মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ (ইতিহাস)

মানৰ অসম আক্ৰমণ Class IX প্রশ্ন উত্তৰ নৱম শ্ৰেণীৰ অনুশীলনীৰ প্ৰশ্নৰ উত্তৰ || Class 9 social science chapter 4 Answer

মানৰ অসম আক্ৰমণ
শ্ৰেণী নৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয় সামজ বিজ্ঞানৰ ইতিহাস
অধ্যায়/ পাঠ 4
পাঠ্যক্ৰম ছেবা

মানৰ অসম আক্ৰমণ

অনুশীলনীৰ প্রশ্নোত্তৰ

প্রশ্ন ১। ১৭৮৪ চনত মান ৰজা বদৌপীয়াৰ আমােলত মানসকলে কোনখন দেশ জয় কৰিছিল ?
উত্তৰঃ আৰাকান জয় কৰিছিল।

প্রশ্ন ২। মান আৰু ব্রিটিছৰ মাজত কেতিয়াৰপৰা শত্রুতা সৃষ্টি হৈছিল ?
উত্তরঃ মান আৰু ইংৰাজ দুয়াে পক্ষ একে আন্তৰাষ্ট্ৰীয় সীমাৰ অংশীদাৰ হােৱাৰ পাছৰ পৰা ( ১৮২৪ চনৰ পৰা )।

প্রশ্ন ৩। মানৰ উপদ্ৰৱত থাকিব নােৱাৰি শ্রীহট্টলৈ পলাই যােৱা কাছাৰৰ ৰজাজনৰ নাম কি আছিল ?
উত্তৰঃ গােবিন্দ চন্দ্র।

প্রশ্ন ৪। কোন যুদ্ধত আহােমৰ পৰাজয়ৰ বাতৰি পাই পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ মৃত্যু হৈছিল?
উত্তৰঃ ঘিলাধাৰী যুদ্ধত ।

প্রশ্ন ৫। বৈশালী হুকুং কি?
উত্তৰঃ মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকাৰ নাম।

প্রশ্ন ৬। বৈশালী মুং-ডুন-চুন খাম কি?
উত্তৰঃ মানৰ সামৰিক অভিযান সম্পর্কে মান লিপিকাৰে লিখা অন্য এটা টোকাৰ নাম।

প্রশ্ন ৭। বদনচন্দ্ৰৰ সৈতে মান সৈন্য আহােতে অসমৰ প্রধানমন্ত্রী কোন আছিল ?
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগােহাঁই।

প্রশ্ন ৮. বদন চন্দ্রই কিমান সৈন্য লগত আনিছিল ?
উত্তৰঃ প্রায় ৬,০০০ মান সেনা।

প্রশ্ন ৯। বদনচন্দ্ৰ অসমত সােমাইয়ে কিমান অতিৰিক্ত সৈন্য গােটাইছিল ?
উত্তৰঃ প্রায় ৮,০০০।

প্রশ্ন ১০। বদনচন্দ্র চন্দ্রকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্রী পাতিছিল ?
উত্তৰঃ মন্ত্রী বৰফুকন।

প্রশ্ন ১১। মানৰ আক্রমণ কোন কোন চনত হৈছিল?
উত্তৰঃ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত।

প্রশ্ন ১২। কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল ?
উত্তৰঃ ১৮১৭ চনত।

প্রশ্ন ১৩। শুদ্ধ উত্তৰটো বাছি উলিওৱা ।

(ক) ১৮১৬/১৮১৭/১৮১৯ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল ?
উত্তৰঃ ১৮১৭ চনত মানসকলে অসমৰ আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল।

(খ) জগন্নাথ ঢেকিয়াল ফুকন / বদনচন্দ্ৰ বৰফুকন / চন্দ্রকান্ত বুঢ়াগােহাঁই ৰুচিনাথ বুঢ়াগােহাঁইৰ ভাতৃ আছিল।
উত্তৰঃ জগন্নাথ ঢেকিয়াল ফুকন ৰুচিনাথ বুঢ়াগােহাঁইৰ ভাতৃ আছিল।

(গ) বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৬/১৮১৭/১৮১৮ চনৰ আগষ্ট মাহত।
উত্তৰঃ বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭ চুনৰ আগষ্ট মাহত।

(ঘ) ৰাজমাও নুমলী চন্দ্রকান্ত সিংহ/পূৰ্ণানন্দ বুঢ়াগােহাঁই/ ব্রজনাথ গােহাঁইৰ মাতৃ আছিল।
উত্তৰঃ ৰাজমাও নুমলী চন্দ্রকান্ত সিংহৰ মাতৃ আছিল।

(ঙ) য়াণ্ডাবু সন্ধি ১৮১৪/১৮২৬/১৮২৮ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।
উত্তৰঃ য়াণ্ডাবু সন্ধি ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে স্বাক্ষৰ কৰা হৈছিল।

Read Also: মোৱামৰিয়া গণ বিদ্ৰোহ

 

মানৰ অসম আক্ৰমণ Question Answer

ৰচনাধর্মী প্রশ্ন

প্রশ্ন ১। মণিপুৰ আৰু আৰাকানত মানৰ ৰাজ্য বিস্তাৰ সম্পর্কে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ অষ্টাদশ শতিকাৰ দ্বিতীয়ার্ধৰ পৰা মানসকলে ব্রহ্মদেশৰ পশ্চিমে ৰাজ্য বিস্তাৰৰ পাতনি মেলে। মান ৰজা আলংপয়াই অষ্টাদশ শতাব্দীৰ ষষ্ঠ দহকত আৰু ১৭৫৯ চনৰ শেষৰ পিনে মণিপুৰৰ বিৰুদ্ধে দুখন সামৰিক অভিযান চলায়। ইয়াৰ পিছত ১৭৬৫ চনত মানৰজা ছিংবুছিমে মণিপুৰ আক্রমণ কৰি কেইবা হাজাৰ মণিপুৰীলােকক ব্রহ্মদেশলৈ, বন্ধীকৰি লৈ যায় আৰুমণিপুৰৰৰজাজয়সিংহক দেশান্তৰিত কৰে। ইয়াৰ পিছত মানৰজা বদৌপায়াৰৰ ৰাজত্ব কালত মানসকলে আৰাকান দখল কৰে। আৰাকান দখল কৰাৰ লগে লগেই মানসেনা মাৰগুই দ্বীপপুঞ্জৰ পৰা চট্টগ্রাম সীমান্তৰ লগত বিস্তৃত সমগ্র বংগােপ সাগৰীয় উপকূল অঞ্চলত প্রধান ৰাজনৈতিক শক্তিত পৰিণত হয়। ইয়াৰ পিছত ১৮১৯-২০ চনত মানসকলে মণিপুৰৰ ওপৰত সম্পূর্ণ কর্তৃত্ব স্থাপন কৰি মণিপুৰৰ তিনিজন ৰাজকুমাৰ ক্ৰমে মৰজিৎ সিং, গম্ভীৰ সিং আৰু সুৰজিৎ সিঙক দেশৰ পৰা বহিষ্কাৰ কৰে। এই মণিপুৰী ৰাজকুমাৰসকলে কাছাৰলৈ পলায়ন কৰে। ৰাজকুমাৰসকলে তাত উপদ্ৰৱ আৰম্ভ কৰাত কাছাৰৰ ৰজা গােবিন্দ চন্দ্রই শ্রীহট্টলৈ পলায়ন কৰি ইংরাজৰ সহায় বিচাৰে। কিন্তু ইংৰাজে সহায়ত গােবিন্দ চন্দ্রইঅৱশেষত মানৰজাৰশৰণাপন্ন হয়। তেতিয়া মানসকলে নিজৰ আধিপত্য স্থাপনৰ লােভত ১৮৫৩ চনত মণিপুৰৰ ৰাজকুমাৰ গম্ভীৰ সিংহৰ বিৰুদ্ধে অভিযান চলায়। এনেদৰে মানসকলে মণিপুৰ আৰু আৰাকানত সিহঁতৰ আধিপত্য বিস্তাৰ কৰে।

২। পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰিতাই কেনেকৈ ৰাজনৈতিক ষড়যন্ত্রৰ জন্ম দিছিল আলােচনা কৰা।
উঃ পূৰ্ণানন্দ বুঢ়াগােহাঁইক্ষমতালােভী আৰু স্বেচ্ছাচাৰ আছিল। তেওঁ নিজৰ নিয়ন্ত্ৰণত ৰাখিব পৰা ৰাজকুমাৰক আহােমৰ ৰজা পাতিছিল আৰু নিজৰ বিৰােধীতা কৰা লােকসকলক নানান অত্যাচাৰ কৰিছিল আৰু বহুতক হত্যা কৰিছিল। সেয়ে প্রজাসাধাৰণ তেওঁৰ বিদ্রোহী হৈপানীমুৱা নামৰ লােক এজনৰ নেতৃত্বত পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ বিৰুদ্ধে বিদ্রোহআৰম্ভ কৰিছিল। কিন্তু পূর্নানন্দ কুঢ়াগােহাঁইয়ে তেওঁক ধৰি আনি হত্যা কৰিছিল আৰু বহু লােকক কঠোৰ শাস্তি দিছিল। ইয়াৰ পিছত কমলেশ্বৰ সিংহৰ দিনত সত্ৰাম চাৰিঙীয়া ফুকনে বিদ্রোহ কৰাত তেওঁক ধৰি আনি হত্যা কৰে আৰু আন ৯৭ জন বিদ্রোহীক হত্যা কৰে। ২০ জনৰ কোনােবাক চকু কাঢ়ি, কোনােবাক নাক কাটি আৰু কোনােবাক কাণ কাটি এৰি দিয়ে। ১৮১০ চনত আহােম ৰজা কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিছত পূৰ্ণানন্দ বুঢ়াগােহাঁইয়ে অন্যান্য আহােম বিষয়াৰ সমর্থন নথকা সত্বেও চন্দ্রকান্ত সিংহ নামৰ কণমানিকোৱৰ এজনক ৰজা পাতি পূর্ণ দম্ভালিৰে নিজে দেশ শাসন কৰিবলৈ লয়। তেওঁৰ স্বেচ্ছাচাৰীতাত ৰজা চন্দ্রকান্ত সিংহয়াে অসন্তুষ্ট হৈ তেওঁৰ প্ৰভাৱৰ পৰা মুক্ত হ’বলৈ গুৱাহাটীৰ বৰফুকন বদনচন্দ্ৰলৈ চিঠি লিখি ইংৰাজ কোম্পানীৰ সামৰিক সাহাৰ্য্য বিচাৰিবৰ বাবে আদেশ দিয়ে। এনেদৰে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাৰীতাত অসমত ৰাজনৈতিক অৱনতিয়ে চৰম পর্যায় পায় যাৰ ফলশ্ৰুতিত অসমত মানসকলৰ আগমণ ঘটে আৰু অলপ কেইবছৰমানৰ ভিতৰতে অসমত আহােম ৰাজত্বৰ অন্তপৰি ইংৰাজৰ প্রভুত্ব স্থাপন হয়।

৩। পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্রৰ শেষ পৰিণতি কি আছিল?
উঃ পূৰ্ণানন্দবুঢ়াগােহাঁইৰ বিৰুদ্ধে সংঘটিত ৰাজনৈতিক ষড়যন্ত্রৰ শেষ পৰিণতি অসমৰ বাবে অতিশয় ভয়ানক হৈ দেখা দিছিল। পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে মাত মতা বা বিদ্ৰোহকৰা লােকৰ বহুতক পূৰ্ণানন্দই হত্যা কৰিছিল, কিছুমানক ঘূণীয়া কৰিছিল, কিছুমানক নির্বাসন দিছিল। আহােম ৰজা চন্দ্রকান্ত সিংহৰ লগতে প্রায় প্রতিজন আহােম বিষয়া পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰীৰ পৰা দেশখনক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছিল। তেওঁ গুৱাহাটীৰ বৰফুকন বদনচন্দ্রকো ধৰিবলৈ মানুহ পঠাইছিল। কিন্তু বদনচন্দ্ৰই আগতেই গুৱাহাটীৰ পৰা পলায়ন কৰি বংগদেশৰ ৰংপুৰলৈ গৈ বৃটিছৰ সাহাৰ্য্য বিচাৰিছিল। ইয়াৰ পৰিণতিত অসমলৈ মান আৰু ইংৰাজসকলৰ আগমণ ঘটে আৰু ইংৰাজসকল অসমলৈ অহাৰ অলপ দিনৰ ভিতৰতে অসমৰ স্বাধীনতাৰ
বেলি চিৰদিনলৈ অস্তমিত হয়। এনেদৰে পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ ৰাজনৈতিক ষড়যন্ত্র শেষ পৰিণতি হিচাপে অসমত আহােম ৰাজত্বৰ পতন ঘটিছিল আৰু ইংৰাজ শাসন প্রতিষ্ঠিত হৈছিল।

৪। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত মানে কিয় অসম আক্রমণ কৰিছিল ?
উঃ বদনচন্দ্ৰৰ নেতৃত্বত মানে অসম আক্ৰমণ কৰাৰ মূল কাৰণ আছিল পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰীতা আৰু মইমতীয়া কার্যকলাপ। পূর্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰীতাৰ বিৰুদ্ধে মাত মতা বা বিদ্রোহ কৰা লােকৰ বহুতক পূৰ্ণানন্দই হত্যা কৰিছিল, কিছুমানক ঘূণীয়া কৰিছিল, কিছুমানক নির্বাসন দিছিল। আহােম ৰজা চন্দ্রকান্ত সিংহৰ লগতে প্রায় প্রতিজন আহােম বিষয়া পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰীতাৰ পৰা দেশখনক ৰক্ষা কৰাৰ বাবে চেষ্টা কৰিছিল। পূৰ্ণানন্দই গুৱাহাটীৰ বৰফুকন বদনচন্দ্রকো ধৰিবলৈ মানুহ পঠাইছিল। কিন্তু বদনচন্দ্ৰইআগতেই গুৱাহাটীৰ পৰা পলায়ন কৰি বংগদেশৰ ৰংপুৰলৈ গৈ বৃটিছৰ সাহাৰ্য্য বিচাৰিছিল। কিন্তু ইংৰাজে সহায় কৰিবলৈ মান্তি নােহােৱাতবদনেব্রহ্মদেশলৈ গৈ মানসকলক অসম আক্ৰমণ কৰিবলৈ আমন্ত্রণ কৰি আনে। এনেদৰে বদন চন্দ্ৰৰ নেতৃত্বত মানে অসম আক্রমণ কৰিছিল।

প্রশ্ন ৫। বদনচন্দ্ৰ বৰফুকনৰ নেতৃত্বত অসমত মানৰ ৰাজনৈতিক হস্তক্ষেপ সম্পর্কে চমুকৈ আলােচনা কৰা।
উত্তৰঃ ১৮১৭ চনৰ মাৰ্চ মাহত বদনে মান সৈন্য লৈ পাটকাই পাহাৰ পাৰ হৈ অসমত প্ৰৱেশ কৰিছিল। তেতিয়া তেওঁৰ নেতৃত্বত প্রায় ৬,০০০, মান সৈন্য আছিল। মান সৈন্যসকলক অসমলৈ পঠিওৱাৰ সময়ত মান সকলৰ ৰজা আছিল বদৌপায়া। বদনৰ আগমন ৰােধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগােহাঁইয়ে দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত এটি সৈন্য বাহিনী প্রেৰণ কৰিছিল। কিন্তু বদনৰ নেতৃত্বত অহা মান সেনাৰ হাতত তেওঁলােক ঘিলাধাৰীৰ যুদ্ধত পৰাভূত হয়। ঘিলাধাৰীত পূৰ্ণানন্দই পঠিওৱা সেনাবাহিনী পৰাজয়ৰ বাতৰি পাই তেওঁ মৃত্যু মুখত পৰে আৰু তেওঁৰ পুত্ৰ ৰুচিনাথ বুঢ়াগােহাঁই পদবীত অধিষ্ঠিত হয়। ৰুচিনাথে বদনক বাধা দিবলৈ গৈ কঁঠালবাৰীৰ  যুদ্ধত বিফল হয় আৰু গুৱাহাটীলৈ পলাই যায়। ৰজাই বদনক প্রধানমন্ত্রী পাতি পুৰস্কৃত কৰে। বদনৰ সৈতে অহা মান সৈন্যৰ সৈতে ব্রহ্মদেশৰ দুজনমান লিপিকাৰাে আছিল। তেওঁলােক দুজনে বদনৰ নেতৃত্বত মানৰ এই সামৰিক অভিযান সম্পর্কে একোটাকৈ টোকা লিখিছিল। এই টোকা দুটাৰ নাম হ’ল বৈশালী হুকং আৰু বৈশালী মুং-ডুন-চুন-খাম। এই অভিযানৰ ফলত পূৰ্ণানন্দ সিংহৰ পতন হৈছিল আৰু মান সৈন্য প্রায় এমাহৰ ভিতৰতে অসম এৰি নিজ দেশলৈ গুচি গৈছিল। বদনৰ নেতৃত্বত অহা মানসেনাই অসমত কোনাে ধৰণৰ ৰাজনৈতিক হস্তক্ষেপ কৰা নাছিল। ঐতিহাসিক ড° সূর্য কুমাৰ ভূঞাৰ মতে ১৮১৭ চনৰ এপ্রিল মাহত মানসকলে যােৰহাটৰ সমীপৰ পৰা প্রত্যাৱৰ্তন কৰিছিল। বদন চন্দ্রই মান সৈন্যসকলক যােৰহাটৰ পূর্ব অংশত তেওঁৰ কঠোৰ নিয়ন্ত্ৰণত সীমাবদ্ধ কৰি ৰাখিছিল আৰু তেওঁলােকে অসমীয়া। প্রজাৰ ওপৰত, কোনাে ধৰণৰ উপদ্ৰৱ কৰা নাছিল। মান দেশৰ পৰা অহা লিপিকাৰ এজনে তেওঁৰ টোকাত লিখিছে যে বদনে মানৰ সেনাপতিজনক এগৰাকী আহােম গাভৰু, কেইটামান ঘোঁৰা, এটা হাঁতী, ভালেমান সােণ আৰু ৰূপ উপহাৰ দি বিদায় দিছিল। গতিকে সকলাে দিশৰ পৰা চালি-জাৰি চাই বদনৰ নেতৃত্বত অহা মান সৈনিকৰ এই সামৰিক অভিযানক কেতিয়াও আক্রমণ বুলি ক’ব নােৱাৰি। প্ৰকৃততে মানৰ আক্ৰমণৰ সূচনা হয় ১৮১৯ চনৰ পৰাহে।

