতী দলটোৰ চিকিৎসক ডাঃ হেমিলটনে চিকিৎসা আগবঢ়াই তেওঁৰ ব্যাধি নিৰাময় কৰিছিল। সঁজাতী দলটোৰ প্ৰতি সম্ৰাটে সদয়ৰ ভাব দেখুৱাইছিল। এই সুযোগতে সম্ৰাটৰ পৰা ইংৰাজ সদাগৰসকলে তিনিখন ফৰমান আদায় কৰে আৰু ইষ্ট ইণ্ডিয়া কোম্পানিয়ে সমগ্ৰ ভাৰতবৰ্ষত নিৰ্বিঘ্নে বেহা-বেপাৰ কৰাৰ ৰাজকীয় অনুমতি লাভ কৰে। ইয়াৰ লগতে ভাৰতৰ মাটিত কোম্পানিয়ে নিজৰ ভৱিষ্যৎ সুদৃঢ় কৰাৰ ফালে অগ্ৰসৰ হৈছিল।
প্ৰশ্ন ২: ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল তাৰ তিনিটা মূল কৌশল সম্পৰ্কে লিখা।
উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানিয়ে তিনিটা মূল কৌশলেৰে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল:
ক) ১৬১১ খ্ৰীষ্টাব্দত গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ কোম্পানিয়ে মছলিপট্টমত এটা বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
খ) ১৬৩৬ খ্ৰীষ্টাব্দত কোম্পানিয়ে আৰমাগাঁৱত দ্বিতীয়টো বাণিজ্য কেন্দ্ৰ মুকলি কৰিছিল। ১৬৩৯ খ্ৰীষ্টাব্দত চন্দ্ৰগিৰিৰ ৰজাৰ লগত চুক্তি কৰি মাদ্ৰাজৰ কাষৰীয়া ঠাই এটুকুৰালৈ আৰমাগাঁৱৰ বাণিজ্য কেন্দ্ৰটো তুলি নি এই কেন্দ্ৰটোৰ নতুন নাম দিয়া হৈছিল ফৰ্ট ছেন্ট জৰ্জ।
গ) ১৬৯০ খ্ৰীষ্টাব্দত জন চাৰ্ণক নামৰ কোম্পানিৰ এজন বিষয়াই বংগৰ নবাবৰ লগত কৰা এখন চুক্তিৰ যোগেদি বছৰি বাৰশ টকাৰ খাজনাৰ বিনিময়ত কালী ঘাট (কলিকতা), সুতানুটি, আৰু গোবিন্দপুৰ নামৰ তিনিখন গাঁৱৰ জমিদাৰী স্বত্ত্ব কােম্পানিয়ে লাভ কৰি ইয়াত এটা বাণিজ্য কেন্দ্ৰ আৰম্ভ কৰিছিল।
প্ৰশ্ন ৩: ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যবাদ প্ৰতিষ্ঠাৰ পথ সুগম কৰি তোলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য় ব্য়ক্তিজন কোন? তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্য়ৰ লাইখুঁটা স্থাপন কৰিছিল চাৰিটা যুক্তিৰে লিখা।
উত্তৰ: ৰবাৰ্ট ক্লাইৱে ১৭৫৭ খ্ৰীষ্টাব্দত পলাচীৰ যুদ্ধত বংগ, বিহাৰ আৰু উৰিষ্যাৰ নবাব চিৰাজ উদদৌলাক পৰাস্ত কৰি ভাৰতত ব্ৰিটিছ সাম্ৰাজ্যত লাইখুঁটা স্থাপন কৰে। তেওঁ কি কি কৌশলেৰে ব্ৰিটিছ সাম্ৰাজ্য়ৰ লাইখুঁটা স্থাপন কৰিছিল তলত চাৰিটা যুক্তিৰ দিয়া হ’ল:
ক) ৰবাৰ্ট ক্লাইবে নিজৰ কোম্পানিৰ স্বাৰ্থত আনবোৰ বিদেশী ইউৰোপীয়ান কোম্পানিক ভাৰতৰ পৰা বহিষ্কাৰ কৰাৰ আঁচনি লৈছিল।
খ) তেওঁ যুদ্ধ নতুবা মিত্ৰতাৰ পাশেৰে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিবলৈ প্ৰচেষ্টা চলাইছিল।
গ) বংগৰ নবাব, হায়দৰাবাদৰ নিজাম, আৱাধৰ নবাব, ৰাজপুতনাৰ ৰজা আদিয়ে কোম্পানিৰ সৈতে মিত্ৰতা কৰি প্ৰত্যেকেই নিজৰ নিজৰ কৰ্তৃত্ব বিৰ্সজন দিব লগা হৈছিল।
ঘ) ব্ৰিটিছ ৰাজশক্তিয়ে ভাৰতবৰ্ষত ইংৰাজ শাসন সু-সংবদ্ধ কৰি ৰখাৰ স্বাৰ্থত স্থায়ী চৰকাৰ গঠন কৰি কিছুমান জনকল্যাণমূলক ব্যৱস্থা হাতত লৈছিল।
প্ৰশ্ন ৪: চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা।
উত্তৰ: চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ তলত উল্লেখ কৰা হ’ল:
