পৃথিৱীৰ ভূগোল দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়

পৃথিৱীৰ ভূগোল
বিষয় (Subject) সমাজ বিজ্ঞান
প্রথম খণ্ড ভূগোল
মাধ্যম অসমীয়া
পাঠৰ নাম পৃথিৱীৰ ভূগোল
শ্ৰেণী দশম (X)
অধ্যায়  অধ্যায় ৩
পাঠ্যক্ৰম ছেবা (SEBA)

পৃথিৱীৰ ভূগোল Class 10

শুদ্ধ উত্তৰটো বাছি উলিওৱা

(ক) পৃথিৱীৰ দ্বিতীয় বৃহত্তম মহাসাগৰ কোনখন?
(১) প্রশান্ত মহাসাগৰ।
(২) ভাৰত মহাসাগৰ .
(৩) আটলান্টিক মহাসাগৰ
(৪) দক্ষিণ মহাসাগৰ
উত্তৰঃ (৩) আটলান্টিক মহাসাগৰ

(খ) পৃথিৱীৰ ক্ষুদ্রতম মহাদেশ কোনখন?
(১) উত্তৰ আমেৰিকা মহাদেশ
(২) ইউৰােপ মহাদেশ
(৩) এন্টার্কটিকা মহাদেশ
(৪) ওছেনিয়া মহাদেশ।
উত্তৰঃ (৪) ওছেনিয়া মহাদেশ

(গ) ফকলেণ্ড দ্বীপটো কোন মহাসাগৰত অৱস্থিত

(১) আটলান্টিক মহাসাগৰ  (২) উত্তৰ মহাসাগৰ (৩) প্রশান্ত মহাসাগৰ  (4) ভাৰত মহাসাগৰ

উত্তৰঃ (১) আটলান্টিক মহাসাগৰ

(ঘ)  এছিয়া আৰু আফ্রিকা মহাদেশ কোনখন সাগৰে পৃথক কৰিছে?
(১) ভূমধ্য সাগৰ
(২) লােহিত সাগৰ
(৩) কাস্পিয়ান সাগৰ
(8) আৰৱ সাগৰ
উত্তৰঃ (2) লােহিত সাগৰ

(ঙ)এছিয়া আৰু ইউৰােপ মহাদেশক প্রাকৃতিকভাবে কিহে পৃথক কৰিছে?
(১) ইউৰাল পর্বতমালা।  (২) ককেচাচ পর্বত  (৩) কাস্পিয়ান সাগৰ   (8) ভল্গা নদী
উত্তৰঃ (১) ইউৰাল পর্বতমালা

(চ) ইকুৱে’ডৰ কোনখন মহাদেশত অৱস্থিত?
(১) উত্তৰ আমেৰিকা
(২) দক্ষিণ আমেৰিকা
(৩) আফ্রিকা
(৪) এছিয়া
উত্তৰঃ (২) দক্ষিণ আমেৰিকা।

(ছ) ব্রাজিলৰ ৰাজধানী কি?
(১) ৰিও ডি জেনেইৰো
(২) চাও পাওলাে
(৩) ব্রাচিলিয়া।
(৪) লিমা
উত্তৰঃ (১) বিও ডি জেনেইৰাে

দশম শ্ৰেণীৰ পৃথিৱীৰ ভূগোল

চমু উত্তৰ দিয়া ।

প্রঃ ২। পৃথিৱীৰ বৃহত্তম মৰুভূমি কোনখন আৰু ই ক’ত অৱস্থিত ?
উ : পৃথিৱীৰ বৃহত্তম মৰুভূমি হ’ল চাহাৰা। ই আফ্রিকা মহাদেশত অৱস্থিত।

প্র : ৩। ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
উঃ হউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসগৰীয় তিনিখন দেশৰ নাম হৈছে- (ক) বুলগেৰিয়া (খ) ইটালী (গ) গ্ৰীচ।

প্র : ৪। তলৰ প্রশ্নবােৰৰ চমু উত্তৰ দিয়াঃ

(ক) এছিয়া আৰু ইউৰােপ মহাদেশৰ মাজত থকা প্রাকৃতিক সীমা কিহে সৃষ্টি কৰিছে?
উ : ইউৰাইল পর্বতমালাই সৃষ্টি কৰিছে।

(খ) পৃথিৱীৰ দীর্ঘতম পর্বতমালা কোনটো আৰু ক’ত অৱস্থিত?
উঃ এণ্ডিজ পর্বতমালা। ই দক্ষিণ আমেৰিকা মহাদেশত অৱস্থিত।