লগতে পঢ়ক:   অসমৰ ভূগোল Class 9 পাঠভিত্তিক প্ৰশ্ন উত্তৰ নৱম শ্ৰেণীৰ

প্রশ্ন ৬। মানৰ অসম আক্ৰমণৰ কাৰণসমূহ আলােচনা কৰা।
উত্তরঃ ১৮১৭ চনৰ পৰা ১৮২১ চনলৈ মানসকলে প্রায় তিনিবাৰকৈ অসম আক্রমণ কৰিছিল। এই আক্ৰমণৰ কাৰণসমূহ হ’ল-
(ক) প্রথমতে, বদনচন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ডই মানৰ আক্ৰমণৰ মূল আৰু প্ৰধান কাৰণ। বদন চন্দ্র মন্ত্রী বৰফুকন হােৱাৰ কেইমাহমানৰ ভিতৰতে তেওঁৰ বিৰুদ্ধে এটি গভীৰ ষড়যন্ত্র তৈয়াৰ কৰা হৈছিল। এই ষড়যন্ত্র কেন্দ্রীয় শক্তি আছিল ৰাজমন্ত্রী পূর্ণানন্দ বুঢ়াগােহাঁই আৰু ৰুচিনাথ বুঢ়াগােহাঁইৰ পৰিয়াল। এওঁলােকৰ বাবেই ভাৰাতীয়া আততায়ী ৰুপচিং চুবেদাৰ আৰু ৰহমান খাঁ জামাদাৰে বদন চন্দ্রক প্রাতঃস্নান কৰি থকা অৱস্থাত হত্যা কৰিছিল। বদন চন্দ্ৰৰ হত্যাকাণ্ড সংঘটিত হৈছিল ১৮১৭ চনৰ আগষ্ট মাহত।

(খ) দ্বিতীয়তে বদন চন্দ্ৰৰ হত্যাৰ লগে লগে গুৱাহাটীত বাহৰ পাতি থকা ৰুচিনাথ বুঢ়াগােহাঁয়ে চন্দ্রকান্ত সিংহক সিংহাসনৰপৰা অপসাৰিত কৰি তেওঁৰ ঠাইত বিজয় বৰমূৰা গােহাঁই পুত্র ব্রজনাথ গােহাঁইক ৰজা পতাৰ চেষ্টাত ব্যস্ত হৈ পৰিছিল। ব্রজনাথ গােহাঁই বােলা এই লােকজনে পুত্ৰ পুৰন্দৰ সিংহৰ সৈতে ১৮০৯ চনৰ পৰা কোম্পানিৰ ৰাজ্যৰ চিলমাৰীত আশ্রয় লৈ আছিল। তেওঁলােক দুয়ােজনে কোম্পানিৰ চৰকাৰৰ পৰা পেঞ্চন লাভ কৰি চিলমাৰীত সুখে-সন্তোষে কাল যাপন কৰি আছিল।

(গ) তৃতীয়তে, ৰজা চন্দ্রকান্ত সিংহই লুকু ডেকাফুকনৰ নেতৃত্বত ৰুচিনাথৰ বিৰুদ্ধে এটি সেনাবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰলৈ আঁতৰি গৈছিল। চন্দ্রকান্ত সিংহই প্রেৰণ কৰা উক্ত সেনাবাহিনীটো ৰুচিনাথৰ হাতত পৰাভূত হােৱাৰ লগতে সেনাপতি লুকু ডেকাফুকন ৰণত নিহত হয়। ৰাজকীয় সেনাবাহিনীক পৰাভূত কৰি ৰুচিনাথে সগৌৰৱে যােৰহাটত প্রৱেশ কৰে। যােৰহাটত উপনীত হৈয়েই তেওঁ চলাই-ভুলাই চন্দ্রকান্ত সিংহক ৰংপুৰৰপৰা যােৰহাটলৈ মাতি নিয়ে। প্রেমনাথ মঙ্গীখােৰা গােহাঁই নামে ৰুচিনাথৰ অন্য এজন ভ্রাতৃয়ে তাতেই চন্দ্রকান্তৰ কাণ এখন কাটি তেওঁক ভৱিষ্যতে সিংহাসন প্রাপ্তিৰপৰা বঞ্চিত কৰাৰ ব্যৱস্থা কৰে। গতিকে ১৮১৭ চনৰ আগষ্ট মাহত বদন চন্দ্ৰ বৰফুকনক হত্যা কৰাৰ পৰা ১৮১৮ চনৰ ফেব্ৰুৱাৰী মাহত চন্দ্রকান্ত সিংহক সিংহাসনচ্যুত আৰু লঘু-লাঞ্ছনা কৰাৰ কার্যই অসমত পুনৰ ৰাজনৈতিক অস্থিৰতাৰ সৃষ্টি কৰে।

(ঘ) চতুর্থতে, বদন চন্দ্ৰৰ মৃত্যু আৰু চন্দ্রকান্তৰ সিংহানচ্যুত কথা মান দেশৰ ৰাজধানীত ওলাই পৰে। মান ৰজাই উক্ত ঘটনাত অসন্তুষ্ট হৈ অসম আক্ৰমণ কৰিবলৈ সিদ্ধান্ত কৰে। তেওঁ কিয়ামিংগি ওৰফে আলুমিংগিৰ নেতৃত্বত প্রায় ১০,০০০ সৈন্য দি অসম আক্রমণ কৰিবলৈ পঠিয়ায়। এই সামৰিক অভিযানৰ পথ নির্দেশক আছিল মান দেশ প্রবাসী মােমাই বৰুৱা নামৰ অমসীয়া লােক এজন। মানৰ এই আক্রমণ আৰম্ভ হৈছিল ১৮১৯ চনৰ জানুৱাৰী-ফেব্ৰুৱাৰী মাহত। এইটোকে মানৰ প্রথম আক্রমণ বুলিব পাৰি।

প্রশ্ন ৭। মানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ ফঁহিয়াই দেখুওৱা।
উত্তৰঃমানৰ অসম আক্ৰমণৰ পৰিণতিসমূহ হ’ল—
(ক) প্রথমতে, এই আক্রমণে অসমত আহােম ৰাজত্বৰ অন্ত পেলাইছিল। মানৰ অসম আক্ৰমণৰ ফলশ্রুতিতেই ব্রহ্মপুত্র উপত্যকাত থকা আহােম ৰাজ্য তথা অসম মানৰ অধীনলৈ গৈছিল। ১৮১৯-১৮২৬ চনৰ কালছােৱাত অসমত মানৰ শাসন চলিছিল। অর্থাৎ অসম প্রায় ৬ বছৰৰ মানৰ অধীন হৈ আছিল। অসমে কেবা শতিকাৰ পিছত পােন প্ৰথমবাৰৰ বাবে স্বাধীনতা হেৰুৱাইছিল।

(খ) দ্বিতীয়তে, মানৰ আক্ৰমণত অসমৰ সমাজ জীৱন বিপর্যস্ত হৈ পৰিছিল। বিশেষকৈ উজনি অসমৰ বহু লােকে নামনিলৈ, কাছাৰলৈ আৰু ইংৰাজৰ ইষ্ট ইণ্ডিয়া কোম্পানি দ্বাৰা শাসিত বংগদেশলৈ প্ৰব্ৰজন কৰিছিল। ইয়াৰ ৰাজনৈতিক পৰিগাঁথনি সম্পূৰ্ণৰূপে ভাগি গৈছিল। ৰাজ্যখনৰ অর্থনীতি সাময়িকভাৱে ক্ষতিগ্রস্ত হৈছিল।

(গ) তৃতীয়তে, মানৰ হাতৰ পৰা দেশ উদ্ধাৰ কৰি তাক পুনৰ স্বাধীন কৰিবলৈ যি সামৰিক শক্তিৰ প্ৰয়ােজন আছিল ইতিমধ্যে সেইটো নিঃশেষ হৈ আহিছিল। ইতিপূর্বে আভ্যন্তৰীণভাৱে সংঘটিত মােৱামৰীয়া বিদ্রোহ দমন কৰিবলৈ আহােম ৰজাই কোম্পানি সাহায্য প্রার্থনা কৰিছিল। সেই মর্মে কেপ্তেইন থমাছ ওৱেলছে মােৱামৰীয়া বিদ্রোহ দমন কৰি আহােম ৰজা গৌৰীনাথ সিংহক পুনৰ সিংহাসনত থাপিছিল।