১) ৰাজকীয় শ্ৰেণী আৰু জনগণৰ অশান্তিয়ে বিদ্ৰোহৰ পৰিৱেশ সৃষ্টি কৰিছিল।
২) ১৮৩৫ খ্ৰীষ্টাব্দত কোম্পানিৰ মুদ্ৰাৰ পৰা মোগল সম্ৰাটৰ নামটো আঁতৰাই দিয়া হৈছিল।
৩) একে সময়তে ৰাজকীয় পাৰ্চী ভাষাক উচ্ছেদ কৰি শাসনযন্ত্ৰত ইংৰাজী ভাষা প্ৰচলন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে ভাৰতীয়ৰ মনত অশান্তি-অসন্তুষ্টিৰ পৰিমাণ বাঢ়ি গৈছিল।
৪) লৰ্ড ডেলহাউছীৰ প্ৰতিক্ৰিয়াশীল শাসনে সকলো ধৰ্মাৱলম্বী ভাৰতীয়ৰ মনত অশান্তিৰ পৰিমাণ দুগুণ বঢ়াই তুলিছিল।
ওপৰত উল্লেখিত কাৰণবোৰৰ ফলস্বৰূপে বিখ্যাত চিপাহী বিদ্ৰোহৰ সূচনা হৈছিল।
প্ৰশ্ন ৫: চিপাহী বিদ্ৰোহ চাৰিটা উল্লেখযোগ্য় ফলাফল উল্লখ কৰা।
উত্তৰ: চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল হ’ল:
১) চিপাহী বিদ্ৰোহৰ ভয়ানক হেন্দোলনিয়ে ইংলেণ্ডবাসীৰ মনত ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানিৰ প্ৰতি তীব্ৰ বিতৃষ্ণাৰ ভাব সৃষ্টি কৰিছিল। বিদ্ৰোহৰ মাজেদি প্ৰকট হৈ উঠা ভাৰতীয়ৰ ক্ষোভ, যন্ত্ৰণা, বিদেশী শাসকৰ বিৰুদ্ধে ভাৰতীয়ৰ মনত গঢ়ি উঠা গভীৰ আস্থাহীনতাৰ মনোভাব আৰু আক্ৰমণ-প্ৰতিআক্ৰমণৰ ঘটনাই সৃষ্টি কৰা ভয়ানক হত্যাকাণ্ডই ইংলেণ্ডবাসীক চিন্তিত কৰি তুলিছিল। ভৱিষ্যতৰ এনে ভয়ানক পৰিস্থিতিৰ যাতে পুনৰ উদগীৰণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষৰ শাসন ব্যৱস্থাটোৰ ওপৰত একাণপতীয়াকৈ মনোযোগ দিবলৈ বাধ্য হৈছিল।
২) ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ‘ভাৰত চৰকাৰ আইন’ প্ৰণয়ন কৰিছিল। এই আইনে ইংলেণ্ডৰ চৰকাৰক পোনপটীয়াকৈ ভাৰত শাসন কৰাৰ ক্ষমতা দিছিল।
৩) সামাজিক পৰিৱৰ্তন স্বৰূপে ভাৰতীয় সমাজত সমান্তযুগীয় স্থবিৰতাৰ আঁতৰি আধুনিক পাশ্চাত্য শিক্ষাৰ প্ৰতি ভাৰতীয় সকল আকৰ্ষিত হৈছিল।
৪) চিপাহী বিদ্ৰোহৰ পিছত, ব্ৰিটিছ চৰকাৰৰ প্ৰত্যক্ষ শাসনে ভাৰতীয়ৰ মনত ক্ৰমান্বয়ে একতাৰ ভাব জগাই তুলিছিল।
প্ৰশ্ন ৬: ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰ: ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্ৰশাসনীয় পৰিৱৰ্তন তলত উল্লেখ কৰা হ’ল:
১) ভাৰত শাসনৰ সকলো দায়িত্ব ইংলেণ্ড চৰকাৰৰ হাতত ন্যস্ত কৰাৰ ফলস্বৰূপে কোম্পানিৰ আমোলত ভাৰতৰ সৈতে জড়িত হৈ থকা নিয়ন্ত্ৰণ পৰিষদ আৰু সঞ্চালক সভাৰ কৰ্তৃত্বৰ অৱসান ঘটাইছিল।
২) নতুন আইন অনুসৰি ভাৰত শাসন সম্বন্ধীয় সকলো দায়িত্ব আৰু ক্ষমতা ব্ৰিটিছ মন্ত্ৰীসভাৰ এজন সদস্যৰ হাতত অৰ্পণ কৰা হয়। ভাৰত শাসনৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত হোৱা মন্ত্ৰীজনক ‘ভাৰত সচিব’ বোলা হয়।
৩) ‘ভাৰত চৰকাৰ আইন’ অনুসৰি ভাৰতবৰ্ষৰ সৰ্বোচ্চ শাসনকৰ্তা হিচাপে গৱৰ্ণৰ জেনেৰেল থাকিল যদিও তেওঁক ভাইচৰয় অৰ্থাৎ ৰাজপ্ৰতিনিধিৰ খিতাপ প্ৰদান কৰা হয়।
৪) এই আইনে ভাইচৰয় আৰু প্ৰাদেশিক মুৰব্বী (গৱৰ্ণৰ) জনক নিযুক্তি দিয়াৰ ক্ষমতা ইংৰাজ চৰকাৰৰ হাতত ন্যস্ত কৰাৰ লগতে কোম্পানিৰ সামৰিক বাহিনীক ব্ৰিটিছ চৰকাৰৰ তলতীয়া কৰিছিল।
প্ৰশ্ন ৭: লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয় লিখা।