(গ) উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বত শ্ৰেণীটোৰ নাম কি? এই পর্বতমালাৰ দৈর্ঘ্য কিমান আৰু ই মহাদেশৰ কোন অংশত অৱস্থিত?
উঃ উত্তৰ আমেৰিকা মহাদেশৰ প্ৰধান পর্বতমালা হ’ল ৰকি পর্বতমালা। ইয়াৰ দৈর্ঘ্য হ’ল ৪,৮০০ কিলােমিটাৰ। ই মহাদেশখনৰ দক্ষিণ অংশ অৱস্থিত।

(ঘ) এছিয়া মহাদেশৰ দুখনকৈ উত্তৰ দিশলৈ প্রবাহিত আৰু পূব দিশলৈ প্রবাহিত নদীৰ নাম লিখা।

উ : এছিয়া মহাদেশৰ উত্তৰ দিশলৈ প্রবাহিত দুখন নদী হ’ল ওবি আৰু লেনা দক্ষিণ দিশলৈ প্রবাহিত হােৱা দুখন নদী হ’ল আমুৰ আৰু হােৱাংহাে।

(ঙ) অষ্ট্রেলিয়াৰ একোখনকৈ পর্বতশ্রেণী, নদী আৰু মৰুভূমিৰ নাম লিখা।
উ : অষ্ট্রেলিয়াৰ এখন পর্বতশ্রেণী হ’ল স্নবি, এখন নদীৰ নাম হ’ল ডালিং আৰু এখন মৰুভূমিৰ নাম হ’ল টানামী।

(চ) ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম লিখা।
উঃ ইউৰােপ মহাদেশৰ অন্তৰ্গত তথা ভূমধ্যসাগৰীয় অঞ্চলত অৱস্থিত তিনিখন দেশৰ নাম হ’ল বুলগেৰিয়া ইটালী আৰু গ্ৰীচ।

(ছ) পৃথিৱীত সৰ্বমুঠ কিমানখন দেশ আছে? মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম আৰু ক্ষুদ্রতম দেশদুখনৰ নাম লিখা।
উ : পৃথিৱীত সৰ্বমুঠ ১৯৭ খন দেশ আছে। মাটিকালিৰ ভিত্তিত পৃথিৱীৰ বৃহত্তম দেশখন হ’ল ৰাছিয়া আৰু ক্ষুদ্রতম দেশখনৰ নাম হ’ল ভেটিকান চিটী।

পৃথিৱীৰ ভূগোল Class 10

প্র : ৫। মহাদেশীয় বিস্থাপন বা সঞ্চাৰণৰ সূত্ৰটো চমুকৈ লিখা।
নাইবা
মহাদেশীয় বিস্থাপন সূত্র অনুসৰি পৃথিৱীৰ অৱস্থা আদিতে কেনে আছিল?
উঃ মহাদেশীয় বিস্থাপন সূত্র অনুসৰি আদিতে অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূর্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলভাগক পান্থালাছা বুলি কোৱা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত প্রায় সোমাজেৰে পুবা- পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বােলা হয়। এই টেথিছ সাগৰৰ সৃষ্টিয়ে পেঞ্জিয়ীটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক গণ্ডোৱানালেণ্ড বােলা হয়। আজিৰ পৰা প্রায় ২৫০ নিযুত বছৰ পূর্বে ভূত্বক ফাটনক্রিয়া আৰু মহাদেশীয় সঞ্চাৰণৰ ফলত লৰেছিয়া আৰু গণ্ডোৱানালেণ্ড পুনৰ বিভাজিত হৈ বিযুৱ আৰু পশ্চিম দিশত গতি কৰি বর্তমান অৱস্থাত থকা মহাদেশসমূহৰ সৃষ্টি হৈছিল। মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি লৰেছিয়া বিভাজিত হৈ উত্তৰ আমেৰিকা, গ্রীণলেণ্ড আৰু ভাৰত উপমহাদেশৰ উত্তৰে থকা ইউৰােপ আৰু এছিয়া মহাদেশৰ সৃষ্টি হৈছিল। আনহাতে গণ্ডোৱানালেণ্ড বিভাজিত হৈ দক্ষিণ আমেৰিকা, আফ্রিকা, মাদাগাস্কাৰ, ভাৰতবর্ষ, আৰৱ অঞ্চল, মালয়েছিয়া, অষ্ট্রেলিয়া, এন্টাকর্টিকা আদিৰ সৃষ্টি হৈছিল।

লগতে পঢ়ক:   মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম দশম শ্ৰেণীৰ ইতিহাস