(ঘ) চতুর্থতে, সিংহাসন প্রাপ্তিৰ বাবে চলা উত্তৰাধিকাৰৰ সংগ্রামে কেতিয়াবাই আহােম, ৰাজতন্ত্র দুর্বল কৰি আনিছিল। এই অৱস্থা সপ্তদশ শতিকাৰ শেষৰ পৰা বিশেষকৈ গদাধৰ সিংহৰ ৰাজত্বকালৰপৰা (১৭৬১-১৭৬৯) সিংহাসনৰ প্রতি উত্তৰাধিকাৰৰ প্ৰশ্নক লৈ দেশত পুনৰ অস্থিৰতাই বিৰাজ কৰিছিল। এই অৱস্থাৰ ফলত ৰাষ্ট্ৰখনৰ ডা-ডাঙৰীয়াসকল বিবাদমান পৰম্পৰ বিৰােধী প্রশ্নত বিভক্ত হৈ পৰিছিল।

(ঙ) পঞ্চমতে, যিটো অভিজাত শ্রেণীয়ে আহােম ৰাজত্বৰ সূচনা পূৰ্বৰে পৰা ৰাজতন্ত্ৰৰ সৈতে একতা আৰু সংহতি স্থাপন কৰি ৰাজ্য শাসনত প্রধান আৰু মুখ্য ভূমিকা লৈ আহিছিল সেই অভিজাত শ্রেণীটো সপ্তদশ শতিকাৰপৰাই আভ্যন্তৰীণ কণ্ডল আৰু পাৰস্পৰিক যড়যন্ত্রৰ ফলত নিশকতীয়া হৈ পৰিছিল। তেওঁলােকেও ৰাজনৈতিক নেতৃত্ব দিব পৰা দক্ষতা, ক্ষমতা আৰু শক্তি-সামর্থ্য একেবাৰে হেৰুৱাই পেলাইছিল। মােৱামৰীয়া বিদ্রোহে তেওঁলােকক পৰমুখাপেখী কৰি তুলিছিল। তেওঁলােকৰ নিজৰ ওপৰতেই আস্থা নােহােৱা হৈ পৰিছিল।

(চ) ষষ্ঠতে, অসমত মানৰ অৱস্থানে বংগদেশত থকা ইংৰাজ ইষ্ট-ইণ্ডিয়া কোম্পানি টোপনি হৰণ কৰিছিল। তেওঁলােকে ইতিপূর্বে কেপ্তেইন থমাছ ওৱেলছে ১৭৯৪ চনত দাখিল কৰা গােপন ৰাজনৈতিক প্রতিবেদনৰ মাধ্যমত অসম সম্পর্কে বিস্তৃত খা-খবৰ লৈ থৈছিল। গতিকে তেতিয়াৰপৰাই ৰত্ন প্রসৱিনী অসমৰ ওপৰত ইংৰাজসকলৰ লুভীয়া দৃষ্টি আছিল। অসমৰ পৰা মানসকলক বিতাড়ন কৰিবলৈ ইংৰাজসকলে অনবৰত অজুহাত বিচাৰিয়েই আছিল। অর্থাৎ মানৰ আক্রমণে ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানিৰ বাবে অসম অধিকাৰ কৰাৰ কথা অধিক ত্বৰান্বিত কৰি তুলিছিল।

প্রশ্ন ৮। কোনটো বিদ্রোহক ‘পানীমুৱা বিদ্রোহ’ বুলি কোৱা হয়?
উত্তরঃ পূৰ্ণানন্দৰ দৌৰাত্ম সহ্য কৰিব নােৱাৰি দেশৰ ভালেমান মুখিয়াল লােক তথা ডা- ডাঙৰীয়াই কমলেশ্বৰ সিংহৰ ৰাজত্ব কালত এটি বিদ্রোহ সংগঠিত কৰিছিল। এই বিদ্ৰোহৰ নেতৃত্ব দিছিল পানীমুৱা বােলা লােক এজনে। সেইবাবে এই বিদ্রোহক পানীমুৱা বিদ্রোহ বােলা হয়।

প্রশ্ন ৯। ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল উল্লেখ কৰা।
উত্তরঃ ১৮১৭ চনৰ অসমত মানসকলৰ সামৰিক হস্তক্ষেপৰ দুটা ফলাফল হল—

(ক) মান ৰজাই পােনপটীয়াকৈ অসম জয় কৰাৰ কথা ভবা নাছিল। বৰং তেওঁ পূর্ণানন্দৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ বৰফুকনক সামৰিক সাহায্যহে দিছিল।

(খ) মান ৰজা বদৌপায়াই মানসকলক অসমৰ সাম্রাজ্যত হস্তক্ষেপ কৰিবলৈ আদেশ দিয়া নাছিল। মান সেনাসকল অসমৰ পৰা ১ মাহৰ পিছতেই নিজ দেশলৈ ঘূৰি গৈছিল। মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্রকান্ত সিংহক ৰক্ষা কৰা।

প্রশ্ন ১০। প্রথম  ইংগ-বার্মা যুদ্ধ কেতিয়া সংঘটিত হৈছিল?
উত্তরঃ প্রথম ইংগ-বার্মা যুদ্ধখন ১৮২৪ চনৰ ফেব্ৰুৱাৰীত সংঘটিত হৈছিল। এই যুদ্ধখন ইয়াণ্ডাবু নামে ঠাইত সংঘটিত হৈছিল।

প্রশ্ন ১১৷ ইয়াণ্ডাবু সন্ধিৰ উল্লেখযােগ্য ফলাফলসমূহ উল্লেখ কৰা।
উত্তৰঃ ইয়াণ্ডাবু সন্ধিৰ উল্লেখযােগ্য ফলাফলসমূহ হ’ল-
(ক) ১৮২৫ চনৰ ১৭ চনৰ জানুৱাৰী তাৰিখে ইংৰাজে যােৰহাট দখল কৰে আৰু মানসকলক স্বদেশলৈ খেদি পঠিয়ায়। মানসকলে চিংফৌসকলৰ লগ লাগি অসমৰ পূব খণ্ডত উপদ্ৰৱ আৰম্ভ কৰে। তেতিয়া কেপ্তেইন নিউভিলে ১৮২৫ চনৰ জুন মাহত চিংফৌসকলক পৰাস্ত কৰে। আনফালে ইংৰাজ সেনাই ব্ৰহ্মদেশৰ ইয়াণ্ডাবু চহৰ দখল কৰিলে। উপায়হীন হৈ ব্ৰহ্মদেশৰ ৰজাই ইংৰাজৰ লগত সন্ধি কৰিলে। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাৰ মাজত বিখ্যাত ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হ’ল। এই সন্ধিৰ ফলত ইংগ-বার্মা যুদ্ধৰ অন্ত পৰিল।

(খ) ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদ অনুযায়ী গােভা ৰজাই ওচৰ-চুবুৰীয়া অসম ৰাজ্য আৰু অসমৰ তলতীয়া ৰাজ্য কাছাৰ আৰু জয়ন্তীয়াৰ ওপৰত সকলাে দাবী ত্যাগ কৰে। লগতে আগলৈ সেইবােৰত কোনাে হস্তক্ষেপ নকৰিবলৈ প্রতিশ্রুতিবদ্ধ হয়।

(গ) ইয়াণ্ডাবু সন্ধিৰ দ্বিতীয় অনুচ্ছেদৰ গইনা লৈ ইংৰাজে অসমত অধিকাৰ সাৱ্যস্ত কৰিলে। মানক খেদিবলৈ আহি তেওঁলােকেই এদিন অসমৰ অধিপতি হ’ল।

(ঘ) মান সেনা আঁতৰি যােৱাৰ পিছত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানি এই দেশৰ এক প্ৰকাৰৰ শাসনকর্তা হৈ পৰে। আহােম ৰজা চন্দ্রকান্ত সিংহ আৰু যােগেশ্বৰ সিংহ কোনােজনকে ৰংপুৰত থাকিবলৈ দিয়া নহৈছিল। ১৮২৬ খ্রীষ্টাব্দৰ শেষ ভাগত যােগীঘােপাত যােগেশ্বৰ সিংহৰ মৃত্যু হয়। চন্দ্রকান্ত সিংহৰ কিছুদিন পিছতে গুৱাহাটীত মৃত্যু হয়।