উত্তৰ: লৰ্ড কেনিঙৰ দুটা প্ৰধান সংস্কাৰৰ বিষয়ে তলত দিয়া হ’ল:
১) লৰ্ড কেনিঙে শিক্ষা ব্যৱস্থাটোৰ উন্নতিৰ বাবে ‘উডৰ শিক্ষা সংস্কাৰ আঁচনি’ খন ভাৰতত প্ৰৱৰ্তন কৰি প্ৰত্যেক প্ৰদেশতে এজন সচিবৰ তলত শিক্ষা বিভাগ এটা মুকলি কৰিছিল।
২) পৰীক্ষামূলকভাৱে বাৰ্ষিক পাঁচশ টকা বা ততোধিক উপাৰ্জন কৰা লোকৰ ওপৰত আয়কৰ বহুৱাইছিল।
প্ৰশ্ন ৮: ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰ: ভাৰতীয় পৰিষদ আইনৰ দুটা গুণ:
১) ভাৰতবৰ্ষৰ আধুনিক প্ৰশাসনৰ ইতিহাসত প্ৰথমবাৰৰ বাবে দেশীয় প্ৰতিনিধিৰ অন্তৰ্ভুক্তিৰ শুভাৰম্ভ ১৮৬১ খ্ৰীষ্টাব্দৰ ভাৰতীয় পৰিষদ আইনৰ যোগেদি হৈছিল।
২) এই আইনে ভাইচৰয়ক তেওঁৰ কেন্দ্ৰীয় বিধানমণ্ডলৰ সদস্যৰ সংখ্যা সৰ্বনিম্ন ছয়জনৰ পৰা সৰ্বাধিক বাৰজন পৰ্যন্ত মনোনীত কৰিবলৈ কৰ্তৃত্ব প্ৰদান কৰিছিল।
ভাৰতীয় পৰিষদ আইনৰ দুটা দোষ:
১) এই আইনে নৱগঠিত প্ৰাদেশিক বিধান পৰিষদসমূহক নিজাকৈ কিছু আইনী ক্ষমতা দিছিল যদিও প্ৰকৃতপক্ষে এই ক্ষমতা আছিল কেৱল নামমাত্ৰহে।
২) গৱৰ্ণৰ জেনেৰেলৰ হাতত নিজাকৈ অধ্যাদেশ জাৰি কৰিব পৰা ক্ষমতা দিয়া হৈছিল। তেওঁ পৰিষদৰ সৈতে কোনো সম্পৰ্ক নকৰাকৈ যিকোনো ধৰণৰ ক্ষমতা প্ৰয়োগ কৰিব পাৰিছিল।
প্ৰশ্ন ৯: ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰ: ১৮৭০ খ্ৰীষ্টাব্দৰ ১৪ ডিচেম্বৰ তাৰিখৰ পৰা কাৰ্যকৰী হোৱা বিত্তীয় বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱৰ যোগেদি শিক্ষা, স্বাস্থ্য, পঞ্জীয়ন, জেল, পুলিচ আদি বিভাগৰ দায়িত্ব প্ৰদেশ বিলাকক দিয়া হৈছিল। লৰ্ড ৰিপণে স্থানীয় প্ৰশাসন ব্যৱস্থাত এনে এক পৰিৱৰ্তনৰ পোষকতা কৰিছিল য’ত প্ৰশাসনীয় দক্ষতা বৃদ্ধিৰ লগতে স্থানীয় শাসনক ৰাজনৈতিক শিক্ষাৰ এক মাধ্যম হিচাপেও গ্ৰহণ কৰাৰ সুবিধা থাকে। ভাৰতীয়ৰ মাজত শিক্ষা বিস্তাৰ আৰু ভাৰতীয়ক আধুনিক প্ৰশাসনৰ লগত চিনাকি কৰি দিয়াৰ লগতে সমাজৰ বুদ্ধিমান ব্যক্তিসকলক তেওঁলোকৰ প্ৰাথমিক কাম বিলাক তেওঁলোকৰ হতুৱাই সম্পন্ন কৰাৰ ওপৰত গুৰুত্ব দিছিল।
লৰ্ড ৰিপনে ১৮৮২ খ্ৰীষ্টাব্দত ঐতিহাসিক প্ৰস্তাৱ মৰ্মে প্ৰত্যেকটো মহকুমাত একোখনকৈ লোকেল ব’ৰ্ড গঠন কৰে। লৰ্ড ৰিপনে স্বায়ত্ত শাসনৰ প্ৰস্তাৱসমূহ সমগ্ৰ ভাৰতবৰ্ষতে কাৰ্যকৰী কৰিবলৈ নিৰ্দেশ দিছিল। তেওঁৰ এই নিৰ্দেশসমূহ প্ৰদেশসমূহৰ মুখ্য শাসনকৰ্তাসকলে দুই ধৰণেৰে কাৰ্যকৰী কৰিছিল। কিছুমান প্ৰদেশত জিলা পৰ্যায়ত আৰু কিছুমান প্ৰদেশত মহকুমা পৰ্যায়ত লোকেল ব’ৰ্ডসমূহ গঠন কৰিছিল। উল্লেখ্য যে অসমত মহকুমা পৰ্যায়ত লোকেল ব’ৰ্ডসমূহ গঠন হৈছিল।
গ্ৰাম্য অঞ্চলৰ দৰেই নগৰীয়া অঞ্চলতো স্থানীয় স্বায়ত্ত শাসনৰ ব্যৱস্থা কৰা হৈছিল। ১৮৮২ চনৰ স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱে নগৰীয়া অঞ্চলত পৌৰসভা আৰু নগৰপালিকা গঠনৰ ব্যৱস্থা কৰিছিল। ১৮৮৫ চনৰ স্বায়ত্ত শাসন আইনে কেৱল জিলা আয়ুক্তসকলক লোকেল ব’ৰ্ডৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিবলৈ ক্ষমতা দিছিল।
প্ৰশ্ন ১০: অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল?
