অসমৰ ভূগোল (MCQ) – Class 10 Social Science Chapter 4 Assamese

Explore detailed MCQs and answers for Class 10 Social Science, Chapter 4 on Assam’s geography. Get updated insights and question answers in Assamese medium for comprehensive learning.

অসমৰ ভূগোল প্ৰশ্ন উত্তৰ
বিষয় সমাজ বিজ্ঞান
প্রথম খণ্ড ভূগোল
মাধ্যম অসমীয়া
পাঠৰ নাম অসমৰ ভূগোল
শ্ৰেণী দশম (X)
অধ্যায় অধ্যায় ৪
পাঠ্যক্ৰম ছেবা (SEBA)

অসমৰ ভূগোল Class 10 MCQ

শুদ্ধ উত্তৰটো বাছি উলিওৱা :

১. অসমৰ আটাইতকৈ জনবহুল নগৰ

  • (a) ধুবুৰী।
  • (b) ডিব্ৰুগড়।
  • (c) গুৱাহাটী।
  • (d) শিলচৰ।

উত্তৰ: (c) গুৱাহাটী।

২. ২০১১ চনত অসমত জনসংখ্যাৰ ঘনত্ব প্রতি বর্গ কিলোমিটাৰত

  • (a) ১৯৮ জন।
  • (b) ২৮৮ জন।
  • (c) ৩০৮ জন।
  • (d) ৩৯৮ জন।

উত্তৰ: (d) ৩৯৮ জন।

৩. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা

  • (a) ধুবুৰী।
  • (b) নগাঁও।
  • (c) কামৰূপ।
  • (d) বঙাইগাঁৱত।

উত্তৰ: (b) নগাঁও।

৪. ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰত আটাইতকৈ কম জনসংখ্যাৰ জিলা

  • (a) কার্বি আংলং।
  • (b) ডিমা হাছাও।
  • (c) হাইলাকান্দি।
  • (d) ধেমাজি।

উত্তৰ: (b) ডিমা হাছাও।

Class 10 Social Geography Chapter 3

৫. জনসংখ্যাৰ ভিত্তিত অসমৰ দ্বিতীয় বৃহৎ জনজাতিটো হ’ল—

  • (a) বড়ো।
  • (b) কাৰ্বি।
  • (c) ৰাভা।
  • (d) মিছিং।

উত্তৰ: (d) মিছিং।

৬. জনসংখ্যাৰ ফালৰ পৰা অসমৰ বৃহৎ জনজাতিটো হৈছে

  • (a) বড়ো।
  • (b) মিছিং।
  • (c) ৰাভা।
  • (d) কাৰ্বি।

উত্তৰ: (a) বড়ো।

৭. ব্ৰহ্মপুত্ৰৰ নব্য জলপথটোৰ দৈৰ্ঘ্য

  • (a) ৮৭১ কি.মি.।
  • (b) ৮৯৫ কি.মি.।
  • (c) ৮৯১ কি.মি.।
  • (d) ৮৯০ কি.মি.।

উত্তৰ: (b) ৮৯৫ কি.মি.।

৮. বৰাকৰ নব্য জলপথটোৰ দৈৰ্ঘ্য

  • (a) ২৭১ কি.মি.।
  • (b) ১২১ কি.মি.।
  • (c) ২৬১ কি.মি.।
  • (d) ১৫৫ কি.মি.।

উত্তৰ: (b) ১২১ কি.মি.।

৯. অসমৰ বৰ্তমান সৰ্বাধিক মাটিকালি থকা জিলাখন হ’ল—

  • (a) কামৰূপ।
  • (b) শিৱসাগৰ।
  • (c) নগাঁও।
  • (d) কার্বি আংলং।

উত্তৰ: (d) কার্বি আংলং।

১০. অসমৰ চূণশিল থকা ঠাই খন হ’ল—

  • (a) ডিলাই পাহাৰ।
  • (b) ধুবুৰী।
  • (c) বোকাজান।
  • (d) নামৰূপ।

উত্তৰ: (a) ডিলাই পাহাৰ।

১১. অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহাঁহ দেখা যায়

  • (a) নামেৰি উদ্যানত।
  • (b) মানাহ উদ্যানত।
  • (c) কাজিৰঙা উদ্যানত।
  • (d) ডিব্ৰু-ছৈখোৱা উদ্যানত।

উত্তৰ: (d) ডিব্ৰু-ছৈখোৱা উদ্যানত।

১২. অসম ৰাজ্যখন পশ্চিম দিশত কিমান কিল’মিটাৰ পশ্চিম বংগৰ সৈতে ভৰত ভূ-খণ্ডৰ লগত সংলগ্ন হৈ আছে—

  • (a) ৫০ কিল’মিটাৰ।
  • (b) ৪০ কিল’মিটাৰ।
  • (c) ৭০ কিল’মিটাৰ।
  • (d) ৫৫ কিল’মিটাৰ।