প্রঃ ৬। পৃথিৱীৰ স্থলমণ্ডল আৰু জলমণ্ডলৰ বিষয়ে চমুকৈ লিখা।
উঃ পৃথিৱীৰ সাগৰপৃষ্ঠৰ কিছু ওপৰত মাটিৰে আগুৰি থকা অংশক স্থলমণ্ডল বােলে। আনহাতে ভূ-পৃষ্ঠৰ সাগৰ- মহাসাগৰকে ধৰি নদ-নদী, হ্রদ আদি পানীৰে আগুৰি থকা। বৃহৎ অংশকে জলমণ্ডল বােলে। পৃথিৱীৰ বৃহৎ জলমণ্ডল আৰু স্থলমণ্ডল দুটা সুকীয়াভাৱে নাথাকি দুয়ােটা অংশই ইটোৱে সিটোক বিভাজিত কৰি মাজে মাজে সােমাই আছে। অৱশ্যে কাস্পিয়ান সাগৰ, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ, মহাসাগৰ ইখনে সিখনৰ লগত
সংযােগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো পানীৰে চাৰিওফালে আগুৰি থাকি চাৰিটা বৃহৎ অংশত বিভাজিত হৈ আছে। অর্থাৎ স্থলমণ্ডলৰ প্ৰথম অংশটো এছিয়া, ইউৰােপ আৰু আফ্রিকা মহাদেশেৰে গঠিত। দ্বিতীয় অংশটো উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা মহাদেশেৰে গঠিত। তৃতীয় অংশটো অষ্ট্রেলিয়া আৰু বহু দ্বীপ লগ লাগি সৃষ্টি হােৱা ওছেনিয়া মহাদেশেৰে গঠিত। আনহাতে মহাদেশসমূহৰ চাৰিওফালে আগুৰি থকা পৃথিৱীৰ পাঁচখন মহাসাগৰৰ প্ৰশান্ত মহাসাগৰ এছিয়া মহাদেশ, উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকাৰ মাজত অৱস্থিত। আটলান্টিক মহাসাগৰ উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰােপ আৰু আফ্রিকা মহাদেশৰ মাজত অৱস্থিত। উল্লেখ্য যে ভূ-পৃষ্ঠৰ ২৯ শতাংশ স্থলভাগ আৰু বাকী ৭১ শতাংশ জলমণ্ডল। মহাদেশসমূহৰ ভিতৰত এছিয়া মহাদেশ সর্ববৃহৎ আৰু মহাসাগৰসমূহৰ ভিতৰত প্রশান্ত মহাসাগৰ সৰ্ববৃহৎ।

প্র : ৭। এছিয়া মহাদেশৰ পাঁচটা প্রাকৃতিক বৈশিষ্ট্য উল্লেখ কৰা।
উ. : এছিয়া মহাদেশৰ পাঁচটা প্রাকৃতিক বৈশিষ্ট্য তলত উল্লেখ কৰা হল—
(১) এছিয়া মহাদেশৰ মধ্য অংশ পর্বত আৰু মালভূমিৰে আগুৰি আছে।
(২) এই মহাদেশতে পৃথিৱীৰ ভিতৰত উচ্চতম পর্বত হিমালয় অৱস্থিত।
(৩) এই মহাদেশৰ মাউন্ট এভাৰেষ্ট আৰু গডউইন অষ্টিন পৃথিৱীৰ ক্ৰমে প্রথম আৰু দ্বিতীয় উচ্চতম শৃংগ।
(৪) পৃথিৱীৰ ভিতৰত উচ্চতম মালভূমি পামিৰ এই মহাদেশতে অৱস্থিত।

(৫) বলখাছ, বৈকাল, চিল্কা, চম্বৰ, ডাল, পুলিকট আদি হ্রদসমূহাে এই মহাদেশতে অৱস্থিত।

দশম শ্ৰেণীৰ ভূগোল তৃতীয় অধ্যায়

প্র : ৮। ভূ-প্রাকৃতিক গঠন অনুসৰি এছিয়া মহাদেশক বিভক্ত কৰা পাঁচটা ভাগ লিখি প্রত্যেকটো ভাগৰে বৈশিষ্ট্যবােৰ লিখা।
উঃ এছিয়া মহাদেশক ভূ-প্রাকৃতিক গঠন অনুসৰি কেইবাটাও ভাগত ভাগ কৰা হৈছে। তাৰে পাঁচটা ভাগ হৈছে—
(১) মহাসাগৰীয় দ্বীপসমূহ (2) মধ্য এছিয়াৰ পার্বত্য আৰু মালভূমি অঞ্চল (৩) উত্তৰৰ বিশাল সমভূমি অঞ্চল (৪) বৃহৎ নদী উপত্যকা অঞ্চল (৫) দক্ষিণ এছিয়াৰ মালভূমি অঞ্চল। তলত প্ৰতিটো ভাগৰে বৈশিষ্ট্যসমূহ চমুকৈ উল্লেখ কৰা হল-