উত্তৰ: ক) ১৮৫৩ খ্ৰীষ্টাব্দত ভাৰতীয়সকলক লােকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হৈছিল।
খ) ১৮৬৪ খ্ৰীষ্টাব্দত সত্যেন্দ্ৰ নাথ ঠাকুৰে প্রথম ভাৰতীয় হিচাপে লােকসেৱাৰ পদবী লাভ কৰিছিল।
গ) লর্ড লিটনৰ সময়ত ভাৰতীয়সকলক লােকসেৱাৰ পদবী দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
প্ৰশ্ন ১১: ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লােকসেৱাৰ তিনিটা পার্থক্য উল্লেখ কৰা।
উত্তৰ: ক) ব্রিটিছৰ সময়ত পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল, স্বাধীন ভাৰতত ভাৰততে অনুষ্ঠিত হয়।
খ) ব্রিটিছৰ সময়ত প্ৰাৰ্থীৰ বয়সৰ সীমা ২২ বছৰ আছিল, স্বাধীন ভাৰতত ২৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
গ) ব্রিটিছৰ সময়ত পৰীক্ষা সর্বভাৰতীয় আছিল, স্বাধীন ভাৰতত প্রদেশিক পৰীক্ষাও অনুষ্ঠিত হয়।
ধাৰণাভিত্তিক প্ৰশ্নোত্তৰ (Concept-based Q&A)
প্ৰশ্ন ১: ইউৰোপীয়সকল ভাৰতলৈ অহাৰ মূল কাৰণ কি আছিল?
উত্তৰ: ইউৰোপীয়সকল ভাৰতলৈ অহাৰ মূল কাৰণ আছিল বাণিজ্য। তেওঁলোকে ভাৰতৰ মছলা, বস্ত্ৰ, আৰু অন্যান্য সামগ্ৰীৰ ব্যৱসায়ৰ পৰা লাভ অৰ্জন কৰিব বিচাৰিছিল। নতুন সাগৰীয় পথ আৱিষ্কাৰৰ ফলত এই বাণিজ্যৰ সুবিধা হৈছিল।
প্ৰশ্ন ২: ভাস্ক’-ডা-গামাৰ ভাৰতলৈ আগমনৰ ঐতিহাসিক গুৰুত্ব কি আছিল?
উত্তৰ: ভাস্ক’-ডা-গামাৰ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতলৈ আগমন আছিল এক ঐতিহাসিক ঘটনা। ইয়াৰ ফলত ইউৰোপ আৰু ভাৰতৰ মাজত পোনপটীয়া সাগৰীয় পথ আৱিষ্কাৰ হৈছিল, যিয়ে ইউৰোপীয় ঔপনিৱেশিক শাসনৰ ভেটি স্থাপন কৰিছিল আৰু ভাৰতৰ বাণিজ্য আৰু ৰাজনৈতিক ক্ষেত্ৰত এক নতুন যুগৰ সূচনা কৰিছিল।
প্ৰশ্ন ৩: ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ভাৰতত নিজৰ প্ৰভাৱ কেনেকৈ বিস্তাৰ কৰিছিল?
উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানিয়ে বাণিজ্যৰ জৰিয়তে ভাৰতত প্ৰৱেশ কৰিছিল। লাহে লাহে তেওঁলোকে স্থানীয় শাসকসকলৰ মাজত থকা বিবাদৰ সুযোগ লৈ নিজৰ সামৰিক শক্তি আৰু কূটনীতিৰ সহায়ত ৰাজনৈতিক প্ৰভাৱ বিস্তাৰ কৰিছিল। পলাচীৰ যুদ্ধ আৰু বক্সাৰৰ যুদ্ধৰ দৰে যুদ্ধসমূহে তেওঁলোকৰ ক্ষমতা সুদৃঢ় কৰিছিল।
প্ৰশ্ন ৪: পলাচীৰ যুদ্ধৰ তাৎপৰ্য কি আছিল?
উত্তৰ: ১৭৫৭ খ্ৰীষ্টাব্দত সংঘটিত পলাচীৰ যুদ্ধ আছিল ভাৰতৰ ইতিহাসৰ এক গুৰুত্বপূৰ্ণ সন্ধিক্ষণ। এই যুদ্ধত ৰবাৰ্ট ক্লাইভৰ নেতৃত্বত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে বংগৰ নবাব চিৰাজ উদদৌলাক পৰাস্ত কৰিছিল। ইয়াৰ ফলত ভাৰতত ব্ৰিটিছ শাসনৰ ভেটি স্থাপন হৈছিল আৰু কোম্পানিয়ে বংগ, বিহাৰ আৰু উৰিষ্যাৰ ওপৰত নিজৰ নিয়ন্ত্ৰণ স্থাপন কৰিছিল।
প্ৰশ্ন ৫: ‘স্বত্ববিলোপ নীতি’ কি আছিল আৰু ইয়াৰ প্ৰভাৱ কি আছিল?
উত্তৰ: ‘স্বত্ববিলোপ নীতি’ আছিল লৰ্ড ডেলহাউছীয়ে প্ৰৱৰ্তন কৰা এক নীতি, যাৰ অধীনত যদি কোনো ভাৰতীয় শাসকৰ নিজৰ কোনো বৈধ পুত্ৰ সন্তান নাথাকে, তেন্তে তেওঁৰ ৰাজ্যখন ব্ৰিটিছ সাম্ৰাজ্যৰ লগত চামিল কৰা হৈছিল। এই নীতিৰ ফলত বহুতো ভাৰতীয় ৰাজ্য ব্ৰিটিছৰ অধীনলৈ আহিছিল আৰু ই চিপাহী বিদ্ৰোহৰ অন্যতম কাৰণ আছিল।
প্ৰশ্ন ৬: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহক কিয় ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি কোৱা হয়?
