ভাৰতবৰ্ষৰ ভূগোল Class 9 (সম্পূৰ্ণ প্ৰশ্নোত্তৰ) ভূগোল অধ্যায় ৩

ভাৰতবৰ্ষৰ ভূগোল
শ্ৰেণী নৱম শ্ৰেণীৰ প্ৰশ্নৰ উত্তৰ
বিষয় সামজ বিজ্ঞানৰ ভূগোল
অধ্যায়/ পাঠ অধ্যায় – ৩ (ভূগোল)
পাঠ্যক্ৰম ছেবা

ভাৰতবৰ্ষৰ ভূগোল Class IX

পাঠভিত্তিক প্রশ্নোত্তৰ

১। ভাৰতবৰ্ষৰ ভৌগােলিক অৱস্থানৰ বিষয়ে লিখা।
উঃ ভাৰতবৰ্ষ পৃথিৱীৰ এখন বিশাল দেশ। ই পৃথিৱীৰ উত্তৰ গােলার্ধত আৰুএছিয়া মহাদেশৰ দক্ষিণাংশত অৱস্থিত। ইয়াৰ উত্তৰে সুউচ্চ হিমালয় পর্বতমালা আৰু চীন দেশ। দক্ষিণে ভাৰত মহাসাগৰ আৰু শ্রীলংকা। পূৱে বঙ্গোপ সাগৰ আৰু ম্যানমাৰ। পশ্চিমে আৰব সাগৰ আৰু পাকিস্থান। ভাৰতৰ ভূখণ্ড উত্তৰা-দক্ষিণাকৈ কাশ্মীৰৰ পৰা কন্যাকুমাৰীলৈ আৰু পূৱা-পশ্চিমাকৈ অৰুণাচল প্রদেশৰ পূৱ প্ৰান্তৰ পৰা সৌৰাষ্ট্ৰলৈকে বিস্তৃত। উ-দক্ষিণাকৈ  ভাৰতবৰ্ষ প্ৰায় ৩,২১৪ কিলােমিটাৰ আৰু পূৱা-পশ্চিমাকৈ প্রায় ২,৯৩৯ কিলােমিটাৰ। ভাৰতবর্ষ ৮°৪২৮ উত্তৰ অক্ষাংশৰ পৰা ৩৭°১৭৫৩ উত্তৰ অক্ষৰেখা আৰু ৬৮°৭৩৩ পূৱৰ পৰা ৯৭°২৪৪৭ পূৱদ্রাঘিমা ৰেখাৰ মাজত অৱস্থিত। ভাৰতবৰ্ষৰ সোঁমাজেদি ২৩½°, কর্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে।

২। ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য কিমান?
উ : ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈর্ঘ্য ৬,১০০ কিলােমিটাৰ।

৩। ভাৰতৰ মুঠ স্থলসীমাৰ দৈর্ঘ্য কিমান?
উঃ ভাৰতৰ মুঠ স্থলসীমাৰ দের্ঘ্য ১৫,২০০ কিলােমিটাৰ।

৪। ভাৰতৰ ভূখণ্ড সম্পর্কে এটি চমুটোকা লিখা।
উঃ ভাৰতবর্ষ এখন বিশাল দেশ। মাটিকালিৰ দিশৰ পৰা ই পৃথিৱীৰ সপ্তম স্থানত আছে। পৃথিৱীৰ মাটিকালিৰ মুঠ ২.৪ শতাংশ ভাৰতবৰ্ষই আগুৰি আছে৷ ইয়াৰ উত্তৰত সুউচ্চ হিমালয় পর্বতমালা । দক্ষিণে আৰাবলী, বিন্ধ্য, পূর্বঘাট, পশ্চিমঘাট মহাকাল আদি পর্বতশ্রেণী আছে। দক্ষিণ ভাৰতত বিৰাট মালভূমি আছে। ইয়াৰ ভূ ভাগৰ মাজেদি বৈ যােৱা কেইবাটাও ডাঙৰ ডাঙৰ নদী যেনেঃ ব্রহ্মপুত্র, গংগা, সিন্ধু, আদিয়ে সমভূমিৰ সৃষ্টি কৰিছে। ভাৰতৰ পশ্চিম অংশৰ ৰাজস্থানত থৰ মৰুভূমি আছে।

৫। উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ চাৰিটামুল পার্থক্য লিখা।