উত্তৰ: (a) ৫০ কিল’মিটাৰ।

১৩. ২০০১ চনৰ তথ্যমতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে

  • (a) ৮৮%
  • (b) ৮৭%
  • (c) ৮১%
  • (d) ৮৩%

উত্তৰ: (b) ৮৭%

১৪. ২০১১ চনৰ তথ্য মতে অসমৰ কিমান শতাংশ লোক গাঁৱত বাস কৰে

  • (a) ৮১.৯০
  • (b) ৮২.৯০
  • (c) ৮৫.৯০
  • (d) ৮৪.৯০

উত্তৰ: (c) ৮৫.৯০

১৫. ২০১১ চনৰ তথ্যমতে অসমৰ প্ৰথম শ্ৰেণীৰ নগৰৰ সংখ্যা

  • (a) ৬
  • (b) ৫
  • (c) ৪
  • (d) ৭

উত্তৰ: (d) ৭

১৬. ভাৰতৰ মুঠ জলসম্পদৰ কিমান শতাংশ অসমে অধিকাৰ কৰি আছে

  • (a) ৩৩%
  • (b) ৩২%
  • (c) ৩৫%
  • (d) ৩৭%

উত্তৰ: (b) ৩২%

১৭. বৰ্তমান অসমত থকা ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হ’ল—

  • (a) ৫
  • (b) ৬
  • (c) ৮
  • (d) ১০

উত্তৰ: (a) ৫

১৮. পনীয়া সোণ বুলি কাক বোলা হয়

  • (a) পানী।
  • (b) খনিজ তেল।
  • (c) মিঠাতেল।
  • (d) পাৰা।

উত্তৰ: (b) খনিজ তেল।

১৯. অসম প্রধান শস্য হৈছে

  • (a) ঘেহুঁ।
  • (b) গোমধান।
  • (c) সৰিয়হ।
  • (d) ধান।

উত্তৰ: (d) ধান।

২০. ভাৰত চৰকাৰে উত্তৰ-পূব ঔদ্যোগিক বিনিয়োগ বৃদ্ধি নীতি ঘোষণা কৰা বছৰটো হ’ল—

  • (a) ২০০৬
  • (b) ২০০৭
  • (c) ২০০৫
  • (d) ২০০৩

উত্তৰ: (b) ২০০৭

২১. অসম চৰকাৰে ৰাজ্যিক উদ্যোগ নীতি ঘোষণা কৰা বছৰটো হ’ল—

  • (a) ২০০৮
  • (b) ২০০৭
  • (c) ২০০৫
  • (d) ২০০৪

উত্তৰ: (a) ২০০৮

২২. বৰ্তমান অসমত থকা উদ্যোগ পামৰ সংখ্যা

  • (a) ৩০
  • (b) ৪০
  • (c) ২০
  • (d) ৫০

উত্তৰ: (d) ৫০

২৩. বৰ্তমান অসমত থকা সংহত আন্তঃগাঁথনি উন্নয়ন কেন্দ্ৰৰ সংখ্যা

  • (a) ৭
  • (b) ৫
  • (c) ৯
  • (d) ১০

উত্তৰ: (c) ৯

২৪. অসম চৰকাৰে ‘অসম ঔদ্যোগিক আৰু বিনিয়োগ নীতি’ ঘোষণা কৰা বছৰটো হ’ল—

  • (a) ২০১৪
  • (b) ২০১৫
  • (c) ২০১৮
  • (d) ২০১৩

উত্তৰ: (a) ২০১৪

২৫. ভাৰতৰ মুঠ এৰী উৎপাদনৰ কিমান শতাংশ অসমে উৎপাদন কৰে

  • (a) ৫৫%
  • (b) ৮৫%
  • (c) ৬৫%
  • (d) ৭৫%

উত্তৰ: (c) ৬৫%

২৬. অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগটো হ’ল—

  • (a) মৰাপাটৰ উদ্যোগ।
  • (b) ৰবৰ উদ্যোগ।
  • (c) চাহ উদ্যোগ।
  • (d) এৰী-মুগা উদ্যোগ।

উত্তৰ: (c) চাহ উদ্যোগ।

২৭. অসমৰ বৌদ্ধ ধৰ্মাৱলম্বী জনগোষ্ঠীটো হ’ল—

  • (a) খাচী।
  • (b) আদি।
  • (c) খামতি।
  • (d) কাৰ্বি।

উত্তৰ: (c) খামতি।

প্রঃ বর্তমান অসমত কাজিৰঙাকে ধৰি মুঠ ৰাষ্ট্ৰীয় উদ্যানৰ সংখ্যা হল
(ক) ১০ খন (খ) ৫ খন (গ) ২০ খন (ঘ) ৬খন।
উঃ (খ) ৫ খন।

প্রঃ ২০১১ চনৰ তথ্যমতে অসমৰ সবাতােকৈ ঘন বসতিপূর্ণ জিলা হৈছে—
(ক) কামৰূপ মেট্র (খ) নগাঁও (গ) বৰপেটা (ঘ) গােৱালপাৰা।
উ : (ক) কামৰূপ মেট্র।

প্রঃ আহােমসকল অসমলৈ আহিছিল-
(ক) ১২৩০ চনত (খ) ১২২৮ চনত (গ) ১২৩৫ চনত (ঘ) ১২৩৩ চনত
উ : (খ) ১২২৮ চনত।

প্রঃ মাটিকালি হিচাপে অসমৰ সৰ্ববৃহৎ জিলাখন হ’ল—
(ক) কোকৰাঝাৰ (খ) ডিমা হাছাও (গ) কাৰ্বি আংলং (ঘ) কাছাৰ।
উ : (গ) কাৰ্বি আংলং।

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান অসমৰ ভূগোল

প্ৰঃ ১। অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণ কি? উদাহৰণসহ চমুকৈ আলােচনা কৰক।

উত্তৰ: অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণসমূহ হ’ল:

  1. যাতায়াত ব্যৱস্থা: উন্নত যাতায়াত ব্যৱস্থা থকা অঞ্চলত জনসংখ্যা অধিক। উদাহৰণস্বৰূপে, নগাঁও আৰু বৰপেটাত জনসংখ্যা ঘন। বিপৰীতে, কাৰ্বি আংলং আৰু ডিমাহাছাওত যাতায়াতৰ অভাৱৰ বাবে জনসংখ্যা কম।
  2. নগৰ বনাম গাঁও: নগৰ অঞ্চলত শিক্ষা, স্বাস্থ্য আৰু বাণিজ্যৰ সুবিধা অধিক থাকে, যাৰ বাবে নগৰ অঞ্চলত জনসংখ্যা ঘন। উদাহৰণস্বৰূপে, গুৱাহাটী।
  3. প্রাকৃতিক পৰিৱেশ: সাৰুৱা মাটি থকা অঞ্চলত জনসংখ্যা অধিক। উদাহৰণস্বৰূপে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকা। পাৰ্বত্য অঞ্চলসমূহত জনসংখ্যা কম।
  4. কৃষি: সাৰুৱা মাটি থকা অঞ্চলত কৃষি সুবিধা অধিক, যাৰ ফলত জনসংখ্যা বৃদ্ধি পায়। উদাহৰণস্বৰূপে, ব্ৰহ্মপুত্ৰ উপত্যকা।

প্ৰঃ ২। সম্পদ বুলিলে কি বুজায়? অসমৰ প্রধান প্রাকৃতিক সম্পদবোৰ কি কি?

উত্তৰ: সম্পদ বুলিলে এনে বস্তুবোৰ বুজা হয় যিয়ে মানুহৰ জীৱন আৰু চাহিদা পূৰণত সহায় কৰে। উদাহৰণ স্বৰূপে, বতাহ, পানী, মাটি, উদ্ভিদ।

অসমৰ প্রধান প্রাকৃতিক সম্পদবোৰ চাৰিটা ভাগত ভাগ কৰিব পাৰি:

  1. খনিজ সম্পদ: তামা, বক্সাইট, ইত্যাদি।
  2. জল সম্পদ: ব্ৰহ্মপুত্ৰ আৰু বৰাক নদী, জলাশয়।
  3. ভূমি সম্পদ: সাৰুৱা মাটি, কৃষি ভূমি।
  4. বনজ সম্পদ: বনাঞ্চল, কাঠ, ঔষধি উদ্ভিদ।

প্ৰঃ ৩। অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণসমূহ কি কি?

উত্তৰ: অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণসমূহ হৈছে:

  1. জনসংখ্যাৰ হেঁচা: জনসংখ্যা বৃদ্ধিৰ ফলত ভূমিৰ ব্যৱহাৰ সলনি হৈছে আৰু বনাঞ্চল কমিছে।
  2. অব্যৱহাৰ: সম্পদৰ সঠিক ব্যৱহাৰৰ অভাৱৰ ফলত প্ৰাকৃতিক সম্পদ কমি গৈছে আৰু বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি হৈছে।
  3. বন ধ্বংস: অবাধ বন ধ্বংস কাৰ্যৰ ফলত বনাঞ্চলৰ পৰিমাণ হ্ৰাস পাইছে।
  4. নগৰীকৰণ আৰু ঔদ্যোগীকৰণ: নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ বাবে প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত ক্ষতি সাধিত হৈছে।

লগতে পঢ়ক:   অর্থনৈতিক উন্নয়ন class 10 দশম শ্ৰেণী সামাজ বিজ্ঞান প্ৰশ্ন উত্তৰ

প্ৰঃ ৪। অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও মন্থৰ হৈ আছে তাৰ কাৰণসমূহ কি কি?