উত্তৰ: ১৮৫৭ চনৰ চিপাহী বিদ্ৰোহ আছিল ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভাৰতীয়সকলৰ এক বৃহৎ বিদ্ৰোহ। যদিও ই সফল হোৱা নাছিল, ই ভাৰতীয়সকলৰ মাজত জাতীয়তাবাদৰ ভাৱ জগাই তুলিছিল আৰু ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ভৱিষ্যতৰ সংগ্ৰামৰ বাবে পথ প্ৰশস্ত কৰিছিল। সেয়েহে ইয়াক ভাৰতৰ প্ৰথম স্বাধীনতা যুদ্ধ বুলি গণ্য কৰা হয়।
প্ৰশ্ন ৭: ভাৰত চৰকাৰ আইন, ১৮৫৮-ৰ মূল বৈশিষ্ট্যসমূহ কি কি আছিল?
উত্তৰ: ভাৰত চৰকাৰ আইন, ১৮৫৮-ৰ মূল বৈশিষ্ট্যসমূহ আছিল ইষ্ট ইণ্ডিয়া কোম্পানিৰ শাসনৰ অৱসান ঘটোৱা আৰু ভাৰতৰ শাসনভাৰ পোনপটীয়াকৈ ব্ৰিটিছ ৰাণীৰ হাতলৈ হস্তান্তৰ কৰা। ইয়াৰ ফলত ভাৰত সচিবৰ পদ সৃষ্টি হৈছিল আৰু গৱৰ্ণৰ জেনেৰেলক ভাইচৰয়ৰ খিতাপ দিয়া হৈছিল।
প্ৰশ্ন ৮: লৰ্ড ৰিপণক কিয় ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ জনক বুলি কোৱা হয়?
উত্তৰ: লৰ্ড ৰিপণে ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন কৰিছিল। তেওঁ ১৮৮২ চনত লোকেল ব’ৰ্ড গঠনৰ প্ৰস্তাৱ দিছিল, যাৰ উদ্দেশ্য আছিল স্থানীয় লোকসকলক প্ৰশাসনত অংশগ্ৰহণ কৰিবলৈ উৎসাহিত কৰা আৰু প্ৰশাসনীয় দক্ষতা বৃদ্ধি কৰা। সেয়েহে তেওঁক ভাৰতত স্থানীয় স্বায়ত্ত শাসনৰ জনক বুলি জনা যায়।
প্ৰশ্ন ৯: ভাৰতীয় পৰিষদ আইন, ১৮৬১-ৰ গুৰুত্ব কি আছিল?
উত্তৰ: ভাৰতীয় পৰিষদ আইন, ১৮৬১-ৰ গুৰুত্ব আছিল এই যে ই ভাৰতীয়সকলক প্ৰথমবাৰৰ বাবে আইন প্ৰণয়ন প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰাৰ সুযোগ দিছিল। যদিও এই ক্ষমতা সীমিত আছিল, ই ভাৰতীয়সকলৰ ৰাজনৈতিক সজাগতা বৃদ্ধি কৰিছিল আৰু ভৱিষ্যতৰ সাংবিধানিক সংস্কাৰৰ বাবে পথ মুকলি কৰিছিল।
প্ৰশ্ন ১০: ব্ৰিটিছ শাসনকালত ভাৰতীয় অসামৰিক সেৱাৰ (ICS) ভূমিকা কি আছিল?
উত্তৰ: ব্ৰিটিছ শাসনকালত ভাৰতীয় অসামৰিক সেৱা (ICS) আছিল প্ৰশাসনৰ মেৰুদণ্ড। ই ব্ৰিটিছৰ শাসন ব্যৱস্থাটো সুচাৰুৰূপে চলোৱাত সহায় কৰিছিল। যদিও প্ৰথমতে ভাৰতীয়সকলৰ বাবে ইয়াত প্ৰৱেশ কৰাটো কঠিন আছিল, লাহে লাহে ভাৰতীয়সকলেও এই সেৱাত যোগদান কৰিছিল আৰু ই ভাৰতত আধুনিক প্ৰশাসনৰ ভেটি স্থাপনত সহায় কৰিছিল।
পূৰ্বৱৰ্তী বৰ্ষৰ প্ৰশ্নোত্তৰ (Previous Year Q&A)
প্ৰশ্ন ১: ইংৰাজসকলে ভাৰতত প্ৰথম বাণিজ্য কেন্দ্ৰ ক’ত স্থাপন কৰিছিল?
উত্তৰ: ইংৰাজসকলে ভাৰতত প্ৰথম বাণিজ্য কেন্দ্ৰ মছলিপট্টনমত স্থাপন কৰিছিল।
প্ৰশ্ন ২: পলাচীৰ যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তৰ: পলাচীৰ যুদ্ধ ১৭৫৭ খ্ৰীষ্টাব্দত সংঘটিত হৈছিল।
প্ৰশ্ন ৩: ‘ভাৰত চৰকাৰ আইন’ কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ‘ভাৰত চৰকাৰ আইন’ ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে প্ৰণয়ন কৰা হৈছিল।
প্ৰশ্ন ৪: চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
উত্তৰ: চিপাহী বিদ্ৰোহৰ সময়ত ভাৰতৰ গৱৰ্ণৰ জেনেৰেল আছিল লৰ্ড কেনিং।
প্ৰশ্ন ৫: ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
উত্তৰ: ভাৰতীয় পৰিষদ আইন ১৮৬১ খ্ৰীষ্টাব্দত প্ৰণয়ন কৰা হৈছিল।
প্ৰশ্ন ৬: লৰ্ড ৰিপণে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ কেতিয়া দিছিল?
উত্তৰ: লৰ্ড ৰিপণে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰস্তাৱ ১৮৮২ খ্ৰীষ্টাব্দত দিছিল।
প্ৰশ্ন ৭: ভাৰতত প্ৰথম অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাৰতীয়জন কোন আছিল?