প্রশ্ন ১২। ইয়াণ্ডাৰুসন্ধিৰ গুৰুত্ব সম্পর্কে লিখা।
উত্তৰঃইংৰাজে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰি অসম মণিপুৰ আৰু কাছাৰত মানসকলক সম্পূৰ্ণৰূপে পৰাস্ত কৰি ব্ৰহ্মদেশৰ বিখ্যাত ৰেণ আৰু প্রেম নগৰ অধিকাৰ। কৰে। অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে ১৮২৫ চনত উজনি অসম ত্যাগ কৰে। উপায়হীন হৈ মানে ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই এখন সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এই সন্ধিখনকে ইয়াণ্ডাবু সন্ধি বােলা হয়। এই সন্ধিৰ জৰিয়তে প্রথম ইঙ্গ বার্মা যুদ্ধৰ সামৰণি পৰিছিল।
ইয়াণ্ডাবু সন্ধিৰ চৰ্ত বা গুৰুত্বসমূহ হ’ল-
(ক) মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানিক এক কোটি টকা পৰিশােধ কৰিব লাগিব।
(খ) আৰাকান আৰু তেনাছােৰিম প্রদেশ ব্রিটিছৰ হাতলৈ যাব।
(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনাে ধৰণৰ হস্তক্ষেপ কৰিব নােৱাৰিব।
(ঘ) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।
(ঙ) আভাত এজন ব্রিটিছ প্রেছিডেণ্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্রিটিছে অনুমতি দিছিল।
ইয়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলায়। এই সন্ধিৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্রিটিছ সাম্রাজ্যৰ পাতনি মেলিছিল।

লগতে পঢ়ক:   অসমত বৃটিছ প্ৰশাসনৰ আৰম্ভণি প্রশ্নোত্তৰ নৱম শ্ৰেণীৰ – Class 9 Social Science Chapter 5 question Answer In Assamese

মানৰ অসম আক্ৰমণ

চমু টোকা লিখা

(ক) বদৌপায়া :
উত্তৰঃ বদৌপায়া মানসকলৰ ৰজা আছিল। বদনচন্দ্ৰ বৰফুকনে এই মান ৰজা বদৌপায়াক আহােম ৰজাৰ বিৰুদ্ধে সামৰিক অভিযানৰ বাবে অনুৰােধ কৰিছিল। ১৮১৬ চনৰ শেষৰ ফালে প্রায় ৬,০০০ সৈন্যৰ দল এটা দি বদৌপায়াই বদনচন্দ্ৰ বৰফুকনক অসমলৈ পঠায়। ১৮১৯ চনত বদৌপায়াৰ মৃত্যু হয়।

(খ) গম্ভীৰ সিংঃ
উত্তৰ : গম্ভীৰ সিং মণিপুৰৰ ৰজা আছিল। মণিপুৰৰ ৰজা জয়সিংহৰ পুত্ৰ আছিল গম্ভীৰ সিং। পিতাকৰ মৃত্যুৰ পিছত তেওঁ মণিপুৰৰ ৰজা হয়। জয়সিংহৰ মৃত্যুৰ পিছত তেওঁৰ পুত্র সুৰজিৎ সিং, মার্জিত সিং আৰু গম্ভীৰ সিঙৰ মাজত সিংহাসনক লৈ কাজিয়াৰ সৃষ্টি হয়। গম্ভীৰ সিঙে অতি চল-কৌশলেৰে মণিপুৰৰ সিংহাসন দখল কৰে। কিন্তু কিছুদিনৰ পিছত তেৱো কাছাৰলৈ পলাবলগীয়া হয়। মানসকলে। হাইলাকান্দিৰ বাহিৰে সমগ্র দক্ষিণ কাছাৰ দখল কৰি লয়। মানসকলে কাছাৰৰ পিনে অগ্রসৰ  হৈ গম্ভীৰ সিঙক পুনৰ পৰাজিত কৰি শাসনৰ পৰা বাহিৰ কৰি দিয়ে।

(গ) গােবিন্দ চন্দ্র
উত্তৰঃ গােবিন্দ চন্দ্র কাছাৰৰ ৰজা আছিল। ভায়েক কৃষ্ণচন্দ্ৰৰ পিছত তেওঁ কাছাৰৰ ৰজা হয়। তেওঁৰ শাসন কালত মণিপুৰৰ বিদ্রোহী ৰজা মার্জিত সিঙে কাছাৰৰ সমতলভূমি দখল কৰে। পিছত মার্জিত সিঙে আন দুজন ভায়েক সুৰজিৎ সিং আৰু গম্ভীৰ সিঙৰ সহায়ত গােটেই কাছাৰখন দখল কৰে। তেতিয়া বাধ্য হৈ গােবিন্দ চন্দ্রই চিলেটলৈ পলাই যায় আৰু তাত থকা ইংৰাজৰ সহায়-ভিক্ষা বিচাৰে। কিন্তু ইংৰাজে তেওঁৰ অনুৰােধ তাগ্রাহ্য কৰে। ফলত গােবিন্দ চন্দ্রই দক্ষ ৰজাৰ শৰণাপন্ন হল। দক্ষ ৰজাই তেওঁক সহায়ৰ প্রতিশ্রুতি দি কাছাৰ দখল কৰে। মানসকলৰ এনে কার্যত ইংৰাজসকলে মানৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰে। ইংৰাজ সৈন্যৰ হাতত মানৰ পৰাজয় ঘটে। পিছত ইংৰাজৰ সহায়ত গােবিন্দ চন্দ্র পুনৰ কাছাৰৰ দক্ষিণ অংশত ৰজা হয়। গােবিন্দ চন্দ্রই কাছাৰৰ শেষ ৰজা আছিল। তেওঁ সংস্কৃত ভাষাৰ এজন সু-পণ্ডিত আছিল। তেওঁ ৰচনা কৰা দুখন পুথি হ’ল “গােবিন্দ কীর্তন’ আৰু ‘মহাৰাজেৰ লীলামৃত”। তেওঁৰ পুথি দুখনৰ পৰাই তেওঁৰ পাণ্ডিত্যৰ কথা জানিব পাৰি।

(ঘ) দামান গগৈ
উত্তৰঃ দামান গগৈ আহােম সেনাপতি আছিল। তেওঁৰ আহােমসকলৰ এজন দায়িত্বশীল সামৰিক বিষয়া আছিল। তেওঁ পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ সমর্থক আছিল। মানসকলক ভেটা দিয়াৰ কাৰণে পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে দামান গগৈৰ নেতৃত্বত মানসকলৰ বিৰুদ্ধে এটি আহােম সৈন্য দল প্ৰেৰণ কৰে। কিন্তু দামান গগৈ নেতৃত্বাধীন আহােম বাহিনী মান সৈন্যৰ হাতত ঘিলাধাৰী নামে ঠাইত হােৱা যুদ্ধত পৰাজিত হয়।

(ঙ) হাও বৰা।
উত্তৰঃ হাও বৰা আহােম ফৈদৰ সেনাপতি আছিল। বদন চন্দ্ৰ বৰফুকনৰ নেতৃত্বত অহা মানসেনাক ভেটা দিবলৈ দামান গগৈৰ লগত হাও বকো পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে এটি আহােম সৈন্য দলৰ নেতা হিচাপে প্ৰেৰণ কৰিছিল। কিন্তু হাও বৰাই মানসেনাক ভেটা দিবলৈ যাওঁতে ঘিলাধাৰী নামৰ ঠাইত হাও বৰা আৰু আহােম সেনাৰ পৰাজয় ঘটে।

(চ) ঘিলাধাৰী যুদ্ধ।
উত্তৰঃ বদন চন্দ্র বৰফুকনে পূর্ণানন্দৰ বিৰুদ্ধে সামৰিক সাহায্য বিচৰাত ব্রহ্মদেশৰ ৰজা বদৌপায়াই তেওঁক ৬,০০০ সৈনিক দি সহায় কৰে। আহােম সেনায়াে দামান গগৈ আৰু হাও বাৰ নেতৃত্বত মান সেনাক ভেটিবলৈ এটি সৈন্য বাহিনী প্ৰেৰণ কৰে। দুয়ােপক্ষৰ মাজত ঘিলাধাৰী নামৰ এখন ঠাইত যুদ্ধ হয়। সেয়েহে এই যুদ্ধখনক ঘিলাধাৰী যুদ্ধ বুলি কোৱা হয়। এই যুদ্ধত আহােম সেনাবাহিনী পৰাজিত হয়। আহােমসকলৰ পৰাজয়ৰ বাতৰি পােৱাৰ পিছত পূৰ্ণানন্দ বুঢ়াগােহাঁই মৃত্যু মুখত পৰে।