উত্তৰ: অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হোৱা কাৰণসমূহ হৈছে:

  1. কৃষিভিত্তিক উদ্যোগৰ সীমিত বিকাশ: কৃষি ভিত্তিক উদ্যোগসমূহৰ পূৰ্ণ সম্ভাৱনা নথকা।
  2. পৰিকল্পনাৰ অভাৱ: প্রাকৃতিক সম্পদৰ সঠিক ব্যৱহাৰৰ বাবে সু-সংহত পৰিকল্পনাৰ অভাৱ।
  3. মূলধনৰ অভাৱ: উদ্যোগিক বিকাশৰ বাবে প্ৰয়োজনীয় মূলধনৰ অভাৱ।
  4. পৰিবহণ আৰু যাতায়াত: অনুন্নত পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা।
  5. অন্তৰ্গাঁথনিৰ অভাৱ: উদ্যোগ স্থাপনৰ বাবে আন্তঃগাঁথনিৰ অভাৱ।
  6. উদ্যোগ নীতিৰ অভাৱ: উদ্যোগ স্থাপন আৰু পরিচালনাৰ বাবে সৰল আৰু শিথিল নীতিৰ অভাৱ।
  7. শক্তিৰ চাহিদা: শক্তিৰ চাহিদা পূৰণৰ বাবে যোগান আৰু বিতৰণৰ অভাৱ।

প্ৰঃ ৫। অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ কি কি?

উত্তৰ: অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবোৰ হৈছে:

  1. অসন্তুষ্ট পৰিবহণ ব্যৱস্থা: উন্নত পৰিবহণৰ অভাৱ।
  2. মূলধন বিনিয়োগৰ অভাৱ: পৰ্যটন খণ্ডত প্ৰয়োজনীয় মূলধন বিনিয়োগৰ অভাৱ।
  3. বিদেশী পর্যটকক আকৰ্ষণৰ অভাৱ: বিদেশী পর্যটকক আকৰ্ষণ কৰিব পৰা পৰিৱেশৰ অভাৱ।
  4. দুৰ্বল আন্তঃগাঁথনি: পৰ্যটনস্থলীসমূহৰ সৰ্বাঙ্গীন আন্তঃগাঁথনিৰ অভাৱ।

প্ৰঃ ৬। অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।

উত্তৰ: অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে:

  • ডিগবৈ
  • মৰাণ
  • দুলিয়াজান
  • নাহৰকটীয়া
  • ৰুদ্ৰসাগৰ
  • গেলেকী
  • বৰহােলা
  • লাকোৱা
  • আমগুৰি

প্ৰঃ ৭। অসমৰ চাহ উদ্যোগৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: অসমৰ চাহ উদ্যোগ হৈছে আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ। অসমৰ চাহ বিশ্বৰ বিখ্যাত আৰু ভাৰতত উৎপাদিত চাহৰ বৃহৎ অংশ অসমতেই উৎপন্ন হয়। ২০১২ চনৰ তথ্য মতে, অসমত ৭৬৫ খন চাহ বাগিছা আৰু ৭৮০৯১ খন ক্ষুদ্ৰ চাহ বাগিছা আছে, মুঠ ৩১৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। ২০০৯ চনত ৫০০ হাজাৰ টন আৰু ২০১২ চনত প্রায় ৫৯০ হাজাৰ টন চাহ উৎপাদন হৈছিল। অসমৰ চাহ উদ্যোগত দৈনিক গড়ে ৬.৮৬ লাখ লোক নিয়োজিত থাকে। ক্ষুদ্ৰ চাহ খেতিয়কসকলে ৮৮ হাজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি ১০৭ হাজাৰ টন চাহ উৎপাদন কৰে।

প্ৰঃ ৮। অসমৰ কৃষিভিত্তিক উদ্যোগসমূহৰ চমু বৰ্ণনা দিয়া।

উত্তৰ: অসমত কৃষি উপযোগী জলবায়ু আৰু মাটিৰ বাবে বিভিন্ন প্ৰকাৰৰ খাদ্য শস্য আৰু অৰ্থকৰী শস্য উৎপন্ন হয়। প্রধান কৃষিভিত্তিক উদ্যোগসমূহ হৈছে:

  • চাহ উদ্যোগ: অসমৰ চাহ বিশ্বৰ বিখ্যাত আৰু ভাৰতত চাহৰ উৎপাদনৰ বৃহৎ অংশ অসমতে হয়।
  • বন উদ্যোগ: অসমৰ বন সম্পদৰ পৰা কাগজ, প্লাইউড আদি উৎপাদিত হয়।
  • ৰবৰ উদ্যোগ: অসমত ৰবৰ উৎপাদনৰ বাবে উপযুক্ত পৰিৱেশ আছে আৰু ৰবৰ উদ্যোগ প্ৰসাৰিত হৈছে।
  • ৰেচম উদ্যোগ: অসমত এৰি, মুগা আৰু নুনী পাট ৰেচম উৎপাদিত হয়, যি ভাৰত আৰু বিদেশত সমাদৰ লাভ কৰিছে।
  • কাগজ উদ্যোগ: বন সম্পদৰ ব্যৱহাৰে কাগজ উৎপাদন আৰু পৰৱৰ্তী প্ৰসেসিংৰ উদ্যোগ গঢ় লৈ উঠিছে।
  • খাদ্য প্রস্তুতকৰণ উদ্যোগ: খাদ্য শস্যৰ প্ৰসেসিং আৰু সংৰক্ষণৰ উদ্যোগৰ উন্নতি হৈছে।

এই উদ্যোগসমূহে অসমৰ অৰ্থনীতিৰ বাবে গুৰুত্বপূর্ণ ভূমিকা পালন কৰে।

 

প্ৰঃ ৯। সম্প্রতি অসমৰ ৰাষ্ট্ৰীয় ঘাইপথক বাদ দি কিমান কিলােমিটাৰ পথ পকীকৰণ হৈছে?

উত্তৰ: ২৫,৫৪৬ কিলোমিটাৰ পথ পকীকৰণ হৈছে।

প্ৰঃ ১০। ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্রথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্রেণীৰ চহৰ আছে?

উত্তৰ: ২০১১ চনৰ তথ্য মতে, অসমত ৭ খন প্রথম শ্ৰেণীৰ আৰু ৬ খন দ্বিতীয় শ্রেণীৰ চহৰ আছে।

  • প্ৰথম শ্ৰেণীৰ চহৰ: গুৱাহাটী, শিলচৰ, ডিব্ৰুগড়, যোৰহাট, নগাঁও, তেজপুৰ, তিনিচুকীয়া।
  • দ্বিতীয় শ্ৰেণীৰ চহৰ: ধুবুৰী, ডিফু, উত্তৰ লক্ষীমপুৰ, কৰিমগঞ্জ, শিৱসাগৰ, গোৱালপাৰা।

প্ৰঃ ১১। অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।

উত্তৰ: ২০০১ চনৰ তথ্যানুসৰি অসমৰ শিক্ষিতৰ হাৰ ৬৩.২৫% আছিল। এই হাৰ বৃদ্ধি হৈ ২০১১ চনত ৭২.১৯% হৈছে।

প্ৰঃ ১২। ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।

উত্তৰ:

  • অটাইতকৈ বেছি জনসংখ্যা: নগাঁও (২,৮২৬,০০৬ জন)।
  • অটাইতকৈ বেছি জনসংখ্যা ঘনত্ব: কামৰূপ (মেট্ৰ’ জিলা), জনসংখ্যাৰ ঘনত্ব ২০১০ জন/বর্গ কিলোমিটাৰ।
  • অটাইতকৈ কম জনসংখ্যা: ডিমা হাছাও।
  • অটাইতকৈ কম জনসংখ্যা ঘনত্ব: ডিমা হাছাও, জনসংখ্যাৰ ঘনত্ব ৪৪ জন/বর্গ কিলোমিটাৰ।

প্ৰঃ ১৩। অসমলৈ প্রাচীন কালৰপৰা বর্তমান সময়লৈকে হোৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্ৰমে উল্লেখ কৰা।

উত্তৰ:

  • অষ্ট্রিক জনগোষ্ঠী
  • মঙ্গোলীয় গোষ্ঠী
  • ককেছীয় জনগোষ্ঠী
  • আৰ্যমূলৰ ইছলাম ধৰ্মীয় লোক
  • আহোমসকল
  • চাহ জনজাতি
  • বাংলাদেশৰ পৰা অহা ভূমিহীন লোক

প্ৰঃ ১৪। অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়।

উত্তৰ: অসমত মাহজাতীয় শস্যৰ খেতি কৰা হয়, যেনে:

  • মাটি মাহ
  • মগুমাহ
  • মচুৰমাহ
  • ৰহৰ মাহ
  • বুট মাহ

প্ৰঃ ১৫। ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়োেগ নীতিৰ প্রধান লক্ষ্যবােৰ কি কি?