উত্তৰ: ভাৰতত প্ৰথম অসামৰিক সেৱা পৰীক্ষাত উত্তীৰ্ণ হোৱা ভাৰতীয়জন আছিল সত্যেন্দ্ৰ নাথ ঠাকুৰ (১৮৬৪ খ্ৰীষ্টাব্দত)।
প্ৰশ্ন ৮: ‘ফৰ্ট উইলিয়াম’ ক’ত অৱস্থিত?
উত্তৰ: ‘ফৰ্ট উইলিয়াম’ কলিকতাত অৱস্থিত।
প্ৰশ্ন ৯: ব্ৰিটিছ শাসনকালত ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
উত্তৰ: ব্ৰিটিছ শাসনকালত ভাৰতৰ প্ৰথম ভাইচৰয় আছিল লৰ্ড কেনিং।
প্ৰশ্ন ১০: ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ফাৰুকচিয়াৰ ফৰমান কেতিয়া লাভ কৰিছিল?
উত্তৰ: ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ফাৰুকচিয়াৰ ফৰমান ১৭১৭ চনত লাভ কৰিছিল।
বহু বিকল্পীয় প্ৰশ্ন (MCQs)
প্ৰশ্ন ১: ভাৰতলৈ অহা প্ৰথম ইউৰোপীয় জাতি কোন আছিল?
ক) ইংৰাজ
খ) পৰ্তুগীজ
গ) ফৰাচী
ঘ) ওলন্দাজ
উত্তৰ: খ)
প্ৰশ্ন ২: ভাস্ক’-ডা-গামা কেতিয়া ভাৰতত উপস্থিত হৈছিল?
ক) ১৪৯২ খ্ৰীষ্টাব্দত
খ) ১৪৯৮ খ্ৰীষ্টাব্দত
গ) ১৫০০ খ্ৰীষ্টাব্দত
ঘ) ১৫১০ খ্ৰীষ্টাব্দত
উত্তৰ: খ)
প্ৰশ্ন ৩: ইষ্ট ইণ্ডিয়া কোম্পানী কেতিয়া গঠন হৈছিল?
ক) ১৫৯৯ খ্ৰীষ্টাব্দত
খ) ১৬০০ খ্ৰীষ্টাব্দত
গ) ১৬০২ খ্ৰীষ্টাব্দত
ঘ) ১৬০৮ খ্ৰীষ্টাব্দত
উত্তৰ: খ)
প্ৰশ্ন ৪: পলাচীৰ যুদ্ধ কোনে কাৰ বিৰুদ্ধে সংঘটিত হৈছিল?
ক) ৰবাৰ্ট ক্লাইভ আৰু টিপু চুলতান
খ) ৰবাৰ্ট ক্লাইভ আৰু চিৰাজ উদদৌলা
গ) লৰ্ড ডেলহাউছী আৰু মংগল পাণ্ডে
ঘ) লৰ্ড কেনিং আৰু বাহাদুৰ শ্বাহ জফৰ
উত্তৰ: খ)
প্ৰশ্ন ৫: ‘স্বত্ববিলোপ নীতি’ কোনে প্ৰৱৰ্তন কৰিছিল?
ক) লৰ্ড কেনিং
খ) লৰ্ড ডেলহাউছী
গ) লৰ্ড ৰিপণ
ঘ) লৰ্ড কাৰ্জন
উত্তৰ: খ)
প্ৰশ্ন ৬: চিপাহী বিদ্ৰোহ কেতিয়া সংঘটিত হৈছিল?
ক) ১৮৫৩ খ্ৰীষ্টাব্দত
খ) ১৮৫৭ খ্ৰীষ্টাব্দত
গ) ১৮৫৮ খ্ৰীষ্টাব্দত
ঘ) ১৮৬১ খ্ৰীষ্টাব্দত
উত্তৰ: খ)
প্ৰশ্ন ৭: ভাৰত চৰকাৰ আইন, ১৮৫৮-ৰ দ্বাৰা কোনটোৰ শাসনৰ অৱসান ঘটোৱা হৈছিল?
ক) মোগল সাম্ৰাজ্য
খ) ইষ্ট ইণ্ডিয়া কোম্পানী
গ) মাৰাঠা সাম্ৰাজ্য
ঘ) শিখ সাম্ৰাজ্য
উত্তৰ: খ)
প্ৰশ্ন ৮: ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
ক) লৰ্ড ডেলহাউছী
খ) লৰ্ড কেনিং
গ) লৰ্ড ৰিপণ
ঘ) লৰ্ড কাৰ্জন
উত্তৰ: খ)
প্ৰশ্ন ৯: স্থানীয় স্বায়ত্ত শাসনৰ জনক বুলি কাক জনা যায়?
ক) লৰ্ড ডেলহাউছী
খ) লৰ্ড কেনিং
গ) লৰ্ড ৰিপণ
ঘ) লৰ্ড কাৰ্জন
উত্তৰ: গ)
প্ৰশ্ন ১০: ভাৰতীয় পৰিষদ আইন কেতিয়া প্ৰণয়ন কৰা হৈছিল?
ক) ১৮৫৭ খ্ৰীষ্টাব্দত
খ) ১৮৫৮ খ্ৰীষ্টাব্দত
গ) ১৮৬১ খ্ৰীষ্টাব্দত
ঘ) ১৮৬৫ খ্ৰীষ্টাব্দত
উত্তৰ: গ)
প্ৰশ্ন ১১: ভাৰতত অসামৰিক সেৱা (ICS) প্ৰৱৰ্তন কৰা ব্ৰিটিছ গৱৰ্ণৰ জেনেৰেল কোন আছিল?
