ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন – নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান

ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন – Class 9 Social Science History Chapter 1 – নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান ইতিহাস প্ৰশ্ন উত্তৰ

ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন
শ্ৰেণীনৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয়সামাজ বিজ্ঞানৰ ইতিহাস
অধ্যায়/ পাঠপাঠ 1
পাঠ্যক্ৰমছেবা

অতি চমু প্ৰশ্ন উত্তৰ:

১) ভাৰত আৰু পাশ্চাত্যৰ মাজত সাগৰীয় পথ আৱিষ্কাৰ কৰা প্রথম পৰ্তুগীজ নাৱিকজন কোন? তেওঁ কেতিয়া আৰু ভাৰতৰ ক’ত পোন প্রথমে উপস্থিত হৈছিল?
উত্তৰঃ পৰ্তুগীজ নাৱিকজন হ’ল ভাস্ক’ ডা গামা। তেওঁ ১৪৯৮ খ্ৰীষ্টাব্দত ভাৰতৰ কালিকট বন্দৰত উপস্থিত হৈছিল।

২) জলপথেৰে পৃথিৱী প্রদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাৱিকজন কোন আছিল?
উত্তৰঃ ইংৰাজ নাৱিকজন হ’ল ফ্ৰান্সিছ ড্ৰেক।

৩) ভাৰত ভূমিত পোন প্রথমে কোন ইংৰাজ নাৱিকে কেতিয়া প্রৱেশ কৰিছিল?
উত্তৰঃ ১৫৯৯ খ্ৰীষ্টাব্দত ইংৰাজ নাৱিক জেমছ মিলডেন হলে প্ৰৱেশ কৰিছিল।

৪) ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানি কেতিয়া ক’ত গঠন হৈছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত লণ্ডনত গঠন হৈছিল।

৫) ইষ্ট ইণ্ডিয়া কোম্পানিৰ ভাৰতত থিতাপি লোৱাৰ দুটা উদ্দেশ্য লিখা।
উত্তৰঃ ক) বেহা-বেপাৰ কৰা। খ) ইংৰাজ শাসন প্ৰতিষ্ঠা কৰা।

৬) ইংৰাজৰ প্রথম বাণিজ্য কেন্দ্ৰটো ভাৰতৰ ক’ত কেতিয়া স্থাপিত হৈছিল?
উত্তৰঃ মছলিপট্ৰমত ১৬১১ খ্ৰীষ্টাব্দত স্থাপন কৰা হৈছিল।

৭) ফৰ্ট উইলিয়াম’ কি?
উত্তৰঃ কলিকতা বাণিজ্য কেন্দ্ৰটোৰ নাম হ’ল ‘ফৰ্ট উইলিয়াম’।

৮) পৰাধীন ভাৰতৰ ব্রিটিছ শাসনৰ সময়ছোৱাক কোন দুটা মূল ভাগত ভগাব পাৰি?
উত্তৰঃ দুটা ভাগত ভগাব পাৰিঃ
ক) মোগল সাম্রাজ্যৰ পতনৰ পৰা ১৮৫৭ খ্ৰীষ্টাব্দৰ চিপাহী বিদ্ৰোহলৈকে।
খ) ১৮৫৮ খ্ৰীষ্টাব্দৰ পৰা ১৯৪৭ খ্ৰীষ্টাব্দলৈকে।

লগতে পঢ়ক:   অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি প্রশ্নোত্তৰ নৱম শ্ৰেণীৰ – Class 9 Social Science Chapter 5 question Answer In Assamese

৯) ‘ভাৰত চৰকাৰ আইন’ কোনে কেতিয়া কি উদ্দেশ্যত প্রণয়ন কৰিছিল?
উত্তৰঃ ব্ৰিটিছ সংসদে ১৮৫৮ খ্ৰীষ্টাব্দৰ ২ আগষ্ট তাৰিখে ইংলেণ্ডৰ চৰকাৰক ভাৰত শাসন কৰাৰ ক্ষমতা দিয়াৰ উদ্দেশ্যে প্রণয়ন কৰিছিল।

১০) ‘ভাৰতীয় পৰিষদ আইন’ কেতিয়া আৰু কি উদ্দেশ্যত প্রণয়ন কৰা হৈছিল?
উত্তৰঃ ১৮৬১ খ্ৰীষ্টাব্দত ব্ৰিটিছ সংসদে ভাৰতীয়ক আধুনিক প্ৰশাসনৰ সৈতে চিনাকি কৰি দিয়াৰ উদ্দেশ্যে প্রণয়ন কৰিছিল।


চমু/দীঘল উত্তৰৰ প্রশ্ন:

প্রশ্ন ২। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে কেনেকৈ ভাৰতৰ তিনিটা মূল স্থানত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল?
উত্তৰঃ ইষ্ট ইণ্ডিয়া কোম্পানিয়ে তিনিটা মূল কৌশলেৰে বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিলঃ
(ক) গোলকুণ্ডা ৰাজ্যৰ চুলতানৰ পৰা অনুমতি লৈ মছলিপট্টমত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
(খ) ইংলেণ্ডৰ ৰজা দ্বিতীয় চাৰ্লছে বােম্বাই চহৰ লাভ কৰি বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।
(গ) জব চাৰ্ণকে বংগৰ নবাবৰ লগত চুক্তি কৰি কলিকতাত বাণিজ্য কেন্দ্ৰ স্থাপন কৰিছিল।