(১) মহাসাগৰীয় দ্বীপসমূহ: এছিয়া মহাদেশৰ সাগৰীয় দ্বীপসমূহ মহাদেশখনৰ পূৱত আৰু দক্ষিণত অৱস্থিত। এই অঞ্চলসমূহত কিউৰাইল, জাপান, ৰিউকিউ আদ বহুতাে দ্বীপপুঞ্জ আছে।

(২) মধ্য এছিয়াৰ পার্বত্য আৰু মালভূমি অঞ্চল: এই অঞ্চলটোত সৰু বৰ ভংগিল পর্বতশ্রেণী আৰু মালভূমি আছে। পৃথিৱীৰ সর্বোচ্চ পামিৰ মালভূমি এই অঞ্চলতে অৱস্থিত।

(৩) উত্তৰৰ বিশাল সমভূমি অঞ্চলঃ এই অঞ্চলৰ অধিকাংশ নিম্নভূমি থকাৰ উপৰিও কিছুমান পর্বত-পাহাৰ, মালভূমি আৰু নদী উপত্যকা আছে।

(৪) বৃহৎ নদী উপত্যকা অঞ্চল:  এই উপত্যকা অঞ্চলটো মহাদেশখনৰ বৃহৎ নদী আৰু উপনৈসমূহৰ দ্বাৰা সৃষ্টি হৈছে। এই অঞ্চলবােৰ অতি সাৰুৱা আৰু কৃষি প্রধান।

(৫) দক্ষিণ এছিয়াৰ মালভূমি অঞ্চলঃ এই অঞ্চলটো প্রায়ে বালিময় মৰুভূমি। আৰৱ মালভূমিটো এই অঞ্চলৰ অন্তৰ্গত।

প্র: ৯। মহাসাগৰৰ তলিভাগৰ ভূ-অৱয়ব সম্পর্কে চমুকৈ লিখা।
উঃ মহাসাগৰৰ তলিভাগৰ ভূ-প্রকৃতি তেনেই অসমান। স্থলমণ্ডলত যিদৰে মালভূমি, পর্বত-পাহাৰ, সমভূমি আদি আছে ঠিক তেনেদৰে সাগৰ-মহাসাগৰৰ তলিভাগাে শৈলসিৰা, দ্রোণী, টিলা, সামুদ্রিক, খাত আদিৰে অসমান কৰি ৰাখিছে। গড় হিচাপে মহাসাগৰৰ গভীৰতা প্রায় ৪০০০ মিটাৰ। বিশেষকৈ স্থলমণ্ডল আৰু জলমণ্ডলৰ সংযােগৰেখাৰ পৰা মহাসাগৰৰ মাজভাগলৈ ক্রমান্বয়ে গভীৰতা বৃদ্ধি পায়। সাধাৰণতে উপকূলৰ পৰা সাগৰ-মহাসাগৰৰ মাজভাগলৈ যথাক্রমে মহীসােপান, মহীঢাল, গভীৰ সমুদ্রতল, সামুদ্রিক শৈলসিৰা আৰু দ্বীপ আদি আছে। উপকূলৰ চাৰিওকাষে থকা সাগৰ-মহাসাগৰৰ অগভীৰ অংশকে মহীসােপান বুলি কোৱা হয়।