(ছ) ব্রজনাথ।
উত্তৰঃ ব্রজনাথ ৰাজেশ্বৰ সিংহৰ আৰু বিজয়া বৰমূৰা গােহাঁইৰ পুত্ৰ আছিল। ব্রজনাথ যাতে ৰজা হ’ব নােৱাৰে তাৰ কাৰণে তেওঁক আগতেই অংগক্ষত কৰা হৈছিল। মানৰ অসম আক্ৰমণৰ সময়ত ব্রজনাথ আৰু তেওঁৰ পুত্ৰ পুৰন্দৰ সিংহ ১৮০৯ চনৰ কোম্পানিৰ ৰাজ্যৰ ঘিলামৰীয়াত আশ্ৰয় লৈ আছিল। তেওঁলােক দুয়ােজনে কোম্পানি চৰকাৰৰ পৰা পেধন লাভ কৰি দিন কটাই আছিল। বদন বৰফুকনৰ হত্যাৰ পিছত ৰুচিনাথ বুঢ়াগােহাঁয়ে চন্দ্রকান্ত সিংহক সিংহাসনৰ পৰা নমাই ব্রজনাথক আহােমৰ সিংহাসনত অধিষ্ঠিত কৰিব বিচাৰিছিল। এই উদ্দেশ্যৰে তেওঁ এটি সেনাবাহিনীৰ সহায়ত ব্রজনাথ আৰু তেওঁৰ পুত্ৰ পুৰৰক লৈ যােৰহাট অভিমুখে। যাত্রা কৰে। কিন্তু ৰুচিনাথ বুঢ়াগােহাঁইৰ আশা পূৰণ নহ’ল। কাৰণ আগতেই অংগক্ষত হৈ থকা ব্রজনাথে ৰজা হােৱাৰ যােগ্যতা হেৰুৱাইছিল। সেয়েহে ৰুচিনাথে ব্রজনাথৰ পুত্ৰ দহ বছৰীয়া পুৰন্দৰ সিংহৰু ৰজা পাতি ৰাজ্য শাসন কৰিবলৈ দিয়ে।

(জ) পুৰন্দৰ সিংহ
উত্তৰ পুৰন্দৰ সিংহ ব্রজনাথ গােহাঁইৰ পুত্ৰ আছিল৷ ৰুচিনাথ বুঢ়াগােহাঁয়ে চন্দ্রকান্ত সিংহক আঁতৰাই ১০ বছৰীয়া পুৰন্দৰ সিংহক ৰজা পাতে। ১৮১৯ চনত অসম আক্রমণ কৰি পুৰন্দৰ সিংহক সিংহাসনচ্যুত কৰে।

(ঝ) লুকু ডেকা ফুকন
উত্তৰঃ লুকু ডেকা ফুকন আহােম ৰজা চন্দ্রকান্ত সিংহৰ সেনাপতি আছিল। চন্দ্রকান্ত সিংহৰ শাসনকালত লুকু ডেকাফুকন এজন বিষয়া আছিল। চন্দ্রকান্ত সিংহই ৰুচিনাথৰ ষড়যন্ত্র কৰাৰ বাবে লুকু ডেকাফুকনৰ নেতৃত্বত এটি সেনাবাহিনী প্ৰেৰণ কৰি নিজে ৰংপুৰৰ পৰা আঁতৰি গৈছিল। ৰুচিনাথ বুঢ়াগােহাঁয়ে প্রেৰণ কৰা সেনাবাহিনীৰ হাতত চন্দ্রকান্ত সিংহৰ সেনাবাহিনী পৰাভূত হয় আৰু লুকু ডেকাফুকন ৰণত নিহত হয়।

(ঞ) আলুমিংগি
উত্তৰঃ আলুমিংগি মান সেনাপতি আছিল। তেওঁৰ নেতৃত্বত ১০,০০০ সৈন্যই অসম আক্ৰমণ কৰিছিল। এই আক্রমণৰ ফলত আহােম সেনাৰ পৰাজয় হয় আৰু অসম প্ৰথমবাৰৰ বাৰে মনৰ হাতলৈ যায়।

(ট) দোৱনীয়া
উত্তৰঃ ১৮১৯ চনত মানে অসম আক্ৰমণ কৰে। মানৰ আক্ৰমণৰ সময়ত সুবিধা বুজি বছতাে লােকে ছদ্মবেশ ধৰি অসমীয়াৰ ওপৰত যথেষ্ট অত্যাচাৰ চলাইছিল। এই সকলক দোৱনীয়া বুলি কোৱা হয়।

(ঠ) ইয়াণ্ডাবু সন্ধি
উত্তৰ ইংৰাজে ব্ৰহ্মদেশৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰি অসম, মণিপুৰ আৰু কাছাৰত মানসকলক সম্পূর্ণরূপে পৰাস্ত কৰি ব্ৰহ্মদেশৰ বিখ্যাত ৰেণ আৰু প্রেম নগৰ অধিকাৰ কৰে। অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে ১৮২৫ চনত উজনি অসম ত্যাগ কৰে। উপায়হীন হৈ মানে ১৮২৬ খ্রীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰী তাৰিখে ইয়াণ্ডাবু নামে ঠাইত ইংৰাজ কোম্পানি চৰকাৰ আৰু ব্ৰহ্মদেশৰ ৰজাই এখন সন্ধিপত্ৰত স্বাক্ষৰ কৰে। এই সন্ধিখনকে ইয়াণ্ডাবু সন্ধি বােলা হয়। এই সন্ধিৰ জৰিয়তে প্রথম ইঙ্গ বার্মা যুদ্ধৰ সামৰণি পৰিছিল ।
ইয়াণ্ডাবু সন্ধিৰ চৰ্ত বা গুৰুত্বসমূহ হ’ল-
(ক) মান ৰজাই যুদ্ধৰ ক্ষতিপূৰণৰ বাবদ কোম্পানিক এক কোটি টকা পৰিশােধ কৰিব লাগিব।
(খ) আৰাকান আৰু তেনাছােৰিম প্রদেশ ব্রিটিছৰ হাতলৈ যাব।
(গ) অসম, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যত মানসকলে কোনাে ধৰণৰ হস্তক্ষেপ কৰিব নােৱাৰিব।
(ঘ) মানসকলে মণিপুৰৰ ৰজা গম্ভীৰ সিংহক ৰজা মানিবলৈ গাত লয়।
(ঙ) আভাত এজন ব্রিটিছ প্রেছিডেন্ট থাকিব। মান ৰজাক কলিকতাত এজন বিষয়া ৰাখিবলৈ ব্রিটিছে অনুমতি দিছিল।
ইয়াণ্ডাবু সন্ধিয়ে অসমত মানৰ দিনৰ ওৰ পেলায়। এই সন্ধিৰ পাছত ইষ্ট ইণ্ডিয়া কোম্পানিয়ে অসমত শাসনভাৰ গ্ৰহণ কৰি ব্রিটিছৰ সাম্রাজ্যৰ পাতনি মেলিছিল।

মানৰ অসম আক্ৰমণ প্রশ্ন উত্তৰ

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। মানসকল কোন দেশৰ লােক?
উত্তৰঃ ব্ৰহ্মদেশৰ।।

প্রশ্ন ২। আহােম ৰজা-গৌৰীনাথ সিংহৰ পিছত সিংহাসনত কোন বহিছিল ?
উত্তৰঃ কমলেশ্বৰ সিংহ। আগবঢ়াইছিল ?

প্রশ্ন ৩। চিংফৌ নেতা বিচানাঙে কোন গাভৰুক কোন মান ৰজালৈ উপহাৰ হিচাপে
উত্তৰঃ ৰঙ্গিলী নামেৰে এগৰাকী আহােম গাভৰুক।

প্রশ্ন ৪। আহােম ৰজাই কাক প্রতাপবল্লভ উপাধি দিছিল?
উত্তৰঃ বৰফুকন কলীয়া ভােমােৰাক।

প্রশ্ন ৫। কিমান চনত কমলেশ্বৰ সিংহৰ মৃত্যু হৈছিল?
উত্তৰঃ ১৮১০ চনত।

প্রশ্ন ৬। কমলেশ্বৰ সিংহৰ পিছত অসমৰ নতুন ৰজা কোন আছিল?
উত্তৰঃ চন্দ্রকান্ত সিংহ।

প্রশ্ন ৭৷ ৰজা চন্দ্রকান্ত সিংহই কাক চাৰিঙীয়া ফুকন খিতাপ দিছিল?
উত্তৰ সৰামক।

প্রশ্ন ৮। পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ পুতেক ওৰেনাথে কাক বিয়া কৰাইছিল?
উত্তৰঃবদন বৰফুকনৰ জীয়ৰী পিজৌ গাভৰুক।

প্রশ্ন ৯ বদন চন্দ্রৰ পেহীয়েক কোন আছিল ?
উত্তৰঃমান ৰজাৰ অসমীয়া ৰাণী ৰঙ্গিলী আইদেউ

প্রশ্ন ১০। কোন যুদ্ধত পৰাজয়ৰ বাতৰি পায় পূর্ণানন্দ বুঢ়াগােহাঁই মৃত্যুমুখত পৰিছিল?
উত্তৰঃ ঘিলাধাৰী যুদ্ধত।

প্রশ্ন ১১| বদনচন্দ্রই কিমান মান সৈন্য লগত আনিছিল ?
উত্তৰঃ প্রায় ৬,০০০ জন।

লগতে পঢ়ক:   মূল অৰ্থনৈতিক সমস্যাসমূহ নৱম – শ্ৰেণীৰ অর্থনীতি বিজ্ঞান অধ্যায় 02

প্রশ্ন ১২। বদনচন্দ্ৰই অসমত সােমাই কিমান অতিৰিক্ত সৈন্য গােটাইছিল?
উত্তৰঃ ৮,০০০ জন সৈন্য।

প্রশ্ন ১৩। বদৌপায়াৰ মৃত্যুত পিছত ব্রহ্মদেশৰ ৰজা কোন হয় ?
উত্তৰঃবদৌপায়াৰ নাতিয়েক বাপিদাও।

প্রশ্ন ১৪। মানে পতা ৰজা বুলি কাক কোৱা হয় ?
উত্তৰঃ যােগেশ্বৰ সিংহক।প্রশ্ন ১৫। অসমৰ স্বাধীনতাৰ পুনৰুদ্ধাৰৰ শেষ ৰণ কোনখন বুলি কোৱা হয় ?