প্রশ্ন ৩। ভাৰতত ব্রিটিছ সাম্রাজ্যবাদ প্রতিষ্ঠাৰ পথ সুগম কৰি তােলা ইষ্ট ইণ্ডিয়া কোম্পানিৰ আটাইতকৈ উল্লেখযোগ্য ব্যক্তিজন কোন?
উত্তৰঃ ৰবার্ট ক্লাইৱে। তেওঁ যুদ্ধ আৰু মিত্ৰতাৰ জৰিয়তে দেশীয় ৰজাসকলক কোম্পানিৰ ফলীয়া কৰিছিল আৰু পলাচী যুদ্ধত বিজয়ী হৈ ব্রিটিছ সাম্রাজ্যৰ লাইখুটা স্থাপন কৰিছিল।

প্রশ্ন ৪। চিপাহী বিদ্ৰোহ সৃষ্টিৰ চাৰিটা কাৰণ লিখা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা কাৰণ হ’লঃ
(ক) ৰাজনৈতিক কাৰণঃ স্বত্ববিলোপ নীতি।
(খ) অর্থনৈতিক কাৰণঃ ৰজা আৰু জমিদাৰসকলৰ আয়ৰ পথ বন্ধ হোৱা।
(গ) সামাজিক কাৰণঃ ইংৰাজৰ সামাজিক সংস্কাৰ।
(ঘ) ধর্মীয় কাৰণঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ চেষ্টা।

লগতে পঢ়ক:   ভাৰতবৰ্ষৰ ভূগোল Class 9 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) ভূগোল অধ্যায় ৩

প্রশ্ন ৫। চিপাহী বিদ্ৰোহৰ চাৰিটা উল্লেখযোগ্য ফলাফল উল্লেখ কৰা।
উত্তৰঃ চিপাহী বিদ্ৰোহৰ চাৰিটা ফলাফল হ’লঃ
(ক) ইষ্ট-ইণ্ডিয়া কোম্পানিৰ শাসনৰ অৱসান।
(খ) দেশীয় ৰজাসকলৰ অধিকাৰ অক্ষুণ্ণ ৰখা।
(গ) ভাৰতত জাতীয়তাবাদৰ সূচনা।
(ঘ) ব্রিটিছ চৰকাৰে ভাৰতীয়ক প্রশাসনত অংশীদাৰ কৰা।

প্রশ্ন ৬। ‘ভাৰত চৰকাৰ আইন’ৰ জৰিয়তে হোৱা চাৰিটা প্রশাসনীয় পৰিৱৰ্তন উল্লেখ কৰা।
উত্তৰঃ (ক) ভাৰত শাসনৰ দায়িত্ব ইংলেণ্ডৰ চৰকাৰৰ হাতলৈ যায়।
(খ) ভাৰত সচিবৰ পদ সৃষ্টি কৰা হয়।
(গ) গৱৰ্ণৰ জেনেৰেলক ভাইচৰয়ৰ খিতাপ দিয়া হয়।
(ঘ) কোম্পানিৰ সামৰিক বাহিনীক ব্রিটিছ চৰকাৰৰ তলতীয়া কৰা হয়।

প্রশ্ন ৭। লর্ড কেনিঙৰ দুটা প্রধান সংস্কাৰৰ বিষয়ে লিখা।
উত্তৰঃ (ক) উডৰ শিক্ষা সংস্কাৰ আঁচনি প্ৰৱৰ্তন কৰি শিক্ষা ব্যৱস্থাৰ উন্নতি সাধন কৰিছিল।
(খ) সেনাবাহিনীত সংস্কাৰ কৰি মিশ্ৰিত সেনা গঠন কৰিছিল।

প্রশ্ন ৮। ভাৰতীয় পৰিষদ আইন’ৰ দুটা গুণ আৰু দুটা দোষ লিখা।
উত্তৰঃ গুণঃ
(ক) ভাৰতীয়ক বিধানমণ্ডলত স্থান দিয়া হৈছিল।
(খ) কেন্দ্ৰীয় বিধানমণ্ডলক ৰাজহ আৰু বিত্তৰ ক্ষেত্ৰত ক্ষমতা দিয়া হৈছিল।
দোষঃ
(ক) ভাৰতীয়সকলক প্ৰকৃত প্রতিনিধিত্ব দিয়া হোৱা নাছিল।
(খ) ভাইচৰয়ক বিধানমণ্ডলৰ পৰামৰ্শ উলংঘা কৰাৰ ক্ষমতা দিয়া হৈছিল।