উত্তৰ:

  • (ক) পণ্য উৎপাদনকাৰী আৰু সেৱা খণ্ডৰ বিকাশ আৰু ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।
  • (খ) গ্ৰাম্যাঞ্চলত জনমূৰি আয় আৰু নিয়োগৰ সুবিধা বৃদ্ধি কৰা।
  • (গ) ক্ষুদ্র, ক্ষুদ্ৰ, আৰু মধ্যমীয়া উদ্যোগৰ বিকাশৰ বাবে বিনিয়োগ বৃদ্ধি কৰা।
  • (ঘ) দক্ষ লোকৰ সৃষ্টি।

প্ৰঃ ১৬। সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।

উত্তৰ: সেৱা খণ্ডৰ উদ্যোগ বুলিলে সেইসকল উদ্যোগ বুজায় যি মানুহৰ দৈনন্দিন জীৱনৰ সেবা প্রদান কৰে আৰু জীৱনৰ মান উন্নত কৰে। এই খণ্ডৰ উদ্যোগৰ দ্বাৰা শ্ৰমিকৰ বাবে ভাৰসাম্য পৰিৱেশ সৃষ্টিৰ লগতে জীৱনৰ সুবিধা আৰু সুবিধা বৃদ্ধি হয়। উদাহৰণৰূপে:

  • বাণিজ্য: বিক্ৰী আৰু সৰবৰাহ ব্যৱস্থা।
  • যােগাযােগ আৰু পৰিবহণ: বাস, টেক্সি, ৰেলৱে, বিমান সেৱা।
  • পর্যটন উদ্যোগ: হোটেল, গাইড সেৱা, ভ্ৰমণ সংস্থা।
  • হোটেল ব্যৱসায়: খাদ্য আৰু বাসস্থান সেৱা।
  • বেংক আৰু বীমা সেৱা: আৰ্থিক সেবা, সঞ্চয়, ঋণ।
  • লােক প্রশাসন: ৰাজনৈতিক আৰু প্ৰশাসনিক সেৱা।

প্ৰঃ ১৭। অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।

উত্তৰ:

  • মাটিকালি: অসমৰ মাটিকালি হৈছে ৭৮,৪৩৮ বর্গকিলোমিটাৰ, যি ভাৰতবৰ্ষৰ মুঠ মাটিকালিৰ ২.৪ শতাংশ।
  • জনসংখ্যা: ২০১১ চনৰ তথ্য অনুসৰি, অসমৰ মুঠ জনসংখ্যা ৩১২.৫ লাখ। ইয়াৰ ভিতৰত ১৫৯,৩৯ লাখ পুৰুষ আৰু ১৫২,৬৬ লাখ মহিলা আছে। প্রতি ১০০০ পুৰুষৰ বিপৰীতে ৯৫৮ জনী মহিলা আছে।
  • জনসংখ্যাৰ ঘনত্ব:
    • ১৯০১ চন: প্রতি বর্গকিলোমিটাৰত ৪২ জন।
    • ১৯৪১ চন: প্রতি বর্গকিলোমিটাৰত ৮৫ জন।
    • ১৯৯১ চন: প্রতি বর্গকিলোমিটাৰত ২৮৬ জন।
    • ২০০১ চন: প্রতি বর্গকিলোমিটাৰত ৩৪০ জন।
    • ২০১১ চন: প্রতি বর্গকিলোমিটাৰত ৩৯৮ জন।

প্ৰঃ ১৮। ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা।

উত্তৰ: ১৯০১ চনত অসমৰ মুঠ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ জন। ১৯৪১ চনত এই সংখ্যা বৃদ্ধি হৈ ৬,৬৯৪,৭৯০ জনলৈ পৌঁছায়, চাৰিটা দহকৰ ভিতৰত জনসংখ্যা দুগুণৰো অধিক বৃদ্ধি পায়।

  • ১৯১১-১৯২১ চন: জনসংখ্যা বৃদ্ধিৰ হাৰ ১৯.৯০%।
  • ১৯২১-১৯৩১ চন: ২০.৪০%।
  • ১৯৩১-১৯৪১ চন: ১৯.৯৩%।
  • ১৯৫১ চনত: জনসংখ্যা বৃদ্ধি হৈ ৮,০২৮,৮৬৫ জন।
  • ১৯৫১-১৯৬১ চন: জনসংখ্যা বৃদ্ধি হাৰ ৩৪.৯৮%।
  • ২০১১ চনত: অসমৰ মুঠ জনসংখ্যা ৩১,২০৫,৫৭৬ জন।

প্ৰঃ ১৯। ভৌগােলিক অঞ্চলভেদে অসমৰ জনসংখ্যাৰ বিতৰণ পর্যালােচনা কৰা।

উত্তৰ: অসমৰ ভৌগোলিক অঞ্চল অনুসৰি জনসংখ্যাৰ বিতৰণত উল্লেখযোগ্য তাৰতম্য দেখা যায়:

  • ব্ৰহ্মপুত্ৰ উপত্যকা:
    • এই অঞ্চলত অসমৰ প্ৰায় ৮৫% জনসংখ্যা বসবাস কৰে।
    • ২০০১ চন: জনসংখ্যা ঘনত্ব ১২২০ জন/বর্গকিলোমিটাৰ।
    • ২০১১ চন: ১৫০২ জন/বর্গকিলোমিটাৰ।
    • ব্ৰহ্মপুত্ৰ উপত্যকাতো উজনি, মধ্য আৰু নামনি অঞ্চলত জনসংখ্যাৰ ঘনত্ব বেলেগ বেলেগ।
  • বৰাক উপত্যকা:
    • জনসংখ্যাৰ ঘনত্ব ৫৪৫ জন/বর্গকিলোমিটাৰ।
  • কাৰ্বি আংলং আৰু ডিমা হাছাও:
    • এই অঞ্চলবোৰত প্ৰাকৃতিক পৰিৱেশ অনুকূল নোহোৱাৰ বাবে জনসংখ্যা কম।
    • ২০১১ চন: জনসংখ্যাৰ ঘনত্ব ৬৮ জন/বর্গকিলোমিটাৰ।

লগতে পঢ়ক:   ভাৰতৰ স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ Class 10 প্ৰশ্ন উত্তৰ

অসমৰ বিভিন্ন ভৌগোলিক অঞ্চল আৰু প্ৰাকৃতিক পৰিৱেশৰ ভিত্তিত জনসংখ্যাৰ বিতৰণৰ ভিন্নতা স্পষ্ট দেখা যায়।