উঃ উত্তৰ ভাৰতৰ নদী আৰু দক্ষিণ ভাৰতৰ নদীসমূহৰ মাজত বৈশিষ্ট্যগত কিছুমান পার্থক্য আছে।
(ক) উত্তৰ ভাৰতৰ নদী বৰফেৰে আবৃত ওখ পর্বত পৰা ওলাই অহা বাবে গােটেই বছৰ পানী থাকে। কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰ চাপৰ পর্বত অথবা মালভূমিৰ পৰা ওলাই অহা বাবে খৰালি কালত পানী প্রায় নাথাকেই।

(খ) উত্তৰ ভাৰতৰ নদীবােৰে সঘনাই সুতি সলাই থাকে। ইয়াৰ প্লাৱন ভূমি বহল। আনহাতে দক্ষিণ ভাৰতৰ নদীবােৰ বহু যুগৰ আগতে সৃষ্টি হােৱা বাবে মালভূমিৰ কঠিন শিলাময় ঠাইৰ মাজেদি নির্দিষ্ট গতিপথেৰে বৈ আছে। এইবােৰে সুতি নসলায়। ইয়াৰ প্লাৱন ভূমি ঠেক।

(গ) উত্তৰ ভাৰতৰ নদীবােৰৰ উচ্চ গতি, মধ্য গতি আৰু নিম্নগতি আছে। কিন্তু দক্ষিণভাৰতৰ নদীবােৰৰ এনে গতি দেখা নাযায়।

(ঘ) উত্তৰ ভাৰতৰ নদীবােৰৰ উপত্যকা বহল আৰু বহুদূৰ সমতলৰ মাজেদি বৈ যােৱা বাবে ধীৰ আৰু নাব্য। কিন্তু দক্ষিণ ভাৰতৰ নদীবােৰৰ উপত্যকা ঠেক আৰু নাব্য নহয়।

ভাৰতবৰ্ষৰ ভূগোল Question Answer

৬। ভাৰতৰ ভূ-প্রাকৃতিক ভাগকেইটা কি কি ?
উঃ ভাৰতৰভূ-প্রাকৃতিক ভাগ প্রধানকৈ চাৰিটা, যেনে – (ক) উত্তৰ হিমালয় পার্বত্য অঞ্চল (খ) উত্তৰ ভাৰতৰ সমভূমি অঞ্চল (গ) দাক্ষিণাত্য মালভূমি অঞ্চল আৰু (ঘ) উপকূল অঞ্চল।

৭৷ উত্তৰ ভাৰতৰ হিমালয় পার্বত্য অঞ্চলৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতৰ উত্তৰে বিশাল হিমালয় পার্বত্য অঞ্চল। ই পৃথিৱীৰ ভিতৰতে সর্বোচ্চ পর্বতশ্রেণী। ই কাশ্মীৰৰ নঙ্গ পৰ্বতৰ পৰা অৰুণাচল প্রদেশৰ পূৱ সীমা পর্যন্ত পূৱা-পশ্চিমাকৈ বিস্তৃত হৈ আছে। ই প্রায় ২,৫০০ কিলােমিটাৰ দীঘল আৰু ২৪০ কিলােমিটাৰৰ পৰা ৫০০ কিলােমিটাৰ বহল। ইয়াৰ মাটিকালি প্রায় ৫০০,০০০ বর্গ কিলােমিটাৰ। ইয়াৰ উচ্চতা সাগৰৰ পৃষ্ঠৰ পৰা ৮০০০ মিটাৰৰাে অধিক। হিমালয় পার্বত্য অঞ্চল প্রায় বৰফময়। ইয়াৰ উচ্চ শিখৰবােৰ গােটেই বছৰ বৰফেৰে আবৃত হৈ থাকে। সমান্তৰালভাবে পূৱা-পশ্চিমাকৈ হিমালয় পর্বতশ্রেণীক তিনি শাৰীত বিভক্ত কৰা হৈছে। যেনেঃ উচ্চ হিমালয়, নিম্ন হিমালয় আৰু বহিঃ হিমালয়।