উত্তৰঃ মহগড় ৰণক।

প্রশ্ন ১৬। কোনছােৱা সময়ক মানৰ দিন বুলি কোৱা হয় ?
উত্তৰঃ ১৮২১ চনৰ পৰা ১৮২৫ চনলৈকে এই সময়ছােৱাক।

প্রশ্ন ১৭। প্রথম ইঙ্গ বার্মা যুদ্ধ কেতিয়া হৈছিল?
উত্তৰঃ ১৮২৪ চনত।

প্রশ্ন ১৮। কিমান চনত গৱৰ্ণৰ জেনেৰেল লর্ড আমহাষ্টে ব্ৰহ্মদেশৰ ৰজাৰ বিৰুদ্ধে যুদ্ধ ঘােষণা কৰিছিল?
উত্তৰঃ ১৮২৪ চনৰ ৫ মার্চত।

প্রশ্ন ১৯। কেতিয়া ইংগ-বর্মী যুদ্ধৰ অন্ত পৰে?

উত্তৰঃ ১৮২৬ চনত।প্রশ্ন ২০ | ইয়াণ্ডাবু সন্ধি কেতিয়া স্বাক্ষৰিত হৈছিল?
উত্তৰঃ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত।

প্রশ্ন ২১। যােগেশ্বৰ সিংহৰ কেতিয়া মৃত্যু হয়?
উত্তৰ : ১৮২৬ চনত যােগীঘােপাত।

প্রশ্ন ২২। মানে কেতিয়া অসম ত্যাগ কৰে?
উত্তৰঃ অসমত ইংৰাজৰ হাতত পৰাজিত হৈ মানে ১৮২৫ চনত অসম ত্যাগ কৰে।

প্রশ্ন ২৩। মানক খেদিবলৈ কিমান চনত ইংৰাজসকলে অসমত প্ৰৱেশ কৰে?
উত্তৰঃ ১৮২৪ চনত।

প্রশ্ন ২৪। ব্রহ্মদেশৰ ৰজাক অসমৰ লােকসকলে কি বুলি কৈছিল?
উত্তৰ মান ৰজা বুলি কৈছিল।

প্রশ্ন ২৬। পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে বদনৰ বিপৰীতে কাক বৰফুকন পাতিছিল?
উত্তৰঃকলীয়া ভােমােৰাক।
প্রশ্ন ২৭। সংৰামে কাৰ হাতত প্ৰাণ হেৰুৱাইছিল ?
উত্তৰঃ নগা আততায়ীৰ হাতত।
প্রশ্ন ২৮। বদন বৰফুকনে ৰংপুৰলৈ গৈ কাক সাক্ষাৎ কৰিছিল?
উত্তৰঃ ডেভিদ স্কটক।
প্রশ্ন ২৯। কোনখন যুদ্ধত আহােম সৈন্য মান সৈন্যৰ হাতত পৰাস্ত হৈছিল ?
উত্তৰঃঘিলাধাৰী যুদ্ধ।
প্রশ্ন ৩০ | ৰুচিনাথে কাৰ লগত যােৰহাটলৈ যাত্ৰা কৰিছিল ?
উত্তৰঃব্রজনাথ সিংহ আৰু তেওঁৰ পুত্ৰ পুৰন্দৰ সিংহৰ লগত।
প্রশ্ন ৩১। চন্দ্রকান্ত সিংহই ৰুচিনাথৰ বিৰুদ্ধাচৰণ কৰিবৰ বাবে কাৰ নেতৃত্বত সৈন্য বাহিনী পঠাইছিল ?
উত্তৰঃ লুকু ডেকা ফুকনৰ নেতৃত্বত।
প্রশ্ন ৩২। চন্দ্রকান্ত পলাই যােৱাত ৰুচিনাথে কাক ৰজা পাতিছিল ?
উত্তৰঃ আহােম ৰজা ৰাজেশ্বৰ সিংহৰ নাতি ব্রজনাথ সিংহক।
প্রশ্ন ৩৩। চন্দ্রকান্ত কোন ঠাইলৈ পলাই গৈছিল ?
উত্তৰঃ তৰাতলীলৈ। –
প্রশ্ন ৩৪। কাৰ নেতৃত্বত ব্রহ্ম ৰজাই ১৮১৯ খ্রীষ্টাব্দত এটি সৈন্য বাহিনী পঠাইছিল ?
উত্তৰঃ আলুমিঙ্গিৰ নেতৃত্বত।

প্রশ্ন ৩৫। কোনে পাতাল বৰবৰুৱাক হত্যা কৰিছিল ?
উত্তৰঃ মান সেনাপতি মিঙ্গিমাহা তিলােৱাই।।

প্রশ্ন ৩৬। মানৰ অসম আক্ৰমণৰ এটি ঋণাত্মক দিশ লিখা।
উত্তৰঃ মানৰ অসম আক্ৰমণৰ ফলত সামাজিক জীৱন বহুলভাৱে বিপর্যস্ত হৈ পৰিছিল।

প্রশ্ন ৩৭! মানৰ অসম আক্ৰমণৰ এটি ধনাত্মক দিশ লিখা।
উত্তৰঃ মানৰ অসম আক্ৰমণৰ এটি ধনাত্মক দিশ হ’ল অসমৰ আধুনিকীৰণ।

প্রশ্ন তৃ৮ | শিৱনাথ তামুলী ফুকন কোন আছিল?
উত্তৰঃ আহােমৰ এজন উচ্চপদস্থ বিষয়া আছিল।

প্রশ্ন ৩৯। ভদৰী কোন আছিল ?
উত্তৰঃসন্দিকৈ পৰিয়ালৰ লােক আছিল।

প্রশ্ন ৪০ | ৰজা হােৱাৰ আগতে কমলেশ্বৰ সিংহৰ নাম কি আছিল ?
উত্তৰঃকিনাৰাম।

প্রশ্ন ৪১। আলুমিঙ্গিয়ে চন্দ্রকান্ত সিংহক সহায় কৰিবলৈ কাৰ নেতৃত্বত এদল মানসৈন্য ৰাখি গৈছিল ?
উত্তৰঃ মিঙ্গিমাহা তিলােৱাৰ নেতৃত্বত।

প্রশ্ন ৪২। সৎৰাম চাৰিঙীয়া ফুকন কোন আছিল?
উত্তৰঃ ভূত নামৰ কুকুৰাচোৱা বৰা এজনৰ পুত্ৰ আছিল।

প্রশ্ন ৪৩। কিমান চনলৈকে মানসকলে মণিপুৰৰ ওপৰত আক্রমণ চলাইছিল ?
উত্তৰঃ ১৭৮২ চনলৈকে।

প্রশ্ন ৪৪। কেতিয়াৰ পৰা মণিপুৰীসকলে শান্তিৰে থাকিব পাৰিছিল?
উত্তৰঃ ১৭৯৮ চনৰ পৰাহে।

প্রশ্ন ৪৫। পূৰ্ণানন্দৰ পিছত অসমৰ বুঢ়াগােহাঁই কোন হয়?
উত্তৰঃ ৰুচিনাথ।

প্রশ্ন ৪৬। বদনচন্দ্র চন্দ্রকান্ত সিংহই কি উপাধিৰে প্ৰধানমন্ত্রী পাতিছিল ?
উত্তৰঃ মন্ত্ৰী বৰফুকন।

প্রশ্ন ৪৭। কিমান চনত মানসকলে আভ্যন্তৰীণ ৰাজনীতিত হস্তক্ষেপ কৰিছিল?
উত্তৰঃ১৮১৭ চনৰ মাৰ্চ মাহত।

প্রশ্ন ৪৮ বদন চন্দ্ৰৰ সৈতে মানসৈন্য অহাৰ আগত অসমৰ প্রধানমন্ত্রী কোন আছিল?
উত্তৰঃ পূৰ্ণানন্দ বুঢ়াগােহাঁই।

প্রশ্ন ৪৯। প্রকৃতাৰ্থত মানৰ আক্রমণ কেতিয়াৰ পৰা সূচনা হয় ?
উত্তৰঃ ১৮১৯ চনৰ আৰম্ভণিৰে পৰা।
প্রশ্ন ৫০|  মানৰ আক্ৰমণৰ প্ৰধান কাৰণটো কি?
উত্তৰঃবদন চন্দ্ৰ বৰফুকনৰ হত্যাকাণ্ডটো।

প্রশ্ন ৫১। এডৱার্ড গেইটৰ মতে বদনৰ নেতৃত্বত কিমান সৈন্য আহিছিল। তেওঁৰ এই তথ্য সঁচানে?
উত্তৰঃ এৱাৰ্ড গেইটৰ মতে বদনৰ নেতৃত্বত মান সৈন্যৰ পৰিমাণ প্রায় ১৬,০০০ আছিল। গেইটৰ এই তথ্য সঁচা নহয়।