প্ৰঃ ২০। অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।

উত্তৰ: অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবোৰ চমুকৈ তলত দিয়া হৈছে:

  1. প্ৰাকৃতিক বৃদ্ধি: অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা মুখ্য কাৰণ হ’ল জন্ম আৰু মৃত্যুৰ হাৰ। ২০১১ চনৰ তথ্যমতে, ২০০১-২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ ১৭.৭% আছিল, যি ভাৰতৰ মুঠ হাৰৰ সমান। অসমৰ জন্ম আৰু মৃত্যুৰ হাৰ বৰ্তমানো ভাৰতৰ গড়ৰ নিকটস্থ থাকে, যাৰ ফলত জনসংখ্যা বৃদ্ধি অব্যাহত থাকে।
  2. জনপ্ৰব্ৰজন: অসমলৈ বাহিৰৰ পৰা অহা জনপ্ৰব্ৰজনো জনসংখ্যা বৃদ্ধিত এক উল্লেখযোগ্য ভূমিকা পালন কৰে। বিশেষকৈ, বাংলাদেশ আৰু নেপালৰ পৰা অহা জনসাধাৰণৰ দ্বাৰা অসমত জনসংখ্যা বৃদ্ধি পাইছে। এই জনপ্ৰব্ৰজনৰ ফলত অসমৰ জনসংখ্যা বৃদ্ধিৰ হাৰ বৃদ্ধি হৈছে। ১৯৭১ চনৰ পৰা ২০১১ চনলৈ ধীৰে ধীৰে এই হাৰ হ্ৰাস হৈছে আৰু বৰ্তমান স্বাভাৱিক অৱস্থালৈ আহিছে।
  3. শিক্ষা আৰু আধুনিক চিকিৎসা: পূর্বতে অসমত শিক্ষিতৰ হাৰ কম আছিল আৰু অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ প্ৰভাৱ আছিল। ই জন্মৰ হাৰ বৃদ্ধি কৰিব পৰা অন্যতম কাৰণ। বর্তমান সময়ত শিক্ষাৰ উন্নতি আৰু আধুনিক চিকিৎসা পদ্ধতিৰ প্ৰয়োগেৰে জন্মৰ হাৰ কমিছে আৰু মৃত্যুৰ হাৰো হ্ৰাস হৈছে। আধুনিক চিকিৎসাৰ সুবিধা পোৱাৰ ফলত মৃত্যুৰ সংখ্যা কমি, গড় আয়ুস বৃদ্ধি পোৱাৰ ফলত জনসংখ্যা বৃদ্ধিৰ পৰিমাণ বৃদ্ধি পাইছে।

প্ৰঃ ২১। অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয় দাঙি ধৰা।

উত্তৰ: আহােমসকল অসমলৈ প্ৰব্ৰজন কৰা এক জনগােষ্ঠী। আহােমসকল মংগােলীয় জনগােষ্ঠীৰ সদস্য। ১২২৮ খ্রীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ অসমলৈ আহিছিল। তেওঁলোকে প্ৰথমতে উজনি অসমত থিতাপি লৈ আহােম ৰাজ্য স্থাপন কৰে। পৰৱৰ্তী সময়ত তেওঁলোকে ব্ৰহ্মপুত্ৰ উপত্যকাৰ বিস্তৃত এলাকা অধীন কৰি পৰিণত কৰে। আহােমসকলে অসমত প্রায় ৬০০ বছৰ ৰাজত্ব কৰে। বৰ্তমান আহােমসকল উজনি অসমৰ তিনিচুকীয়া, ডিব্ৰুগড়, শিৱসাগৰ, যােৰহাট, গােলাঘাট, লখিমপুৰ আৰু ধেমাজী জিলাৰ লগতে মধ্য অসমৰ মৰিগাঁও, নগাঁও আৰু শােণিতপুৰ জিলাত বসতি গঢ়ি তুলিছে।

প্ৰঃ ২২। পৰিবহণ ব্যৱস্থাই অসমৰ অর্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলােচনা কৰা।

উত্তৰ: পৰিবহণ ব্যৱস্থা অসমৰ অৰ্থনৈতিক উন্নয়নত বিশেষ ভূমিকা পালন কৰে। ইয়াৰ সহায়ত বিভিন্ন অঞ্চলৰ মাজত সঁজুলি আৰু জনসম্পৰ্ক স্থাপন হয়। অসমৰ অর্থনৈতিক উন্নয়নৰ ক্ষেত্ৰত পৰিবহণ ব্যৱস্থাৰ প্ৰধান চৰকাৰী প্ৰকৰণসমূহ হৈছে:

  1. পথ পৰিবহণ: এই ব্যৱস্থাই গ্ৰাম্য আৰু নগৰাঞ্চলৰ মাজত যাতায়াতৰ সুবিধা প্রদান কৰে। অসমৰ আভ্যন্তৰীণ পথ পৰিবহণৰ বাবে ৰাষ্ট্ৰীয় ঘাই পথসমূহ গুৰুত্বপূৰ্ণ। সৰু দূৰত্বৰ বাবে পথ পৰিবহণ উপযুক্ত, আৰু গ্ৰাম্য অৰ্থনীতিত ইয়াৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে।
  2. ৰেল পৰিবহণ: অসমত প্ৰতিখন জিলাত ৰেল পৰিবহণৰ সুবিধা উপলব্ধ, যিয়ে ব্যবসায়-বাণিজ্যৰ ক্ষেত্ৰত এক বিশেষ ভূমিকা পালন কৰে। ৰেল পৰিবহণ দীর্ঘ দূৰত্বৰ ক্ষেত্ৰত উপযুক্ত আৰু নিৰ্ভৰযোগ্য। উত্তৰ-পূব ৰে’ল মণ্ডল অসমৰ ৰেল পৰিবহণৰ দায়িত্বত আছে, আৰু ইয়াৰ সহায়ত অর্থনৈতিক কৰ্মসংস্থান বৃদ্ধি পায়।
  3. জল পৰিবহণ: অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীত জল পৰিবহণ ব্যৱস্থা বিশেষ ভূমিকা পালন কৰে। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীৰ ৮৯১ কিলোমিটাৰ জলপথ আছে, আৰু বৰাক নদীৰ ১২১ কিলোমিটাৰ জলপথ। এই জলপথসমূহ ব্যৱসায়-বাণিজ্যৰ ক্ষেত্ৰত সহায়ক। ১৯৮৮ চনত ব্ৰহ্মপুত্ৰ জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত হয়।
  4. বিমান পৰিবহণ: গুৱাহাটীৰ গােপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ উত্তৰ-পূব ভাৰতৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ইয়াৰ সহায়ত অসমৰ আন্তর্জাতিক সংযোগ বৃদ্ধি হৈছে, যাৰ দ্বাৰা বিশ্বৰ লগত অসমৰ সংযোগ সুগম হৈছে।

সমগ্ৰ অসমত উন্নত পৰিবহণ ব্যৱস্থা অৰ্থনৈতিক কর্মকাণ্ড সহজ কৰি তুলিছে, ব্যবসায়িক সুবিধা বৃদ্ধি কৰিছে, আৰু গ্ৰাম্য আৰু নগৰাঞ্চলৰ মাজত সংযোগ স্থাপন কৰি অৰ্থনৈতিক উন্নয়নত সহায় কৰিছে।