৮। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।

উঃউত্তৰ হিমালয় পার্বত্য অঞ্চল আৰুদক্ষিণৰ মালভূমি অঞ্চলৰ মাজৰ বিশাল সমভূমি অঞ্চলেই হৈছেউত্তৰ ভাৰতৰ সমভূমি অঞ্চল। পূৱে অসমৰ পৰা পশ্চিমে পাকিস্থানৰ সীমালৈকেইপ্রায় ২,৪০০ কিলােমিটাৰ বিস্তৃত। ইয়াকপ্রধানকৈ সিন্ধু-গঙ্গা ব্ৰহ্মপুত্ৰ উপত্যকা বুলি কোৱা হয়। সিন্ধু-গঙ্গা সমভূমি অঞ্চলৰ প্রস্থ ২৪০ কিলােমিটাৰৰ পৰা ৩২০ কিলােমিটাৰ পর্যন্ত বিস্তৃত।ব্রহ্মপুত্র সমভূমিৰ প্ৰস্থ গড়ে ৮০ কিলােমিটাৰ। উত্তৰ ভাৰতৰ সমভূমি অঞ্চলটোৱে মুঠতে ৭,০০,০০০ কিলােমিটাৰ আগুৰি আছে।

লগতে পঢ়ক:   ভাৰতীয় জাতীয়তাবাদৰ উন্মেষণ Class 9 Question Answer Assamese

৯। দাক্ষিণাত্য মালভূমি অঞ্চলৰ বৈশিষ্ট্য লিখা।
উঃ উত্তৰ ভাৰতৰ সমভূমি অঞ্চলৰ দক্ষিণে দাক্ষিণাত্য মালভূমি অঞ্চল অৱস্থিত। ইয়াৰ আকৃতি ত্রিভূজৰ দৰে। ই কঠিন শিলাৰে গঠিত। দাক্ষিণাত্য মালভূমিটো উত্তৰৰ মালৱা মালভূমি, উত্তৰ-পূৱৰ ছােটনাগপুৰ মালভূমিক লৈ গঠিত হৈছে। বিন্ধ্য, সাতপুৰা, মহাদেৱ আৰু মহাকাল পর্বতে এই সমগ্র মালভূমিটোক উত্তৰ আৰু দক্ষিণ—এই দুটা ভাগত ভাগ কৰিছে। এই মালভূমি অঞ্চলটোৰ পশ্চিম সীমাত আছে পশ্চিমঘাট পর্বত আৰু পূর্ব সীমাত আছে পূর্বঘাট পর্বতশ্রেণী।

১০। উপকূল অঞ্চলৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতৰ দাক্ষিণাত্য মালভূমি অঞ্চলৰ পূৱ-আৰু পশ্চিম সীমাত বংগােপ সাগৰ আৰু আৰব সাগৰৰ পাৰে পাৰে ভাৰতৰ উপকূল অঞ্চল অৱস্থিত। সাগৰ পৃষ্ঠৰ পৰা ইয়াৰ উচ্চতা ৩০ মিটাৰৰ পৰা ৫০ মিটাৰৰ ভিতৰত ভাৰতৰ উপকূলীয় সমতল অঞ্চল দীঘল আৰু ঠেক। এই উপকূল অঞ্চলক পূৱ আৰু পশ্চিম উপকূল হিচাপে দুটা ভাগত ভাগ কৰিব পাৰি। পূৱ উপকূলটো বঙ্গোপ সাগৰ আৰু পূর্বঘাট পর্বতশ্রেণীৰ মাজত অৱস্থিত। ই গংগা নদীৰ মােৰ পৰা কন্যাকুমাৰীলৈকে বিস্তৃত। পশ্চিম উপকূল অঞ্চলটো আৰব সাগৰ আৰু পশ্চিমঘাট পর্বতৰ মাজত অৱস্থিত।ইকাম্বে সাগৰৰ পৰা দক্ষিণে কুমাৰীকালৈকে বিস্তৃত।

১১। ভাৰতৰ জলবায়ুৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত এখন বিশাল দেশ। ইয়াৰ জলবায়ুও অঞ্চলভেদে ভিন ভিন। ভাৰতৰ সোঁমাজেদি কর্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে৷ ইয়াৰ উত্তৰ অংশ সমমণ্ডল আৰু দক্ষিণ অংশ গ্রীষ্মমণ্ডলত পৰিছে। সেয়ে উত্তৰ ভাৰত শীতপ্রধান আৰু দক্ষিণ ভাৰত গ্রীষ্মপ্রধান বুলি ক’ব পাৰি। ভাৰতবৰ্ষৰ ভূখণ্ড সৰু-ডাঙৰ পাহাৰ-পর্বত, মালভূমি, সমভূমি, মৰুভূমি আদিৰে গঠিত। উচ্চতাৰ পাৰ্থক্যৰ বাবে ইয়াৰ জলবায়ু, উত্তাপ, বৰষুণ, আতা, বানুৰ ঢাপ আদি কম-বেছি হয়। হিমালয় পর্বতমালাই চেঁচা বাহক বাধা দি শীতৰ পৰা ৰক্ষা কৰে। দক্ষিণ ভাৰত গ্রীষ্মমণ্ডলত পৰিছে যদিও ইয়াৰ ভু-প্রকৃতি দাক্ষিণাত্য মালভুমিয়ে নির্ধাৰণ কৰে। ইয়াৰ জলবায়ু প্রায় মৃদু।