প্রশ্ন ৯। ইংৰাজৰ সময়ত স্থানীয় স্বায়ত্ত শাসনৰ জৰিয়তে হোৱা পৰিৱৰ্তনসমূহ আলোচনা কৰা।
উত্তৰঃ (ক) লর্ড ৰিপনে স্থানীয় স্বায়ত্ত শাসনৰ প্ৰৱৰ্তন কৰিছিল।
(খ) আঞ্চলিক পৰিষদ আৰু প্রাথমিক ব’র্ড গঠন কৰা হৈছিল।
(গ) নগৰাঞ্চলত পৌৰসভা আৰু নগৰপালিকা গঠন কৰা হৈছিল।

প্রশ্ন ১০। অসামৰিক সেৱাত কেনেকৈ ভাৰতীয়সকল অন্তর্ভুক্ত হৈছিল?
উত্তৰঃ (ক) ১৮৫৩ খ্ৰীষ্টাব্দত ভাৰতীয়সকলক লােকসেৱাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ অনুমতি দিয়া হৈছিল।
(খ) ১৮৬৪ খ্ৰীষ্টাব্দত সত্যেন্দ্ৰ নাথ ঠাকুৰে প্রথম ভাৰতীয় হিচাপে লােকসেৱাৰ পদবী লাভ কৰিছিল।
(গ) লর্ড লিটনৰ সময়ত ভাৰতীয়সকলক লােকসেৱাৰ পদবী দিয়াৰ ব্যৱস্থা কৰা হৈছিল।

লগতে পঢ়ক:   মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ (ইতিহাস)

প্রশ্ন ১১। ব্রিটিছ অধীন ভাৰত আৰু স্বাধীন ভাৰতৰ অসামৰিক লােকসেৱাৰ তিনিটা পার্থক্য উল্লেখ কৰা।
উত্তৰঃ (ক) ব্রিটিছৰ সময়ত পৰীক্ষা লণ্ডনত অনুষ্ঠিত হৈছিল, স্বাধীন ভাৰতত ভাৰততে অনুষ্ঠিত হয়।
(খ) ব্রিটিছৰ সময়ত প্ৰাৰ্থীৰ বয়সৰ সীমা ২২ বছৰ আছিল, স্বাধীন ভাৰতত ২৫ বছৰলৈ বৃদ্ধি কৰা হৈছিল।
(গ) ব্রিটিছৰ সময়ত পৰীক্ষা সর্বভাৰতীয় আছিল, স্বাধীন ভাৰতত প্রদেশিক পৰীক্ষাও অনুষ্ঠিত হয়।


অতিৰিক্ত প্রশ্নোত্তৰ:

প্রশ্ন ১। পর্তুগীজ নাৱিকসকলে ভাৰতৰ সৈতে নতুন নৌপথৰ আৱিষ্কাৰৰ উদ্দেশ্য লৈ কোনখন সমুদ্রত নৌ যাত্রা কৰিছিল?
উত্তৰঃ অজনা সমুদ্রত।

প্রশ্ন ২। বাৰ্থল মিউ ডিয়াজ কোন আছিল?
উত্তৰঃ এজন পৰ্তুগীজ নাৱিক, ১৪৫০ খ্ৰীষ্টাব্দত জন্ম হৈছিল।

প্রশ্ন ৩। ইংৰাজ সদাগৰসকলে লণ্ডনত বাণিজ্যিক প্রতিষ্ঠান কেতিয়া গঠন কৰিছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত।

প্রশ্ন ৪। ইংলেণ্ডৰ কোন ৰজাই ভাৰতৰ সৈতে বেহা-বেপাৰৰ উদ্দেশ্যে মোগল সম্রাট জাহাংগীৰলৈ আবেদন পত্র প্রেৰণ কৰিছিল?
উত্তৰঃ প্রথম জেমছ।

প্রশ্ন ৫। ইংৰাজসকল ভাৰতলৈ কেতিয়া আহিছিল?
উত্তৰঃ ১৬০০ খ্ৰীষ্টাব্দত।

প্রশ্ন ৬। ফৰ্ট উইলিয়াম দুর্গ ক’ত অৱস্থিত?
উত্তৰঃ কলিকতাত।

প্রশ্ন ৭। চিপাহী বিদ্ৰোহৰ সময়ত মোগল সম্রাট কোন আছিল?
উত্তৰঃ ছাহ আলম।

প্রশ্ন ৮। ভাৰতৰ প্ৰথম ভাইচৰয় কোন আছিল?
উত্তৰঃ লর্ড কেনিং।

প্রশ্ন ৯। ভাৰতবৰ্ষত স্বায়ত্ত শাসনৰ ভেটি কোনে নির্মাণ কৰিছিল?
উত্তৰঃ লর্ড ৰিপনে।

প্রশ্ন ১০। ইষ্ট ইণ্ডিয়া কোম্পানিয়ে ফাৰুকচিয়াৰ ফৰমান কেতিয়া লাভ কৰিছিল?
উত্তৰঃ ১৭১৭ চনত।


2 thoughts on “ভাৰতবৰ্ষ লৈ ইউৰোপীয় সকলৰ আগমন – নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান”

Leave a Comment


Stay informed about the latest Educational Update website. We provide timely and accurate information on upcoming Exam, application deadlines, exam schedules, and more.

Categories

Class 1

Class 2

Class 3

Class 4

Class 5