প্ৰঃ ২৩। অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।

উত্তৰ: অসমৰ জলপৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ। অসম নদী মাতৃক দেশ, য’ত ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ সহায়ত জলপথৰ সুবিধা উপলব্ধ। শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰ নদীত ৮৯১ কিলোমিটাৰ নাব্য জলপথ আছে। বৰাক নদীৰ ১২১ কিলোমিটাৰ জলপথও আছে। ১৯৮৮ চনত ব্ৰহ্মপুত্ৰ জলপথ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত হয় আৰু ২০১৩ চনত বৰাক নদীৰ জলপথও ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃত হয়। অসমৰ জলপৰিবহণৰ সহায়ত পণ্য আৰু যাত্রীৰ পৰিবহণ সস্তা আৰু সুলভ হয়। জলপথত ৯৬খন ফেৰী চলাচল কৰে আৰু ব্যক্তিগত মালিকাধীন ভুটভুটি আৰু নাওও চলি থাকে। কেন্দ্রীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয় জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ বাবে কাৰ্যৰূপে কাজ কৰি থাকে।

প্ৰঃ ২৪। অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্রধান কাৰণ উল্লেখ কৰা।

উত্তৰ: অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে পোৱা পাঁচটা প্রধান কাৰণ হ’ল:

  1. ভূ-প্ৰকৃতিৰ বৈশিষ্ট্য: অসমৰ মাটিত মালভূমি, পাহাৰ, সমভূমি, জলাশয়, আৰু প্লাৱন ভূমিৰ মিশ্ৰণৰ বাবে পৰিবহণ ব্যৱস্থাৰ বিস্তাৰ আৰু উন্নয়ন কঠিন। এই বৈশিষ্ট্যসমূহ পথ আৰু ব্ৰিজ নিৰ্মাণত বাধা সৃষ্টি কৰে।
  2. ভূগোলিক বাধাসমূহ: অসমৰ পশ্চিমে ঠেক ভূখণ্ডৰ সীমাবদ্ধতাৰ বাবে পৰিবহণ ব্যৱস্থাৰ ক্ষেত্ৰত কিছু সমস্যাৰ সন্মুখীন হয়। এই ভূখণ্ডৰ সীমিত সংযোগ নেটৱৰ্ক পৰিবহণৰ কার্যকৰিতা হ্ৰাস কৰে।
  3. মাটিৰ গুণাগুণ আৰু বতৰ: অসমৰ মাটিৰ গুণাগুণ পথ-নিৰ্মাণৰ উপযোগী নহয়। বৰ্ষা কালত প্ৰচুৰ বৰষুণৰ বাবে মাটিৰ ক্ষয় সাধিত হয় আৰু বাট-পথৰ পৰিষ্কাৰ আৰু ৰক্ষণাবেক্ষণৰ সমস্যাৰ সৃষ্টি হয়।
  4. ঔদ্যোগিক বিকাশৰ অভাৱ: অসমৰ ঔদ্যোগিক বিকাশ কম হোৱাৰ কাৰণে পৰিবহণ ব্যৱস্থাৰ উন্নয়নটো পিছপৰা থাকে। উন্নত শিল্প-সংস্থাপন আৰু বিপণন অবকাঠামো নহোৱাতে পৰিবহণ ব্যৱস্থা সঠিকভাবে বিকাশিত হোৱা নাই।
  5. পৰ্যটন উদ্যোগৰ অভাৱ: পৰ্যটন উদ্যোগৰ বিকাশৰ বাবে তেমন কিছু ব্যবস্থা গ্ৰহণ কৰা হোৱা নাই। পৰ্যটনৰ বৃদ্ধি আৰু উন্নয়নৰ বাবে উপযুক্ত পৰিবহণ ব্যৱস্থা না থকাৰ ফলত ৰাজ্যখনৰ পৰিবহণ ব্যৱস্থাও যথেষ্ট উন্নত নহ’ল।

প্ৰঃ ২৫। অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বোঝা নে সম্পদ? আলোচনা কৰা।

উত্তৰ: অসমৰ বৃহৎ জনসংখ্যাৰ সমস্যা আৰু সম্ভাৱনাৰ ওপৰত আলোচনাৰ পৰিসৰে প্ৰধান দুই দিশত বিভক্ত কৰিব পাৰি:

  1. জনসংখ্যাৰ সমস্যা:
    • ভূমি আৰু সম্পদৰ ওপৰত চাপ: অধিক জনসংখ্যাৰ ফলত কৃষি ভূমি সংকুচিত হৈছে, যাৰ ফলত খাদ্য উৎপাদন কমে যায় আৰু অৰণ্য ধ্বংস হয়।
    • প্ৰদূষণ আৰু পৰিবেশৰ ক্ষতি: বর্ধিত জনসংখ্যাৰ বাবে গাড়ী, ৰাস্তা-ঘাটৰ ওপৰত চাপ বৃদ্ধি হৈছে, যাৰ ফলত বায়ু, পানী আৰু মাটিৰ প্ৰদূষণ বৃদ্ধি পায়।
    • সেৱা আৰু সুবিধাৰ অভাৱ: জনসংখ্যা বৃদ্ধিৰ সৈতে জনসাধাৰণৰ স্বাস্থ্য, শিক্ষা, আৰু অন্যান্য মৌলিক সুবিধাৰ চাহিদাও বৃদ্ধি পায়, যাৰ ফলত ৰাজনৈতিক আৰু সামাজিক চাপ বৃদ্ধি পায়।
  2. জনসংখ্যাৰ সম্ভাৱনা:
    • অর্থনৈতিক বৃদ্ধিৰ সম্ভাৱনা: অধিক জনসংখ্যাই অৰ্থনৈতিক কৰ্মসংস্থানৰ সুযোগ বৃদ্ধি কৰিব পাৰে। নতুন উদ্যোগ আৰু উদ্যোগ প্ৰতিষ্ঠানসমূহৰ সৃষ্টি আৰু বিকাশৰ দ্বাৰা উন্নতিৰ পথ সলনি কৰিব পাৰে।
    • বিভিন্ন উদ্যোগৰ বিকাশ: জনসংখ্যাৰ বৃদ্ধি দ্বাৰা পুৱাই শ্ৰমিক আৰু কাৰিকৰী শক্তিৰ সৃজন হয়, যিয়ে নতুন উদ্যোগ আৰু কৰ্মসংস্থাপনলৈ সহায় কৰে।

মুঠতে, জনসংখ্যা বৃদ্ধিয়ে অসমৰ সৰ্বাত্মক উন্নতিৰ ক্ষেত্ৰত একেধৰণৰ সমলভূমি আৰু চেলেঞ্জ সৃষ্টি কৰে। যথাযথ পৰিকল্পনা আৰু ব্যৱস্থা গ্ৰহণ কৰিলে, এই জনসংখ্যা অকল সমস্যাৰূপে নহয়, বৰঞ্চ উন্নয়নৰ সম্ভাৱনাৰো এক শ্ৰেষ্ঠ অৱস্থান গ্ৰহণ কৰিব পাৰে।

লগতে পঢ়ক:   পৰিবেশ আৰু পৰিবেশৰ সমস্যা (উত্তৰ) দশম শ্ৰেণী ভূগোল অধ্যায় ২

প্ৰঃ ২৬। অসমৰ কৃষি-জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।

উত্তৰ: অসমৰ কৃষি-জলবায়বীয় অঞ্চলসমূহ আৰু তাৰ বৈশিষ্ট্যসমূহ হ’ল:

  1. নামনি ব্রহ্মপুত্ৰ উপত্যকা অঞ্চল:
    • বৈশিষ্ট্য: কামৰূপ আৰু নামনি অসমৰ দহখন জিলাক সন্নিৱিষ্ট কৰে। মুঠ ৯.৩০ লাখ হেক্টৰ ভূমিত ৪.৬৯ লাখ হেক্টৰ মাটিত চাৰা ধৰণৰ শস্যৰ খেতি কৰা হয়। এই অঞ্চলটো উচ্চ উৎপাদনশীলতা আৰু সমৃদ্ধ কৃষি ভূমি আৱৰি ৰাখে।
  2. উত্তৰপাৰৰ সমভূমি অঞ্চল:
    • বৈশিষ্ট্য: দৰং জিলাৰ সৈতে মুঠ পাঁচখন জিলাত মুঠ ৫৩৭ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ৩.৩৬ লাখ হেক্টৰ মাটিত চাৰা ধৰণৰ শস্যৰ খেতি কৰা হয়। ভূমিৰ গুণাগুণৰ বাবে এই অঞ্চলটোৱে কৃষি প্ৰতিৰূপিতাত উচ্চ স্থান অধিকার কৰিছে।
  3. মধ্য ব্রহ্মপুত্ৰ উপত্যকা অঞ্চল:
    • বৈশিষ্ট্য: মুঠ ৩.২৮ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ০.৮৬ লাখ হেক্টৰ মাটিত চাৰা ধৰণৰ শস্যৰ খেতি কৰা হয়। কৃষিৰ বাবে উপযোগী ভূমি আৰু জলবায়ুৰ সমন্বয় আছে।
  4. উজনি ব্রহ্মপুত্ৰ উপত্যকা অঞ্চল:
    • বৈশিষ্ট্য: এই অঞ্চলটোত মুঠ ৬.২০ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.৯৪ লাখ হেক্টৰ ভূমিত চাৰা ধৰণৰ শস্যৰ খেতি কৰা হয়। উচ্চ উৎপাদনশীলতা আৰু জলবায়ুৰ সঙ্গতিৰে সমৃদ্ধ।
  5. বৰাক উপত্যকা অঞ্চল:
    • বৈশিষ্ট্য: কাছাৰ, কৰিমগঞ্জ, আৰু হাইলাকান্দি জিলাক সন্নিৱিষ্ট কৰে। এই অঞ্চলত মুঠ ২.৪২ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০২ লাখ হেক্টৰ মাটিত চাৰা ধৰণৰ শস্যৰ খেতি কৰা হয়। অঞ্চলটোৰ মাটিৰ গুণাগুণ কৃষি কাৰ্যৰ বাবে উপযোগী।
  6. পার্বত্য অঞ্চল:
    • বৈশিষ্ট্য: কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সন্নিৱিষ্ট কৰে। মুঠ ১.৫৪ লাখ হেক্টৰ ভূমিত খেতি কৰা হয়। ইয়াৰ ১.০১ লাখ হেক্টৰ মাটিত চাৰা ধৰণৰ শস্যৰ খেতি কৰা হয়। অঞ্চলটোৰ ভূ-প্ৰকৃতি আৰু জলবায়ুৰ উপযোগিতা এই অঞ্চলৰ কৃষি ক্ষেত্ৰত প্ৰভাৱশালী।

 

প্রঃ ৩০। অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ কি কি?

উত্তৰ: অসমৰ অর্থনৈতিক উন্নয়নৰ সম্ভাৱনাবোৰ তলত উল্লেখ কৰা হৈছে:

  1. সমন্বিত উন্নয়ন: কৃষি, উদ্যোগ, শক্তি, পৰিবহণ, আৰু সেৱা খণ্ডৰ মাজত সুসমন্বয় স্থাপন কৰি আৰু সংশ্লিষ্ট খণ্ডসমূহৰ পৰিসৰ বৃদ্ধি কৰি সামগ্রিক উন্নতি সাধন কৰা হ’ব। একৈকিক উন্নতিৰ পৰিৱৰ্তে সামগ্ৰিক আৰু সমন্বিত উন্নয়নক লক্ষ্য কৰিলে যথেষ্ট প্ৰভাৱশালী ফল লাভ কৰিব পাৰি।
  2. আধুনিক কৃষি পদ্ধতি: আধুনিক কৃষি পদ্ধতি আৰু প্ৰযুক্তিৰ প্ৰয়োগ কৰাটো অসমৰ কৃষি উন্নয়নত সহায়ক হ’ব। উন্নত বীজ, আধুনিক সাৰ আৰু জলসিঞ্চন প্ৰণালী ব্যৱহাৰ কৰিলে উৎপাদন বৃদ্ধি সম্ভৱ।
  3. প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ: অসমৰ প্রাকৃতিক সম্পদসমূহৰ উপযুক্ত ব্যৱহাৰৰ দ্বাৰা অৰ্থনৈতিক উন্নয়ন ত্বরান্বিত কৰিব পাৰি। বিশেষকৈ তেল আৰু গেছ, বনসম্পদ, আৰু খনিজ সম্পদৰ সঠিক আৰু টেকসই ব্যবহাৰ নিশ্চিত কৰিব লাগিব।
  4. যােগাযােগ আৰু পৰিবহণ ব্যৱস্থা: পৰিবহণ আৰু যােগাযােগ ব্যৱস্থাৰ উন্নতি সাধন কৰি অভ্যন্তৰীণ আৰু বাহ্যিক বাণিজ্যৰ সুবিধা বৃদ্ধি কৰিব। উন্নত পথ, ৰেল, জল, আৰু বায়ু পৰিবহণ ব্যৱস্থাৰ দ্বাৰা অৰ্থনৈতিক বিকাশ বঢ়াই তোলা যাব।
  5. পৰ্যটন খণ্ডৰ উন্নতি: অসমৰ পর্যটন খণ্ডৰ সম্ভাৱনাক পূৰ্ণৰূপে সদ্ব্যৱহাৰ কৰিবলৈ অধিক মূলধন বিনিয়োগৰ প্ৰয়োজন। পৰ্যটন পৰিকাঠামো, পৰিবহণ, আৰু পৰ্যটক আকর্ষণ কৰাৰ বাবে প্রাকৃতিক আৰু সাংস্কৃতিক স্থলসমূহৰ উন্নতি সাধন কৰাটো প্ৰয়োজন।

প্ৰঃ ৩১। অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ উল্লেখ কৰা।

উত্তৰ: অসমৰ কৃষি উন্নয়নৰ সমস্যাবোৰ তলত উল্লেখ কৰা হৈছে:

  1. পৰম্পৰাগত পদ্ধতি: অসমত অধিকাংশ ক্ষেত্ৰত পৰম্পৰাগত কৃষি পদ্ধতি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি ব্যৱহৃত হৈছে। আধুনিক পদ্ধতিৰ অভাৱৰ ফলত উৎপাদন বৃদ্ধিত অসুবিধা দেখা যায়।
  2. মাটিৰ সৰু সৰু খণ্ড: খেতিয়কসকলৰ খেতি মাটি সৰু সৰু খণ্ডত বিভক্ত হোৱাৰ বাবে আধুনিক কৃষি সঁজুলি আৰু কৌশলৰ প্ৰয়োগ কৰাত অসুবিধা হয়। ফলত উৎপাদন বৃদ্ধি হোৱা নাই।
  3. জলসিঞ্চনৰ অভাৱ: অসমত জলসিঞ্চন পদ্ধতি উন্নত নহোৱাৰ বাবে কৃষকে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। এইটো উৎপাদন আশা অনুযায়ী নহয়।
  4. বানপানী আৰু গৰাখহনীয়া: বানপানী আৰু গৰাখহনীয়াৰ বাবে খেতিপথাৰ প্ৰতিবছৰে নষ্ট হয়। এই সমস্যাৰ বাবে খেতি কৰাটো কঠিন হয়।
  5. শস্যৰ সুৰক্ষা আৰু চপোৱাৰ পদ্ধতি: শস্যৰ সুৰক্ষা ব্যৱস্থা আৰু শস্য চপোৱাৰ পদ্ধতি উন্নত নহয়। এইটো উৎপাদনৰ ক্ষতি সাধন কৰে।
  6. বীজ, সাৰ, আৰু ঋণৰ অভাৱ: উন্নত মানৰ বীজ, সাৰ, কৃষি সঁজুলি আৰু কৃষি ঋণৰ সহজলভ্যতাৰ অভাৱ বিদ্যমান। ইয়াৰ ফলত কৃষকৰ বৃদ্ধি লাভ কৰা কঠিন।
  7. কৃষি-ভিত্তিক উদ্যোগৰ অভাৱ: অসমত কৃষিখণ্ড আৰু কৃষি ভিত্তিক উদ্যোগৰ উন্নয়ন সমান্তৰালভাৱে আগবঢ়া নাই। কৃষি আৰু উদ্যোগৰ মাজত সমন্বয়ৰ অভাৱ আছে।
  8. বাজারৰ যাতায়াত ব্যৱস্থা: ভিতৰুৱা কৃষি অঞ্চল আৰু নগৰ-চহৰৰ বজাৰৰ মাজত উন্নত যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ অভাৱৰ ফলত কৃষকসকলৰ উৎপাদনমূল্য প্ৰাপ্যতা আৰু বাণিজ্যৰ সমস্যা দেখা দিয়ে।

প্রঃ ৩২। অসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: অসমৰ জলসম্পদ বিশেষভাবে সমৃদ্ধ। প্রধান জলসম্পদসমূহৰ ভিতৰত ব্ৰহ্মপুত্ৰ নদী, বৰাক নদী আৰু ইয়াৰ বহু উপনৈ অন্তর্ভুক্ত। এই নদীসমূহৰ দ্বাৰা দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰা হয়। অসমত সৰু-ডাঙৰ বহু পিতনি আৰু জলাশয় আছে আৰু প্ৰায় তিনিজন হাজাৰৰো অধিক আর্দ্রভূমি বিদ্যমান।

  • ব্ৰহ্মপুত্ৰ নদী: অসমৰ কেন্দ্ৰীয় জলপথ, যাৰ দ্বাৰা ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাটিৰ উৰ্বরা শক্তি বজাই থাকে আৰু পুষ্টি পৰিসৰ বৃদ্ধি কৰে।
  • বৰাক নদী: ব্ৰহ্মপুত্ৰৰ সহায়ক নদী, যাৰ মাধ্যমেৰে বৰাক উপত্যকাৰ জলসম্পদ মজুত থাকে।
  • আর্দ্রভূমি আৰু পিতনি: এই অঞ্চলসমূহ মাছ আৰু জলজ উদ্ভিদৰ বাবে অত্যন্ত উপযুক্ত।

সমভূমি অঞ্চলত ভূ-পৃষ্ঠৰ পৰা প্ৰায় ৫ মিটাৰ গভীৰতাত ভূ-তল জলস্তৰ পোৱা যায়। এই ভূ-তল জলৰাশিৰ ব্যৱহাৰ কৃষি, ঘৰুৱা ব্যৱহাৰ, আৰু ঔদ্যোগিক ক্ষেত্ৰত কৰা হয়।

প্রঃ ৩৩। অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।

উত্তৰ: অসমত প্ৰধানকৈ তিনিধৰণৰ ধানৰ খেতি কৰা হয়:

  1. শালি ধান:
    • বিস্তারিত: অসমত শালি ধানৰ খেতি অধিক বিস্তৃত। মুঠ ধান খেতিৰ ৭০ শতাংশ ভূমিত শালি ধানৰ খেতি কৰা হয়।
    • বৃদ্ধি সময়: ৰােপণ জুলাই-আগষ্টত আৰু চপোৱা নভেম্বৰ-ডিচেম্বৰত।
    • অঞ্চল: ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা ভূমিত।
  2. আহু ধান:
    • বিস্তারিত: নামনি অসমৰ সাৰুৱা সমভূমি অঞ্চলত আহু ধানৰ খেতি কৰা হয়।
    • বৃদ্ধি সময়: ৰােপণ আৰু সিঁচন দুয়াে পদ্ধতিৰে। ৰােপণ মার্চত আৰু চপোৱা জুন-জুলাইত।
    • অঞ্চল: বিশেষকৈ নামনি অসমৰ সাৰুৱা সমভূমি।
  3. বড়াে ধান:
    • বিস্তারিত: বড়াে ধান অসমৰ সৰ্ববিধ জিলাত কৰা হয়।
    • বৃদ্ধি সময়: শীতকালত ৰােপণ আৰু বানপানী অহাৰ পূৰ্বে জুন-জুলাইত চপোৱা।
    • অঞ্চল: অসমৰ বিভিন্ন অঞ্চলত।

প্রঃ ৩৪। অসমৰ মীন উদ্যোগৰ বর্তমান অৱস্থা কেনেকুৱা?

উত্তৰ: অসমৰ মীন উদ্যোগৰ বৰ্তমান অৱস্থা হৈছে:

  • মাছ উৎপাদন: অসম নদী-মাঠ আৰু জলাশয়সমূহৰ বাবে মাছ উৎপাদনত সমৃদ্ধ। নগাঁও জিলাই মাছ উৎপাদনত প্ৰথম স্থানত অৱস্থিত, পাছত কাছাৰ আৰু ধুবুৰী জিলাসমূহৰ স্থান।
  • উৎপাদনৰ বৃদ্ধি: বিগত ১০ বছৰত মাছৰ পােনা উৎপাদন প্ৰায় ২.৫ গুণ বৃদ্ধি পাইছে। কিন্তু মাছৰ উৎপাদন মাত্ৰ ১.৫ গুণ বৃদ্ধি পাইছে।
  • অন্তৰায়: অসমত মীন উদ্যোগ ঘৰুৱা চাহিদাৰ পূৰণৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে। প্রতি বছৰত ০.২০ লাখ টন মাছ বাহিৰৰ পৰা আমদানি কৰিবলগীয়া হয়। ৰাজ্যত ০.৫২ লাখ টন মাছ উৎপাদন হয়, যাৰ ফলত মাছৰ দাম বৃদ্ধি পাইছে।
  • অভাৱ: অসমৰ মীন উদ্যোগ ঘৰুৱা চাহিদা পূৰণৰ পৰা পিছ পৰা আৰু সেয়া মূৰত মীন উদ্যোগৰ ক্ষেত্ৰত উন্নয়ন সম্ভব নহয়।

মাছৰ উৎপাদন আৰু মীন উদ্যোগৰ ক্ষেত্ৰত অধিক পুঁজি বিনিয়োগ আৰু উন্নত প্ৰযুক্তিৰ প্ৰয়োজন।

 

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top