১২। ভাৰতৰ মৌচুমী বতাহৰ প্ৰভাৱ সম্পর্কে এটি টোকা লিখা।
উঃ ভাৰতবর্য এখন মৌচুমী প্রধান দেশ। ভাৰতৰ জলবায়ু, বতৰ আৰু কৃষিৰ ক্ষেত্ৰত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। গ্রীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি প্রথমে পশ্চিমঘাট পর্বতত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে। ইকংকন আৰু মালাৱৰ উপকূলত বছৰি ৩০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ দিয়ে। এই মৌচুমীবতাহৰ এটাঅংশ পশ্চিম ঘাট পাৰ হৈ বংগােপ সাগৰৰ ওপৰেদি আহিঅসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় পর্বতমালাত বাধা পাইপ্ৰচুৰ বৰষুণ দিয়ে। মৌচুমীবতাহৰ প্রভাৱত মেঘালয়ৰ চেপুঞ্জীত বছৰি ১,২৫০ ছেন্টিমিটাৰ বৰষুণ হয়। আকৌ শীতকালত উত্তৰ-পূৱ মৌচুমী বতাহ হিমালয় অঞ্চল পাৰ হৈ ভাৰতবৰ্ষত সােমায়। এই বতাহ বংগােপ। সাগৰৰ মাজেদি অগ্ৰসৰ হৈ জলীয় ভাপ আহৰণ কৰি পূর্বঘাট পর্বতত ঠেকা খাই কৰমণ্ডল উপকূলত বৰষুণ দিয়ে।

১৩। ভাৰতৰ উদ্ভিদসমূক কেইভাগত ভগােৱা হৈছে লিখা।
উঃ বিশাল ভাৰতবৰ্ষৰ জলবায়ু আৰু মাটিৰ গুণাগুণ ভিন ভিন হােৱা বাবে ইয়াত বিভিন্ন ধৰণৰ উদ্ভিদ জন্মে। দেশখনৰ উদ্ভিদসমূহক মুঠতে ছয় ভাগত ভাগ কৰিব পাৰি।
যেনে—
(ক) চিৰসেউজীয়া উদ্ভিদ
(খ) মৌচুমীয় উদ্ভিদ।
(গ) কাঁইটীয়া মৰু উদ্ভিদ
(ঘ) তৃণজাতীয় উদ্ভিদ
(ঙ) বদ্বীপীয় উদ্ভিদ আৰু
(চ) পার্বত্য উদ্ভিদ।

ভাৰতবৰ্ষৰ ভূগোল Class 9

১৪। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ বৈশিষ্ট্য কি?
উঃ সাধাৰণতে যি অঞ্চলত বৰষুণৰ পৰিমাণ বছৰি ২০০ ছেন্টিমিটাৰতকৈ অধিক আৰুবার্ষিক গড়উত্তাপ ২৫০ ৰ পৰা ২৭০ চেন্টিগ্রেডৰ ভিতৰত তেনে অঞ্চলত চিৰ সেউজীয়া উদ্ভিদ প্ৰচুৰ পৰিমাণে জন্মে। ভাৰত মৌচুমী বতাহৰ দেশ হােৱা বাবে ভাৰতৰ বহু অঞ্চলত প্ৰচুৰ পৰিমাণে বৰষুণ হয় ফলত ভাৰতত প্ৰচুৰ পৰিমাণে চিৰসেউজীয়া উদ্ভিদ জন্মে। চিৰসেউজীয়া উদ্ভিদৰ পাত নসৰে। ভাৰতৰ চিৰসেউজীয়া উদ্ভিদৰ ভিতৰত বহু মূল্যৱান বৃক্ষ জাতীয় গছ যেনেঃশিশু, শাল,ৰবৰ, চন্দন আদি প্ৰচুৰ পৰিমাণে দেখা যায়। অসম, মণিপুৰ, মিজোৰাম, মেঘালয়, হিমালয়ৰ নামনি অঞ্চল, পশ্চিমঘাট পর্বতৰ পশ্চিম ঢাল, আন্দামান নিকোবৰ দ্বীপপুঞ্জ আদিত প্ৰচুৰ পৰিমাণে চিৰসেউজীয়া উদ্ভিদ উৎপন্ন হয়।