লগতে পঢ়ক:   অসমত ব্ৰিটিছ বিৰোধী জাগৰণ আৰু কৃষক বিদ্ৰোহ প্ৰশ্ন উত্তৰ

পৃথিৱীৰ ভূগোল Class 10

প্রঃ ১০। মহাসাগৰ আৰু মহাদেশসমূহৰ বিতৰণ সম্পর্কে চমুকৈ লিখা।
উঃ মহাদেশীয় সঞ্চাৰণ সূত্র অনুসৰি আদিতে পৃথিৱীখনৰ স্থলমণ্ডলৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। কিন্তু বর্তমান সময়ত ইয়াৰ বিতৰণ লক্ষ্য কৰিলে এই মহাদেশ আৰু মহাসাগৰসমূহ তলত দিয়া ধৰণে বিতৰণ হৈ থকা দেখা যায়। কাস্পিয়ান, মৰু আৰু আৰল সাগৰক বাদ দি পৃথিৱীৰ আটাইকেইখন সাগৰ-মহাসাগৰ ইটোৱে সিটোৰ লগত সংযােগ স্থাপন কৰি আছে। কিন্তু স্থলমণ্ডলটো চাৰিওফালে পানীৰে আগুৰি ৰাখি চাৰিটা বৃহৎ অংশত বিভাজিত কৰিছে। প্রথম অংশত মহাদেশসমূহৰ ভিতৰত এছিয়া, ইউৰােপ আৰু আফ্রিকা একেলগে সংযােজিত হৈ আছে। দ্বিতীয় অংশত উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা সংযযাজিত হৈ আছে। তেনেদৰে অষ্ট্রেলিয়া আৰু বহুতাে দ্বীপ লগ লাগি ওছেনিয়া মহাদেশ সৃষ্টি কৰিছে। চতুর্থ অংশটো এন্টার্কটিকা মহাদেশেৰে গঠিত। এই মহাদেশসমূহৰ চাৰিওফালে আগুৰি আছে। বিশাল জলধাৰাই অর্থাৎ মহাসাগৰসমূহে প্রশান্ত মহাসাগৰ এছিয়া, উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাজত আছে। আটলান্টিক মহাসাগৰ আছে ইউৰােপ, আফ্রিকা আৰু উত্তৰ আৰু দক্ষিণ আমেৰিকাৰ মাতে। আনহাতে ভাৰত মহাসাগৰ এছিয়াৰ দক্ষিণত, আফ্রিকা মহাদেশৰ পূৰত আৰু ওছেনিয়াৰ পশ্চিমত অৱস্থিত। উত্তৰ আমেৰিকা, ইউৰােপ আৰু এছিয়া মহাদেশৰ উত্তৰে অৱস্থিত উত্তৰ মহাসাগৰ। দক্ষিণ আমেৰিকা, আফ্রিকা আৰু ওছেনিয়া মহাদেশৰ দক্ষিণে অৱস্থিত দক্ষিণ মহাসাগৰ।

প্রঃ ১১। পৃথিৱীৰ স্থলভাগৰ উপৰিভাগত থকা ভূ-অৱয়ব সমূহৰ বিষয়ে চমুকৈ লিখা।
উ : পৃথিৱীৰ স্থলভাগৰ ৬৭ শতাংশই উত্তৰ গােলার্ধত। সৰ্বমুঠ ৭ খন মহাদেশৰ ভিতৰত দক্ষিণ আমেৰিকাৰ বৃহৎ অংশ, আফ্রিকাৰ দক্ষিণাংশ, ওছেনিয়া আৰু এন্টার্কটিকাক বাদ দি বাকী বৃহৎ অংশই উত্তৰ গােলার্ধত অৱস্থিত। মনকৰিবলগীয়া যে উত্তৰ আমেৰিকা, ইউৰােপ আৰু এছিয়া মহাদেশ সম্পূর্ণভাৱে উত্তৰ  গােলার্ধৰ অন্তৰ্গত। আনহাতে, পুৱা-পশ্চিমাকৈ উত্তৰ আমেৰিকা আৰু দক্ষিণ আমেৰিকা পশ্চিম গােলার্ধত আৰু বাকী বেছি অংশই পূৱ গােলার্ধত অৱস্থিত যদিও মহাদেশবােৰৰ মাজত আন্তৰাষ্ট্ৰীয় সীমা নির্ধাৰণ কৰা হৈছে তথাপি মহাদেশবােৰৰ মাজৰ সীমা মূলতঃ প্রাকৃতিক উপাদান যেনে— নদনদী, সাগৰ- মহাসাগৰ আদিয়ে নির্ধাৰণ কৰিছে। উদাহৰণস্বৰূপে ইউৰােপ আৰু আফ্রিকা মহাদেশৰ মাজৰ সীমা লহিত সাগৰে নির্ণয় কৰিছে।

প্র : ১২। কাৰণ দৰ্শাই উত্তৰ লিখাঃ

(ক) এছিয়া মহাদেশৰ জলবায়ু বৈচিত্র্যময় কিয় ?
উ : এছিয়া মহাদেশৰ জলবায়ুৰ ভিন্নতা অধিক হােৱাৰ কাৰণ হ’ল ইয়াৰ বিশালতা। মহাদেশখনৰ অৱস্থান, আকাৰ, উচ্চ পর্বতমালা, মালভূমিবােৰ অৱস্থিতি, সাগৰৰ প্ৰভাৱ, মৌচুমী বতাহৰ লগতে অন্যান্য বতাহৰ প্ৰভাৱৰ ফলত এছিয়া মহাদেশত জলবায়ুৰ ভিন্নতা বিদ্যমান। এছিয়া মহাদেশ মূলতঃ উত্তৰ গােলার্ধত অৱস্থিত। ই উত্তৰে ৭৮ উত্তৰ-অক্ষাংশৰ পৰা দক্ষিণে ১° উত্তৰ অক্ষাংশলৈ আৰু পশ্চিমে ২৫° পূর্ব দ্রাঘিমাংশৰ পৰা পূবে ১৭০° পশ্চিম দ্রাঘিমাংশলৈ বিস্তৃত। সেয়েহে এই মহাদেশখনে বিযুৱীয় উষ্ণ জলবায়ুৰ পৰা তুন্দ্রা অঞ্চলৰ অতিপাত শীতল জলবায়ুলৈকে সকল প্রকাৰৰ জলবায়ুকে চুই গৈছে।