প্রশ্ন ৫২। গুণাভিৰাম বৰুৱা আৰু হিতেশ্বৰ বৰুৱাৰ মতে বদনে অসমত সােমাই নিজাববীয়াকৈ কিমান সৈন্য গােটাই লৈছিল?
উত্তৰঃ ৮,০০০ সৈন্য।

প্রশ্ন ৫৩। ৰজা চন্দ্রকান্ত সিংহই কেতিয়া পূৰ্ণানন্দৰ বিৰুদ্ধে সাহায্য বিচাৰি ব্রিটিছলৈ প্রথমখন চিঠি লিখিছিল ?
উত্তৰঃ ১৮১৫ চনৰ ১২ ছেপ্তেম্বৰ তাৰিখে।

প্রশ্ন ৫৪।ৰজা চন্দ্রকান্ত সিংহই কেতিয়া পূৰ্ণানন্দৰ বিৰুদ্ধে সাহায্য বিচাৰি ব্রিটিছলৈ দ্বিতীয়খন চিঠি লিখিছিল ?
উত্তৰ : ১৮১৫ চনৰ ১২ নৱেম্বৰ তাৰিখে।
প্রশ্ন ৫৫ | বদনৰ নেতৃত্বত সামৰিক অভিযানটোৰ মুঠ সৈন্য কিমান আছিল ?
উত্তৰঃ ১৪,০০০।

প্রশ্ন ৫৬। ৰজা চন্দ্রকান্ত সিংহ কোন বংশৰ আছিল ?
উত্তরঃ ইন্দ্রবংশী।

প্রশ্ন ৫৭। কাক মানে পতা ৰজা বুলি কোৱা হয়?
উত্তৰ: যােগেশ্বৰ সিংহ।

মানৰ অসম আক্ৰমণ প্রশ্ন উত্তৰ Class 9

পাঠভিত্তিক অতিৰিক্ত প্রশ্নোত্তৰ

প্রশ্ন ১। কলিয়াভােমােৰা দলংখন ক’ত, কেতিয়া সাজি উলিয়াইছিল। এই দলংখনৰ দৈর্ঘ্য কিমান ?
উত্তৰ বর্তমান শােণিতপুৰ আৰু নগাঁও জিলা সংযােগী ব্ৰহ্মপুত্ৰ ওপৰত ১৯৮৭ খ্রীষ্টাব্দত এই দলংখন সাজি উলিয়াইছিল। ইয়াৰ দৈর্ঘ্য ৩০১৫ মিটাৰ।

প্রশ্ন ২। মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য কি আছিল?
উত্তৰঃ মানসকলৰ ১৮১৭ চনৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ বুঢ়াগােহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু স্বৰ্গদেউ চন্দ্রকান্ত সিংহক ৰক্ষা কৰা।

প্রশ্ন ৩। কোনখিনি সময়ক মান ভগনৰ দিন’ বুলি কোৱা হয় ?
উত্তৰঃমান সেনাৰ হাতত অসমীয়া প্ৰজা অবর্ণনীয়ভাৱে লজ্জিত-লাঞ্ছিত হৈছিল। মান সেনাৰ লুটপাত, কটা-মৰা, পাশৱিক অত্যাচাৰৰ কোবত টিকিব নােৱাৰি অসমীয়া মানুহ ভগনীয়া হৈ দিহিঙে-দিপাঙে যাবলগা হৈছিল। ইয়াক বুৰঞ্জীত মান ভগনৰ দিন বুলি কোৱা হয়।

প্রশ্ন ৪। মানসকলে কোনটো পথেদি ইংৰাজৰ ৰাজ্যত প্ৰৱেশ কৰিছিল ?
উত্তৰঃ গােৱালপাৰা শ্রীহট্ট আৰু চট্টগ্রাম পথেদি।

প্রশ্ন ৫। প্রথম ইঙ্গবর্মী যুদ্ধ কেইটা ৰণাঙ্গনত সংঘটিত হৈছিল আৰু কি কি?
উত্তৰ প্রথম ইংগ-বর্মী যুদ্ধ চাৰিখন ৰণাঙ্গনত সংঘটিত হৈছিল—
(ক) ব্রহ্মপুত্র উপত্যকা বা আহােমৰাজ্য, (খ) কাছাৰ, (গ) মণিপুৰ আৰু (ঘ)ব্রহ্মদেশত।

প্রশ্ন ৬। পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে কিয় ব্রহ্মপুত্র আৰু দিহিঙৰ মাজৰ ভূ-খণ্ডক স্বতন্ত্রভাৱে শাসন কৰিবলৈ মােৱামৰীয়া মৰাণসকলক এৰি দিছিল ?
উত্তৰ: মানসকলে ঘৰুৱা ৰাজনীতিত জড়িত হৈ পৰিলে দেশৰ স্বার্থ বিপন্ন হ’ব বুলি আশা কৰিয়েই পূর্ণানন্দ বুঢ়াগােহাঁয়ে এনে কৰিছিল।

প্রশ্ন ৭। কামৰূপৰ কোনে কাৰ সহায় লৈ আহােম ৰজাৰ বিৰুদ্ধে থিয় দিছিল?
উত্তৰঃ কামৰূপৰ হৰদত্ত আৰু বীৰদত্ত চৌধুৰীয়ে বংগদেশৰ বৰকান্দাজ সেনাৰ সহায় লৈ আহােম ৰজাৰ বিৰুদ্ধে থিয় দিছিল।

প্রশ্ন ৮ | আহােম ৰজাই কিহৰ বাবে কলীয়াভােমােক কি উপাধি প্রদান কৰিছিল ?
উত্তৰ কলীয়াভােমােৰাই দন্দুৱাদ্রোহ নামে বিখ্যাত হােৱা হৰদত্ত বীৰদত্তৰ বিদ্রোহ দমন কৰিবলৈ সক্ষম হােৱাৰ বাবে আহােম ৰজাই কলীয়া ভােমােৰাক প্রতাপবল্লভ উপাধি প্রদান কৰে।

প্রশ্ন ৯। বদন আৰু পূৰ্ণানন্দৰ মাজৰ সম্পর্ক কেতিয়া উন্নতি হৈছিল?
উত্তৰ বুঢ়াগােহাঁইৰ পুত্র ওৰেষানাথে বদন ফুকনৰ জীয়ৰী পিজৌ গাভৰুক বিয়া কৰােৱাৰ পিছত দুয়ােৰে সম্পর্ক উন্নতি ঘটিছিল।

প্রশ্ন ১০ | মানৰ আক্রমণ ৰােধ কৰিবলৈ পূৰ্ণানন্দ বুঢ়াগােহাঁয়ে কাৰ কাৰ নেতৃত্বত সৈন্য বাহিনী প্রেৰণ কৰিছিল ?
উত্তৰ দামান গগৈ আৰু হাও বৰাৰ নেতৃত্বত।

প্রশ্ন ১১। বদনৰ নেতৃত্বত অহা মানৰ সামৰিক অভিযানৰ বিষয়ে লিখা টোকা দুটা কি কি আছিল?
উত্তৰঃ টোকা দুটাৰ নাম হ’ল— (ক) বৈশালী হুকং আৰু (খ) মুং-ডুন-চুন-খাম।

প্রশ্ন ১২। বদনে মান ৰজালৈ কি কি উপহাৰ পঠাইছিল?
উত্তৰ বদনে মান ৰজালৈ বহুতাে ধন-সােণ আৰু অন্যান্য উপঢৌকনৰ লগতে হেমমা আইদেউক উপহাৰ হিচাপে পঠাইছিল।

প্রশ্ন ১৩। কিমান চনৰ মানৰ আক্ৰমণক প্ৰকৃততে মানৰ আক্রমণ বুলিব নােৱাৰি আৰু কিয়?
উত্তৰঃ ১৮১৭ চনৰ মানৰ আক্ৰমণক প্রকৃততে মানৰ আক্ৰমণ বুলিব নােৱাৰি কাৰণ মানসকলৰ সামৰিক অভিযানৰ মুখ্য উদ্দেশ্য আছিল পূৰ্ণানন্দ গােহাঁইৰ স্বেচ্ছাচাৰিতাৰ পৰা বদন বৰফুকন আৰু চন্দ্রকান্ত সিংহক ৰক্ষা কৰা।

প্রশ্নঃ মানৰ আক্ৰমণ কোন কোন চনত হৈছিল?

উত্তৰঃ ১৮১৭, ১৮১৯ আৰু ১৮২১ চনত।

প্রশ্নঃ বৈশালী হুকুং কি?

উত্তৰঃ মান লিপিকাৰে লিখা মানৰ সামৰিক অভিযানৰ এটা টোকাৰ নাম।

প্রশ্ন কোন চনত বদনচন্দ্ৰক হত্যা কৰা হৈছিল ?

উত্তৰঃ ১৮১৭ চনত।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top