লগতে পঢ়ক:   চৰকাৰৰ প্ৰকাৰ বা শ্ৰেণীবিভাগ – Class 9 Social Science Political Chapter 2 in Assamese

১৫। ভাৰতৰ পার্বত্য উদ্ভিদৰ বৈশিষ্ট্য লিখা।
উঃ ভাৰতত যথেষ্ট পৰিমাণে পার্বত্য অঞ্চল আছে। আৰু সেই অঞ্চলবােৰত নানান ধৰণৰ উদ্ভিদ দেখা পােৱা যায়। অৱশ্যে পাহাৰৰ উচ্চতা,পর্বতৰ ঢাল,বষুণৰ পৰিমাণ, উত্তাপ আদিৰ ওপৰত উদ্ভিদৰ ভিন্নতা নির্ভৰ কৰে। ভাৰতৰ পার্বত্য উদ্ভিদৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল —
(ক) ভাৰতৰ যি অঞ্চল গড়ে ১০০০ মিটাৰ উচ্চতাৰ আৰু মৌচুমী বায়ুৰ দ্বাৰা প্ৰভাৱিত তেনে অঞ্চলত মূল্যৱান শাল গছকে ধৰিনানান ধৰণৰ বাঁহজাতীয় উদ্ভিদ জন্মা দেখা যায়। বিশেষকৈ অসম, অৰুণাচল প্রদেশ, হিমালয়ৰ পাদদেশত এনেবােৰ গছ-গছনি প্রচুৰ পৰিমাণে জন্মে।

(খ) যিবােৰ অঞ্চল ১০০০ মিটাৰৰ পৰা ২০০০ মিটাৰ উচ্চতা সম্পন্ন তেনে অঞ্চলসমূহত বহল পাতৰ ওখ আৰু সৰল জাতীয় চিৰসেউজীয়া গছ দেখিবলৈ পােৱা যায়। ভাৰতৰ উত্তৰ-পূর্বাঞ্চলত তেনে সৰল গছ প্রচুৰ পৰিমাণে উৎপন্ন হয়।

(গ) ১,৬০০ মিটাৰৰ পৰা ৩,০০০ মিটাৰ উচ্চতাত দেৱদাৰু জাতীয় সৰল গছৰ অৰণ্য দেখিবলৈ পােৱা যায়। ভাৰতৰ কাশ্মীৰ, হিমাচল প্রদেশ, দার্জিলিং, ছিকিম আদি অঞ্চলত এনে গছ উভৈনদীকৈ উৎপন্ন হয়।

১৬।ভাৰতৰ বর্তমান জনসংখ্যা কিমান? ইয়াৰ ঘনত্ব কিমান?
উঃ জনসংখ্যাৰ দিশৰ পৰা ভাৰতৰ স্থান পৃথিৱীত দ্বিতীয়। চীনদেশৰ পিছতেই ভাৰতৰ স্থান। ২০১১ চনৰ
লােকপিয়ল অনুসৰি ভাৰতৰজনসংখ্যা ১,২১,০১,৯৩,৪২২ জন। ২০১১চনৰ লােকপিয়ল অনুসৰি ভাৰতৰ জনসংখ্যাৰ ঘনত্ব প্রতি বর্গকিলােমিটাৰত ৩৮২ জন।