(খ) পৃথিৱীৰ মুঠ জনসংখ্যা প্রায় ৯০ শতাংশই উত্তৰ গােলার্ধত গৃপ খাই আছে কিয়?
উঃ পৃথিৱীৰ স্থলভাগৰ বৃহৎ অংশ অর্থাৎ প্রায় ৬৭ শতাংশ উত্তৰ গােলার্ধত অৱস্থিত। সেয়ে পৃথিৱীৰ মুঠ জনসংখ্যাৰ ৯০ শতাংশই উত্তৰ গােলার্ধত বাস কৰে। নদ-নদীয়ে সৃষ্টি কৰা সাৰুৱা উপত্যকা থকা সমতল অঞ্চলৰ বাবে এই খণ্ডত জনবসতি ঘন।

(গ) এন্টার্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কিয় ?
উ : এন্টার্কটিকা মহাদেশ দক্ষিণ গােলার্ধত অৱস্থিত। দক্ষিণ মেরুক কেন্দ্ৰ কৰি ইয়াত বছৰৰ বেছিভাগ সময় বৰফেৰে ঢাক খাই থাকে বাবে ইয়াত মানুহৰ স্থায়ী বসতি নাই।

দশম শ্ৰেণীৰ সমাজ বিজ্ঞান পৃথিৱীৰ ভূগোল

প্র : ১৩। চমুটোকা লিখা ?

(ক) এছিয়া মহাদেশৰ নদনদী: এছিয়া মহাদেশত সৰু-ডাঙৰ অসংখ্য নদনদী আছে। সেই নদনদীসমূহক প্রধানকৈ ৪টা ভাগত ভাগ কৰিব পাৰি। যেনে—(১) ভাৰত মহাসাগৰলৈ বৈ যােৱা নদী। (২) উত্তৰ মহাসাগৰলৈ বৈ যােৱা নদী। (৩) অন্তর্বাহী নদী আৰু (৪) প্রশান্ত মহাসাগৰলৈ বৈ যােৱা
নদী। উত্তৰ মহাসাগৰলৈ বৈ যােৱা এছিয়া মহাদেশৰ নদীসমূহ হ’ল লেনা, ওবি আৰু য়েনিছি। প্রশান্ত মহাসাগৰলৈ বৈ যােৱা নদীসমূহ হল— আমুৰ, হােৱাংহাে, ছিকিয়াং, ইয়াংছিকিয়াং, মেকং আৰু মেনাম।

ভাৰত মহাসাগৰলৈ বৈ যােৱা নদূসমূহ হৈছে— ইৰাৱতী, ব্রহ্মপুত্র, গংগা, নর্মদা, সিন্ধু, তাপ্তী, মহানদী, ইউফ্রেটিছ আৰু টাইগ্রীছ। এছিয়া মহাদেশৰ অৰ্তবাহী নদীসমূহৰ ভিতৰত উল্লেখযােগ্য কেইখনমান হ’ল— আমুদৰিয়া, ছিৰদৰিয়া, তাৰিম, হেলমাণ্ড, জর্দান, উৰাল আদি।

লগতে পঢ়ক:   মুদ্রা আৰু বেংক ব্যবস্থা Class 10 দশম শ্ৰেণী সকলো প্ৰশ্ন উত্তৰ

(খ) আফ্রিকা মহাদেশৰ হ্রদসমূহঃ আফ্রিকা মহাদেশত বহুতাে হ্রদ আছে। হ্রদসমূহ ভিতৰত ভিক্টোৰিয়া, এলবার্ট, টাংগানিকা, চাড, ভােল্টা, ন্যাচা, কেব’ৰা, মালাৱি, বাচ্চা, টুর্কানা, কিভু, এব্বে, কোচ্ছৌ আদি উল্লেখযােগ্য।