ক) লৰ্ড কৰ্ণৱালিছ
খ) লৰ্ড ডেলহাউছী
গ) লৰ্ড উইলিয়াম বেন্টিংক
ঘ) লৰ্ড কেনিং
উত্তৰ: ক)
প্ৰশ্ন ১২: বংগৰ প্ৰথম গৱৰ্ণৰ জেনেৰেল কোন আছিল?
ক) ৰবাৰ্ট ক্লাইভ
খ) ৱাৰেন হেষ্টিংছ
গ) লৰ্ড কৰ্ণৱালিছ
ঘ) লৰ্ড উইলিয়াম বেন্টিংক
উত্তৰ: খ)
প্ৰশ্ন ১৩: কোন চনত বংগ বিভাজন হৈছিল?
ক) ১৯০৫ চনত
খ) ১৯১১ চনত
গ) ১৯১৯ চনত
ঘ) ১৯৪২ চনত
উত্তৰ: ক)
প্ৰশ্ন ১৪: মহীশূৰৰ বাঘ বুলি কাক জনা যায়?
ক) হায়দৰ আলী
খ) টিপু চুলতান
গ) ঔৰংজেৱ
ঘ) চিৰাজ উদদৌলা
উত্তৰ: খ)
প্ৰশ্ন ১৫: কোনটো যুদ্ধৰ পিছত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে ভাৰতত ৰাজনৈতিক ক্ষমতা লাভ কৰিছিল?
ক) বক্সাৰৰ যুদ্ধ
খ) পলাচীৰ যুদ্ধ
গ) পানীপথৰ যুদ্ধ
ঘ) মহীশূৰ যুদ্ধ
উত্তৰ: খ)
প্ৰশ্ন ১৬: ভাৰতত ৰেলপথ কোনে প্ৰৱৰ্তন কৰিছিল?
ক) লৰ্ড ডেলহাউছী
খ) লৰ্ড কেনিং
গ) লৰ্ড ৰিপণ
ঘ) লৰ্ড কাৰ্জন
উত্তৰ: ক)
প্ৰশ্ন ১৭: ভাৰতত ইংৰাজী শিক্ষা কোনে প্ৰৱৰ্তন কৰিছিল?
ক) লৰ্ড মেকলে
খ) লৰ্ড উইলিয়াম বেন্টিংক
গ) লৰ্ড ডেলহাউছী
ঘ) লৰ্ড কেনিং
উত্তৰ: ক)
প্ৰশ্ন ১৮: ভাৰতৰ শেষ মোগল সম্ৰাট কোন আছিল?
ক) ঔৰংজেৱ
খ) বাহাদুৰ শ্বাহ জফৰ
গ) আকবৰ
ঘ) শ্বাহজাহান
উত্তৰ: খ)
প্ৰশ্ন ১৯: কোন চনত সতীদাহ প্ৰথা বিলুপ্ত কৰা হৈছিল?
ক) ১৮২৯ চনত
খ) ১৮৩৫ চনত
গ) ১৮৫৭ চনত
ঘ) ১৮৫৮ চনত
উত্তৰ: ক)
প্ৰশ্ন ২০: ভাৰতীয় জাতীয় কংগ্ৰেছ কেতিয়া গঠন হৈছিল?
ক) ১৮৭৫ চনত
খ) ১৮৮৫ চনত
গ) ১৮৯২ চনত
ঘ) ১৯০৫ চনত
উত্তৰ: খ)
অতি চমু প্ৰশ্ন উত্তৰ:
১) ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্রথমে উপস্থিত হৈছিল?
উত্তৰঃ পৰ্তুগীজ নাৱিকজন হ’ল ভাস্ক’ ডা গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।
২) জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰঃ ইংৰাজ নাৱিকজন হ’ল ফ্ৰান্সিছ ড্ৰেক।
৩) ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্রৱেশ কৰিছিল?
উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেন হলে প্ৰৱেশ কৰিছিল।
৪) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল।
৫) ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ ক) বেহা-বেপাৰ কৰা। খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।
৬) ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।
৭) ফৰ্ট উইলিয়াম’ কি?
উত্তৰঃ কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম হ’ল ‘ফৰ্ট উইলিয়াম’।
৮) পৰাধীন ভাৰতৰ ব্রিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি?
উত্তৰঃ দুটা ভাগত ভগাব পাৰিঃ
ক) মোগল সাম্রাজ্যৰ পতনৰ পৰা ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে।
খ) ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দলৈকে।
৯) ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?
উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক ভাৰত শাসন কৰাৰ ক্ষমতা দিয়াৰ উদ্দেশ্যে প্রণয়ন কৰিছিল।
১০) ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয়ক আধুনিক প্ৰশাসনৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে প্রণয়ন কৰিছিল।
চমু/দীঘল উত্তৰৰ প্রশ্ন:
প্রশ্ন ২। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে তিনিটা মূল কৌশলেৰে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিলঃ
(ক) গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
(খ) ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বােম্বাই চহৰ লাভ কৰি বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
(গ) জব চাৰ্ণকে বংগৰ নবাবৰ লগত চুক্তি কৰি কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
প্রশ্ন ৩। ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তােলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন?