ভাৰতবৰ্ষৰ ভূগোল Class 9 Question Answer

১৭। জনপ্ৰব্ৰজন কেইপ্ৰকাৰৰ আৰু কি কি?
উঃ মানুহে স্থায়ীভাৱে বা অস্থায়ীভাবে এঠাইৰ পৰা আন ঠাইলৈ গমন কৰাকে জনপ্ৰব্ৰজন বােলে। জনপ্ৰব্ৰজন প্রধানকৈ দুইভাগত ভাগ কৰা হৈছে। যেনে—  আন্তঃৰাষ্ট্ৰীয় প্ৰব্ৰজন আৰু আভ্যন্তৰীণ প্রজন্ম।
এখন দেশৰ পৰা আন এখন দেশলৈ হােৱা প্ৰব্ৰজনক আন্তঃৰাষ্ট্ৰীয় জনপ্রব্রজন বুলি কোৱা হয়। আনহাতে এখন দেশৰ ভিতৰত এঠাইৰ পৰা আন ঠাইলৈ হােৱা জনপ্ৰব্ৰজনক আভ্যন্তৰীণ জনপ্ৰব্ৰজন বুলি কোৱা হয়।

১৮। জনপ্ৰব্ৰজনৰ ফলত ভাৰতত কেনে প্ৰভাৱ পৰিছে?
উঃ ভাৰতবর্য হৈছে পৃথিৱীৰ এখন সুন্দৰ আৰু বৈচিত্রময় দেশ। এই দেশৰ প্রতি প্রাচীন কালৰ পৰাইবিদেশী লােকৰ কৌতুহল আছে। গতিকে ইতিহাসৰ ভিন ভিন সময়ত ভাৰতলৈ পৃথিৱীৰ ভিন ভিন দেশ বা অঞ্চলৰ পৰা ভিন ভিন জাতিৰ মানুহৰ প্ৰব্ৰজন ঘটিছে। এই প্রব্রজন বর্তমানেও ঘটি আছে। সাধাৰণতে বাংলাদেশ, নেপাল, ভূটান, পাকিস্থান, আফগানিস্থান আদি দেশৰ পৰা কম-বেছি পৰিমাণে ভাৰতলৈ প্ৰব্ৰজন ঘটি ভাৰতৰ জনসংখ্যা যথেষ্ট পৰিমাণে বৃদ্ধি পাই দেশখনত জনবিস্ফোৰণ ঘটাইছে। অৱশ্যে জনপ্ৰব্ৰজনৰ ফলত ভাৰতৰ সমাজ আৰু সাংস্কৃতিক দিশত বৈচিত্রতাও বৃদ্ধি পাই ভাৰতবৰ্ষ বিশ্বৰ দৰবাৰত এক সুকীয়া পৰিচয় লাভ কৰিছে।

১৯। ভাৰতৰ অর্থনীতিৰ মূল বৈশিষ্ট্যসমূহ লিখ।
উঃ ভাৰতৰ অর্থনীতিৰ মূল বৈশিষ্ট্য হল—
(ক) ভাৰতৰ অর্থনীতি কৃষিপ্রধান
(খ) জনমুৰি আয় নিম্ন
(গ) দাৰিদ্ৰতা
(ঘ) জনমুৰি আয় বৃদ্ধি মন্থৰ
(ঙ) বর্ধিত নিবনুৱা সমস্যা।
(চ) পৰিকল্পনা ভিত্তিক উন্নয়ন।

২০। ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চল কেইটা আৰু কি কি?
উঃ ভাৰতৰ কেন্দ্রীয় শাসিত অঞ্চলৰ সংখ্যা ৭ খন। যেনেঃ (ক) দিল্লী (খ) চণ্ডীগড় (গ) আন্দামান নিকোবৰ দ্বীপপুঞ্জ (ঘ) দদ্ৰা আৰু নগৰ হাভেলী (ঙ) দমন
আৰু দিউ (চ) পণ্ডিচেৰীআৰু(ছ) লাক্ষাদ্বীপ।

২১। ভাৰতৰ বর্তমান ৰাজ্য কেইখন ?
উঃ বর্তমান ভাৰতৰ ৰাজ্যৰ সংখ্যা ২৯ খন।

২২।ভাৰতৰ শেহতীয়াকৈ গঠন হােৱাৰাজ্যখন কি? ইয়াৰসৰ্বমুঠ মাটিকালি আৰু জনসংখ্যা কিমান?
উঃ ভাৰতবৰ্ষৰ শেহতীয়াকৈ গঠন হােৱা ৰাজ্যখনৰ নাম তেলেঙ্গেনা। ইয়াৰ মাটিকালি ১,১৪,৮৪০ বর্গ কি.মি.