(গ) পেঞ্জিয়া: মহাদেশীয় বিস্থাপন বা সঞ্চাৰণ সূত্র অনুসৰি আদিতে অর্থাৎ আজিৰ পৰা প্রায় ৩০০ নিযুত বছৰ পূর্বে পৃথিৱীখনৰ স্থলমণ্ডল একত্ৰিত হৈ আছিল আৰু ইয়াৰ চাৰিওফালে জলমণ্ডলে আগুৰি আছিল। পৃথিৱীৰ এই অৱস্থাত থকা স্থলমণ্ডলটোক পেঞ্জিয়া আৰু পেঞ্জিয়াৰ চাৰিওফালে আগুৰি থকা জলমণ্ডলটোক পাঙ্খলাছা বােলা হয়। কিছুকাল অতিক্রম কৰাৰ পিছত প্রায় সোমাজেৰে পূর্ব-পশ্চিমাকৈ এটা সংকীর্ণ আৰু দীঘল সাগৰৰ সৃষ্টি হৈছিল। ইয়াক টেথিছ সাগৰ বােলা হয়। এই টেথিছ। সাগৰৰ সৃষ্টিয়েই পেঞ্জিয়াটোক উত্তৰ-দক্ষিণাকৈ দুটা ভাগত বিভক্ত কৰিছিল। ইয়াৰ উত্তৰ অংশটোক গণ্ডোৱানালেণ্ড বােলা হয়।

(ঘ) উত্তৰ মহাসাগৰ: উত্তৰ মহাসাগৰ পৃথিৱীৰ ক্ষুদ্রতম মহাসাগৰ। ইয়াৰ মাটিকালি ১৪ নিযুত বর্গ কিলােমিটাৰ। ইয়াৰ আকাৰ ভাৰত মহাসাগৰৰ প্রায় এক পঞ্চমাংশ। উত্তৰ মহাসাগৰখন উত্তৰ মেৰুৰ চাৰিওফালে বিস্তৃত বাবে ইয়াৰ আকৃতি ঘূৰণীয়া। এছিয়া, ইউৰােপ আৰু উত্তৰ আমেৰিকা মহাদেশৰ উত্তৰাংশই উত্তৰ মহাসাগৰক আগুৰি আছে। ইয়াৰ তলিৰ গঢ় গভীৰতা ৩৫০০ মিটাৰ।উত্তৰ মেৰু অঞ্চলত অৱস্থিত বাবে বছৰটোৰ বেছিভাগ সময় ই ডাঠ,
বৰফেৰে ঢাক খাই থাকে।

(ঙ) ওছেনিয়া মহাদেশ : অষ্ট্রেলিয়া মহাদ্বীপক কেন্দ্র কৰি দক্ষিণ-পশ্চিম প্রশান্ত মহাসাগৰত অৱস্থিত নিউজিলেণ্ড, টাছমানিয়া, নিউগিনি আদি বহুতাে সৰু-ডাঙৰ দ্বীপসমূহক লৈ ওছেনিয়া মহাদেশ গঠিত। ই সম্পূর্ণভাৱে পথিৱীৰ দক্ষিণ গােলার্ধত অৱস্থিত। ই উত্তৰে ০° নিৰক্ষীয় ৰেখাৰ পৰা দক্ষিণে ৪৮° দক্ষিণ অক্ষাংশলৈ আৰু পূবে প্রায় ১৮০° দ্রাঘিমাংশৰ পৰা পশ্চিমে ১১৩° পূর্ব দ্রাঘিমাংশলৈ বিস্তৃত। বর্তমান ওছেনিয়া মহাদেশ বুলি ক’লে মূল দেশ অষ্ট্রেলিয়াকে ধৰি ইয়াৰ আশে- পাশে থকা সৰু সৰু দ্বীপবােৰক সামৰি লয়। অষ্ট্রেলিয়াই এই ক্ষুদ্রতম মহাদেশৰ বৃহতম দেশ আৰু পৃথিৱীৰ ষষ্ঠ বৃহতম দেশ। এই মহাদেশৰ উত্তৰে দক্ষিণ-পূর্ব এছিয়াৰ জাভা, চুমাত্রা, ছেলেবিচ দ্বীপসমূহ আৰু প্রশান্ত মহাসাগৰ, দক্ষিণে দক্ষিণ মহাসাগৰ, পূবে প্রশান্ত মহাসাগৰ আৰু.
পশ্চিমে ভাৰত মহাসাগৰ। ওচেনিয়া মহাদেশৰ মুঠতে ১৪ খন দেশ আছে। ২০১৪ বৰ্ষৰ আনুমানিক তথ্য অনুসৰি ওছেনিয়া মহাদেশৰ মুঠ জনসংখ্যা হ’ল প্রায় ৩৮ নিযুত।