উত্তৰঃ ৰবার্ট ক্লাইৱে। তেওঁ যুদ্ধ আৰু মিত্ৰতাৰ জৰিয়তে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিছিল আৰু পলাচী যুদ্ধত বিজয়ী হৈ ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰিছিল।
প্রশ্ন ৪। চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা কাৰণ হ’লঃ
(ক) ৰাজনৈতিক কাৰণঃ স্বত্ববিলোপ নীতি।
(খ) অর্থনৈতিক কাৰণঃ ৰজা আৰু জমিদাৰসকলৰ আয়ৰ পথ বন্ধ হোৱা।
(গ) সামাজিক কাৰণঃ ইংৰাজৰ সামাজিক সংস্কাৰ।
(ঘ) ধর্মীয় কাৰণঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ চেষ্টা।
প্রশ্ন ৫। চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল হ’লঃ
(ক) ইষ্ট-ইণ্ডিয়া কোম্পানিৰ শাসনৰ অৱসান।
(খ) দেশীয় ৰজাসকলৰ অধিকাৰ অক্ষুণ্ণ ৰখা।
(গ) ভাৰতত জাতীয়তাবাদৰ সূচনা।
(ঘ) ব্রিটিছ চৰকাৰে ভাৰতীয়ক প্রশাসনত অংশীদাৰ কৰা।
প্রশ্ন ৬। ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ (ক) ভাৰত শাসনৰ দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ যায়।
(খ) ভাৰত সচিবৰ পদ সৃষ্টি কৰা হয়।
(গ) গৱৰ্ণৰ জেনেৰেলক ভাইচৰয়ৰ খিতাপ দিয়া হয়।
(ঘ) কোম্পানিৰ সামৰিক বাহিনীক ব্রিটিছ চৰকাৰৰ তলতীয়া কৰা হয়।
প্রশ্ন ৭। লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ (ক) উডৰ শিক্ষা সংস্কাৰ আঁচনি প্ৰৱৰ্তন কৰি শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল।
(খ) সেনাবাহিনীত সংস্কাৰ কৰি মিশ্ৰিত সেনা গঠন কৰিছিল।
প্রশ্ন ৮। ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ গুণঃ
(ক) ভাৰতীয়ক বিধানমণ্ডলত স্থান দিয়া হৈছিল।
(খ) কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ আৰু বিত্তৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছিল।
দোষঃ
(ক) ভাৰতীয়সকলক প্ৰকৃত প্রতিনিধিত্ব দিয়া হোৱা নাছিল।
(খ) ভাইচৰয়ক বিধানমণ্ডলৰ পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতা দিয়া হৈছিল।
প্রশ্ন ৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰঃ (ক) লর্ড ৰিপনে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন কৰিছিল।
(খ) আঞ্চলিক পৰিষদ আৰু প্রাথমিক ব’র্ড গঠন কৰা হৈছিল।
(গ) নগৰাঞ্চলত পৌৰসভা আৰু নগৰপালিকা গঠন কৰা হৈছিল।
প্রশ্ন ১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল?
উত্তৰঃ (ক) ১৮৫৩ খ্ৰীষ্টাব্দত ভাৰতীয়সকলক লােকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হৈছিল।
(খ) ১৮৬৪ খ্ৰীষ্টাব্দত সত্যেন্দ্ৰ নাথ ঠাকুৰে প্রথম ভাৰতীয় হিচাপে লােকসেৱাৰ পদবী লাভ কৰিছিল।
(গ) লর্ড লিটনৰ সময়ত ভাৰতীয়সকলক লােকসেৱাৰ পদবী দিয়াৰ ব্যৱস্থা কৰা হৈছিল।
প্রশ্ন ১১। ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লােকসেৱাৰ তিনিটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ (ক) ব্রিটিছৰ সময়ত পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল, স্বাধীন ভাৰতত ভাৰততে অনুষ্ঠিত হয়।
(খ) ব্রিটিছৰ সময়ত প্ৰাৰ্থীৰ বয়সৰ সীমা ২২ বছৰ আছিল, স্বাধীন ভাৰতত ২৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
(গ) ব্রিটিছৰ সময়ত পৰীক্ষা সর্বভাৰতীয় আছিল, স্বাধীন ভাৰতত প্রদেশিক পৰীক্ষাও অনুষ্ঠিত হয়।
অতিৰিক্ত প্রশ্নোত্তৰ:
প্রশ্ন ১। পর্তুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ কোনখন সমুদ্রত নৌ যাত্রা কৰিছিল?
উত্তৰঃ অজনা সমুদ্রত।
প্রশ্ন ২। বাৰ্থল মিউ ডিয়াজ কোন আছিল?
উত্তৰঃ এজন পৰ্তুগীজ নাৱিক, ১৪৫০ খ্ৰীষ্টাব্দত জন্ম হৈছিল।
প্রশ্ন ৩। ইংৰাজ সদাগৰসকলে লণ্ডনত বাণিজ্যিক প্রতিষ্ঠান কেতিয়া গঠন কৰিছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত।
প্রশ্ন ৪। ইংলেণ্ডৰ কোন ৰজাই ভাৰতৰ সৈতে বেহা-বেপাৰৰ উদ্দেশ্যে মোগল সম্রাট জাহাংগীৰলৈ আবেদন পত্র প্রেৰণ কৰিছিল?
উত্তৰঃ প্রথম জেমছ।
প্রশ্ন ৫। ইংৰাজসকল ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত।
প্রশ্ন ৬। ফৰ্ট উইলিয়াম দুর্গ ক’ত অৱস্থিত?
উত্তৰঃ কলিকতাত।
প্রশ্ন ৭। চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্রাট কোন আছিল?
উত্তৰঃ ছাহ আলম।
প্রশ্ন ৮। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
উত্তৰঃ লর্ড কেনিং।
প্রশ্ন ৯। ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটি কোনে নির্মাণ কৰিছিল?
উত্তৰঃ লর্ড ৰিপনে।
প্রশ্ন ১০। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ফাৰুকচিয়াৰ ফৰমান কেতিয়া লাভ কৰিছিল?
উত্তৰঃ ১৭১৭ চনত।

thanks
It’s not enough… You have to add more out questions !!