Also Read: ভাৰতৰ ৰাজনৈতিক দল

Class 9 geography chapter 3 question answer in assamese

Here we have updated detailed Assam Seba Board 9th Class Social Science Chapter 1 (ভাৰতবৰ্ষৰ ভূগোল ) Solutions of Assamese Book. Class 9th Social Science Solutions Assamese Answer Guide, Assam Text Book Class 9 Assamese Medium Social Science Questions and Answers, Chapter Wise Notes PDF, Model Question Papers, Study Material To help the students to understand the concepts behind each question in a simple and detailed manner.

লগতে পঢ়ক:   ভাৰতৰ ৰাজনৈতিক দল Class 9 প্ৰশ্ন উত্তৰ (ৰাজনৈতি বিজ্ঞান)

প্ৰঃ ভাৰতৰ জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা

উঃ ভাৰতবৰ্ষ পৃথিৱীৰ ভিতৰত এখন বিশাল দেশ। ইয়াৰ জলবায়ুও অঞ্চলভেদে ভিন ভিন। ভাৰতৰ সোঁমাজেদি কর্কটক্রান্তি ৰেখা পাৰ হৈ গৈছে৷ ইয়াৰ উত্তৰ অংশ সমমণ্ডল আৰু দক্ষিণ অংশ গ্রীষ্মমণ্ডলত পৰিছে। সেয়ে উত্তৰ ভাৰত শীতপ্রধান আৰু দক্ষিণ ভাৰত গ্রীষ্মপ্রধান বুলি ক’ব পাৰি। ভাৰতবৰ্ষৰ ভূখণ্ড সৰু-ডাঙৰ পাহাৰ-পর্বত, মালভূমি, সমভূমি, মৰুভূমি আদিৰে গঠিত। উচ্চতাৰ পাৰ্থক্যৰ বাবে ইয়াৰ জলবায়ু, উত্তাপ, বৰষুণ, আতা, বানুৰ ঢাপ আদি কম-বেছি হয়। হিমালয় পর্বতমালাই চেঁচা বাহক বাধা দি শীতৰ পৰা ৰক্ষা কৰে। দক্ষিণ ভাৰত গ্রীষ্মমণ্ডলত পৰিছে যদিও ইয়াৰ ভু-প্রকৃতি দাক্ষিণাত্য মালভুমিয়ে নির্ধাৰণ কৰে। ইয়াৰ জলবায়ু প্রায় মৃদু।

প্ৰঃ ভাৰতৰ উপকূল ৰেখাৰ মুঠ দৈৰ্ঘ্য কিমান?

উঃ ভাৰতৰ মুঠ স্থলসীমাৰ দের্ঘ্য ১৫,২০০ কিলােমিটাৰ।

প্ৰঃ মৌচুমী জলবায়ুৰ দুটা বৈশিষ্ট্য লিখা?

উঃ ভাৰতবর্য এখন মৌচুমী প্রধান দেশ। ভাৰতৰ জলবায়ু, বতৰ আৰু কৃষিৰ ক্ষেত্ৰত মৌচুমী বতাহৰ প্ৰভাৱ যথেষ্ট। গ্রীষ্মকালত দক্ষিণ পশ্চিম মৌচুমী বতাহে আৰব সাগৰৰ পৰা জলীয় বাষ্প কঢ়িয়াই আনি প্রথমে পশ্চিমঘাট পর্বতত বাধা পাই প্ৰচুৰ বৰষুণ দিয়ে। ইকংকন আৰু মালাৱৰ উপকূলত বছৰি ৩০০ ছেন্টিমিটাৰতকৈ অধিক বৰষুণ দিয়ে। এই মৌচুমীবতাহৰ এটাঅংশ পশ্চিম ঘাট পাৰ হৈ বংগােপ সাগৰৰ ওপৰেদি আহিঅসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মেঘালয় পর্বতমালাত বাধা পাইপ্ৰচুৰ বৰষুণ দিয়ে। মৌচুমীবতাহৰ প্রভাৱত মেঘালয়ৰ চেপুঞ্জীত বছৰি ১,২৫০ ছেন্টিমিটাৰ বৰষুণ হয়। আকৌ শীতকালত উত্তৰ-পূৱ মৌচুমী বতাহ হিমালয় অঞ্চল পাৰ হৈ ভাৰতবৰ্ষত সােমায়। এই বতাহ বংগােপ। সাগৰৰ মাজেদি অগ্ৰসৰ হৈ জলীয় ভাপ আহৰণ কৰি পূর্বঘাট পর্বতত ঠেকা খাই কৰমণ্ডল উপকূলত বৰষুণ দিয়ে।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top