(চ) আপেলেছিয়ান উচ্চভূমি অঞ্চল : উত্তৰ আমেৰিকা মহাদেশৰ পশ্চিম অংশত উপকূলৱর্তী, কাস্কেড, ছিয়ে নেভাডা আৰু কষ্ট’ৰেঞ্জ পর্বতশ্রেণী, আৰু পূর্ব অংশত উত্তৰে নিউফাইলেণ্ডৰ পৰা দক্ষিণে ফ্লোৰিড়া পর্যন্ত বিস্তৃত পর্বত-পাহাৰ, ঠেক উপত্যকা আৰু ভগ্ন মালভূমিৰে ওখােৰা-মােখােৰা আপেলেছিয়ান উচ্চভূমি গঠিত। এই অঞ্চলৰ দক্ষিণ অংশত এলিঘেনি আৰু ব্লৰিজ পর্বতশ্রেণী আছে। এই উচ্চভূমিৰ পূবে আটলান্টিক মহাসাগৰৰ উপকূলীয় অংশত উত্তৰে ন’ভাস্কটিয়াৰ পৰা দক্ষিণে পানামালৈকে এক বিস্তৃত উপকূলীয় সমতল ভূমি আছে।

(ছ) ইউৰােপ মহাদেশৰ নদনদী: ইউৰােপ মহাদেশৰ ভূ-প্রাকৃতিক গঠন অতি জটিল আৰু বৈচিত্র্যময়। এই মহাদেশৰ নদীসমূহৰ ভিতৰত স্পেইনৰ এলব্রা, ফ্রান্স ৰােণ আৰু চেইন, জার্মানীৰ ৰাইন আৰু এম্বে, পােলেণ্ডৰ ওডাৰ আৰু ভিষ্টুলা, অষ্ট্রিয়া, হাংগেৰী আৰু ৰােমানিয়াৰ ডানিয়ুব, বেলাৰুচ আৰু ইউক্রেইনৰ নিপাৰ, ইটালীৰ থেমচপাে, ৰাছিয়াৰ ডন, ভল্লা আৰু ইউৰাল আদি উল্লেখযােগ্য।

উত্তৰ আমেৰিকা মহাদেশৰ হদসমূহ : উত্তৰ আমেৰিকা মহাদেশখনৰ প্ৰধান হ্রদসমূহ হ’ল ছুপেৰিওৰ, হুন, মিচিগান, এৰি, ওন্টেৰিও, গ্রেট বিয়াৰ, গ্রেট শ্লেভ, উইনিপেগ, আৰু গ্রেট ছল্ট।।

পৃথিৱীৰ ভূগোল দশম শ্ৰেণী

প্র : ১৪। পার্থক্য লিখা ?

(ক) এভাৰেষ্ট শৃংগ আৰু গডউইন অষ্টিন শৃংগ।
উঃ এভাৰেষ্ট শৃংগ হ’ল পৃথিৱীৰ ভিতৰত উচ্চতম শৃংগ। ই হিমালয় পর্বতশ্রেণীৰ অন্তৰ্গত। ইয়াৰ উচ্চতা হল ৮,৮৪৮ মিটাৰ। গডউইন অষ্টিন হ’ল পৃথিৱীৰ দ্বিতীয় উচ্চতম শৃংগ। ই কাৰাৰােৰম পর্বতমালাৰ অন্তৰ্গত। ইয়াৰ উচ্চতা হ’ল ৮,৬১১ মিটাৰ।

(খ) মহীসােপান আৰু মহীঢাল।
উঃ মহাসাগৰীয় উপকূলৰ চাৰিওকাষে থকা অগভীৰ অংশকে মহীসােপান বােলে। ইয়াৰ গভীৰতা প্রায় ২০০ মিটাৰ। মহাসােপানৰ পিছৰ সমুদ্রৰ যথেষ্ট গভীৰ
অংশটোক মহীঢাল বােলে। ইয়াৰ গভীৰতা প্রায় ২০০০ মিটাৰ।

(গ) ওছেনিয়া মহাদেশ আৰু এন্টার্কটিকা মহাদেশ।
উঃ

 ওছেনিয়া মহাদেশ এন্টার্কটিকা মহাদেশ
১। এই মহাদেশত স্থায়ী লােকৰ বসতি আছে।
২। এই মহাদেশৰ জলবায়ু ক্রান্তীয় আৰু উপক্ৰান্তীয়।
১। এই মহাদেশত স্থায়ী জনবসতি নহয়
২। এন্টার্কটিকা মহাদেশৰ  জলবায়ু তুন্দ্রা জলবায়ু।

(ঘ) গােবি মৰুভূমি আৰু আটাকামা মৰুভূমি।
উঃ গােবি মৰুভূমি এছিয়া মহাদেশত অৱক্তিত। আনহাতে আটাকামা মরুভূমি দক্ষিণ আমেৰিকা মহাদেশৰ এণ্ডিজ পর্বতমালাৰ একেবাৰে বৃষ্টিহীন অংশত অৱস্থিত। গােবি মৰুভূমি শীতল আটাকামা মৰুভূমি উষ্ণ।

Leave a Comment

Your email address will not be published. Required fields are marked *


Scroll to Top